‘সাধাৰণতে মই ৪০-৫০ কিলোমিটাৰ বাট চাইকেল চলাই প্লাষ্টিকৰ সামগ্ৰী যেনে বাল্টি-বাতি আদি বিক্ৰী কৰো,’ নাগাপাট্টিনামৰ আৰাচুৰ নামৰ আদিবাসী বস্তিটোৰ ৩৩ বৰ্ষীয় এ. শিৱকুমাৰে কয়। তেওঁৰ বাবে এনে এটা দিন পুৱা ৫ বজাতে আৰম্ভ হয়। এখন নিজৰ সুবিধা মতে বনাই লোৱা চাইকেলত ৰং-বিৰঙী প্লাষ্টিকৰ সামগ্ৰী ৰছীৰে চাৰিওফালে মেৰিয়াই লৈ বোজাই কৰি বিক্ৰী কৰি তেওঁ জীৱিকা নিৰ্বাহ কৰে। এটা স্বাভাৱিক দিনত তেওঁ ৩০০-৪০০ টকা পায়, সেই টকাৰেই তেওঁ নিজৰ ছজনীয়া পৰিয়ালটো পুহিব লাগে। 

এই দিনকেইটা স্বাভাৱিক নহয়। 

তলাবন্ধৰ ফলত সেই কাম কৰিব নোৱাৰা হ’ল। এনেদৰে তেওঁৰ পৰিয়ালৰ আয়ৰ উৎসও বন্ধ হ’ল। কিন্তু ক’ভিড-১৯ৰ এই ক’লা ডাৱৰৰ মাজতো শিৱকুমাৰে আশাৰ পোহৰ দেখিছে। ‘ৱানবিল নাথাকিলে আমি ভোকত থাকিব লাগিবহেঁতেন।’

তামিল ভাষাত ৱানবিল মানে ৰামধেনু। এই জিলাখনৰ নাগাপাট্টিনাম খণ্ডৰ চিক্কাল গাঁৱৰ প্ৰাথমিক বিদ্যালয়খনৰ নাম হৈছে ৱানবিল। ২১ এপ্ৰিললৈ ৪৪ গৰাকী লোক ক’ৰণাভাইৰাছ পজিটিভ ধৰা পৰাত তামিলনাডুৰ নাগাপাট্টিনাম ক’ভিড-১৯ৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। 

স্কুলখনে ঘাইকৈ যাযাবৰ জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে আহাৰৰ যোগান ধৰে। স্কুলত পাঠদান বন্ধ থকা দিনবোৰত আৰাচুৰ আৰু আন গাওঁবোৰত শাক-পাচলিৰো যোগান ধৰে। তলাবন্ধৰ প্ৰভাৱ বাঢ়ি অহাৰ লগে লগে স্কুলখনে সহায় আগবঢ়োৱা পৰিয়ালৰ সংখ্যা ১,২২৮ টালৈ বৃদ্ধি পাইছে। তাৰে প্ৰায় ১,০০০ টা পৰিয়াল উপান্ত শ্ৰেণীৰ। অঞ্চলটোৰ হাজাৰ হাজাৰ লোকৰ বাবে এতিয়া এই স্কুলখনেই পেটৰ ভোক নিবাৰণৰ একমাত্ৰ স্থল।     

Vanavil school's volunteers are delivering groceries to 1,228 families from extremely marginalised groups in Arasur hamlet and villages of Nagapattinam block
PHOTO • Vanavil
Vanavil school's volunteers are delivering groceries to 1,228 families from extremely marginalised groups in Arasur hamlet and villages of Nagapattinam block
PHOTO • Vanavil

ৱানবিল স্কুলৰ স্বেচ্ছাসেৱকসকলে নাগাপাট্টিনাম খণ্ডৰ আৰাচুৰ বস্তি আৰু গাওঁবোৰৰ উপান্ত শ্ৰেণীৰ ১,২২৮ লোকলৈ পাচলি আগবঢ়াইছে 

ৱানবিলে যাযাবৰ জনজাতীয় লোকক সহায়েৰে কাম আৰম্ভ কৰিছিল। কিন্তু আন বহুতেই কষ্টত আছিল, আৰু ‘ত্ৰিচি (তিৰুচিৰাপ্পাল্লি) জিলাৰ গাওঁবোৰৰ পৰাও সহায়ৰ অনুৰোধ আহিবলৈ ধৰিছিল’, স্কুলখনৰ সঞ্চালক আৰু ৱানবিলৰ পৰিচালন ন্যাসৰক্ষী ৪৩ বৰ্ষীয় প্ৰেমা ৰেৱথিয়ে কয়। স্কুলখনৰ শৈক্ষিক কাৰ্যকলাপে নাগাপাট্টিনাম আৰু থিৰুভাৰুৰ জিলা সামৰি লয়। 

