চাল-চলন অনুকৰণ কৰি দেখুৱাই ৰূপেশ্বৰ বড়োৱে হলৌ বান্দৰৰ বিষয়ে আমাক বৰ আগ্ৰহেৰে কৈছিল। এই প্ৰজাতিৰ বান্দৰৰ মাত উলিয়াবলৈ তেওঁ যত্ন কৰিছিল। সিহঁতে ইডালৰ পৰা সিডাল গছলৈ কেনেদৰে জপিয়াই যায়, সেয়াও তেওঁ আমাক অংগি-ভগি কৰি দেখুৱাইছিল।

বড়োক আমি লগ পাইছিলো লোহাৰঘাট আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত। বনবিভাগৰ কাৰ্যালয়ত তেওঁ গাড়ীচালক হিচাপে কাম কৰে। অৱশ্যে তেওঁ স্বীকাৰ কৰে যে হলৌ বান্দৰ কেতিয়াও তেওঁ দেখা নাই। ‘মোৰ ঘৰৰ পৰা এই বৃহদাকাৰ প্ৰাণীৰ চিঞৰ-বাখৰ বহুবাৰ শুনিছো। কিন্তু সিহঁত আমাৰ গাঁৱৰ ওচৰে-পাজৰে কেতিয়াও নাহে। দূৰৰ পাহাৰত মৰা সিহঁতৰ চিঞৰ আমি শুনো,’ তেওঁ কয়। অসমৰ কামৰূপ জিলাৰ মুদুকি নামৰ তেওঁৰ গাওঁখন ৰাণী বনাঞ্চলৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ দুৰত আছে। অসমীয়া টেলিভিছন চেনেলত সম্প্ৰচাৰিত হলৌ বান্দৰ সম্পৰ্কীয় প্ৰতিবেদন চাই বড়োৱে ইহঁতৰ অংগি-ভংগি অনুকৰণ কৰিছিল।

যোৱা বছৰৰ ৮ ডিচেম্বৰত বৰদুৱাৰ সংৰক্ষিত বনাঞ্চল (ৰাণী বনাঞ্চলৰ গাতে লাগি থকা) লৈ যাত্ৰা কৰা গোৱালপাৰা ফটোগ্ৰাফিক ছ’চাইটিৰ সদস্যসকলে এহাল পশ্চিম-দেশীয় হলৌ বান্দৰ দেখিছিল। স্থানীয় মানুহে ‘বনমানুহ’ বুলি কোৱা হলৌ বান্দৰ অসম-মেঘালয় সীমান্তৰ বনাঞ্চলত দেখা পোৱা এক বিৰল ঘটনা।

ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বনাঞ্চল তথা বাংলাদেশৰ পূৰ্বাঞ্চল আৰু উত্তৰ-পশ্চিম ম্যানমাৰত বসবাস কৰা এই প্ৰজাতিৰ হলৌ বান্দৰক প্ৰকৃতি সংৰক্ষণৰ আন্তৰ্জাতিক সংস্থা আই ইউ চি এনৰ ৰঙা তালিকাৰ সংকটজনক প্ৰজাতি হিচাপে তালিকাভুক্ত হৈছে। পূব-দেশীয় হলৌ বান্দৰ (Hoolock leuconedys) অৰুণাচল প্ৰদেশ আৰু অসমৰ কেইটামান অঞ্চল তথা দক্ষিণ চীন আৰু উত্তৰ-পূৱ ম্যানমাৰত বসবাস কৰে। আই ইউ চি এনৰ তালিকাত এই প্ৰজাতিক অসুৰক্ষিত বুলি তালিকাভূক্ত কৰা হৈছে।

“দীঘল আৰু ক্ষীণ হাত থকা হলৌ বান্দৰ এবিধ বেগৱান প্ৰাণী; কেতিয়াবাহে মাটিৰে খোজ কাঢ়ে। গছত দোলা দি সঞ্চালনৰ উদ্দেশ্যে এজোপা গছৰ পৰা আন এজোপা গছলৈ যোৱা কাৰ্যক ব্ৰেচ্চিয়েচন (brachiation) বুলি কোৱা হয়, দোলা দি ঘণ্টাত ৫৫ কিলোমিটাৰ বেগেৰে ছয় মিটা পৰ্যন্ত এবাৰতে সঞ্চাৰণ কৰিব পাৰে!” ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ-ইণ্ডিয়াই এই বৈশিষ্ট লিপিবদ্ধ কৰিছে।
'With long and slender arms, hoolock gibbons are swift creatures, barely needing to step on the ground. They swing from tree to tree at speeds upto 55 km/hr, covering upto six meters in just one swing'
PHOTO • Abhilash Rabha

