যেতিয়া ভানৱাৰি দেৱীৰ ১৩ বছৰীয়া জীয়ৰীজনীক বাজৰা পথাৰত উচ্চ জাতৰ যুৱক এজনে ধৰ্ষণ কৰিছিল, তাই হাতত লাঠি এডাল লৈ ধৰ্ষণকাৰীৰ পিছ লৈছিল। আৰক্ষী কিম্বা আদালতৰ ওপৰত তাইৰ বিশ্বাস নাছিল। ছলে-বলে-কৌশলেৰে আহিৰৰ স্থান বুলি জনা ৰামপুৰৰ প্ৰতিপত্তিশীল উচ্চ জাতৰ লোকে তাই যাতে কোনোধৰণৰ অভিযোগ দাখিলৰ কৰিব নোৱাৰে তাৰ বাবে হেঙাৰ হৈ উঠিছিল। গাঁৱৰ জাত পঞ্চায়তে মোক ন্যায় দিয়াম বুলি কথা দিছিল, তাই কয়। কিন্তু তাৰ পৰিৱৰ্তে সিহতে মোক পৰিয়াল সহিতে ৰামপুৰা গাঁৱৰ পৰা খেদিহে পঠালে। এতিয়া এটা দশক পাৰ হ'বৰ হ'ল। আজমেৰ জিলাৰ এই ৰামপুৰা গাঁৱত কোনোৱে শাস্তি পোৱা নাই। 

এয়া অৱশ্যে ৰাজস্থানৰ খুৱ এটা ডাঙৰ কথা নহয়। এই ৰাজ্যত ৬০ ঘণ্টাত গঢ়ে এগৰাকী দলিত মহিলাৰ ধৰ্ষণ হয়। 

অনুসূচীত জাতি আৰু অনুসূচিত জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ প্ৰতিবেদনৰ তথ্যমতে ১৯৯১ ৰপৰা ১৯৯৬ লৈ প্ৰায় ৯০০ ৰো অধিক এচচি মহিলাৰ ওপৰত যৌন অত্যাচাৰৰ গোচৰ আৰক্ষীৰ হাতত আছে। অৰ্থাত এবছৰত ১৫০ টা অৰ্থাত প্ৰত্যেক ৬০ ঘণ্টাত এটাকৈ এনে ঘটনা হয়। (ৰাষ্ট্ৰপতিৰ শাসনৰ মাহকেইটা বাদ দি বাকীখিনি সময় ভাৰতীয় জনতা দলেই সামগ্ৰিকভাৱে এই ৰাজ্যখনৰ বাঘজৰী সেই সময়চোৱাত হাতত ৰাখিছিল।) এনে অৱস্থাত এইধৰণৰ অপৰাধজনিত কাণ্ডৰ প্ৰতিবেদন কমকৈ প্ৰকাশ হোৱাটো দেশৰ ভিতৰতে পুতৌলগা। 

ধলপুৰ জিলাৰ নাকচোড়াত নাটকীয় আতিশায্যৰ বলি হোৱা এগৰাকী ভুক্তভোগীয়ে গাঁও এৰি যাবলৈ বাধ্য হৈছে। ১৯৯৮ চনৰ এপ্ৰিল মাহত ৰামেশ্বৰ জাটভ নামৰ দলিত সম্প্ৰদায়ৰ লোকজনে উচ্চ জাতৰ গুজ্জৰ সম্প্ৰদায়ৰ লোকক ধাৰে দিয়া ১৫০ টকা ঘুৰাই বিচাৰে। এই কথাটোৱে জগৰ লগালে। তেঁওৰ হুঁটা কথা সহিব নোৱাৰি গুজ্জৰ সম্প্ৰদায়ৰ লোকৰ দল এটাই আহি তেওঁৰ নাক ফুটা কৰি মৰাপাটৰ ১ মিটাৰ দীঘল আৰু ২ মি.মি. ডাঠ ৰছীৰ নাকী পিন্ধাই দিয়ে। তাৰ পিছত তেঁওক গোটেই গাঁওখনত ৰছীডালত ধৰি ঘুৰাই লৈ ফুৰে।          

