যেতিয়া থুটুকুড়ি চহৰৰ লগতে তামিলনাডুৰ বিভিন্ন প্ৰান্তত ৰাজপথবোৰ লোকে-লোকাৰণ্য হৈ পৰিছিল, তেতিয়াই সৰু ল’ৰা এজনে দৌৰি আহি সেই ভীৰত যোগ দিছিল। মুহুৰ্ততে সেই সৰু ল’ৰাটো প্ৰতিবাদী সমদলৰ অংশ হৈ পৰিছিল, ডিঙিৰ শিৰ ফুলাই পৰিৱৰ্তনৰ শ্লোগান জুৰিছিল। ‘আপুনি সেই আৱেগিক সময়ৰ কথা নাজানিব পাৰে বা অনুভৱ নকৰিবও পাৰে, কিন্তু ভগত সিঙৰ ফাঁচিয়ে তামিলনাডুৰ স্বাধীনতা সংগ্ৰামক এক আৱেগিক ৰূপ দিছিল। মানুহৰ মাজত আতংকই দেখা দিছিল, বহুতেই চকুপানীৰে বাট নেদেখা হৈছিল।’ 

‘তেতিয়া মোৰ বয়স আছিল মাত্ৰ ৯ বছৰ,’ তেওঁ মিচিকিয়াই হাঁহি কয়। 

আজি তেওঁৰ বয়স ৯৯ বছৰ (১৫ জুলাই, ২০২০ত)। কিন্তু এগৰাকী মুক্তিযুঁজাৰু, এজন গুপ্তবাহিনীৰ বিপ্লৱী, লিখক, বাগ্মীপুৰুষ আৰু এজন সংস্কাৰকামী বুদ্ধিজীৱি হিচাপে তেওঁৰ চকুত সেই অগ্নি আৰু উদ্যম এতিয়াও বিদ্যমান। ১৯৪৭ চনৰ ১৪ আগস্তৰ দিনা বৃটিছৰ কাৰাগাৰৰ পৰা ওলাই আহিছিল এইজন বাগ্মীপুৰুষ। ‘সেইদিনা ন্যায়াধীশে কেন্দ্ৰীয় কাৰাগাৰলৈ আহি আমাক মুকলি কৰি দিছিল। মাদুৰাই ষড়যন্ত্ৰ গোচৰত আমাক নিৰ্দোষী বুলি ৰায় দিয়া হৈছিল। মই মাদুৰাইৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ওলাই আহি স্বাধীনতাৰ মিচিলত যোগ দিছিলো।’

১০০ বছৰত ভৰি দিবলৈ ওলোৱা এন. শংকৰীয়া এতিয়াও বৌদ্ধিক দিশত সক্ৰিয়, এতিয়াও বক্তৃতা প্ৰদান কৰে, আলোচনাত ভাগ লয়। এনেদৰে ২০১৮ৰ শেষৰফালে তেওঁ প্ৰগ্ৰেছিভ ৰাইটাৰ্ছ এণ্ড আৰ্টিষ্ট সন্মিলনত অভিভাষণৰ বাবে চেন্নাইৰ উপকণ্ঠ অঞ্চলৰ ক্ৰম্পেটৰ স্বগৃহৰ পৰা তামিলনাডুৰ মাদুৰাই অভিমুখী যাত্ৰাত আমি তেওঁৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলো। ভাৰতৰ স্বাধীনতা সংগ্ৰামত অংশ লোৱাৰ বাবে নিজৰ স্নাতকৰ শিক্ষা সম্পূৰ্ণ কৰিব নোৱাৰা শংকৰীয়াই ভালেমান ৰাজনৈতিক সংক্ষিপ্ত পুথি, পুস্তিকা, পামফ্লেট আৰু সংবাদলেখা ৰচনা লিখিছে। 

