৪ মে’ৰ দিনা হৰিন্দৰ সিঙে তেওঁৰ সহকৰ্মী পাপ্পুক অন্তিম দুটা শৱ সৎকাৰৰ বাবে সাজু কৰিবলৈ কৈছিল, তেওঁ সহকৰ্মী পাপ্পুক নিজৰ অস্বাভাৱিক কথাৰে চক খুৱাব চাইছিল।

হৰিন্দৰে কৈছিল, ‘‘দুই ডেকাল’ৰা তাতে পৰি আছে।’’ প্ৰথমে তেওঁৰ সহকৰ্মীকেইজন আচৰিত হৈছিল যদিও কথাটো কওঁতে হৰিন্দৰ গহীন হৈয়ে আছিল। পিছলৈ কথাটো বুজিব পাৰি আটাইকেইজনৰ মুখত হাঁহি বিৰিঙিল। ব্যস্ততাৰে ভৰা নতুন দিল্লীৰ নিগম বোধ ঘাটৰ গেবাৰি খটা কামৰ মাজত সেয়া আছিল এক সুখৰ ক্ষণ।

কিন্তু হৰিন্দৰে ভাবিলে যে মইও কথাটো বুজি পেৱা উচিত। শ্মশানগৃহৰ কাষতে ঠেক কোঠালী এটাত তেওঁ সহকৰ্মীসকলৰ সৈতে ৰাতিৰ আহাৰ খোৱাত ব্যস্ত আছিল। তেওঁ খোৱাৰ মাজতে এবাৰ ভালকৈ উশাহ ল’লে, নাৰকীয় ক’ভিড অতিমাৰীৰ সময়ত উশাহ লৈ থাকিব পৰাটোও সৌভাগ্যৰে কথা। তাৰপিছত মোলৈ চাই ক’লে, ‘‘আপোনালোকে সেইবোৰ শৱ বুলি কয়, আমি ডেকাল’ৰা বুলি কওঁ।

‘‘ইয়ালৈ অহা সকলোৱে কাৰোবাৰ নহয় কাৰোবাৰ সন্তান, ঠিক আমিবোৰৰ দৰেই,’’ পাপ্পুৱে কয়। ‘‘এনেকৈ জুইত জাপি দিয়াটো হৃদয়বিদাৰক। কিন্তু তেওঁলোকৰ আত্মাৰ সদগতিৰ কাৰণে আমি এয়া কৰিব লাগে। নহয়নে?” এমাহ ধৰি নিগম বোধত প্ৰতিদিনে প্ৰায় ২০০ৰো অধিক শৱ চিএনজি অগ্নিশাল আৰু মুকলি চিতাত দাহ কৰা হয়।

সেইদিনা আছিল ৪ মে’। নিগম বোধ ঘাটত চিএনজি অগ্নিশালত ৩৫ টা শৱ দাহ কৰা হৈছিল। দিল্লীত ক’ভিডৰ দ্বিতীয় ঢৌৰ সময়ত, এপ্ৰিলৰ প্ৰথমটো সপ্তাহত সেই সংখ্যা আছিল গঢ় দৈনিক শৱদাহতকৈ কম, সাধাৰণতে তাত দিনে ৪৫-৫০ টা শৱদাহ কৰা হয়। কিন্তু অতিমাৰীৰ আগতে শ্মশানখনৰ চিএনজি অগ্নিশালত অতিবেছি ১০০ টামান শৱ দাহ কৰা হৈছিল।

দিল্লীৰ কাশ্মীৰী গেটৰ কাষতে যমুনা নদীৰ পাৰৰ সেই ঘাটটোৰ প্ৰৱেশদ্বাৰৰ দেৱালখনত লিখা আছেঃ “মোক ইয়ালৈ অনাৰ বাবে ধন্যবাদ। ইয়াৰপৰা মই অকলে আগবাঢ়িম।” কিন্তু এই বছৰ এপ্ৰিল-মে’ত ক’ভিড-১৯য়ে ৰাজধানী চহৰখন গ্ৰাস কৰিলত, আত্মাবোৰেও অশৰীৰি যাত্ৰাৰ সংগী বিচাৰি পালে।

