সেই কথা লৈ কোনো ভুল ধাৰণা নাছিল। তাতে এটা হাতী আছিল। এজন মানুহ তাৰ পিঠিৰ ওপৰত বহি আছিল। আমি আটাইকেইজন সৰগুজা-পলামুৰ সীমান্তৱৰ্তী এলেকাত এটা নিজান পৰিৱেশত খোজ কাঢ়ি আছিলো, তেতিয়াই সেই মানুহ আৰু জন্তুটোক আমি দেখিছিলো। আমি তিনিওজনে ইজনে সিজনক সুধি কথাটো নিশ্চিত কৰিলো। অৱশ্যে আমাৰ মাজৰ কাৰো তেনেকুৱা লৰালৰি নাছিল যে ওচৰলৈ গৈ কথাটো ভালদৰে জানি লও।

এই কথাটোক লৈ দলীপ কুমাৰ অসন্তুষ্ট হ'ল। তেখেতে মোক লগ পাবৰ বাবে ছন্দৱাৰপৰা ইয়ালৈকে আহিছিল। তেওঁ ক'লে যে আমাৰ ব্যৱহাৰ-পাতি অদ্ভুত আছিল। "আমি এই একেটাই দৃশ্য যদি পাটনা বা ৰাঁচীৰ কোনো নগৰ এলেকাত দেখিলোহেঁতেন, তেতিয়া একো আখজা নালাগিলহেঁতেন। এয়া হাবি। এয়া হাতীৰে এলেকা আৰু আমি বুৰ্বকামি কৰি আছো।"

আৰু বোধকৰো আমি বুৰ্বকামিয়ে কৰি আছো। সেয়া হাবি আছিল। নিশ্চয়কৈ দলীপৰ কথা শুদ্ধ আছিল। কথাই-কাজে মিলিবৰ জোখাৰে তেওঁ নিজেই উত্সাহ হেৰুওৱা বুলি নিজমুখে স্বীকাৰ কৰিছিল। ইয়াৰ উপৰিও অলপ সময়ৰ বাবে আমি এই কথাত নিশ্চিত হ'বপৰা নাছিলো যে তাৰে ওপৰত মানুহ এজন বহি আছিল।

কিন্তু তেতিয়ালৈ আমাক মানুহজনে দেখিছিল। তেওঁ উত্সাহেৰে আমালৈ চাই হাত জোকাৰিলে আৰু তেওঁৰ সেই বৃহদাকাৰ বাহনখন আমাৰ ফালে ঘুৰাই দিলে। তাইৰ নাম পাৰ্বতী আছিল আৰু তাই সিমানখিনি শান্ত স্বভাৱৰ আছিল যে তাইক যিকোনো ঠাইতে লগ কৰিবপৰা যায়। তেওঁৰ নামো মিলি যোৱাধৰণৰেই আছিল- প্ৰভু। তেওঁ তাইক এনে এটা মন্দিৰলৈ লৈ গৈ আছিল যি ঠাইৰ কথা আমি আগতে শুনা নাছিলো। তেওঁ সেই অঞ্চলটোৰ আটাইবোৰ মন্দিৰত এপাক ফুৰা বুলি আমাক ক'লে। তাতে তেওঁ অলপ ধনো ঘটিব পাৰিলেহেঁতেন। উত্সৱ-পাৰ্বণ থাকিলে দুপইছা বেছিকৈও পাব পাৰি। ইয়াৰ উপৰিও ৰাস্তাত পোৱা গাওঁবোৰত মানুহবোৰে খোৱাবস্তু আৰু টকা-পইছা দিছিল।

প্ৰভুৱে ক'লে যে তেওঁ মধ্যপ্ৰদেশৰ সৰগুজাত থাকে। অৱশ্যে তেওঁ আৰু পাৰ্বতী পলামুৰ সীমাৱৰ্তী এলেকাত অহা-যোৱা কৰি থাকে। দিল্লী, গোৱা আৰু নাগালেণ্ড একলগ কৰি দিলে যিমান ডাঙৰ হ'ব সিমানখিনি কেৱল সৰগুজা জিলাখনেই আগুৰিব। পলামু বিহাৰত পৰে**। দুয়োখনেই ৰাজ্যৰ দুখীয়া জিলাৰ তালিকাত পৰে। অৰ্থাত দুয়োখন ঠাইতে দুখীয়া লোকৰ সংখ্যা অধিক। কিন্তু সম্পদৰ ফালৰপৰা দুয়োখন ঠায়েই সমৃদ্ধ। 

