ক’ভিড-১৯ তলাবন্ধৰ এই সময়খিনিত পৰিয়ালটোক কেনেকৈ খুৱাব, সেই লৈ উদ্বিগ্ন হৈ পৰিছে ৰেচেনাহাল্লিৰ বস্তি অঞ্চলত বাস কৰা মাকটুম্বে এম.ডি. নামৰ মহিলাগৰাকী। ‘মোৰ স্বামীয়ে সপ্তাহত এবাৰ টকা পায়। তেতিয়া আমি খাদ্য-সামগ্ৰী ক্ৰয় কৰিবলৈ বজাৰলৈ যাও। যোৱা দুসপ্তাহ কোনেও টকা দিয়া নাই, আমি কোনো বস্তু ক্ৰয় কৰা নাই,’ বেংগালুৰু চহৰ বন্ধ হৈ পৰাৰ ১০ দিনৰ পিছত আমি যেতিয়া লগ পাও, ৩৭ বছৰীয়া গৃহিণী মাকটুম্বেই এইখিনি কথা আমাক কয়। তেওঁৰ স্বামী বৃত্তিধাৰী চিত্ৰকৰ, তেওঁ প্ৰতি সপ্তাহত সাধাৰণতে প্ৰায় ৩,৫০০ টকা উপাৰ্জন কৰে, কিন্তু ২৫ মাৰ্চত তলাবন্ধ আৰম্ভ হোৱাৰ সময়ৰে পৰা তেওঁ কাম পোৱা নাই।

তিনিটা সন্তানৰ পিতৃ-মাতৃ এই দম্পত্তিয়ে ১০ বছৰৰ আগতে কাম বিচাৰি বেংগালুৰুলৈ প্ৰব্ৰজিত হৈছিল। কৰ্ণাটকৰ বিজয়পুৰা (আগতে বিজাপুৰ)ৰ টালিকোটা (স্থানীয়ভাৱে টালিকোটি বুলিও কয়) চহৰৰ পৰা তেওঁলোক আহিছিল। মাকটুম্বেৰ স্বামী মৌলাছাব ডোদামণিয়ে প্ৰতি দেওবাৰে পোৱা টকাৰ ওপৰত নিৰ্ভৰ কৰি পৰিয়ালটো চলি থাকে। ‘আমি সপ্তাহত এবাৰ খোৱাবস্তুৰ বজাৰ কৰো- চাউল ৫ কিলো, তেল এক লিটাৰ, দাইল আৰু আন  বস্তু। এনেদৰে আমি চলি থাকো। সেয়া এতিয়া বন্ধ হৈ গ’ল। আমাক ক’লৈকো যাবলৈ নিদিয়ে। খোৱাবস্তু যোগাৰ কৰিবলৈ আমি ওলাই যাব বিচাৰো।’

উত্তৰ বেংগালুৰুৰ বস্তি কলনিটোৰ বাসিন্দা প্ৰব্ৰজিত মজুৰী শ্ৰমিকসকলক আমি ৪ এপ্ৰিলত সাক্ষাৎ কৰোতে তেওঁলোকে সমুখীন হোৱা বিভিন্ন ধৰণৰ কষ্টৰ কথা কয়। কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ সাহায্য আঁচনিৰ অধীনত প্ৰতিশ্ৰুতি দিয়া অনুসৰি সুলভ মূল্যৰ খাদ্য-সামগ্ৰী লাভ কৰিবলৈ প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক এজনো অৰ্হতাসম্পন্ন নহয়। বহুতৰ ৰেচন কাৰ্ড নাই। কিছুমানৰ আছে, কিন্তু সেইবিলাক তেওঁলোকৰ গাঁৱৰ ঘৰৰ ঠিকনাত পঞ্জীয়ন কৰা, মাণিক্যাম্মাই কয়। ৩০ বছৰীয়া মাণিক্যাম্মা উত্তৰ কৰ্ণাটকৰ ৰাইচুৰ জিলাৰ পৰা ইয়ালৈ আহিছিল। ‘সেইবিলাক ৰেচন কাৰ্ড বেংগালুৰত কামত নাহে।’ তেওঁ কয়।

