'কি কোৱা, আজি ট্ৰেইনত বহিবলৈ পাম নে?’ দক্ষিণ কলকাতাৰ যাদৱপুৰ ৰেল ষ্টেচনৰ ভিৰৰ মাজত থিয় দি থকা ব্ৰেস্পতি চৰ্দাৰে চিৎকাৰ কৰি উঠিল। কাষতে থিয় দি থকা মহিলাবোৰে মুৰ লৰাই না বুলি ক’লে। লগতে তেনে এটা প্ৰশ্ন শুনি হাঁহিলে।

 ব্ৰেস্পতিয়ে ৪.৩৫ৰ ৰেলখনৰ বাবে ৰৈ আছে। ৰেলখন যাদৱপুৰ ষ্টেচনলৈ যাব। ৰেলখন আহি পালে। ইতিমধ্যে ভৰ্ত্তি হৈ থকা মহিলা কম্পাৰ্টমেণ্টত সোমাৱাৰ বাবে মহিলাবোৰে হেঁচা-ঠেলা আৰম্ভ কৰি দিলে।

 ৰেলখন আহিছে উত্তৰ কলকাতাৰ শিয়ালদহৰ পৰা। যাত্ৰাপথত পাৰ্ক চাৰ্কাচ, বেলিগুঞ্জ জংচন আৰু ঢাকুৰিয়াত ৰৈছে। যাদৱপুৰৰ পিছত বাঘা যতিন, নিউ গৰিয়া আৰু গৰিয়াত ৰ’ব। এই আটাইবোৰ দক্ষিণ কলকাতাৰ মধ্যবিত্ত আৰু ধনী মানুহ থকা ঠাই। যাদৱপুৰত ৰৈ থকা মহিলাবোৰ, লগতে সেই ৰেল লাইনত পৰা ষ্টেচনবোৰত ৰৈ থকা মহিলাৰ প্ৰায়বোৰেই দক্ষিণ কলকাতাৰ বিভিন্ন ঠাইত গৃহকৰ্মী হিচাপে কাম কৰে।

বহুতেই শিয়ালদহ-কানিঙৰ ৪৫ কিলোমিটাৰৰ দীঘলীয়া বাটেৰে অহা-যোৱা কৰে। এই ৰাস্তাত ১৬ টা ষ্টেচন পৰে। কিছুমানে ৬৫ কিলোমিটাৰ বাট বুলা শিয়ালদহ-লক্ষ্মীকান্তপুৰ ৰেল ধৰে। সেইটো বাটত ২৫ টা ষ্টেচনত ৰেল ৰখায়। আন কিছুমানে শিয়ালদহ-নামখান ৰ দীঘলীয়া বাট অতিক্ৰম কৰা ৰেলত উঠে। সেইখন দক্ষিণৰ দিশত বেছি দুৰলৈ যায়। কলকাতাৰ কিছুমানে এই পূৰ্ৱাঞ্চলৰ ৰেলবোৰক ঝি বিশেষ ৰেল বুলি কয়। ঝি মানে হৈছে বাঙালী ভাষাত ঘৰুৱা কাম কৰা মহিলা।

Breshpati Sardar and other women workers on a crowded train from Sealdah to Canning, via Jadavpur
PHOTO • Urvashi Sarkar
Breshpati Sardar and other women workers on a crowded train from Sealdah to Canning, via Jadavpur
PHOTO • Urvashi Sarkar

শিয়ালদহ-কানিং ৰেলগাড়ীতঃ কলকাতাৰ কিছুমানে এই পূৱাঞ্চলৰ ৰেলবোৰক ঝি বিশেষ ৰেল বুলি কয়। ঝি মানে হৈছে বাঙালী ভাষাত ঘৰুৱা কাম কৰা মহিলা। 