ঘটনাটোৱে সংবাদমাধ্যমৰ শিৰোনাম দখল কৰিলে আৰু দেশজুৰী প্ৰতিবাদৰ ঢৌ উঠিল। বিদেশতো সংবাদ পত্ৰ আৰু টিভিত ইয়াক লৈ চৰ্চা হ'ল। কিন্তু সেই প্ৰচাৰে ন্যায় সুনিশ্চিত কৰাত অৰিহণা নোযোগালে। গাঁওখনত বিৰাজ কৰা সন্ত্ৰাসৰ পৰিৱেশ আৰু যুযুত্সু আমোলাকেন্দ্ৰীক শক্তিয়ে পাত এখিলাও লৰচৰ হ'বলৈ নিদিলে। চাঞ্চল্য মাৰ যোৱাৰ লগে লগে সংবাদমাধ্যমৰো ঘটনাটোত আগ্ৰহ কমিল। একেই গতি ললে মানৱধিকাৰ গোটসমূহেও। ভুক্তভোগীয়ে সংবাদমাধ্যমৰ প্ৰতিবেদনৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ মুখামুখি নিজেই হ'বলগীয়া হ'ল। ৰামেশ্বৰে তেঁওৰ ভাষ্য সম্পূৰ্ণৰূপে সলাই পেলালে। তেঁও ক'লে যে আতিশায্যৰ বলি তেঁও হৈছিল ঠিকেই, কিন্তু তেঁও অভিযোগপত্ৰত সন্নিবিষ্ট কৰা লোককেইজনে সেয়া কৰা নাই। তেঁও দোষীক চিনাক্ত কৰিব নোৱাৰিলে। 

ৰামেশ্বৰৰ আঘাতৰ বিৱৰণি বিতংকৈ লিপিবদ্ধ কৰা জ্যেষ্ঠ চিকিত্সা বিষয়াজনেও বিস্মৃতিৰ অজুহাত দাখিল কৰে। হয়, ৰামেশ্বৰে ক্ষত-বিক্ষত দেহেৰে তেঁওৰ ওচৰলৈ আহিছিল ঠিকেই, কিন্তু সেই অস্বাভাৱিক আঘাত কেনেকৈ পাইছিল, সেইবিষয়ে ভুক্তভোগীয়ে কৈছিল নে নাই সেই কথা তেঁওৰ মনত নাই বুলি বিষয়াজনে কয়।

Mangi Lai Jatav and his wife in Naksoda village in Dholupur district. A man and a woman standing outside a hut
PHOTO • P. Sainath

নাকচোড়া গাঁও, ইযাতেই মৰাপাটৰ ৰছী নাকত পিন্ধাই জাটভক পেৰেড কৰোৱা হৈছিল, সেই গাঁৱৰ নিজঘৰত ৰামেশ্বৰ জাটভৰ পিতৃ-মাতৃ 

ৰামেশ্বৰৰ পিতৃ তথা গোচৰটোৰ সাক্ষী মাংগি লালৰ খং উঠিছিল। আমি কি কৰাটো তোমালোকে বিচৰা? নাকচোড়া গাঁৱত তেঁও মোক খঙেৰে সুধিলে। ইয়াতে আমি সন্ত্ৰাসৰ পৰিৱেশত থাকো। চৰকাৰী পক্ষও আমাৰ বিৰুদ্ধে। গুজ্জৰসকলে আমাক যিকোনো সময়তে নিঃশেষ কৰি পেলাব পাৰে। বিভিন্ন প্ৰতিপত্তিশীল লোককে ধৰি আৰক্ষীও আমাৰ বিৰুদ্ধে লাগি থকা সেইসকলৰ পক্ষত আছিল। এনেদৰে ৰামেশ্বৰে ঘৰ এৰিবলগী হ'ল। মাংগি লালে তেঁওৰ পৰিয়ালৰ তিনিবিঘা মাটিৰ এবিঘা মাটি বিক্ৰী কৰি ন্যায়িক যুঁজ দি আহিছে।