২৪ মাৰ্চত তলাবন্ধ ঘোষণা কৰাৰ দিনা স্কুলখনৰ পৰা প্ৰায়ভাগ ল’ৰা-ছোৱালীয়ে পৰিয়ালৰ মাজত থাকি ভাল পাব বুলি চিন্তা কৰি ঘৰলৈ পঠিয়াই দিয়া হয়, মাত্ৰ ২০ জনক ৰখা হয়, সেই বিশজনৰ কাৰণে ৱানবিলেই ঘৰ। পাঁচজনীয়া ষ্টাফ এটা স্কুল চৌহদতে থাকিল। তলাবন্ধৰ দিন বাগৰিব ধৰিলত, স্কুলৰ কৰ্মচাৰীয়ে বুজি উঠিল যে ল’ৰা-ছোৱালীবোৰ ঘৰত স্বাস্থ্যৱান হৈ নাথাকিব আৰু এনে কঠিন পৰিস্থিতি শাম কটাৰ পিছত স্কুললৈ উভতিব নোৱাৰিব। এনেদৰে তেওঁলোকে কেৱল ছাত্ৰ-ছাত্ৰী বা সিহঁতৰ পৰিয়ালেই নহয়, অতিশয় বঞ্চিত এক সমগ্ৰ শ্ৰেণীলৈ সেৱা আগবঢ়াবলৈ লয়।  

ৱানবিলে শৈক্ষিক দিশত ঘাইকৈ দুটা জনজাতীয় গোষ্ঠীক গুৰুত্ব দি আহিছেঃ আদিয়ান (আথিয়ান বুলিও মুখে মুখে প্ৰচলিত) আৰু নাৰিকুৰাৱাৰসকল। আদিয়ানসকল আকৌ বুম বুম মাট্টুক্কাৰাৰ (মানে বি.বি.এম., মাট্টুকাৰাৰ বা গৰখীয়াই দুমুখীয়া ডম্বৰুৰ আকৃতিৰ বাধ্যযন্ত্ৰ উৰুমিৰ পৰা হোৱা শব্দ বুম বুম) বুলি জনপ্ৰিয়। ভৱিষ্যতবাণী কৰা জীৱিকাৰ পৰা সেই নাম আহিছে। তেওঁলোকৰ খুব কমেই আজিকালি সেই পৰম্পৰা অব্যাহত ৰাখিছে। 

২০১১ৰ লোকপিয়লত উল্লেখ কৰা ৯৫০ ঘৰ পৰিয়ালতকৈ তেওঁলোকৰ সংখ্যা বেছি যেন বোধ হয়। ৰাজ্যখনৰ ভালেকেইখন জিলাত সিঁচৰিত হৈ থকা তেওঁলোকৰ জনসংখ্যা ১০,০০০ৰো অধিক হ’ব বুলি সামূহিক সংস্থাই কয়। প্ৰায়ভাগে আথিয়ান বুলি নিজৰ পৰিচয় দিয়ে। কিন্তু তেওঁলোকৰ জনজাতিৰ প্ৰমাণপত্ৰ নাই। শিৱকুমাৰকে ধৰি আৰাচুৰত অতিকমেও ১০০ ঘৰ বি.বি.এম. পৰিয়াল আছে। এই গোটেই শ্ৰেণীৰ লোকসকল আজি ৱানবিলৰ সহায়ত জীৱন নিয়াব পাৰিছে। 

মাৰিকুৰাৱাৰসকল আগতে চিকাৰী আছিল। আটাইতকৈ পিছপৰা শ্ৰেণী হিচাপে তেওঁলোক সূচীবদ্ধ আছিল। ২০১৬ত তেওঁলোকে জনজাতীয় শ্ৰেণী বুলি স্বীকৃতি পায়। ৱানবিলৰ শিক্ষাৰ্থীসকলৰ প্ৰায়ভাগেই বুম বুম মাট্টুক্কাৰাৰ জনজাতিৰ। 

Prema Revathi (left) with some of Vanavil's residents. Most of the school's students have been sent home, but a few remain on the campus (file photos)
PHOTO • M. Palani Kumar
Prema Revathi (left) with some of Vanavil's residents. Most of the school's students have been sent home, but a few remain on the campus (file photos)
PHOTO • M. Palani Kumar