‘দীঘল আৰু ক্ষীণ হাত থকা হলৌ বান্দৰ বেগী প্ৰাণী, কেতিয়াবাহে মাটিত ভৰি দিয়াৰ প্ৰয়োজন হয়। সিহঁতে ওলোমা দি ঘণ্টাত ৫৫ কিলোমিটাৰ পৰ্যন্ত বেগেৰে ছয় মিটাৰ পৰ্যন্ত এবাৰত অতিক্ৰম কৰি ইজোপা গছৰ পৰা সিজোপালৈ যায়

চয়ানি-বৰদুৱাৰ উন্নয়ন খণ্ডত থকা পশ্চিম কামৰূপ বন সংমণ্ডলৰ অংশ বৰদুৱাৰ বনাঞ্চলত ভ্ৰমি ফুৰোতে গোৱালপাৰা ফটোগ্ৰাফিক ছ’চাইটি (জি পি এছ)ৰ সদস্যসকলে হলৌ বান্দৰৰ দেখি ফটো তুলিছিল। গোৱালপাৰা জিলাৰ দুধনৈ নগৰৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আৰু জি পি এছৰ সদস্য ইন্দ্ৰনাৰায়ন কোঁচ সেইদিনাৰ অভিযানত আছিল। গুৱাহাটীৰ এটা বৈদ্যুতিম সংবাদ মাধ্যমে সম্প্ৰচাৰ কৰা তেওঁলোকৰ অভিযানৰ প্ৰতিবেদনৰ অংশবিশেষ তেওঁ আমাক দেখুৱালে। অসমৰ ৰাজধানী দিছপুৰৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ নিলগৰ ১ নং জুপাংবাৰী নামৰ দুৰ্গম সৰু গাওঁখনত আমি তেওঁক সাক্ষাৎ কৰিছিলো। পাৰিপাৰ্শ্বিক শিবিৰ এটা স্থাপন কৰিবলৈ তেওঁ এদল যুৱকক লগত লৈ বস্তি এখন মুকলি কৰাত ব্যস্ত হৈ আছিল।

অৰণ্যত গিবন বিচাৰি উলিওৱা ফটোগ্ৰাফাৰৰ দলটোৰ আন এজন সদস্য বিশ্বজিত ৰাভাৰ ঘৰ এই বস্তিটোৰ গাতে লাগি আছে। স্থানীয় হস্তশিল্পী বিশ্বজিতে প্ৰথমবাৰৰ বাবে এই বৃহদাকাৰ প্ৰাণীবিধ দেখিছিল। “মই ইয়াত (১ নং জুপাংবাৰীত) দেখা নাছিলো। এয়া অতিকৈ বিৰল। গভীৰ অৰণ্যৰ মাজত আমি সিহঁতক দেখিছিলো,” ৰাভাই কয়।

“আমি প্ৰায় চাৰি ঘণ্টামান ফটো তুলি অৰণ্যৰ মাজত সোমাই পৰিছিলো। কোনো এক মুহূৰ্তত অজয় ৰাভা (জি পি এছৰ সদস্য)ই আমাৰ পৰা প্ৰায় ৩০ ফুটমান দূৰত গছৰ পাত আৰু ডাল লৰি থকা দেখিলে আৰু আমাক ইংগিত দিলে। হলৌ বান্দৰটো শাল গছৰ মাজত আছিল। আমি অলপ আগবাঢ়ি যোৱা দেখি বেগেৰে আতৰি গ’ল, কিন্তু আমি তাক দেখিলো- এটা ক’লা হলৌ বান্দৰ।” জি পি এছৰ সদস্য তথা গাহৰিপালক কামৰূপ জিলাৰ চুকুনিয়াপাৰা গাঁৱৰ ২৪ বছৰীয়া অভিলাষ ৰাভাই কয়।