Left: New spots created for pyres at Nigam Bodh Ghat on the banks of the Yamuna in Delhi. Right: Smoke rising from chimneys of the CNG furnaces
PHOTO • Amir Malik
Left: New spots created for pyres at Nigam Bodh Ghat on the banks of the Yamuna in Delhi. Right: Smoke rising from chimneys of the CNG furnaces
PHOTO • Amir Malik

বাওঁফালেঃ দিল্লীৰ যমুনা নদীৰ পাৰত নিগম বোধ ঘাটত চিতাৰ বাবে নতুন ঠাই সাজু কৰা হৈছে সোঁফালেঃ চিএনজি অগ্নিশালৰ ধোঁৱাবোৰে আকাশ চুইছে

সোমাই যাওঁতে অগ্নিদগ্ধ শৱৰ সৈতে প্ৰদূষিত যমুনাৰ গন্ধ বতাহত মিলিছিল, মোৰ দুখনকৈ মাস্কৰ তৰপ ভেদি সেই গোন্ধ নাকত লাগিছিল। নৈখনৰ পাৰত ২৫ খন চিতা জ্বলি আছিল। নদীখনলৈ যোৱা ঠেক বাটটোৰ কাষে কাষে আৰু ভালেকেইখন চিতা জ্বলি আছিল, পাঁচখন সোঁফালে আৰু তিনিখন বাওঁফালে। ভালেমান শৱৰ তেতিয়াও পাল পৰা নাছিল।

এখন মুকলি পথাৰ মাটিৰে সমান কৰি চৌহদটোতে এখন অস্থায়ী শ্মশান তৈয়াৰ কৰা হৈছে। তাতে ২১টা শৱ দাহ কৰিবপৰা ঠাই আছে, কিন্তু সেয়া পৰ্যাপ্ত নহয়। তাৰে মাজতে এডাল নতুনকৈ বাঢ়ি অহা গছ আছে, পাতবোৰ জুইৰ শিখাত শুকাই ছাঁই হৈছে। যেন কাফকাএস্কিউৰ দৰে এক পাকলগা পৰিস্থিতিত দেশখন সোমাই পৰিছে।

সেই পৰিস্থিতিৰ উমান কৰ্মীসকলেও নোপোৱা নহয়। চিএনজি অগ্নিশাল থকা হলঘৰটো, য’ত তেওঁলোকে কাম কৰে, তাত মৃতকৰ শোকবিহ্বল আত্মীয়ই আঠু কাঢ়ি, বহি, খোজকাঢ়ি চকুলো টোকা দেখিব। প্ৰিয়জন গুছি যোৱাত আত্মাৰ সদগতি কামনাৰে কৰা প্ৰাৰ্থনা শুনিবলৈ পাব। টিউব লাইটৰ ঢিমিক-ঢামাক পোহৰত ভৱনটোৰ অপেক্ষাগৃহটো খুব কমেইহে ব্যৱহাৰ হয়।

তাৰে ছখন অগ্নিশালৰ “আধাখিনি যোৱাবছৰ (২০২০) স্থাপন কৰা হৈছিল, যেতিয়া ক’ৰনা আক্ৰান্ত শৱ দম লাগিবলৈ ধৰে,” পাপ্পুৱে কয়। ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ বাঢ়িবলৈ ধৰাৰ সময়ৰে পৰা ক’ভিড সংক্ৰমণ হৈ মৰা ব্যক্তিৰ শৱ চিএনজি অগ্নিশালত দাহ কৰা হয়।

শৱ এটা দাহ কৰাৰ পাল পৰিলে, মৃতকৰ আত্মীয়, লগত থকা হস্পিতালৰ কৰ্মচাৰী বা শ্মশানৰ কৰ্মীয়ে শৱটো অগ্নিশাললৈ আনে। সৌভাগ্য হ’লে কিছুমান শৱত বগা কাপোৰ মেৰিয়াই দিয়া হয়। প্ৰায়ভাগেই বগা প্লাষ্টিকৰ বেগত মেৰিওৱা থাকে, পোনে পোনে এম্বুলেঞ্চৰ পৰা নমাই অনা হয়। কিছুমান ষ্ট্ৰেচ্ছাৰত অনা হয়, আন কিছুমান আকৌ ভৱনটোলৈ কঢ়িয়াই অনা হয়।

