पर्यावरणाचा रं सत्यानाश केला,
वाघदेवा, जंगल वाचवाया तू धाव रं
आपल्या घराचा रं सत्यानाश केला,
वाघदेवा, जंगल वाचवाया तू धाव रं


Mumbai Suburban, Maharashtra
|FRI, AUG 29, 2025
আৰেৰ আদিবাসী: ‘তাৰপিচত আমি ভেটি-মাটি সকলো হেৰুৱালোঁ’
এটা সময়ত উত্তৰ মুম্বাইৰ ৩২০০ একৰ জুৰি বিস্তৃত ভূ-ভাগ আছিল ২৭ টা আদিবাসী জনগোষ্ঠীৰ গৃহভূমি। কিন্তু বিগত কেইটামান বছৰত দুগ্ধ প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ তথা এখন ফিল্মচিটি জাতীয় ভালেকেইটা প্ৰকল্পই এই ভূমি গ্ৰাস কৰিছে। শেহতীয়াকৈ মুম্বাই মেট্ৰ’ৰ এটা কাৰ শ্বেড নিৰ্মাণ প্ৰকল্পৰ নামত ২৬০০ৰো অধিক গছ কটা গৈছে। তাৰ বিৰুদ্ধে চলি আছে আইনী যুঁজ। এই প্ৰক্ৰিয়াত বহু আদিবাসী লোকৰ ঘৰ ধূলিস্যাৎ হৈছে, তেওঁলোকৰ কৃষিভূমি কাঢ়ি নিয়া হৈছে আৰু জীৱন-জীৱিকা তচনচ হৈ পৰিছে। তাৰ বিৰুদ্ধে অনেকেই প্ৰতিবাদ জনাইছে, মিচিল আৰু সমাৱেশৰ আয়োজন কৰিছে, এই পডকাষ্টত এজন প্ৰতিবাদকাৰীয়ে কৈছে, ‘মেট্ৰ’ৰ দাবীত কিন্তু এটাও মিচিল ওলোৱা নাই’
Author
Editor
Translator
সিহঁতে আমাৰ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰিছে
হে বাঘৰজা, আহা, আমাৰ অৰণ্যখন বচোৱা
সিহঁতে আমাৰ ভেটি-মাটি সকলো নিছে
দেখা দিয়া হে মহাপ্ৰভু, আমাৰ অৰণ্যখন বচোৱা
অনুলিপি
ৱাঘা দেৱীৰ ওচৰত এনেদৰে প্ৰকাশ ভৈৰে কাতৰ অনুৰোধ জনাইছে যে এই কৰাল গ্ৰাসৰ পৰা তেওঁলোকৰ সম্প্ৰদায়টোক আৰু অৰণ্যখনক আহি তেৰাই উদ্ধাৰ কৰিব লাগে।
প্ৰকাশ মলহাৰ কোলি আদিবাসী সম্প্ৰদায়ৰ লোক। উত্তৰ মুম্বাইৰ গ’ৰেগাঁৱৰ সেউজীয়া আৰে কলনিৰ কেলতিপাৰা চুবুৰীত তেওঁৰ ঘৰ। বেষ্ট (বিইএছটি) যাত্ৰীবাহী বাছসেৱাৰ ৰক্ষণাবেক্ষণ কৰ্মী হিচাপে নিযুক্ত এই ৪৭ বৰ্ষীয় প্ৰকাশৰ জন্ম ইয়াতেই। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি তেওঁলোক ইয়াতে বসবাস কৰি আহিছে।
প্ৰকাশ ভৈৰ: হাবি-জংঘল ৰক্ষাৰ পৰিৱৰ্তে তেওঁলোকে প্ৰকৃতি ধ্বংস কৰিবলৈ উঠিপৰি লাগিছে। এনে অৱস্থাত আপোনালোকে আহি আমাৰ এই অৰণ্যখন বচোৱাৰ কামত আমাক সহায় কৰিব লাগে।