‘আমি কাম নোহোৱাকৈ ভীষণ কষ্টৰ দিন কটাইছো। নান ধৰণৰ অসুবিধা ভোগ কৰিছো। আমাৰ সন্তান আছে, ঘৰ ভাড়া দিব লাগে, কিন্তু কেনেকৈ আমি এই খৰছবিলাক কৰিম?’ তেওঁ কয়। মাণিক্যাম্মা আৰু তেওঁৰ স্বামী হেমন্তই তলাবন্ধৰ আগলৈকে নিৰ্মাণ শ্ৰমিক হিচাপে কাম কৰিছিল, সাত বছৰৰ আগতে তেওঁলোকে বেংগালুৰুলৈ আহিছিল, তেওঁলোকৰ চাৰিটা সন্তান আছে। 

২৭ বছৰীয়া লক্ষ্মী এন. মাণিক্যাম্মাৰ দৰে প্ৰায় একে সময়তে ৰাইচুৰৰ পৰা বেংগালুৰুলৈ আহিছিল। তলাবন্ধৰ আৰম্ভ হোৱাৰ সময়লৈকে তেওঁ উত্তৰ বেংগালুৰুৰ নিৰ্মাণ ক্ষেত্ৰত কাম কৰিছিল। ‘আমি চিমেণ্ট তৈয়াৰ কৰো আৰু শিল ভাঙো। এই কামৰ বাবে আমি দিনে ৩০০ টকা উপাৰ্জন কৰো।’ তেওঁ কয়। ৰেচেনাহাল্লিৰ য’ত তেওঁ থাকে, তাতে অস্থায়ী চালি ঘৰৰ এটা কোঠাৰ ভাড়াৰ বাবদ তেওঁ ৫০০ টকা দিব লাগে। 

প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে বিভিন্ন কষ্টৰ কথা কয়। সুলভ মূল্যৰ চৰকাৰী খাদ্য-সামগ্ৰী পোৱাৰ বাবে তেওঁলোকৰ এজনো অৰ্হতাসম্পন্ন নহয়, বহুতৰ ৰেচন কাৰ্ডেই নাই 

ভিডিঅ’ চাওকঃ ‘আমাৰ হাত-ভৰি ভাঙি পেলোৱাৰ নিচিনা হৈছে। তলাবন্ধত আমাৰ এনে অনুভৱ হৈছে’

ঘৰ ভাড়াৰ উপৰি তলাবন্ধৰ সময়চোৱাত বয়বস্তুৰ মূল্য বৃদ্ধিৰ বাবে এই ঠাইত থকা সকলো উদ্বিগ্ন হৈ পৰিছে। ‘আমাৰ হাতত যদি একেবাৰে টকা নাথাকে, আমি যিকোনো বস্তু কেনেকৈ আনিম? আমি এটকাও সঞ্চয় কৰিব নোৱাৰো। কাম কৰি থাকোতে ঠিকেই থাকে। কিন্তু পোৱা টকা সিহঁতে হাতৰ পৰা লৈও যায়।’ ৩৩ বছৰীয়া সোণি দেৱীয়ে কয়। এপাৰ্টমেণ্ট চৌহদ এটাত তেওঁ ঘৰুৱা কাম কৰে, এইটো ৰেচেনাহাল্লিৰ ওচৰতে আছে। 

সোণিয়ে মাহে ৯,০০০ টকা উপাৰ্জন কৰে, অৱশ্যে এই মাহ (মে’ মাহ)ৰ পৰা তেওঁ পুনৰ আৰম্ভ কৰিছে, কিন্তু মাৰ্চ মাহৰ বাবদ তেওঁক মাত্ৰ ৫,০০০ টকা দিছে আৰু এপ্ৰিল মাহত একো নাপালে, কাৰণ তেওঁ কামলৈ যাব পৰা নাছিল। এপ্ৰিল মাহটো তেওঁৰ পৰিয়ালৰ বাবে বৰ কষ্টদায়ক আছিল। ১১ বছৰৰ তলৰ তেওঁৰ তিনিটা সন্তান আছে। তেওঁৰ স্বামী লক্ষণ সিঙে মাজে-সময়ে নিৰ্মাণ শ্ৰমিক হিচাপে কাম কৰে। কাম পোৱাৰ দিনা ৪৫০ টকা মজুৰী পায়। হৃদযন্ত্ৰৰ অসুখৰ বাবে সদায় কামলৈ যাব নোৱাৰে। মাকটুম্বেৰ দৰে এটা কোঠাতে পৰিয়ালটো থাকে, তেওঁৰ সমানেই ভাড়া দিয়ে। মাহে ২,০০০ টকা ঘৰভাড়া দিব লাগে। ১৩ বছৰীয়া ডাঙৰজনী ছোৱালীক নিজৰ পৰিয়ালৰ মানুহৰ লগত থৈ প্ৰায় ৯ মাহৰ আগতে সোণিৰ পৰিয়ালে ঝাৰখণ্ডৰ গিৰিধ জিলাৰ পৰা বেংগালুৰুলৈ আহিছিল। 