নৰসিংহালু শংকৰীয়াই মাদুৰাইস্থিত আমেৰিকান কলেজৰ পৰা বুৰঞ্জীৰ স্নাতক উপাধি পোৱাৰ বাবে দিবলগীয়া চুড়ান্ত পৰীক্ষালৈ মাত্ৰ দুসপ্তাহ আছিল। সেয়া ১৯৪১ৰ কথা। কিন্তু তেওঁ ৰৈ থাকিব নোৱাৰিলে। ‘মই কলেজৰ ছাত্ৰ একতা সভাৰ যুটীয়া সচিব আছিলো।’ মেধাৱী ছাত্ৰ হিচাপে তেওঁ কলেজতে কবি সমাজ এখন স্থাপন কৰাৰ লগতে কলেজৰ ফুটবল দলটোৰো প্ৰতিনিধি আছিল। ইংৰাজ বিৰোধী আন্দোলনৰ তেওঁ অতিকৈ সক্ৰিয় কৰ্মী আছিল। ‘কলেজীয় দিনবোৰত বামপন্থী ভাৱাদৰ্শৰ ভালেমান বন্ধু গোটাইছিলো। মই বুজি উঠিছিলো যে সামাজিক সংস্কাৰ অবিহনে ভাৰতৰ স্বাধীনতা অসম্পূৰ্ণ হৈ ৰ’ব।’ ১৭ বছৰ বয়সত তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (তেতিয়াৰ নিষিদ্ধ আৰু আত্মগোপন অৱস্থাত থকা) দলৰ সদস্য হৈ পৰে। 

তেওঁ আমেৰিকান কলেজৰ উদাৰ দৃষ্টিভংগীৰ কথা মনত পেলায়। ‘সঞ্চালককে ধৰি মুষ্টিমেয় কেইজনমানহে আমেৰিকীয় আছিল, বাকীবোৰ তামিল। তেওঁলোক নিৰপেক্ষ হৈ থাকিব লাগিছিল, কিন্তু তেওঁলোক ইংৰাজ সমৰ্থকো নাছিল। তাতে ছাত্ৰসমাজৰ কাৰ্যকলাপৰ অনুমতি দিয়া হৈছিল।...’ ১৯৪১ত ইংৰাজ বিৰোধী প্ৰতিবাদত ভাগ লোৱাৰ বাবে আন্নামালাই বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষাৰ্থী মীনাক্ষিক আটক কৰাৰ বিৰুদ্ধে প্ৰতিবাদী সভা এখন আয়োজন কৰা হৈছিল। ‘আমি এখন পামফ্লেট বিতৰণ কৰিছিলো। আমাৰ ছাত্ৰাবাসৰ কোঠাবোৰত আকস্মিক তালাচী চলোৱা হৈছিল, (মোৰ বন্ধু) নাৰায়নস্বামীৰ হাতত পামফ্লেট এখন পোৱাৰ বাবে তেওঁক আটক কৰা হৈছিল। পাছত আমি তেওঁক আটক কৰাৰ বিৰুদ্ধে প্ৰতিবাদী সভা পাতি মাত মাতো...’

ভিডিঅ’ চাব পাৰেঃ শংকৰীয়া আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম 

‘তাৰ পাছতে ১৯৪১ৰ ২৮ ফেব্ৰুৱাৰীৰ দিনা ইংৰাজে মোক আটক কৰে। সেয়া আছিল মোৰ চুড়ান্ত পৰীক্ষাৰ ১৫ দিন আগৰ ঘটনা। মই ঘুৰি নাহিলো, মোৰ স্নাতক ডিগ্ৰী সম্পূৰ্ণ নহ’ল,’ তেওঁক আটক কৰাৰ মুহূৰ্তৰ কথা কৈ তেওঁ কয়, দশক বাগৰিল, ‘মই ভাৰতৰ স্বাধীনতা আন্দোলনত ভাগ লৈ, কাৰাগাৰলৈ গৈ গৌৰৱান্বিত হৈছিলো। সেয়াই মোৰ মন-মগজুত চলিছিল।’ কেৰিয়াৰ ধ্বংস হোৱাৰ কথা মনলৈ ঘুণাক্ষৰেও অহা নাছিল। তেতিয়া এক মুক্তিপিয়াসী যুৱকে জোৰা শ্লোগানৰ ভিতৰত তেওঁৰ প্ৰিয় শ্লোগানটো আছিলঃ ‘আমি চাকৰিৰ নহয়, স্বাধীনতাৰ চিকাৰী।’  

‘মাদুৰাইৰ কাৰাগাৰত ১৫ দিন কটোৱাৰ পিছত, মোক ভেল্লোৰ কাৰাগাৰলৈ পঠিওৱা হৈছিল। সেইখিনি সময়ত তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, কেৰালা আদিৰ পৰা ভালেমান লোকক আটক কৰি তালৈ নিয়া হৈছিল।’

