“আচ্ছা! ফটো তুলিছে?” মানুহজনে সুধিলে। “ঠিক আছে। তোলক। পিছত সেইবোৰ মুম্বাইৰ বিট্টু সেহগলক দি দিব।” সেহগল চেন্সুৱেৰী আলোচনীৰ সম্পাদক। মোক ফটো তোলা দেখি সেই মদিৰাৰ ৰাগীত ডুবি থকা মানুহজনে নিজে নিজে ভাবি ল’লে যে মই নিশ্চয় পশুটোৰ ওপৰত হোৱা অত্যাচাৰ কেমেৰাৰ লেন্সেৰ ধৰি ৰাখিব বিচাৰিছো। বিদৰ্ভ অঞ্চলৰ চন্দ্ৰপুৰ জিলাত এনে এক কথোপকথনৰ কেনেকৈনো সূত্ৰপাত ঘটিল, সেয়া আজিও মোৰ বাবে এক ৰহস্য। মদ্যপায়ীজনে হয়তো কিছুদিন মুম্বাইত কাম কৰিছিল। হয়তো চেন্সুৱেৰী আলোচনীৰ টিম এটা শেহতীয়াকৈ এই অৰণ্যাঞ্চলত কাম কৰি গৈছিল। মানুহজনৰ কথাবোৰ ইমানেই সংগতিহীন আছিল যে তাৰ একো সাৰমৰ্ম উলিয়াব পৰা নগ’ল। কথাৰ পাকত আমি সোমাই গৈ আছিলো, সেই আবোল-তাবোল কথাৰ বেহুৰ পৰা ওলাই আহিব নোৱাৰি আমি বিপাঙতে পৰিলোঁ। কিবা এটা কথা যোগ দি কথা বঢ়োৱাৰ সাহস আৰু কৰিব নোৱাৰিলো।

Yavatmal, Maharashtra
|MON, JUN 01, 2026
গৰুগাড়ী আৰু নাটকীয় খেলৰ মাৰাত্মক গতি
মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ জিলাৰ দেলানৱাড়ীৰ গৰুগাড়ীৰ দৌৰক কেন্দ্ৰ কৰি উদুলি-মুদুলি মেলাসদৃশ পৰিৱেশৰ সৃষ্টি হয়। উত্তেজনাপূৰ্ণ এই দৌৰ চাবলৈ গৈ প্ৰতিবেদকে ঠিকেই বুজিছে যে বলদ গৰুকেইটাৰ বাবে বিপদ আছে, কিন্তু কেৱল সিহঁতৰেই যে বিপদ তেনে নহয়
Author
Translator
Translation Editor

P. Sainath
দেলানৱাড়ীৰ এই শংকৰপাত মানে মেলাখন পূৰ্ণ গতিত চলি আছিল। এই মেলাৰ মূল আকৰ্ষণ আছিল কেৱল আৰু কেৱল সেই গৰুগাড়ীৰ দৌৰ। আমাৰ এনে অনুভৱ হ’ল যেন এয়া দৌৰ নহয়, বৰঞ্চ গতি-পৰীক্ষাহে। গৰুগাড়ীবোৰ একেলগে ট্ৰে’কত নানামে। গাড়ীৰ দৌৰৰ বাবে থকা নিৰ্দিষ্ট পথটো সিমান বহল নহয়। একেলগে খুব বেছি দুখন গৰুগাড়ীহে এক কিলোমিটাৰ এই ট্ৰে’কটোত দৌৰিবলৈ পাৰে। বিগত কেইবাটাও দশক ধৰি চলি অহা এই গৰুগাড়ীৰ দৌৰৰ ফলত খেলপথাৰখনত দুটা স্থায়ী পথৰ সৃষ্টি হৈছে। এবাৰত এখন গাড়ী, দুটা বলদ আৰু এজন চালকেহে দৌৰত অংশ লয়।

