আৰু এই কাৰণতেই ওচমানবাদ গাঁৱৰ এইগৰাকী দলিত সভাপতিয়ে পাঁচ বছৰৰ সম্পুৰ্ণ কাৰ্যকালত মেজ নোহোৱাকৈয়ে চকীতে কাম কৰি কটাবলগীয়া হ'ল। গাঁৱৰ উচ্চ জাতৰ লোকে শালুবাইৰ সভাপতিৰ পদটোৰ সন্মানাৰ্থে কেৱল প্ৰতীকাত্মক ৰূপত তেওঁক কেৱল কাগজ-পত্ৰ স্বাক্ষৰ কৰাৰ বাবে তেওঁক অধিকাৰ দিয়া হৈছিল। কাৰ্যালয়ৰ কেৰাণীৰ কাম কৰাজনৰ মেজৰ আগফালে বহি সভাপতি শালুবাইয়ে আন দহজন সাধাৰণ লোকৰ দৰে চকীত বহি নথি-পত্ৰত চহী কৰিছিল।

যেতিয়া সতীশ খড়কেয়ে শালুবাইক 'উপ' সাজিব বিচাৰিছিল, তেওঁ ২০১০ চনত পঞ্চায়তৰ সভাপতি পদৰ বাবে নিৰ্বাচন খেলিবলৈ কৈছিল, তেতিয়া শালুবাইৰ গিৰীয়েক আৰু তেওঁৰ ল'ৰাদুজনে কৈছিল যে পঞ্চায়ত চলোৱাত শালুবাইৰ একো ভূমিকাই নাথাকিব, তেওঁক মাত্ৰ নথি-পত্ৰত আৰু বিকাশৰ বাবে ঠিকাৰ চুক্তিত চহী কৰাৰ বাবে প্ৰতীকাত্মক ৰূপতহে ৰখা যাব। বাস্তবত কামৰ বাঘজৰীডাল খড়কেৰ হাততে থাকিব, তেঁৱেই অনুমতিৰ বাবে নথি-পত্ৰবোৰ হাতত ৰাখিব। শালুবাই নিৰক্ষৰ আৰু অলপতহে তাই চহী কৰিব শিকিছে, কিন্তু তাৰ পৰা একো লাভ নহ'ব।


02-NW-When Shalubai won the chair, but lost the table.jpg

শালুবায়ে গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত কেৰাণীৰ মেজত নথি-পত্ৰত চহী কৰা অৱস্থাত (বাওফালে) আৰু গণতন্ত্ৰ দিৱসত পতাকা উত্তোলনৰ সময়ত(সোঁফালেঃ ফটো সৌজন্যঃ বাঘোলী গাঁও পঞ্চায়ত)

কিন্তু ততস্বত্বেও সেয়া এনে এটা প্ৰস্তাব আছিল যিটো তেওঁ কেতিয়াও না কৰিব পৰা নাছিল। খড়কে উচ্চ জাতৰ মাৰাঠা লোক, ইফালে ১৭৪৬ গৰাকী লোকৰ গাওঁখনত শালুবাই হৈছে জমীদাৰৰ খেতিৰ কামৰ ওপৰত নিৰ্ভৰ কৰা শ্ৰমিকৰ মাজৰ এজন।

গাওঁ পঞ্চায়তৰ সভাপতি হোৱাৰ পিছত তাইৰ জীৱনলৈ কিবা পৰিৱৰ্তন আহিছেনে? ইয়ে দলিত আৰু মাংগ সম্প্ৰদায়ৰ কিবা কামত আহিলনে?



হয়, দৰাচলতে বহুক্ষেত্ৰত লাভ হ'ল। প্ৰখ্যাত লেখক, লোককবি আৰু মাংগ সম্প্ৰদায়ৰ সমাজ সংস্কাৰক অন্নাভাউ সাঠেৰ এখন ছবি পঞ্চায়তৰ কাৰ্যালয়ত ওলমিল। শালুবাইয়ে পঞ্চায়তৰ সভাপতি হোৱাৰ পিছত সম্প্ৰদায়টোৰ এজন ৰাজনৈতিক দলৰ যুৱ কৰ্মকৰ্তাই সেই ফটোখন ওলমালে।


