এয়া সকলো দিশৰ পৰাই যেন এক স্বৰ্গীয় মিলন৷
বস্তৰ অঞ্চলত অৱস্থিত নাৰায়ণপুৰত মাৱলি মেলাত বছৰত এবাৰকৈ সকলো ভক্তপ্ৰাণ লোকে সমবেত হয়৷ বছৰি অনুষ্ঠিত হোৱা এই মাড়াই (দেৱতাৰ মিলন) খেতি-বাতিৰ শস্য চপোৱাৰ পিছত আয়োজন কৰা হয়৷ কোৱা হয়, এই উৎসৱ সাতশ বছৰৰো অধিক প্ৰাচীন কালৰে পৰা পালন কৰি অহা হৈছে৷
ছট্টিশগড়ৰ বস্তৰ অঞ্চলৰ দুৰ্গম অবুজমাড় (অভুজমাঢ় আৰু অভুজমাড বুলিও উচ্চাৰণ কৰা হয়)ৰ পৰা সুদূৰ কাংকেৰলৈ দেৱতাসকলক কঢ়িয়াই তেওঁলোকৰ ভক্ত জনজাতীয় ৰাইজে সমদল কৰে৷ এই আনন্দময় তথা উৎসৱমুখৰ যাত্ৰাত সমন্বিত হয় বিভিন্ন জনজাতীয় নৃত্য আৰু সংগীত৷
লোকসকলে তেওঁলোকৰ পৰিয়ালৰ পূজ্য দেৱতাক এই মাড়াইলৈ লৈ আনে৷ জনজাতীয় লোকসকলে তেওঁলোকৰ পূৰ্বপুৰুষকো দেৱতা হিচাপে গণ্য কৰে আৰু এই মাৱলি মেলাত এটা পৰিয়ালৰ দেৱতাই আন এটা পৰিয়ালৰ দেৱতাৰ সৈতে সাক্ষাৎ কৰে৷ জনজাতীয় দেৱতাসকলে মানৱৰ দৰে আচৰণ কৰে আৰু তেওঁলোকৰ মিতিৰ-কুটুমো থাকে৷ তেওঁলোকে পৰস্পৰে পৰস্পৰক আলিংগন কৰে আৰু সমন্বিতে উৎসৱৰ আনন্দত মিলিত হয়৷
নাৰায়ণপুৰৰ অ-জনজাতীয় বৃদ্ধ বিশ্বনাথ দেৱাংগনে এই উৎসৱ সপ্তাহজোৰাকৈ পালন কৰা হয় বুলি জানিবলৈ দিয়ে৷ এই উৎসৱত অ-জনজাতীয় লোকসকলেও অংশগ্ৰহণ কৰে৷
এই উৎসৱ মাৱলি মাতাৰ মেলাৰে (দেৱী মাতৃ) আৰম্ভ হয় আৰু ইয়াৰ পিছত অন্য দেৱতাসকল উপস্থিত হয়৷ পঢ়কঃ গাংৰেলত স্থানচ্যুত দেৱতাৰ নৃত্য
ফেব্ৰুৱাৰী মাহৰ উমাল পুৱা এটাত মই ইয়াত আহি উপস্থিত হৈছোহি৷ নাৰায়ণপুৰৰ বজাৰৰ কাষত থকা বৃহৎ ৰাজহুৱা খেলপথাৰখনত লাহে লাহে ভিৰ জমা হ’বলৈ ধৰিছে৷ সহস্ৰাধিক লোকে তেওঁলোকৰ গাঁওসমূহৰ পৰা বাছে, টেক্সিয়ে আহি পাইছেহি আৰু বহুতেই কালিৰে পৰা খোজ কঢ়া আৰম্ভ কৰি আজি উপস্থিত হৈছে৷ বহুতৰে ভৰিত জোতা-চেণ্ডেল একো নাই৷
























