আবেলি সময়ৰ কথা, দুখন বুলডজাৰ আহি ওলাল। ‘বুলডজাৰ, বুলডজাৰ...ছাৰ, ছাৰ...’ এইবুলি মুকলিলৈ ওলাই অহা কণ কণ ল’ৰা-ছোৱালীহঁতে আতংকিত হৈ চিঞৰিবলৈ ধৰিলে। সিহতৰ হৈ-হাল্লা শুনি প্ৰধান শিক্ষক প্ৰকাশ পাৱাৰ আৰু প্ৰতিস্থাপক মাটিন ভোসলে বিদ্যালয়ৰ কাৰ্যালয়ৰ পৰা উধাতু খাই ওলাই আহিল। 

আপোনালোক ইয়ালৈ কিয় আহিছে? পাৱাৰে প্ৰশ্ন কৰিলে। ‘ৰাজপথৰ বাবে আমি (শ্ৰেণীকোঠা) উচ্ছেদ কৰিব লাগিব। অনুগ্ৰহ কৰি আঁতৰি দিয়ক,’ বুলডজাৰৰ চালক এজনে এনেদৰে ক’লে। ‘কিন্তু আমাক যে কোনো জাননী দিয়া হোৱা নাই,’ ভোসলেয়ে প্ৰতিবাদ কৰি উঠিল। ‘ওপৰৰ পৰা নিৰ্দেশ আহিছে (অমৰাৱতীৰ উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা),’ চালকজনে উত্তৰ দিলে।

বিদ্যালয়ৰ কৰ্মচাৰীয়ে ততাতৈয়াকৈ চকী-মেজবোৰ আৰু সেউজীয়া বৰ্ডবোৰ বাহিৰলৈ উলিয়াই আনিলে। আম্বেদকাৰ, ফুলে, গান্ধী, বিশ্ব ইতিহাস আৰু অইন বহু বিষয় সম্বলিত ২০০০খন মান কিতাপৰ অস্থায়ী গ্ৰন্থাগাৰটোও তেওঁলোকে খালি কৰালে। বিদ্যালয়ৰ ওচৰতে থকা হোষ্টেললৈ সেইবোৰ টোপোলা বান্ধি লৈ যোৱা হ’ল। বুলডজাৰবোৰ ৰৈ নাথাকিল। ইখনৰ পিছত সিখন দেৱাল খহি পৰিল। 

৬ জুনৰ দিনা প্ৰশ্নচিহ্ন আদিবাসী আশ্ৰমশালাত দুঘণ্টাজোৰা উচ্ছেদ অভিযান চলিল। এপ্ৰিলৰ পৰা আৰম্ভ হোৱা গৰমৰ বন্ধত হোষ্টেলতে থকা ল’ৰা-ছোৱালীবোৰে সিহতৰ শ্ৰেণীকোঠা ভাঙি পেলোৱা দৃশ্য চাই ৰ’ল। ‘তাৰমানে ২৬ জুনত আমাৰ বিদ্যালয় নোখোলে? সিহতে এয়া কিয় কৰিছে?’ কিছুমানে প্ৰশ্নও কৰিলে। 

Schoolchildren looking at the bulldozer demolish their school
PHOTO • Yogesh Pawar

ল’ৰা-ছোৱালীবোৰে সিহতৰ শ্ৰেণীকোঠা ভাঙি পেলোৱা দৃশ্য চাই ৰ’ল। ‘তাৰমানে ২৬ জুনত আমাৰ বিদ্যালয় নোখোলে? সিহতে এয়া কিয় কৰিছে?’ কিছুমানে প্ৰশ্নও কৰিলে। 

চকুৰ পচাৰতে টিনপাত দিয়া তিনিটা ইকৰাৰ শ্ৰেণীকোঠা, চাৰিটা পকী শ্ৰেণীকোঠা আৰু গ্ৰন্থাগাৰ- যিয়ে ১ৰ পৰা ১০ম শ্ৰেণীলৈ ফানচে পাৰ্ধি আদিবাসী জনজাতিৰ ৪১৭ আৰু কৰ্কু আদিবাসী জনজাতিৰ ৩০ জন ছাত্ৰ-ছাত্ৰীক জ্ঞানৰ পোহৰ বিলাই আহিছিল, সেয়া ধূলিস্যাৎ হৈ পৰিল। শিক্ষাৰ সাংবিধানিক অধিকাৰ ধূলিৰ লগত মিলি গ’ল।

 মহাৰাষ্ট্ৰ চৰকাৰৰ ৭০০ কিলোমিটাৰৰ সম্ৰুদ্ধি মহামাৰ্গ (সমৃদ্ধি ৰাজপথ) নিৰ্মাণৰ কাৰণে অমৰাৱতী জিলাখনৰ সেই বিদ্যালয়খন উচ্ছেদ কৰা হৈছিল। ২৬ টা তালুকৰ ৩৯২ খন গাঁৱৰ মাজেৰে এই ৰাজপথ যাব। অমৰাৱতীত তিনিটা তালুকৰ ৪৬ খন গাঁৱৰ মাজেৰে পাৰ হৈ যাব সম্ৰুদ্ধি মহামাৰ্গ। 

