“মুস্কেনিৰ সেউজীয়া কুমলীয়া পাতবিধ বৰষুণ পৰাৰ পিছত মিঠা হৈ পৰে। ৰ’দত পাতবোৰ টান হৈ পৰে,” কৌশল্যাই কয়। তেওঁলোকৰ নিজৰ দুটা কোঠাৰ পকী ঘৰটোৰ মুকলি বাৰান্দাখনেই পাকঘৰ, তাতে তেওঁ আমাৰ সৈতে কথা পাতি ৰহৰ দাইল প্ৰেছাৰ কুকাৰ এটাত বহাইছে। লগত দিছে মুস্কেনি আৰু কেইটামান জলকীয়া আৰু হালধি-নিমখ।
“মুস্কেনি ভাজি (পাত) ৰহৰ দাইল আৰু বুটৰ দাইলৰ সৈতে বৰ ভাল মিলে,” কৌশল্যাই কৈ যায়। চত্তীশগড়ৰ বনৰীয়া এই শাক মুক্সেনি পাতৰ বিভিন্ন ব্যঞ্জনৰ বিষয়ে তেওঁ আমাক কৈ যায়। ইফালে কুকাৰত তিনি-চাৰিটামান চিটি মাৰে মানে তেওঁ পানিকি (বঠি) এখনেৰে বিলাহী, পিয়াজ আৰু কেইটামান শুকান জলকীয়া কুটিছে।