ৱানবিলৰ কেইগৰাকীমান বাসিন্দাৰ সৈতে প্ৰেমা ৰেৱাথি (বাওঁফালে)। সৰহভাগ শিক্ষাৰ্থীকে ঘৰলৈ পঠিওৱা হৈছে, কেইজনমান স্কুল চৌহদতে আছে (ফাইল ফটো) 

ৱানবিল ন্যাসে বি.বি.এম. শিশুৰ হৈ কাম কৰে যাতে সেই শিশুবোৰে ভিক্ষা মাগি ফুৰিব নালাগে। তাৰবাবে তেওঁলোকে ন্যাসৰ চৌহদতে এখন স্কুল খুলিছে। ‘আন বহু যাযাবৰ জনগোষ্ঠীৰ দৰে ভালেমান কাৰণ যেনে দীৰ্ঘদিনীয়া দাৰিদ্ৰ্য, কম বয়সত বিয়া হোৱা, ভালেকেইবাৰ গৰ্ভধাৰণ, খাদ্যাভ্যাস আদিৰ বাবে তেনে জনগোষ্ঠীৰ শিশুৱে দীৰ্ঘদিনীয়া পুষ্টিহীনতাত ভোগে। সেয়ে আমি তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰো,’ ৰেৱাথিয়ে কয়। 

১১ম মানৰ ছাত্ৰী ১৬ বছৰীয়া এম. আৰথিৰ বাবে ছাত্ৰীনিবাসটোৱেই ঘৰ। ‘ইয়াতকৈ ভালদৰে বাখ্যা কৰিবলৈ মোৰ শব্দ নাই,’ তাই কয়। পিছে এখন প্ৰাথমিক বিদ্যালয়ত ১১ মানৰ ছাত্ৰীয়ে কি কৰিছে? স্কুলখনত পঞ্চমমানলৈ এক বৈকল্পিক শিক্ষণ পদ্ধতিৰে শিকোৱা হয়, তাৰোপৰি স্কুলখন আবাসিক স্কুল হিচাপেও পৰিচিত। চৰকাৰী হাইস্কুলত পঢ়ি থকা যাযাবৰ শ্ৰেণীৰ শিক্ষাৰ্থীক থকাৰ সুবিধা দিয়ে। আৰথিয়ে ৫ম মানলৈ ৱানবিলত পঢ়িছিল। এতিয়া তাই চৰকাৰী স্কুললৈ যায়, কিন্তু সদায় সন্ধিয়া তাইৰ ‘ঘৰ’খনলৈ উভতি আহে।

স্কুলখন পতা ১৫ বছৰমান হৈছে যদিও আৰথিৰ দৰে উপান্ত শ্ৰেণীৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাইছে। আগতে প্ৰায়ভাগ ল’ৰা-ছোৱালীয়ে ৫ম মানতে পঢ়া-শুনা এৰিছিল, ইয়াতে ৫ম মানলৈ পঢ়া চাৰিগৰাকীয়ে আগলৈ পঢ়া-শুনা আগবঢ়াই নিছে, স্নাতক উপাধি পাইছে আৰু কাম কৰি আছে। তিনিগৰাকীয়ে চেন্নাইৰ বিভিন্ন কলেজত পঢ়ি আছে। 

‘মই আন বহুতৰে দৰে পঢ়া আধাতে সামৰিব লাগিলহেঁতেন,’ চেন্নাইৰ এটা তথ্যপ্ৰযুক্তিৰ কোম্পানীত কাম কৰি থকা অভিযান্ত্ৰিক ডিগ্ৰীধাৰী পি. সুধাই কয়। ‘কিন্তু ৱানবিলে মোৰ জীৱন সলনি কৰি দিলে।’ নিজৰ সম্প্ৰদায়ৰ ভিতৰত প্ৰথম মহিলা স্নাতক সুধা ৱানবিলৰ এগৰাকী প্ৰাক্তন শিক্ষাৰ্থী। ‘ইয়াতে ব্যক্তিগত ৰূপত পোৱা যত্নই মোক অসম্ভৱক সম্ভৱ কৰি তোলাৰ শক্তি দিলে।’ 

Left: A Vanavil student prepares for a play. Right: Most of them are from the Boom Boom Maattukkarar community: 'The worst affected are children because they have lost their mid-day meals' (file photos)
PHOTO • M. Palani Kumar
Left: A Vanavil student prepares for a play. Right: Most of them are from the Boom Boom Maattukkarar community: 'The worst affected are children because they have lost their mid-day meals' (file photos)
PHOTO • M. Palani Kumar

