বিয়াৰ দহ দিন আগত ৰেখাই বুজিবলৈ বাকী নাথাকিল যে বিয়া হোৱাৰ বাদে তাইৰ হাতত আন একো উপায় নাই। ১৫ বছৰীয়া ছোৱালী এজনীয়ে যিমানখিনি পাৰে সিমানখিনি তাই বাধা দিলে, কিন্তু মাক-দেউতাকে তাইৰ কথাত কেৰেপকে নকৰিলে। “তাই কান্দিছিল আৰু পঢ়িব বিচাৰে বুলি কৈছিল,” তাইৰ মাক ভাগ্যশ্ৰীয়ে কয়।

ডেৰকুৰিৰ দেওনা পাৰ কৰা ভাগ্যশ্ৰী আৰু তেওঁৰ গিৰীয়েক অমৰ ল’ৰা-ছোৱালীকেইটাৰ লগত মহাৰাষ্ট্ৰৰ বীড় জিলাৰ এখন পিছপৰা গাঁৱত বাস কৰে। প্ৰতি বছৰে নৱেম্বৰ মাহমানত তেওঁলোকে মহাৰাষ্ট্ৰ নাইবা কৰ্ণাটকলৈ কুঁহিয়াৰ কটা কামৰ বাবে যায়। ছমাহ তেজক পানী কৰি কাম শেষ কৰি তেওঁলোক দুজনে মিলি ৮০,০০০ টকা উপাৰ্জন কৰে। নিজৰ নামত মাটি-বাৰী নথকা দম্পত্তিহালৰ বাবে কুঁহিয়াৰ কটাই উপাৰ্জনৰ একমাত্ৰ পথ। দম্পত্তিহাল মাতংগ জাতিৰ, এক দলিত সম্প্ৰদায়ৰ লোক।

প্ৰতিবাৰেই তাইৰ মাক-দেউতাকে ঘৰ এৰাৰ সময়ত ৰেখা আৰু তাইৰ ১২ আৰু ৮ বছৰীয়া ভাই-ভনী দুটা আইতাকৰ জিম্মাত এৰি যায় (আইতাক যোৱাবছৰ মে’ মাহত ঢুকাইছে)। সিহঁতে কাষৰে চৰকাৰী স্কুল এখনলৈ গৈছিল। কিন্তু মহামাৰীৰ কাৰণে স্কুলবোৰ ২০২০ৰ মাৰ্চৰ পৰা বন্ধ থকাত ৯ম মানত পঢ়া ৰেখাই ঘৰতে বহি থাকিবলগীয়া হৈছে। প্ৰায় ৫০০ৰো অধিক দিন বীড়ত স্কুলবোৰ বন্ধই হৈ আছে।

“আমি বুজিলো যে স্কুল আৰু বহুদিনলৈ নোখোলে,” ভাগ্যশ্ৰীয়ে কয়। “স্কুলবোৰ খোলোতে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীবোৰ আশে-পাশে আছিল। গাওঁখন ব্যস্ত হৈ আছিল। স্কুলবোৰ বন্ধ হোৱাত আমি তাইক সুৰক্ষাৰ খাতিৰতে এনেদৰে এৰিব নোৱাৰিলো।”

সেয়ে ভাগ্যশ্ৰী আৰু অমৰে ৰেখাক ২২ বছৰীয়া আদিত্যলৈ যোৱা বছৰৰ জুন মাহত বিয়া দিয়ে। তেওঁ পৰিয়ালটো ৩০ কিলোমিটাৰ দূৰৰ আন এখন গাঁৱৰ, তেওঁলোকো প্ৰব্ৰজনকাৰী শ্ৰমিক। ২০২০ৰ নৱেম্বৰত কুঁহিয়াৰ কটা ঋতু আৰম্ভ হোৱাত ৰেখা আৰু আদিত্যই পশ্চিম মহাৰাষ্ট্ৰলৈ ৰাওনা হয়, ৰৈ যায় স্কুলৰ ৰেজিষ্টাৰত তাইৰ নাম।

