পাঞ্জাৱত মাণ্ডি ব্যৱস্থাটো বৰ বিশাল। ১৫২ খন মূল মাণ্ডি, তাৰ লগতে ২৭৯ খন উপ-মাণ্ডি আৰু ১,৩৮৯ টা ক্ৰয়কেন্দ্ৰৰে ই এক বিস্তৃত নেটৱৰ্ক (২০১৯-২০ৰ তথ্য)। জছৱিন্দৰ সিঙৰ কাৰণে এই মাণ্ডিয়ে সুৰক্ষা কবচ হিচাপে কাম কৰে। এই মাণ্ডি ব্যৱস্থা থকা কাৰণে কৃষকে নিজকে বিপদমুক্ত বুলি অনুভৱ কৰে, চাংগ্ৰুৰ জিলাৰ লংগৱাল চহৰত ১৭ একৰ মাটিত খেতি কৰা পৰিয়ালৰ ৪২ বছৰ বয়সীয়া জছৱিন্দৰে কয়। “বিনা দ্বিধাই মই মোৰ ফচলখিনি মাণ্ডিলৈ লৈ যাব পাৰো, জানো যে তাৰ মই মূল্য পাম। মই সেই ব্যৱস্থাটো জানো আৰু প্ৰাপ্যখিনি পাম বুলি নিশ্চিত।”

মাণ্ডিৰ মূল চৌহদবোৰ অতিকৈ বিশাল (ফটোত দেখুওৱা সুনমৰ মাণ্ডিৰ দৰে)। খেতিয়কে ফচল আনি মজুত কৰিব পৰাকৈ তাত বিভিন্ন নিৰ্ধাৰিত স্থান আবণ্টিত কৰা থাকে। সাধাৰণতে আৰ্হাটিয়া (কমিচন এজেণ্টবোৰ) ৰ দোকানৰ আগত তেনে স্থান নিৰ্ধাৰিত কৰি থোৱা থাকে। মূল মাণ্ডিত ঠাই কম হ’লে তাৰে আশে-পাশে উপ-মাণ্ডি সাজু কৰা হয়। ক্ৰয়কেন্দ্ৰবোৰক ক্ষুদ্ৰ মাণ্ডি বুলি ক’ব পাৰি। সেইবোৰ সাধাৰণতে গাঁৱত (ফটোত থকা চেৰন মাণ্ডিৰ উদাহৰণ লওঁক) থাকে। এনেদৰেই সৰু-বৰ মিলি পাঞ্জাৱৰ বিশাল কৃষিপণ্য বিপণন নিগম (এপিএমচি) নেটৱৰ্ক গঢ় লৈ উঠিছে।

“শস্যখিনি বিক্ৰী হোৱাৰ পাছত আৰ্হাটিয়াজনে মোক জে-ফৰ্ম এখন দিয়ে আৰু পইচা নোপোৱালৈকে সেইখনে পাওনা নিশ্চিত কৰে,” জছৱিন্দৰে কয়। “আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে কিবা কাৰণত যদি মোৰ পাওনাখিনিৰ কিবা হৰণ-ভগনো হয়, যিহেতু এয়া চৰকাৰী ব্যৱস্থা, সেয়ে মোক আইনে সুৰক্ষা দিব আৰু ই এক ডাঙৰ ভৰসা,” তেওঁ কয় (পাঞ্জাৱ কৃষিপণ্য বিপণন আইন, ১৯৬১ৰ প্ৰসংগত)।

