লল্লন পাছোৱানে যেতিয়া প্ৰথম হাতেৰে টনা ৰিক্সা চলোৱাৰ চেষ্টা কৰিছিল, আন ৰিক্সাচালকে যাত্ৰীৰ নিচিনাকৈ ৰিক্সাত বহি তেওঁক ৰিক্সা চলোৱাৰ অভ্যাস কৰিবলৈ সহায় কৰিছিল। “মই যেতিয়া ৰিক্সাৰ আগফালে থকা হেণ্ডেলত ধৰি প্ৰথমবাৰৰ বাবে দাঙিবলৈ চেষ্টা কৰিছিলো আৰু টানি নিবলৈ ধৰিছিলো, মই পৰা নাছিলো। হাতেৰে ৰিক্সা টনাৰ অভ্যাস কৰিবলৈ মোৰ দুই-তিনিদিন সময়ৰ প্ৰয়োজন হৈছিল,” লল্লনে কয়।

ডিঙিত ওলোমাই থোৱা গামোছাৰে মুখৰ ঘাম মচি ৰিক্সাৰ সমতা ৰাখিবলৈ কেনেকৈ শিকিলে আৰু এইখন উলটি গৈ নপৰিব বুলি নিশ্চিত হোৱা সম্পৰ্কে তেওঁ আমাক জনালে। “আপুনি যদি আগফালে থকা হেণ্ডেলডালত যাত্ৰী বহা ঠাইৰ পৰা যিমান আগলৈ ধৰিব পাৰে, ৰিক্সাখন কেতিয়াও চিৎ খাই নপৰিব,” তেওঁ কয়। ৰিক্সাখনৰ সমতা ৰাখিবলৈ তেওঁৰ প্ৰথমতে ঘাম বাহিৰ হৈ গৈছিল, কিন্তু এতিয়া, তেওঁ কয়, “এতিয়া মোৰ ভয় নালাগে। দুজন বা তিনিজন যাত্ৰী উঠাই মই সহজে টানি লৈ যাব পাৰো, যদি ৩য় জন শিশু হয়।”

প্ৰথম ৰিক্সা টানিবলৈ শিকাৰ পৰা ১৫ বছৰ অতিক্ৰম হ’ল। তেওঁ যেতিয়া ৰিক্সা টনাৰ প্ৰথম পাঠ শিকিছিল, তেতিয়া বিহাৰৰ পূৱ চম্পাৰণ জিলাৰ ৰঘূনাথপূৰ গাঁৱৰ পৰা চহৰলৈ লল্লন পাছোৱান প্ৰথমবাৰৰ বাবে আহিছিল। তেওঁ নৱমমান শ্ৰেণীলৈকে অধ্যয়ন কৰিছিল আৰু সময় পালে পৰিয়ালৰ ১ বিঘা মাটিৰ খেতি পথাৰত কাম কৰিছিল। ঘেঁহু আৰু ধানৰ খেতি কৰা হৈছিল। কিন্তু খেতিৰ পৰা বেছি উপাৰ্জন নহয় আৰু পাছোৱানে কাম বিচাৰি কলকাতালৈ আহে।

প্ৰথম কেইবামাহ কাৰ্য্যালয়ৰ কাম বিচাৰি তেওঁ ঘূৰি ফুৰিছিল। “যেতিয়া মই কাম নাপালো, তেতিয়া মোৰ গাঁৱৰ পৰা আহি কলকাতাত ৰিক্সা চলোৱা কেইজনমান লোকে মোক হাতেৰে টনা ৰিক্সা চলাবলৈ ক’লে,” তেওঁ কয়।

প্ৰায় ৪০ বছৰ বয়সীয়া লল্লন পাছোৱানে বৰ্তমান দক্ষিণ কলকাতাৰ কৰ্নফিল্ড ৰোড আৰু একদালিয়া ৰোডৰ মাজত ৰিক্সা চলায়। ইয়াৰ ৰিক্সা আস্থানৰ কমেও ৩০ জন ৰিক্সাচালকে নিজৰ ৰিক্সা লৈ ইয়াত ৰৈ থাকে। মাৰ্চ মাহত ঘোষণা কৰা ক’ভিড-১৯ লকডাউনৰ বাবে তেওঁলোকৰ একাংশ লোক বিহাৰৰ নিজৰ গাঁৱলৈ ঘূৰি আহিল। পাছোৱানে কয়, “ক’ৰনাৰ কাৰণে ৰিক্সা চলোৱা কাম ভালকৈ কৰিব পৰা নাই। ইয়াত সিহঁতে কি কৰিব? সেয়ে ঘৰলৈ গ’ল।”

