প্ৰতিদিনে পুৱা হীৰা লাল ৰাচপাই লিন্দুৰ গাঁৱৰ নিজৰ বাগানখনলৈ যাওতে মনত যি এটা শংকাভাব আছিল, সি দিনে দিনে বাঢ়িব ধৰিছে। “মনটো গধুৰ হৈ পৰে, শংকাই বেৰি ধৰে,” তেওঁ কয়। “বাগানখনৰ আৰু মাটি খহি গ’ল নেকি? কাইলৈ বাগানখন থাকিবনে?”
হিমাচল প্ৰদেশৰ লাহোৱাল আৰু স্পিতি অঞ্চলৰ লিন্দুৰ গাঁৱৰ ৫৫ বছৰ বয়সীয়া জনজাতীয় খেতিয়ক ৰাচপাই ২০২৫ৰ এপ্ৰিলত তেওঁৰ আঢ়ৈ বিঘা খেতিমাটিত আলু ৰুইছিল। মে’ৰ মাজভাগলৈ তেওঁৰ প্ৰায় আধাখিনি খেতিমাটি খহি গৈ এটা বৃহত নলাত জাহ গ’ল।
অৱশিষ্ট আলুখেতিখন এতিয়াও আছে, ঠন ধৰিও উঠিছে। কিন্তু সিখিনি যে বাচিব, সেই আশা ৰাচপাই কৰা নাই।
এপ্ৰিলৰ শেষভাগৰ পৰা অক্টোবৰলৈ চুটি গ্ৰীষ্মকালটো লাহোৱাল আৰু স্পিতি উপত্যকাৰ মানুহখিনিৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ। কিয়নো বছৰটোৰ বাকীখিনি সময়ত বৰফে আৱৰি থাকে। মাত্ৰ সেইখিনি সময়ত অঞ্চলটোৰ বাসিন্দাসকলে খাদ্য আৰু নগদী শস্যৰ খেতি কৰিব পাৰে।
জুন মাহটো সাধাৰণতে কঠোৰ পৰিশ্ৰম আৰু আশাৰ মাহ। কিন্তু এইবছৰ সেই সময়খিনি মানুহৰ মনবোৰ ডাৱৰেই ঢাকি ৰাখিলে। তথাপি খেতিয়কে মনত উদ্বিগ্নতা লৈ হ’লেও পথাৰত লাগি থাকিল।
“দিনে দিনে মোৰ খেতিপথাৰখন অলপ অলপকৈ নোহোৱা হৈ আহিবলৈ ধৰিছে,” ৰাচপাই কয়। “আলু চপাবৰ হয় মানে গোটেই পথাৰখনেই নোহোৱা হৈ যাব যেন লাগিছে।”
অবিশ্বাসৰ ভাব এটা ৰাচপাৰ মুখাৱয়বত ফুটি উঠে। তেওঁ কয়, “আমাৰ ঘৰ, খেতি-বাতি সকলো নাইকিয়া হোৱাৰ দিশে গৈছে। নাজানো নেদেখাজনে কিহৰ শাস্তি দিছে। লিন্দুৰৰ মানুহখিনিয়ে নৰকৰ শাস্তি ভোগ কৰিবলগীয়া হৈছে।”
গাঁওখনৰ মাটিবোৰ লাহে লাহে খহি যাবলৈ ধৰিছে। ভূ-ভাগৰ তলৰ অংশত মাটিৰ গাঁথনিৰ সালসলনি হোৱা বা খহি যোৱাৰ ফলত এনে হয়।