এপিএমচি নেটৱৰ্কে এটা কথা নিশ্চিত কৰে যাতে ব্যক্তিগত ব্যৱসায়ী বা চৰকাৰী সংস্থা যেনে ভাৰতীয় খাদ্য নিগম (পাঞ্জাৱ ৰাজ্যিক সমবায় যোগান আৰু বিপণন ফেডাৰেচন লিমিটেড), যিয়ে ৰাজ্য চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত এমএচপিত ঘাইকৈ ধান আৰু ঘেঁহু ক্ৰয় কৰে, সেই সংস্থাবোৰে এক নিয়ন্ত্ৰিত প্ৰক্ৰিয়াৰ মাজেৰে শস্য আহৰণ কৰে। খাদ্যশস্য পাঞ্জাৱৰ কোনো এটা মাণ্ডিত অহাৰ লগে লগে এফচিআই বা মাৰ্কফেডৰ বিষয়াই নিৰ্দিষ্ট মাপকাঠি যেনে খাদ্যশস্যত থকা আৰ্দ্ৰতা আদি অনুসাৰে তাৰ গুণগত মান পৰীক্ষা কৰে। তাৰপাছত খাদ্যশস্যখিনি নিলাম কৰি মজুত কৰা হয়। এই সমগ্ৰ প্ৰক্ৰিয়াটোত গুৰুত্বপূৰ্ণ সংযোগসূত্ৰ হিচাপে কাম কৰে আৰ্হাটিয়াসকলে।

সহজে ঢুকি পাব পৰা আৰু ভৰসা কৰিব পৰা বিধৰ হোৱাটোৱে এই ব্যৱস্থাটোৰ ভাল কথা, পাটিয়ালা জিলাৰ পাটৰাণ টেহচিলৰ দুগাল কালান গাঁৱৰ ৩২ বছৰ বয়য়ীসা অমনদ্বীপ কৌৰে কয়। “মোৰ কাৰণে আটাইতকৈ সুবিধাজনক কথাটো হৈছে মই পোনে পোনে গাঁৱৰ মাণ্ডিটোলৈ (ক্ৰয়কেন্দ্ৰলৈ) মোৰ ফচলখিনি লৈ যাব পাৰো। এয়া মোৰ বাবে সুবিধাজনক হোৱাৰ লগতে নিশ্চিতও হওঁ যে মই কিমান টকা পাম (এমএচপি হিচাপত)। ৰাজ্যখনত কুঁহিয়াৰৰ খেতিত কি হৈছে দেখিছেই।”

PHOTO • Novita Singh with drone operator Ladi Bawa

এখন কম্বাইনে ট্ৰেক্টৰ এখনত ঘেঁহু আনলোড কৰিছে, সেইখনে শস্যখিনি চাংগ্ৰুৰ জিলাৰ সুনম মাণ্ডিলৈ লৈ যাব। দিনটোত কেবাবাৰো এই কাম কৰা হয়। শস্য চপোৱা কাম বৈশাখীত মানে এপ্ৰিলৰ মাজভাগত আৰম্ভ হয় আৰু আগন্তুক দহদিনলৈ দিনে-ৰাতি চলে

অমনদ্বীপৰ পৰিয়ালটোৱে ২২ একৰ মাটিত খেতি কৰে। তাৰে ছয় একৰ নিজামাটি আৰু বাকীখিনি লীজত লৈ কৰে। “আমিও আৰ্হাটিয়াৰ ওপৰতে ভৰসা কৰি চলো,” তেওঁ কয়। “এই ধৰক বৰষুণ দিলে আমাৰ শস্যখিনি তিতি গ’লে আমি সেইখিনি নুশুকুৱালৈ মাণ্ডিত আৰ্হাটিয়াৰ জিম্মাত ১৫ দিনলৈ ৰাখিব পাৰো, আৰু সেইখিনি যে বিক্ৰী হ’ব সেই লৈও নিশ্চিত হৈ থাকিব পাৰো।”

“এবাৰ শস্যখিনি বিক্ৰী কৰাৰ পাছত প্ৰায় ছমাহৰ মুৰত পাওনাখিনি হাতত পৰে, কিন্তু আৰ্হাটিয়াই আমাক সেই টকাখিনি অহালৈ চলিব পৰাকৈ সহায় কৰে,” তিনি একৰ মাটিত ঘেঁহু আৰু ধানখেতি কৰা চাংগ্ৰুৰ টেহচিল (আৰু জিলা)ৰ মংগৱাল গাঁৱৰ ২৭ বছৰ বয়সীয়া জগজীৱন সিঙে কয়। “আৰু মাণ্ডিত বেছি নহ’লেও মোৰ খেতিৰ নামত ব্যয় হোৱাখিনি যে ঘূৰাই পাম সেই লৈ মই নিশ্চিত।”

