“বৈষম্য থাকিলে অসুবিধা ক’ত?” দোধোৰ-মোধৰত পৰা ছাত্ৰ এজনে বেংগালুৰুৰ বেচৰকাৰী স্কুল এখনত পাৰিৰ প্ৰেজেণ্টেচন চলি থকা সময়ত সোধে।

“সৰু দোকানীজনৰ দোকান দোকানখন সৰু আৰু আম্বানিৰ ব্যৱসায় ডাঙৰ, তেওঁলোকে নিজে যেনেকৈ কষ্ট কৰিছে, তেনেকৈ পাইছে। কঠোৰ অধ্যৱসায় কৰা মানুহ সফল হ’বই.” তেওঁ নিজৰ যুক্তি অতি প্ৰত্যয়েৰে তুলি ধৰিছে।

এনেদৰেই সাফল্যৰ সংজ্ঞাৰ নিৰ্মাণ হয়। কিন্তু সফলতাৰ সংজ্ঞাক শিক্ষা, স্বাস্থ্যসেৱা আৰু ন্যায়ক কেন্দ্ৰ কৰি জনসাধাৰণে পাবলগীয়া সুবিধাৰ ভিত্তিত পাৰিৰ ষ্ট’ৰিৰ যোগেদি তুলি ধৰা হয় আৰু শিক্ষাৰ্থীক বুজাব পৰা যায়। পথাৰত, হাবিত আৰু চহৰৰ কদৰ্য্যময় পৰিৱেশত কঠোৰ পৰিশ্ৰমেৰে জীৱিকা নিৰ্বাহ কৰা মানুহৰ জীৱনবোৰৰ বিষয়ে শ্ৰেণীকোঠাত আমি আলোচনা কৰোঁ।

আমাৰ বৰ্তমান সময়ৰ সমস্যাবোৰৰ বিষয়ে যুৱচামৰ মাজত সচেতনতা বঢ়াবলৈ, উদ্যোগী কৰি তুলিবলৈ শ্ৰেণীকোঠাত পাৰিৰ সাংবাদিকসকলে নিজ অভিজ্ঞতা শিক্ষাৰ্থীৰ সৈতে ভাগ-বতৰা কৰে। গাঁৱে-ভূঞে আৰু চহৰে-নগৰে স্কুল-কলেজত, বিশ্ববিদ্যালয়ত আমি আমাৰ ষ্ট’ৰি, ফটো, ফিল্ম, গীত-মাত আৰু কলাৰ যোগেদি বাস্তৱ জগতখনৰ সৈতে শিক্ষাৰ্থীক পৰিচয় কৰোৱাও।

চেন্নাইৰ হাইস্কুলীয়া ছাত্ৰ অৰ্ণৱে কয়, “আমি তেওঁলোকক (নিজতকৈ নিম্ন আৰ্থ-সামাজিক গোটৰ মানুহক) আমি সততে সন্মুখীন নোহোৱা পৰিস্থিতিৰ মাজেৰে নিতৌ পাৰ হোৱা জীয়া মানুহৰ পৰিৱৰ্তে পৰিসংখ্যা হিচাপেহে গণ্য কৰোঁ।”

Left: At a session in Punjabi University, Patiala, on the need for more rural stories in mainstream media.
Right: At a workshop with young people at the School for Democracy in Bhim, Rajasthan on how to write about marginalised people
PHOTO • Binaifer Bharucha

বাওঁফালে : মূলসুঁতিৰ সংবাদ মাধ্যমত গ্ৰামাঞ্চলৰ ষ্ট’ৰি আৰু বেছি প্ৰকাশিত হোৱাৰ আৱশ্যকতা সন্দৰ্ভত এক আলোচনা, পাটিয়ালাৰ পাঞ্জাৱ বিশ্ববিদ্যালয়ত ৰাজস্থানৰ ভিমস্থিত স্কুল ফৰ ডেম ’ক্ৰেচিত উপান্ত শ্ৰেণীৰ বিষয়ে কেনেকৈ লিখিব লাগে, সেইবিষয়ে যুৱক-যুৱতীক শিকাই থকাৰ এটা মুহৰ্ত