প্ৰায় ৩২০০ একৰ এলেকাজুৰি থকা ভূ-ভাগ (বহুতেই ইয়াক অৰণ্য বুলি কয়) ২৭ টা জনগোষ্ঠীৰ গৃহভূমি আছিল। আদিবাসী সম্প্ৰদায়ৰ প্ৰায় ১০ হাজাৰ লোকৰ বসতিস্থল আছিল এই আৰে অঞ্চল।
কিন্তু এতিয়া এই বিস্তীৰ্ণ অঞ্চল ক্ৰমান্বয়ে সংকুচিত হৈ আহিবলৈ ধৰিছে। নানানটা প্ৰকল্প ৰূপায়ণৰ উদ্দেশ্যে আৰে অঞ্চলটোৰ পৰা গছ-গছনি কাটি উন্মুক্ত কৰি পেলোৱা হৈছে। এই কাৰবাৰ আৰম্ভ হৈছিল দুগ্ধ প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ এটা স্থাপনৰ পৰা। তাৰ পিছত আৰম্ভ হ’ল ফিল্ম চিটি (চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে এটা চৌহদ), এখন চলচ্চিত্ৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু ৰাজ্যিক ৰিজাৰ্ভ পুলিচৰ বাবে ভূমি অধিগ্ৰহণ।
নিকটৱৰ্তী নৱচাপাৰাৰ বাসিন্দাই কেবাদশক ধৰি পৌৰনিগমৰ পৰা বিদ্যুৎ সংযোগ আৰু পানীৰ সুবিধাৰ বাবে অ’ল্ড মুম্বাই পশুচিকিৎসা মহাবিদ্যালয়ৰ পৰা আপত্তিহীনতাৰ প্ৰমাণপত্ৰ (এনঅ’চি)ৰ বাবে যুঁজি আছে। এতিয়ালৈ পানীৰ সুবিধা পোৱা নাই। নৱচাপাৰাৰ ৰাকেশ সিংৱানে এই যুঁজখনৰ কথা কয়।
ৰাকেশ সিংৱান: বিদ্যুতৰ লাইন আমাৰ দুৱাৰৰ ঠিক কাষেৰে পাৰ হৈ গৈছে। অলপ ওপৰলৈ উঠি গ’লে দেখিব এটা পুৰণি ৰঙা ৰঙৰ ইলেক্ট্ৰিক বক্সো তাত আছে। আমাৰ দুৱাৰমুখেৰে বিদ্যুতৰ লাইন নি বছ বিলাকৰ কোৱাৰ্টাৰত দিয়া হৈছে। বিজুলীৰ সুবিধা তেওঁলোকৰ বাবেহে আছে, আমাৰ বাবে নাই। সিহঁতে আমাক ইয়াত থকাটো নিবিচাৰে, আমাৰ বাবে বিদ্যুতৰ সুবিধা কৰি দিয়াটো দূৰৰে কথা...

Aayna

Aayna
শেহতীয়া আৰু সম্ভৱত আটাইতকৈ বেছি বিতৰ্কিত প্ৰকল্পটো হৈছে মুম্বাই মেট্ৰ’ ৰেল কৰ্প’ৰেচন লিমিটেড (এমএমআৰচিএল)ৰ অধীনত মুম্বাই মেট্ৰ’ৰ প্ৰস্তাৱিত ৩ নং লাইনৰ বাবে এটি কাৰশ্বেড নিৰ্মাণ।
এই প্ৰস্তাৱ অনুযায়ী শ্বেডটো প্ৰায় ৩০ হেক্টৰ বা ৭৫ একৰ ভূমিত নিৰ্মাণ কৰা হ’ব। আৰু তাৰ বাবে মুম্বাই চহৰৰ প্ৰায় ২৬০০ গছ কাটিবলগীয়া হ’ব। তাকো এনে এখন চহৰত য’ত গছৰ ছাঁ আৰু মুকলি ঠাই বিচাৰি মানুহে হাবাথুৰি খাবলগীয়া হয়। এই পদক্ষেপৰ নাগৰিকে জোৰদাৰ প্ৰতিবাদ কৰিছে আৰু জনস্বাৰ্থজৰিত আবেদনো দাখিল কৰা হৈছে।
