মনোজ চৌধাৰীৰ মুৰৰ ওপৰতে সৰগ ভাঙি পৰিছিল।
“মোৰ মা আৰু মোৰ পত্নীয়েই মোৰ পৃথিৱী আছিল। এতিয়া এই দুই সন্তানেই যি আছে, আৰু কোনো নাই,” গ্ৰামীণ চন্দ্ৰপুৰৰ নিজ ঘৰত এই প্ৰতিবেদকক ৩৫ বৰ্ষীয় মনোজে কয়।
“মোৰ মা আৰু পত্নীয়ে হাবিলৈ বুলি ওলাওতে মই দুই সন্তানৰ সৈতে শুই আছিলো।” সেয়া আছিল ২০২৫ৰ মে’ মাহৰ ১০ তাৰিখ। কান্তা বুধাজী চৌধাৰী (৬০) আৰু শুভাংগী (৩০)ক তেওঁলোকৰ গাঁৱৰ পৰা দুই কিলোমিটাৰ দূৰৰ জোপোহানি হাবিত বাঘে আক্ৰমণ কৰে আৰু দুয়োজনে প্ৰাণ হেৰুৱায়। বাঘৰ আক্ৰমণত প্ৰাণ হেৰুওৱা তৃতীয়গৰাকী ব্যক্তি আছিল তেওঁলোকৰেই চুবুৰীৰ প্ৰায় ৫০ বৰ্ষীয় সাৰিকা শালিক চেণ্ডে।
সেই তিনিগৰাকী মহিলাই গাঁৱৰ আন মহিলাৰ সৈতে হাবিত তেন্দু পাত সংগ্ৰহ কৰিবলৈ গৈছিল।
মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ জিলাৰ প্ৰায় হাজাৰ মানুহৰ বসতি থকা মেন্ধা (মাল) গাওঁখন শোকাচ্ছন্ন হৈ পৰিল। গাঁৱৰ মানুহখিনি ঘাইকৈ ক্ষুদ্ৰ খেতিয়ক বা মনোজৰ দৰে ভূমিহীন শ্ৰমিক, যিয়ে দেশৰ বিভিন্ন স্থানলৈ ঋতু অনুযায়ী কামৰ সন্ধানত ওলাই যায়। ওপৰিঞ্চি দুটকা উপাৰ্জনৰ আশাৰে তেওঁলোকে প্ৰতিবছৰে মাৰ্চ, এপ্ৰিল আৰু মে’ মাহত হাবিৰ পৰা তেন্দু পাত আৰু মহুৱা ফুল সংগ্ৰহ কৰে।
সিন্ধেৱাহি টেহচিলৰ অন্তৰ্গত গাওঁখন চৰকাৰী তথ্য-পাতিত মেন্ধামাল গুজাৰি বুলি লিখা আছে যদিও গাওঁখনত থকা চাইনব’ৰ্ডখনত ‘মেন্ধা (মাল)’ বুলিহে লিখা আছে। গাওঁখন আছে ৬২৫ বৰ্গকিলোমিটাৰ জোৰা ক’ৰ এৰিয়া আৰু ১,১০২ বৰ্গকিলোমিটাৰ জোৰা বাফাৰ এৰিয়া য’ত মানুহৰ বসতি আছে, সেই তাড়োবা আন্ধাৰি টাইগাৰ ৰিজাৰ্ভ (টিএটিআৰ)ৰ কাষত।
চন্দ্ৰপুৰ জিলাত বাঘৰ সংখ্যা ২২৩ টা, য’ৰ ১২০ৰ পৰা ১২৫ টা বাঘ আছে টিএটিআৰত – এয়া বন বিভাগৰ শেহতীয়া তথ্য। ভালেকেইজন গঞাৰ লগত কথা পাতি জানিবপৰা গ’ল যে মেন্ধা (মাল) গাঁৱত বাঘে মানুহ মৰাৰ ঘটনা এয়া প্ৰথম।
তিনিগৰাকী মহিলাক তিনিটা পোৱালী থকা বাঘিনী এজনীয়ে মাৰিছিল বুলি গাওঁবাসীয়ে আৰক্ষী আৰু বন বিভাগৰ বিষয়াক কৈছিল।
মৃত্যুৰ এই বাতৰিয়ে অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিলে, কিছুৱে প্ৰতিবাদ আৰম্ভ কৰাত স্থানীয় শাসকীয় পক্ষৰ লগতে আন ৰাজনৈতিক নেতাই পৰিয়াল আৰু গাওঁবাসীক সান্তনা আৰু আশ্বাস দিবলৈ উপস্থিত হ’বলগীয়া হ’ল।
























