“নিজকে ভাগ্যবান বুলিয়ে ক’ব লাগিব,” ৰোশন সদাশিৱ কুলেয়ে পাৰিক কয়। এই কাৰণেই যে তেওঁ জীয়াই আছে, নিজৰ ঘৰত আছে।
এই সকলোবোৰ সূত্ৰপাত ঘটিছিল আজিৰ পৰা পাঁচ বছৰ আগতে, যেতিয়া মিন্থুৰ গাঁৱৰ এই ৩৪ বছৰীয়া ক্ষুদ্ৰ কৃষকজনৰ ১২ জনী জাৰ্চি গাই লাম্পি ৰোগত আক্ৰান্ত হৈছিল। সেয়া আছিল ২০২১ চনৰ মাৰ্চ মাহ, সমগ্ৰ মহাৰাষ্ট্ৰৰ গৰু-ম’হ মৰিবলৈ ধৰিছিল আৰু সমান্তৰালভাৱে দেশখনক জোকাৰি গৈছিল ক’ভিড-১৯ৰ দ্বিতীয় ঢৌৱে।
“সিহঁতৰ চিকিৎসাৰ নামত বহুটকা খৰচ কৰিছিলোঁ,” ৰোশনে মনত পেলায়। “কিন্তু সিহঁতৰ স্বাস্থ্যৰ কোনোধৰণৰ উন্নতিৰ লক্ষণ দেখা নগ’ল।”
ছজনী গাইগৰু মৰিল। দুগ্ধ উৎপাদন একেবাৰে নাইকিয়াৰ দৰেই হৈ পৰিল। দুগ্ধ ব্যৱসায়ৰ পৰা অহা উপাৰ্জনো শূন্য হৈ পৰিল। কিন্তু খৰচ নকমিল। চন্দ্ৰপুৰৰ অৰণ্যৰে আবেষ্টিত নাগভিড় তেহছিলৰ এই ক্ষুদ্ৰ কৃষকজনৰ হাতত বাকী থকা ছজনী গাইৰ বাবে ঔষধ আৰু ছিটা কিনিবলৈকো এটকা এটা হাতত নাছিল।
মহামাৰীৰ ফলত সৃষ্টি হোৱা আৰ্থিক সংকটৰ সময়ত বেংকৰ পৰা ঋণ পোৱাটোও দুৰূহ আছিল। বেংকিং কৰেছপণ্ডেণ্ট হিচাপে কাম কৰা এজন বন্ধুৱে জোৰ কৰাত ৰোশনে ওচৰৰ ব্ৰহ্মপুৰী চহৰৰ এজন ব্যক্তিগত সুদখোৰৰ কাষ চাপে আৰু এক লাখ টকাৰ এক অনানুষ্ঠানিক ঋণৰ বাবে হাত পাতে।
তেওঁ ভাবিছিল যে তেওঁৰ তাৎক্ষণিক বিপদ আঁতৰিল।
“কিন্তু তাৰপৰাই সমস্যাৰ সূত্ৰপাত ঘটিল,” তেওঁ মনত পেলায়।
২০২১ চনৰ মাৰ্চ মাহত নিজৰ জাৰ্চী গাইকেইটাৰ বাবে জীৱনদায়ী ঔষধ কিনিবলৈ ৰোশনে লোৱা ১ লাখ টকাৰ ঋণ পঞ্জীয়নবিহীন সুদখোৰৰ পাল্লাত পৰি ৫০ লাখ টকালৈ বৃদ্ধি পালে আৰু শেষত এই দুগ্ধ উৎপাদকজন এক অবৈধ অংগ সৰবৰাহী চক্ৰৰ কবলত পৰিল। পৰিণতিস্বৰূপে তেওঁ হেৰুৱাবলগীয়া হ’ল নিজৰ কিডনি। আনকি লাওছত এক আন্তঃৰাষ্ট্ৰীয় চাইবাৰ ক্ৰাইম চক্ৰৰ জালতো তেওঁ সোমাই পৰিছিল।