03-DSCN1719-NW-When Shalubai won the chair, but lost the table.jpg

অন্নাভাউ সাঠে (সোঁফালৰ অন্তিমজন), মাংগ সম্প্ৰদায়ৰ সমাজ সংস্কাৰক, যাৰ ছবি সুভাষ চন্দ্ৰ বসু, জ্যোতিবা ফুলে, ভগত সিং, লোকমান্য তিলক আৰু সাবিত্ৰীবাই ফুলেৰ ছবিৰ সমানে সমানে পঞ্চায়তৰ কাৰ্যালয়ত লগোৱা দেখা গ'ল

তেঁওৰ নিৰ্বাচনৰ পূৰ্বে মাংগ সাৰ্বজনিক ৰূপত নিজৰ সন্মানীয় নেতাগৰাকীৰ জয়ন্তী উৎসৱ পাতিবপৰা নাছিল। এতিয়া প্ৰত্যেক ১ আগস্তৰ দিনা বাঘোলীৰ ৰাস্তাত মিছিল ওলায়। এয়া সংঘৰ্ষৰ পিছতহে সম্ভৱ হ'ল। প্ৰথম বৰ্ষত যেতিয়া তেওঁলোকে ৰাস্তাত একেলগে ওলাইছিল, তেতিয়া উচ্চ জাতিৰ লোকসকলে সেই মিছিল ভংগ কৰাৰ বাবে তেওঁলোকক বাধ্য কৰি দিছিল। তাৰে পিছৰ বৰ্ষত, শালুবাইয়ে এখন আবেদনত ২০ গৰাকী মাংগ মহিলাৰ স্বাক্ষৰ লৈ পুলিচ পাটিল (এক অৰ্থ ন্যায়িক গাঁৱৰ মুখ্য অধিকাৰী)ৰ হাতত দাখিল কৰিলে আৰু সুৰক্ষাৰ অনুৰোধ জনালে। এইবাৰ পুলিচৰ এখন ভানে তেওঁলোকক সংগ দিলে। উচ্চ জাতিৰ লোকে তেতিয়াও সমাবেশ ভংগ কৰাৰ চেষ্টা চলাইছিল, কিন্তু আৰক্ষীয়ে তেওঁলোকক বাধা দিলে। তেতিয়াৰে পৰা কোনেও শোভাযাত্ৰাত বাধা দিয়াৰ চেষ্টা কৰা নাই।

পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা শালুবাইয়ে আমাক গাঁৱৰ চাৰিআলিৰ সৰু শিৱ মন্দিৰটোলৈ লৈ গ'ল। "ইয়াৰ পূৰ্বে আমাৰ সম্প্ৰদায়ৰ লোকক কেৱল বাহিৰৰ পৰা প্ৰাৰ্থনা কৰাৰ অনুমতি দিয়া হৈছিল। কিন্তু নিৰ্বাচনৰ পিছত, পঞ্চায়তৰ কিছু সদস্যই গাঁৱৰ প্ৰত্যেকটো মন্দিৰত একেলগে প্ৰাৰ্থনা কৰিলে। মই বাহিৰতে থিয় হৈ আছিলো, কিন্তু তেওঁলোকে মোক মন্দিৰত সোমাবলৈ দি এটা নতুন আৰম্ভণি কৰিব বিচাৰিছিল। পঞ্চায়তৰ সভাপতি হোৱা হেতুকে মই সেই সন্মান লাভ কৰিছিলো," তেওঁ ক'লে।


04-Shalubai first visit to temple 720 dpi EV 004-NW-When Shalubai won the chair, but lost the table.jpg

শালুবাই (বাওফালৰ শেষৰজন), ডাঙৰ মাৰুতী মন্দিৰত তেওঁৰ প্ৰথমখন গ্ৰাম সভাৰ বৈঠক উপলক্ষে অইন মহিলাসকলৰ সৈতে (ফটো সৌজন্যঃ বাঘৌলী গাওঁ পঞ্চায়ত)