পৌৰনিগমৰ উদ্ভিদ বিভাগৰ গছ কটাৰ যি সিদ্ধান্ত, তাৰ বিৰুদ্ধে দাখিল কৰা আবেদনসমূহ চলিত মাহৰ শুকুৰবাৰ, ৪ অক্টোবৰ, ২০১৯ত বম্বে উচ্চ ন্যায়ালয়ে খাৰিজ কৰে।
যিসকলে গছ কটাৰ বিৰোধিতা কৰিছে, তেওঁলোকৰ ভিতৰত আছে আদিবাসী চুবুৰীবোৰৰ জনগোষ্ঠীসমূহ। এই প্ৰতিবেদকৰ সৈতে কেলতিপাৰাৰ প্ৰকাশ আৰু প্ৰমিলা ভৈৰ, প্ৰজাপুৰপাৰাৰ আশা ভৈয়ে আৰু নৱচাপাৰাৰ ৰাকেশ সিংৱান, যিয়ে আৰেত এই উন্নয়নৰ পৰিণাম ভুগিবলগীয়া হৈছে, তেওঁলোকে কথা পাতে। প্ৰকাশে কয় যে তেওঁলোকে এই প্ৰকল্প আৰম্ভ হোৱাৰ আগতে প্ৰকল্পটোৰ বিষয়ে একো কথাই জানিবলৈ পোৱা নাছিল।
প্ৰকাশ: আৰম্ভণিতে আমি ঘুণাক্ষৰেও জানিব পৰা নাছিলো যে ইয়াত মেট্ৰ’ প্ৰকল্প এটা আৰম্ভ হৈছে। কিন্তু চাওকচোন, তেওঁলোকে আমাৰ গাঁৱৰ ভিতৰৰ পৰা এই প্ৰকল্প আৰম্ভ কৰা নাই। কৰিছে চুকৰ পৰা, যেনে ১৯ নং প্ৰজাপুৰপাৰা। প্ৰজাপুৰপাৰা নিবাসী আশা ভৈয়ে আৰু আন আদিবাসীসকলে প্ৰথমে কিছু সমস্যাৰ সন্মুখীন হ’ল। আৰু এটা কথা যে আমাৰ মাজৰ কিছুমানেহে ভূমি হেৰুৱাইছে ঠিকেই, কিন্তু আমি সকলোৱে হেৰুৱাবলৈ লৈছো আমাৰ অৰণ্যখন। কৃষিভূমি আমাৰ থাকক বা নাথাকক, অৰণ্যখন আমাৰ। এই অঞ্চলত ২৭ টা চুবুৰী আছে আৰু জীয়াই থাকিবলৈ আমি অৰণ্যৰ পৰা বিভিন্ন সামগ্ৰী পাও। কিন্তু যেতিয়া মেট্ৰ’ প্ৰকল্প আৰম্ভ হৈছিল, তেতিয়া প্ৰথমে আমিয়েই প্ৰতিবাদ কৰিছিলো। আমি কৈছিলো যে তেওঁলোকে ইয়াত কাম আৰম্ভ কৰিব নালাগে, কিয়নো ইয়াৰ ফলত বহু গছ কটা যাব, মানুহে খেতিমাটি হেৰুৱাব আৰু বহু আদিবাসীয়ে ঘৰো হেৰুৱাব। সেয়ে মেট্ৰ’ ইয়ালৈ অনাৰ কোনো দৰকাৰ নাই।