ৰেখা আৰু তাইৰ দৰে আন বয়োঃসন্ধিকালৰ কিশোৰীক এনেদৰেই মহামাৰীৰ কাৰণে ইচ্ছাৰ বিৰুদ্ধে বিয়াত বহিবলৈ বাধ্য কৰোৱা হৈছে। ২০২১ৰ মাৰ্চত প্ৰকাশিত ক’ভিড-১৯: বাল্যবিবাহ ৰোধৰ বাটত এক ভাবুকি শীৰ্ষক ইউনিচেফৰ এক প্ৰতিবেদনত সতৰ্ক কৰি দিয়া হৈছে যে দশকটোৰ শেষলৈ অতিৰিক্তভাৱে ১ কোটি ছোৱালীৰ বাল্যবিবাহ হোৱাৰ আশংকাই দেখা দিব। স্কুল বন্ধ হৈ পৰা, বৰ্দ্ধিত দাৰিদ্ৰ্য, মাক-দেউতাকৰ মৃত্যু আৰু ক’ভিডজনিত আন কাৰণত “লাখ লাখ ছোৱালীৰ বাবে জটিল পৰিস্থিতিৰ উদ্ভৱ হৈছে” বুলি প্ৰতিবেদনখনত কোৱা হৈছে।

যোৱা ১০ টা বছৰত শিশু অৱস্থাতে বিয়া হোৱা তৰুণ মহিলাৰ সংখ্যা ১৫ শতাংশ হ্ৰাস পাইছিল, প্ৰায় ২ কোটি ৫০ লাখ বাল্যবিবাহ ৰোধ কৰা হৈছিল, ইউনিচেফৰ প্ৰতিবেদনখনত কোৱা হৈছে। মহামাৰীয়ে এই প্ৰগতিত বাধাৰ সৃষ্টি কৰি আহিছে, আনকি মহাৰাষ্ট্ৰতো।

Activists and the police intercepting a child marriage in Beed
PHOTO • Courtesy: Tatwashil Kamble and Ashok Tangde

সমাজকৰ্মী আৰু আৰক্ষীয়ে মিলি বীড়ত এখন বাল্যবিবাহ প্ৰতিৰোধ কৰা মুহূৰ্তত

মহাৰাষ্ট্ৰ চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগে ৰাজ্যখনত ২০২০ৰ এপ্ৰিলৰ পৰা ২০২১ৰ জুনলৈ ৭৮০ খন বাল্যবিবাহ প্ৰতিৰোধ কৰিছে। তাংড়ে আৰু কাম্বলেৰ মতে এইখিনি সীমিত পৰিমাণৰ তথ্যহে

২০১৫ আৰু ২০২০ৰ মাজৰ সময়ছোৱাত মহাৰাষ্ট্ৰত মহিলাৰ মাজত বাল্যবিবাহৰ হাৰ ৪ শতাংশ কমিছিল। ২০১৫-১৬ৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা ( ৰা.প.স্বা.স.-৪ )ত প্ৰাপ্ত তথ্য মতে ২০ৰ পৰা ২৪ বছৰ বয়সৰ প্ৰায় ২৬ শতাংশ মহিলাৰ বিয়াৰ বহাৰ বাবে ন্যূনতম আইনী বয়স ১৮ বছৰ নৌহওঁতেই বিয়া দিয়া হৈছিল। এই অনুপাত ২০১৯-২০ৰ সমীক্ষাৰ সময়ত ( ৰা.প.স্বা.স.-৫ ) ২২ শতাংশ আছিল। একে সময়তে ২৫ৰ পৰা ২৯ বছৰ বয়সৰ পুৰুষৰ কেৱল ১০.৫ শতাংশই বিয়া পতাৰ আইনী বয়স ২১ বছৰ নৌহওঁতেই বিয়াত বহিছিল।

যাহওঁক, যদিওবা অতিমাৰীৰ সময়ত বাল্যবিবাহ আৰু কিশোৰীৰ বিবাহৰ ঘটনা বাঢ়িছে, তথাপি ৰাজ্য চৰকাৰে সেয়া প্ৰতিৰোধ কৰাৰ কোনোধৰণৰ সক্ৰিয় পদক্ষেপ লোৱা নাই। বীড়ৰ ৩৪ বছৰ বয়সীয়া তত্বশীল কাম্বলেয়ে কয়, যেতিয়া শিশু আৰু যুৱচামৰ কথা আহি পৰে, চৰকাৰে অনলাইন পাঠদানৰ ওপৰত গুৰুত্ব দি আহিছে, যিটোৰ সুবিধা স্মাৰ্টফোন আৰু ইণ্টাৰনেটৰ ভাল সংযোগ থকা অভিভাৱকৰ ল’ৰা-ছোৱালীয়েহে পায়।