সামাজিক সমস্যাবোৰ বৰ জটিল, কিন্তু এটা ষ্ট’ৰিৰ যোগেদি ইয়াক ফঁহিয়াই দেখুৱাব পাৰি। মহাৰাষ্ট্ৰৰ বীড় জিলাৰ কৃষি শ্ৰমিকসকলক লৈ কৰা দুই হাজাৰ ঘণ্টাৰ ধৰি কুঁহিয়াৰ কটা কাম শীৰ্ষক ষ্ট’ৰিটোৰ কথাই ধৰক। দিনটোত ১৪ ঘণ্টা ধৰি কুঁহিয়াৰ কাটি চপোৱা কাম কৰিবলৈ এই মজদুৰসকলে বিভিন্ন ঠাইৰ পৰা প্ৰব্ৰজন কৰে। ষ্ট’ৰিটোত তেওঁলোকৰ নিজৰ ভাষাতেই কথাবোৰ কোৱা হৈছে আৰু কামৰ বাবে কেনেদৰে হাবাথুৰি খাই তেওঁলোক আহে, সেয়া ফুটাই তোলা হৈছে। এই ষ্ট’ৰিটোৱে স্পষ্ট কৰে কিয় মাৰাঠৱাড়াত কুঁহিয়াৰ কাটিবলৈ প্ৰতিবছৰে ৬ লাখ কৃষিশ্ৰমিকৰ উজান উঠে।

কুঁহিয়াৰ চপোৱা শ্ৰমিকৰ ষ্ট’ৰিটোৱে ক্ৰমে গভীৰ হৈ পৰা কৃষি সংকটক আৰু জটিল কৰি তোলাত বিভিন্ন কাৰক যেনে দূৰ্বল নীতি, খেতিৰ ব্যয়ৰ পৰিমাণ বৃদ্ধি, অনিৰ্ভৰশীল হৈ পৰা জলবায়ু আদিয়ে কেনেদৰে ইন্ধন যোগাইছে, সেই সম্পৰ্কে এখন বহল পৰিদৃশ্য আমাৰ আগত দাঙি ধৰে। শ্ৰমিকৰ এই পৰিয়ালবোৰে নিজৰ লগত ল’ৰা-ছোৱালীকো লৈ আহে। এনেকৈ সেই ল’ৰা-ছোৱালীৰ পঢ়া-শুনা আধৰুৱা হৈ পৰে, শৈক্ষিক শিকন দুৰ্বল হয় আৰু ভৱিষ্যত অনিশ্চিত হৈ পৰে। এনেকৈ পৰৱৰ্তী প্ৰজন্মটোও একেই জীৱিকা অৱলম্বন কৰিবলৈ বাধ্য হৈ পৰে।

এয়াই ‘দাৰিদ্ৰৰ পাকচক্ৰ’ৰ এক বাস্তৱ উদাহৰণ, যিটো অভিধা আমি পাঠ্যক্ৰমত পঢ়িবলৈ পাওঁ। তাক শিক্ষাৰ্থীৰ আগত বাস্তৱ ৰূপত তুলি ধৰা হৈছে, আলোচনা কৰা হৈছে।

আৰ্থিক সফলতা কেৱল সক্ষমতাৰ ভিত্তিত লাভ কৰিব পাৰি - এনে এটা ভুল ধাৰণা এই ধৰণৰ ষ্ট’ৰিৰ যোগেদি আঁতৰাব পাৰি।

সেই শ্ৰেণীকোঠাতে আন এজন শিক্ষাৰ্থীয়ে সফলতা সন্দৰ্ভত আগৰজনৰ যুক্তিত উভতি ধৰি কয়, “কিন্ত ৰিক্সা চলোৱাজনেওতো কঠোৰ পৰিশ্ৰম কৰে।”