এপ্ৰিলৰ প্ৰথম ভাগত আমি যেতিয়া লগ পাইছিলো, তেতিয়া শাক-পাচলিৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ কথা তেওঁ কৈছিল। ‘এক কিলো পিয়াজৰ দাম আছিল ২৫ টকা, এতিয়া তলাবন্ধৰ বাবে ৫০ টকা হ’ল। এই বেমাৰ অহাৰ সময়ৰে পৰা আমি ঘৰত শাক-পাচলি ৰন্ধা নাই।’ কেইদিনমান কোনোবা এজনে কলনিৰ মানুহৰ বাবে খোৱাবস্তু পঠাইছিল। ‘আমি দিনত এবাৰ ৰান্ধি প্ৰস্তুত কৰি দিয়া খোৱাবস্তু পাইছিলো।’ সোণি দেৱীয়ে কয়।

শাক-পাচলি কি সেয়া আমি পাহৰি গৈছো! মাকটুম্বেই কয়। ‘মানুহে (একাংশ নাগৰিকে) দিয়া চাউলেৰেই আমি জীয়াই থাকিবলগা হৈছে।’ স্বেচ্ছাসেৱী সংগঠনে শুকান ৰেচনৰ টোপোলা দিছিল, সেয়া যথেষ্ট নাছিল। ‘কিছুমান মানুহে পাইছিল, কিছুমানে পোৱা নাছিল। সেই কাৰণে সমস্যা হৈছিল,’ তেওঁ কয়। 

‘কোনোবাই যদি খাদ্য-সামগ্ৰী আনিব বিচাৰে, তেওঁ সকলোৰে বাবে জনা উচিত, নহ’লে কাকো দিব নালাগে। ইয়াত আমি ১০০ৰো বেছি মানুহ আছো। এনেকৈ খোৱাবস্তু দিয়াৰ নামত আমাৰ নিজৰ মাজতে খোৱা-কামোৰা লগাব নালাগে।’ হতাশাত ভাঙি পৰা মাণিক্যাম্মাই কয়। 

১৪ এপ্ৰিলত যেতিয়া মই পুনৰ ৰেচেনাহাল্লিলৈ যাও, মহিলাসকলে মোক কয় যে ৪ এপ্ৰিলত মই তেওঁলোকক লগ পোৱাৰ কেইঘণ্টামানৰ পিছত এটা ঘটনা ঘটিছিল। 

‘কোনোবাই খোৱাবস্তু দিব বিচাৰিলে, সকলোকে দিব লাগে, নোৱাৰিলে কাকো দিব নালাগে। কোনোবাই পাব, কোনোবাই নাপাব, তেনেকুৱা কৰি আমাৰ মাজত খোৱা-কামোৰা লগোৱা উচিত নহয়’

ভিডিঅ’ চাওকঃ ‘এয়া কাজিয়া কৰাৰ সময় নহয়’

সেইদিনা সন্ধিয়া, কলনিৰ পৰা দুই কিলোমিটাৰ দূৰৰ অমৃতাহাল্লিৰ সমাজকৰ্মী জাৰীন তাজৰ ঘৰৰ পৰা ৰেচনৰ টোপোলা সংগ্ৰহ কৰিবলৈ বস্তি কলনিৰ বাসিন্দাসকলক কোৱা হ’ল। ‘স্থানীয় সমাজকৰ্মীগৰাকীয়ে আমাক ক’লে যে যিসকলৰ ৰেচন কাৰ্ড নাই, তেওঁলোকক দিয়া হ’ব। সেইকাৰণে আমি তালৈ গ’লো আৰু শাৰী পাতি থিয় হৈ থাকিলো,’ লক্ষ্মীয়ে ক’লে। 

তাৰ পিছৰ ঘটনা দেখি আচৰিত হোৱাৰ পাল। ‘কিছুমান মানুহে আহিল ওলাল আৰু চিঞৰব ধৰিলে যদিও আমি আমাৰ পাল পৰালৈ ৰৈ থাকিলো। সিহঁতে কলে যে কোনোবাই খাদ্য-সামগ্ৰী ল’লে মাৰ খাব। আমাৰ ভয় লাগিল আৰু একো নোকোৱাকৈ সেই ঠাইৰ পৰা ওলাই আহিলো,’ লক্ষ্মীয়ে ক’লে। 