মহাৰাষ্ট্ৰৰ গ্ৰামাঞ্চলৰ কেৱল ১৮.৫ শতাংশ পৰিয়ালৰ ইণ্টাৰনেটৰ সুবিধা আছে, ২০১৭-১৮ৰ ৰাষ্ট্ৰীয় নমুনা সমীক্ষাৰ এক প্ৰতিবেদনত কোৱা হৈছে। গ্ৰামীণ মহাৰাষ্ট্ৰৰ প্ৰায় ১৭ শতাংশ পুৰুষৰ (৫ বছৰ আৰু তাৰে উৰ্দ্ধ) “ইণ্টাৰনেট ব্যৱহাৰৰ সক্ষমতা” আছে বুলি প্ৰতিবেদনখনত কোৱা হৈছে, কিন্তু মহিলাৰ ক্ষেত্ৰত এই হাৰ ১১ শতাংশ।

ইণ্টাৰনেটৰ সুবিধা নথকা প্ৰায়ভাগ শিশুৱে প্ৰান্তীয় সম্প্ৰদায়ৰ য’ত দাৰিদ্ৰ্য আৰু সম্পদৰ অভাৱে ছোৱালীক অপৈণত অৱস্থাতে বিয়াত বহাৰ বাবে বাধ্য কৰাই আহিছে। তাতে আকৌ স্কুল বন্ধ হোৱাটোৱে পৰিস্থিতি অধিক প্ৰতিকূল কৰি তুলিছে, যিটো বীড় জিলাত স্পষ্ট হৈ পৰিছে।

বীড়ত ২০ৰ পৰা ২৪ বছৰ বয়সৰ প্ৰায় ৪৪ শতাংশ মহিলাই কয় যে ২০১৯-২০ত তেওঁলোকৰ বয়স ১৮ বছৰ নৌহওঁতেই বিয়া দিয়া হৈছিল (ৰা.প.স্বা.স.-৫)। ইয়াৰ ঘাই কাৰণ হৈছে জিলাখনত পৰা খৰাং আৰু কৃষি সংকটৰ পৰিপ্ৰেক্ষিতত প্ৰব্ৰজন কৰি পোৱা কাম, বিশেষকৈ ঋতুগত কাম যেনে কুঁহিয়াৰ কটা কামৰ ওপৰত তেওঁলোকৰ নিৰ্ভৰশীলতা।

কুঁহিয়াৰ কটা কামত ঠিকাদাৰে দম্পত্তি বিচাৰে যাতে কামটোৰ সম্পূৰ্ণ চক্ৰটো চলি থাকে, এজনে কুঁহিয়াৰ কাটে আৰু আনজনে সেয়া বান্ধি ট্ৰেক্টৰত বোজাই কৰিব পাৰে। দম্পত্তিহালক এটা গোট বুলি ধৰা হয় আৰু সেইমতে পইচাও উমৈহতীয়াকৈ পৰিশোধ কৰা হয়, সম্পৰ্ক নথকা কৰ্মী ৰাখিলে হ’ব পৰা কাজিয়াও এনেকৈ ঠিকাদাৰে এৰাই চলিব পাৰে। বিয়া হোৱাৰ পিছত ছোৱালী এজনীয়ে গিৰীয়েকৰ লগত গৈ উপাৰ্জন কৰিব পাৰে। অভিভাৱকে ভাবে যে এনেদৰে ছোৱালীজনী গিৰীয়েকৰ লগত সুৰক্ষিত হৈ থাকিব আৰু লগতে তেওঁলোকৰ ওপৰত থকা আৰ্থিক বোজাও লাঘৱ হ’ব।