‘সাত বছৰৰ কঠোৰ পৰিশ্ৰম পানী হ’ল,’ ৩৬ বৰ্ষীয় মাটিনে ক’লে। এটা ঠেক বাটৰ মুৰত থকা আদিবাসী ল’ৰা-ছোৱালীৰ বাবে সজা বিদ্যালয়খন নন্দগাওঁ খন্দেশ্বৰ তালুকত অৱস্থিত। মহাৰাষ্ট্ৰ ৰাজ্যিক পথ উন্নয়ন কৰ্পৰেছন (এমএছআৰডিচি)এ ২০১৮ৰ জুনত অমৰাৱতী জিলা উপায়ুক্তৰ কাৰ্যালয়ত জনায় যে বিদ্যালয়খন সমীক্ষা নং ২৫ৰ  অন্তৰ্গত ১৯.৪৯ হেক্টৰৰ চৰকাৰী চৰণীয়া পথাৰত পৰে, ‘আনকি ক্ষতিপুৰণ দিয়াৰ প্ৰশ্নও নুঠে।’

সমৃদ্ধি ৰাজপথে ৬০ গৰাকী ছাত্ৰী আৰু ৯ গৰাকী ছাত্ৰ থকা দুমহলীয়া ১০ টা কোঠাৰ পকী হোষ্টেলখন গ্ৰাস নকৰে যেনিবা। তিনি একৰ মাটিত থকা এই হোষ্টেলখন আদিবাসী পাৰ্ধি সমিতিয়ে নিৰ্মাণ কৰিছে। মাটিনৰ অধ্যক্ষতাত থকা এই সমিতিয়েই বিদ্যালয়খন চলায়। মাৰাঠী বাতৰিকাকত এখনে ২০১৬ত চলোৱা সাহায্য অভিযানৰ পৰা অহা ৰাজহুৱা টকাৰে হোষ্টেলখনৰ লগতে দুটা শৌচালয় নিৰ্মাণ কৰা হৈছিল। 

Top left - School Premises
Top right - Matin Bhosale with his students
Bottom left - Students inside a thatched hut classroom
Bottom right - Students in semi concretised classroom
PHOTO • Jyoti Shinoli

ওপৰত বাওফালেঃ আদিবাসী পৰিয়ালৰ ৪৪৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰশ্নচিহ্ন আদিবাসী আশ্ৰমশালাত পঢ়ে। ওপৰত সোঁফালেঃ বিদ্যালয়ৰ প্ৰতিস্থাপক আৰু শিক্ষক মাটিন ভোসলে। তলৰ শাৰীতঃ ৬ জুনৰ দিনা এই তিনিটা শ্ৰেণীকোঠা ভাঙি পেলোৱা হয়, টিনপাত চালি আৰু ইকৰাৰ বেৰৰ তিনিটা শ্ৰেণীকোঠা (বাওফালে) আৰু চাৰিটা পকী শ্ৰেণীকোঠা (সোঁফালে) ধুলিস্যাৎ হৈ গ’ল  

কিন্তু চৰকাৰে এই তিনি একৰ মাটিৰো এক একৰ মাটি বিচাৰিছে। অমৰাৱতী জিলা প্ৰশাসনে ২০১৯ৰ ১১ জানুৱাৰীত জাৰী কৰা এখন সূচনা মতে সমীক্ষা নং ৩৭ত হোষ্টেল আৰু নতুনকৈ উচ্ছেদ কৰা শ্ৰেণীকোঠাৰ মাজত ৩৮০০ বৰ্গমিটাৰ মাটি (প্ৰায় ৪,০৪৬ বৰ্গমিটাৰত এক একৰ) ৰাজপথ নিৰ্মাণৰ কাৰণে আৱশ্যক। ইয়াৰ বাবে চৰকাৰে সমিতিক ১৯.৩৮ লাখ টকা ক্ষতিপুৰণ হিচাপে প্ৰস্তাৱ আগবঢ়াইছে।

‘এই টকা বিদ্যালয়খন নতুনকৈ পাতিবলৈ পৰ্যাপ্ত নহয়। যদিও শ্ৰেণীকোঠা, গ্ৰন্থাগাৰ আৰু পাকঘৰ আদি চৰকাৰী মাটিত আছিল, তথাপিও আমি আইন অনুযায়ী ক্ষতিপুৰণ পাব লাগে,’ মাটিনে ২০১৯ৰ ফেব্ৰুৱাৰীত মোক কৈছিল। আমি বিক্ৰয় দলিল (এমএছআৰডিচিৰ সৈতে ৩৮০০ বৰ্গমিটাৰৰ)ত স্বাক্ষৰ কৰা নাই। অমৰাৱতী উপায়ুক্তৰ কাৰ্যালয়ত আমি আপত্তি দাখিল কৰিছো আৰু আমাক উচ্ছেদৰ আগেয়ে বিকল্প স্থানত মাটি দিয়াৰ বাবে দাবী জনাইছো।‘