‘কমৰেড এ. কে. গোপালন (কেৰালাৰ কিংবদন্তি কমিউনিষ্ট পাৰ্টি নেতা)ক ট্ৰিচ্চিত এক অনুষ্ঠান আয়োজনৰ অভিযোগত আটক কৰা হৈছিল। কেৰালাৰ কমৰেড ইম্বিচি বাভা, ভি. সুব্বিয়াহ, জীৱনান্দম এইসকলকো সেই অনুষ্ঠানৰ সময়তে আটক কৰা হৈছিল। তেওঁলোক আটাইকে ভেল্লোৰ কাৰাগাৰত ৰখা হৈছিল। তাতে মাদ্ৰাছ চৰকাৰে আমাক দুটা গোটত বিভক্ত কৰাৰ বুদ্ধি পাঙিছিল। তাৰে এটাক ‘চি’ (C) প্ৰকাৰৰ ৰেচন দিয়াৰ পৰিকল্পনা চলিছিল। চি ৰেচন কেৱল অপৰাধ সাব্যস্ত হোৱাসকলক দিয়া হয়। আমি এই ব্যৱস্থাৰ বিৰুদ্ধে ১৯ দিনীয়া অনশন ধৰ্মঘট প্ৰদৰ্শন কৰিলো। ১০ দিনৰ দিনা তেওঁলোকে আমাক দুটা গোটত বিভক্ত কৰিল। মই তেতিয়া কেৱল এজন ছাত্ৰ হৈ আছিলো।’ 

কাৰাগাৰৰ মহাপৰিদৰ্শকগৰাকীয়ে কিশোৰ শংকৰীয়াক জেলৰ ভিতৰতে মেক্সিম গৰ্কীৰ ‘মা’ পঢ়ি থকা দেখি আচৰিত হৈছিল। “‘তোমাৰ অনশন ধৰ্মঘটৰ আজি দহদিন হ’ল, তাতে তুমি সাহিত্য পঢ়ি আছা, গৰ্কিৰ মা?’ তেওঁ প্ৰশ্ন কৰিলে,” শংকৰীয়াৰ স্মৃতিত এতিয়াও সেই সময়খিনি জলজল পটপট হৈ আছে। 

প্ৰখ্যাত ব্যক্তি কিছুমানকো এখন পৃথক কাৰাগাৰত ৰখা হৈছিল। তাৰে মাজতে আছিল ‘কামাৰাজৰ (কে. কামাৰাজ, পিছলৈ তেওঁ মাদ্ৰাছ ৰাজ্য - এতিয়াৰ তামিলনাডুৰ মুখ্যমন্ত্ৰী- ১৯৫৪ৰ পৰা ৬৩লৈ), পাট্টাভি সীতাৰমায়্যা (স্বাধীনতাৰ পিছতে কংগ্ৰেছৰ সচিব নিৰ্বাচিত হয়), আৰু বহুতো। অৱশ্যে তেওঁলোকক আন প্ৰাংগণত ৰখা হৈছিল। তেওঁলোকে কৈছিলঃ ‘আমি মহাত্মা গান্ধীৰ পৰামৰ্শ মানিছো’। গান্ধীয়ে কৈছেঃ ‘কাৰাগাৰত কয়দী ৰখা স্থান নাই।’ যাহওক চৰকাৰে দাবী মানিলে। আমি ১৯ দিনৰ দিনা অনশন ধৰ্মঘট ভংগ কৰো।’’

PHOTO • S. Gavaskar

ওপৰত বাওঁফালেঃ ৯০ৰ দশকত নিজৰ দলৰ ৰাজ্যিক কমিটিৰ কাৰ্যালয়ত শংকৰীয়া। ওপৰত সোঁফালেঃ ১৯৮০ৰ দশকৰ এখন ৰাজহুৱা সভাত (সমুখৰ চুকৰ প্ৰথমজন) তেওঁৰ পুৰণি কমৰেড বন্ধু পি. ৰামামুৰ্ত্তীয়ে সম্বোধন কৰাৰ মুহূৰ্তত, তলৰ শাৰীতঃ ২০১১ত চেন্নাইত দুৰ্নীতিবিৰোধী বৈঠকত সম্বোধন কৰা মুহূৰ্তত 

