“সাগৰলৈ যোৱা মানুহৰ মৃত্যুভয় নাথাকে - যেতিয়া মই ১৭ বছৰ বয়সত প্ৰথমবাৰৰ বাবে নাৱিক হিচাপে কামত যোগ দিছিলো, এইবুলিয়ে আব্বাই মিছা মাতিছিল” নিজৰ হাত দুখনলৈ একেথৰে চাই থকা ৪৩ বছৰ বয়সীয়া নাজিৰ জুনাচ ভাইয়াই কয়। ওমান উপসাগৰত ডুব যোৱাৰ আগলৈকে এই দুখন হাতেৰেই তেওঁ ছমাহ ধৰি এমএছভি আল ফেইজ নুৰ ই চুলেমানি জাহাজখন চলাইছিল। অধিনায়কৰ নিৰ্দেশত হৰমুজ প্ৰণালী পাৰ হৈ যাওঁতে জাহাজখনত মিছাইল পৰাৰ সেই ভয়ংকৰ মুহূৰ্তটো তেওঁৰ চকুৰ আগত এতিয়াও জলজল পটপটকৈ ভাঁহি উঠে।
“আব্বাই মিছা মাতিছিল,” তেওঁ পুনৰাই কয়। “জাহাজখনত পানী সোমোৱা দেখি মোৰ একেবাৰে পেটতে হাত-ভৰি লুকাইছিল। ২০২৬ চনৰ ৮ মে’ৰ নিশা ১২ বজাৰ পিছৰ কথা। এটা মিছাইল উৰি আহি আমাৰ জাহাজত আঘাত হানিছিল। ইৰানে আমাক হৰমুজ পাৰ হোৱাত কোনো বাধা দিয়া নাছিল, গতিকে আক্ৰমণকাৰী তেওঁলোক নাছিল। আমি এক বিকট শব্দ শুনিলো আৰু মুহূৰ্ততে জুই জ্বলি উঠিল।” নাজিৰে কথাখিনি কৈ থকাৰ মাজে মাজে দীঘলীয়া যতি পৰিছে। কথাখিনি তেওঁ নিজৰ কচ্ছী সিন্ধি ভাষাৰ সলনি গুজৰাটী আৰু হিন্দী মিহলি ভাষাত কৈছে। আমি গুজৰাটৰ দ্বাৰকা জিলাৰ বন্দৰ চহৰ চালায়াৰ তেওঁৰ এমহলীয়া ঘৰটোত বহি আছো।
