বিশ্বৰ বাবে এয়া আছিল এক বৰ্বৰ কাণ্ড। ৰাজস্থানত ই 'অইন ভাৰতীয় দণ্ডবিধি আইন' ('Other IPC')ৰ অধীনত থকা হাজাৰ হাজাৰ গোচৰৰ মাজত সোমাল। অৰ্থাত হত্যা, ধৰ্ষণ, জুই লগাই দিয়া বা যন্ত্ৰণাদায়ক শাৰিৰীক কষ্ট দিয়া আদি গোচৰৰ বাহিৰত। ১৯৯১ চনৰ পৰা ৯৬ চনৰ ভিতৰত এনে গোচৰ প্ৰতি চাৰিঘণ্টাৰ মুৰে মুৰে এটাকৈ পঞ্জীয়ন কৰা হৈছিল।

ভৰতপুৰ জিলাৰ সাইনথ্ৰিত যোৱা সাত বছৰে বিয়া-সবাহ হোৱা নাই। বিশেষকৈ পুৰুষসকলৰ। এনে হ'বলৈ পালে ১৯৯২ চনৰ জুন মাহৰ এটা ঘটনাৰ পিছত, যেতিয়া উচ্চ জাতৰ দল এটাই সাইনথ্ৰি গাঁৱত অত্যাচাৰ চলাইছিল। ছজনকৈ লোকক হত্যা কৰা হৈছিল আৰু ভালেমান ঘৰ লণ্ড-ভণ্ড কৰা হৈছিল। শুকান গোবৰ আৰু খৰি থোৱা বিত্তোৰা ঘৰত দলিত লোক লুকাই থকা বুলি জানি-বুজি কিছুমানক সেই বিত্তোৰাঘৰসহ তেঁওলোকক জীৱন্তে জলাই দিছিল।

A pile of dung cakes
PHOTO • P. Sainath
A pile of dung cakes
PHOTO • P. Sainath

সাইনথ্ৰি গাঁৱত এনেকুৱাই এটা খৰি-শুকান গোবৰ থোৱা বিত্তোৰা ঘৰ উচ্চ জাতৰ দল এটাই জ্বলাই দিছিল য'ত ছজনকৈ লোকৰ মৃ্ত্যু হৈছিল


সাইনথ্ৰীৰ ছোৱালী গাঁও এৰাৰ পিছতহে বিয়া হ'ব পাৰে, কিন্তু পুৰুষে ঘৰ এৰিব নোৱাৰে। ভাগৱন দেৱীয়ে কয়। কিছুমানে বিয়া পাতিবলৈ গাঁও এৰি গৈছে। আচলতে মানুহে এইখন গাঁৱলৈ জীয়ৰী বিয়া দিব নোখোজে। সিহতে জানে যে আমাক পুনৰাই আক্ৰমণ কৰিলে আৰক্ষী কিম্বা আদালত কোনেও সহায় নকৰে। ভাগৱন দেৱীয়ে জনায়। 

ভাগৱন দেৱীৰ সন্দেহী মনটোৰ ভিত্তি অমূলক নহয়। হত্যাৰ সাত বছৰ পিছতো ঘটনাটোৰ অভিযোগনামাই দাখিল কৰা হোৱা নাই। 

সেয়াও একো ডাঙৰ কথা নহয়। প্ৰত্যেক দিনমানৰ মুৰে মুৰে একোজনকৈ দলিতক এই ৰাজ্যখনত হত্যা কৰা হয়। 