ঘৰত সন্তান থকা অভিভাৱকে অতিমাৰীৰ ফলত আৰ্থিকভাৱে কোঙা হৈ পৰাৰ সময়ত সন্তানৰ প্ৰতি দুই ধৰণৰ আচৰণ দৰ্শাইছে, তত্বশীলে কাম্বলেয়ে কয়। “ল’ৰা হ’লে তাক শিশুশ্ৰমিক হ’বলৈ বাধ্য কৰোৱা হৈছে। ছোৱালী হ’লে বাল্যবিবাহ।” শিশুৰ যত্ন আৰু সুৰক্ষাৰ পৰিনিয়ত নিকায় শিশু কল্যাণ সমিতিৰ সদস্য কাম্বলেয়ে বীড়ত ভালেমান বাল্যবিবাহ ৰোধ কৰিছে।

Girls as young as 12 are being married off by their parents to ease the family's financial burden
PHOTO • Labani Jangi

ছোৱালীৰ বয়স ১২ মান হওঁতেই পৰিয়ালে আৰ্থিক সকাহ পাবলৈ বুলি বিয়া দি দিয়ে

অশোক তাংড়েৰ লগতে বীড় তালুকত বাল্যবিবাহ আৰু শিশুশ্ৰমিক ৰোধ কৰিবলৈ গঠিত শিশু সুৰক্ষা সমিতিৰ এগৰাকী সদস্য কাম্বলেয়ে ২০২০ৰ মাৰ্চৰ ক’ভিড-১৯ প্ৰাদূৰ্ভাৱৰ দিন ধৰি এতিয়ালৈ ১০০ খনৰো অধিক বাল্যবিবাহ প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছে। “সিমানখিনি আমি ধৰা পেলাব পাৰিছো,” ৫৩ বছৰ বয়সীয়া তাংড়েয়ে কয়। “সুৰুঙাৰে কিমানখন সৰকি গ’ল আমি নাজানো।”

অতিমাৰীৰ কাৰণে মানুহৰ ক্ৰয়ক্ষমতা কমি যোৱাটোৱেও বাল্যবিবাহত ইন্ধন যোগাছে। “দৰাৰ ঘৰে বেছিকৈ যৌতুকৰ বাবে জোৰ নকৰা হৈছে,” তাংড়েয়ে কয়। বিয়া পতাটো সস্তা হৈ পৰিছে, তেওঁ যোগ দিয়ে। “আপুনি নিকট আত্মীয়ৰেই বিয়াখন সামৰিব পাৰে, বেছি মানুহৰ সমাগমৰ যিহেতু অনুমতি নাই।”

আনহাতে অতিমাৰীৰ ফলত মৃত্যুক লৈ ভয়ো বাঢ়িছে, মাক-দেউতাকে ভাৱে যে তেওঁলোক ঢুকাই থাকিলে জীয়াৰীহঁতক কোনে চাব। “এনেদৰেই বাল্যবিবাহো বাঢ়িছে। কিছুমানক আনকি ১২ বছৰমান বয়সতে বিয়া দি দিয়া হয়,” তাংড়েয়ে কয়।

মহাৰাষ্ট্ৰ চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগে ৰাজ্যখনত ২০২০ৰ এপ্ৰিলৰ পৰা ২০২১ৰ জুনলৈ ৭৮০ খন বাল্যবিবাহ প্ৰতিৰোধ কৰিছে। তাংড়ে আৰু কাম্বলেৰ মতে এইখিনি সীমিত পৰিমাণৰ তথ্যহে। বীড় জিলাত চৰকাৰী হিচাপ মতে প্ৰতিৰোধ কৰা বাল্যবিবাহৰ সংখ্যা মুঠেই ৪০ খন, কিন্তু তাংড়ে আৰু কাম্বলেয়ে নিজে প্ৰতিৰোধ কৰা বাল্যবিবাহৰ সংখ্যা তাতোকৈ বহুত বেছি।

অৱশ্যে চৰকাৰৰ সীমিত পৰিমাণৰ তথ্যইও অতিমাৰীৰ সময়ত বাল্যবিবাহ আৰু কিশোৰীৰ বিবাহৰ উদ্বেগজনক তথ্য দাঙি ধৰিছে। ২০১৯ৰ জানুৱাৰীৰ পৰা ২০১৯ৰ ছেপ্টেম্বৰলৈ, চৰকাৰী তথ্য মতে ১৮৭ বাল্যবিবাহ মহাৰাষ্ট্ৰত প্ৰতিৰোধ কৰা হৈছিল। ইয়ে ক’ভিড-১৯ প্ৰাদূৰ্ভাৱৰ পিছৰ পৰ্য্যায়ত বাল্যবিবাহৰ মাহিলী গড় হাৰ ১৫০ শতাংশৰো অধিক বৃদ্ধি হোৱা দৰ্শাইছে।