পাৰ্বতীৰ জাত ভাল। অতীতৰ যুদ্ধবোৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে সৰগুজাৰ হাতীবোৰ প্ৰসিদ্ধ। জিলা পত্ৰিকাত প্ৰকাশিত তথ্য মতে "মধ্যযুগত হাতী আছিল শক্তিৰ আটাইতকৈ গুৰুত্বপুৰ্ণ উত্স। সেয়ে ছত্তীশগড়ৰ সৰগুজা ৰাজ্য ছত্তীশগড়ৰ অন্যতম কেন্দ্ৰ আছিল। তাৰেপৰাই হাতীবোৰ মগাই নিয়া হৈছিল। ইয়াৰ আধাৰতে মালৱাৰ চুলতানসকল আৰু সৰগুজাৰ শাসকসকলৰ মাজত সম্পৰ্ক নিৰ্ধাৰিত হৈছিলঃ "তেওঁলোকে হাতীৰ নিৰন্তৰ যোগানৰ আশ্বাস দিছিল।"

সৰগুজাত প্ৰভুত্ব বিস্তাৰ কৰাটোত মালৱা সাম্ৰাজ্যই দৰাচলতে এইটো কাৰণতে গুৰুত্ব দিছিল। কিন্তু তেওঁলোকক দেখি সেয়া অনুধাৱন কৰাটো কঠিন হৈ পৰে য়ে প্ৰভু আৰু পাৰ্বতীৰ পুৰ্বপুৰুষসকল কেনেদৰে ইমান ভয়ংকৰ আৰু যুদ্ধপিপাসু কেনেদৰে হ'ব পাৰে। প্ৰভুক বিনয়ী আত্মা যেন লাগে। ইফালে পাৰ্বতীক যোদ্ধা যেন অনুমান কৰিব পাৰি, শহাপহু যেন। (আপুনি যদি এটা ডাঙৰ, বহু ডাঙৰ, শান্তিপ্ৰিয় শহাপহু কল্পনা কৰিব পাৰে)।

আশে-পাশে যাযাবৰ চিন্তাধাৰা

দলীপ, মই আৰু অম্বিকাপুৰৰপৰা*** ভাড়াত অনা প্ৰাচীন জীপখনৰ চালকজনে এনে এখন গাওঁ বিচাৰি ফুৰিছিলো যিখন আমি নাপালো। আমি জীপখন এটা সৰু বিৰহোৰ চুবুৰীত পাৰ্ক কৰি থলো। বীৰহোৰসকল হৈছে হো, চান্তাল অথা মুণ্ডকসকলৰ দৰে অষ্ট্ৰো-এছিয়া মূলৰ ভাষিক গোটৰ এটা অতি প্ৰাচীন জনজাতি। চোতানাগপুৰ এলেকাৰ এই যাযাবৰ জাতিটোৰ লোকসকলৰ পলামু, ৰাঁচী, লোহাৰদাগা, হাজাৰিবাগ আৰু সিংভুমৰ আশে-পাশে আহ-যাহ। তেওঁলোক হেৰাই যাবধৰা এটা জাতি, আজিৰ দিনটোত বোধকৰো ২ হাজাৰতকৈও কম সেই জাতিৰ লোক বাচি আছে।

বিৰহোৰৰ এই ঠালটোৱে আমাক এখন এনে চিত্তাকৰ্ষক গাঁৱৰ কথা ক'লে যিখন সিহতৰ মতে 'ওচৰতে' আছে। এতিয়া কেইবামাইলো খোজ কাঢ়ি এটা কথা উপলব্ধি কৰিছো যে যাযাবৰ লোকৰ 'এই ওচৰতে' বুলি কোৱা কথাষাৰ মানি লোৱাটো কিমান মাৰাত্মক প্ৰমাণিত হ'ব পাৰে। অসুবিধাত পেলোৱা জীপখন আমি বিৰহোৰসকলৰ দায়িত্বতে এৰি আহিলো আৰু খোজকাঢ়িয়ে আগবাঢ়িলো।