সেইদিনা আবেলি এখন সুমথিৰা ৰঙৰ শাৰী পিন্ধি, কপালত ৰঙা ফোট লৈ হাতত এটা বগা বেগ লৈ কামৰ পৰা ঘুৰি অহা বাটত ব্ৰেস্পতিয়ে কম্পাৰ্টমেণ্টটোত হেঁচি-ঠেলি সোমাইছে।বেগ-খাৰু, হাত-ভৰিৰ বীৰ দি বাট নোপোৱা ৰেলখনত কেনেবাকৈ তাই থিয় হ’বপৰা ঠাই অকণ উলিয়াই লৈছে। তাই খিৰিকীকাষত বহা মানুহজনৰ ছিটটোৰ পৰা চকু আঁতৰ কৰা নাই। মানুহজনে ছিটটো এৰাৰ লগে লগে উধাতু খাই ব্ৰেস্পতিয়ে ছিটটো দখল কৰিবলৈ জপিয়াই পৰিল। যিগৰাকী মহিলাক ঠেলি তাই ছিটত বহিলগৈ, তাই চিৎকাৰ কৰি উঠিল।

লগে লগে কাজিয়া এখনৰ সূত্ৰপাত হ’ল। ব্ৰেস্পতিৰ মাতটো ডাঙৰ হৈ আহিল। খঙত তাই ৰঙা-চিঙা পৰিল। অইন এগৰাকীয়ে মধ্যস্ততা কৰিলত, তাই শান্ত হ’ল আৰু অইন এগৰাকী মহিলাৰ কোলাত বহিল। তাইৰ মুখলৈ আগৰ হাঁহিটো ঘুৰি আহিল আৰু বৰ আগ্ৰহেৰে ম’বাইলত সাপে এন্দুৰ এটা খোৱা ভিডিঅ’ এটা কাষতে বহা মহিলাগৰাকীক দেখুৱালে। 'মই সাধাৰণতে তৰ্ক কৰি বেয়া পাও, কিন্তু দেখিছাই নহয়, মাইকীজনীয়ে মোৰ সৈতে কেনে ব্যৱহাৰ কৰিছে?’ তাই খঙত ক’লে।

এঘণ্টা পোন্ধৰ মিনিটমান যোৱাৰ পিছত যাদৱপুৰৰ পৰা ৪৫ কিলোমিটাৰ দুৰৈৰ কানিঙত ৰেলখন সোমাল। তাতেই ব্ৰেস্পতিয়ে ৰেলত উঠিছে। ২৪ পাৰাগনা জিলাৰ দক্ষিণাঞ্চলৰ সুন্দৰবনৰ দাঁতিকাষৰীয়া অঞ্চলত কানিং অৱস্থিত। নিজৰ এলেকাত কাম নথকাৰ ফলত মহিলাবোৰে ঘৰ এৰি প্ৰতিদিন চহৰলৈ কাম বিচাৰি ওলাই যাবলগীয়া হয়।

ব্ৰেস্পতিৰ ঘৰলৈ ষ্টেচনৰ পৰা ৩০ মিনিটৰ বাট। বজাৰৰ কাষতে তাইৰ ঘৰটো। ঘৰলৈ যোৱা বাটত তাই মোক ক’লে, ''আগতে মা-দেউতাৰ লগত আছিলো আৰু স্কুললৈও গৈছিলো। কিন্তু ৫মানৰ পিছত মা-দেউতাই খৰছ বহন কৰিব নোৱাৰা হৈ আহিল।’’ ব্ৰেস্পতিৰ তিনিজনী ভনী আৰু এটা ভাই আছে। ১১ বছৰ বয়সৰ পৰাই তেঁও মানুহৰ ঘৰে ঘৰে কাম কৰিবলৈ লৈছিল আৰু আজিলৈ এৰা নাই। ১৪ বছৰ বসয়তে তাইৰ বিয়া হয়। এতিয়া তাইৰ বয়স ২৮ বছৰ। 

At Breshpati Sardar’s home
PHOTO • Siddharth Adelkar
Breshpati Sardar’s daughters
PHOTO • Siddharth Adelkar

ব্ৰেস্পতি চৰ্দাৰে দক্ষিণ কলকাতাৰ কানিঙৰ পৰা যাদৱপুৰলৈ পুৱা ৪.৩০ৰ ৰেলখন ধৰে। দুকঠলীয়া তাইৰ ঘৰটোলৈ (বাওফালে) আবেলি উভতি আহিবলৈ ৪.৩৫ৰ ৰেলখনত উঠে। তাইৰ দুই কন্যা চান্যা আৰু টান্যা (সোঁফালে)  আৰু লৰাটো তাইৰ পৰিয়াল আৰু শাহু-শহুৰৰ সৈতে থাকে। ব্ৰেস্পতি আৰু তাইৰ গিৰীয়েকে ঘৰত একেবাৰে সময় নাপায় 