কাম্বলে আৰু টাংড়েয়ে বাল্যবিবাহ ৰোধ কৰিবলৈ খবৰ দিওঁতাৰ ওপৰত নিৰ্ভৰ কৰে। “আশাকৰ্মী নাইবা গ্ৰাম সেৱকে আমাক খবৰ দিয়ে,” কাম্বলেয়ে কয়। “কিন্তু একেখন গাঁৱতে থাকে কাৰণে তেওঁলোকে ভয়ো খায়। বিয়াঘৰৰ মানুহে যদি কিবাকৈ গম পায়, তেওঁলোকে খবৰ দিওঁতাজনৰ ক্ষতি কৰিব পাৰে।”

Left: A file photo of Tatwashil Kamble with a few homeless children. Right: Kamble and Ashok Tangde (right) at a Pardhi colony in Beed after distributing ration kits
PHOTO • Courtesy: Tatwashil Kamble and Ashok Tangde
Left: A file photo of Tatwashil Kamble with a few homeless children. Right: Kamble and Ashok Tangde (right) at a Pardhi colony in Beed after distributing ration kits
PHOTO • Courtesy: Tatwashil Kamble and Ashok Tangde

বাওঁফালেঃ গৃহহীন কেইটামান শিশুৰ সৈতে তত্বশীল কাম্বলেৰ এখন ফাইল ফটো। সোঁফালেঃ বীড়ৰ পাৰ্দ্ধি কলনি এটাত সাহায্য সামগ্ৰী বিলোৱাৰ পিছত কাম্বলে আৰু অশোক তাংড়ে (সোঁফালে)

গাঁৱৰ বিৰোধী ফৈদবোৰৰো বিশেষ ভূমিকা থাকে। “কেতিয়াবা এটা ফৈদৰ লোকে আনটো ফৈদৰ তথ্য ফাদিল কৰে। আকৌ কেতিয়াবা বিয়া হ’বলগীয়া ছোৱালীজনীক ভালপোৱা ল’ৰাজনে আমাক খবৰ দিয়ে।”

বাল্যবিবাহ ৰোধ কৰাৰ বাবে প্ৰথম ঢাপটোৱে হৈছে খবৰ পোৱাটো। পৰিয়ালৰ লোকে বিভিন্ন উপায়ে আমাক বাধা দিবলৈ চায়, কেতিয়াবা ৰাজনৈতিক প্ৰভাৱ খটুৱায়ো চেষ্টা কৰে। “আমাক ভাবুকি দিয়ে আৰু আক্ৰমণো কৰে,” কাম্বলেয়ে কয়। “মানুহে আমাক উপঢৌকন দিবলৈ চেষ্টা কৰিছে। কিন্তু আমি সদায়ে আৰক্ষীক খবৰ দিও। কিছুমানে ততালিকে আত্মসমৰ্পন কৰে। আন কিছুমানে যুঁজ-বাগৰ নকৰাকৈ হাৰ নামানে।”

২০২০ৰ অক্টোবৰক কাম্বলে আৰু তাংড়েয়ে ১৬ বছৰীয়া স্মিতাৰ বিয়াৰ এদিন আগত খবৰ পাইছিল। সেইদিনা তেওঁলোকে বীড় চহৰৰ পৰা ৫০ কিলোমিটাৰ দূৰৰ বিয়াঘৰত উপস্থিত হৈছিলো, বিয়াখন আৰম্ভ হোৱা আগতে। কিন্তু তাইৰ দেউতাক ভিত্থালে বিয়াখন বন্ধ কৰাব নোখোজে। “তেওঁ চিঞৰিলে, ‘তাই মোৰ জীয়াৰী, তাইৰ সৈতে মই যি বিচাৰো সেয়ে হ’ব,’” টাংড়েয়ে কয়। “কি চলি আছে সেয়া বুজিবলৈ তেওঁক অলপ সময় লাগিল। আমি তেওঁক থানালৈ লৈ গ’লো আৰু তেওঁৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিলো।”

