সিহতৰ হাঁহিয়ে আমাৰ মনযোগ আকৰ্ষণ কৰিলে। কেইজনীমান ছোৱালীয়ে ৰছী জপিওৱা খেল খেলিছে, কেইটামান ল'ৰাই আকৌ ক্ৰিকেট খেলত ব্যস্ত হৈ পৰিছে। কিছুমানে ইফালে-সিফালে ঢপলিয়াই ফুৰিছে আৰু আন কিছুমানে ডাঙৰ খেলপথাৰখনত লগৰীয়াৰ খেল চাইছে।

পুণেৰ দাউণ্ড তালুকত পাৰিৰ গ্ৰিণ্ডমিল চংগছ প্ৰজেক্টৰ বাবে দৃশ্যগ্ৰহণ আৰু ৰেকৰ্ডিং সামৰো মানে মালথান গাঁৱৰ য়েওলে বস্তিৰ জিলা পৰিষদ প্ৰাথমিক বিদ্যালয়ৰ কণ কণ শিশুবিলাকৰ হাঁহি-স্ফুৰ্তিৰ শব্দ উফৰি আহি আমাৰ কাণত পৰিল।

ক্ৰিকেট খেল চলি আছে, খুব উত্সাহেৰে সকলোৱে খেলিছে। আমাক কেমেৰা হাতত লৈ সিহতৰ কাষ চপা চকুত পৰিছে যদিও বেটিঙত থকাজনে চকু ঘুৰাই বলটোলৈ মন দিছে আৰু কোবাইছে। ফিল্ডাৰে বল আনিবলৈ দৌৰিছে।

ছোৱালী কেইজনীমানে আমাক আগুৰি ধৰিছে। তেওঁলোকক গীত গোৱাৰ বাবে অলপ উত্সাহ লাগে। অৱ্শ্যে আৰম্ভণিতে সিহতৰ লাজকুৰীয়াই ভাৱ এটা আছিল। সিহতে গীতটো ঠিকে-ঠাকে সুৰ মিলাব পাৰিছে নে নাই সেয়া ইজনে-সিজনৰ চকুলৈ চাই নিশ্চিত কৰিলে। পাৰি দলটোৰ জীতেন্দ্ৰ মাইডে সিহতক খেল এটা শিকালে। খেলটোত ঘুৰণীয়া হৈ হাতে-হাত ধৰি গীত গাব লাগে আৰু নাচিব লাগে। তেওঁ গীতৰ প্ৰতিটো শাৰী আৰু নাচৰ ভংগী দেখুৱাই দিলে।

ভিডিঅ চাওকঃ 'আহা, মোৰ সৰু পুতলাটো, তোমাক মই গণনা কৰিবলৈ শিকাও, পুণে জিলাৰ দাউণ্ড তালুকৰ য়েওলে বস্তিৰ জিলা পৰিষদ প্ৰাথমিক বিদ্যালয়ৰ ছোৱালীবোৰে গীত জুৰিছে

“পঢ়া সামৰাৰ পিছতে এঘণ্টাৰ বাবে আমি সিহতক খেলিবলৈ দিও," সিহতৰ শিক্ষয়েত্ৰী সুনন্দা জগদলেয়ে কয়। স্কুলৰ অধ্যক্ষ সন্দীপ ৰাচালে আমাক অফিছ আৰু শ্ৰেণীকোঠা দেখুৱালে। "আমাৰ এটা কম্পিউটাৰ আছে আৰু আমি বিদ্যালয় ঘৰটো মেৰামতি কৰি আছো। অনুগ্ৰহ কৰি আপোনালোকে পৰা ধৰণে আমাক সহায় কৰক," তেওঁ কৈ আমাক কাষৰে চালিখনৰ তললৈ লৈ গ'ল। তেওঁ সেইখনকে তেওঁলোকৰ 'আধুনিক' পাকঘৰ বুলি কয়। পাকঘৰটো চাফা, দানাবোৰ বস্তাৰ পৰিৱৰ্তে টিনৰ বাকচত ভালদৰে মজুত কৰা হৈছে। তাতে সিহতৰ বাবে মধ্যাহ্ন ভোজন প্ৰস্তুত কৰা হয়।

বিদ্যালয়খনত ৪৩ জন ছাত্ৰ-ছাত্ৰী আছে। তাৰে ২১ জনী ছোৱালী আৰু ২২ জন ল'ৰা। আটাইৰে বয়স ৬ ৰপৰা ১০ বছৰ। প্ৰায়বোৰৰে ঘৰ মালথানত, কিছুমান আকৌ চুবুৰীয়া মুগাওঁ গাঁৱৰ। "মালথাত দশম শ্ৰেণীলৈকে সুবিধা থকা এখন বিদ্যালয় আছে। প্ৰাথমিক বিদ্যালয়ৰপৰা ওলোৱাৰ পিছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই তালৈকে যায়," ৰাচালে আমাক ক'লে।

নতুন শ্ৰেণীকোঠা এটা সাজু কৰি থকা হৈছে। বিশৃংখল মজিয়াখনৰ অ'ত-ত'ত ৰঙৰ টিনবোৰ পৰি আছে। তাতে এখন পুৰণি শাৰীৰ গাৰু সাজি শিশু এটা শুই আছে। "সেইজনী মোৰ সৰু ছোৱালী। আমাৰ ডাঙৰজনী ছোৱালীয়েও এইখন স্কুলতে পঢ়ে," সুনন্দাই কয়। অধ্যক্ষ আৰু শিক্ষয়েত্ৰীগৰাকীয়ে বিয়া পাতিছে। দম্পত্তিহালে বিদ্যালয়খন ভাল কৰাৰ আশাৰে উত্সাহ-উদ্যমেৰে স্কুলখন চলাইছে। সেই দম্পতিহালেই সিহতৰ শিক্ষক। তেওঁলোক দাউণ্ডত থাকে। সেয়া স্কুলখনৰপৰা ৬৫ কিলোমিটাৰ দুৰৈত। প্ৰত্যেকদিনাই কাৰ লৈ তেওঁলোকে বিদ্যালয়লৈ আহে।

