গুণৱন্তৰ ঘৰৰ টিনপাত খহি নপৰিল যদিও তেওঁৰ খেতিখন নষ্ট হ’ল। তেওঁৰ মনলৈ সেই ছবিখন এতিয়াও ভাঁহি আহে। ‘আমাৰ খেতিৰ পামঘৰটোৰ টিনচালিখন ফালি গৈছিল আৰু মোৰ ফালে উৰি আহিছিল,’ তেওঁ মনত পেলালে। ‘মই খেৰৰ তলত লুকাই কথমপি বাচিলোঁ।’

এনেকুৱা সদায় নহয় যে টিনপাতে আপোনাৰ পিছ ল’ব। আম্বুলাগা গাঁৱত যিখন টিনে গুণৱন্ত হুলচুলকৰৰ পিছ লৈছিল সিখন এই বছৰ এপ্ৰিল মাহৰ শিলাবৃষ্টি আৰু বিধ্বংসী বতাহৰ কাৰণে ভাঙি গৈছিল।

খেৰৰ মাজৰ পৰা ওলাই আহি ৩৬ বৰ্ষীয় গুণৱন্তৰ নিজৰ খেতিখন দেখি এনে লাগিল যেন সিখন তেওঁৰ খেতি নহয়। ’১৮-২০ মিনিটৰ কথা, কিন্তু সেইখিনি সময়তে গছ ভাঙি গ’ল, মৰি থকা চৰাই-চিৰিকতি অ’ত-ত’ত সিঁচৰিত হৈ পৰিল আৰু আমাৰ গৰু-ছাগলী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ’ল,’ গছত সেই দুৰ্যোগৰ চিন দেখুৱাই তেওঁ কয়।

‘প্ৰতি ১৬-১৮ মাহৰ মুৰে মুৰে শিলাবৃষ্টি নাইবা অসময়ত বৰষুণ হয়,’ আম্বুলাগাৰ পাথৰ আৰু চিমেণ্টেৰে নিৰ্মিত দুকঠলীয়া ঘৰৰ বাহিৰৰ পকি চিৰিত বহি থকা তেওঁৰ ৬০ বৰ্ষীয় মাতৃ ধোন্দাবাঈয়ে কয়। ২০০১ত তেওঁৰ পৰিয়ালে ১১ একৰ খেতিমাটিত মাটি দাইল আৰু মুগৰ খেতি এৰি আম আৰু মধুৰিআমৰ বাগিচা লগাইছিল। ‘আমি গছবোৰৰ চোৱাচিতা গোটেই বছৰটো কৰিব লাগে, কিন্তু বতৰ খুবেই বেয়া হ’লে চকুৰ পচাৰতে আমাৰ সমস্ত বিনিয়োগ অথলে যায়।’

এয়া ইটো বছৰত হোৱা একমাত্ৰ ঘটনা নহয়। মুষলধাৰ বৰষুণ আৰু শিলাবৃষ্টিৰ লগতে বতৰ বেয়া হোৱাৰ কাৰণে মহাৰাষ্ট্ৰৰ লাটুৰ জিলাৰ সেই অঞ্চলটোত যোৱা এটা দশকত এনে বহুকেইটা দুৰ্যোগৰ ঘটনা ঘটি আহিছে। আম্বুলাগাত উদ্ধৱ বিৰদাৰৰ এক একৰ মাটিৰ আমৰ বাগিচাখন ২০১৪ৰ শিলাবৃষ্টিয়ে তচনচ কৰি পেলাইছিল। ‘মোৰ ১০-১৫ ডাল মান গছ আছিল। সেই ধুমুহাত গছবোৰ মৰি গ’ল। মই সেই গছকেইজোপা পুনৰ জীয়াই তোলাৰ চেষ্টা নকৰিলোঁ,’ তেওঁ কয়।

‘শিলাবৃষ্টি হৈয়ে থাকে,’ ৩৭ বৰ্ষীয় বিৰদাৰে কয়। ‘২০১৪ৰ ধুমুহাৰ পিছত গছবোৰ চাব নোৱাৰা হৈছে। আপুনি গছবোৰ ৰুব, সেয়া আপডাল কৰিব, আৰু মিনিটতে সেই গছবোৰ উভালি পৰিব। মই এই কাম পুনৰাই কৰিব পাৰিম বুলি মনত সাহ নাই।’

PHOTO • Parth M.N.