যাহওঁক, কৃষিপণ্য ব্যৱসায় আৰু বাণিজ্য (উত্তৰণ আৰু সুচলকৰণ) আইন, ২০২০ য়ে মধ্যভোগীক আঁতৰাই খেতিয়কে নিজেই তেওঁৰ পণ্য পোনপটীয়াকৈ ক্ৰেতাৰ ওচৰত বিক্ৰী কৰিব পৰাৰ ব্যৱস্থা কৰিব। ইয়ে এপিএমচি দশকজোৰা পাঞ্জাৱৰ মাণ্ডিৰ সমগ্ৰ গাঁথনিটোত আঘাত হানিব। তাৰ লগতে আৰ্হাটিয়া আৰু তাৰে যোগসূত্ৰবোৰো দুৰ্বল কৰি তুলিব, যিটো ব্যৱস্থা ১৯৬০ৰ দশকৰ মাজভাগত সেউজ বিপ্লৱৰ দিনৰে পৰাই গঢ়ি তোলা হৈছিল।

দিল্লী সীমান্তত প্ৰতিবাদৰত কৃষকে এই আইনখনৰ বিৰোধিতা কৰিছে, তেওঁলোকে দশকজোৰা এই ব্যৱস্থাটোৰ ভেঁটি ভাঙি পেলাব বুলি শংকিত হৈ পৰিছে। তাৰোপৰি তেওঁলোকে কৃষকৰ (সবলীকৰণ আৰু সুৰক্ষা) মূল্যৰ নিশ্চিতিৰ চুক্তি আৰু কৃষি সেৱা আইন, ২০২০ আৰু অত্যাৱশ্যকীয় পণ্য (সংশোধন) আইন, ২০২০ - এই দুখন আইনৰো বিৰোধিতা কৰে। তেওঁলোকে এই তিনিওখন আইন প্ৰত্যাহাৰৰ দাবী জনাই আহিছে। এই আইনকেইখন অধ্যাদেশ হিচাপে যোৱাবছৰ ৫ জুনত জাৰি কৰা হৈছিল আৰু ১৪ ছেপ্টেম্বৰত সংসদত কৃষি বিধেয়ক হিচাপে উত্থাপিত কৰা হয় আৰু ততাতয়াকৈ সেই মাহৰে ২০ তাৰিখে আইন হিচাপে গৃহীত কৰা হয়।

এই প্ৰতিবাদ ২০২০ৰ ২৬ মাৰ্চত আৰম্ভ হয়, পাঞ্জাৱত তাতোকৈ আগতে আৰম্ভ হৈছিল আৰু ছেপ্টেম্বৰ-অক্টোবৰত প্ৰতিবাদী কাৰ্য্যসূচী তীব্ৰতৰ হৈ পৰে, আগষ্টৰ মাজভাগলৈ একপ্ৰকাৰ আলোড়নৰ সৃষ্টি কৰে।

পাঞ্জাৱৰ আৰ্হাটিয়া সংস্থাই কৃষকৰ প্ৰতিবাদৰ প্ৰতি সমৰ্থন জনাই আহিছে। সংস্থাটোৰ সচিব ৰবীন্দৰ চীমাই কয় যে মাণ্ডিত কৃষকৰ হাতত বিকল্প থাকে যে কালৈ কি দামত ফচল বিক্ৰী কৰিব। “চৰকাৰী সংস্থাবোৰৰ লগতে মাণ্ডিত ব্যৱসায়ীও থাকে (ব্যক্তিগত)। সেয়ে ভাল দাম নাপালে কৃষকে বিকল্প বাচিব পাৰে। নতুন কৃষি আইনে কৃষকৰ হাতত থকা এই দৰদামৰ সুবিধা নাইকিয়া কৰি পেলাব আৰু ব্যৱসায়ীয়ে মাণ্ডিৰ বাহিৰতো শস্য বিক্ৰী কৰিব পাৰিব, তাৰমানে কৰো দিব নালাগে (এমএচপিৰ ওপৰৰ দৰত বিক্ৰী কৰিলে ব্যৱসায়ীয়ে দিবলগা কৰ)। গতিকে কোনো ব্যৱসায়ীয়ে মাণ্ডিয়ে শস্য আহৰণৰ বাবে নাহে, চীমাই কয়। “তেনেদৰেই মাণ্ডি ব্যৱস্থা লাহে লাহে এলাগী হৈ পৰিব।”