চালকজনেও আমাৰ সৈতে যাবলৈ ওলাইছিল। বিৰহোৰসকলৰ চেহেৰা দেখি তেওঁ ভয়তে তত হেৰাইছিল। এতিয়া আকৌ পাৰ্বতীৰ ৰূপ দেখি তেওঁ ভয় খাইছে। দলীপে মাজতে চালকজনৰ ৰং-ঢঙৰ কথাক লৈ স্পষ্ট মন্তব্য কৰিছিল যদিও মানুহজন আমাৰ দৰেই আগবাঢ়ি গৈ থাকিল।

প্ৰভুৱে আমাক হাতীৰ পিঠিত উঠিবলৈ ক'লে। আমি ততালিকে মানি ল'লো। সেইখিনি সময়ত মই পৰিবহনৰ বিভিন্ন ধৰণৰ মাধ্যম হিচাপ কৰাত লাগিলো, যিবোৰ মই ১৯৯৩ৰ মাজভাগত কেইমাহমান আগতে মোৰ প্ৰকল্পটো আৰম্ভ কৰাৰ দিনধৰি ব্যৱহাৰ কৰি আহিছো। তাতে দেশীয় নাও আৰু ভেলৰপৰা আৰম্ভ কৰি ৰেলগাড়ীৰ ওপৰত উঠালৈকে অন্তৰ্ভুক্ত। তালিকাখনত হাতী নাছিল। অলপ দুৰ যোৱাৰ পিছত আমি প্ৰভুৰ সৈতে কথা পাতিবলৈ আৰম্ভ কৰিলো। গাওঁখনৰ সন্ধানৰ কথাটো তল পৰি থাকিল। ইয়াতে বাস্তবতঃ সময়খিনি আমোদজনক হৈ উঠিল। 'আৰু ওচৰতে'। পাৰ্বতীক কেনেদৰে তেওঁ যতন লয়, সেই বিষয়ে আমি জানিব বিচাৰিলো।

বিশেষজ্ঞ সাক্ষাতকৰ্তাৰ কৌশল প্ৰয়োগ কৰি কথা জানিবলৈ আমাক প্ৰায় ডেৰ ঘণ্টাৰ প্ৰয়োজন হ'ল, কিন্তু বিশেষ একো শিকিব নোৱাৰিলো। প্ৰভু হাঁহিমুখীয়া হ'লেও চতুৰ আছিল। তেওঁ কোৱামতে হাতীটোৱে খুব ভাল জীৱনেই কটায়, তাইৰ খোৰাকী মানুহৰপৰা আৰু মন্দিৰৰ হোৱা মেলাৰপৰাই পায়। দেশৰ কিছুমান অংশৰ বাবে এই কথা সত্য হ'ব পাৰে। কিন্তু এই ঠাইত এই এয়া সঁচা কথা নহবও পাৰে। "তুমি ***# মিছা কথা কৈছা," দলীপৰ মুখৰপৰা ওলাল। "এই জন্তুটোক ২০০ কিলো ঘাঁহ লাগে। তাৰোপৰি অইন বিভিন্ন আহাৰো লাগে। তুমি কি কৰিব লাগে, মই কও। তুমি এই হাতীটোক কাষৰে শস্যৰ পথাৰত চৰিবলৈ এৰি দিব পাৰা, কি কোৱা?"

এয়াই বোধকৰ সঁচা কথা। প্ৰভুৱে সেয়া পোনচাটেই নাকচ কৰিলে। "আমি এই হাতীটোৰো সাক্ষাতকাৰ ল'ব লাগিব," দলীপে ক'লে। "তায়েই কিজানি সঁচা কথা ক'ব। তেওঁ তাইক খুৱাবলৈ হাবিৰ বেছি ভিতৰলৈ যাব নোৱাৰে। তাতে বনৰীয়া হাতী আৰু অইন জীৱ-জন্তু ওলাব। নাই, তেওঁ পথাৰখনেই লুটে। তেওঁ তাইক উলিয়াই লৈ যায় আৰু শস্যপথাৰবোৰ নষ্ট কৰে।" আমি তাইৰ আহাৰ আৰু খৰছৰ কথাবোৰ পাতি থকাৰ মাজতেই পাৰ্বতীয়ে তাইৰ শুঁৰডাল প্ৰভুৰ মুৰৰ ওপৰত ৰাখি প্ৰভুৰ লগত খেলা কৰি থাকিল। তাই যে প্ৰভুক ভাল পায়, সেই কথা স্পষ্ট দেখা গ'ল। তেওঁ যদি পথাৰখন লুটি নিয়ে, তেন্তে তেওঁ ভালেই কৰে।