শালুবাইক মন্দিৰত প্ৰৱেশ কৰাৰ এবাৰ অনুমতি দিয়াৰ পিছৰেপৰা তেওঁৰ সম্প্ৰদায়ৰ অইন লোকসকলেও তেওঁৰ পদাংক অনুসৰণ কৰিবলৈ ল'লে। মাংগসকলে এতিয়া সাধাৰণ শিৱ মন্দিৰত সপ্তাহৰো (অহৰ্নিশে কৰা নাম-কীৰ্তন) আয়োজন কৰে। উচ্চ জাতিয়ে তেওঁলোকৰ সপ্তাহ ধুনীয়া মাৰুতী মন্দিৰত আয়োজন কৰে। গ্ৰাম সভাৰো আয়োজন মাৰুতি মন্দিৰতে কৰা হয়, কিয়নো পঞ্চায়ত কাৰ্যালয়ত সকলোকে সামৰি লবপৰাকৈ ঠাই নাই। পঞ্চায়তৰ সভাপতি হোৱা হেতুকে নথি-পত্ৰত চহী কৰিবপৰা অধিকাৰৰ হেতু শালুবাইয়েও সেই মন্দিৰৰ সভাত ভাগ ল'ব পাৰিছে।

পৰিৱৰ্তন যে সীমাবদ্ধ, এতিয়াও বাঘৌলি গাওঁখনৰ দলিত বস্তিত কলনিত মাংগসকল আৰু মহাৰসকৰ জুই-পানী এতিয়াও বেলেগ বেলেগ। এই কলনিৰে ৰাস্তাৰ শেষত শালুবাইৰ সৰুকৈ ঘৰ এটা আছে। ঘৰটোৰ ছাল আৰু বেৰবোৰ টিনপাতৰ। ঘৰখনত দুখন দৰ্জা আছে যদিও খিৰীকি নাই। এই বেৰকেইখনৰ মাজতে তেওঁলোকৰ আটাইখিনি সম্পত্তি আছেঃ এটা বাকচত কাপোৰ, এখন বিচনা, এটা সৰু আলমাৰীৰ ওপৰত টিভি, গেছৰ এটা চিলিণ্ডাৰ আৰু মজিয়াত দুটা বাৰ্ণাৰৰ এটা ষ্টোভ, বাচন-বৰ্তন আৰু বস্তু ৰখাৰ বাবে এখন ৰেক, আৰু বীজ ৰখাৰ বাবে দুটামান ডাঙৰ টিং। তেওঁৰ ঘৰখনত আলহীৰে ভৰি আছে, তেওঁলোকে নিজৰ নিজৰ কাহিনী ক'বলৈ উচপিচাই আছে।


05-DSCN1808-NW-When Shalubai won the chair, but lost the table.jpg

শালুবাইয়ে তেওঁৰ স্বামী ৰাজেন্দ্ৰ কাছবেৰ লগত নিজৰ টিনপাতৰ ঘৰটোত, পিছফালে বহি থকা তেওঁৰ বায়েকে তেওঁলোকলৈ চাইছে

"মই পঞ্চায়তৰ সভাপতি হোৱাৰ পিছত এই ঘৰো সাজিলো," শালুবাইয়ে ক'লে। "এবাৰ কি হ'ল আমাৰ পুৰণা মাটী-ইটাৰে সজা ঘৰটো ভাঙি থাকিল। টিনপাতে মোৰ পতিৰ উৰুত দকৈ কাটিলে আৰু কেইবাটাই চিলাই পৰিল।"

"তথাপিও আমি এটা ভাল ঘৰ পোৱা নাই। আপুনি যদি বিপিএল (দৰিদ্ৰ সীমাৰেখাৰ তলত) তেন্তে আপুনি ঘৰ পাব। আমাৰ হাতত নে ঘৰ আছে, নে আছে ধন, কিন্তু আমি বিপিএলত নপৰো।" সভাপতি হিচাপে তেওঁ মাহত কেৱল ৬০০ টকা পায়। "সেইখিনিৰে কেনেদৰে জীৱিকা চলে?"