“২০১৮ৰ পৰাই সাৰংগধৰ ৰাভাৰ নেতৃত্বত সেই এলেকাত (বৰদুৱাৰ) আমি হলৌ বান্দৰৰ সন্ধান চলাই আহিছিলো আৰু অৱশেষত ২০১৯ৰ ৮ ডিচেম্বৰত বিচাৰি পালো,” জি পি এছৰ প্ৰতিস্থাপক সদস্য বেঞ্জামিন কামানে কয়। দুধনৈস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ ভূমি আৰু জল সংৰক্ষণ অভিযান্ত্ৰিকৰ তেওঁ এজন কাৰিকৰী বিষয়া। “আমি আগতে হলৌ বান্দৰৰ চিঞৰ শুনিছিলো, কিন্তু আগতে সিহঁতৰ ভিডিঅ’ বা ফটো তুলিব পৰা নাছিলো। সিদিনা আমি সিহঁতক দেখিলো, এই বৃহদাকাৰ প্ৰজাতিটোৰ সংৰক্ষণৰ বাবে হস্তক্ষেপ কৰি কিবা পদক্ষেপ চৰকাৰে গ্ৰহণ কৰাটো আমি বিচাৰো,” কামানে কয়।

বৰদুৱাৰৰ পৰা প্ৰায় ১২৫ কিলোমিটাৰ দূৰৰ গোৱালপাৰা জিলাৰ হুলু কান্দা পাহাৰত (যি পাহাৰত হলৌৱে কান্দে) এসময়ত গিবনৰ বসতি আছিল, কামানে কয়। অসমৰ বানাবিধ্বস্ত ধেমাজি জিলাত কামানৰ পুৰণি ঘৰ। “২০১৮ত হুলু কান্দাৰ জংঘললৈ আমি বহুবাৰ গৈছিলো, কিন্তু সেই ঠাইত গিবনৰ কোনো সন্ধান উলিয়াব নোৱাৰিলো,” তেওঁ কয়। মেঘালয়-অসম সীমান্তৱৰ্তী গোৱালপাৰা জিলাৰ ৰংজুলি ব্লকৰ গাওঁবোৰত হলৌ বান্দৰৰ সন্ধানত অভিযান চলাইছিল যদিও বিচাৰি পোৱা নাছিল।

'It was the first time that Biswajit Rabha, a member of the photography group (to the right is the machan to spot elephants on his land), was seeing the ‘giants’. “I haven't seen any here [inJupangbari No. 1]. This is very rare'
PHOTO • Ratna Baruah
'It was the first time that Biswajit Rabha, a member of the photography group (to the right is the machan to spot elephants on his land), was seeing the ‘giants’. “I haven't seen any here [inJupangbari No. 1]. This is very rare'
PHOTO • Ratna Baruah

ফটোগ্ৰাফাৰ গোটৰ সদস্য বিশ্বজিত ৰাভাই (সোঁফালে তেওঁৰ কলখেতিলৈ বুলি অহা হাতীৰ গতিবিধি চাবলৈ তৈয়াৰ কৰা টঙিঘৰ) প্ৰথমবাৰৰ বাবে হলৌ বান্দৰ দেখিলে। “মই ইয়াত (১ নং জুপাংবাৰীত) দেখা নাছিলো। এয়া অতিকৈ বিৰল”

“বাসস্থান হেৰুওৱা আৰু অৰণ্য খণ্ডিতকৰণ”ৰ ফলত অসমত যোৱা ৩-৪ টা দশকত পশ্চিম-দেশীয় হলৌ বান্দৰৰ জনসংখ্যা ৮০,০০০ৰ পৰা কমি ৫০০০ৰো কম হৈ পৰিছে বুলি প্ৰাইমেট ৰিছাৰ্ছ চেণ্টাৰ এন.ই. ইণ্ডিয়াৰ ড. জিহসু বিশ্বাসৰ এই পৰ্যবেক্ষণ । আই ইউ চি এনৰ ৰঙা তালিকা ৰ টোকাত উল্লেখ যে ৩০ বছৰৰ আগতে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ সকলো অৰণ্য অঞ্চলত এই প্ৰজাতি দেখা গৈছিল, কিন্তু হলৌ বান্দৰৰ বাসস্থান অৰণ্যৰ খণ্ডিতকৰণৰ বাবে একেবাৰে সীমিত হৈ পৰিছে। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত ইয়াৰ জনসংখ্যা ১২,০০০ৰো অধিক বুলি ঠাৱৰ কৰা হৈছে আৰু অসমত ইযাৰ জনসংখ্যা প্ৰায় ২০০০ হ’ব।