মাটিনে অমৰাৱতী উপায়ুক্ত আৰু মুখ্যমন্ত্ৰীলৈ কেবাখনো চিঠি লিখিছে। ২০১৮ত তেওঁ ৫০৬০ ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয়ৰ কৰ্মচাৰী লৈ উপায়ুক্তৰ কাৰ্যালয়লৈ তিনিবাৰকৈ গৈছে, ২০১৯ৰ ফেব্ৰুৱাৰীত এদিনীয়াকৈ অনাহাৰে অনশনো প্ৰদৰ্শন কৰিছিল। প্ৰতিবাৰেই বিদ্যালয়ৰ পুনৰ্সংস্থাপনৰ কাৰণে পৰ্যাপ্ত ভূমি আৰু আন্তঃগাঁথনিৰ দাবী জনোৱা হৈছিল।

উচ্ছেদিত বিদ্যালয়খনত পঢ়া ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকো চিন্তাত পৰিছিল। বিদ্যালয়খনৰ পৰা দুই কিলোমিটাৰ দুৰত ফানচে পাৰ্ধিৰ জাতিৰ ৫০টা মান জুপুৰীৰ চুবুৰীটোৰ ৩৬ বৰ্ষীয় সুৰ্নীতা পাৱাৰে তেওঁৰ ইটাৰ ঘৰটোৰ মজিয়াত পাচলি কুটি থকা অৱস্থাত মোক কয়, ‘মোৰ ছোৱালী সুৰ্ণেখাই এইখন বিদ্যালয়ৰ পৰা ১০ম শ্ৰেণী পাৰ কৰিছে। এতিয়া তাই একাদশৰ বাবে দুৰশিক্ষণত পঢ়া-শুনা কৰি আছে।’ সুৰ্নীতাই গাঁৱৰ দাঁতিতে থকা মনগ্ৰুল চাৱালা নামে ৩৭৬৩জন বাসিন্দা থকা গাওঁখনত কৃষি শ্ৰমিক হিচাপে কাম কৰে। উচ্ছেদৰ পিছতে যেতিয়া মই তাইলৈ ফোন লগালো, তাই ক’লে, ‘মই শুনিছিলো যে শ্ৰেণীকোঠাবোৰ ভাঙি পেলোৱা হৈছে। সুৰ্ণেশ (মোৰ ল’ৰা) তেতিয়া ৫ম মানত পঢ়ে। গ্ৰীষ্মৰ বন্ধত সি ঘৰতে আছিল। এতিয়া সি ক’লৈ যাব?’

Young student writing on blackboard
PHOTO • Jyoti Shinoli
Student reading about Jyotiba Phule
PHOTO • Jyoti Shinoli

২০১৭ৰ সমীক্ষা মতে পাৰ্ধিৰ ১৯৯ টা পৰিয়ালৰ ২৮ শতাংশ শিশুৱেই প্ৰাথমিক বিদ্যালয়ৰ পিছতে পঢ়াশালি এৰিছে, তাৰে এটা কাৰণ হৈছে বৰ্ণবৈষম্য 

অইন ভালেকেইটা জনজাতিৰ সৈতে তাইৰ ফানচে পাৰ্ধি জনজাতিটোকো বৃটিছ চৰকাৰৰ অপৰাধী জনজাতি আইনৰ অধীনত ‘অপৰাধী’ জনজাতি বুলি ঘোষণা কৰা হৈছিল। ভাৰত চৰকাৰে ১৯৫২ত সেই আইন বাতিল কৰে আৰু জনজাতিবোৰৰ পৰা সেই উপাধি আঁতৰোৱা হয়। তাৰে কিছুমানক এতিয়া অনুসূচীত জাতি আৰু কিছুমানক অনুসূচীত জনজাতি আৰু আন কিছুমানক অনান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভূক্ত কৰা হৈছে। (অপৰাধ নাই, অথচ অন্তহীন শাস্তি)। ২০১১ৰ লোকপিয়ল মতে মহাৰাষ্ট্ৰত প্ৰায় ২২৩,৫২৭ পাৰ্ধি জনজাতিৰ লোক বাস কৰে। সেই জনজাতিৰ মাজতে পাল পাৰ্ধি, ভিল পাৰ্ধি আৰু ফানচে পাৰ্ধি নামে ভালেমান উপ-জনজাতি আছে।