সমাজকৰ্মী জাৰীনে কয় যে তেওঁৰ ঘৰৰ বাহিৰত ১৫-২০ জনমান মানুহ গোট খালে আৰু অপমানজনক কথা কৈ চিঞৰিলে। ‘আমি খাদ্য দিয়াৰ বাবে সিহঁত ক্ষুব্ধ হৈ পৰিছিল। সিহঁতে ভাবুকি দিলে আৰু এনেকৈ ক’বলৈ ধৰিলে, ‘সিহঁত সন্ত্ৰাসবাদী, সিহঁত নিজামুদ্দিনৰ পৰা আহিছে, সিহঁতে দিয়া খোৱাবস্তু নল’ব, আপোনালোক সংক্ৰমিত হ’ব।’’ 

পিছত ৬ এপ্ৰিলত যেতিয়া জাৰীন আৰু তেওঁৰ সাহায্য দিয়া সতীৰ্থসকলে দাসাৰাহাল্লিত খোৱাবস্তু বিতৰণ কৰিলে, তেতিয়া এদল লোকে অপমানজনক কথাৰে চিঞৰ-বাখৰ কৰি তেওঁলোকক ভাবুকি দিয়ে, আক্ৰমণ কৰে। ‘ক্ৰিকেট বেট লৈ এদল মানুহে আমাক ঘেৰাও কৰে, মোৰ পুত্ৰ বেয়াকৈ আহত হয়,’ তেওঁ কয়। 

১৬ এপ্ৰিলত জাৰীন তাজৰ সাহায্যকাৰীসকলে অৱশেষত ৰেচেনাহাল্লিৰ দিনমজুৰ শ্ৰমিকসকলক শুকান ৰেচনৰ টোপোলা দিবলৈ সক্ষম হয়। ‘পৌৰনিগমৰ স্থানীয় প্ৰতিনিধিয়ে বেংগালুৰ পৌৰ নিগম বি.বি.এম.পি.ৰ এখন গাড়ী যোগাৰ কৰি খাদ্যৰ টোপোলাবিলাক বিতৰণ কৰি দিবলৈ সহায় কৰি দিয়ে,’ সৌৰভ কুমাৰে কয়। জাৰীন তাজ আৰু তেওঁৰ সাহায্যকাৰী গোটৰ সৈতে কাম কৰা সৌৰভ এজন স্বেচ্ছাসেৱী। 

‘ঘৰত আমাৰ ল’ৰা-ছোৱালী এৰি গৈছো, এইবিলাকৰ কাৰণে ৰৈ থাকিব নোৱাৰো।’ মাকটুম্বেই পিছত মোক কয়। এই ঘটনা অতি বিৰক্তিদায়ক আছিল। ‘মই হিন্দু আৰু তেওঁ মুছলমান,’ সোণি দেৱীয়ে মাকটুম্বেলৈ আঙুলিয়াই কয়। ‘ইয়াৰ বাবে আমাৰ মাজত কি পাৰ্থক্য আছে? আমি প্ৰতিবেশী হিচাপে একেলগে বাস কৰো। আমাৰ সন্তানবোৰ মাতৃগৰ্ভৰ পৰা জন্ম পায়, নহয় জানো? (সাম্প্ৰদায়িক ৰাজনীতিৰ) চক্ৰবেহুত সোমাই থকাৰ সলনি আমি আমাৰ ক্ষুধা নিবাৰণ কৰিব লাগিব।’

‘আমাৰ অৱস্থা বিৰিণাৰ লেখীয়া হৈছে, মাজত মৰিছো। দুখীয়া মানুহৰ এয়ে গতি। সদায় আমিবিলাক এনে পৰিস্থিতিৰ বলি হৈ মৰিব লাগে।’ সোণি দেৱীৰ কথাৰ আঁত ধৰি মাকটুম্বেই কয়। 

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Sweta Daga

স্বেতা দাগা বেংগালুৰুৰ এগৰাকী লিখক আৰু ফটোগ্ৰাফাৰ আৰু ২০১৫ৰ পাৰি ফেল’। তেওঁ বিভিন্ন মাল্টিমিডিয়া প্লেটফৰ্মত কাম কৰে আৰু জলবায়ু পৰিৱৰ্তন, লিংগ আৰু সামাজিক অসমতাৰ ওপৰত লিখা-মেলা কৰে।

Other stories by Sweta Daga