ভাৰতৰ বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ৰ ১ নং সূচীত হলৌ বান্দৰক তালিকাভূক্ত কৰা হৈছে যদিও পশ্চিম-দেশীয় হলৌ বান্দৰৰ সংখ্যা হ্ৰাস পোৱা সম্পৰ্কে আই ইউ চি এনৰ ৰঙা তালিকাত ভালেমান কাৰণ চিহ্নিত কৰা হৈছে। সেইবোৰৰ ভিতৰত অৰণ্যভূমি আবাসিক আৰু বাণিজ্যিক কাৰণত ব্যৱহাৰ, বৃক্ষৰ পৰিৱৰ্তে চাহ বাগিছা আদি খোলা, খনন আৰু শিল কোৱেৰী তথা কাঠৰ বাবে গছ লগোৱা আৰু কটা আদি উল্লেখনীয় কাৰণ।

স্থলপথ আৰু ৰেলপথৰ ফলত অৰণ্য ভাগ হোৱা, টুকুৰা-টুকুৰ হোৱাৰ বাবেও সমগ্ৰ উত্তৰ-পূৰ্ব ভাৰতৰ বন্যপ্ৰাণীৰ শান্তি বিঘ্নিত হৈছে। হুলু কান্দা পাহাৰ সংকুচিত হ’বলৈ ধৰাত হলৌ বান্দৰে নিজৰ বাসস্থান এৰিবলৈ ধৰে। ভাৰতৰ বন জৰীপৰ ভাৰতীয় ৰাজ্যিক বন প্ৰতিবেদন ২০১৯ত কোৱা হৈছে যে ২০১৭ৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ বনাঞ্চলৰ পৰিমাণ ৭৬৫ বৰ্গকিলোমিটাৰ হ্ৰাস হৈছে।

“অৰণ্যৰ খণ্ডিতকৰণ বন্যপ্ৰাণীৰ বাবে ভাবুকি হৈ পৰিছে, হলৌ বান্দৰো এই ভাবুকিৰ সন্মুখীন হৈছে,” টেলিফোনত কথা পাতোতে ড. নাৰায়ন শৰ্মাই আমাক এইদৰে কয়। তেওঁ গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ জীৱবিজ্ঞান আৰু বন্যপ্ৰাণী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক। তেওঁ কয়, “ঝুম খেতি (বিশেষকৈ ধানখেতি), চাহ বাগিচাৰ সম্প্ৰসাৰণে হলৌ বান্দৰৰ জনসংখ্যা হ্ৰাস কৰিছে। সিহঁতক বাধ্য নকৰালে দূৰলৈ প্ৰব্ৰজন নকৰে। ক্ৰান্তীয় শান্ত অৰণ্যত হলৌ বান্দৰ থাকে আৰু মাটিত খোজ কঢ়াৰ ক্ষেত্ৰত অভ্যস্ত নহয়। ঘন অৰণ্য অবিহনে আমি বন্যপ্ৰাণী সমৃদ্ধ হোৱাৰ আশা কৰিব নোৱাৰো।”

উত্তৰ-পূৰ্বাঞ্চলৰ কিছুমান ঠাইত হলৌ বান্দৰ চোৰাং চিকাৰীৰ বলি হয় যদিও অসমত এনে ঘটনা বিৰল বুলিও ড. শৰ্মাই কয়। “উত্তৰ-পূৰ্বাঞ্চলৰ কিছুমান অঞ্চলত বিশেষকৈ নাগালেণ্ডত হলৌ বান্দৰক মাংসৰ বাবে চিকাৰ কৰে, অৱশ্যে হলৌ বান্দৰৰ হত্যা এতিয়া বিৰল ঘটনা হৈ পৰিছে। মিজোৰামৰ কিছুমান জনগোষ্ঠীৰ মহিলাই (অতীতত) বিশ্বাস কৰিছিল যে হলৌ বান্দৰৰ হাড় ভৰিত পিন্ধিলে ভৰিৰ বিষ নিৰাময় হয়। সেয়ে তেওঁলোকে মাংস আৰু ঔষধি ব্যৱহাৰৰ উদ্দেশ্যে হলৌ বান্দৰ চিকাৰ কৰিছিল,” তেওঁ কয়।