লল্লনে গাঁৱত থকা তেওঁৰ ঘৰটো পকী কৰিবলৈ মহাজনৰ পৰা এক লাখ টকাৰ ঋণ লৈছিল। সেয়ে তেওঁ  কলকাতাত ৰৈ গ’ল। তেওঁ যদি ঘূৰি যায়, তেন্তে মহাজনে পাছোৱানৰ টকা ঘূৰাই দিবলৈ দাবী কৰিব, কিন্তু বৰ্তমান সময়ত সেয়া সম্ভৱ নহয়।

'I can easily pull the rickshaw with two passengers, even three, if the third is a child,' says Lallan, who came to Kolkata from Bihar 15 years ago
PHOTO • Puja Bhattacharjee
'I can easily pull the rickshaw with two passengers, even three, if the third is a child,' says Lallan, who came to Kolkata from Bihar 15 years ago
PHOTO • Puja Bhattacharjee

‘এতিয়া মই দুজনক ৰিক্সাত আৰামত টানিব পাৰো, আনকি তিনিজনকো, যদিহে তৃতীয়জন শিশু হয়,’ ১৫ বছৰ আগতে বিহাৰৰ পৰা কলকাতালৈ অহা লল্লনে কয়

মহামাৰীৰ আগতে লল্লনে পুৱা ৬ বজাত কাম আৰম্ভ কৰিছিল আৰু নিশা ১০ বজাত বন্ধ কৰিছিল। তেওঁ দৈনিক ২০০ৰ পৰা ৩০০ টকা উপাৰ্জন কৰিছিল। গোলপাৰ্ক, গৰিয়াহাট আৰু বালিগঞ্জৰ দৰে ওচৰৰ ঠাইলৈ মানুহ কঢ়িয়াইছিল - ৰিক্সা আস্থানৰ পৰা এই ঠাইবোৰৰ দূৰত্ব ৫ কিলোমিটাৰ ভিতৰত হ’ব।

এক কিলোমিটাৰ পথ অতিক্ৰম কৰিবলৈ পাছোৱানক ১৫ মিনিট সময় লাগে - ৰিক্সা আৰু যাত্ৰীৰ ওজন মিলি কমেও ১৫০ কিলোগ্ৰাম ওজন তেওঁ টানিব লাগে। “মই সদায় ৰিক্সা চলোৱা পথৰ পৰিৱৰ্তে যদি বেছি দূৰলৈ এজন যাত্ৰীক নিব লগা হয়, তেন্তে সেই যাত্ৰীজনক থৈ অহাৰ পিছত মোৰ ভৰি আৰু বাহু বিষাবলৈ ধৰে, মোৰ ভাগৰ লাগে,” তেওঁ কয়।

যাত্ৰীৰ সংখ্যা আৰু দূৰত্বৰ ওপৰত নিৰ্ভৰ কৰি লকডাউনৰ আগতে তেওঁ প্ৰতিবাৰত ৩০ টকাৰ পৰা ৫০ টকা লৈছিল। “কেইমাহমান মই ৮০০০ টকাকৈ আৰু আন কেইমাহমান মই মাহে ১০,০০০ টকাকৈ উপাৰ্জন কৰিছিলো,” তেওঁ কয়। এই উপাৰ্জনৰ পৰা প্ৰতি সপ্তাহতে ৰিক্সাৰ মালিকক ২০০ টকা দিব লাগে, ২০০০ টকা নিজৰ খোৱা-বোৱাৰ বাবে লাগে আৰু বাকীখিনি টকা পৰিয়ালৰ বাবে ঘৰলৈ পঠিয়াব লাগে।

