সেইটো আছিল সম্পুৰ্ণৰূপে মহিলাৰ এটা গোট। প্ৰায়সকলৰেই বয়স ৬০ ৰ আশে-পাশে। হাতত আছিল দা-কুঠাৰ। আমি এনে দৃশ্য এটা আশা কৰা নাছিলো। আমি তামিলনাডুৰ থানজাবুৰ জিলাৰ থিৰুবাইৰু খণ্ডৰ কিলাথিৰুপন্থুৰুথি গাঁৱত আছিলো।

মে মাহৰ এটা শুষ্ক আৰু গৰম দিনত গাঁওখনৰ সৰু সৰু আলি-গলিবোৰত আমি ঘুৰি ফুৰিছিলো। সেয়া আছিল থানজাবুৰ চহৰৰপৰা ৪০ কিলোমিটাৰ দুৰৈত। তাতে আমি ভাৰত বিকাশৰ এখন ভিন্ন ৰূপ দেখিবলৈ পাইছিলো। আটাইবোৰ মহিলাই এমএনৰেগা (মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ গেৰাণ্টি আইন)ৰ চাইটত কাম কৰি আছিল। তাৰে বহুকেইজনেই আছিল নিশকতীয়া আৰু ভাগৰুৱা। তেঁওলোক আটায়ে আছিল ভূমিহীন অথবা প্ৰান্তীয় খেতিয়কৰ ঘৰৰ। তেওঁলোক আছিল অৰ্থনৈতিকভাবে পিছপৰা জাতিৰ অথবা দলিত জাতৰ। তাতে কেইজনমান বুঢ়া শ্ৰমিকো আছিল।

"এই গোটটোত ১০০ গৰাকীমান মহিলা আছে," গোটটোৰ নেত্ৰী আৰু গাওঁ পঞ্চায়তৰ সদস্য ৪২ বৰ্ষীয় জে আনন্থিয়ে আমাক ক'লে।

মোৰ হাতত তেওঁলোকে কাম কৰি থকা ফটো নাই। আমাক দেখাৰ লগে লগে তেওঁলোকে কাম কৰা বন্ধ কৰিলে। তেওঁলোকে যেতিয়া মোক আৰু মোৰ সংগীজনক আগুৰি ধৰিলে আৰু সিহতৰ পইছা বিচাৰিলে, তেতিয়াহে আমি বুজিলো যে তেওঁলোকে আমাক ভুলতে চৰকাৰী মানুহ বুলি ভাবিছে।     

চৰকাৰে সিহতৰ মজুৰীবোৰ দুই-তিনিমাহ ধৰি আদায় দিয়া নাছিল। সিহতৰ কিছুমানে কোৱামতে সিহতে পাবলগীয়া টকা ১০ ৰপৰা ১৫ হাজাৰমান হৈছিল। কেন্দ্ৰীয় চৰকাৰে এমএনৰেগাৰ পুঁজি ৰাজ্যবোৰলৈ আৱণ্টন কৰাত পলম হোৱা কাৰণে আৰু ২০১৬ চনৰ ডিচেম্বৰ মাহত জে জয়ললিতাৰ মৃত্যুৰ পিছৰ ৰাজনৈতিক অস্থিৰতাৰ বাবে এনে পৰিস্থিতিয়ে দেখা দিছিল।

কিলাথিৰুপন্থুৰুথি হৈছে এসময়ৰ সেই উৰ্বৰা কাবেৰী বদ্বীপৰ সোমাজতে থকা শ শ গাঁৱৰ ভিতৰৰ এখন। এয়া এনে এটা অঞ্চল যিয়ে সম্প্ৰতি তীব্ৰ খৰাঙৰ সমুখীন হৈ বিধ্বস্ত হৈ পৰিছে। এইবছৰ জুলাই-ছেপ্তেম্বৰ মাহৰ দক্ষিণ-পশ্চিম মৌচুমী বতাহ এতিয়াও ভালদৰে অহা নাই। শস্য উত্পাদন তড়িত গতিত হ্ৰাস পাইছে আৰু একেদৰে আয় আৰু কামো কমি আহিছে।


PHOTO • Parth M.N.