সেই বিত্তোৰা অগ্নিকাণ্ডৰপৰা কথমপি প্ৰাণৰক্ষা পৰা একেখন গাঁৱৰে তান সিঙৰ জীৱনো একেই। (প্ৰচ্ছদ ফটো চাওক)। চিকিত্সাৰ তথ্য মতে তেঁওৰ দেহৰ ৩৫ শতাংশ সেই অগ্নিকাণ্ডত জ্বলিছিল। তেঁওৰ কাণ প্ৰায় পুৰি নাইকিয়া হৈ গৈছিল। তেঁও ভাতৃ মৃতকসকলৰ মাজৰ এজন আছিল হেতুকে অকণমান ক্ষতিপুৰণ পাইছিল। কিন্তু সেয়া চিকিত্সাৰ নামতে শেষ হৈছিল। চিকিত্সাৰ খৰছ বহন কৰিবলৈ মই মোৰ সৰু মাটিটুকুৰা বিক্ৰী কৰিবলগীয়া হৈছিল, বিধ্বস্ত যুৱক তান সিঙে কয়। জয়পুৰলৈ ভালেকেইবাৰ যাবলগীয়া হোৱা তান সিঙৰ যাতায়তৰ বাবে এবাৰত কেবাশ টকা প্ৰয়োজন হয়।  

তান সিং এতিয়া এক পৰিসংখ্যাহে। এই ৰাজ্যখনত প্ৰত্যেক ৬৫ ঘণ্টাত এজনকৈ দলিত শাৰিৰীক অত্যাচাৰৰ সমুখীন হয়।

টংক গাঁৱৰ ৰাহোলি গাঁৱত স্থানীয় শিক্ষকৰ উচটনিত দলিতৰ ওপৰত স্থানীয় লোকৰ দ্বাৰা হোৱা আক্ৰমণৰ সময়ত ভালেমান ঘৰত জুই লগাই দিয়া হৈছিল। ক্ষতিগ্ৰস্ত হোৱাত দুখ পাইছিলো, অঞ্জু ফুলৱাৰিয়াই কয়। দলিত সম্প্ৰদায়ৰ অঞ্জুক গাঁও পঞ্চায়তৰ সভাপতি হিচাপে নিৰ্বাচন কৰা হৈছিল। কিন্তু মিছা অভিযোগ আনি মোক নিলম্বিত কৰা হৈছিল, তেঁও কয়। সেই অন্যায়-অত্যাচাৰৰ বাবে কাকো শাস্তি নিদিয়া কথাটোত তেঁও আচৰিত হোৱা নাছিল। 

গঢ়ে প্ৰত্যেক পাঁচদিনৰ মুৰে মুৰে ৰাজস্থানত দলিতৰ একোটাকৈ ঘৰ বা সা-সম্পত্তি জুই লগাই দিয়া হয়।  প্ৰত্যেকটো কাণ্ডত দোষীৰ শাস্তি হোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ। 

ৰাজস্থানৰ চৰকাৰৰ সচিৱ প্ৰধান মিঠাসুৰীয়া অৰুণ কুমাৰে দলিতৰ বিৰুদ্ধাচৰণৰ সংৰচিত পক্ষপাতিত্বৰ ধাৰণা মানি নলয়। তেঁওৰ মতে এনে ঘটনাৰ সংখ্যা নজৰত পৰাটোৱে দৰাচলতে ৰাজ্য চৰকাৰে এনে ঘটনা পঞ্জীয়ন কৰাত দিয়া গুৰুত্বহে বুজায়। এইখন এনে ৰাজ্য য'ত অভিযোগ পঞ্জীয়ন নকৰাৰ কোনো অভিযোগ নাই। আমি এই কামক লৈ অত্যন্ত ক্ৰিয়াশীল আৰু এনে গোচৰৰ সংখ্যা বাঢ়িছে সেয়ে অপৰাধজনিত পৰিসংখ্যাও বাঢ়িছে। অৰুণ কুমাৰে বাখ্যা কৰি কয়। তেঁওৰ মতে ৰাজস্থানত শাস্তি বিহাৰ হাৰ দেশৰ বাকী ৰাজ্যকেইখনতকৈ ভাল। 

Anju Phulwaria, the persecuted sarpanch
PHOTO • P. Sainath

অঞ্জু ফুলৱাৰিয়া ৰাহোলিৰ দলিত গাঁও পঞ্চায়তৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল, কিন্তু ভুৱা অভিযোগ আনি তেঁওক নিলম্বিত কৰা হৈছিল, তেঁও কয় 