শংকৰীয়াই কয়, সমস্যাবোৰক লৈ সাংঘাতিক মতবিৰোধ থকা সত্ত্বেও ‘কামাৰাজাৰ কমিউনিষ্টসকলৰ অতি ভাল বন্ধু হৈ পৰিছিল। জেলত তেওঁৰ লগত একেটা কোঠাতে থকা মাদুৰাই আৰু তিৰুনেলভেলিৰ বন্ধুসকলো কমিউনিষ্ট আছিল। মই কামাৰাজাৰৰ সৈতে অন্তৰংগ হৈ পৰিছিলো। তেওঁ ভালেকেইবাৰ আমাৰ প্ৰতি হোৱা দুৰ্ব্যৱহাৰৰ বিৰুদ্ধে মাত মাতিছিল। অৱশ্যে জেলত তুমুল তৰ্ক-বিতৰ্কও হৈছিল (কংগ্ৰেছ আৰু কমিউনিষ্ট আদৰ্শবাদীসকলৰ মাজত), বিশেষকৈ জাৰ্মান-ছোভিয়েট যুদ্ধৰ সময়ত।’

‘কিছুদিনৰ পিছতে, আমাৰ আঠজনক ৰাজাহমুন্দ্ৰী (এতিয়াৰ অন্ধ্ৰপ্ৰদেশত)লৈ পঠিওৱা হৈছিল আৰু পৃথক পৃথক প্ৰাংগণত ৰখা হৈছিল।’

‘১৯৪২ৰ এপ্ৰিললৈ চৰকাৰে মোৰ বাদে আটাইবোৰ ছাত্ৰক মুকলি কৰি দিছিল। কাৰাগাৰৰ তত্বাৱধায়কজনে মোৰ ওচৰলৈ আহি সুধিছিলঃ ‘শংকৰীয়া কোন?’ তাৰপিছত মোৰ বাদে আটাইকে মুকলি কৰি দিবলৈ কৈছিল। এমাহ ধৰি মোক অকলশৰীয়াকৈ ৰখা হৈছিল, গোটেই প্ৰাংগণটোত মই অকলে আছিলো।’

তেওঁৰ লগতে আনবোৰৰ বিৰুদ্ধে কি অভিযোগ আছিল? ‘কোনো অভিযোগ নাছিল, কেৱল আটক কৰা হৈছিল। প্ৰতি ছমাহৰ মুৰে মুৰে সিহঁতে আপোনালৈ সূচনা জাৰী কৰিব, তাত আপোনাক কি কাৰণত আটক কৰা হৈছে তাৰ উল্লেখ থাকিব। কাৰণ হৈছে ৰাষ্ট্ৰদ্ৰোহ, কমিউনিষ্ট পাৰ্টিৰ কাৰ্যকলাপ ইত্যাদি। আমি সেই সূচনাৰ উত্তৰ দাখিল কৰো আৰু কমিটিয়ে সেয়া নাকচ কৰে।’ 

‘ৰাজাহমুন্দ্ৰী কাৰাগাৰৰ পৰা মুক্তি লাভ কৰা মোৰ বন্ধুবৰ্গই কামাৰাজাৰক ৰাজাহমুন্দ্ৰী ষ্টেশ্যনত লগ পাইছিল, তেওঁ কলকত্তা (কলকাতা)ৰ পৰা উভতি আহি আছিল। মোক মুকলি কৰি নিদিয়া বুলি জানিবলৈ পাই তেওঁ মাদ্ৰাছৰ মুখ্য সচিবলৈ পত্ৰ লিখি মোক ভেল্লোৰ জিলালৈ পঠিয়াই দিবলৈ কয়। তেওঁ মোলৈও পত্ৰ লিখিছিল। এমাহ পিছত মোক ভেল্লোৰ কাৰাগাৰলৈ লৈ যোৱা হৈছিল। তাতে মোৰ সৈতে আছিল ২০০ আন সতীৰ্থ।’ 

ভালকেইখন কাৰাগাৰ তেওঁ বাগৰি ফুৰিছিল। তেনেদৰেই শংকৰীয়াই ভৱিষ্যতৰ ৰাষ্ট্ৰপতি আৰ. ভেংকটৰমনক লগ পাইছিল। ‘তেওঁ জেলত কমিউনিষ্ট পাৰ্টিৰ সদস্যৰ সৈতে আছিল, ১৯৪৩ত তেওঁ সদস্য় আছিল। পিছলৈ তেওঁ কংগ্ৰেছ দলত যোগদান কৰে। তৎসত্ত্বেও আমি ভালেকেইবছৰ একেলগে কাম কৰিছিলো।’ 