গুণৱন্ত হুলচুলকৰ (বাওঁফালে ওপৰত), তেওঁৰ মাতৃ ধোন্দাবাঈ (সোঁফালে ওপৰত) আৰু পিতৃ মধুকৰ (তলত সোঁফালে)-এ বাগিচাৰ খেতি এৰাৰ কথা চিন্তা কৰিছে। ইফালে সুভাষ চিণ্ডেয়ে (তলত বাওঁফালে) এইবাৰ খাৰিফ শস্যৰ খেতি নকৰো বুলিয়েই সিদ্ধান্ত লৈছে

শিলাবৃষ্টি? তাকো মাৰাঠৱাড়াৰ লাটুৰ জিলাত? এয়া এনে এখন ঠাই য’ত বছৰৰ আধাতকৈ বেছি দিন পাৰা ৩২ ডিগ্ৰীৰ তলত নানামে। এই বছৰ এপ্ৰিলৰ প্ৰথমটো সপ্তাহত প্ৰৱল শিলাবৃষ্টি হয়, যিটো সময়ত তাপমান ৪১ৰ পৰা ৪৩ ডিগ্ৰী ছেলচিয়াছ আছিল।

কিন্তু ইয়াৰে প্ৰায় প্ৰতিজন কৃষকেই আপোনাক বিৰক্তিৰে ক’ব যে এতিয়া আৰু তাপমান, বতৰ আৰু পৰিৱেশৰ আচৰণৰ কথা অনুমান কৰিব নোৱাৰা বিধৰ হৈ পৰিছে।

কিন্তু তেওঁলোকে ইমানখিনি জানে যে বছৰি বৰষুণৰ দিনৰ সংখ্যা কমিছে আৰু গৰমৰ দিনৰ সংখ্যা বাঢ়িছে। ১৯৬০ত ধোন্দাবাঈৰ জন্মৰ বছৰটোত লাটুৰত বছৰি ১৪৭ টা দিন এনে আছিল যেতিয়া তাপমান ৩২ ডিগ্ৰী বা তাতোকৈ বেছি হৈছিল যিটো নিউয়ৰ্ক টাইমচৰ দ্বাৰা এটা এপত জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উত্তাপৰ বিষয়ে লিখা এটা লিখনীৰ তথ্যত কোৱা হৈছে। এই বছৰ এই সংখ্যা ১৮৮ দিন হ’ব। ধোন্দাবাঈৰ চাৰি কুৰি বছৰ বয়সত গৰমৰ দিনৰ সংখ্যা ২১১ দিন হ’বগৈ।

‘বিশ্বাস কৰা টান যে আমি জুলাই মাহৰ শেষৰ দিনকেইটাৰ ফালে আগবাঢ়িছো,’ সুভাষ চিণ্ডেয়ে এই কথা তেতিয়া কৈছিল যেতিয়া মই আম্বুলাগাত থকা তেওঁৰ ১৫ একৰ খেতি চাবলৈ গৈছিলোঁ। খেতি পথাৰখন উকা যেন লাগিছে, মাটি শুকাই ৰং ধৰিছে আৰু সেউজ ৰঙৰ কোনো চিন-মোকাম নাই। ৬৩ বৰ্ষীয় চিণ্ডেয়ে নিজৰ বগা কূৰ্তাৰ পৰা ৰুমাল এখন উলিয়াই মুৰৰ ঘাম মচি ল’লে। ‘মই সাধাৰণতে জুনৰ মাজভাগত ছয়াবিনৰ বীজ সিঁচো। কিন্তু এইবাৰ মই খাৰিফ ঋতুত খেতিৰ পৰা বিৰত থাকিব পাৰো।’