পৰিসংখ্যাই কি কয়? জনতা দলৰ প্ৰাক্তন সাংসদ থান সিং ৯০ ৰ দশকত দলিতৰ সৈতে সংঘটিত অপৰাধজনিত কাণ্ডৰ তদন্তৰ সমিতিৰ সদস্য আছিল। জয়পুৰৰ নিজা বাসগৃহত তেঁও মোক ক'লে যে দোষীৰ শাস্তিৰ হাৰ তিনি শতাংশ আছিল। 

ধোলপুৰ জিলাত মই আদালতলৈ গৈ তাতোকৈ কম পৰিসংখ্যা পাইছিলো। ১৯৯৬ ৰপৰা ১৯৯৮ৰ ভিতৰত ৩৫৯ টা এনে গোচৰ দাখিল কৰা হৈছিল। তাৰে কিছুমান অইন আদালতলৈ স্থানান্তৰ কৰা হৈছিল অথবা বিচাৰাধীন হৈ আছিল। তাতে দণ্ড বিহাৰ হাৰ ২.৫ শতাংশ আছিল। 

ধোলপুৰৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই মোক ক'লে, মোৰ এটা কথাই বেয়া লাগে যে আদালতবোৰ ভালেমান ভুৱা গোচৰেৰে ভাৰাক্ৰান্ত হৈ পৰিছে। বিষয়াগৰাকীৰ মতে এচচি/এচটি অভিযোগৰ প্ৰায় ৫০ শতাংশ অভিযোগেই ভিত্তিহীন, এনে গোচৰে মানুহক অনাহক হাৰাশাস্তি কৰি আহিছে। 

উচ্চ জাতৰ আৰক্ষী বিষয়াৰ সৰহভাগৰে অভিমত তেঁওৰ সৈতে একেই। (এগৰাকী জ্যেষ্ঠ চৰকাৰী বিষয়াক "চাৰংগ-ৰাজপুত পুলিচ" বুলি তাতে কোৱা হয়)। চাৰংগ আৰু ৰাজপুত- ৯০ৰ দশকলৈকে এই দুই প্ৰতিপত্তিশীল জাতে প্ৰভাৱ বিস্তাৰ কৰি আহিছে)। 

সৰ্বসাধাৰণ মানুহ, বিশেষকৈ দৰিদ্ৰ আৰু দুৰ্বল চাম মিছলীয়া বুলি ধাৰণা এটা আৰক্ষীৰ মনত দঁকৈ সোমাই পৰিছে। সকলো সম্প্ৰদায়ৰ মাজত হোৱা ধৰ্ষণৰ কাণ্ডকেই ধৰা যাওক। মুঠ গোচৰৰ পাঁচ শতাংশমানৰ অনুসন্ধান চলাৰ পিছতে গঢ়ে প্ৰায়ভাগ গোচৰে ভুৱা বুলি ধৰি লোৱা হয়। ৰাজস্থানত গঢ়ে প্ৰায় ২৭ শতাংশ ধৰ্ষণকাণ্ডকে 'ভুৱা' বুলি ঘোষণা কৰা হয়।

ইয়াৰ অৰ্থ এনেকুৱা হ'ব যে ৰাজ্যখনৰ মহিলাই দেশৰ অইন ৰাজ্যকেইখনতকৈ মিছা কোৱাৰ প্ৰৱণতা পাঁচ গুণ বেছি। সঠিক বাখ্যাটো এনেকুৱা হ'ব যে আমাৰ সামাজিক ব্যৱস্থাটোতে মহিলাৰ প্ৰতি এক বুজন পক্ষপাতিত্ব সোমাই আছে। 'ভুৱা ধৰ্ষণ'ৰ তথ্যত সকলো সম্প্ৰদায়ৰে লোকৰ কথা আছে। কিন্তু এক বিশদ সমীক্ষাৰ পৰা এয়া নিশ্চিত হ'ব পাৰি যে দলিত আৰু আদিবাসীয়ে সেই পক্ষপাতিত্বৰ আটাইতকৈ বেছি ভুক্তভোগী। সহজকৈ ক'বলৈ হ'লে তেঁওলোকে সমুখীন হোৱা অত্যাচাৰৰ পৰিমাণ অইন সম্প্ৰদায়তকৈ অনেক গুণ বেছি। 

