গাধৰ এক লিটাৰ গাখীৰৰ দাম ৭,০০০ টকা? কোনো বস্তুৰেই এক লিটাৰৰ দাম সাত হাজাৰ টকা হ’ব পাৰেনে? হোৱাটো অদ্ভুত কথা, কিন্তু গুজৰাটৰ সৌৰাষ্ট্ৰৰ হালাৰি গাধৰ গাখীৰক লৈ এনেকুৱাই এটাই বাতৰি কাকতৰ শিৰোনাম দখল কৰিছিল। আৰু কথাটো সত্য বুলিও প্ৰমাণিত হৈছিল, যদিওবা এবাৰেই। আৰু গুজৰাটৰ হালাৰি গাধ পোহা লোকে নিতৌ এনে দাম পায় নেকি বুলি যদি আপুনি প্ৰশ্ন কৰে, তেন্তে তেওঁলোকে হাঁহিত ফাটি পৰাটো খাটাং।
এই গাখীৰবিধৰ বিৰল প্ৰকৃতিৰ ঔষধি গুণ আছে। তাৰবাবে সেই গাখীৰৰ দাম বেছি। বেছি মানে খুব বেছি ১২৫ টকা হ’ব পাৰে। তাকো সেই দামত সীমিত পৰিমাণৰ গাখীৰ কিনিছিল গৱেষণাৰ বাবে এটা সংস্থাই।
বাতৰি কাকতত তেনে এটা শিৰোনাম দেখি তাত হৈছেনো কি, সেয়া চোৱাৰ আশাৰে এই প্ৰতিবেদক সৌৰাষ্ট্ৰত উপস্থিত হ’লো। ৰাজকোট জিলাৰ কপাহৰ পথাৰবোৰৰ মাজত মই ৬০ বছৰ বয়সীয়া পশুপালক জুজুভাই ভাৰৱাড়ক দেখা পালো। পশুপালকজনৰ ঘৰ দেৱভূমি দ্বাৰকা জিলাৰ জামপাৰ জিলাত। তেওঁলোকে প্ৰতিবছৰে মৰুভূমিৰ মাজেৰে পৰিয়াল লৈ পশু চৰোৱাৰ বাবে এই বাটেৰে প্ৰব্ৰজন কৰে। তেওঁলোকে এজাক ভেড়া আৰু ছাগলী আৰু পাঁচটা হালাৰি গাধ চৰাইছে।
খোলাভাইয়ে কৈছে, “কেৱল ৰাবাৰি আৰু ভাৰৱাড় গোষ্ঠীয়েহে হালাৰি গাধ পোহে।” আৰু তেওঁলোকৰ মাজত “খুব কম পৰিয়ালেহে এই পৰম্পৰাক জীয়াই ৰাখিব পাৰিছে। এই গাধবোৰ বৰ ধুনীয়া, কিন্তু আমাৰ জীৱন যাপনৰ বাবে উপযোগী নহয়। সিহঁতৰ পৰা কোনো লাভ নহয়।” খোলাভাই আৰু তেওঁৰ পাঁচ ভায়েকৰ মিলি মুঠ ৪৫ টা গাধ আছে।
যাযাবৰ গোষ্ঠীৰ এই পশুপালকসকলৰ আয় হিচাপ কৰাটো বৰ টান কাম। তেওঁলোকৰ নিয়মিত আয় নাই। তেওঁলোকৰ আন মানুহৰ দৰে ইন্ধন বা বিদ্যুতৰ নিয়মিত খৰচো নাথাকে। কিন্তু তেওঁলোকৰ সেই পেছাক সাধাৰণীকৰণ কৰাটো উচিত নহ’ব। এই কথা কৈছে ভুজৰ বেচৰকাৰী সংস্থা সহজীৱনৰ চেণ্টাৰ ফৰ পেষ্টোৰেলিজিমৰ গৱেষকদলে। তেওঁলোকৰ হিচাপত এই পশুপালক গোষ্ঠীৰ পাঁচজনীয়া পৰিয়াল এটাৰ ৩ৰ পৰা ৫ লাখ টকা বছৰি উপাৰ্জন হয় (তেওঁলোকৰ পশুধনৰ জাকটোৰ ওপৰত নিৰ্ভৰ কৰে) আৰু মুঠ আয় (সকলো ব্যয় বাদ দি) বছৰি ১ৰ পৰা ৩ লাখ টকা হয়। এইখিনি আয় হয় ভেড়া আৰু ছাগলীৰ গাখীৰ আৰু ঊণসূতা বিক্ৰী কৰি।
গাধৰ পৰা তেওঁলোকৰ বিশেষ একো উপাৰ্জন নাহে। পশুপালকৰ সংখ্যা বছৰি টুটি আহি থকাৰ সময়ত তেওঁলোকৰ বাবে হালাৰি গাধ পোহাটো টান হৈ পৰিছে।



