তেলেংগানাৰ হায়দৰাবাদৰ সৈতে দক্ষিণ লাটুৰক সংযোজিত কৰা ১৫০ কি.মি. ক্ষেত্ৰখনত চিণ্ডেৰ দৰে বহু খেতিয়কে মুলতঃ ছয়াবিনৰ খেতি কৰে। চিণ্ডেয়ে কয় যে ১৯৯৮লৈ তেওঁ জোৱাৰ, মাটি দাইল আৰু মুগৰ দৰে মৌলিক খাদ্য শস্যৰ খেতি কৰিছিল। ‘তেনে খেতিত নিৰন্তৰ বৰষুণৰ আৱশ্যক হয়। আমাক ভাল খেতিৰ কাৰণে বাৰিষা কালত উচিত সময়ত বৰষুণৰ প্ৰয়োজন হৈছিল।’

চিণ্ডে আৰু অধিকাংশ খেতিয়কে ২০০০ চন মানৰ আশে-পাশে ছয়াবিনৰ খেতি আৰম্ভ কৰিলে। তেওঁলোকৰ মতে ছয়াবিন ‘খুবেই স্থিতিস্থাপক শস্য। জলবায়ু সামান্য ইফাল-সিফাল হ’লেও তাৰ প্ৰভাৱ শস্যবিধৰ ওপৰত নপৰে। তদুপৰি আন্তৰাষ্ট্ৰীয় বজাৰতো ইয়াৰ চাহিদা ভাল। ঋতুৰ অন্তত অলপ ধন ৰাহি কৰাত সহায় কৰে। তাৰোপৰি ছয়াবিনৰ খেতিৰ অৱশিষ্ট ভাগ পশুৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰি। কিন্তু যোৱা ১০-১৫ বছৰত ছয়াবিনেও প্ৰতিকূল জলবায়ুৰ সৈতে ফেৰ মাৰিব নোৱাৰা হৈছে।’

লাটুৰত প্ৰৱল শিলাবৃষ্টিৰ তাণ্ডৱঃ তচনচ হোৱা কুহুমফুল (ওপৰত বাওঁফালেঃ আলোকচিত্ৰঃ নাৰায়ন পাৱলে); শিলাবৃষ্টিৰ পিছত এখন খেতিপথাৰৰ দৃশ্য (ওপৰত সোঁফালে, আলোকচিত্ৰঃ নিশান্ত ভদ্ৰেশ্বৰ); নষ্ট হৈ যোৱা তৰমুজ (তলত বাওঁফালেঃ আলোকচিত্ৰঃ নিশান্ত ভদ্ৰেশ্বৰ); মৰহি যোৱা জোৱাৰ (তলত বাওঁফালেঃ আলোকচিত্ৰঃ মনোজ আখড়ে)

এই বছৰ ‘শস্যৰ বীজ ৰোপণ কৰা সকলে অনুতপ্ত হৈছে কিয়নো প্ৰথমাৱস্থাত বৰষুণ পৰিছিল যদিও পিছলৈ বতৰ খৰাং হ’বলৈ ধৰে,’ লাটুৰ জিলাৰ উপায়ুক্ত জি. শ্ৰীকান্তে কয়। জিলাখনত কেৱল ৬৪ শতাংশ খেতিহে কৰা হৈছে (সকলো শস্যকে ধৰি)। নিলাংগা তালুকত এই পৰিমাণ ৬৬ শতাংশ। স্পষ্টতঃ জিলাখনৰ ৫০ শতাংশতকৈ অধিক অংশত কৰা ছয়াবিনৰ খেতিত আটাইতকৈ বেছি লোকচান হৈছে।

লাটুৰ মাৰাঠৱাড়াৰ কৃষিক্ষেত্ৰত পৰে আৰু ইয়াতে বছৰি বৃষ্টিপাতৰ হাৰ ৭০০ মি.মি.। এই বছৰ ২৫ জুনৰ দিনা বৰ্ষাকাল পৰিছিল আৰু তেতিয়াৰে পৰা ইয়াতে অনিশ্চয়তাই বিৰাজ কৰে। জুলাইৰ শেষৰ ফালে শ্ৰীকান্তই মোক জনায় যে এইটো ঋতুত বৃষ্টিপাতৰ পৰিমাণ ৪৭ শতাংশ কম আছিল।