লকডাউনৰ সময়খিনিত তেওঁ জমা ধন আৰু কেতিয়াবা পোৱা ভাড়াৰ ওপৰত নিৰ্ভৰ কৰি চলিবলগা হ’ল আৰু ৱাৰ্ডৰ সদস্যৰ পৰা পোৱা ৰেচনৰ ওপৰত নিৰ্ভৰ কৰিব লগা চলিল। আন স্বেচ্ছাসেৱী সংগঠনেও ৰেচন দিছিল। লকডাউনৰ প্ৰথম পৰ্য্যায়ত খুলি দিয়াৰ পৰা এনে ধৰণৰ ৰেচন দিয়া বন্ধ হৈ পৰিল।

লকডাউনৰ আগতে পাছোৱানে বৰষুণ দিলেও ৰিক্সা উলিয়াই আনিছিল। প্লাষ্টিক এখনেৰে নিজক ঢাকি লৈছিল। বৰ্তমান এয়া বিপজ্জনক হৈ পৰিছে। “বৰষুণ দিলে মই ৰিক্সাত বহি থাকো। সেই সময়ত যাত্ৰী পালেও নাযাও। বৰষুণত তিতিলে যদি জ্বৰ হয়, তেন্তে মানুহে ক’ৰনা হৈছে বুলি ক’ব। আগতে প্ৰায়ে মোৰ জ্বৰ হৈছিল। তেতিয়াৰ পৰিস্থিতি সুকীয়া আছিল। এতিয়া যদি মই জ্বৰৰ বাবে চিকিৎসা বিচাৰি যাও, মোক ক’ৰনাৰ পৰীক্ষা কৰিবলৈ ক’ব। সেই কাৰণে আমি (ৰিক্সাচালকবোৰে) বৰষুণত তিতিবলৈ ভয় কৰো।”

যোৱা ২০ মে’ত আমফান ঘূৰ্ণীয়ে কলকাতাত সৃষ্টি কৰা বিভীষিকাৰ কথা সুঁৱৰি পাছোৱানে কয়, “সেই ঘূৰ্ণীবতাহ বিৰাট ডাঙৰ আছিল।” আবেলি তিনি বজাতে তেওঁ ৰিক্সা আস্থানৰ পৰা নিজৰ থকা কোঠালৈ গৈছিল, সাধাৰণতে আন দিনতকৈ বহু আগেয়ে আহিছিল। “কোঠাৰ ভিতৰৰ পৰা গছ বাগৰি পৰাৰ ভয়ানক শব্দ শুনিছিলো।” ৰিক্সা আস্থানৰ পৰা প্ৰায় ১.৫ কি.মি. দূৰত থকা এক বস্তিত তেওঁ থাকে আৰু বিহাৰ পূৱ চম্পাৰণ জিলাৰ আন আঠজন ৰিক্সাচালকৰ সৈতে একেলগে এটা কোঠা ভাড়ালৈ লৈছিল।

Paswan operates from a rickshaw stand in South Kolkata along with around 30 others, many of whom returned to their villages during the lockdown
PHOTO • Puja Bhattacharjee
Paswan operates from a rickshaw stand in South Kolkata along with around 30 others, many of whom returned to their villages during the lockdown
PHOTO • Puja Bhattacharjee

চাউথ কলকাতাৰ ৰিক্সা আস্থান এটাৰ পৰা পাছোৱানে আন ৩০ জন ৰিক্সাচালকৰ সৈতে লগ লাগি ৰিক্সা চলায় , লকডাউনৰ সময়ত তাৰে সৰহভাগেই ঘৰলৈ উভতি গৈছিল

ঘূৰ্ণীবতাহ শেষ হোৱাৰ পিছত তেওঁ পিছদিনা দুপৰীয়া ৰিক্সা আস্থানলৈ আহে। “মই ২/৪ জন যাত্ৰী পালো। দুই-এজনে তালিগঞ্জ আৰু শিয়ালদহৰ দৰে দূৰলৈ যাব বিচাৰিছিল। সেই কাৰণে মই তেওঁলোকৰ পৰা ৫০০ টকা ভাড়া বিচাৰিছিলো,” তেওঁ কয়।