বাস্তৱ কাহিনী সামৰা প্ৰতিবেদন, ব্যক্তিবিশেষৰ সৰু সৰু চিন্তনীয় কাহিনী, সত্যাপিত ডেটা আৰু কাহিনী কথনৰ যোগেদি আমি কেৱল যুৱচামক সুক্ষ্মভাৱে যুক্তিযুক্ত চিন্তা কৰাৰ বাবে আগ্ৰহী কৰি তুলিব বিচাৰো, তাৰ লগতে নিজৰ সুবিধাজনক জগতখনৰ পৰাই ওলাই আহি তেনে শ্ৰেণীৰ সৈতে সহমৰ্মিতা গঢ়ি তোলাৰ বাবেও চেষ্টা কৰোঁ। “আপোনালোকে সঁচাকৈয়ে আমাক আমাৰ জীৱনৰ পৰিসৰটোৰ পৰা ওলাই আহি বাহিৰত চিন্তা কৰাৰ বাবে আগ্ৰহী কৰি তুলিছে,” দিল্লীৰ কলেজীয়া শিক্ষাৰ্থী এগৰাকীয়ে আমাক কয়।

Sugarcane workers are affected by an agrarian crisis caused by poor policies and unpredictable climate. Their children miss school due to travel. 'Success' isn't just about hard work
PHOTO • Parth M.N.
Sugarcane workers are affected by an agrarian crisis caused by poor policies and unpredictable climate. Their children miss school due to travel. 'Success' isn't just about hard work
PHOTO • Parth M.N.

কুঁহিয়াৰৰ খেতিত কাম কৰা শ্ৰমিকসকল দুৰ্বল চৰকাৰী নীতি আৰু অনিশ্চিত জলবায়ুৰ প্ৰভাৱত সৃষ্ট কৃষি সংকটৰ কবলত পৰি ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকৰ ’ৰা-ছোৱালীয়ে পিতৃ-মাতৃৰ সৈতে প্ৰব্ৰজিত হোৱাৰ বাবে স্কুল এৰিবলগীয়া হৈছে ‘সফলতা’ কেৱল কঠোৰ পৰিশ্ৰমেৰে সম্ভৱ নহয়


আমি শিক্ষকসকলৰ সৈতেও সংযোজিত হওঁ। আমি য’ত আলোচনাবোৰ এৰি আহো, তাৰ পৰা তেওঁলোকে আৰম্ভ কৰে। তেওঁলোকে তাপবিদ্যুত আৰু সেউজ শক্তিৰ পাঠ পঢ়ুৱাওতে পাৰিৰ ষ্ট’ৰিৰ প্ৰসংগ উলিয়ায়। জীৱিকা আৰু সংস্কৃতিৰ মাজত থকা সম্পৰ্ক ব্যাখ্যা কৰে। পাৰিৰ ষ্ট’ৰিবোৰৰ পেছাদাৰী অনুবাদ শিক্ষাৰ্থীৰ বাবে শিকনৰ সমল হ’ব পাৰে, এই কথাই ভাষা শিক্ষকসকলকো উৎসাহিত কৰে। “এই ষ্ট’ৰিটোৰ পাঞ্জাৱী ভাষাৰ অনুবাদ আছেনে?” তেওঁলোকে সোধে। আৰু আমাৰ আছেও। পাঞ্জাৱীয়ে নহয়, ১৪ টা ভাৰতীয় ভাষাত আছে। পাৰিৰ আন সমলৰ লগতে এয়াও বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ আৰম্ভ কৰি সকলোৰে বাবে বিনামূলীয়া।

*****

বিশ্বৰ সংবাদ মাধ্যমৰ স্বতন্ত্ৰতাৰ সূচাংকত ভাৰতৰ স্থান ২০২৩ত ১৬১লৈ অৱনমিত হৈছে। মিডিয়াৰ ওপৰত চকু ৰখা ৰিপ’ৰ্টাৰ্ছ ৱিডাউট ব’ৰ্ডাৰ্ছ (আৰ.এছ.এফ.)ৰ প্ৰতিবেদনত তালিকাবদ্ধ ১৮০ খন দেশৰ ভিতৰত ভাৰতৰ এই স্থান।

এনে এক সংকটজনক অৱস্থাত সংবাদমাধ্যম থকাৰ পিছত, নিতৌ সামাজিক গণমাধ্যমত ভুৱা বাতৰিৰে যুৱচামক যেতিয়া ওপচাই পেলোৱা হয়, তেতিয়া প্ৰকৃত সাংবাদিকৰ প্ৰতি আস্থা তেওঁলোকৰ কমি নাযায়নে?