সেইদিনা আবেলি দুয়োয়ে সিহতৰ ছোৱালী দুজনী দেখা কৰিবলৈ আহিছে। ব্ৰেস্পতিয়ে সিহতক শাক-পাচলি আৰু মিঠাতেল কিনিবলৈ দিছে, ভাত ৰান্ধিবৰ কাৰণে গোবৰ গেছ সাজু ৰাখিব কৈছে আৰু ওচৰৰ দমকলৰ পৰা পানী আনি থ’বলৈ দিছে। সঞ্জীৱো সোনকালে ঘৰলৈ আহিব। পৰিয়াল আৰু তাই নিজে খাই লৈ বাচন-বৰ্তন চাফা কৰাৰ পিছত ব্ৰেস্পতিয়ে কেইঘণ্টামান শুব আৰু পুৱা ৩ বজাত উঠিব। ৩ বজাত উঠিলেহে তাই ৪.৩০ বজাৰ যাদৱপুৰৰ ৰেলখন ধৰিব পাৰে। 'তেতিয়া আন্ধাৰ হৈ থাকে, কেতিয়াবা ঠাণ্ডাও পৰে। 'মোৰ ভয় নালাগে, কলকাতাত কাম কৰা চুবুৰীৰ আন বহু পুৰুষ-মহিলাই একেলগে উঠি ৰেল ধৰেগৈ। ওলাই গৈ পদুলিয়ে পদুলিয়ে ইজনে আনজনক মাতি মাতি আমি গৈ থাকো,’’ তাই কয়।

ব্ৰেস্পতিয়ে দিনটোত ছঘৰ মানুহৰ কাম কৰে। 'ৰন্ধা-বঢ়াৰ পৰা আৰম্ভ কৰি বাচন-বৰ্তন ধোৱা, কাপোৰ ধোৱা আৰু চাফাই কাম কৰো। তাৰ বাবদ মাহে ৮,৫০০ টকা মাহে পাও। কাম কৰাৰ সময়ত মই চাহ আৰু খোৱাবস্তু পাও আৰু মাহত ৩-৪ দিনৰ বন্ধ পাও। কিন্তু কিছুমান পৰিয়াল ভাল নহয়। এবাৰ কেইদিনমান নোযোৱা কাৰণে এজনে মোৰ ২০ দিনৰ দৰমহা কাটিছিল। মই তালৈ যোৱাই বন্ধ কৰি দিলো।’ তাই কয়।

 যদিও ব্ৰেস্পতিয়ে তাই কাম কৰা পৰিয়ালবোৰৰ পৰা ভাল ব্যৱহাৰ পোৱা বুলি কয়, তথাপি এয়া সত্য যে গৃহকৰ্মীবোৰে বৰ কঠিন পৰিশ্ৰমৰ মাজেৰে দিন কটাব লাগে। ভাল দৰমহাৰ অভাৱ, নিৰ্ধাৰিত সময় আৰু মুনাফা নথকা, আতিশায্য আৰু যৌন আতিশায্যৰ সঘনাই বলি হ’বলগীয়া হয় এই গৃহকৰ্মীসকল। ২০১৬ত গৃহ শ্ৰমিক অধিকাৰ অভিযান নামৰ এক সংস্থা আৰু গৃহকৰ্মীৰ ইউনিয়নে লগ লাগি পশ্চিম বংগ চৰকাৰক দাখিল কৰা স্মাৰকপত্ৰত এই কথাৰ উল্লেখ।

'বেছি মজুৰী বিচাৰিলে সিহতক কামৰ পৰা খেদি দিয়া হয়, কিয়নো আন বহুতেই কম মজুৰীতে কাম কৰিবলৈ সাজু হৈ আছে। সিহতক কেতিয়াবা বেয়া হোৱা খাদ্যও খাবলৈ দিয়া হয়...’ 