PHOTO • M. Palani Kumar ,  Surya Art Photography

শংকৰীয়াই ৫ম মানলৈ পঢ়া থুটুকুড়িৰ বিদ্যালয়খন (বাওঁফালে)। পিছলৈ তেওঁ মাদুৰাইস্থিত চেইণ্ট মেৰীত (মাজত) স্কুলীয়া শিক্ষা সাং কৰে। তাৰপিছত মাদুৰাইস্থিত আমেৰিকান কলেজলৈ (সোঁফালে) স্নাতক ডিগ্ৰীৰ বাবে পঢ়িবলৈ যায়, য’ত তেওঁ পঢ়া সামৰিব নোৱাৰিলে। স্নাতকৰ চুড়ান্ত পৰীক্ষাৰ ১৫ দিন আগত তেওঁক কাৰাগাৰলৈ নিক্ষেপ কৰা হয় 

আমেৰিকান কলেজত শংকৰীয়াৰ ভালেমান সমসাময়িক সহপাঠী আৰু বৃহৎ ছাত্ৰ আন্দোলনত ভাগ লোৱা বহুতেই স্নাতক উপাধি লাভৰ পিছত প্ৰখ্যাত ব্যক্তি হৈ পৰিছিল। তেওঁলোকৰ মাজৰ এজন তামিলনাডুৰ মুখ্য সচিব হৈছিল, আন এজন ন্যায়াধীশ, তৃতীয় এগৰাকী ভাৰতীয় প্ৰশাসনিক বিষয়া হৈছিল, তেওঁ কেবাদশক আগতে মুখ্য়মন্ত্ৰীৰ সচিব হৈছিল। ইফালে শংকৰীয়া প্ৰায়েই জেল-হাজোতলৈ যাবলগীয়া হৈছিল। আনকি স্বাধীনতাৰ পিছতো। ১৯৪৭ৰ পিছত তেওঁ যাবলগীয়া হোৱা জেলবোৰৰ ভিতৰত আছিল- মাদুৰাই, ভেল্লোৰ, ৰাজাহমুন্দ্ৰী, কান্নুৰ, চালেম, থাঞ্জাভুৰ… 

১৯৪৮ত কমিউনিষ্ট পাৰ্টিক নিষিদ্ধ ঘোষণা কৰাৰ পিছত তেওঁ পুনৰাই আত্মগোপন কৰে। ১৯৫০ত তেওঁক আটক কৰা হয় আৰু এবছৰ পিছত মুক্তি দিয়া হয়। ১৯৬২ত বহুতো কমিউনিষ্টৰ দৰে তেওঁকো জেলত ভৰোৱা হয়। সেয়া আছিল ভাৰত-চীন যুদ্ধৰ সময়, তেওঁ ৭ মাহৰ বাবে জেল খাটিছিল। কমিউনিষ্ট আন্দোলনক পুনৰাই ১৯৬৫ত কঠোৰ হাতেৰে মষিমুৰ কৰাৰ চেষ্টা চলোৱা হৈছিল, সেয়া আছিল ১৯৬৫। তেওঁ আকৌ ১৭ মাহৰ বাবে জেল খাটিছিল। 

তেওঁক স্বাধীনতাৰ পিছতো শত্ৰুজ্ঞান কৰি বক্ৰদৃষ্টিৰে চোৱাসকলৰ বিৰুদ্ধে কোনো তিক্ততা নথকাটো লক্ষণীয়। সেয়া আছিল ৰাজনৈতিক যুঁজ, ব্যক্তিগত নহয়। এয়া তেওঁৰ মত। তেওঁৰ যুঁজখন আগতেও এই মাটিৰ দুৰ্দশাগ্ৰস্তজনৰ হকে আছিল, এতিয়াও একেই আছে। তাতে ব্যক্তিগত লাভৰ অৱকাশ নাই।

স্বাধীনতা যুঁজত তেওঁৰ বাবে জীৱন সলনি কৰি দিয়া বা অনুপ্ৰেৰণাদায়ক মুহূৰ্ত কোনটো আছিল?