এটা সময় আছিল যেতিয়া ডাঙৰ ডাঙৰ মানুহে এওঁলোকৰ সেৱা উপভোগ কৰিছিল। একালৰ কথা যেতিয়া পাৰ্বতীক সুন্দৰ পোচাকেৰে সুসজ্জিত কৰি ধুনীয়া কৰি তোলা হৈছিল। অৱশ্যে শেষবাৰ তেওঁলোকে তাইক আদৰি লোৱাৰ সময়ত খুব বেছি ভাল মুনাফা পোৱা নাছিলো। "মালিকে মুঠ টকাৰ ৫০ টকা কাটি ৰাখিলে," প্ৰভুৱে ক'লে। "পাৰ্বতী সিদিনা লঘোণে আছিল। তাই খাবলৈ একো নাপাই শেষত তাতে থকা খোৱাবস্তুৰে কিবা অলপ খাই পেলালে।" কথাখিনি কৈ তেওঁ তাইৰ সুৰডালত থাপৰ এটা মাৰিলে। বোধকৰো ৫০ টকাৰ লোকচান গণি সেয়া কৰিলে। তাই আকৌ খৰ খৰ কৰি মৰম যঁতালে। বোধকৰো সেই বিয়াখনৰ খোৱাবস্তুৰ কথা মনত পৰিল।

"এবাৰ এজন মানুহ আহিল আৰু ক'লে যে তেওঁ পাৰ্বতীক শোভাযাত্ৰা এটাৰ বাবে ভাড়াত নিব খোজে। তেওঁৰ নেতাজনে নিৰ্বাচনত উঠিছে। কিন্তু সেয়া নহ'লগৈ। তেওঁ ক'লে যে কিছুমান মানুহে তেওঁক পাৰ্বতীৰ বিষয়ে বেয়া কথা ক'লে। ক'লে যে তাই ভৰসাৰ যোগ্য নহয়," তেওঁ দুখমনেৰে ক'লে।

তেওঁলোকে সেই সময়ত অসুবিধাত পৰা নাছিল নেকি যেতিয়া পাৰ্বতী গাঁৱত সোমোৱা দেখি মানুহে মানুহৰ মনত উত্সাহৰ সৃষ্টি কৰিছিল? এবাৰ এনেকুৱা হ'ল যে কুকুৰৰ এটা জাকে পাৰ্বতীক আগুৰি ধৰিলে আৰু কামুৰিবলৈ উদ্যত হ'ল। তাই ভয় খালে আৰু পিছুৱাই যাবলৈ চেষ্টা কৰিলে। তাই ঘৰ এটাত লুকাবলৈ চেষ্টা কৰোতে ঘৰটোৰ অলপ ক্ষয়-ক্ষতি হ'ল। তাকে দেখি ঘৰটোৰ মালিকৰ বহুত খং উঠিল।"

আমি কিছু সময়ৰ বাবে তভক মাৰি ৰ'লো। যিঘৰ মানুহৰ তাত পাৰ্বতী সোমাইছিল সেইঘৰ মানুহ কেনে আছিল? সেই ঘটনাটোৰ পিছত ঘৰটো দেখিবলৈ কেনে হৈ পৰিছিল? মানুহজনৰ খং উঠিছিল নে মৃত্যুৰ কথা ভাবি ভয়ত বিতত হৈ পৰিছিল?

এনেতে প্ৰভুৱে ক'লে, "এখন গাঁৱৰ মানুহে পাৰ্বতীক শিল মাৰিছিল…"

"আহ্!" দলীপে জয় হোৱাৰ দৰে ক'লে। "সেয়া নিশ্চয় তুমি পথাৰবোৰ লুটি নিয়াৰ পিছত কৰিছিল।"