ভিডিঅ’ চাওকঃ দিনটো হাড়ভঙা পৰিশ্ৰমৰ অন্তত ঘৰমুৱা বাটত 

মানৱ সৰবৰাহকাৰী আৰু প্লেচমেণ্ট এজেন্সীবোৰৰ ভুক্তভোগী হোৱা, অনিচ্ছাকৃতভাৱে প্ৰব্ৰজন কৰোৱা, কল্যাণকামী আৰু কৌশল বিকাশৰ সুবিধা প্ৰদান নকৰা আদিও স্মাৰকখনত অন্তৰ্ভুক্ত কৰা হৈছে। অসংগঠিত শ্ৰমিক সমাজ সুৰক্ষা আইন (২০০৮) আৰু কৰ্মস্থলীত মহিলাৰ ওপৰত যৌন অত্যাচাৰ (প্ৰতিৰোধ, নিবাৰণ আৰু প্ৰতিকাৰ) আইন, ২০১৩ৰ অধীনত গৃহকৰ্মীসকলক চিনাক্ত কৰা হৈছে বুলিও স্মাৰকখনত উল্লেখ আছে। কিন্তু তেঁওলোকক এতিয়াও পশ্চিম বংগ চৰকাৰে চকু দিয়া নাই।:

সামাজিক সুৰক্ষা আৰু ন্যুনতম মজুৰীৰ ভিত্তিত কেন্দ্ৰ চৰকাৰে গৃহকৰ্মীৰ বাবে এখন ৰাষ্ট্ৰীয় নীতিৰ খচৰা প্ৰস্তুত কৰিছে। কিন্তু ৰূপায়নৰ দায়িত্ব ৰাজ্য চৰকাৰৰ ওপৰত এৰিছে।

২০১৮ৰ জুনত পশ্চিম বংগ গৃহ পৰিচাৰিকা সমিতি নামৰ গৃহকৰ্মীৰ সংস্থাটোৱে পশ্চিম বংগত প্ৰথমবাৰৰ বাবে ট্ৰেড ইউনিয়নৰ মান্যতা লাভ কৰে। মান্যতা লাভ কৰাৰ পিছতে সংস্থাটোৱে ৰাজ্য চৰকাৰৰ সমুখত সংস্থাৰ দাবীসমূহ উত্থাপন কৰে। এই দাবীসমূহৰ ভিতৰত প্ৰমুখ দাবীসমূহ হৈছে এনেধৰণৰঃ প্ৰতি ঘণ্টাৰ কামৰ বাবদ ৫৪ টকাকৈ দিয়া, প্ৰসূতিকালীন ছুটি, প্ৰতিমাহত চাৰি দিনৰ বেতনভোগী ছুটী আৰু কৰ্মস্থলীত শৌচাগাৰ ব্যৱহাৰৰ অধিকাৰ আদি।   

“সিহতে বেছি মজুৰী বিচাৰিলে কামৰ পৰা খেদা খায়৷ কিয়নো আনে বহুত কম টকাতে কাম কৰিবলৈ ৰাজি আছে৷’’ কলকাতাত গৃহকৰ্মীৰ হৈ কাম কৰা বেচৰাকাৰী সংস্থা পৰিচিতি-ৰ সৈতে কাম কৰা মল্লিকা দাস নামৰ মহিলাগৰাকীয়ে ক’লে৷ ‘‘কৰ্মস্থলীত শিশুগৃহ নাই, সেয়ে ল’ৰা-ছোৱালীক অইনৰ সৈতে অনিচ্ছাস্বত্বেও এৰি আহিবলগীয়া হয়৷ সিহতক কেতিয়াবা বাহি খাদ্যও খাবলৈ দিয়া হয়৷ কেতিয়াবা গৃহকৰ্মীক মালিকে ঘৰৰ শৌচাগাৰো ব্যৱহাৰ কৰিব নিদিয়ে৷ ৰেলৱে ষ্টেচনৰ শৌচাগাৰবোৰ সাধাৰণতে তলা মৰাই থাকে, নতুবা ভঙা-চিঙা অৱস্থাত থাকে৷ তেনে এটা শৌচাগাৰত মহিলাই যাব কেনেকৈ৷ সেয়ে পেট খামুচি ধৰিয়েই সিহতে তেনে বেয়া অৱস্থাতে ঘৰলৈ ঘুৰি আহিবলগীয়া হয়৷’’ 