বিশ্ববিদ্যালয়ত চিন্তাৰ বাবে ঠাই আছে, কিন্তু স্কুলীয়া পৰিৱেশত এনে কথাবোৰ চিন্তা কৰাৰ থল আছেনে?

পাৰিত আমি আমাৰ ষ্ট’ৰি, ফটো, ভিডিঅ’ আৰু একাধিক ভাষাত প্ৰকাশিত প্ৰতিবেদনৰ যোগেদি দেখুৱাও - কেনেকৈ ভাল সাংবাদিকতাই শাসকীয় শ্ৰেণীৰ বিষয়ে সঁচা কথাবোৰ উদঙাই দেখুৱাব পাৰে, আৰু এনেকৈ সঁচা কোৱাসকলক আৰু সাহসী কৰি তোলে।

লোকশিল্পী, ডাকোৱাল, স্থানীয় সংৰক্ষণবিদ, ৰবৰ গছৰ ৰস সংগ্ৰহকাৰী, পেলনীয়া কয়লা সংগ্ৰহ কৰা মহিলা আৰু আন শিল্পকাৰ আদিৰ ষ্ট’ৰিৰ যোগেদি পাঠ্যক্ৰমৰ বাহিৰৰ এখন জগতৰ সৈতে আমি শিক্ষাৰ্থীসকলক পৰিচয় কৰোৱাও আৰু জ্ঞান ব্যৱস্থা সম্পৰ্কে থকা গতানুগতিক কাঠামোৰ ওপৰত প্ৰশ্ন তোলো আৰু নকৈ গঢ় দিওঁ।

Left: PARI at the Chandigarh Children's Literature Festival, engaging with students on stories about people in rural India.
PHOTO • Chatura Rao
Right: After a session with the Sauramandala Foundation in Shillong, Meghalaya, on the role of the media in democracies
PHOTO • Photo courtesy: Sauramandala Foundation

(বাওঁফালে) চণ্ডীগড় শিশু সাহিত্য উৎসৱত গ্ৰামাঞ্চলৰ মানুহৰ ষ্ট ৰিৰ বিষয়ে পাৰিয়ে শিক্ষাৰ্থীসকলৰ সৈতে কথা পাতিছে (সোঁফালে) মেঘালয়ৰ শ্বিলংস্থিত সৌৰমণ্ডলা ফাউণ্ডেছনৰ শিক্ষাৰ্থীৰ সৈতে গণতান্ত্ৰিক ব্যৱস্থাত সংবাদমাধ্যমৰ ভূমিকাৰ বিষয়ে কৰা এক আলোচনা

আমি বিষয় বিশেষজ্ঞ বুলি দাবী নকৰো। সাংবাদিক হিচাপে শ্ৰেণীকোঠাত আমি এনে এক পৰিৱেশ সৃষ্টিত উৎসাহ যোগাও য’ত শিক্ষাৰ্থীয়ে ৰাজ্যৰ শক্তি, বদ্ধমূল ধাৰণা আৰু বাতৰি সংগ্ৰহত পক্ষপাতিত্বৰ ওপৰত প্ৰশ্ন তুলিব পাৰে। লগতে জাত-পাত আৰু জাতিগত বৈষম্যৰ মুনাফা আদায় কৰাসকলক প্ৰশ্ন কৰিব পাৰে। কেনে এখন জগত তেওঁলোকে পাইছে, সেয়া বুজা আৰু শিকাৰ এক ৰাস্তা আমি দেখুৱাও।

কেতিয়াবা আমাক স্কুল-কলেজৰ কৰ্মচাৰীয়ে বাধা দিয়ে। জাত-পাতৰ কথাবোৰ শ্ৰেণীকোঠাত আলোচনা কৰাক লৈ অনিচ্ছুকতা এতিয়াও আছে।