"নহয়, নহয়। আমি সিহতৰ পথাৰবোৰৰ মাজেৰে পাৰ হৈ আছিলো। মোৰ ভাব হৈছিল যে তাৰে কিছুমান মানুহ নিচাগ্ৰস্ত আছিল। সিহতে শিল মাৰিছিল। আমি অইন এটা দিশত পলাই গৈছিলো। দুৰ্ভাগ্যজনকভাৱে তেতিয়া আন্ধাৰ নামিছিল। আৰু আমি অইন এটা বস্তিত প্ৰৱেশ কৰিছিলো। আৰু পাৰ্বতীৰ খোজবোৰ খৰ হৈ আহিছিল। তাতেও মানুহবোৰে ভয় খাইছিল। তাই মুঠেই আক্ৰমণাত্মক হোৱা নাছিল। সিহতে নিজেই ভয় খাইছিল আৰু চিয়ঁৰিবলৈ আৰম্ভ কৰিছিল।"

আন্ধাৰ ৰাতি এটা বৃহদাকাৰ হাতী আহি সোমালে কেনে লাগিব আমি কল্পনা কৰি আচৰিত হৈছিলো। আমি বোধকৰো শিল নামাৰিলোহেঁতেন। কিন্তু ভয় খাই চিয়ঁৰাটো আমাৰ কাৰ্যতালিকাত নিশ্চয়কৈ থাকিলহেঁতেন।

এটা হাতীক কেনেদৰে খুৱাব?

আমি এই বিষয়ত যিমানেই চৰ্চা কৰো, পাৰ্বতী আৰু প্ৰভুৰ সমস্যাটো সিমানেই জটিল যেন অনুভৱ হ'বলৈ ধৰে। সৰগুজাত সৰহভাগ লোকেই ভালদৰে পেট পুৰাই খাবলৈয়ে নাপায়। এনে পৰিস্থিতিত হাতী এটাক কেনেদৰে খুৱাব পাৰিব? নে পাৰ্বতীয়ে যিখিনি উপাৰ্জন কৰে সেইখিনিৰে প্ৰভুৰ ভাতসাজ আহে নেকি? হাতীৰ বাদেও, সৰগুজা দৰিদ্ৰতাৰ কাৰণেও বিখ্যাত (নে কুখ্যাত)।

চুলতান, মোগল, মাৰথা আৰু বৃটিছ- সকলোৱে এই অঞ্চলটোত আটাইতকৈ কম কৰ লাভ কৰিব পাৰিছিল। চুলতান আৰু মোগলসকলে হাতীৰ বিনিময়তে বিষয়টো সমাধা কৰিছিল। আনকি ১৯১৯ চনত যেতিয়া ইংৰাজসকলে চুবুৰীয়া ৰাজ্যবোৰত ধেৰ টকা আদায় লৈছিল, তেতিয়াও ইয়াৰপৰা খুব কম টকাই লৈছিল। তেওঁলোকে প্ৰতিবৰ্ষ হিচাপ সৰগুজা, কোৰিয়া আৰু ছাংগ ভাখৰ এলেকাৰ পৰা ক্ৰমে ২৫০০, ৫০০ আৰু ৩৮৭ টকাহে লৈছিল।

১৮ শতিকাৰ শেষৰ কেইবছৰমানত মাৰাথিসকলে সামন্তবাদী প্ৰথা উত্খাত কৰিছিল, সেই ৰাজ্য পুৰ্বতে সৰগুজাৰ শাসন চলিছিল। আনকি শক্তিশালী মাৰাথীসকলেও সম্পুৰ্ণৰুপে সেই অঞ্চল দখললৈ আনিবপৰা নাছিল, কিয়নো সেই অঞ্চলটো সম্পুৰ্ণৰুপে নিয়ন্ত্ৰণলৈ অনাটো তেওঁলোকৰ বাবে কঠিন আছিল। তাৰ পৰিৱৰ্তে কোৰিয়াৰ ৰজাৰপৰা মাত্ৰ তেওঁলোকে ২০০০ টকা দাবী কৰিছিল। সিমানখিনি টকাও দিব নোৱাৰিব বুলি জানি তেওঁলোকে সেই ৰাশি ২০০ টকালৈ কমাই দিছিল আৰু সতৰ্কতাবাণী স্বৰুপে ভালেমা্ন পশুধন তেওঁলোকৰ লগত লৈ গৈছিল। সোনকালেই জিলাৰ গেজেট অনুসৰি নিষ্ঠুৰ মাৰাথা ৰজাই এই কথা বুজিলে যে ৰজাই এটা টকাও দিব নোৱাৰে। শেষত তেওঁলোকে পাঁচটা সৰু ঘোৰা, তিনিটা বলদ আৰু এটা গাইগৰুক লৈয়ে সন্তুষ্ট হ'বলগীয় হয়।"