তাৰপিছত শ্মশানৰ কৰ্মীয়ে শৱটো এখন চকা থকা মঞ্চত উঠাই দিয়ে, সেইখনেই অগ্নিশালখনত লগ লাগেগৈ। শৱটো অগ্নিশালত ঠেলি দিয়াৰ পিছতেই কৰ্মীসকলৰ মাজত দৌৰাদৌৰি লাগে। ততালিকে মঞ্চখন টানি উলিয়াই আনি অগ্নিশালৰ দৰ্জাখন বন্ধ কৰিব লাগে। চকুলো টুকি থকা আত্মীয়ই পলকতে প্ৰিয়জনক অগ্নিশালত নাইকিয়া হোৱা দেখে, আনফালে ওখ চিমনিৰ পৰা ধোঁৱা আকাশলৈ উঠে।

Left: A body being prepared for the funeral pyre. Right: Water from the Ganga being sprinkled on the body of a person who died from Covid-19
PHOTO • Amir Malik
Left: A body being prepared for the funeral pyre. Right: Water from the Ganga being sprinkled on the body of a person who died from Covid-19
PHOTO • Amir Malik

বাওঁফালেঃ চিতাৰ বাবে শৱ এটা সাজু কৰি থকা হৈছে সোঁফালেঃ ’ভিড-১৯ত ঢুকোৱা ব্যক্তি এজনৰ গাত গংগাৰ পানী ছটিওৱা হৈছে

“দিনটোৰ প্ৰথমটো শৱ সম্পূৰ্ণৰূপে দাহ হ’বলৈ দুঘণ্টা সময় লাগে,” পাপ্পুৱে কয়। “কিয়নো অগ্নিশালটো গৰম হওঁতে সময় লাগে। তাৰ পিছৰ প্ৰতিটো শৱত ডেৰঘণ্টামান সময় লাগে।” এটা অগ্নিশালত দিনে ৭ৰ পৰা ৯ টা শৱ দাহ কৰিব পাৰি।

নিগম বোধ ঘাটৰ অগ্নিশালবোৰ চাৰিজন কৰ্মীয়ে চম্ভালে, আটাইকেইজন উত্তৰ প্ৰদেশৰ অনুসূচিত কড়ি জনজাতিৰ লোক। তেওঁলোকৰ মাজৰ জ্যেষ্ঠ হৰিন্দৰ (৫৫)ৰ ঘৰ উত্তৰ প্ৰদেশৰ বাল্লিয়া জিলাত। তেওঁ শ্মশানখনত ২০০৪ৰ পৰা কাম কৰি আহিছে। ২০১১ত এই কামত যোগ দিয়া পাপ্পুৰ ঘৰ উত্তৰ প্ৰদেশৰ কাঞ্চিৰাম নগৰ জিলাৰ চৰণ ব্লকত। আন দুজন এই কামত নতুন, ৰাজু আৰু মোহন, বয়স ক্ৰমে ৩৭ আৰু ২৮। তেওঁলোক দুজনৰো ঘৰ চৰণ ব্লকত।

তেওঁলোকে এপ্ৰিল-মে’ মাহত পুৱা ৯ বজাৰ পৰা মাজৰাতিলৈকে ১৫-১৭ ঘণ্টাকৈ কাম কৰিছিল। কামৰ হেঁচাত পৰি নিজৰ জীৱন বিপন্ন কৰিছিল। তেওঁলোকে এই ভাইৰাছবিধ এৰাই চলিছে ঠিকেই, কিন্তু অগ্নিশালৰ ৮৪০ ডিগ্ৰী চেলচিয়াছ উষ্ণতাত গলি নোযোৱাকৈ থাকিব পৰাটোৱে ডাঙৰ কথা। “অগ্নিশালটো বন্ধ কৰি তাতে যদি শৱ এটা ৰাখো, তেন্তে পুৱালৈ আপুনি কেৱল ছাঁইহে দেখিব,” হৰিন্দৰে কয়।