কিন্তু এই ষ্ট’ৰিবোৰ তেওঁলোকৰ মাজলৈ নিনিয়াকৈ থাকিলে আৰু স্কুলৰ শ্ৰেণীকোঠাৰ বাহিৰত ৰাখিলে কাইলৈৰ নাগৰিক হ’বলৈ ওলোৱা এইসকল জাতিগত উৎপীড়নৰ স্পষ্ট অথচ সূক্ষ্ম কথাবোৰৰ প্ৰতি অৱহেলিত হৈ ৰ’ব আৰু অজ্ঞাত হৈ থকা এখন ভৱিষ্যতৰ সমাজ গঢ় ল’ব।

‘কাৰো জীৱন এনেকৈ নৰ্দমাত শেষ নহওঁক’ শীৰ্ষক ষ্ট’ৰিটোৰ যোগেদি আমি শিক্ষাৰ্থীসকলক দেশৰ ৰাজধানী চহৰৰ এখন ব্যস্ত বজাৰৰ বসন্ত কুঞ্জ মলৰ এটা নৰ্দমাত মৃত্যু হোৱা শ্ৰমিকৰ কাহিনী কোৱা হৈছে। তেওঁলোক আচৰিত হৈ পৰিছিল। এনে অবৈধ আৰু সাম্ভাব্য মৃত্যুৰ অতিশয় আশংকা জৰিত কাম এটাক লৈয়েই নহয়, তেনে এটা ঘটনা তেওঁলোকৰ স্কুলৰ পৰা মাত্ৰ কেইকিলোমিটাৰমান দূৰত্বত ঘটাক লৈও তেওঁলোক আচৰিত হৈছিল।

এনে সমস্যা আমাৰ শ্ৰেণীকোঠাৰ পৰা আঁতৰাই ৰাখিলে আমি ইণ্ডিয়া ছাইনিং-ৰ এক ভুল ছবি দাঙি ধৰা হ’ব।

আমি এনে ষ্ট’ৰি শিক্ষাৰ্থীক দেখুওৱাৰ পিছত তেওঁলোকে প্ৰায়ে সোধে তেওঁলোকে কেনেকৈ এইক্ষেত্ৰত সহায় কৰিব পাৰে।

Left: ' No life in the gutter' told students a story about a worker who died in the drain in a Vasant Kunj mall.
PHOTO • Bhasha Singh
Right: Masters student at Azim Premji University, Dipshikha Singh, dove right into the deep end with her uncovering of female dancers' struggles at Bihar weddings
PHOTO • Dipshikha Singh

বাওঁফালে : ‘কাৰো জীৱন এনেকৈ নৰ্দমাত শেষ নহওঁক’ শীৰ্ষক ষ্ট’ৰিটোৰ যোগেদি বসন্ত কুঞ্জ মলৰ নৰ্দমাত পৰি মৃত্যু হোৱা এজন শ্ৰমিকৰ কাহিনী শিক্ষাৰ্থীসকলক কোৱা হৈছে সোঁফালে : আজীম প্ৰেমজী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰী দীপশিখা সিঙে বিহাৰৰ বিয়াত নাচ পৰিৱেশন কৰা মহিলা নৃত্যশিল্পীৰ জীৱন সংগ্ৰাম ফঁহিয়াই তুলি ধৰিছে

তাৎক্ষণিক সমাধানৰ বাবে উৎসুকতাক আমি প্ৰশংসা কৰোঁ যদিও ফিল্ড পৰ্য্যায়ৰ প্ৰতিবেদক আৰু সাংবাদিক হিচাপে আমি তেওঁলোকক তাৎক্ষণিক সমাধান আগবঢ়োৱাৰ পৰিৱৰ্তে চৌপাশৰ জীৱনবোৰ পুনৰীক্ষণ কৰাৰ বাবে আগ্ৰহী কৰি তোলাত গুৰুত্ব দিওঁ।