এই কাৰবাৰ আৰম্ভ হৈছিল প্ৰজাপুৰপাৰাৰ পৰা, ২০১৭ত। স্থানীয় লোকে অনুমান কৰা মতে মেট্ৰ’ প্ৰকল্পৰ ফলত ৭০ টা আদিবাসী পৰিয়ালে তেওঁলোকৰ ভেটিমাটি হেৰুৱাইছিল। আৰে অঞ্চলত ২৭টা চুবুৰীৰ পৰা কমি আহি এতিয়া আছে ১৫ টা চুবুৰী। আশা ভৈয়ে এগৰাকী অংগনবাদী কৰ্মী আৰু আদিবাসী নেত্ৰী। তেওঁৰ ঘৰৰ বাহিৰত বহিলে এতিয়া মেট্ৰ’ প্ৰকল্পৰ বেৰবোৰ দেখা যায়, য’ৰ পৰা এসময়ত চুবুৰীয়া আৰু নিজৰ খেতিপথাৰ দেখা গৈছিল। ড্ৰিলিঙৰ কৰ্কশ শব্দৰ মাজতে মাটি কেনেকৈ তেওঁলোকৰ মানুহৰ পৰা লৈ যোৱা হ’ল, সেই কাহিনী তেওঁ কৈ গৈছে।

Aayna
আশা ভৈয়ে: প্ৰথমতে যেতিয়া তেওঁলোকে সমীক্ষা কৰিবলৈ আহে, আমাৰ এই চুবুৰীটোৰ নাম প্ৰজাপুৰপাৰা বুলি লিখিব লাগিছিল, কিন্তু তেওঁলোকে ভুল কৰি লিখিলে চাৰিপুত নগৰ, যিখন প্ৰজাপুৰপাৰাৰ পিচত আহে।
চাৰিপুত নগৰ হৈছে প্ৰজাপুৰপাৰাৰ পিচতে থকা বস্তি অঞ্চলৰ এটা কলনি।
আশা: আদিবাসী থকা অঞ্চলবোৰ একো একোটা চুবুৰী। সেয়া চহৰ হ’ব নোৱাৰে। তেওঁলোকে সেই অঞ্চলটো সমীক্ষা কৰি ক’লে যে তেওঁলোকে এই মাটি মেট্ৰ’ নিৰ্মাণৰ বাবে অধিগ্ৰহণ কৰিব আৰু আমাক ক্ষতিপূৰণ হিচাপে আন এঠাইত ঘৰ দিব। ঘৰৰ সলনি যে ঘৰ দিব, সেই বিষয় লৈ, আমাৰ যে খেতিপথাৰ আছে, সেই লৈ আৰু তাৰ লগতে তাত থকা হাজাৰ হাজাৰ গছবোৰৰ কি হ’ব, তাক লৈ আদিবাসীসকলে প্ৰশ্ন উত্থাপন কৰিলে। তেওঁলোকে ক’লে যে বিষয়টো মিটিঙত আলোচনা হ’ব আৰু আমাৰ যি যি আছে, তাৰ বাবদ ক্ষতিপূৰণ দিয়া হ’ব।
তেওঁলোকে কিছুমান ঘৰ ২০১৭ৰ মে’ত ভাঙি পেলালে। মানুহে সেই ঠাই এৰি আঁতৰি যাব বিচৰা নাছিল, কিন্তু বুল্ড’জাৰ আহি ওলোৱাত তেওঁলোকৰ হাতত একো উপায় নাথাকিল।
আশা: আৰু তেনেকৈ আমি আমাৰ এই ভূমি হেৰুৱালো। তেওঁলোকে এবাৰো আহি আমাক নুসুধিলে। আহিল আৰু এই ৱালবোৰ বহুৱালে। এই ভূমি আমাৰ আদিবাসী মানুহৰ আৰু আমাৰ পৰা বলপূৰ্বক কাঢ়ি লোৱা হৈছে বুলি আমি ন্যায়ালয়ত গোচৰ তৰিলোঁ। কিন্তু আমাৰ আবেদন খাৰিজ কৰা হ’ল। তাৰপিছত তেওঁলোকে দাবী কৰিলে যে তেওঁলোকে অধিগ্ৰহণ কৰা ভূমিত এজনো আদিবাসী লোক নাই আৰু এডালো গছ নাই, গোটেইটো এটা বস্তি অঞ্চল আছিল। এই কথা তেওঁলোকে আদালতত ক’লে। আৰু এই আটাইবোৰ কথা তেওঁলোকে লিখিত আকাৰত কোৱা নাই। লিখিত আকাৰত একো দিয়াও নাই। আৰু এইখিনি কথা যে লিখিত আকাৰত আমি লৈ ল’ব লাগিছিল, সেই কথা আমি জনা নাছিলো। আমি তেওঁলোকৰ পৰা লোৱা নাছিলো।