তাৰোপৰি তেওঁলোকে এদিনো ছুটি নোলোৱাকৈ কাম কৰিছে। “পানী এটুপি খাবলৈ সময় নাথাকে, ছুটি কেনেকৈ ল’ম?” পাপ্পুৱে কয়। “কেইঘণ্টামানৰ কাৰণে ওলাই গ’লেও ইয়াত হাহাকাৰ লাগিব।”

কিন্তু তেওঁলোকৰ কোনো এজনো স্থায়ী কৰ্মচাৰী নহয়। পৌৰনিগমৰ অধীনস্থ নিগম বোধ শ্মশানখন বড়ি পঞ্চায়ত বৈশ্য বীজ আগৰৱাল নামে দাতব্য সংস্থা এটাই পৰিচালনা কৰে, স্থানীয় লোকে ‘সংস্থা’ বুলিয়ে কয়।

সংস্থাটোৱে হৰিন্দৰক মাহে ১৬,০০০ টকা দিয়ে। তাৰমানে দিনে ৫৩৩ টকা আৰু এদিনত আঠটা শৱদাহ কৰিলে অতিৰিক্ত ৬৬ টকা । পাপ্পুৱে মাহে ১২,০০০ টকা পায়, আনহাতে ৰাজু, মোহন আৰু ৰাকেশে ৮,০০০ টকাকৈ পায়। “সংস্থাই আমাৰ দৰমহা বঢ়োৱাৰ কথা দিছে। কিন্তু কিমান বঢ়াব কোৱা নাই,” হৰিন্দৰে মোক কয়।

Left: Harinder Singh. Right: The cremation workers share a light moment while having dinner in a same room near the furnace
PHOTO • Amir Malik
Left: Harinder Singh. Right: The cremation workers share a light moment while having dinner in a same room near the furnace
PHOTO • Amir Malik

বাওঁফালেঃ হৰিন্দৰ সিং সোঁফালেঃ ৰাজু মোহন , হৰিন্দৰ, ৰাকেশ আৰু পাপ্পুৱে অগ্নিশালৰ কাষৰ কোঠাটোত ৰাতিৰ আহাৰ গ্ৰহণৰ সময়ত ধেমালীৰ মুহূৰ্ত এটা

ইফালে সংস্থাই যদিও এটা শৱদাহৰ বাবদ ১,৫০০ টকা লয় (অতিমাৰীৰ আগতে ১০০০ টকা লৈছিল), তথাপি তেওঁলোকৰ দৰমহা বঢ়োৱাৰ চিন্তা কৰা নাই। সাধাৰণ সচিব সুমন গুপ্তাই মোক কয়ঃ “সিহঁতৰ দৰমহা বঢ়ালে সংস্থাই গোটেই বছৰটো তেওঁলোকক সিমান দৰমহাই দি থাকিব লাগিব।” তেওঁলোকক “ইনচেণ্টিভ” দিয়া হৈছে, তেওঁ কয়।

তেওঁ নিশ্চয়কৈ সেই সৰু কোঠাটোৰ কথা কোৱা নাই, য’ত কৰ্মীকেইজনে নিশাৰ আহাৰ গ্ৰহণ কৰি আছিল। কোঠাটো অগ্নিশালৰ পৰা কেইমিটাৰমান দূৰত আছিল, গৰমত আটাইকেইজনে ইচাট-বিচাট কৰি আছিল। সেয়ে পাপ্পুৱে বাহিৰলৈ গৈ সকলোৰে কাৰণে শীতল পানীয় লৈ আহিল। সেইটোৰ দাম ৫০ টকাতকৈ বেছি, সেইদিনা তেওঁ দাহ কৰা শৱ এটাৰ বিনিময়ত পোৱা টকাও সিমানখিনিয়ে।