তেওঁলোকে বিভিন্ন পৰ্যায়ত বৰ্ণবৈষম্যৰ বলি হয়। ‘গাঁৱৰ মানুহে আমাক কাম নিদিয়ে,’ সুৰ্নীতাই কয়। ‘সেয়ে আমি অমৰাৱতী চহৰ নাইবা মুম্বাই, নাচিক, পুণে, নাগপুৰ আদিলৈ কাম বিচাৰি যাবলগীয়া হয়।’ 

তাইৰ চুবুৰীয়া ৪০ বৰ্ষীয় হিন্দোস পাৱাৰৰো একেই অৱস্থা। হিন্দোসে এটা দশক আগতে ভিক্ষা মাগিছিল, তেতিয়া মাজে-সময়ে খেতিত নাইবা নিৰ্মাণ ক্ষেত্ৰৰ কাম পাইছিল। ‘মই গোটেই জীৱন দুখেই দেখিছো,’ তেওঁ কয়। ‘আৰক্ষীয়ে আমাক যেতিয়াই-তেতিয়াই ধৰি নিয়ে। মোৰ ককাৰ দিনতো এনে হৈছিল, এতিয়াও এনেকুৱাই হৈ আছে। একো সলনি হোৱা নাই। যদি আমাৰ ল’ৰা-ছোৱালীয়ে নপঢ়ে, তেন্তে আমাৰ দৰেই দিন নিয়াব লাগিব।’ মই কেইমাহমান আগতে লগ পোৱা তেওঁৰ ল’ৰা সৰ্দেশ আৰু কন্যা সৰ্দেশাই প্ৰশ্নচিহ্ন আদিবাসী আশ্ৰমশালাত ক্ৰমে ৭ম আৰু ১০ম শ্ৰেণীত পঢ়ি আছে।

 হায়দৰাবাদৰ সামাজিক উন্নয়ন পৰিষদে ২০১৭ত কৰা এক সমীক্ষা মতে অনাধিসূচীত (Denotified), যাযাবৰ আৰু অৰ্ধ-যাযাবৰ জনজাতি থকা মহাৰাষ্ট্ৰৰ ২৫খন জিলাৰ ১৯৯টা পাৰ্ধি পৰিয়ালৰ (সমীক্ষাত ১৯৪৪ টা পৰিয়াল আৰু ১১ টা জনজাতি সামৰি লোৱা হৈছিল) ৩৮ শতাংশ শিশুৱেই বৈষম্য, ভাষাৰ অৱৰোধ, বিবাহ আৰু শিক্ষাৰ আৱ্শ্যকতাৰ বিষয়ে সচেতনতা কম হোৱাৰ বাবে প্ৰাথমিক শিক্ষা সাং কৰিয়েই পঢ়া এৰিছে। সমীক্ষাত এয়াও কোৱা হৈছে যে সমীক্ষাৰ সঁহাৰিদাতাৰ ২ শতা্ংশক পিছৰ বেঞ্চত বহিবলৈ দিয়া হৈছিল আৰু ৪ শতাংশৰ প্ৰতি শিক্ষকৰ আচৰণ আপত্তিজনক আছিল।       

Surnita Pawar with husband and elder daughter outside their house
PHOTO • Jyoti Shinoli
Hindos Pawar and wife outside their house
PHOTO • Jyoti Shinoli

বাওফালেঃ সুৰ্নীতা পাৱাৰ তাইৰ স্বামী নাইতুল আৰু জীয়ৰীৰ সৈতেঃ ‘জিলা পৰিষদৰ বিদ্যালয়ৰ শিক্ষকে আমাৰ ল’ৰা-ছোৱালীক ভাল ব্যৱহাৰ নকৰে।’ সোঁফালেঃ পত্নি যোগীতাৰ সৈতে হিন্দোস পাৱাৰঃ ‘আমাৰ ল’ৰা-ছোৱালীয়ে নপঢ়িলে সিহতৰো আমাৰ দৰেই গতি হ

‘জিলা পৰিষদৰ বিদ্যালয়ৰ শিক্ষকে আমাৰ ল’ৰা-ছোৱালীক ভাল ব্যৱহাৰ নকৰে,’ সুৰ্নীতাই কয়। ১৪ বৰ্ষীয় জীৱেশ পাৱাৰে মুৰ দুপিয়াই কয়, ‘জেদপি (জিলা পৰিষদ)ৰ বিদ্যালয়লৈ মোৰ যাবলৈ মন নাই।’ ২০১৪ৰ আগলৈকে জীৱেশে য়াভাটমাল জিলাৰ নেৰ তালুকৰ অজান্তি গাঁৱত থকা জেদপি বিদ্যালয়ত ৫ম মানলৈ পঢ়িছিল। ‘শিক্ষকে আমাক পিছত বহিবলৈ কৈছিল। অইন ল’ৰা-ছোৱালীবোৰে মোক পাৰ্ধি পাৰ্ধি বুলি ঠাট্টা কৰিছিল...গাঁৱৰ মানুহে আমাক লেতেৰা বুলি কৈছিল। আমাৰ জুপুৰীবোৰ গাঁৱৰ বাহিৰত আছে। মোৰ মায়ে ভিক্ষা মাগে। ময়ো গৈছিলো আগতে। মোৰ দেউতা দুবছৰ আগতে ঢুকাইছে।’