স্মিতা এজনী মেধাৱী ছোৱালী, তাইৰ খুৰাক কিশোৰে কয়। “কিন্তু তাইৰ মাক-দেউতাকে সেই কথা নুবুজি তাইক স্কুললৈ যাবলৈ দিয়া নাছিল। অতিমাৰীৰ সময়ত তেওঁলোকে দুবেলা দুসাজৰ কাৰণে সংগ্ৰাম কৰিবলগীয়া হৈছিল।”

ছোৱালীজনীক পুনৰাই বিয়াত বহুওৱাৰ বাবে যাতে পৰিয়ালৰ লোকে যোজা নকৰে, সেয়া নিশ্চিত কৰাটো কাম্বলে আৰু টাংড়েৰ কাৰণে খুবেই প্ৰত্যাহ্বানমূলক কাম হৈ পৰে। “কোনো ছোৱালী যদি স্কুললৈ আহিবলৈ এৰি বিয়াত বহিবলৈ লৈছে, তেতিয়া আমাক শিক্ষকে খবৰ দিছিল, তাৰপিছত আমি সেই সূত্ৰৰ পম খেদি সেই গাওঁ ওলাইছিলো। কিন্তু স্কুলবোৰ বন্ধ হৈ থকাত সেই বাটো নাইকিয়া হ’ল।”

ভিত্থালে প্ৰতি দুমাহৰ মুৰে মুৰে আৰক্ষী থানাত গৈ ৰিপ’ৰ্ট কৰিব লাগে। “আমি তেওঁক বিশ্বাসত ল’ব নোৱাৰিলো,” তাংড়েয়ে কয়, কিয়নো অপৈণত বয়সতে আকৌ তাইক বিয়া দিয়াৰ বাবে তেওঁ চেষ্টা কৰাবও পাৰে।

Left: Ashok Tangde and Tatwashil Kamble (right) with a retired migrant worker (centre). Right: Kamble talking to students about child marriage
PHOTO • Courtesy: Tatwashil Kamble and Ashok Tangde
Left: Ashok Tangde and Tatwashil Kamble (right) with a retired migrant worker (centre). Right: Kamble talking to students about child marriage
PHOTO • Courtesy: Tatwashil Kamble and Ashok Tangde

বাওঁফালেঃ এগৰাকী অৱসৰ লোৱা প্ৰব্ৰজনকাৰী কৰ্মী (সোঁমাজত)ৰ সৈতে অশোক তাংড়ে আৰু তত্বশীল কাম্বলে (সোঁফালে)। সোঁফালেঃ কাম্বলেয়ে বাল্যবিবাহ সম্পৰ্কে ছাত্ৰ-ছাত্ৰীৰ সৈতে কথা পাতিছে

স্মিতাই তাইৰ বিয়া ৰখোৱাৰ পিছত তিনিমাহৰ বাবে খুৰাক কিশোৰৰ ঘৰত থাকিবলৈ লৈছিল। তাই সেইখনি সময়ত অস্বাভাৱিক ধৰণে মৌন হৈ ৰৈছিল, তাইৰ খুৰাকে কয়। “তাই বেছি কথা কোৱা নাছিল আৰু নিজৰ মাজতে ব্যস্ত আছিল। তাই নিজৰ কাম কৰিছিল, বাতৰি কাকত পঢ়িছিল আৰু আমাক ঘৰুৱা কামত সহায় কৰি দিছিল। তাই কেতিয়াও ইমান সোনকালে বিয়া হোৱাৰ কথাটো ভাল পোৱা নাছিল।”