“এতিয়া অৰণ্যত সিহঁতৰ খাবলৈ একো নোহোৱা হৈছে। সেইবাবে আহাৰৰ সন্ধানত সিহঁত সঘনে মানুহৰ বসতিস্থলৈ আহে,” চয়ানি বৰদুৱাৰ ব্লকৰ ৰাজাপাৰা গাঁৱৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নলিনী ৰাভাই কয়। “ইয়াত এতিয়া সিহঁতৰ খাদ্য নোহোৱা হৈ পৰিছে। আমাৰ গাঁৱত (বাৰীত আৰু পথাৰত) মাত্ৰ ৰবাব টেঙা, কৰ্দ্দৈ টেঙা আৰু তামোলৰ গছহে আছে। আপুনি কেৱল চেগুণ গছ আৰু চাহ বাগিচাহে দেখিব। সিহঁত ক’লৈ যাব?” হলৌ বান্দৰৰ খাদ্য সংকট সম্পৰ্কে জ্যেষ্ঠ ব্যক্তিজনে এনেদৰে প্ৰশ্ন কৰে।

They have nothing now to eat there in the jungles. That’s why they come to the human habitats frequently in search of food', says Nalini Rabha, a retired school headmaster in Rajapara village. Among the reasons for this change is the illegal trade in timber
PHOTO • Ratna Baruah
They have nothing now to eat there in the jungles. That’s why they come to the human habitats frequently in search of food', says Nalini Rabha, a retired school headmaster in Rajapara village. Among the reasons for this change is the illegal trade in timber
PHOTO • Abhilash Rabha

“অৰণ্যত এতিয়া সিহঁতৰ খাবলৈ একো নাই। সেয়ে খাদ্যৰ সন্ধানত সিহঁতে সঘনে মানুহৰ বসতিৰ কাষ চাপিছে,” ৰাজাপাৰা গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নলিনী ৰাভাই কয়। এই পৰিৱৰ্তনৰ বিভিন্ন কাৰণৰ ভিতৰত কাঠৰ অবৈধ ব্যৱসায় অন্যতম

এটা প্ৰাপ্তবয়স্ক হলৌ বান্দৰে “গছৰ কুঁহিপাত, পুৰঠ পাত, ফুল, ফল, পাতৰ ঠাৰি, ফুলৰ মুকুল আৰু কীট-পতংগও খায়...” ২০১৭ৰ এক গৱেষণাপত্ৰ ত এনেদৰে কোৱা হৈছে। ৫৪ টা প্ৰজাতিৰ গছৰ লগত “গঢ়ে ৫১ শতাংশ ফলমূল হলৌ বান্দৰৰ খাদ্যত অন্তর্ভুক্ত...গোটেই বছৰটোৰ বাবে। বেছি পৰিমাণে ফলমূলৰ ওপৰত নিৰ্ভৰ কৰা এই প্ৰজাতিটোৰ জীয়াই থকাৰ সামৰ্থ্য ক্ষুদ্ৰ আৰু অশান্ত খণ্ডিত বনাঞ্চলে সীমিত কৰিছে।”

“সিহঁতৰ ওপৰত অতিমাত্ৰা চাপৰ সৃষ্টি হৈছে। সিহঁতৰ বাসস্থানত মানুহৰ উপস্থিতি একেবাৰে বেয়া পায়,” বেঞ্জামিন কামানে কয়। “আমি ভাবো সিহঁতক এক সুৰক্ষিত পৰিৱেশ লাগে।” আকৌ আমি ১ নং জুপাংবাৰী গাঁৱত ফটোগ্ৰাফাৰৰ সৈতে কথা পাতি থাকোতে মাজতে হস্তক্ষেপ কৰি এজন গঞাই কয় যে মাফিয়াই সকলো ধ্বংস কৰিছে। “সিহঁতে এই ঠাইৰ সকলো পুৰণি গছ কাটি পেলাইছে (শাল, চেগুণ আদি) আৰু সেইবিলাক বাহিৰলৈ যোগান ধৰিছে। সিহঁতে কেৱল টকা চিনি পায়,” গঞাজনে কয়।