P. Sainath
আন দৌৰৰ পৰিৱেশতকৈ এইখন দৌৰ প্ৰতিযোগিতাৰ পৰিৱেশ সম্পূৰ্ণ সুকীয়া। চৌদিশে উত্তেজিত দৰ্শক। চৌদিশে মানে দৌৰৰ ট্ৰে’কটোতো মানুহ। আনকি কোনো কোনোৱে আকৌ দৌৰ চলি থকা অৱস্থাতে তীব্ৰ বেগেৰে দৌৰা বলদ কেইটাৰ কাষেৰেই কাণে কাণ মাৰি পাৰ হৈ গৈছে। কিন্তু ক’তো এটা দুৰ্ঘটনা ঘটা নাই। গৰুগড়ী দৌৰি থকাৰ মাজতে ট্ৰে’কটো দেও দি পাৰ হ’ব বিচৰা পালোৱানগিৰি দৰ্শোৱা মানুহজনক (দৰ্শকে অপদাৰ্থ বুলিয়ে ভাবিছে) দৰ্শকে টেটু ফালি চিঞৰ-বাখৰ কৰি আঁতৰিবলৈ কোৱাত কোনোমতে সি আঁতৰি দিলে। পিছে গৰুগাড়ীৰ চালকজনৰ কোনো ভ্ৰুক্ষেপকে নাই, গৰুগাড়ীৰ গতি অলপো কম কৰা নাই। ট্ৰে’কৰ একেবাৰে কাষতে ঠেলা-হেঁচাকৈ বিপজ্জনকভাৱে থিয় হৈ ডেকা ল’ৰাবোৰে নিজৰ নিজৰ হিৰ’বোৰক উৎসাহিত কৰিবলৈ উল্লাস প্ৰকাশ কৰিছে। তুলনামূলকভাৱে কম উৎসাহী দৰ্শকে ট্ৰে’কৰ পৰা নিৰাপদ দূৰত্ব বৰ্তাই ৰাখি থিয় হৈছে। কোনো কোনোৱে আকৌ খেৰ বোজাই কৰি থোৱা গৰুগাড়ীৰ ওপৰত উঠি খেল চাইছে। যেন একেবাৰে প্ৰিমিয়াম বেলকনি, ভিআইপি দৰ্শক। এনেয়ে মানুহবোৰ মেলাত পিয়াপি দি ঘূৰি ফুৰিছে, মেলাত বহা দোকান-পোহাৰত দাম-দৰত ব্যস্ত। কিন্তু দৌৰৰ শব্দ কাণত পৰা মাত্ৰকেই সকলো এৰি প্ৰত্যেকেই ট্ৰে’কৰ ফালে ঢাপলি মেলিছে।

P. Sainath
গৰুগাড়ীবোৰ আকৌ প্ৰাত্যহিক জীৱনত ব্যৱহৃত গৰুগাড়ীৰ দৰে নহয়। যেন একো একোখন ধাৱমান যন্ত্ৰ। সকলো মহতিয়াই নিব পৰা গাড়ীবোৰ আকাৰত সৰু, তুলনামূলকভাৱে পাতল আৰু আচৰিত ধৰণে বেগাই যাবলৈ সক্ষম। গৰুগাড়ীৰ চালকসকলৰ বয়স ভিন্ন। কিছুমান প্ৰবীণ, অভিজ্ঞতাৰে সমৃদ্ধ। কিছুমান নবীন। এজন চালকক দেখিয়েই বুজা গ’ল যে তেওঁৰ বয়স তিনিকুৰি বছৰমান হ’বই, বেছিও হ’ব পাৰে। কিন্তু বয়সৰ বাধা ইয়াত নাই। এনে দৌৰৰ বাবে কোনো চৰকাৰী পুৰস্কাৰ নাই যদিও কিছুমান প্ৰতীকী উপহাৰ দিয়া হয়। দৌৰত ভাগ লোৱা প্ৰতিযোগীৰ বাবে সন্মানেই ডাঙৰ পুৰস্কাৰ।

P. Sainath
দৌৰৰ বাবে তেওঁলোকে প্ৰস্তুতি চলাই থকা সময়তে আমি খেলপথাৰত উপস্থিত হৈছিলো। তেতিয়া তেওঁলোকে নিজৰ গৰুগাড়ীবোৰ পৰীক্ষা কৰাত, পশুৰ যত্ন লোৱাত ব্যস্ত আছিল। দুই-এটা বলদগৰুক সজাই-পৰাই তোলা হৈছে, অৱশ্যে এই সাজ-সজ্জা আন এক অনুষ্ঠানৰ বাবেহে। দৌৰত ভাগ লোৱা বলদবোৰৰ বাবে এইবোৰ সজ্জাৰ কোনো প্ৰয়োজন নাই। আটাইবোৰ হৃষ্টপুষ্ট। ডবা কোবাই অনুষ্ঠানৰ আৰম্ভণি ঘোষণা কৰা হ’ল। প্ৰতিবাৰ দৌৰ আৰম্ভ হোৱাৰ পিছত ডবা কোবোৱাসকলে শাৰী পাতি দৌৰ আৰম্ভ হোৱাৰ নিৰ্দিষ্ট স্থানলৈ ঘূৰি আহে। প্ৰতিযোগীজনৰ বলদ নোহোৱা খালী গাড়ীখন তেওঁৰ সৰু ল’ৰা কেইটাই টানি লৈ আহে।