বাওঁফালেঃ ৱানবিলৰ ছাত্ৰী এগৰাকীয়ে নাট এখনৰ বাবে প্ৰস্তুতি চলাইছে। সোঁফালেঃ সিহঁতৰ প্ৰায়ভাগেই বুম বুম মাট্টুক্কাৰাৰ সম্প্ৰদায়ৰঃ ‘আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে শিশুসকল, সিহঁতে মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হৈছে’ (ফাইল ফটো)

তলাবন্ধৰ আগেয়ে ৪৫ গৰাকী আবাসিক শিক্ষাৰ্থীৰ সৈতে মুঠ ৮১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ইয়াতে পঢ়িছিল। চৰকাৰী স্কুললৈ যোৱা ১০২ গৰাকী ছাত্ৰ-ছাত্ৰী ইয়াৰে ছাত্ৰাবাসত আছিল। ন্যাসৰ অধীনত গাঁৱে গাঁৱে ‘বিদ্যালয়োত্তৰ কেন্দ্ৰ’ও খোলা হৈছে, যাৰ অধীনত ৫০০ গৰাকী আন শিশুক প্ৰত্যেক সন্ধিয়া পুষ্টিকৰ খাদ্যবস্তু যোগান ধৰা হয়। কিন্তু এতিয়া ক্ৰমে বৰ্দ্ধিত হাৰত বিপদত পৰা পৰিয়াললৈ শাক-পাচলি পঠিয়াবলগীয়া হোৱা হেতুকে সেই কেন্দ্ৰবোৰত হেণ্ড চেনিটাইজাৰ মজুত কৰা হৈছে।

‘বহুকেইখন গাঁৱত এতিয়া মানুহে দিনে এসাজহে ভাত খাবলৈ পাইছে। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে শিশুবিলাক, সিহঁতে মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হৈছে। ৱানবিলত তেওঁলোকক খাদ্য খুওৱাটো সম্ভৱ নাছিল। প্ৰায়ভাগেই ঘৰলৈ গৈছে।’ ৰেৱাথিয়ে কয়। সেয়ে তেওঁলোকে এক জৰুৰীকালীন কাৰ্যসূচী আৰম্ভ কৰিছে। এখন মাত্ৰ স্কুলে কৰা এইটো বোধকৰো অতিকৈ জটিল কাম। কামৰ পৰিসৰ দ্ৰুতগতিত বাঢ়িছে আৰু উপান্ত শ্ৰেণীৰ বহু লোকেই পাচলি পাবলৈ ধৰিছে।  

বৰ্দ্ধিত চাহিদা পুৰাবলৈ ৱানবিলে বৰঙনি উঠোৱা অভিযান আৰম্ভ কৰিছে, যাতে নাগাপাট্টিনাম আৰু থিৰুৱাৰুৰ নখন গাওঁ আৰু থাঞ্জাভুৰ জিলাৰ এখন গাঁৱৰ ১,২৮৮ টা পৰিয়াল সামৰি ল’ব পাৰে। এতিয়া ট্ৰিচী জিলাৰো নতুন কেইটামান পৰিয়াল ৱানবিলে সামৰিছে। তাৰে মাজতে নাগাপাট্টিনামৰ ২০ জন ট্ৰান্স ব্যক্তি আৰু সেই পৌৰনিগমৰ ২৩১ গৰাকী সংৰক্ষণ কৰ্মীকো খাদ্যবস্তু দিয়াৰ চেষ্টা চলাইছে।  

ষাড়গৰুৰ জাক লৈ ফুৰা ভৱিষ্যতদ্ৰষ্টা বুম বুম মাট্টুক্কাৰাৰৰ কাহিনী কল্পকথাই অস্পষ্ট কৰি তুলিছে। তামিল নাডু আথিয়ান ট্ৰাইবেল পিপলচ্ ৱেলফেয়াৰ অৰ্গেনাইজেশ্যনৰ সচিব প্ৰধান কে. ৰাজুৱে কয়, ‘আমাৰ জনজাতীয় লোকৰ পূৰ্বপুৰুষসকলে শ শ বছৰ আগেয়ে বন্ধুৱা শ্ৰমিক হিচাপে কাম কৰিছিল বুলি আমি ভাবো। এবাৰ দুৰ্ভিক্ষ পৰাত ভূস্বামীসকলে তেওঁলোকৰ আশ্ৰিত শ্ৰমিকসকলক সিহঁতৰ গৰু-ম’হবোৰ গতাই এৰি দিলে।’ বি.বি.এম.ৰ আনসকল অৱশ্যে কেতিয়াও কৃষিকৰ্মত জড়িত নাছিল। 