Breshpati Sardar at Canning railway station in the morning
PHOTO • Siddharth Adelkar
Breshpati Sardar sitting in the train early in the morning
PHOTO • Siddharth Adelkar

পুৱাৰ ভাগত কানিং ৰেলৱে ষ্টেচনত ব্ৰেস্পতি চৰ্দাৰ৷ পুৱা নৌহওতেই কৰ্মস্থলীলৈ ৰেলগাড়ীত যাত্ৰা 

ব্ৰেস্পতিক নিয়োগ কৰা মালিকে নিজৰ শৌচাগাৰ তাইক ব্যৱহাৰ কৰিবলৈ দিয়ে৷ ‘‘মই নিজ হাতে সিহতৰ কাৰণে চাপাতি বনাও আৰু শাক-পাচলি কাটো৷ সিহতে আপত্তি কৰিবলগীয়া কিটো আছে,’’ কাম কৰা সময়ত গোটেই দিনটো থিয় দি থকা আৰু তাৰপিছত অহা-যোৱা কৰা ৰেলতো থিয় দি যাবলগীয়া হোৱাটোৱে তাইৰ কাৰণে আটাইতকৈ বিৰক্তিকৰ৷ ‘মোৰ ভৰি আৰু পিঠি বিষায়,’ তাই কয়৷

ৰাতিটো পাৰ হয় আৰু কানিং ষ্টেচনত কাহিলীপুৱা ৪ মানৰ পৰাই ভিৰ লাগে৷ ব্ৰেস্পতিক প্লেটফৰ্মত দেখা গৈছে, হাতত তাইৰ চাহ-বিস্কুট৷ তাই চুলি খোপা বান্ধি লৈছে, কপালত বিন্দি লগাইছে আৰু মুখখন জিলিকি আছে৷ সেই কাহিলীপুৱা তাইক সতেজ দেখা গৈছে৷ অইন মহিলাবোৰ উপস্থিত হৈছে৷ তাইৰ বান্ধৱী বাসন্তি চৰ্দাৰকে ধৰি আটায়ে কামলৈ যাবলৈ সাজু হৈছে৷ বাসন্তিয়েও যাদৱপুৰতেই কাম কৰে৷ ‘বৰষুণেই আহক বা বতাহ, আমি কালৈ যাবই লাগিব৷ নহ’লে মালিকবোৰৰ খং উঠে৷ আমি নহলে সিহতে একো কৰিব নোৱাৰে৷’ বাসন্তিয়ে কয়৷ মহিলাবোৰে তাইৰ কথা শুনি হাঁহিলে৷ 

Workers outside Jadavpur railway station
PHOTO • Siddharth Adelkar

যাদৱপুৰত আৰু অইন ষ্টেচনবোৰত নমাৰ পিছত মহিলাবোৰ কামলৈ খোজ কাঢ়ি বাট পোনায় 

'আমাৰ জীৱনবোৰ বৰ কঠিন। আমি দুখীয়া। কিন্তু দুখ-কষ্টৰ মাজৰে হাঁহিৰ মুহূৰ্তবোৰৰ বাবেই আমাৰ জীৱনৰ চকৰি ঘুৰে।’, ব্ৰেস্পতিয়ে কয়। পুৱাৰ ভাগত ৰেলখন খালি হৈ থাকে। কিন্তু কলকাতাৰ দিশে গতি কৰাৰ সময়ত মুহূৰ্ততে ভৰ্ত্তি হৈ পৰে। ব্ৰেস্পতি আৰু বাসন্তিয়ে মহিলাৰ কম্পাৰ্টমেণ্টত নগৈ জেনেৰেল কম্পাৰ্টমেণ্টতে উঠে। 'জেনেৰেল কম্পাৰ্টমেণ্টত পুৰুষে কেতিয়াবা সিহতক ছিট দিয়ে আৰু আমাক গালিও নিদিয়ে। পাৰিলে আমি এই কম্পাৰ্টমেণ্টত উঠো,’ বাসন্তিয়ে কয়।