মৃতদেহ এটা দাহ কৰিবলৈ প্ৰায় ১৪ কিলোগ্ৰাম চিএনজি লাগে। “প্ৰথমতে শৱটোক আমাৰ পাকঘৰত ব্যৱহৃত ঘৰুৱা দুটা চিলিণ্ডাৰৰ সমান গেছ লাগে। তাৰপাছত ইন্ধন কম লাগে, এটা নাইবা ডেৰটামান চিলিণ্ডাৰ লাগে।” এপ্ৰিলত নিগম বোধৰ চিএনজি অগ্নিশালত প্ৰায় ৫৪৩ টা শৱৰ শেষকৃত্য সমাপন কৰা হৈছিল, গুপ্তাই কয়। সেইটো মাহত সংস্থাৰ চিএনজি বিল আহিছিল ৩,২৬,৯৬০ টকা।

কৰ্মীসকলে অগ্নিশালৰ দুৱাৰখন খুলি লাঠিৰে শৱটো হানি-খুচি মেচিনৰ ভিতৰলৈ ঠেলি দি দাহনৰ প্ৰক্ৰিয়াটো খৰতকীয়া কৰি তোলে। “এনে নকৰিলে শৱ এটা সম্পূৰ্ণকৈ দাহ কৰিবলৈ অতিকমেও ২-৩ ঘণ্টা লাগিব,” হৰিন্দৰে কয়। “চিএনজিৰ খৰছ কমাবলৈ আমি সোনকালে শৱদাহ কৰিবই লাগিব। নহ’লে সংস্থাৰ লোকচান হ’ব।”

সংস্থাটোৰ খৰছ কমাবলৈ তেওঁলোকৰ চেষ্টা স্বত্ত্বেও শ্মশানখনৰ কৰ্মচাৰীৰ দৰমহা শেষবাৰ বঢ়োৱা হৈছিল দুবছৰ আগতে। “এতিয়া আমি নিজৰ জীৱন বিপন্ন কৰি ক’ভিড আক্ৰান্ত শৱ দাহ কৰি আহিছো,” দৰমহা নবঢ়োৱাত অসন্তুষ্টিৰ ভাৱত পাপ্পুৱে কয়। “আমাক কোৱা হৈছে যে সংস্থা দান-বৰঙনিৰে চলে, সেয়ে কি কৰিব পৰা যায়?” হৰিন্দৰে পাপ্পুৰ কথাত যোগ দিলে। বাস্তৱতঃ তেওঁলোকৰ বাবে একো কৰা হোৱাও নাই।

Pappu (left) cuts bamboo into pieces (right) to set up a pyre inside the CNG furnace
PHOTO • Amir Malik
Pappu (left) cuts bamboo into pieces (right) to set up a pyre inside the CNG furnace
PHOTO • Amir Malik

পাপ্পুৱে নিগম বোধ ঘাটত ২০১১ৰ পৰা কাম কৰিছে চিএনজি অগ্নিশালৰ ভিতৰৰ চিতাত বাঁহবোৰ টুকুৰা কৰি কাটি ভৰোৱা তেওঁৰ ঘাই কাম

তেওঁলোকৰ টিকাকৰণো সম্পূৰ্ণ হোৱা নাই। পাপ্পু আৰু হৰিন্দৰে বছৰটোৰ আৰম্ভণিতে ফ্ৰণ্টলাইন কৰ্মী হিচাপে প্ৰথমটো পালি পাইছিল। “সময়ৰ অভাৱত মই দ্বিতীয়টো পালি ল’ব পৰা নাই। শ্মশানতে ব্যস্ত হৈ আছো,” পাপ্পুৱে কয়। “টিকাকেন্দ্ৰৰ পৰা ফোন আহোতে মোৰ ভাগৰ ভেকচিনটো আন কাৰোবাক দিয়াৰ বাবে মই কৈছিলো।”