সুভাষ চিণ্ডেয়ে কয় যে ২০০০ৰ দশকটোৰ পৰাই আৰম্ভণিতে এক একৰ মাটিত ৪০০০ টকা খটুৱাই কৰা ছয়াবিনৰ খেতিত প্ৰায় ১০-১২ কুইণ্টল উৎপাদন হৈছিল। প্ৰায় দুটা দশকৰ পিছত ছয়াবিনৰ দাম ১৫০০ টকাৰ পৰা ৩০০০ টকা প্ৰতি কুইণ্টল হ’লগৈ, কিন্তু খেতিৰ বাবদ ব্যয় তিনি গুণ হৈ পৰিল। তাৰ বিপৰীতে উৎপাদন প্ৰতি একৰত আধাতকৈ কম হৈ গ’ল।

ৰাজ্যিক কৃষি বিপণন বৰ্ডৰ তথ্যই চিণ্ডেৰ দাবীকেই সঁচা প্ৰমাণ কৰিছে। বৰ্ডৰ ৱেবচাইটৰ তথ্য অনুসৰি ২০১০-১১ বৰ্ষত ছয়াবিনৰ খেতি কৰা হৈছিল ১.৯৪ লাখ হেক্টৰ মাটিত আৰু উৎপাদন আছিল ৪.৩১ লাখ টন। ২০১৬ বৰ্ষত ছয়াবিনৰ খেতি ৩.৬৭ লাখ হেক্টৰ মাটিত কৰা হৈছিল আৰু উৎপাদন আছিল মাত্ৰ ৩.০৮ লাখ টন। প্ৰতি একৰত ৮৯ শতাংশ বৃদ্ধি হ’ল ঠিকেই, কিন্তু উৎপাদন ২৮.৫ শতাংশ হ্ৰাস পালে।

ধোন্দাবাঈৰ স্বামী ৬৩ বৰ্ষীয় মধুকৰ হুলচুলকৰে বৰ্তমানৰ দশকটোৰ আন এটা কথা উনুকিয়ালে। ‘২০১২ৰ পিছৰে পৰা আমাৰ খেতি পথাৰত কীটনাশকৰ ব্যৱহাৰ বহুত বাঢ়িছে। এই বছৰটোতে আমি ৫ৰ পৰা ৭ বাৰ মান কীটনাশক ছটিয়াবলগীয়া হৈছে,’ তেওঁ কয়।

ধোন্দাবাঈয়ে পৰিৱৰ্তিত পৰিস্থিতিলৈ চাই কৈছে, ‘আগতে চিলনী, শগুণ আৰু পাৰ চৰাই সততে চকুত পৰিছিল, কিন্তু যোৱা ১০ বছৰত সেই পক্ষী কমি আহিছে।’

PHOTO • Parth M.N.

নিজৰ আমৰ বাগিচাখনৰ তলত মধুকৰ হুলচুলকৰঃ ‘২০১২ৰ পিছৰে পৰা কীটনাশকৰ প্ৰয়োগ বহুত বাঢ়িছে। এই বছৰটোতে আমি ৫ৰ পৰা ৭ বাৰ কীটনাশক ছটিয়াবলগীয়া হৈছে’

‘ভাৰতত কীটনাশকৰ প্ৰয়োগ এতিয়াও প্ৰতি হেক্টৰত এক কিলোগ্ৰামতকৈ কম,’ লাটুৰস্থিত পৰিৱেশ সাংবাদিক অতুল দেউগাৱাংকাৰে কয়। ‘আমেৰিকা, জাপান আৰু অইন উন্নত ঔদ্যোগিক ৰাষ্ট্ৰত ৮ৰ পৰা ১০ গুণ অধিক প্ৰয়োগ কৰে। কিন্তু তেওঁলোকে সেই কীটনাশক নিয়ন্ত্ৰণো কৰে, আমি নকৰোঁ। আমাৰ কীটনাশকত কৰ্কট ৰোগ সৃষ্টিকাৰী উপাদান থাকে, যিয়ে খেতিৰ আশে-পাশে থকা পক্ষীৰ ক্ষতি কৰে। সেই কীটনাশকে সিহঁতক মাৰি পেলায়।’