প্ৰসূতিৰ মৃত্যুৰ ওপৰত বাল্যবিবাহৰ প্ৰভাৱকে ধৰি বাল্যবিবাহৰ কুপ্ৰভাৱৰ বিষয়ে মহিলাৰ স্বাস্থ্যবিষয়ক অধ্যয়নসমূহে লিপিবদ্ধ কৰি আহিছে। শিশুৰ অধিকাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় আয়োগে ২০১১ৰ লোকপিয়লৰ ওপৰত নিৰ্ভৰ কৰি প্ৰস্তুত কৰা ভাৰতত বাল্যবিবাহৰ এক পৰিসাংখ্যিক বিশ্লেষণ শীৰ্ষক এক প্ৰতিবেদনত কোৱা হৈছে যে ১০ৰ পৰা ১৪ বছৰ বয়সৰ ছোৱালীৰ ক্ষেত্ৰত গৰ্ভধাৰণ আৰু সন্তান জন্ম দিয়াৰ সময়ত মৃত্যুৰ সম্ভাৱনা ২০ৰ পৰা ২৪ বছৰ বয়সৰ মহিলাতকৈ পাঁচগুণ বেছি। আকৌ গৰ্ভাৱস্থাৰ সময়ত বা তাৰ আগতে যদি মাতৃয়ে পুষ্টিহীনতাত ভূগি আছিল, তেন্তে শিশুটোও পুষ্টিহীনতাত ভোগে।

ৰেখাৰ ক্ষেত্ৰত শাৰীৰিক দুৰ্বলতা, পুষ্টিহীনতাৰ লক্ষণ দেখিয়ে তাইৰ শাহুৱেকে তাইক মাকৰ ঘৰলৈ পঠিয়াই দিছিল। “২০২১ৰ জানুৱাৰীত তাই গিৰীয়েকৰ তালৈ যোৱাৰ দুই কি তিনিমাহমানৰ পিছতে তাই ঘৰলৈ উভতি আহে,” ভাগ্যশ্ৰীয়ে কয়।

কুঁহিয়াৰ কটা আৰু ২৫ কিলোগ্ৰামৰো অধিক ওজন মূৰত কঢ়িয়াই নিয়া ৰেখাৰ বাবে তেনেই কষ্টসাধ্য কাম আছিল, তাতে তাইৰ ওজন প্ৰয়োজনতকৈ কমি আছিল। “তাই হাড়ভঙা শ্ৰম কৰিব নোৱাৰিলে। ফলত তাইৰ গিৰীয়েকৰ উপাৰ্জনৰ ওপৰত প্ৰভাৱ পৰিল,” ভাগ্যশ্ৰীয়ে কয়। “সেয়ে তাইৰ শাহুৱেকহঁতে বিয়াখন ভাঙি তাই ঘৰলৈ পঠিয়াই দিলে।”

ৰেখাই ঘুৰি আহি কিছুদিন ঘৰতে কটালে। “কিন্তু বিয়া হোৱাৰ কেইমাহমান পিছত যদি ছোৱালী ঘৰলৈ উভতি আহে, মানুহে প্ৰশ্ন কৰিবলৈ লয়। সেয়ে বেছিভাগ সময় তাই খুৰীয়েক এগৰাকীৰ সৈতে থাকিবলৈ লৈছে,” তাইৰ মাকে কয়।

কুঁহিয়াৰ কটা দিন পৰিছে। ভাগ্যশ্ৰী আৰু অমৰে প্ৰব্ৰজনৰ বাবে সাজু হৈছে। ৰেখাৰ ভৱিষ্যত আকৌ এবাৰ পৰিকল্পনাৰ দিশে আগবাঢ়িছে। পাৰ্থক্য ইমানেই যে এইবাৰ ৰেখাই বাধা দিয়া নাই, তাই পুনৰাই বিয়াৰ বাবে সন্মতি দিছে।

গোপনীয়তা ৰক্ষাৰ্থে শিশু আৰু তেওঁলোকৰ সম্পৰ্কীয়ৰ নাম সলনি কৰা হৈছে।

এই প্ৰতিবেদন পুলিটজাৰ চেণ্টাৰ সমৰ্থিত ধাৰাবাহিকৰ এক অংশ।

অনুবাদ: পংকজ দাস

Parth M.N.

Parth M.N. is a 2017 PARI Fellow and an independent journalist reporting for various news websites. He loves cricket and travelling.

Other stories by Parth M.N.
Illustrations : Labani Jangi

Labani Jangi is a 2020 PARI Fellow, and a self-taught painter based in West Bengal's Nadia district. She is working towards a PhD on labour migrations at the Centre for Studies in Social Sciences, Kolkata.

Other stories by Labani Jangi
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das