‘এয়া তৃতীয়বাৰৰ বাবে মোৰ গাধটোৱে পানী পাহাৰৰ ওপৰলৈ নিবলৈ ওলাইছে,’ হুমুনিয়াহ কাঢ়ি ডালি বাড়াই কয়। ‘গাধটোৰ ভাগৰ লাগে, কিন্তু আমাৰ হাতত দিবলৈ তেনেকৈ দানাও নাই।’

৫৩ বৰ্ষীয় ডালি বাড়াৰ ঘৰত মই উপস্থিত হোৱাৰ সময়ত তেওঁ গাধটোক উচ্ছিষ্ট ৰহৰ দাইল আৰু ঘাঁহ খুৱাই আছিল। তেওঁৰ গিৰী বাড়াজীয়ে আকাশৰ ফালে চাই আছিল। সেয়া আছিল জুন মাহৰ মধ্যভাগ। ‘বৰষুণ দিব বোধকৰো,’ ৰাজস্থানী বাগ্ৰি ভাষাত তেওঁ ক’লে। ‘বৰ্ষাকালত পানী একেবাৰে ঘোলা হৈ পৰে, সেই লেতেৰা পানী আনিবলৈ গাধটো লৈ তেওঁ ওলাই যায়।’

ৰাজস্থানৰ উদয়পুৰ জিলাৰ ৰিষভদেউ টেহচিলৰ এই পাচা পাড়লা নামৰ গাওঁখনৰ জনসংখ্যা ১০০০ মান। গাওঁখন উদয়পুৰ জিলাৰ পৰা মোটামুটি ৭০ কিলোমিুটাৰ মান দূৰত অৱস্থিত। তাতে মানুহ-জীৱ-জন্তুই বৰষুণৰ পানীৰে পিয়াহ গুচায়। সেয়াও শুকাই গ’লে গাঁত খান্দি পানী উলিয়ায়। বৰষুণ দিলে সেই গাঁতবোৰ লেতেৰা আৱৰ্জনাৰে ভৰি পৰে, চাফা পানী পোৱাৰ আশাত পাচা পাড়লাৰ গঞাই আৰু গাঁত খান্দে। বহু পৰিয়ালে আকৌ ঘৰচীয়া গাধৰে তলৰ পৰা পানী আনে। আন মানুহে কোৱা মতে পাড়লা মানে হৈছে পানী কঢ়িয়াবলৈ গাধ ব্যৱহাৰ কৰা ঠাই।

গাধই কঢ়িয়াই অনা পানী ঘৰৰ আন কাম-কাজতো খাটে। অৱশ্যে বহু সময়ত মহিলাই কাপোৰ-কানি, বাচন-বৰ্তন আদি জান-জুৰি নাইবা কুঁৱাৰ পাৰতে ধোৱাৰ চেষ্টা কৰে। গাধ কিনাটো একধৰণৰ বিনিয়োগ। এই বিনিয়োগেৰে বছৰটোৰ গোটেইকেইটা মাহতে পাহাৰৰ ওপৰলৈ পানী কঢ়িয়াব পাৰি।

In Pacha Padla village, many families (including Dali Bada and her husband Badaji, centre image) use donkeys to carry drinking water uphill
PHOTO • Sramana Sabnam
In Pacha Padla village, many families (including Dali Bada and her husband Badaji, centre image) use donkeys to carry drinking water uphill
PHOTO • Sramana Sabnam
In Pacha Padla village, many families (including Dali Bada and her husband Badaji, centre image) use donkeys to carry drinking water uphill
PHOTO • Sramana Sabnam

পাচা পাড়লা গাঁৱত বহু পৰিয়ালে পাহাৰৰ ওপৰলৈ পানী কঢ়িয়াবলৈ গাধ ব্যৱহাৰ কৰে (ডালি ৱাড়া আৰু তেওঁৰ গিৰী বাড়াজী, সোঁমাজত থকা আলোকচিত্ৰত)

ডালি আৰু বাড়াজীয়ে স্থানীয় ঠিকাদাৰ এজনৰ তাত কাম থাকিলে দিনে প্ৰায় ২০০ টকা হাজিৰাত কাম কৰে। বাড়াজীয়ে এক একৰতকৈও কম পট্টা মাটিত উৰদ, ৰহৰ দাইল, মাকৈ আৰু পাচলি আদিৰ খেতি কৰে, সেই মাটিখিনি চৰকাৰৰ।

২০১৭ত তেওঁলোকে ২৫০০ টকাত আন এটা পৰিয়ালৰ পৰা সেই গাধটো কিনি আনিছিল। সেইখিনি টকা জমা কৰোঁতে তেওঁলোকক ১৮ মাহ লাগিছিল, তেওঁলোকে কয়। পৰিয়ালটো আহাৰি আদিবাসী সম্প্ৰদায়ৰ। তেওঁলোকৰ এটা মাইকী গাধ আৰু এটা মতা গাধ পোৱালীও আছে। তাৰ লগতে এটা ছাগলী আৰু এজনী গাইও আছে।