সেইদিনা পুৱাৰ ভাগত অগ্নিশালৰ কাষতে ডাষ্টবিন এটাত ব্যক্তিগত সুৰক্ষাৰ সঁজুলি (পিপিই) কিট পাপ্পুৰ চকুত পৰিল, মৃতকৰ সৎকাৰৰ বাবে অহা কোনোবাই আগদিনা সেয়া এৰি গৈছিল। দৰ্শনাৰ্থীক পিপিই কিট আদি বাহিৰত থকা ডাঙৰ ডাষ্টবিনটোত পেলাবলৈ কোৱা হয় যদিও বহুতে পিপিই কিটবোৰ হলঘৰটোতে এৰি যায়। পাপ্পুৱে লাঠি এডালেৰে সেইটো টানি বাহিৰলৈ উলিয়াই আনিলে। তেওঁ সেইখিনি সময়ত পিপিই কিট কিম্বা গ্লোভচ্ পিন্ধা নাছিল।

পাপ্পুৱে কয় যে অগ্নিশালৰ কাষত ইমানেই গৰম যে পিপিই কিট পিন্ধি থকাটো অসম্ভৱ। “তাতে আকৌ শৱৰ পেটৰ অংশ ফাটি যোৱাৰ সময়ত অগ্নিশালৰ দুৱাৰেদি কেতিয়াবা জুইৰ শিখা বাহিৰলৈ ওলাই আহি পিপিই কিটত লাগি ধৰাৰ খুবেই সম্ভাৱনা থাকে। তেনে কিবা এটা হ’লে পিপিই কিট খোলালৈকে আমাৰ মৃত্যুৱে ঘটিব,” তেওঁ বুজাই কয়। হৰিন্দৰে কয়ঃ “কিটটো পিন্ধিলে চেপি ধৰা যেন পাওঁ আৰু উশাহ নোপোৱা হওঁ। কিট পিন্ধি মৰিলেহে এতিয়া।”

তেওঁলোকৰ একমাত্ৰ সুৰক্ষা হৈছে মাস্কখন, কেবাদিনো ধৰি তেওঁলোকে সিখন পিন্ধি আছে। “ভাইৰাছ আমাৰ গালৈ বিয়পিব বুলি আমাৰ ভয় লাগে। কিন্তু এই সংকটৰ দিনত কাম নকৰাকৈ থাকিব নোৱাৰো,” পাপ্পুৱে কয়। “মানুহবোৰ ইতিমধ্যে দুখত আছে, তেওঁলোকক আৰু বেছি হতাশালৈ ঠেলি দিব নোৱাৰো।”

বিপদৰ আশংকা ইমানতে শেষ নহয়। এবাৰ শৱ এটা দাহ কৰোঁতে পাপ্পুৰ বাওঁহাতখন জুইয়ে পুৰিছিল, দাগ ৰৈ গৈছিল। “মই দুখ পাইছিলো, কিন্তু কিনো কৰিম।” মই লগ পোৱাৰ এঘণ্টামান আগত হৰিন্দৰেও আঘাত পাইছিল। “দৰ্জাখন বন্ধ কৰোঁতে মোৰ আঠুত আঘাত পাইছিলো,” তেওঁ মোক কয়।

Left: The dead body of a Covid-positive patient resting on a stretcher in the crematorium premises. Right: A body burning on an open pyre at Nigam Bodh Ghat
PHOTO • Amir Malik
Left: The dead body of a Covid-positive patient resting on a stretcher in the crematorium premises. Right: A body burning on an open pyre at Nigam Bodh Ghat
PHOTO • Amir Malik

বাওঁফালেঃ শ্মশানৰ ষ্ট্ৰেচ্চাৰত ক ’ভিডত মৃত্যু হোৱা ৰোগী এজনৰ শৱ সোঁফালেঃ নিগম বোধ ঘাটত মুকলিতে জ্বলি থকা এখন চিতা