“এতিয়া লকডাউন নাই, গতিকে বেছি দূৰলৈ যোৱা যাত্ৰীও নাপাও। আনকি ওচৰলৈ যোৱা মানুহৰ সংখ্যাও বেছি নহয়। আজি মই মাত্ৰ দুবাৰ যাত্ৰী কঢ়িয়াইছো,” তেওঁ কয়। “এবাৰ ৩০ টকা পালো আৰু পিছৰবাৰ ৪০ টকা পালো। মানুহে ৰিক্সাত উঠিব নিবিচাৰে। ক’ৰনা ভাইৰাছে পাব বুলি মানুহে ভয় কৰে। বহুতো মানুহে ঘৰৰ পৰা ওলাবলৈও শংকাবোধ কৰে।”

লল্লনৰ অধিকাংশ যাত্ৰী আছিল ওচৰৰ বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰী। “এতিয়া সকলো শিক্ষানুষ্ঠান বন্ধ। লকডাউন আৰম্ভ হোৱাৰ কাৰণে ৰিক্সাৰ মালিকে সাপ্তাহিক ভাড়া ৫০ টকালৈ কমাই দিছে। কিন্তু মই এতিয়াও বেছি পইচা পোৱা নাই,” তেওঁ কয়। কোনো এটা সময়ত যাত্ৰীয়ে নিম্নতম ভাড়া দিব বিচাৰিলেও পাছোৱানে সহজে মানি ল’বলগীয়া হৈ পৰে। “আন কিনো উপায় আছে?” তেওঁ প্ৰশ্ন কৰে।

শিক্ষানুষ্ঠানবিলাক যেতিয়া খোলা আছিল আৰু সেই সময়বোৰত ৰাস্তাত যান-বাহনৰ ভিৰ বৰ বেছি আছিল, পাছোৱানে কয়। “আৰক্ষীয়ে আমাক ৰিক্সা টনাত বাধা দিছিল। মাজে-সময়ে আৰক্ষীয়ে ‘প্ৰৱেশ নিষেধ’ বুলি লিখি থৈছিল। সেয়ে আমি পিছফালৰ খালি পথেৰে গৈছিলো।” ইমান বাধা স্বত্ত্বেও পাছোৱানে ভৰিৰে চলোৱা চাইকেল ৰিক্সাতকৈ হাতেৰে টনা ৰিক্সা বেছি ভাল পায়। “আৰক্ষীয়ে আমাকো ধৰে, কিন্তু বেছি ধৰিব নোৱাৰে,” তেওঁ হাঁহি মাৰি কয়।

কলকাতাৰ হাতেৰে টনা ৰিক্সাবিলাক নিষিদ্ধ কৰিবলৈ পশ্চিমবংগ চৰকাৰে বহু বছৰ ধৰি চেষ্টা কৰি আহিছে, কলকাতা চহৰৰ বহুতো ঘটনা আৰু কাহিনী জড়িত হৈ থকা ই এক প্ৰতীক। ২০০৬ চনত পশ্চিমবংগ ৰাজ্য চৰকাৰে এই ৰিক্সাবিলাক নিষিদ্ধ কৰিবলৈ কলকাতা হেকনী কেৰিয়েজ (সংশোধন) বিধেয়কৰ প্ৰস্তাৱ আগবঢ়াইছিল। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি প্ৰস্তাৱিত বিধেয়কখনক প্ৰত্যাহ্বান জনোৱা হৈছিল, আৰু কলকাতা উচ্চ ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰিছিল। তথাপিও কলকাতা কৰ্তৃপক্ষই ২০০৫ চনৰ পৰা কোনো নতুন অনুজ্ঞাপত্ৰ ইচ্ছ্যু কৰা নাই - নতুন প্ৰতিবেদনত কোৱা হৈছে।

PHOTO • Puja Bhattacharjee

এক কিলোমিটাৰ দূৰত্ব ৰিক্সা চলাবলৈ পাছোৱানক ১৫ মিনিট সময় লাগে , তেনেকৈ তেওঁ ৰিক্সা আৰু তাতে উঠা যাত্ৰী মিলাই ২০০ কিলোগ্ৰাম ওজন টানি নিয়ে