Young boys standing together outside school
PHOTO • Binaifer Bharucha
Girls skipping under the tree on their school playground
PHOTO • Binaifer Bharucha

প্ৰত্যেকদিনাই আবেলি ২১ জনী ছোৱালী আৰু ২২ জন ল'ৰাই বিদ্যালয়খনৰ খেলপথাৰত খেলৰ সেই এঘণ্টা সময়ত ঠাহ খাই পৰে

এইফালে যুৱ ক্ৰিকেটাৰকেইজনৰ মাজত কোনে বেটিং কৰিব তাকে লৈ টনা-আজোৰা লাগিছে। এজনে আকৌ তাৰে মাজতে ইংগিত দিছে যে আলহী আহিছে হেতুকে আচৰণ ভাল কৰিব লাগে। ফলত হাতে-হাতে লগা যুঁজখনৰ ইমানতে আধ্যা পৰিছে।

৩ বজাত খেলৰ সময় সমাপ্ত হোৱাৰ লগে লগে শিক্ষকে ল'ৰা-ছোৱালীহতক সিহতৰ বহা ঠাই পৰিপাটি কৰি বেগ-বটল লৈ খেলৰ ৰছীবোৰ সামৰি, বেট-বল নিৰ্ধাৰিত স্থানত থ'বলৈ কয়। প্ৰত্যেকৰে ল'ৰা-লৰি লাগে। সকলো সামৰি-সুতৰি ল'ৰা-ছোৱালীবোৰে শাৰী পাতি থিয় হয়। দৈনিক ৰুটিন হিচাপে সিহতে তেতিয়া বন্দে মাতৰম গীতটো গায়।

Teachers standing outside school
PHOTO • Samyukta Shastri

সুনন্দা জগদলে আৰু তেওঁৰ স্বামী সন্দীপ ৰাচালে লগ লাগি গৌৰৱেৰে স্কুলখন চলায়

শেষৰ 'ভাৰত মাতা কি জয়' শ্লোগানটো আওৰাওতে অলপ খেলি-মেলি হয় আৰু শিক্ষক অতিষ্ঠ হৈ চিন্তাত পৰে। জগদলে সেয়া ভালদৰে আওৰাবলৈ সিহতক কৈছে আৰু নেতৃত্ব ল'বলৈ এজন জ্যেষ্ঠ ছাত্ৰক দায়িত্ব দিছে। দ্বিতীয়বাৰৰ চেষ্টাও বিফলে গ'ল আৰু সভা ভংগ হোৱাৰ উপক্ৰম হ'ল। সিহতে অধ্যক্ষৰ কাষ চাপিলে আৰু সোধেঃ "ছাৰ, আমাৰ আজিৰ বাবে হোমৱৰ্ক কি?"

“আজি আমি গন্তি কৰিবলৈ শিকিছো। তোমালোকে শিকা হিচাপত ১০০ বা ৫০০ লৈকে লিখি আনিবা," ৰাচালে কয়। নম্বৰবোৰে ভিন্ন শ্ৰেণীক বুজায়। আটাইবোৰ ল'ৰা-ছোৱালীয়েই একেটা শ্ৰেণীকোঠাতে পঢ়ে।

“ছাৰ, আমি ১ লাখলৈকে গন্তি কৰিবলৈ শিকিছো, গতিকে আমি ১ লাখলৈকে লিখিব লাগিব, নহয় জানো? চতুৰ্থ শ্ৰেণীত পঢ়া জ্যেষ্ঠ ছাত্ৰ এজনে সুধিলে।

সুনন্দা জগদলে আৰু তেওঁৰ স্বামী সন্দীপ ৰাচালে লগ লাগি গৌৰৱেৰে স্কুলখন চলায়

অভিভাবকসকল আহি পাইছে আৰু কিছুমান ছাত্ৰ-ছাত্ৰীয়ে চাইকেল, স্কুটাৰ বা মটৰবাইকৰ পিছৰ চিটত বহি বিদায় লৈছে। আনবোৰে মজিয়াত বহি অপেক্ষা কৰিছে। আমাৰ পৃথিৱীখনলৈ সেই কণ কণ ছাত্ৰ-ছাত্ৰীয়ে লৈ অহা আনন্দৰ উম লৈ আমি বিদায় মাগিলো।

অনুবাদঃ ৰশ্মি ৰেখা দাস

ৰশ্মিৰেখা দাস এগৰাকী সাংবাদিক তথা অসমীয়া অনলাইন বাতৰিৰ প’ৰ্টেল newsnextone.com ৰ ৱেব এডিটৰ। তেখেতৰ মেইল আইডি হৈছে

নমিতা ৱায়কাৰ এগৰাকী লিখক, অনুবাদক আৰু পাৰিৰ ব্যৱস্থাপনা সম্পাদক। তেওঁ এটা ৰসায়ন বিজ্ঞান ডাটাবেছৰ অংশীদাৰ আৰু এগৰাকী জৈৱৰসায়নবিদ তথা চফটৱেৰ প্ৰকল্প প্ৰৱন্ধক হিচাপেও কাম কৰিছে।

Other stories by Namita Waikar