“অগ্নিশালৰ দুৱাৰখনৰ হেণ্ডেলডাল ভাগিছে। বাঁহৰ মাৰি এডালেৰে আমি সেইডাল যেনে-তেনে লগাই থৈছো,” ৰাজু মোহনে কয়। “দুৱাৰখন মেৰামতি কৰিবলৈ আমি তত্বৱধায়কক কৈছো। তেওঁ কৈছে, ‘এই লকডাউনৰ সময়ত কেনেকৈ ঠিক কৰিম?’ আমি জানো যে একো কৰা নহয়,” হৰিন্দৰে কয়।

তেওঁলোকৰ হাতত আনকি প্ৰাথমিক চিকিৎসাৰো কোনো ব্যৱস্থা নাই।

এতিয়া আকৌ ন ন বিপদ চাপিছে। অগ্নিশালত সুমোৱাই দিয়াৰ আগতে মৃতকৰ পৰিয়ালে ঘিউ আৰু পানী মৃতকৰ গাত ঘঁহি দিয়ে, সেইবোৰ মজিয়াত পৰি পিচল হৈছে। “ইয়াৰ অনুমতি নাই, এয়া অস্বাস্থ্যকৰ আৰু বিপদসংকুল। কিন্তু মানুহে নামানে,” দিল্লী পৌৰ নিগমৰ বিষয়া অমৰ সিঙে কয়। অতিমাৰীৰ সময়ত দিল্লীৰ পৌৰ নিগমৰ অধীনত সাতগৰাকী তত্বাৱধায়ক নিযুক্তি দিয়া হৈছিল, তাৰে মাজৰ নিগম বোধ ঘাটৰ দায়িত্ব লোৱাজন অমৰ সিং।

নিশা ৮ বজাৰ আগতে অহা শৱবোৰৰ শেষকৃত্য সেই দিনটোতে কৰা হয়, সিঙে কয়। তাতকৈ পলমকৈ অহা শৱবোৰ পিছদিনালৈ ৰখাই থোৱা হয়, কোনোৱে সেই শৱবোৰ ৰখি নাথাকে। ৰাতিটোৰ বাবে ৰখিবলগীয়া হোৱা বাবে এম্বুলেঞ্চৰ ভাড়াও বাঢ়ি যায়, তেওঁ কয়। “সেয়ে ২৪ ঘণ্টাই অগ্নিশাল চলাই থকাটোৱে এই সমস্যাৰ সমাধান।”

কিন্তু সেয়া সম্ভৱ নে? “কিয় নহয়?” সিঙে কয়। “আপুনি যেতিয়া তন্দুৰত চিকেন ৰোষ্ট কৰে, তন্দুৰখিনি একেই থাকে। অগ্নিশাল এখন ২৪ ঘণ্টা চলিব পাৰে। কিন্তু সংস্থাই তাৰ অনুমতি নিদিব।” পাপ্পুৱে এই কথাত অসন্মতি প্ৰকাশ কৰি কয়, “মানুহৰ দৰে মেচিনকো জিৰণিৰ প্ৰয়োজন হয়।”

শ্মশানত কৰ্মচাৰীৰ সংখ্যা যে কমি আছে সেই কথা সিং আৰু পাপ্পু দুয়োজনেই একমুখে কয়। “যদি সিহঁতৰ কিবা হয়, তেন্তে ইতিমধ্যে টনা-টনি হোৱা কামবোৰ একেবাৰে স্তব্ধ হৈ পৰিব,” সিঙে কয়। কৰ্মীসকলৰ নামত কোনো বীমাও কৰা নহয় বুলি তেওঁ জানিবলৈ দিয়ে। পাপ্পুৰ চিন্তা বেলেগ এটা কথাতহে। “হৰিন্দৰ আৰু মোৰ দৰে আৰু কেইজনমান থকা হ’লে কামবোৰ সহজ হ’লহেঁতেন, আমি অকণমান জিৰাবলৈও সময় পালোহেঁতেন।”

Left: The large mural at the entrance of Nigam Bodh Ghat. Right: A garland of marigold flowers and dried bananas left on the ashes after cremation
PHOTO • Amir Malik
Left: The large mural at the entrance of Nigam Bodh Ghat. Right: A garland of marigold flowers and dried bananas left on the ashes after cremation
PHOTO • Amir Malik

