হাতৰ তলুৱাত ছয়টা তুলি ল’ব পৰাকৈ এই সৰু সৰু কেঁকোৰাবোৰত এচিকুট নিমখ আৰু এটা বা দুটা কেঁচা জলকীয়া পিটিকি ল’লেই হৈ পৰে মুখৰোচক এবিধ সুস্বাদু ব্যঞ্জন। ৰামপ্ৰসাদ আৰু তেওঁৰ কিশোৰ বন্ধু কেইজনে প্লাষ্টিকৰ বটলত ভৰাই ৰাখিছে এই বোকা কেঁকোৰাবোৰ।
অন্ধ্ৰপ্ৰদেশৰ শ্ৰী সত্য সাই জিলাৰ মালাকাবৰীপল্লী থাণ্ডাতো কৈশোৰাৱস্থাৰ এখন জীয়া আৰু মধুৰ ছবি প্ৰত্যক্ষ কৰিব পাৰি। সুৰ্য্যৰ প্ৰখৰ ৰ’দত কিশোৰসকলৰ বাবে আটাইতকৈ আৰামদায়ক ঠাইটুকুৰা হৈছে গছৰ ঘন ছাঁয়া। শ্ৰী সত্য সাই জিলাৰ বঞ্জাৰাসকলৰ বসতিস্থল আমাদাগুৰ মণ্ডলত শৰীৰ দেই নিয়া ৰ’দ আৰু প্ৰচণ্ড গৰমৰ পৰা সকাহ বুলিলে গছৰ তলৰ ঠাইখিনিয়েই আটাইতকৈ উত্তম ঠাই। এই গাঁওখনৰ কিশোৰসকলৰ বাবে বন্ধৰ দিনটোৰ এক অতৃপ্ত ভোজ হৈ পৰে সৰু সৰু বোকা কেঁকোৰাবোৰ। ভাৰতৰ পূব উপকূলত পোৱা এই বোকা কেঁকোৰাবোৰক 'সেউজ কেঁকোৰা’ বা 'মেংগ্ৰোভ কেঁকোৰা’ বুলিও জনা যায়। ৰামপ্ৰসাদ তেওঁৰ লগৰ কেইজন এতিয়া এই কেঁকোৰাৰে এটি সৰু ভোজৰ আয়োজনত ব্যস্ত।
এটা উপত্যকাত অৱস্থিত আমাদাগুৰ মণ্ডলৰ চৌদিশৰ নিম্ন পাহাৰৰ কোলাত ধাননি পথাৰ, বিলাহী আৰু জলকীয়াৰ খেতি সিঁচৰতি হৈ আছে। চৌদিশে চকু ফুৰালে যেন কেৱল প্ৰশান্তি আৰু প্ৰশান্তি। কিন্তু তাৰ মাজতো এক বাস্তৱ সত্যই সদায় ভাৰাক্ৰান্ত কৰি আহিছে অঞ্চলবাসীক। পানীৰ তীব্ৰ নাটনি এই উপত্যকাৰ আটাইতকৈ ডাঙৰ সমস্যা। পানী বিচাৰি ব’ৰৱেলবোৰ ৮০০ৰ পৰা ১২০০ ফুট পৰ্যন্ত গভীৰতালৈ স্থাপন কৰিবলগীয়া হয়, আৰু তাৰ পিছতো খেতি পথাৰত দিনটোত মাত্ৰ ৮ ঘণ্টাহে জলসিঞ্চন কৰিব পাৰি।