P. Sainath
চাৰিওফালে মানুহৰ গৰ্জনেৰে ঠাইখন কঁপি উঠিল। বলদ জুতি থোৱা গাড়ীখন ট্ৰে’কেৰে হুৰহুৰাই পাৰ হৈ গ’ল। আপোনাৰ বিশ্বাসেই নহ’ব যে সেয়া সঁচাকৈয়ে এখন গৰুগাড়ী। গাড়ীৰ গতি দেখি আমি হতভম্ব নহৈ নোৱাৰিলো। প্ৰতিযোগী আৰোহীজনে এখন হাতেৰে হাল ধৰাৰ দৰে বলদৰ নেজত ধৰি আছে আৰু আনখন হাতেৰে এডাল লাঠী লৈ আছে। লাঠীডালৰ কাম হৈছে চালকৰ ভাৰসাম্য বজাই ৰখা। এনেকৈয়ে গৰুগাড়ীখন চকুৰ পচাৰতে পথটো অতিক্ৰম কৰিলে। বেগৰ নিয়ন্ত্ৰণ পশুৰ হাতত নে আৰোহীৰ হাতত - চাই ধৰিব পৰা উপায় নাই। দৰ্শকৰ উল্লাসত গোটেই ঠাইখন মুখৰিত হৈ পৰিছে। ধূলিৰ জাক এনেকৈ উৰিল যে আমি কেমেৰাৰে একো নেদেখা হৈ পৰিলো। মদ্যপায়ীজনে আমাৰ অৰ্হতা বা দক্ষতা সম্পৰ্কে কটু মন্তব্য কৰিবলৈ ধৰিলে। নিৰাপত্তাৰক্ষীৰ দলটোৱে ট্ৰে’কৰ পৰা দৰ্শকসকলক আঁতৰাই ৰাস্তা পৰিষ্কাৰ কৰোঁতে কৰোঁতে মাজপথতে থমকি ৰৈ আমাৰ ফালে এক বিশেষ দৃষ্টিৰে চালে।

P. Sainath
এনেতে কোনোবাই পৰা আটাহত আমাৰ চেতনা ঘূৰি আহিল। বুজিব পাৰিলোঁ যে পৰৱৰ্তী প্ৰতিযোগীজন মাত্ৰ কেইমিটাৰমান দূৰত্বতে আছে আৰু তীব্ৰ গতিৰে আমাৰ ফালে ধাৱমান হৈছে। আতংকিত হৈ আমি, ছিকিউৰিটিৰ মানুহখিনি আৰু আন আটায়ে ততাতৈয়াকৈ ঠাইখিনিৰ পৰা আঁতৰি দি বিপদৰ পৰা ৰক্ষা পৰিলোঁ, সেই মূহূৰ্ততে গাড়ীখন প্ৰচণ্ড বেগেৰে আমাৰ কাষেৰে পাৰ হৈ গ’ল। আৰোহীজনে প্ৰাণপণে গৰুগাড়ীখন বেগাই নিয়াৰ যত্ন কৰিছে। পাৰ হোৱা মাত্ৰকে মানুহ আকৌ গোট খালে। নিৰাপত্তাৰ দায়িত্বত থকা লোকসকলে আকৌ দৰ্শকক ট্ৰে’কৰ পৰা আঁতৰাই নিজে তাত গৈ থিয় হ’ল – ফটোৰ বাবে তেওঁলোক আকৌ সাজু।

P. Sainath
পৰৱৰ্তী দৌৰ আছিল চমকপ্ৰদ। গাড়ীৰ আৰোহীজনো আছিল অসাধাৰণ। পেচাত কৃষক এই প্ৰতিযোগীজনৰ বয়স তিনিকুৰিৰ ওচৰা-উচৰি। দৰ্শকৰ উন্মাদনাপূৰ্ণ হৰ্ষোল্লাসৰ মাজত চালকজনো টগবগাই উঠিছিল। তেওঁৰ ভাল ফটো এখন তোলো বুলি মই যিমান পাৰি তেওঁৰ ওচৰলৈ গ’লোঁ। আহিল নহয় মদিৰাত ডুবি থকা দৰ্শকজন। ঘটিল কাণ্ড। চাৰিওফালৰ ইমান কোলাহলৰ মাজত মই লক্ষ্যই কৰা নাছিলো যে সি কেতিয়া আহি ঠিক মোৰ পিছফালে হাউলি আছে। মই এখোজ পিছলৈ দিওতে প্ৰায় তেওঁৰ ওপৰতে গৈ পৰিলো। কোনোমতে সন্মুখৰ ফালে আগবাঢ়ি ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা কৰো মানে দেখিলো যে ধাৱমান গাড়ীখনৰ পৰা মই মাত্ৰ কেইমিলিমিটাৰমানহে দূৰত আছোঁ। বলদগৰুৰ ফোঁপনি মই অনুভৱ কৰিব পাৰিছিলো। প্ৰতিযোগীজনৰ মুখখন নিচেই ওচৰৰ পৰা দেখিবলৈ পালো। ইমান ওচৰৰ পৰা যে সঁচা কথা ক’বলৈ গ’লে ইমান ওচৰৰ পৰা মই আচলতে চাবই খোজা নাছিলো!