‘আমি প্লাষ্টিকৰ সামগ্ৰী, নাইবা অপায়-অমংগল দূৰ কৰিবলৈ পুতলা আদি বিক্ৰী কৰো, নাইবা সৰু-সুৰা কাম কৰো, কিন্তু এতিয়া আমি শিক্ষাৰ প্ৰতি মন দিছো,’ সেইক্ষেত্ৰত ৱানবিলৰ অৰিহনা স্বীকাৰ কৰি ৰাজুৱে কয়। 

More than half of the primary school's students stay on the campus; it is also 'home' to 102 children attending government schools around Sikkal village (file photos)
PHOTO • M. Palani Kumar
More than half of the primary school's students stay on the campus; it is also 'home' to 102 children attending government schools around Sikkal village (file photos)
PHOTO • M. Palani Kumar

প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ আধাতকৈ বেছিসংখ্যকে স্কুল চৌহদতে থাকে। চিক্কাল গাঁৱৰ আশে-পাশে থকা চৰকাৰী স্কুললৈ যোৱা ১০২ গৰাকী শিক্ষাৰ্থীৰ বাবে ৱানবিলেই ঘৰ (ফাইল ফটো) 

জনজাতিৰ প্ৰমাণপত্ৰখন পোৱাটোৱেই ‘আমাৰ মানুহৰ বাবে দীৰ্ঘদিনীয়া সংগ্ৰামৰ ফল,’ ৰাজুৱে কয়। ‘ভালেমান গাঁৱত প্ৰমাণপত্ৰ পোৱাটো ৰাজহ খণ্ড বিষয়াৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে,’ প্ৰেমা ৰেৱথিয়ে কয়। 

২০০৪ৰ চুনামীৰ পিছতে ৱানবিল স্থাপন কৰা হৈছিল। যাযাবৰ পৰিয়ালবোৰৰ বিৰুদ্ধে চকুত পৰা ধৰণৰ বৈষম্যমূলক আচৰণৰ মাজতে ৱানবিলৰ প্ৰতিষ্ঠা হৈছিল। এনেদৰে সংস্থাটোৱে ২০১৫ত চেন্নাইৰ বানপানী আৰু ২০১৮ত গাজা ঘূৰ্ণীবতাহৰ আদি দুৰ্যোগৰ সময়ত উপান্ত শ্ৰেণীলৈ সহায় আগবঢ়োৱা কাম কৰি গ’ল। 

নাগাপাট্টিনামৰ আপ্পাৰাকুৰি বস্তিৰ ২৫ বছৰীয়া কে. এণ্টনি এগৰাকী বিৰল শিক্ষিত লোক। তেওঁ অভিযান্ত্ৰিক ডিগ্ৰীধাৰী, টেলিকম খণ্ডত কাম কৰে। তেওঁ ভাৱে যে ৱানবিল নাথাকিলে গোটেই চুবুৰীটোৱে ভোকত থাকিব লাগিলেহেঁতেন। ‘নাডাস্বৰম আৰু থাভিল (এবিধ ঘাত বাদ্য) বজোৱা বাদ্যযন্ত্ৰী আমাৰ মাজত আছে। কিন্তু তেওঁলোকো দিনহাজিৰা কৰা শ্ৰমিকহে। এনে সময় আমাৰ বাবে তেনেই কঠিন।’ এই বিদ্যালয়খনে তেওঁক সাহস দিছে, তেওঁ কয়। 

একেই সাহ পায় আৰথিয়েও। ‘মই ১১ম মানৰ পৰীক্ষা দিছো আৰু জানো যে উত্তীৰ্ণ হ’ম। মই পঢ়া শেষ কৰি শিক্ষক প্ৰশিক্ষণ পাঠ্যক্ৰমত নামভৰ্তি কৰিম।’ বোধকৰো ৱানবিলে ভৱিষ্যতে এজন শিক্ষকৰ বাবে অপেক্ষা কৰিছে। 

প্ৰচ্ছদ আলোকচিত্ৰঃ এম. পালানি কুমাৰ 

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Kavitha Muralidharan

কবিতা মুৰুলিধৰণ চেন্নাইৰ এগৰাকী স্বতন্ত্ৰ সাংবাদিক আৰু অনুবাদক। তেওঁ আগেয়ে ‘ইণ্ডিয়া টুডে’(তামিল)ৰ সম্পাদক আছিল। তাৰ আগেয়ে তেওঁ ‘দ্যা হিন্দু’(তামিল)ৰ প্ৰতিবেদন শাখাৰ মুৰব্বী আছিল।

Other stories by Kavitha Muralidharan