আমি আমাৰ শিক্ষাৰ্থীসকলক কেৱল আমাৰ পৃথিৱীখন যেনে, তেনেদৰে গ্ৰহণ কৰাৰ বাবে নকওঁ; তেওঁলোকক ওলাই গৈ তেওঁলোকৰ চৌপাশৰ পৃথিৱীখন নথিবদ্ধ কৰাৰ বাবে উৎসাহিত কৰোঁ, তেওঁলোক শিক্ষাৰ্থী হৈ থকা সময়তে। পাৰি এডুকেচনে জন্মলগ্ন (২০১৮)ৰ পৰা ২০০ৰো অধিক প্ৰতিস্থান আৰু হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ সৈতে সংযোজিত হৈছে। আমি গোটেই দেশখনৰ পৰা তেওঁলোকৰ প্ৰতিবেদন প্ৰকাশ কৰোঁ, সেয়া লাগিলে স্নাতকোত্তৰ পাঠ্যক্ৰমৰ শিক্ষাৰ্থীৰ পৰা হাইস্কুলৰ শিক্ষাৰ্থীয়ে হওঁক, তেওঁলোক শিকনৰ এই মিছনত অন্তৰ্ভুক্ত হয়। তেনে প্ৰতিবেদনসমূহ ইয়াত পঢ়িবলৈ পাব।

এয়া সততে দেখা স্ব-অৱলোকনৰ পৰিৱৰ্তে এক বিপৰীত পদ্ধতি। তেওঁলোকক নিজৰ বিষয়ে ব্লগ লিখাৰ পৰিৱৰ্তে আন কাৰোবাৰ জীৱনৰ বিষয়ে লিখিবলৈ, তেওঁলোকৰ কণ্ঠ দাঙি ধৰিবলৈ, তেওঁলোকৰ জীৱন-জীৱিকাৰ পৰা শিকিবলৈ আমি উৎসাহ যোগাও।

আজীম প্ৰেমজী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰী দীপশিখা সিঙে বিহাৰৰ বিবাহ অনুষ্ঠানত নাচ পৰিৱেশন কৰা মহিলা নৃত্যশিল্পীৰ জীৱন সংগ্ৰাম ফঁহিয়াই তুলি ধৰিছে, যি নাচক বলিউডৰ আইটেম নম্বৰত সদায় গ্ল’ৰিফাই কৰি দেখুওৱা হয়। “মানুহে তেওঁলোকৰ কঁকালত হাত দিয়ে, ব্লাউজত হাত সুমোওৱাৰ বলপূৰ্বক চেষ্টা কৰে। এনে ঘটনা ইয়াত কোনো নতুন কথা নহয়,” তেনে এগৰাকী নাম প্ৰকাশত অনিচ্ছুক নৃত্যশিল্পীয়ে সততে সন্মুখীন হোৱা উৎপীড়ন আৰু আৰ্থ-সামাজিক অত্যাচাৰৰ কথা কয়।

বৰ্তমান সামাজিক ক্ষেত্ৰখনত কাম কৰি থকা দীপশিখাই কয় যে তেওঁলোকক লগ পোৱা, তেওঁলোকৰ বিষয়ে অনুসন্ধান কৰা আৰু নৃত্যশিল্পীসকলৰ সৈতে কথা পতাটো তেওঁৰ বাবে এক অনন্য শিকন প্ৰক্ৰিয়া আছিল: “মোৰ সাংবাদিকতাৰ যাত্ৰাত এই অভিজ্ঞতাই (নথিবদ্ধকৰণ কৰা) এক মাইলৰ খুঁটি হৈ ৰ’ব। যি ষ্ট’ৰি সঁচাকৈয়ে লিখিবলগীয়া, মানুহে জানিবলগীয়া, তেনে ষ্ট’ৰি লিখাৰ বাবে ই মোক উৎসাহ যোগাব… এনে ষ্ট’ৰি যিয়ে পাৰিৰ মিছনত অৰিহণা যোগাব,” ষ্ট’ৰিটো যুগুতোৱাৰ পিছত তেওঁ আমালৈ লিখিছে।