ডালি বাড়াই পুৱা ৫ বজাতে পানী আনিবলৈ সাজু হয়। প্ৰতিবাৰ অহা-যোৱা কৰোঁতে প্ৰায় ডেৰ ঘণ্টা সময় লাগে, নামোতে প্ৰায় ৩০ মিনিট আৰু উঠোতে এঘণ্টামান। তেওঁ এবাৰ পানী আনি ঘৰৰ আন কাম-কাজ কৰে আৰু দ্বিতীয়বাৰ পুৱা ১০ মান বজাত আকৌ এবাৰ গাধটোৰ লগত তললৈ পানী আনিবলৈ যায়। তাৰ পিছত তেওঁ দিনহাজিৰা কৰিবলৈ ওলাই যায়। ডালিয়ে গাধটোৰ পিঠিত দুয়োফালে বান্ধি দিয়া বেগৰ ভিতৰত থকা প্লাষ্টিকৰ জাৰ দুটাত পানী ভৰায়, প্ৰতিটোত প্ৰায় ১২-১৫ লিটাৰমান পানী ধৰে। তাৰোপৰি মুৰত এটা কলহো কঢ়িয়ায়। পাহাৰৰ ওপৰলৈ বগোৱাৰ সময়ত দুয়োৰে ভাগৰ লাগে, ঠায়ে ঠায়ে জীৰাই লয়।

সিহঁতৰ ঘৰলৈ যাওঁতে ডালি আৰু গাধটোৰ সৈতে ময়ো তললৈ নামি আহিলো। থিয় বাটটোৰে নামি আহোতে আমি কথা পাতি পাতি আহিলো। ২০ মিনিটমান খোজ কঢ়াৰ পিছত আমি এখন মুকলি ঠাই পালো, শিলগুটিৰে ভৰা। ডালি বাড়াই বুজাই ক’লে যে সেই বাটখিনি দৰাচলতে এটা শুকাই যোৱা নিজৰা, নাম জাবুনালা। বাৰিষা তাৰ ৰূপ সলনি হৈ পৰে।

Dali Bada, who makes multiple trips downhill and uphill over several hours every morning with her donkey, to fill water from a stream or pits dug by villagers, says: "... at times I feel that there's no god; if there was one, why would women like me die filling pots with water?'
PHOTO • Sramana Sabnam

ওখ পাহাৰটোৰ ওপৰৰ পৰা তললৈ ডালি বাড়াই নিজৰ গাধটো লগত লৈ দিনটোত একাধিকবাৰ অহা-যোৱা কৰে, তলৰ নিজৰা বা কুঁৱা এটাৰ পৰা পানী কঢ়িয়ায়, তেওঁ কয় ‘...কেতিয়াবা এনে লাগে, যেন ইশ্বৰ নাই, থাকিলে এনেদৰে আমাৰ দৰে মহিলাক পানী কঢ়িয়াই মৰিবলৈ দিলেহেঁতেন জানো?’

গাধটো ৰৈ যোৱালৈ আমি খোজ কাঢ়ি গৈ থাকিলো। গন্তব্যস্থল ক’ত, গাধটোৱে জানে। ডালি বাড়াই ৰছী এডাল উলিয়াই কলহটোৰ কানত গাঁঠি ল’লে আৰু কুঁৱাটোৰ ওপৰত পাৰি থোৱা গছৰ ডাল এডালৰ সোঁমাজত থিয় হৈ ল’লে। পানী প্ৰায় ২০ ফুটমান তলত আছিল। তেওঁ ৰছীডালত টানিবলৈ ধৰিলে। কলহটো উলিয়াই তাতে ভৰি অহা পানীখিনি দেখুৱাই মনটোত ফূৰ্ত্তি পালে। পানীখিনি দেখুৱাই তেওঁৰ মুখত বিজয়ৰ হাঁহি এটা বিৰিঙি উঠিল।

ৰাজস্থানৰ প্ৰখৰ ৰ’দত পানীৰ স্তৰ তললৈ নামে। ডালি বাড়াই কয় যে গ্ৰীষ্মকালটোত ইশ্বৰে মানুহৰ পৰীক্ষা লয়। ‘কিন্তু কেতিয়াবা এনে লাগে, যেন ইশ্বৰ নাই, থাকিলে এনেদৰে আমাৰ দৰে মহিলাক পানী কঢ়িয়াই মৰিবলৈ দিলেহেঁতেন জানো?’

ঘৰত পাওঁতে বাড়াজীয়ে পানীখিনি গাধৰ পিঠিৰ পৰা নমালে। ‘কোনো কাৰণতে সেই পানী অপচয় কৰিব নোৱাৰি,’ তেওঁ কয়। ডালি বাড়াই জিৰণি নলয়। তেওঁ পানী ভৰাবলৈ খালি পাত্ৰ বিচাৰিলে। তেওঁৰ ৩৪ বৰ্ষীয় পুত্ৰ কুলদীপ আহাৰিয়ে ৰাতি মাকৈ খুন্দা হাজিৰা কাম কৰি আহি শুই আছিল। নীৰৱ ঘৰখনত কেৱল শুনা গৈছিল বাড়াজীয়ে এটা ষ্টিলৰ পানীভৰ্ত্তি গিলাচৰ পৰা পানী পি খোৱাৰ শব্দ।

অনুবাদঃ পংকজ দাস

Sramana Sabnam

Sramana Sabnam is a postgraduate student of Gender Studies at Jamia Millia Islamia, New Delhi. She is from Bardhaman town in West Bengal, and likes to travel in search of stories.

Other stories by Sramana Sabnam
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das