আশাই কয় যে আৰে অঞ্চলৰ পৰা বিস্থাপিত হোৱাসকলক কৰ্মসংস্থানৰো প্ৰতিশ্ৰুতি দিয়া হৈছিল যিটো তেওঁলোকে নাপালে। তাৰ পৰিৱৰ্তে আদিবাসীসকলৰ পৰা ভালেকেইবাৰ পৰিচয়ৰ প্ৰমাণপত্ৰ বিচৰা হ’ল। আদিবাসীসকলে ‘প্ৰকল্পৰ পৰা ক্ষতিগ্ৰস্ত ব্যক্তি’ বুলি জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ পৰা প্ৰমাণপত্ৰ নানিলে, যিখন থাকিলে তেওঁলোকে নিযুক্তি আৰু আন সুবিধাসমূহ পালেহেঁতেন।
আশা: ৭/১২ নথিখন হৈছে ভূমিৰ লেখ, য’ত গৰাকীৰ নাম, ভূমিৰ আকাৰ আটাইবোৰ লিখা থাকে। তেওঁলোকে দাবী কৰিছে যে এয়া চৰকাৰী মাটি। এতিয়া চাওক, ইয়াৰে আদিবাসীসকল ইমান পঢ়া-শুনা থকা মানুহ নহয়। গতিকে এই চৰকাৰী মেৰপেচৰ কথা নাজানে। এতিয়া চৰকাৰে আমাক কৈছে যে এয়া যদি আপোনালোকৰ মাটি, তেন্তে ৭/১২ নথি দেখুৱাওক। তেওঁলোকে আমাক প্ৰমাণ কৰিব দিছে যে আমি আদিবাসী। আমি আদিবাসী মানুহ, তেওঁলোকক আমাৰ জাতিৰ প্ৰমাণপত্ৰ দেখুৱাব পাৰো। তাৰপিচত তেওঁলোকে ক’বলৈ ধৰিছে, ‘আপোনালোকৰ পোচাক চাই ক’ব পাৰি, আপোনালোক আদিবাসী নহয়’...

Aayna

Aayna
প্ৰকাশেও তেওঁৰ ক্ষোভ উজাৰে
প্ৰকাশ: প্ৰমাণ দিয়া চৰকাৰৰ কাম। আমি নিজে প্ৰুফ (নথি আৰু লেখ) বনাব নোৱাৰো।
তেওঁ মেট্ৰ’ কাৰ শ্বেডৰ বিকল্প ছাইট এটা দেখুৱাই দিয়ে
প্ৰকাশ: তেওঁলোকে নিৰ্মাণকাৰ্য্য চলাব পৰা আন ঠাই আমি দেখুৱাই দিছিলো। কিন্তু কোনেও আমাৰ কথা নুশুনে। আমি আদিবাসীসকলে প্ৰতিবাদী মিচিল উলিয়াই আমাৰ দাবীসমূহ উত্থাপন কৰিলো। মেট্ৰ’ নিৰ্মাণৰ পক্ষত ক’তো এটাও প্ৰতিবাদী মিচিল নেদেখিলো।
বহুতেই আদিবাসী আৰু আৰে অঞ্চলটোৰ সমৰ্থনত ওলাই আহিছে। বৃহনমুম্বাই পৌৰনিগমৰ উদ্ভিদ বিভাগে মেট্ৰ’ শ্বেডৰ বাবে আৰে কলনিত ২,৬০০ৰো অধিক গছ কটাৰ বা স্থানান্তৰিত কৰাৰ বাবে ২০১৯ৰ ২৯ মে’ত অনুমোদন দিয়াৰ পিছত নাগৰিকসকলে প্ৰস্তাৱটোৰ প্ৰতিবাদ কৰিবলৈ লৈছে। কিন্তু ৪৪ বৰ্ষীয় আশাই ইতিমধ্যে যিবোৰ গছ কাটি পেলোৱা হ’ল, তাক লৈ প্ৰশ্ন কৰে।
আশা: কিন্তু আগতে কটা গছবোৰৰ হিচাপ ক’ত গ’ল?