পাৰি এডুকেচনে গ্ৰামাঞ্চলৰ স্কুল আৰু স্কুলীয়া শিক্ষাৰ্থীৰ সৈতে সংযোজিত হৈ তেওঁলোকক নিজৰ ঘৰ আৰু মনৰ কথা নথিবদ্ধ কৰাত সহায় কৰে, তেওঁলোকৰ নিজৰ ভাষাত। কেইগৰাকীমান কিশোৰীয়ে ওড়িশাৰ জুৰুদিত থকা তেওঁলোকৰ সাপ্তাহিক বজাৰখনৰ ওপৰত প্ৰতিবেদন যুগুতাইছে। তেওঁলোকে বজাৰখন ভালেকেইবাৰ সাক্ষাৎ কৰি কিনা-বেচা কৰাসকলক লগ ধৰি তেওঁলোকৰ প্ৰতিবেদনৰ বাবে তথ্য গোটাইছে।

Left: In Jurudi, Odisha, school reporters document the people and produce they sell at a vibrant weekly haat (market)
Right: Student reporter Aysha Joyce profiles N. Saramma, a waste collector who runs an open kitchen in Trivandrum. Saramma's story touched thousands of readers across India, many offering to support her work via donations
PHOTO • Aysha Joyce

বাওঁফালে : ওড়িশাৰ জুৰুদিত শিক্ষাৰ্থী প্ৰতিবেদকে তেওঁলোকৰ ঘৰৰ কাষৰে সাপ্তাহিত বজাৰখনৰ মানুহ আৰু কিনা-বেচা কৰা সামগ্ৰীৰ বিষয়ে প্ৰতিবেদন যুগুতাইছে সোঁফালে: শিক্ষাৰ্থী প্ৰতিবেদক আয়েশা জইচে পেলনীয়া সামগ্ৰী সংগ্ৰহ কৰা এন. চাৰাম্মাৰ ফটো লৈছে, তেওঁ ত্ৰিবান্দ্ৰমত এটা মুকলি পাকঘৰ চলায় চাৰাম্মাৰ ষ্ট ’ৰিটোৱে সমগ্ৰ ভাৰতত পাঠকৰ সমাদৰ লাভ কৰিছিল, বহুতেই তেওঁৰ কামটোৰ বাবে অনুদান আগবঢ়াব বিচাৰিছিল

প্ৰতিবেদক অন্যনা তপ্ন, ৰোহিত গাগ্ৰাই, আকাশ একা আৰু পল্লৱী লুগুনে পাৰিৰ সৈতে তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে কয়, “এনে গৱেষণামূলক কাম আমাৰ বাবে নতুন। মানুহে পাচলিৰ কাৰণে বহুত দৰ-দাম কৰি থকা আমি দেখো, কিন্তু পাচলি খেতি কৰাটো কিমান কষ্টকৰ কাম, সেয়া আমি নাজানো। খেতিয়কৰ সৈতে কিয় মানুহে ইমান দৰ-দাম কৰে, ভাবি আচৰিত হওঁ।”

আনকি গ্ৰামীণ ভাৰতলৈ নোযোৱা শিক্ষাৰ্থীয়েও লিখিবলৈ ভালেমান সমল পায়। এন. চাৰাম্মাৰ ষ্ট’ৰিটোৱে ধৰক। তেওঁ এগৰাকী পেলনীয়া সামগ্ৰী সংগ্ৰহকাৰী যদিও ত্ৰিবান্দ্ৰমত তেওঁ এটা মুকলি পাকঘৰ চলায়। “শৈশৱটো চৰম দাৰিদ্ৰত কটাইছো, সেয়ে প্ৰাণে-পণে চেষ্টা কৰোঁ যাতে কোনোৱে অনাহাৰে থাকিবলগীয়া নহয়,” চাৰাম্মাই এনেকৈ কয়।

