মায়ে বেলকনিৰ তুলসীজোপাৰ গুৰিত সৰু চাকি এগছি জ্বলালে। মই জনা হোৱাৰে পৰা এইগছি চাকি জ্বলোৱা মই দেখি আহিছো। এতিয়া সত্তোৰোৰ্ধ মাৰ হাত-ভৰিবোৰ কঁপে, দোষ পাৰ্কিনচনৰ। চিত্তবিভ্ৰম ঘটা মায়ে ভাবে, চাকিগছিৰ পোহৰ কমিছে। পোহৰত উজ্বলি উঠা আনৰ বেলকনিবোৰ দেখিলে দীপান্বিতা উৎসৱ যেনেই বোধ হয়। মায়ে আচৰিত হৈ ভাৱে, আজি দেৱালী নেকি বাৰু? তাইৰ স্মৃতিশক্তিৰ ভৰসা নাইকিয়া হৈ আহিছে। কিন্তু এতিয়া সকলো পুনৰাই আন্ধাৰ হৈ পৰিছে, আগতকৈও বেছি তমসাচ্ছন্ন। চিনাকি যেন লগা মন্ত্ৰোচ্চাৰণ মাৰ কাণত পৰিছে, গায়ন্ত্ৰী মন্ত্ৰ হ’ব পাৰে। নে সেয়া হনুমান চালিচা? কোনোবাই এইমাত্ৰ ‘পাকিস্তান মুৰ্দাবাদ’ বুলি ক’লে নেকি?

তাই তৰাহীন আকাশখনলৈ চাই কঁপিছে। হঠাতে তাইৰ মনৰ ভিতৰতে যেন মানুহবোৰে কোৱা-কুইবোৰে হেন্দোলনি তুলিছে, তাইক উন্মাদ কৰি তুলিছে। পাওৰুটী বনোৱা মুছলমান দোকানীয়ে বীজাণুযুক্ত পাওৰুটী বিক্ৰী কৰা বুলি কোনোবাই তাইক সতৰ্ক হ’বলৈ কৈছে। থু পেলাই ৰোগ বিয়পাই ফুৰা মুছলমান পাচলি বেপাৰীজনৰ পৰা পাচলি নল’বলৈ কোনোবা এটা কণ্ঠই কৈছে। কোনোবাই তাইক একতাৰ চাকি জ্বলাবলৈ কৈছে। ভোকত চিৎকাৰ মৰা কণ্ঠ অন্তহীন পথৰ পৰা ভাঁহি আহিছে। প্ৰেম আৰু অনুকম্পাৰ ক্ষীণ কণ্ঠ ৰিণিকি ৰিণিকি তাইৰ কাণত পৰিছে। ঘোৰ তমসাৰ বতাহে তাইৰ চাকিগছি নুমুওৱাৰ চেষ্টা কৰিছে। তাইৰ মুৰটো আচন্দ্ৰাই কৰিছে, বিচনালৈ যাব বিচাৰিছে। কিন্তু ঘূৰি অহাৰ বাটটো অন্ধকাৰ। তাই কঁপি থকা হাত দুখনেৰে চাকিগছি আকৌ এবাৰ জ্বলাবলৈ চেষ্টা কৰিছে ...

সুধান্বা দেশপাণ্ডেয়ে নিজে আবৃত্তি কৰা কবিতাটো শুনিব পাৰে

PHOTO • Rahul M.

এগছি তমসাৰ চাকি

মই এগছি তেনেই সৰু চাকি জ্বলাইছো

কিন্তু সেয়া ঘোৰ তমসাৰ ৰূপ ল’লে !

কেনেকৈ?

কেনেকৈ খাপ পিটি ৰৈ আছিল সি

এতিয়ালৈ

ঘৰৰ সেই চুকটোত

আৰু এতিয়া এই তাণ্ডৱ নৃত্য

মোৰ চকুৰ সমুখতে

আৰু সকলোতে !

মই তাক বেচমেণ্টত

একেবাৰে তলত

ভাবুকি আৰু সকিয়নিৰে বান্ধি থৈছিলো।

মুৰত দিছিলো ভৰ

নিৰ্লজ্জতাৰ

যাতে ষড়যন্ত্ৰ ৰচিব নোৱাৰে সি।

মুখত লগাইছিলো লেকাম

তাৰ চকুৰ আগতে মাৰিছিলো

দুৱাৰৰ শলখা।

কেনেকৈ সি মুক্ত হ’ল?

কেনেকৈ ভাঙিলে সি প্ৰাচীৰ?

কেনেকৈ এই তমসাই

লজ্জাহীন হৈ, নাঙঠ হৈ ফুৰিব পাৰে?

কেনেকৈ ই কুঁৱলীয়ে ঢকা ভালপোৱাৰ শিখাক প্ৰশমিত কৰিছে?

ই সকলো পোহৰকে অন্ধকাৰলৈ ৰূপান্তৰ কৰে

ক’লা, বিষাক্ত ৰঙা,

আখেজীয়া আৰু ৰক্তাক্ত কৰে।

এসময়ত পোহৰ আছিল উষ্ম, হালধীয়া আৰু উজ্বল।

কোনে তাৰ মুৰৰ পৰা ভৰ আঁতৰালে?

কোনে শলখা খুলি দিলে?

কোনে লেকাম চিগি দিলে?

জিভাখন মুকলি কৰিলে?

কোনে জানিছিল

চাকিগছি জ্বলালে এন্ধাৰৰ এৰাল চিঙিব?

কবিৰ গুজৰাটী মূলৰ কবিতাটিৰ নিজে কৰা অনুবাদ।

শ্ৰাব্যঃ সুধান্বা দেশপাণ্ডে এগৰাকী অভিনেত্ৰী আৰু জন নাট্য মঞ্চৰ এগৰাকী পৰিচালক, লগতে লেফটৱৰ্ড বুকচৰ এগৰাকী সম্পাদক।

আলোকচিত্ৰঃ ৰাহুল এম.

অনুবাদঃ পংকজ দাস

Pratishtha Pandya

Pratishtha Pandya is a poet and a translator who works across Gujarati and English. She also writes and translates for PARI.

Other stories by Pratishtha Pandya
Translator : Pankaj Das

Pankaj Das is the translation editor for Assamese language in PARI. He works with UNICEF, Assam in the capacity of a localization expert. In his free time, he loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das