আশাৰ ক্ষুদ্ৰ ভূমি টুকুৰা, এক একৰতকৈও কম, মেট্ৰ’ প্ৰকল্পটোৰ বাবে অধিগ্ৰহণ কৰা হ’ল। তেওঁ বতৰৰ পাচলি আৰু শাক-পাত, ফল-মূল বিক্ৰী কৰি দিনে ২০০ৰ পৰা ৩০০ টকা উপাৰ্জন কৰিছিল। আলু, বেঙেনা, নেমু আৰু দুধি আদিৰ তেওঁ খেতি কৰিছিল। তেওঁৰ পৰিয়ালটোৱে সেই মাটি অধিগ্ৰহণৰ বিনিময়ত একো ক্ষতিপূৰণ লাভ কৰা নাই।
আশা: মোৰ স্বামী আৰু জীয়ৰী ঘৰতে আছিল। তেওঁলোকে আমি এতিয়া শুনাৰ দৰে শব্দ শুনিছিল। মেচিনে গছ কাটি থকাৰ শব্দ। সেয়া আছিল আবেলিৰ চাৰিমান বজাৰ কথা। শুকুৰবাৰ আছিল। দহৰ পৰা পোন্ধৰজনমান মানুহে মেচিন লৈ আহিছিল। মোৰ স্বামী আৰু জীয়ৰী দৌৰি ওলাই গৈ তেওঁলোকক প্ৰশ্ন কৰিলে যে তেওঁলোক কি কৰিবলৈ ইয়ালৈ আহিছে। তেওঁলোকে ক’লে যে তেওঁলোকে গছবোৰ কটাৰ অনুমতি লৈ আহিছে। মই আৰেত আছিলো। কিন্তু ঘৰ আহি পাওতে ১০ মিনিটমান লাগিল। সেই সময়লৈ গছবোৰ কাটি পেলোৱা হ’ল। তেওঁলোকে গছ কটাক লৈ বহুত হৈ-হাল্লা লাগিল।
তেওঁৰ গিৰীয়েক কিষান ভৈয়ে দুবছৰ আগতে তেওঁৰ সৰু দোকানখন হেৰুৱাইছিল। তাৰ পৰা তেওঁৰ দিনে ১,০০০ৰ পৰা ৩,০০০ টকা উপাৰ্জন হৈছিল। গোচৰটো বম্বে উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে।
আশা: দুবছৰ আগতে মূল ৰাস্তাৰ কাষত এখন দোকান আছিল। মোৰ মানুহজন ঘৰত থাকোতে তেওঁলোকে সেই দোকানখন ভাঙি পেলালে। আমি দোকানখনৰ পৰা আৰু নিজে কৰা খেতিৰ শাক-পাচলি বিক্ৰী কৰি কোনোমতে চলিছিলো। তেওঁলোকে দোকানখনো নিলে, লগতে মাটিখিনিও। তেওঁলোকে আমাক আন এখন দোকান পাতি দিব বুলি প্ৰতিশ্ৰুতি দিছিল, কাঞ্জুৰত (নৰ্থ মুম্বাইৰ কাঞ্জুৰমাৰ্গ এলেকাত)। তেওঁলোকে দিছিল ঠিকেই, কিন্তু আমি গৈ দেখিলো সেইখন কিমান কদৰ্যময় পৰিৱেশত আছে। দোকানখনৰ অৱস্থা নাছিল। শ্বাটাৰখন ভগা আছিল আৰু একেবাৰে নিৰ্জন ঠাইত আছিল। তেনে ঠাই এটুকুৰাত আপুনি কেনেকৈ দোকান চলাব? এতিয়া ঘৰ চলাবলৈ বহুত কষ্ট হৈছে। আমি পাচলি বিক্ৰী কৰি পৰিয়াল পুহিছিলো। এতিয়া কওঁকচোন, আমি কেনেকৈ বাচি থাকো?

Aayna

Aayna
এতিয়া অংগনবাদী কৰ্মী হিচাপে প্ৰজাপুৰপাৰাত আশাই মাহত ৩,০০০ টকা পায়।
আশাই বহুত ভুগিলে, সেয়ে তেওঁ আইনী যুঁজখন এৰি দিয়া নাই। তেওঁ দৃঢ়প্ৰতিজ্ঞ, কোনো কাৰণতে তেওঁ থমকি নৰয়।
আশা: আপোনালোকে যদি ‘উন্নয়ন’ কৰিব বিচাৰিছে, তেন্তে কৰক। কিন্তু আপুনি যদি আদিবাসীসকলৰ জীৱন বিপন্ন কৰি উন্নয়ন বিচাৰিছে, তেন্তে সেয়া কৰাটো উচিত জানো? আপুনি আদিবাসীৰ কৃষিভূমি নিছে, তেওঁলোকক ভয়-ভাবুকি দি ঘৰৰ পৰা উচ্ছেদ কৰিছে আৰু আদিবাসীৰ মাটিত আপোনালোকৰ উন্নয়নৰ কাম কৰিব বিচাৰিছে? আপুনি ঘৰ এটা বনাই দি আমাক থাকিবলৈ দিব, কিন্তু আপুনি যদি আদিবাসীৰ পৰা খেতিমাটি কাঢ়ি নিয়ে, আমি কেনেকৈ জীয়াই থাকিব পাৰিম? আপুনি ইয়াকে উন্নয়ন বুলি কয় নেকি? এই উন্নয়ন আমাৰ বাবে নে? আপুনি আমাৰ জীৱন কাঢ়ি নিব আৰু ক’ব যে আমাৰ বাবে আপুনি উন্নয়ন আনিছে? আমাৰ গাঁৱো নাই, আন ক’তো ঘৰো নাই। এইখনেই আমাৰ পৃথিৱী। আমাৰ যি আছে, ইয়াতেই আছে। ইয়াৰ পৰা আমি যাম ক’লৈ?