PHOTO • Novita Singh with drone operator Ladi Bawa

সেউজ বিপ্লৱৰ পাছৰে পৰা পাঞ্জাৱত ফচল কটা কামটো যান্ত্ৰিকভাৱে হ ’বলৈ ধৰে ২০১৯ -২০ বৰ্ষত ৰাজ্যখনত ১৭৬ লাখ টন ঘেঁহু উৎপাদিত হয়, সেয়া প্ৰায় ৩৫ লাখ হেক্টৰ মাটিত কৰা হৈছিল, প্ৰতি একৰ মাটিৰ পৰা গঢ়ে ২০.৩ কুইণ্টল ঘেঁহু উৎপাদিত হৈছিল

PHOTO • Aranya Raj Singh

চাংগ্ৰুৰ জিলাৰ সুনম মাণ্ডিত ২০২১ৰ এপ্ৰিলত ট্ৰেক্টৰ এখনৰ পৰা ঘেঁহু আনলোড কৰা হৈছে

PHOTO • Novita Singh with drone operator Ladi Bawa

সকলো খেতিয়কেই তেওঁলোকৰ উৎপাদিত ফচল নিলামৰ বাবে মাণ্ডিলৈ আনে ২০২১ত ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ সংস্থাই ১৩২ লাখ মেট্ৰিক টনৰ ওচৰা -উচৰি পৰিমাণৰ ঘেঁহু আহৰণ কৰিছিল (মূঠ উৎপাদনৰ ১ শতাংশতকৈও কম ব্যক্তিগত ব্যৱসায়ীয়ে ক্ৰয় কৰিছিল)

PHOTO • Aranya Raj Singh

চাংগ্ৰুৰ জিলাৰ চেৰন গাঁৱৰ ৬৮ বছৰ বয়সীয়া ৰুপ সিং - নিজৰ উৎপাদিত ফচল লৈ তেওঁ স্থানীয় মাণ্ডিলৈ আহিছে আৰু বিক্ৰী হোৱালৈকে তাতেই থাকিব, প্ৰক্ৰিয়াটোত ৩ৰ পৰা ৭ দিন পৰ্যন্ত লাগিব পাৰে

PHOTO • Aranya Raj Singh

সুনম য়াৰ্ডত মহিলা শ্ৰমিকে টিনেৰে ঘেঁহুবোৰ কলত দিছে , ঘেঁহুৰ বাকলিবোৰ তুঁহ হৈ ওলাই যাব মাণ্ডিত মহিলা শ্ৰমিক অভিন্ন অংগ


PHOTO • Aranya Raj Singh

ঘেঁহুৰ দ মত ৰৈ যোৱা তুঁহবোৰ এগৰাকী শ্ৰমিকে আঁতৰাই থকা অৱস্থাত , পিছপালে কলটোৰ কাম চলি আছে

PHOTO • Novita Singh

বিক্ৰী হোৱাৰ পাছত ঘেঁহুৰ বস্তাবোৰ চেৰন মাণ্ডিত শ্ৰমিক এজনে চিল কৰিছে আৰ্হাটিয়াই এই কামবোৰৰ বাবে শ্ৰমিক লগায়

PHOTO • Aranya Raj Singh

চেৰন মাণ্ডিত , ২০২১ৰ ১৫ এপ্ৰিলতঃ ঘেঁহুবোৰ ওজন কৰা হৈছে

PHOTO • Aranya Raj Singh

চেৰন মাণ্ডিত শ্ৰমিকৰ জিৰণিৰ বেলা ইয়াৰে প্ৰায়ভাগ শ্ৰমিকেই বিহাৰ আৰু উত্তৰ প্ৰদেশ পৰা আহে