ৰেলখন ৪.৩০ বজাত এৰে৷ ৭৫ মিনিটমানত যাদৱপুৰ পায়৷ গৃহকৰ্মী মহিলাবোৰৰ ভিৰ ফালি ব্ৰেস্পতিয়ে খৰখেদাকৈ ষ্টেচনৰ পৰা তাইৰ কৰ্মস্থলীলৈ বাট পোনায়৷ 

ভালেমান কৰ্মীয়ে দক্ষিণ ২৪ পাৰাগনা জিলাৰ লক্ষ্মীকান্তাপুৰ চহৰৰ পৰা শিয়ালদহলৈকেও যায়৷ ৬০ কিলোমিটাৰৰ এই যাত্ৰাত প্ৰায় ৮৫ মিনিটমান সময় লাগে৷ চামেলি বৈদ্যই মথুৰাপুৰ ৰোড ষ্টেচনত উঠে, সেইটো সেই ৰাস্তাৰ তৃতীয়টো ষ্টপ৷ তাই দক্ষিণ কলকাতাৰ বেলিগুঞ্জ চুবুৰীত ছঘৰ মানুহৰ তাত কাম কৰে৷ দহ বছৰ আগতে তাইৰ জীৱনটো তেনে নাছিল৷

‘আমাৰ এখন পান-তামোলৰ দোকান আছিল’, তাই গিৰীয়েকৰ সৈতে কটোৱা দিনবোৰ মনত পেলালে৷  ‘কেইদিনমান ভালেই চলিছিল৷ কিন্তু গিৰীয়ে টকা অযথা খৰছ কৰিবলৈ ধৰিলে৷ আমি দোকান বন্ধ কৰিবলগীয়া হ’ল আৰু মই মানুহৰ ঘৰে ঘৰে কাম কৰিবলৈ আৰম্ভ কৰিলো৷ দোকানখন চলি থকাৰ সময়ত আমি স্বাৱলম্বী আছিলো৷ এতিয়া বেলেগৰ ঘৰত কাম কৰিবলৈ গৈ পলম হ’লে নাইবা কোনোবাদিনা নগ’লে গালি খাব লাগে৷’’ চামেলিয়ে এতিয়া তাইৰ ঘৰৰ ভাড়াও দিব নোৱাৰা অৱস্থা হৈছে৷ তাই তাইৰ গিৰীয়েক আৰু তিনিজনী ছোৱালী আৰু এটা ল’ৰাৰ সৈতে মথুৰাপুৰ ৰেলৱে লাইনৰ কাষতে জুপুৰীত থাকে৷ 

‘আমাৰ এখন পান-তামোলৰ দোকান আছিল’, তাই গিৰীয়েকৰ সৈতে কটোৱা দিনবোৰ মনত পেলালে৷  ‘কেইদিনমান ভালেই চলিছিল৷ কিন্তু গিৰীয়ে টকা অযথা খৰছ কৰিবলৈ ধৰিলে৷ আমি দোকান বন্ধ কৰিবলগীয়া হ’ল আৰু মই মানুহৰ ঘৰে ঘৰে কাম কৰিবলৈ আৰম্ভ কৰিলো৷ দোকানখন চলি থকাৰ সময়ত আমি স্বাৱলম্বী আছিলো৷ এতিয়া বেলেগৰ ঘৰত কাম কৰিবলৈ গৈ পলম হ’লে নাইবা কোনোবাদিনা নগ’লে গালি খাব লাগে৷’’ চামেলিয়ে এতিয়া তাইৰ ঘৰৰ ভাড়াও দিব নোৱাৰা অৱস্থা হৈছে৷ তাই তাইৰ গিৰীয়েক আৰু তিনিজনী ছোৱালী আৰু এটা ল’ৰাৰ সৈতে মথুৰাপুৰ ৰেলৱে লাইনৰ কাষতে জুপুৰীত থাকে৷  

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

উৰ্বশী চৰকাৰ এগৰাকী মুক্ত সাংবাদিক আৰু ২০১৬ বৰ্ষৰ পৰি সদস্য।

Other stories by Urvashi Sarkar