তেতিয়া জীৱেশক তাৰ ঘৰৰ পৰা ১৭ কিলোমিটাৰ দুৰৰ প্ৰশ্নচিহ্ন আদিবাসী আশ্ৰমশালাত নাম লগাই দিয়া হ’ল। সিহতৰ জুপুৰীত পানী আৰু বিজুলীৰ সুবিধা নাই, সেয়ে জীৱেশ হোষ্টেলতে থাকিল। ‘মই পঢ়া-শুনা কৰি সেনাত ভৰ্তি হ’ব বিচাৰো। মই মোৰ মায়ে ভিক্ষা খুজি ফুৰাটো নিবিচাৰো,’ জীৱেশে কয়। সি এতিয়া ৯ম মান পাইছে, কিন্তু ১০ম মান পোৱাৰ যি উৎসাহ, সেয়া চিন্তালৈ পৰিৱৰ্তিত হৈছে। 

১৪ বৰ্ষীয় কিৰণ চৱনে ধূলে জিলাৰ চাক্ৰি তালুকৰ জামাড়ে গাঁৱৰ জেদপি বিদ্যালয়তে পঢ়িছিল। তেওঁৰ অভিভাৱকে বনাঞ্চলৰ দুই একৰ মাটিত ধান আৰু জোৱাৰৰ খেতি কৰিছিল। ‘গাঁৱৰ মানুহে আমাক জেদপি বিদ্যালয়লৈ যোৱাত আপত্তি দৰ্শাইছিল,’ কিৰণে কয়। ‘মোৰ বন্ধুজনে অইন ল’ৰা-ছোৱালীয়ে ঠাট্টা-মস্কৰা কৰি থকাৰ বাবেই পঢ়া এৰিছিল। আমাৰ জুপুৰীবোৰ গাঁৱৰ বাহিৰত আছে। আমাৰ চুবুৰীৰে কোনোবা পাৰ হ’লে সিহতে সতৰ্ক হ’বলৈ দি কয়, ‘সাৱধান, ইয়াতে চোৰবোৰ থাকে।’ মই নাজানো সিহতে কিয় এনেকৈ কয়। মই চোৰ নহয়। আৰক্ষী প্ৰায়ে ইয়ালৈ আহে আৰু কাৰোবাক নহয় কাৰোবাক চুৰি কিম্বা হত্যাৰ অপৰাধত ধৰি লৈ যায়। সেয়ে মই আৰক্ষী হ’ব খোজো। মই নিৰ্দোষীক অত্যাচাৰ নকৰো।’

এই সকলো কথা জানিয়ে মাটিন ভোসলেয়ে কেৱল ফানচে পাৰ্ধি জনজাতিৰ ল’ৰা-ছোৱালীৰ কাৰণে এখন বিদ্যালয় খোলাৰ সিদ্ধান্ত লয়। তেওঁ ঘৰৰ ছটা ছাগলী বিক্ৰী কৰি আৰু শিক্ষক হিচাপে জমা ধনেৰে ২০১২ত ৮৫ ছাত্ৰ-ছাত্ৰীৰে এখন বিদ্যালয় আৰম্ভ কৰে। তেওঁৰ খুড়া শংকুলি ভোসলেয়ে (এতিয়া বয়স ৭৬ বছৰ) দান দিয়া তিনি একৰ মাটিত প্ৰথমে তেওঁ টিনৰ চালি দিয়া ইকৰাৰ শ্ৰেণীকোঠাৰে বিদ্যালয়খন আৰম্ভ কৰে। মাটিনে কোৱা মতে তেওঁৰ খুড়াকে বহুবছৰ ধৰি জমা কৰা ধনৰ ২০০ টকাৰ বিনিময়ত ১৯৭০ত মাটিখিনি ক্ৰয় কৰিছিল। তেওঁ সৰীসৃপ, চৰাই, এন্দুৰ আৰু বনৰীয়া গাহৰি চিকাৰ কৰি অমৰাৱতী চহৰৰ বজাৰত বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিছিল।

'পাৰ্ধিসকলৰ এই প্ৰশ্নবোৰৰ কোনো উত্তৰ নাই। সেয়ে এই বিদ্যালয়খনৰ নাম প্ৰশ্নচিহ্ন আদিবাসী আশ্ৰমশালা'