PHOTO • Novita Singh with drone operator Ladi Bawa

সুনম মাণ্ডিত চৰকাৰী সংস্থাই ক্ৰয় কৰা ঘেঁহুৰ বস্তাবোৰৰ মাজতে শ্ৰমিক আৰু খেতিয়কসকলে জীৰাইছে

PHOTO • Aranya Raj Singh

বিক্ৰী হোৱা ঘেঁহুৰ বেগবোৰ ট্ৰাক এখনত লোড কৰা হৈছে , সেইখনে ঘেঁহুবোৰ গুদাম আৰু বজাৰলৈ লৈ যাব

PHOTO • Aranya Raj Singh

চেৰন মাণ্ডিত সন্ধিয়াৰ ভাগত শ্ৰমিকসকল ঘেঁহুৰ ফচল কটা দিনবোৰত খুব ভিৰ লাগে , গোটেই নিশা শস্যভৰ্ত্তি ট্ৰেক্টৰ লানি নিচিগে, তেওঁলোকেও দীঘলীয়া সময়ৰ বাবে কাম কৰিবলগীয়া হয়

PHOTO • Aranya Raj Singh

চেৰন মাণ্ডিত এতিয়াও বিক্ৰী হ ’বলৈ বাকী থকা ঘেঁহুৰ দ’মৰ মাজেৰে খেতিয়ক এজনে খোজ দিছে


PHOTO • Aranya Raj Singh

চেৰন মাণ্ডিত কৃষকে বহি কথাৰ মহলা মাৰিছে

PHOTO • Novita Singh

বিক্ৰী নোহোৱালৈকে নিজৰ উ পাদিত শস্যখিনি ৰখিবলৈ কৃষক এজনে আঠুৱা তৰি লৈছে

PHOTO • Aranya Raj Singh

চাংগ্ৰুৰ জিলাৰ নামোল গাঁৱৰ মহেন্দৰ সিঙে সুনমস্থিত তেওঁৰ আৰ্হাটিয়াজনৰ দোকানত বহিছে টকা ধাৰলৈ দিয়াৰ উপৰিও আৰ্হাটিয়াসকলে কৃষকক কীটনাশক , সাৰ আৰু কৃষিত প্ৰয়োজন হোৱা আন লাগতিয়াল সামগ্ৰী যোগান ধৰে

PHOTO • Aranya Raj Singh

সুনম মাণ্ডিৰ পাঞ্জাৱ আৰ্হাটিয়া সংস্থাৰ সচিব ৰবীন্দৰ সিং চীমা এমএচপি নিশ্চয়তা অবিহনে কৃষকসকল ব্যক্তিগত ব্যৱসায়ীৰ দ্বাৰা শোষিত হ ’ব, তেওঁ কয়

PHOTO • Novita Singh with drone operator Ladi Bawa

চাংগ্ৰুৰ জিলাৰ সুনম মাণ্ডিখন হৈছে ঘাই মাণ্ডি ৰাজ্যিক মাণ্ডিবোৰত সাধাৰণতে ঘেঁহু চপোৱা (এপ্ৰিলত) আৰু ধান চপোৱা (অক্টোবৰ-নৱেম্বৰত) সময়তহে ব্যস্ততা বাঢ়ে, তাৰ বিপৰীতে এই ব্যৱসায়ীক স্থানবোৰত আন আন শস্য যেনে মাহজাতীয় শস্য, কপাহ আৰু তেলৰ বীজ আদি নিৰ্দিষ্ট ব্যৱধানত আহি থাকে কাৰণে গোটেই বছৰজুৰি ব্যস্ততা দেখা যায়


এই প্ৰতিবেদনৰ ফটোবোৰ ২০২১ৰ ১৪ৰ পৰা ১৫ এপ্ৰিলৰ ভিতৰত লোৱা হৈছিল

অনুবাদ: পংকজ দাস

Novita Singh

Novita Singh is an independent filmmaker based in Patiala, Punjab. She has been covering the ongoing farmers protests since last year for a documentary.

Other stories by Novita Singh
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das