বাওঁফালেঃ নিগম বোধ ঘাটৰ বিশাল দেৱাল -চিত্ৰ সোঁফালেঃ শৱদাহৰ পিছত ৰৈ যোৱা ছাঁইৰ ওপৰত এৰি যোৱা নাৰ্জীফুলৰ মালা আৰু শুকান কলপাত

সিহঁতৰ কাৰোবাৰ যদি কিবা হয় তেন্তে কি কৰিব বুলি মই গুপ্তাক সোধাত তেওঁ শান্ত ভাৱেৰে কয়, “আন তিনিজনে কাম কৰিব। নহ’লে বাহিৰৰ পৰা কৰ্মী অনাব লাগিব।” কৰ্মীবোৰক ইনচেণ্টিভ দিয়া হয়, তেওঁ কথাখিনি যোগ দিয়ে। “এনেকুৱা নহয় যে আমি তেওঁলোকক খাদ্য নিদিও। আমি দিওঁ। খাবলৈও দিওঁ, লগত দৰৱ-পাতি আৰু চেনিটাইজাৰো দিওঁ।”

সেইদিনা সেই সৰু কোঠাটোত হৰিন্দৰ আৰু তেওঁৰ সহকৰ্মীয়ে ৰাতিৰ আহাৰ খাই থকা সময়ত কাষতে থকা অগ্নিশালত শৱ এটা জ্বলি আছিল। সিহঁতে মদ অলপ বাকি ল’লে। “আমি খাবই লাগিব। নহ’লে বাচি থাকিব নোৱাৰিম,” হৰিন্দৰে বুজাই কয়।

অতিমাৰীৰ আগতে তেওঁলোকে তিনি পেগকৈ (এটা পেগত ৬০ মি.লি.) হুইস্কি খাইছিল। কিন্তু এতিয়া কামবোৰ কৰিবলৈ গোটেই দিনটো নিচাতে থাকে। “পুৱাৰ ভাগত এটা কোৱাৰ্টাৰ (১৮০ মি.লি., দুপৰীয়াও সিমানেই আৰু তাৰপাছত সন্ধিয়া আৰু ৰাতি আহাৰৰ পিছত। কেতিয়াবা আমি ঘৰলৈ যোৱাৰ পিছতো খাওঁ,” পাপ্পুৱে কয়। “ভাল কথা যে সংস্থাই আমাক বাধা নিদিয়ে। আনকি তেওঁলোকে নিজেই আগবাঢ়ি আহি আমাক প্ৰতিদিনে মদ আনি দিয়ে,” হৰিন্দৰে কয়।

মদেই এটা বস্তু, যিটোৱে এই “শেষশাৰীৰ” কৰ্মীসকলক এটা মৰা মানুহক দাহ কৰাৰ যি কষ্ট আৰু দুখ, সেয়া লাঘৱ কৰে। “তেওঁলোক মৃত। আৰু আমি ইয়াত গেবাৰি খাটি মৰো,” হৰিন্দৰে কয়। “মদ খাই শৱবোৰ চালে মোৰ মনটো গধুৰ হৈ পৰে,” পাপ্পুৱে কয়। “কেতিয়াবা ধূলি আৰু ধোঁৱা আমাৰ গলত লাগি ধৰিলে মদে সেয়া ধুই নিয়ে।”

শান্তিৰ সময়খিনি শেষ হ’ল। পাপ্পুৱে এতিয়া সেই দুই ডেকাল’ৰা চম্ভালিবৰ সময় হ’ল। “আমিও কান্দো। আমাৰো চকুপানী ওলায়,” তেওঁ দুখমনে কয়। তেওঁৰ চকুকেইটা চলচলীয়া হৈ পৰে। “কিন্তু আমি চকুপানী ধৰি ৰাখো আৰু আমাৰ হৃদয়বোৰ আঁৰ-বেৰ দি ৰাখো।”

অনুবাদ: পংকজ দাস

Amir Malik

Amir Malik is an independent journalist, and a 2022 PARI Fellow.

Other stories by Amir Malik
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das