ভিডিঅ চাওকঃ সম্ৰুদ্ধিয়ে পুতি পেলালে আদিবাসী বিদ্যালয় 

মাটিনৰ পত্নি সীমাই বিদ্যালয় পৰিচালনত সহায় কৰে আৰু অমৰাৱতী, বীড়, ধূলে, ৱাচিম আৰু য়াভাটমাল জিলাৰ ফানচে পাৰ্ধি অধ্যূষিত অঞ্চলৰ ল’ৰা-ছোৱালীৰ সৈতে একেখন বিদ্যালয়তে সীমাৰ ল’ৰা-ছোৱালী তিনিটাই পঢ়ে। ইয়াতে শিশু আৰু শিশুৰ পৰিয়ালৰ বাবে শিক্ষা বিনামূলীয়া। বিদ্যালয়ৰ আঠগৰাকী শিক্ষকৰ চাৰিগৰাকী ফানচে পাৰ্ধি জনজাতিৰ।

‘ফানচে পাৰ্ধিসকলৰ স্থায়ী ঘৰ নাই আৰু আয়ৰ কোনো(সুৰক্ষিত)উৎসও নাই। তেওঁলোকে ইখনৰ পৰা সিখন ঠাই ভ্ৰমি ফুৰে। তেওঁলোকে ভিক্ষা মাগে নাইবা কোনো কাম পালে হাজিৰা কৰে,’ মাটিনে কয়। তেওঁৰ পিতৃয়ে চিকাৰ কৰিছিল আৰু মাতৃয়ে ভিক্ষা মাগিছিল। ‘সন্তানসহ পিতৃ-মাতৃয়ে প্ৰায়ে ৰেল ষ্টেচন আৰু বাছ আস্থানত ভিক্ষা মাগে। শিক্ষা আৰু ভাল কাম পোৱাৰ পৰা তেওঁলোক সদায়ে বঞ্চিত হৈ ৰয়। শিক্ষা আৰু সুস্থিৰতা তেওঁলোকৰ উন্নয়নৰ বাবে অতিকৈ প্ৰয়োজনীয়। কিন্তু পাৰ্ধি জনজাতিৰ ল’ৰা-ছোৱালীবোৰক জেদপি বিদ্যালয়ত আদৰি লোৱা নহয়। সিহতৰ বাবে শিক্ষাৰ অধিকাৰ ক’ত? আৰু মহাৰাষ্ট্ৰ চৰকাৰে পৰ্যাপ্ত আবাসিক বিদ্যালয়ৰ ব্যৱস্থা কৰা নাই (আদিবাসী শিশুৰ বাবে)। এনে পৰিস্থিতিত সিহতৰ উন্নয়ন হ’ব কেনেদৰে? পাৰ্ধিসকলৰ এই প্ৰশ্নবোৰৰ কোনো উত্তৰ নাই। সেয়ে এই বিদ্যালয়খনৰ নাম প্ৰশ্নচিহ্ন আদিবাসী আশ্ৰমশালা।’

পৰিয়ালৰ দুখ-দুৰ্দশা আৰু সামাজিক জীৱনত বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰ পাৰ হৈ আহি মাটিনে অমৰাৱতীৰ চৰকাৰী শিক্ষক মহাবিদ্যালয়ৰ পৰা ২০০৯ত শিক্ষাৰ ডিপ্লোমা পাঠ্যক্ৰম সম্পূৰ্ণ কৰে। মা-দেউতাক আৰু ভনীয়েকৰ সৈতে গাঁৱৰ বাহিৰৰ জুপুৰী এটাত থাকি তেওঁ মনগ্ৰুল চাৱালাৰ জিলা পৰিষদৰ বিদ্যালয়ত শিক্ষক হিচাপে দুবছৰ কাম কৰে। তেওঁ একেখন বিদ্যালয়তে পঢ়িছিল আৰু আধাতে পঢ়া এৰা নাছিল। দৰাচলতে তেওঁক সকলো সময়তে এজন শিক্ষকে উৎসাহ যোগাইছিল, সমৰ্থন কৰিছিল।

১৯৯১ চন মানৰ কথা, মাটিনৰ বয়স তেতিয়া আঠ বছৰ। ‘আমি চৰাই-চিৰিকতি, এন্দুৰ আদি চিকাৰ কৰি নাইবা ভিক্ষা মাগি জীৱিকা নিৰ্বাহ কৰিছিলো। নাইবা গাঁৱৰ মানুহৰ এৰেহা খাই মই আৰু মোৰ তিনি ভনীয়ে ভোক নিবাৰণ কৰিছিলো। এবাৰ আমি ৫-৬ দিন ধৰি (প্ৰায়) একো নোখোৱাকৈ আছিলো। মোৰ দেউতাই উপায় নাপাই কাৰোবাৰ খেতিৰ পৰা ২-৩ জোপা জোৱাৰ উভালি আনিছিল। মায়ে আমাক জোৱাৰ আম্বলি (আঞ্জা) ৰান্ধি খুৱাইছিল। পিছত খেতিৰ মালিকে আমাৰ দেউতাৰ বিৰুদ্ধে পাঁচ কুইণ্টল জোৱাৰ চুৰি কৰা বুলি থানাত এজাহাৰ দিছিল। তেওঁৰ আৰ্ত হৃদয়ে চুৰ কৰিবলৈ বাধ্য কৰিছিল, কিন্তু ২-৩ জোপা আৰু পাঁচ কুইণ্টলৰ মাজত বহুত পাৰ্থক্য আছে।’