হাতেৰে টনা পুৰণি ৰিক্সা এতিয়াও চলি আছে। তেওঁলোকৰ মুঠ সংখ্যাক লৈ খেলিমেলি আছে। নিখিল বংগ ৰিক্সা ইউনিয়নৰ সাধাৰণ সম্পাদক মুখটাৰ আলিয়ে কয় যে ২০০৫ৰ জৰীপে (এই প্ৰতিবেদকক কোৱা মতে) অনুসৰি কলকাতাত ৫,৯৩৫ খন হাতেৰে টনা ৰিক্সা আছে। ২০১৫ৰ সংবাদ প্ৰতিবেদনত পৰিবহন বিভাগৰ মুখ্য সচিবৰ ভাষ্য উল্লেখ কৰি কোৱা হয় যে এনে ৰিক্সাৰ সংখ্যা প্ৰায় ২০০০ খন। তেওঁলোক সকলোৰে অনুজ্ঞাপত্ৰ নাই।

পশ্চিমবংগত লকডাউন শিথিল কৰি দিয়াৰ ৬ মাহৰ পিছত বৰ্তমান লল্লন পাছোৱানে দিনে ১০০-১৫০ টকা উপাৰ্জন কৰিব পাৰিছে। পুৱাবেলা তেওঁ প্ৰায়ে বালিগঞ্জ ষ্টেছনত ৰৈ থাকে, তাত সহজে যাত্ৰী পোৱা যায়। তেওঁ ক্ৰমাৎ অলপ টকা জমা কৰিবলৈ আৰম্ভ কৰিছে (টকাখিনি বিহাৰৰ এজন পানৱালাৰ হাতত ৰাখে) আৰু পৰিয়ালৰ বাবে ঘৰলৈ পঠিয়ায়।

প্ৰতি তিনি বা পাঁচ মাহৰ মূৰে মূৰে পাছোৱানে বিহাৰৰ গাঁৱৰ ঘৰলৈ যায় আৰু পিতৃ-মাতৃ তথা পত্নীৰ সৈতে পথাৰত খেতিৰ কাম কৰে। “আমাৰ পৰিয়ালে সাধাৰণতে আমাৰ নিজৰ পথাৰত খেতি কৰা ধান আৰু ঘেঁহু খায়। যদি অলপ ৰাহি হয়, তেন্তে ৫ কুইণ্টল, কেতিয়াবা ১০ কুইণ্টলো বিক্ৰী কৰো। এই বছৰ (২০২০ৰ জুলাইত) বানপানীয়ে খেতি বুৰাই পেলালে। ঘৰৰ খেতিৰ বস্তু নিজে খাবলৈ নোহোৱা হ’ল, বিক্ৰীতে বাদেই,” তেওঁ কয়।

এই বছৰৰ ফেব্ৰুৱাৰীৰ পৰা তেওঁ ৰঘুনাথপুৰ গাঁৱলৈ যোৱা নাই, তেওঁৰ সাত বছৰীয়া কাজল আৰু চাৰি বছৰীয়া কৰিশ্মা, দুই জীয়াৰীয়ে ১০ মাহ ধৰি তেওঁক চাব বিচাৰি আছে। “মোৰ দুই সন্তানে মই কেতিয়া আহিম সুধি আছে, মই দেৱালী (নৱেম্বৰ)ৰ সময়ত যাম বুলি সিহঁতক কৈছো,” তেওঁ কয়। মহাজনক দিবলগীয়া ধন বাকী থকাৰ বাবে তেওঁ গাঁৱলৈ যাব পৰা নাই।

আন ৰিক্সাচালকৰ সৈতে তেওঁ আস্থানত ৰৈ থাকে, কেতিয়াবা তাচ খেলে বা ৰিক্সাত শুই থাকে। “মোৰ ভৱিষ্যতৰ ক্ষেত্ৰত এই কামৰ কোনো মূল্য নাই, কিন্তু মোৰ সন্তানৰ বাবে যেতিয়ালৈকে পাৰো, মই এই কাম কৰি যাম,” তেওঁ কয়।

অনুবাদ: পংকজ দাস

Puja Bhattacharjee

Puja Bhattacharjee is a freelance journalist based in Kolkata. She reports on politics, public policy, health, science, art and culture.

Other stories by Puja Bhattacharjee
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das