‘নিশ্চয়কৈ ইংৰাজৰ দ্বাৰা ভগত সিঙৰ ফাঁচি (১৯৩১ৰ ২৩ মাৰ্চৰ দিনা)। ১৯৪৫ত আৰম্ভ হোৱা ভাৰতীয় জাতীয় সেনাবাহিনী (আইন.এন.এ.)ৰ বিচাৰ আৰু ১৯৪৬ৰ ভাৰতীয় ৰাজকীয় নৌবাহিনী (আৰ.আই.এন.) বিদ্ৰোহ।’ এইবোৰ ‘ঘটনাই ইংৰাজৰ বিৰুদ্ধে যুঁজখনত ইন্ধন যোগাই ত্বৰান্বিত কৰা ঘটনাবোৰ অন্যতম আছিল।’ 

দশক বাগৰিল, বামপন্থী কাৰ্যকলাপত তেওঁৰ আত্মনিয়োগ আৰু অংগীকাৰ বাঢ়ি গৈ থাকিল। তেওঁ চিৰদিনৰ বাবে নিজৰ দলত উৎসৰ্গিত হ’ল। 

‘১৯৪৪ত মোক থাঞ্জাভুৰ জেলৰ পৰা মুকলি কৰি দিয়া হয় আৰু মাদুৰাই জিলাৰ ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সমিতি সচিব পতা হয়। ২২ বছৰ পিছত ৰাজ্যিক জিলা সমিতিৰ সচিব হিচাপে নিৰ্বাচিত হওঁ।’ 

Left: Sankariah in his party office library in 2013 – he had just inaugurated it. Right: With his wife S. Navamani Ammal in 2014 on his 93rd birthday. Navamani Ammal passed away in 2016
PHOTO • S. Gavaskar
Left: Sankariah in his party office library in 2013 – he had just inaugurated it. Right: With his wife S. Navamani Ammal in 2014 on his 93rd birthday. Navamani Ammal passed away in 2016
PHOTO • S. Gavaskar

বাওঁফালেঃ ২০১৩ত দলীয় কাৰ্যালয়ৰ গ্ৰন্থাগাৰ উন্মোচন কৰাৰ পাছত শংকৰীয়া। সোঁফালেঃ তেওঁৰ পত্নী এছ. নৱমণি আম্মালৰ সৈতে তেওঁৰ ৯৩ বছৰীয়া জন্মদিনৰ দিনা, ২০১৪। নৱমণি আম্মালে ২০১৬ত ইহলোক এৰে 

শংকৰীয়া আছিল গণ আন্দোলনক নেতৃত্ব দিয়া অন্যতম ব্যক্তি। ১৯৪০ৰ মাজভাগলৈ মাদুৰাই বামপন্থীসকলৰ প্ৰমুখ ঘাটি হৈ পৰিছিল। ‘১৯৪৬ত পি. চি. যোশী (চি.পি.আই.ৰ সাধাৰণ সম্পাদক) মাদুৰাইলৈ আহিছিল, সেই সভাখনত ১ লাখ মানুহ গোট খাইছিল। আমাৰ ভালেমান সভাত জনতাৰ সোঁত বৈছিল।’

তেওঁলোকৰ জনপ্ৰিয়তা বাঢ়ি অহালৈ চাই বৃটিছ প্ৰশাসনে পি. ৰামামুৰ্ত্তী (তামিলনাডুৰ কমিউনিষ্ট পাৰ্টিৰ প্ৰখ্যাত নেতা)ক মুখ্য অভিযুক্ত, শংকৰীয়াক দ্বিতীয় অভিযুক্ত হিচাপে লৈ ভালেমান চি.পি.আই. নেতা-কৰ্মীৰ ওপৰত ষড়যন্ত্ৰৰ গোচৰ জাপি দিয়ে, যাক পাছলৈ ‘মাদুৰাই ষড়যন্ত্ৰ গোচৰ’ বুলি জনা যায়। আন বাণিজ্যিক ইউনিয়নৰ নেতাক হত্যাৰ ষড়যন্ত্ৰ তেওঁলোকৰ কাৰ্যালয়ত ৰচনা কৰাৰ অভিযোগত তেওঁলোকক আটক কৰা হৈছিল। এই ষড়যন্ত্ৰৰ সাক্ষী আছিল ঠেলা টনা এজন লোক, তেওঁ কাৰ্যালয়ৰ কাষেৰে পাৰ হৈ যাওতে শুনা হত্যাৰ ষড়যন্ত্ৰৰ খবৰ দায়িত্বৰ খাতিৰত প্ৰশাসনক দিছিল বুলি পুলিচে কৈছিল। 