Students reading in the library
PHOTO • Jyoti Shinoli
Students eating their school meal
PHOTO • Yogesh Pawar

বিদ্যালয়ৰ গ্ৰন্থাগাৰটোও (বাওফালে) ভাঙি পেলোৱা হৈছিল, ছাত্ৰ-ছাত্ৰীৰ থকা-খোৱাৰ ব্যৱস্থা থকা ওচৰৰে হোষ্টেললৈ গ্ৰন্থাগাৰটোৰ ২০০০ খন কিতাপ লৈ যোৱা হয় (সোঁফালে) 

তেওঁৰ দেউতাক শংকৰ ভোসলেয়ে তিনিমাহৰ বাবে অমৰাৱতীত কাৰাবাস খাটিবলগীয়া হৈছিল। তাতে আৰক্ষীৰ পোচাকত মানুহবোৰ দেখি দেউতাকে বুজি উঠিছিল যে শিক্ষা আৰু জ্ঞানৰ শক্তি কিমান। ‘জেলত থকা সময়ত তেওঁ পাৰ্ধি কয়েদীসকলক সিহতৰ ল’ৰা-ছোৱালীক শিক্ষিত কৰি তোলাৰ বাবে আহ্বান জনাইছিল,’ মাটিনে স্মৃতি সুঁৱৰিলে। তেওঁ পিতৃৰ কথা মনত পেলালেঃ ‘যদি জ্ঞান আৰু শিক্ষাৰ অপব্যৱহাৰে নিৰ্দোষীক হাৰাশাস্তি দিব পাৰে, সেই একে শিক্ষা আৰু জ্ঞানৰ সদব্যৱহাৰে সুৰক্ষাও দিব পাৰে।’

মাটিনে তেওঁৰ দেউতাকৰ কথা আখৰে আখৰে পালন কৰি শিক্ষকতা বৃত্তিত নিয়োজিত হ’ল। তাৰপিছত বিদ্যালয় এখন স্থাপন কৰিলে। কিন্তু বিদ্যালয়খন পতাৰ আজি সাত বছৰ হ’ল, বিদ্যালয়খনৰ তৰফৰ পৰা ৰাজ্যিক শিক্ষা বিভাগলৈ আৰু জনজাতি উন্নয়ন বিভাগলৈ অসংখ্য দৰ্খাস্ত কৰা স্বত্বেও বিদ্যালয়খনে এতিয়াও চৰকাৰী স্বীকৃতি আৰু অনুদানৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে।  

২০১৫ত মাটিনে মহাৰাষ্ট্ৰ শিশু অধিকাৰ সুৰক্ষাৰ ৰাজ্যিক আয়োগলৈ চৰকাৰী স্বীকৃতি আৰু অনুদান নোপোৱা বিষয় লৈ এখন অভিযোগ পত্ৰ লিখিছিল। বঞ্চিত শ্ৰেণীৰ শিশুৰ প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰাটো নিশ্চিত কৰাৰ বাবে শিক্ষাৰ অধিকাৰ আইন (২০০৯)ৰ কথা আয়োগে ৰাজ্য চৰকাৰক সোঁৱৰাই দিছে। আইনত উল্লেখিত ধৰণে বিদ্যালয়ৰ আন্তঃগাঁথনি আৰু সা-সুবিধা থাকিলে অভিযোগকাৰীয়ে বিদ্যালয়খন চলাই থকা আৰু চৰকাৰী স্বীকৃতি পোৱাৰ অধিকাৰ আছে।

 ‘জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে প্ৰতিটো শিশুৰ প্ৰাথমিক শিক্ষা নিশ্চিত কৰাটো চৰকাৰৰ দায়িত্ব। শিক্ষাৰ অধিকাৰ আইনখনত এই কথা স্পষ্টকৈ উল্লেখ কৰা আছে। যদি চৰকাৰে আন্তৰিকতাৰে এয়া অনুসৰণ কৰিলেহেঁতেন, তেন্তে এই ‘প্ৰশ্নচিহ্ন’ৰ আৱিৰ্ভাৱ নহ’লহেঁতেন। নিজা প্ৰচেষ্টাৰে যদি কোনোৱে এনে বিদ্যালয় স্থাপনো কৰে, চৰকাৰে স্বীকৃতি নিদিয়ে,’ আহমেদনগৰৰ এজন শিক্ষাকৰ্মী ভাও চাস্কৰে কয়। 