উৰ্বৰা কাবেৰী বদ্বীপৰ সোমাজতে থকা শ শ গাঁৱৰ এখন হৈছে কিলাথিৰুপন্থুৰুথি, মৌচুমী বতাহৰ অনুপস্থিতি আৰু তাৰ সমান্তৰাল খৰাং বতৰৰ ফলত খেতিপথাৰ উছন হৈছে

ইয়াৰে ডেকা-ডেকেৰীবোৰ নগৰমুখী হৈছে। থাঞ্জাভুৰ চহৰ, কুইম্বতোৰ, থিৰুপ্পুৰ অথবা চেন্নাইলৈ তেওঁলোক অধিক মজুৰীৰ আশাত গুছি গৈছে, আনন্থিয়ে কয়। বৰষুণ নহ'লে তেওঁলোক ঘুৰি নাহে। "এইবছৰ খেতিৰপৰা একো লাভ নহ'ল (২০১৬-১৭), বৃদ্ধ মহিলায়ো সেয়ে জীৱিকাৰ বাবে কাম কৰিবই লাগিব," তেওঁ কয়। এয়া বৰ কঠিন সময়, তেওঁৰ উপলব্ধি।

আপুনি কি কাম কৰি আছিল, আমি সুধিলো। স্থানীয় উত্সৱ অহাৰ আগেয়ে ৰাস্তাবোৰ চাফা কৰা আৰু বহল কৰা, আনন্থিয়ে আমাক ক'লে। বৃদ্ধ মহিলাসকলে কিয় কাম কৰিবলগা হৈছে? "এই খৰাঙত সকলোবে কাম কৰিবলগা হৈছে," তেওঁ ক'লে।

যোৱা দুটা বছৰত খেতিৰ বাবে পৰিৱেশ নাইকিয়া হৈ গৈছে, মহিলাকেইগৰাকীয়ে আমাক ক'লে। খাল-বিল, নদীত পানী নাহে, মৌচুমী বতাহো নাহিল, বৰৱেলবোৰো শুকাই গ'ল- এনেদৰে কৃষি ব্যৱস্থা একেবাৰে ভাগি পৰিল।

"এটাই ভৰসা হৈছে ১০০ দিনীয়া কাম," মহিলাসকলৰ মাজৰ এগৰাকীয়ে মাত দিলে। "আমাৰ হাতত নগদ ধন নাই।" তামিলনাডু চৰকাৰে এমজিএনৰেগাৰ কৰ্মদিন ১৫০ দিনলৈ বঢ়াইছে, অৱশ্যে এতিয়াও এই ঠাইবোৰত সেয়া ১০০ দিনীয়া কাম বুলিয়েই কোৱা হয়'।

"মোৰ ল'ৰা-ছোৱালীকেইটা বাহিৰলৈ ওলাই গৈছে, মই আছো ইয়াতে," বয়স ৬২ বুলি ক'লেও দেখাত তাতোকৈ বেছি বয়স হোৱা যেন লগা মানিক্কাৱালীয়ে কয়। তাতে কেইগৰাকীমান গাভৰুও আছিল, সিহতে সিহতৰ সৰু ল'ৰা-ছোৱালীবোৰক চোৱাচিতা কৰি আছিল।

কৰ্মক্ষেত্ৰখন প্ৰতিগৰাকী মহিলাই এদিনৰ কামৰ বাবদ ১২০ ৰপৰা ১৫০ টকা প্ৰতিদিনে মুঠ ১৫০ দিনৰ বাবে লাভ কৰিব, আনন্থিয়ে ক'লে। কিন্তু সেয়া আদায় দিয়াত পলম হৈছে। "মানুহবোৰে দুমাহ ধৰি মজুৰী পোৱা নাই," তেওঁ অভিযোগৰ সুৰত ক'লে।

গাঁৱে গাঁৱে, বদ্বীপটোত আৰু কাবেৰী নৈৰ পাৰে পাৰে য'তে কাম পায় তাতে এমএজিএনৰেগাৰ কাম কৰি খৰাঙৰ সৈতে যুঁজ দিয়া বৃদ্ধ মহিলা আমাৰ চকুত পৰিছিল।

"ইয়াৰে আমাৰ নাটে, কিন্তু আমাৰ হাতত কৰিবলৈ একো নাই হেতুকে যি আছে সেয়াৰেই চলাব লাগিব," ভুমিহীন পৰিয়ালৰ বয়োজেষ্ঠ মহিলা পুষ্পাৱালীয়ে কথা।

মাটী থকা গৰাকীবোৰৰেই যেতিয়া ইমান বিলৈ হৈছে, মাটি নথকাবোৰৰ কি অৱস্থা হ'ব পাৰে আপুনি কল্পনা কৰিব পাৰেনে, তেওঁৰ প্ৰশ্ন?

ফটোবোৰঃ জয়দীপ হাৰ্ডিকাৰ

অনুবাদকঃ ৰশ্মি ৰেখা দাস

ৰশ্মিৰেখা দাস এগৰাকী সাংবাদিক তথা অসমীয়া অনলাইন বাতৰিৰ প’ৰ্টেল newsnextone.com ৰ ৱেব এডিটৰ। তেখেতৰ মেইল আইডি হৈছে

Jaideep Hardikar

জয়দীপ হাৰ্ডিকাৰ হৈছে নাগপুৰৰ একেধাৰে সাংবাদিক আৰু লিখক, লগতে পৰি(PARI)ৰ ঘনিষ্ঠ টিম মেম্বাৰ।

Other stories by Jaideep Hardikar