পুৱা ৯ বজাৰ পৰা ১১ বজালৈ শালুবাইয়ে পঞ্চায়তৰ কাৰ্যালয়ত কাম কৰে আৰু বাকী সময়খিনিত অইন দহজন শ্ৰমিকৰ দৰেই খেতিপথাৰত কামত লাগে। ছয়াবিনৰ বাকলি এৰুওৱা আৰু খেতি পথাৰ নিৰোৱা আদি কামৰ বাবদ মহিলাই প্ৰতিদিন ১৫০ টকা পায়। পুৰুষে খন্দা, চহোৱা আৰু বীজ সিঁচা আদি কামত তাতোকৈ দুগুণ আয় পায়।


06-DSCN4786-NW-When Shalubai won the chair, but lost the table.jpg

ছয়াবিনৰ খেতিত নিৰোৱাৰ কাম

শালুবাইৰ ২৯ বছৰ বয়সীয়া ডাঙৰ ল'ৰা শচীনৰ ল'ৰা-ছোৱালীহালে দ্বাদশ শ্ৰেণীলৈ পঢ়িছে। শচীনৰ ভাষ্যমতে গাঁও পঞ্চায়ত সভাপতি হিচাপে দায়িত্ব পালন কৰাটো মাকজনীৰ বাবে প্ৰায় অসম্ভৱ। তথাপিও তেওঁ পুৰাদমে চেষ্টা কৰিছে, উচ্চ জাতিৰ আগৰ সভাপতিবোৰৰ দৰে নকৰি তেওঁ নিজৰ সম্প্ৰদায়টোৰ সদস্যসকলৰ বাবে, তেওঁলোকৰ কাগজ-পাতিত চহী কৰাৰ বাবে তেওঁ সকলো সময়তে প্ৰস্তুত হৈ থাকে।

"মাৰাঠাসকলে আমাৰ ওপৰত শাসন চলায়," শচীনে কয়। "তেওঁলোকে আমাক কেতিয়াও আগবাঢ়িব নিদিব। তেওঁলোকৰ সংখ্যা বেছি আৰু তেওঁলোকেই সকলো নিয়ন্ত্ৰণ কৰে।" তেওঁলোকৰ বিৰোধীতা কৰা মানে বিপদ চপাই লোৱা। "তেওঁলোকে আমাক খেতিপথাৰৰ পৰা উলিয়াই দিব আৰু আমাক অইন কাম কৰাতো বাধা দিব।"

শালুবাইয়ে নিজৰ ল'ৰাক কথাৰ মাজতে মাত দিলে। "তেওঁলোকৰ বিৰোধীতা কৰি কি লাভ আছে? তেওঁলোক জমীদাৰ, আমি তেওঁলোকৰ খেতিপথাৰত কাম কৰো। তেওঁলোকে মোৰ সৈতে ভাল আচৰণেই কৰে, কিয়নো পাঁচ বছৰলৈ তেওঁলোকক মই একো অসুবিধা নিদিলো।"

গাওঁসভাৰ উপ সভাপতি খড়কে এগৰাকী জমীদাৰ আৰু এজন ভাল অভিযন্তা। তেওঁৰ এই কথাত বিশেষ সহানুভূতি নাই। "নিৰক্ষৰ মহিলাক কথা বুজোৱাটো বৰ টান," তেওঁ কয়। "আৰু তেওঁ পঢ়া-শুনা জানিলেও তেওঁলোকক শিক্ষিত বুলি কোৱা নহয়।"

শালুবাইয়ে আশা কৰিছিল যে সভাপতি হোৱাৰ পিছত তেওঁৰ ল'ৰা-ছোৱালীয়ে কিবা স্থায়ী চাকৰি এটা পাব। কিন্তু এনেকুৱা একো নহ'ল, আৰু শচীনে তেওঁৰ কাৰ্যকালত খেতিপথাৰতে মজদুৰ হিচাপে কাম কৰি থাকিবলগা হ'ল।

শালুবাইয়ে সংবিধানৰ ৭৩ সংখ্যক সংশোধনৰ আধাৰত (সংবিধান, পঞ্চায়তী ৰাজৰ সৈতে সম্পৰ্কিত) নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। তেওঁৰ কাৰ্যকাল ২০১৫ চনৰ নবেম্বৰ মাহত সম্পুৰ্ণ হয়। নিৰ্বাচনত জয়ী হ'বলৈ তেওঁ নিজৰ পইচাৰে ভোজনৰ আয়োজন কৰিবলগা হৈছিল। আনকি অভিযানৰ পইছা যোগাৰ কৰাৰ বাবে তেওঁ ঘৰৰ একমাত্ৰ মহটোও বিক্ৰী কৰি দিছিল। "মোৰ নিজৰেই ডাঙৰ ভনীয়ে নিৰ্বাচনত মোক ভোট দিবলৈ হ'লে শাৰী এখন দিয়াৰ বাবে অনুৰোধ জনাইছিল," মিচিকিয়াই হাঁহি দিয়া বায়েকৰ পিনে আঙুলিয়াই অলপ খং মিহলি ভাব দেখুৱালে শালুবাইয়ে।