Students exercising on school grounds
PHOTO • Yogesh Pawar
Students having fun
PHOTO • Jyoti Shinoli

এইবছৰ কেনেদৰে শিক্ষাবৰ্ষ আৰম্ভ কৰিম ভাবি পোৱা নাই। আমি হোষ্টেলৰ কোঠাতে পাঠদান কৰিব লাগিব, প্ৰধান শিক্ষক প্ৰকাশ পাৱাৰে কয় 

‘সেই চৰকাৰী আদেশৰ আজি চাৰি বছৰ পাৰ হ’ল, কিন্তু জনজাতি বিভাগ কিম্বা শিক্ষা বিভাগে কোনো পদক্ষেপ নল’লে,’ প্ৰশ্নচিহ্ন বিদ্যালয়ৰ প্ৰধান শিক্ষক ফানচে পাৰ্ধি জনজাতিৰ প্ৰকাশ পাৱাৰে কয়। অনুদান পালে বিদ্যালয়খনত বিজ্ঞান আৰু কম্পিউটাৰ পৰীক্ষাগাৰ, গ্ৰন্থাগাৰ, শৌচালয়, খোৱাপানীৰ সুবিধা, হোষ্টেল, শিক্ষকৰ দৰমহা আদি বহুতো কাম কৰিবপৰা যাব। ‘এই সকলোবোৰ আমি ৰাইজৰ অনুদানেৰে চলাও,’ পাৱাৰে কয়।

লিখাবহীবোৰ কেইখনমান ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা আহে, কিতাপ (গ্ৰন্থাগাৰৰ কাৰণে), ৰেচন আৰু ধন ৰাজ্যখনৰ বিভিন্ন শুভাকাংক্ষী ব্যক্তি আৰু সংস্থাৰ পৰা আহে যিহেৰে আঠগৰাকী শিক্ষকৰ দৰমহা (মাহে ৩০০০ টকাকৈ) আৰু ১৫ গৰাকী সহায়কৰ দৰমহা(মাহে ২০০০ টকাকৈ) কে ধৰি বিভিন্ন ব্যয় বহন কৰা হয়। 

সকলো প্ৰত্যাহ্বান স্বত্বেও প্ৰায় ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰশ্নচিহ্ন বিদ্যালয়ৰ পৰা দশম শ্ৰেণীৰ দেওনা পাৰ হৈছে আৰু মহাৰাষ্ট্ৰৰ চহৰ-নগৰত আগলৈ পঢ়া-শুনা কৰি আছে। বিদ্যালয়খনৰ ছোৱালীৰ কাবাডী দলটোৱে ২০১৭ আৰু ২০১৮ত তালুক আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগীতাত পুৰস্কাৰ লাভ কৰিছে। 

কিন্তু এতিয়া সমৃদ্ধি ৰাজপথে তেওঁলোকৰ সপোনৰ বাটত হেঙাৰ হিচাপে থিয় দিছে। ‘এইবছৰ কেনেদৰে শিক্ষাবৰ্ষ আৰম্ভ কৰিম ভাবি পোৱা নাই। আমি হোষ্টেলৰ কোঠাতে পাঠদান কৰিব লাগিব,’ প্ৰধান শিক্ষক প্ৰকাশ পাৱাৰে কয়। ‘আমি বৈষম্য, প্ৰত্যাখ্যান আৰু মৌলিক সা-সুবিধাক লৈ ‘প্ৰশ্ন’ৰ সমুখীন হৈছো। আমি যেতিয়া ‘শিক্ষা’ৰ মাধ্যমেৰে সমস্যাৰ সমাধানৰ দিশে আগবাঢ়িছো, তেতিয়া আপুনি (মহাৰাষ্ট্ৰ চৰকাৰে) উচ্ছেদেৰে আমাক নতুনকৈ ‘প্ৰশ্ন’ৰ সমুখীন কৰাইছে। কিয়?’ মাটিনে ক্ষোভেৰে কয়। ‘মই অনাহাৰে অনশন কৰাৰ বাবে আটাইবোৰ ল’ৰা-ছোৱালীক লৈ আজাদ মৈদানলৈ (দক্ষিণ মুম্বাইত থকা) যাম। আমাক পুনৰ্সংস্থাপনৰ বাবে লিখিত প্ৰতিশ্ৰুতি নিদিয়ালৈ আমি তাৰ পৰা নাহো।’

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Jyoti Shinoli

জ্যোতি চিনৌলি মুম্বাইৰ এগৰাকী সাংবাদিক আৰু পিপলচ্ আৰ্কাইভ অব ৰুৰেল ইণ্ডিয়াৰ সমল-সমন্বয়ক। ইয়াৰ আগতে তেঁও ‘মি মাৰাঠী’ আৰু ‘মহাৰাষ্ট্ৰ’ৰ দৰে নিউজ চেনেলত কাম কৰিছে।

Other stories by Jyoti Shinoli