ৰাজস্থানৰ য'তেই গৈছো তাতেই এটা কথা মোক নিশ্চিত কৰি দিয়া হৈছে যে দলিতসকলে আইন, বিশেষকৈ এচচি আৰু এচটি (অত্যাচাৰ প্ৰতিৰোধ) আইন, ১৯৮৯ খনৰ বহুলাংশে অপব্যৱহাৰ কৰি আহিছে। আইনখনৰ ৩ নং দফা য'ত দলিত আৰু আদিবাসীৰ বিৰুদ্ধে জাতিগত অপৰাধৰ ফলত পাঁচ বছৰলৈকে কাৰাবাসৰ লগতে জৰিমনা ভৰিবলগীয়া হয়, সেই দফাটোৰ কথাত বিশেষভাৱে জোৰ দিয়া হৈছে। 

বাস্তৱতঃ মই তেনে এটাও গোচৰ নাপালো য'ত দোষীক গুৰুতৰ শাস্তি প্ৰদান কৰা হৈছে। 

ধোলপুৰতে এনে গোচৰৰ ৰায়দান হিচাপে সাধাৰণতে দিয়া শাস্তিয়ে দোষীক অপৰাধ নকৰিবলৈ উত্সাহিত নকৰিব যেনেই লাগে। এমাহৰ সাধাৰণ জেল অথবা ১০০ অথবা ২০০ বা ৫০০ টকাৰ জৰিমনাৰেই গোচৰ নিষ্পত্তি কৰা হৈছে। আটাইতকৈ গুৰুতৰ শাস্তি হিচাপে মই দেখিলো ছমাহৰ সাধাৰণ কাৰাবাস। এটা গোচৰত দোষী সাব্যস্ত হোৱাজনক জামিন দিয়াৰ লগতে 'প্ৰবেছনো' দিয়া হৈছে। প্ৰবেছনৰ ধাৰণাটো এনেকুৱা যে এইজন প্ৰতিবেদকে এনে গোচৰত ক'তো এনে প্ৰবেচনৰ কথা শুনা নাই।    

ধোলপুৰৰ ঘটনাটো একেবাৰে আচুতীয়া ঘটনা নহয়। টংক জিলা সদৰত থকা এচচি/এচটিৰ বিশেষ আদালতত দোষী সাব্যস্ত কৰাৰ হাৰ আছিল মাত্ৰ দুই শতাংশ। 

সংখ্যাবোৰেই বহু কথা কয়। তাতে আকৌ দলিতে আদালতলৈ ন্যায় পাবৰ বাবে যাওতে ঢাপে ঢাপে আগবঢ়াৰ কষ্ট, বাধা-বিঘিনি, প্ৰক্ৰিয়া আৰু বিপৰ্যয় আদি আছেই। সেয়া আন এটা কাহিনী হ'ব। 

দুটা অংশত বিভক্ত এই প্ৰতিবেদন মূলতঃ দা হিন্দুত ১৯৯৯ ৰ জুন মাহত প্ৰকাশিত হৈছিল। এমনেষ্টি ইণ্টাৰনেছনেল গ্লোবেল এৱাৰ্ডৰ মানৱধিকাৰ সংক্ৰান্ত সাংবাদিকতাৰ শিতানত আৰম্ভণি বৰ্ষ ২০০০ চনৰ শ্ৰেষ্ঠ প্ৰতিবেদন হিচাপে এই প্ৰতিবেদনখন সন্মানিত হৈছিল।

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

পি সাইনাথ পিপল’ছ আৰ্কাইভেল অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক সম্পাদক।‘এভ্ৰিবডী লাভছ আ গুড ড্ৰট’ ৰ লেখক সাইনাথে কেবাদশক ধৰি গ্ৰাম্য সাংবাদিকতা কৰি আহিছে।তেখেতৰ

Other stories by P. Sainath