প্ৰকাশে আমাক চিন্তাত পেলাই থৈ যায়:
প্ৰকাশ: মানুহে নিজকে বিৰাটেই বুদ্ধিমান জীৱ বুলি ভাবে। কিন্তু মই সঁচাকৈয়ে এই চিন্তাক নস্যাৎ কৰিছো। মানুহে ভাবে যে তেওঁলোকে বহুত কিবাকিবি আৱিষ্কাৰ কৰিছে। দলং, সেতু, মেট্ৰ’, মল আদি নিৰ্মাণ কৰিছে। আনকি মঙল গ্ৰহ গৈ পাইছে। সেয়ে আমি ভাবো যে আমি খুবেই বুদ্ধিমান। কিন্তু আমি ৰসাতলে যোৱাৰ বাটত আগবাঢ়িছো। দেশত যদি সঁচাকৈয়ে গণতন্ত্ৰ আছে, তেন্তে মানুহৰ কথা শুনিব লাগিছিল। ইমান মানুহে এই ধ্বংসকাৰ্য্যৰ বিৰোধিতা কৰিছে, কিন্তু তেওঁলোকে আমাৰ কথা শুনিছে জানো? এই কথা ভাবি বিস্মিত হওঁ।
সোমবাৰ, ৭ অক্টোবৰত উচ্চতম ন্যায়ালয়ে এমএমআৰচিএল-য়ে আৰে অঞ্চলত ২১ অক্টোবৰলৈ গছ নাকাটিবলৈ নিৰ্দেশ দিয়ে। ইতিমধ্যে ২,৬০০ জোপা গছৰ ভালেখিনি কাটি পেলোৱা হৈছে।
খেতিয়ক আৰু গৃহিণী আৰু প্ৰকাশৰ পত্নী প্ৰমিলা ভৈৰক বাইকুল্লা আৰক্ষী থানাত ৭ অক্টোবৰৰ পৰা দুদিন আটক কৰি ৰখা হয়। তেওঁ আন নাগৰিকৰ সৈতে গছ কটাৰ প্ৰতিবাদ কৰিছিল।
প্ৰমিলা: তেওঁলোকে গছ কাটিছে, সেয়ে আমি গছবোৰ বচাবলৈ গৈছিলো। আমি আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিবলৈ যোৱা নাছিলো। যুঁজিবলৈও যোৱা নাছিলো। আপুনি শিক্ষিত মানুহ, মই নিৰক্ষৰ। কিন্তু তথাপি গছবোৰ যে কাটিব নালাগে, সেই কথা বিশ্বাস কৰো...
পুনশ্চ: ২১ অক্টোবৰ, সোমবাৰে উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি জনায় য়ে আৰে অঞ্চলত মেট্ৰ’ কাৰশ্বেড নিৰ্মাণৰ ওপৰত কোনো স্থগিতাদেশ জাৰি কৰা হোৱা নাই আৰু গছ কটাৰ বিৰুদ্ধে অন্তবৰ্তীকালীন আদেশৰ সময়সীমা বঢ়াই ১৫ নৱেম্বৰ, ২০১৯ কৰা হৈছে।
শলাগ আৰু বিশেষ কৃতজ্ঞতা:
অতিৰিক্ত ভইচ অভাৰ: জাৰা লতিফ, ঊৰ্ণা ৰাৱত
অনুবাদ: মেধা কালে, জ্যোতি চিনৌলি ঊৰ্জা
চাউণ্ড, লেভেলিং/অ’ডিঅ ইনপুট: সপোন শইকীয়া, হিমাংশু শইকীয়া
অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/aarey-adivasis-then-we-lost-this-land-of-ours-as