তাৰপিছত তেওঁলোকে লুটি নিয়া কিছু গৰু-মহ আদি কামত নাইকিয়া বুলি জানি মুকলি কৰি দিছিল আৰু আনকি ঘুৰাই দিছিল। শত্ৰুতা সমাপ্ত কৰি মাৰাথাসকল অহাবাটে উভতিছিল।

এনেস্থলত কোনোবাই সৰগুজাত হাতীক কেনেদৰে খুৱাব পাৰিব? তেনে অৱস্থাত য'ত হাতীটোক হাবিৰ ভিতৰলৈ নিবও পৰা নাযায়। আমি আনকি আগতে কাষচপা উত্তৰটোৰো কাষ চাপিবপৰা নাছিলো। এটা অন্তিম প্ৰয়াস আমি জোৰ কৰি চালো। আমি সেয়া আৰম্ভ কৰি দিলো।

আমি প্ৰভুৰ সৈতে বাদ-বিবাদ কৰিলো আৰু তেওঁৰপৰা শুদ্ধ উত্তৰ জানিবলৈ চেষ্টা কৰিলো। আচৰিত ধৰণৰ মিঠামুখ আৰু বাধাৰ মাজতে, তেওঁ আমাৰ প্ৰশ্নৰ উত্তৰবোৰ বিশদভাৱে জনালে, আমাক একো নক'লে। পাৰ্বতীয়ে সেই সকলোবোৰ কথা মৃদু আৰু আনন্দচিত্তে পৰ্যবেক্ষণ কৰিলে।

এঘণ্টা পিছত, সিহত নিজৰ ৰাস্তাত উঠিল। "আন এটা মন্দিৰলৈ," মই ক'লো। "কাৰোবাৰ পথাৰ লুটিবলৈ," দলীপে ক'লে।

তেওঁ যিয়েই নকৰিলে, তেওঁ ২০০ কিলো ঘাঁহৰ লগতে অইন খাদ্যও যোগাৰ কৰিছিল। কেৱল সেয়া কেনেদৰে কৰিছিল সেয়া আমি নাজানো।

*পৰভু অথবা প্ৰভু মানে হৈছে শিৱৰ আন এটা নাম, যিজন পাৰ্বতীৰ সংগ (অথবা পাৰ্ৱতী)।

**পিছলৈ সেয়া ঝাৰখণ্ডৰ এটা অংশ হৈ পৰিছিল।

***সৰগুজাৰ জিলা মুখ্যকাৰ্যালয়, এতিয়া ছত্তীশগড়ত।

স্কেটচসমূহঃ প্ৰিয়ংকা বোৰাৰ

প্ৰিয়ংকা বোৰাৰ এগৰাকী নিউ মিডিয়া শিল্পী আৰু গৱেষক, মাধ্যমটোৰ প্ৰদৰ্শনমূলক প্ৰকৃতিৰ ওপৰত তেওঁৰ ৰুচি। তেওঁ ইণ্টাৰেক্টিভ মিডিয়াৰ কাম কৰে, কিন্তু স্কেটচ তৈয়াৰ কৰাতো তেওঁৰ প্ৰথম প্ৰেম, আৰু কমিকচত তেওঁৰ ৰুচি বাঢ়িছে।

এই কাহিনীটোৰ এটা সংস্কৰণ ভিন্ন স্কেটচৰ সৈতে ইণ্ডিয়া মেগাজিনত ১৯৯৮ চনৰ ছেপ্তেম্বৰত প্ৰকাশ পাইছিল, আৰু পিছলৈ পেংগুইন বুকত প্ৰকাশ পাইছিল। আন কৰবাতঃ Unusual takes on India, সম্পাদনা কাই ফ্ৰাইজিৰ, ২০০০ চনৰ অক্টোবৰ মাহত। 

Translated by: Rashmi Rekha Das

পি.সাইনাথ পেওপ্লেস’ আর্কাইভ অফ্ রুরাল ইন্ডিয়া –র প্রতিষ্ঠাতা-সম্পাদক। তিনি ‘এভরিবডি লাভস্ আ গুড ড্রট’-এর লেখক এবং কয়েক দশক ধরে গ্রামীণ-প্রতিবেদক।

Other stories by P. Sainath