“কাঠৰ অবৈধ ব্যৱসায়ৰ বেছিভাগ ৰাণী-মেঘালয় পথেৰে হয়। বনাঞ্চলৰ সীমান্তৰ কিছুমান অংশ নিকটৱৰ্তী মেঘালয়ৰ লগত উমৈহতীয়া, আৰু চোৰাং ব্যৱসায়ীয়ে সহজে কাঠবিলাক সেই অংশৰে সৰবৰাহ কৰে আৰু ৰাজ্যখনৰ জংঘলত থকা অবৈধ কাঠফলা মিলক যোগান ধৰে,” ইন্দ্ৰনাৰায়নে কয়।

বনাঞ্চল পুনৰোজ্জীৱিত কৰিবলৈ চৰকাৰে কিছুমান পদক্ষেপ লোৱা দেখা গৈছিল। “অৰণ্যৰ  পাৰিপাৰ্শ্বিক ব্যৱস্থা ৰক্ষা কৰিবলৈ অসম বনাঞ্চল আৰু জৈৱবৈচিত্ৰ সংৰক্ষণ প্ৰকল্পৰ ৰূপায়ন কৰি থকা” হৈছে বুলি ৰাজ্য চৰকাৰৰ বেৱছাইটত কোৱা হৈছে। ইয়াৰ উপৰি অসমৰ দুখন প্ৰস্তাৱিত বন্যপ্ৰাণী অভয়াৰণ্যকে ধৰি মুঠ ২০ খন বন্যপ্ৰাণী অভয়াৰণ্য, আৰু পাঁচখন ৰাষ্ট্ৰীয় উদ্যান আছে, এইকেইখনৰ ভিতৰত যোৰহাট জিলাত থকা হোলোংপাৰ সংৰক্ষিত বনাঞ্চলক ১৯৯৭ত হোলোংপাৰ গিবন অভয়াৰণ্যলৈ উন্নীত কৰা হৈছিল।

কিন্তু এই সকলোবিলাক ক্ৰমবৰ্দ্ধমান ৰূপত খণ্ডিত বনাঞ্চল হৈ পৰিছে। বনাঞ্চলবোৰত গিবন দৃষ্টিগোচৰ হোৱাটো বিৰল ঘটনা হৈ পৰিছে। লোহাৰঘাট আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ বন-সম্পালক শান্তনু পাটোৱাৰীয়ে টেলিফোনত কয় যে তেওঁৰ তদাৰকীত থকা বৰদুৱাৰ সংৰক্ষিত বনাঞ্চলত তেওঁ বা তেওঁৰ কাৰ্যালয়ৰ কোনোৱে হলৌ বান্দৰ দেখা নাই।

ইফালে প্ৰকৃতিৰ লগত কেনেদৰে মিলি থাকিব লাগে আৰু বনাঞ্চল তথা ইয়াৰ অধিবাসীসকলক সন্মান কৰিবলৈ আনক শিকোৱাৰ বাবে ইন্দ্ৰনাৰায়ন আৰু বিশ্বজিত ৰাভাই তেওঁলোকৰ পাৰিপাৰ্শ্বিক শিবিৰ সজাৰ প্ৰস্তুতি চলাই আছে। ৰাতি তীব্ৰ পোহৰ আৰু হুলস্থুলীয়া গীত-মাত চলা কাঠফুলাৰ দৰে ৰাজ্যখনত গঢ়ি উঠা বন্যপ্ৰাণী শিবিৰৰ পৰা তেওঁলোকৰ শিবিৰ ভিন্ন হোৱা তেওঁলোকে বিচাৰে।

অনুবাদঃ পংকজ দাস

Pankaj Das

Pankaj Das is a journalist and translator, based in Guwahati. He is the co-founder of newsnextone.com, an Assamese language news portal focused on news related to Assam.

Other stories by Pankaj Das
Ratna Baruah

Ratna Baruah is a freelance reporter based in Guwahati. He has a post-graduate degree from the Gauhati University in Communication and Journalism (2013) and has worked in the health sector.

Other stories by Ratna Baruah
Translator : Pankaj Das

Pankaj Das is a journalist and translator, based in Guwahati. He is the co-founder of newsnextone.com, an Assamese language news portal focused on news related to Assam.

Other stories by Pankaj Das