এন. ৰামা কৃষ্ণনে (শংকৰীয়াৰ সৰু ভাই) ২০০৮ৰ তেওঁৰ জীৱনী ‘পি. ৰামামুৰ্ত্তী- এ চেণ্টিনেৰী ট্ৰিবিউট’ত লিখিছেঃ ‘অনুসন্ধানৰ সময়ত ৰামামুৰ্ত্তীয়ে (যিয়ে গোচৰত আচামীৰ পক্ষে যুক্তি দিছিল) প্ৰমাণ কৰি দেখুৱাইছিল যে সাক্ষী দিয়াজন দৰাচলতে থগবাজ আৰু সৰু-সুৰা চোৰ যিয়ে কেবাবাৰো বিভিন্ন গোচৰত জেল খাটি আহিছে।’ গোচৰৰ বিচাৰ কৰা ন্যায়াধীশজনে ‘১৯৪৭ৰ ১৪ আগস্তৰ দিনা কাৰাগাৰলৈ আহে...গোচৰত অভিযুক্ত আটাইকে মুকলি কৰি দিয়ে আৰু শ্ৰমিক শ্ৰেণীৰ সন্মানীয় নেতাবৰ্গৰ বিৰুদ্ধে এনেদৰে গোচৰ ৰুজু কৰাৰ বাবে চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে।’

সেই অতীতৰ কথা এতিয়াও মনলৈ আহে। কাৰাগাৰলৈ গৈ নিৰ্দোষীজনক মুক্তি দি চৰকাৰক তুলাধুনা দি সমালোচনা কৰা বিশেষ ন্যায়াধীশ আমাৰ সময় পোৱাৰ সম্ভাৱনাই বা ক’ত।

১৯৪৮ত চি.পি.আই.ক নিষিদ্ধ কৰাৰ পিছত, ৰামামুৰ্ত্তী আৰু আন বহুতকে পুনৰাই জেললৈ পঠিওৱা হয়। এইবাৰ এয়া স্বাধীন ভাৰত। নিৰ্বাচন সন্নিকট আৰু মাদ্ৰাছত বামপন্থীৰ জনপ্ৰিয়তা শাসকীয় কংগ্ৰেছ পক্ষৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছিল। 

Left: DMK leader M.K. Stalin greeting Sankariah on his 98th birthday in 2019. Right: Sankariah and V.S. Achuthanandan, the last living members of the 32 who walked out of the CPI National Council meeting in 1964, being felicitated at that party’s 22nd congress in 2018 by party General Secretary Sitaram Yechury
PHOTO • S. Gavaskar
Left: DMK leader M.K. Stalin greeting Sankariah on his 98th birthday in 2019. Right: Sankariah and V.S. Achuthanandan, the last living members of the 32 who walked out of the CPI National Council meeting in 1964, being felicitated at that party’s 22nd congress in 2018 by party General Secretary Sitaram Yechury

বাওঁফালেঃ ডি. এম. কে. নেতা এম. কে. ষ্টেলিনে ২০১৯ত শংকৰীয়াৰ ৯৮তম জন্মদিনৰ শুভেচ্ছা জনাইছে। সোঁফালেঃ শংকৰীয়া আৰু ভি.এছ. অচুত্যানন্দন। এওঁলোক আছিল সেই ৩২ জনৰ মাজৰ শেষৰকেইজন জীৱিত ব্যক্তি, যিয়ে ১৯৬৪ৰ চি.পি.আই. ৰাষ্ট্ৰীয় পৰিষদৰ বৈঠকৰ পৰা ওলাই আহিছিল, তেওঁলোকক ২০১৮ৰ দলীয় সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে দলৰ ২২তম সন্মিলনত সম্বৰ্ধনা জনাইছে 

‘সেয়ে ৰামমুৰ্ত্তীয়ে আটকাধীন অৱস্থাতে কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষকৰ ওচৰত তেওঁৰ মনোনয়ন পত্ৰ দাখিল কৰে। তেওঁ মাদ্ৰাছ বিধানসভাৰ বাবে উত্তৰ মাদুৰাই সমষ্টিৰ পৰা ১৯৫২ৰ নিৰ্বাচনত অৱতীৰ্ণ হয়। মই তেওঁৰ প্ৰচাৰ অভিযানৰ মূল দায়িত্বত আছিলো। আন দুজন প্ৰাৰ্থী আছিল প্ৰবীণ কংগ্ৰেছী নেতা চিদাম্বৰম ভাৰতী আৰু আনজন জাষ্টিছ পাৰ্টিৰ পি. টি. ৰাজন। ৰামামুৰ্ত্তীয়ে বিপুল ভোটত জয়লাভ কৰিছিল, তেওঁ জেলত থাকোতেই ফলাফল ওলাইছিল। ইফালে ভাৰতী দ্বিতীয় স্থানত আছিল আৰু ৰাজনৰ শোচনীয় পৰাজয় ঘটে। নিৰ্বাচনী বিজয়ী সভাত আনন্দৰ সমভাগী হ’বলৈ প্ৰায় ৩ লাখ লোকৰ সমাগম ঘটিছিল।’ স্বাধীনতাৰ পিছত ৰামামুৰ্ত্তী তামিলনাডুৰ বিধানসভাৰ বিৰোধী দলৰ প্ৰথমগৰাকী দলপতি হয়। 