আয়েশা জইচে লিখা ষ্ট’ৰিটোৱে হাজাৰ হাজাৰ কমেণ্ট আৰু লাইক লাভ কৰিছে, যিয়ে তেওঁক সহায় কৰিব বিচাৰিছে। তেওঁৰ জীয়েকে কিয় একেটা কামকে কৰে বুলি প্ৰশ্ন কৰোতে তেওঁ কয়, “দলিতক কোনে কাম দিব? আপুনি ক’ৰ হয়, কি জাতিৰ - মানুহে সদায়ে চায়। আপুনি যিমানেই স্মাৰ্ট নহওঁক, যিয়েই নকৰক, এই বৈষম্যৰ পৰা আপুনি পলাব নোৱাৰে,” তেওঁ আয়েশাক কয়।

আমি তেওঁলোকক সাক্ষাৎকাৰ লোৱাৰ কৌশল, সাক্ষাৎকাৰ লোৱাসকলৰ পৰা জ্ঞাত সন্মতি লোৱা, আৰু পাঠকক আগ্ৰহী কৰি তোলাৰ বাবে বহুমাত্ৰিক আৰ্হিত তথ্য সংগ্ৰহ কৰাৰ বাবে প্ৰশিক্ষণ দিওঁ। উল্লেখ্য যে শিক্ষাৰ্থীয়েও এই ষ্ট’ৰিবোৰ কেনেকৈ লিখিব লাগে আৰু গঢ় দিব লাগে, সেইবিষয়ে শিকে, যাতে সেয়া এক ব্যক্তিগত ব্লগৰ পৰিৱৰ্তে ব্যক্তি-নিৰপেক্ষ সংবাদ প্ৰতিবেদন হৈ উঠে।

সাংবাদিকতা বিভিন্ন উৎস আৰু ডেটাৰ সহায়েৰে লিখি উলিওৱা দীঘল অনুসন্ধানমূলক প্ৰতিবেদন হয় যদিও আমি শিক্ষাৰ্থীক মানুহৰ বিষয়ে সহজ-সৰলকৈ প্ৰতিবেদন লিখি উলিয়াবলৈ উৎসাহিত কৰোঁ। এই প্ৰতিবেদনত ব্যক্তিৰ জীৱনৰ প্ৰাত্যাহিক অভিজ্ঞতা, তেওঁলোকৰ সংগ্ৰাম, বিপদ নেওচি তেওঁলোকে কেনেকৈ জীৱনত আগবাঢ়ে, তেওঁলোকৰ জীৱনৰ অৰ্থনীতি, সন্তানৰ বাবে পুহি ৰখা আশা আদি বিষয় সামৰি লোৱা হয়।

এক সৎ সাংবাদিকতাৰ দৃষ্টিৰে সামাজিক সমস্যাসমূহক চিনাক্ত কৰা আৰু তাৰ গুৰুত্ব বুজাৰ বাবে যুৱচামক উৎসাহিত কৰিবলৈ পাৰি এডুকেচন এক অনন্য প্ৰয়াস। সৰ্বসাধাৰণ আৰু তেওঁলোকৰ কাহিনীবোৰৰ জৰিয়তে শিক্ষাৰ্থীয়ে কেৱল সাংবাদিকতাতেই নহয়, শ্ৰেণীকোঠাতো মানৱীয় মূল্যবোধৰ উন্মেষ ঘটায়।

আপোনাৰ প্ৰতিষ্ঠানৰ সৈতে পাৰিয়ে কাম কৰাটো বিচাৰে যদি অনুগ্ৰহ কৰি ইয়াত যোগাযোগ কৰক : [email protected]

এই লেখনীৰ মূল আলোকচিত্ৰখন পাৰিৰ আলোকচিত্ৰ সম্পাদক বিনাইফেৰ ভাৰুচাই তুলিছে

অনুবাদ: পংকজ দাস

Vishaka George

Vishaka George is Senior Editor at PARI. She reports on livelihoods and environmental issues. Vishaka heads PARI's Social Media functions and works in the Education team to take PARI's stories into the classroom and get students to document issues around them.

Other stories by Vishaka George
Editor : PARI Desk

PARI Desk is the nerve centre of our editorial work. The team works with reporters, researchers, photographers, filmmakers and translators located across the country. The Desk supports and manages the production and publication of text, video, audio and research reports published by PARI.

Other stories by PARI Desk
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das