P. Sainath
দৰ্শকে কোনো প্ৰতিযোগীৰ ক্ষেত্ৰত হৰ্ষোল্লাস কৰি উৎসাহ যোগোৱাত অকণো কৃপণালি কৰা নাই। মদিৰাসক্তজনে মোৰ ফালে কাতৰ সৰলতাৰে চাই ৰ’ল। তাক দেখি মোৰ মনত যি অনুভূতি জাগিল, সেয়া বৰ্ণনা কৰিবলৈ গ’লে ফ্ৰণ্টলাইনৰ সম্পাদকে মোৰ এই প্ৰতিবেদন কেতিয়াও নছপাব। দূৰৈত ধূলিৰ মাজেৰে প্ৰতিযোগীজন ধাৱমমান হোৱা দেখিলো। কিছু সময় পাৰ হোৱাৰ পিছতহে মই প্ৰকৃতিস্থ হ’লোঁ। গৰুগাড়ীৰ তলত পৰি চেপা খাই মৰা এনে বিৰল মানুহৰ তালিকাৰ এজন হ’বলৈ গৈছিলোৱেই, কোনোমতেহে সেই বিৰল খিতাপ লাভৰ পৰা বাচিছো। গাড়ীখনৰ পৰা কোনোমতে বাচিলেও গাড়ীৰ চকাটো মোৰ কেনভাছ জোতাৰ কাষটো হেচুকি থৈ গ’ল। হাতত আছিল কেমেৰা, শেষৰ দুখন ফটো দূৰ্ঘটনাক্ৰমেহে তোলা হ’ল বুলি ক’ব পাৰি।

P. Sainath
কেবাজনো প্ৰতিযোগীয়ে আকৌ দৌৰৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল। বুজা গ’ল যে যেতিয়া দুটা বলদ গৰুৰ আপেক্ষিকভাৱে যিটো শক্তিশালী, সিটোৱে কোন পথেৰে আগবাঢ়িব সেই সিদ্ধান্ত ল’ব খোজে, তেতিয়াই এইধৰণৰ দুৰ্ঘটনা ঘটে। কোৱা বাহুল্য, চালকে নিজে এই বিদ্ৰোহ দমন কৰাত ব্যৰ্থ হয়। এনে এটা বিপথগামী বলদে ট্ৰে’ক এৰি খেৰ বোজাই কৰা গাড়ী এখনত গৈ জোৰে খুন্দা মাৰিলে। খেৰৰ দমটোৰ ওপৰত বহি আছিল এজন উৎসাহী দৰ্শক। অৱশ্যে দৰ্শকজন এতিয়া সাৱধান হৈছে। আন এটা বলদে নিজৰ নিৰ্দিষ্ট পথ এৰি আন ৰাস্তাৰে দৰ্শকৰ ফালে পোনাইছিল।

P. Sainath
ইফালে বিক্ৰেতা, অস্থায়ী দোকান-পোহাৰ, সৰু-সুৰা বস্তুৰ ফেৰীৱালা আৰু মন্ত্ৰপুত দৰৱ বিক্ৰেতাসকলৰ বেপাৰো ভালেই চলিছে। চালকসকলে গাড়ীৰ পৰা বলদবোৰ খুলি দিলে। মদিৰাসক্তজন খোৰাই খোৰাই তাৰ পৰা আঁতৰিল। বেলি পৰিলত, আমিও ৰাইজৰ সৈতে প্ৰস্থান কৰিলো। মেলা শেষ।

P. Sainath
এই প্ৰতিবেদনখন ২০০৭ৰ ৯ মাৰ্চত ফ্ৰন্টলাইন আলোচনীত প্ৰথমবাৰৰ বাবে প্ৰকাশ পাইছিল।
Want to republish this article? Please write to &&[email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/a-day-at-the-races-as