"গাঁৱৰ মানুহে মোক উন্নতি কৰিব নিদিয়ে। সকলো ডাঙৰ মানুহে (উচ্চ জাতি) কেৱল নিজৰ মানুহৰেই সুখ-শান্তিত লাগিব আৰু ধন আৰ্জিব। আমি পিছপৰা জাতিৰ। আমি বিৰোধীতা কৰিলে আমাক ক'বঃ 'আমি আপোনাক গাঁৱৰপৰাই বাহিৰ কৰি দিম।' তাৰ পিছত আমি যাম ক'লৈ? সেয়ে আমি মনে মনে থাক।"

ব্যৱহাৰিক দৃষ্টিত পৰিয়ালৰ জীৱনত বিশেষ পৰিৱৰ্তন নাহিলেও শালুবাইয়ে কয় যে তেওঁ সদায় সভাপতি হোৱাৰ পিছৰ সেই সন্মান কেতিয়াও নাপাহৰে। যদিওবা তেওঁ এতিয়া গাঁৱৰ মুখ্য সম্প্ৰদায়বোৰৰ দাঁতিকাষৰ দৰিদ্ৰ, ভূমিহীন জীৱন এটাই কটাই আছে।


07-SHalubai-panchayat-office-DSCN1750-NW-When Shalubai won the chair, but lost the table.jpg

বাঘৌলিৰ গাওঁ পঞ্চায়তৰ কাৰ্যালয়ৰ বাহিৰত ছত্ৰপতি শিৱাজীৰ প্ৰতিমাৰ সমুখত থিয় হৈ শালুবাই

অইন ফটোবোৰঃ নমিতা ৱাইকাৰ

উপসংহাৰঃ শালুবাইৰ পতি ৰাজেন্দ্ৰ কছবেৰ এক দুৰাৰোগ্য টিউমাৰ হৈছিল। এইহেতু পৰিয়ালে বহুবাৰ বিভিন্ন হস্পিতালত চিকিৎসাৰ বাবে অনুৰোধ জনাইছিল। চিকিৎসাৰ খৰছ বহন কৰাৰ বাবে তেওঁ স্থানীয় সুতখোৰৰ পৰা বৃহৎ পৰিমাণৰ ধন লৈছিল আৰু চুবুৰীয়াৰ পৰাও কম-বেছি পৰিমাণে ধন ধাৰলৈ লৈছিল। ২০১৬ বৰ্ষৰ এপ্ৰিল মাহত ৰাজেন্দ্ৰৰৰ মৃত্যু ঘটে। ইয়াৰ পিছতে শালুবাইৰ দুই পুত্ৰই তেওঁৰ লগ এৰাৰ দৰেই। তেওঁ এতিয়া অকলে থাকে আৰু তেওঁৰ চুবুৰীয়াই ধাৰৰ ধন উভতাই বিচাৰি প্ৰায়ে আমনি দিয়ে। সুতখোৰজনৰ মতে শালুবাইয়ে নিজৰ ঘৰটো তেওঁক গতাব লাগে নতুবা ঋণ শুজাৰ বাবে তেওঁৰ তাত চুক্তিবদ্দ শ্ৰমিক হিচাপে কাম কৰিব লাগে।

এই ঘটনাটোৰ প্ৰতিবেদনত সহায় কৰাৰ বাবে এবিপি মাজাৰ প্ৰাক্তন ভাৰত পাটিললৈ ধন্যবাদ।

পল্লবী কুলকাৰ্ণি মাৰাঠী, হিন্দি আৰু ইংৰাজী ভাষাৰ অনুবাদক।

অনুবাদকঃ ৰশ্মিৰেখা দাস

Namita Waikar is a writer, translator and Managing Editor at the People's Archive of Rural India. She is the author of the novel 'The Long March', published in 2018.

Other stories by Namita Waikar