১৯৬৪ত যেতিয়া কমিউনিষ্ট পাৰ্টি দুভাগ হয়, শংকৰীয়াই নতুনকৈ গঠিত চি.পি.আই.এম.ত যোগদান কৰে। ‘১৯৬৪ত ৩২ জন সদস্যই চি. পি. আই.ৰ ৰাষ্ট্ৰীয় পৰিষদৰ পৰা ওলাই আহিছিল, তাৰে জীৱিত সদস্য়ৰ ভিতৰত মই আৰু বি. এছ. অচ্যুতানন্দনেই আছো।’ শংকৰীয়াই পিছলৈ সাধাৰণ সম্পাদক হয় আৰু অল ইণ্ডিয়া কিষাণ সভাৰ সভাপতি হয়, যিটো ১ কোটি ৫০ লাখ সদস্যৰে এতিয়াও দেশৰ সৰ্ববৃহৎ কৃষক সন্থা। তাৰোপৰি তেওঁ সাত বছৰৰ বাবে চি. পি. আই.-এম. তামিলনাডু ৰাজ্যিক সভাপতি আছিল আৰু দুটা দশক ধৰি দলৰ কেন্দ্ৰীয় সমিতিত আছিল। 

তেওঁ এই লৈ গৌৰৱ অনুভৱ কৰেঃ ‘তামিলনাডু বিধানসভাত তামিল ভাষাৰ প্ৰয়োগ কৰা আমিয়েই প্ৰথম। ১৯৫২ত বিধানসভাত তামিল ভাষা কোৱাৰ কোনো নিয়ম নাছিল, একমাত্ৰ ইংৰাজী ভাষাই চলিছিল। কিন্তু (আমাৰ বিধায়ক) জীৱনান্দম আৰু ৰামামুৰ্ত্তীয়ে তামিল ভাষাত কথা কৈছিল যদিওবা সেই নিয়ম ৬ কি ৭ বছৰ পিছতহে আহিছিল।’

শ্ৰমিক আৰু খেতিয়ক শ্ৰেণীৰ প্ৰতি শংকৰীয়াৰ অংগীকাৰ এতিয়াও একেই আছে। তেওঁ বিশ্বাস কৰে যে কমিউনিষ্টসকলে ‘নিৰ্বাচনী ৰাজনীতিৰ সঠিক উত্তৰবোৰ বিচাৰি পাব’ আৰু বিশাল গণ আন্দোলন গঢ়ি তুলিব পাৰিব। ডেৰ ঘণ্টাজোৰা সাক্ষাৎকাৰটোত ৯৯ বছৰীয়া শংকৰীয়াই যিদৰে আৰম্ভ কৰিছিল সেই একেই উদ্যম আৰু শক্তিৰে কথা কৈ গৈছে। তেওঁৰ মনটো এতিয়াও সেই ভগত সিঙৰ বলিদানৰ পৰা অনুপ্ৰাণিত হৈ ৰাস্তালৈ ওলাই অহা ৯ বছৰীয়া ল’ৰাটোৰ দৰেই টগবগীয়া হৈ আছে। 

বিশেষ দ্ৰষ্টব্যঃ এই লেখাটো প্ৰস্তুত কৰোতে অমূল্য অৰিহণা যোগোৱা কবিতা মুৰলীধৰণলৈ অশেষ কৃতজ্ঞতা যাঁচিছো।   

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

পি সাইনাথ পিপল’ছ আৰ্কাইভেল অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক সম্পাদক।‘এভ্ৰিবডী লাভছ আ গুড ড্ৰট’ ৰ লেখক সাইনাথে কেবাদশক ধৰি গ্ৰাম্য সাংবাদিকতা কৰি আহিছে।তেখেতৰ

Other stories by P. Sainath