চিণ্ডেয়ে উৎপাদন হ্ৰাসৰ বাবে জলাবায়ু পৰিৱৰ্তনকে দায়ী বুলি কয়। ‘বাৰিষাৰ সেই চাৰিমাহৰ ভিতৰত (জুনৰ পৰা ছেপ্টেম্বৰ) আমি ৭০ৰ পৰা ৭৫ দিন বৰষুণৰ দিন পাইছিলোঁ,’ তেওঁ কয়। ‘বৰষুণ কিনকিনকৈ দি থাকিছিল। যোৱা ১৫ বছৰত বৰষুণৰ দিনৰ সংখ্যা আধা হ’লগৈ। বৰষুণ দিলেও সাধাৰণতে হোৱা পৰিমাণতকৈ বেছি হয় আৰু তাৰ পিছত ২০ দিন মানলৈকে খৰাং পৰে। এনে বতৰত খেতি কৰাটো অসম্ভৱ।’

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে লাটুৰৰ তথ্যই তেওঁৰ নিৰীক্ষণক সঁচা প্ৰমাণিত কৰে। ২০১৪ত বাৰিষাৰ চাৰি মাহ সময়ত বৃষ্টিপাত আছিল ৪৩০ মি.মি.। আগৰ বছৰটোত আছিল ৩১৭ মি.মি.। ২০১৬ত এইখন জিলাতে সেই চাৰি মাহত বৰষুণৰ হাৰ আছিল ১০১০ মি.মি.। ২০১৭ত সেয়া আছিল ৭৬০ মি.মি.। যোৱা বছৰ বাৰিষা কালত লাটুৰত ৫৩০ মি.মি. বৰষুণ হয় য’ত নেকি কেৱল জুন মাহটোতে ২৫২ মি.মি. বৰষুণ হয়। আকৌ যিকেইটা বছৰত জিলাখনত বৃষ্টিপাত ‘স্বাভাৱিক’ আছিল, সেইকেইটা দিনত বৰষুণৰ বিস্তৃতি আৰু বিন্যাস সুষম নাছিল।

একেদৰে ভূজল সমীক্ষা আৰু বিকাশ সংস্থাৰ জ্যেষ্ঠ ভূ-বিজ্ঞানী চন্দ্ৰকান্ত ভয়াৰে আঙুলিয়াই দিছেঃ ‘সীমিত সময়ত মুষলধাৰ বৰষুণৰ ফলত ভূ-অৱক্ষয় হৈছে। আচলতে বৰষুণ মৃদুভাবে কিনকিনকৈ পৰিলেহে ভূজল পৰিপূৰ্ণ হোৱাত সহায়ক হয়।’

চিণ্ডেয়ে এতিয়া ভূজলৰৰ আশা এৰিছে, তেওঁৰ চাৰিওটা ব’ৰৱেল শুকাই গৈছে। ‘আমি ৫০ ফুট গভীৰতাত পানী পাইছিলোঁ, কিন্তু এতিয়া ৫০০ ফুট গভীৰ ব’ৰৱেলো শুকাই গৈছে।’

ইয়াৰ পৰা অনান্য সমস্যাৰো সৃষ্টি হৈছে। ‘আমি যদি পৰ্যাপ্ত পৰিমাণে শস্য ৰোপন নকৰো, পশু-পক্ষীৰ কাৰণে খাদ্য নোলাব,’ চিণ্ডেয়ে কয়। ‘পানী আৰু খাদ্য অবিহনে খেতিয়কে পশুধন পুহিবলৈ অসমৰ্থ। মোৰ হাতত ২০০৯লৈ ২০ টা গৰু-মহ আছিল। এতিয়া মাত্ৰ নটা আছে।’

2014 hailstorm damage from the same belt of Latur mentioned in the story
PHOTO • Nishant Bhadreshwar
2014 hailstorm damage from the same belt of Latur mentioned in the story
PHOTO • Nishant Bhadreshwar
2014 hailstorm damage from the same belt of Latur mentioned in the story
PHOTO • Nishant Bhadreshwar

এয়া মাৰাঠৱাড়াৰ লাটুৰ জিলা, ছমাহ ধৰি ইয়াত তাপমান ৩২ ডিগ্ৰী ছেলচিয়াছ হৈ আছে। এই বছৰ এপ্ৰিলৰ প্ৰথম সপ্তাহত প্ৰৱল শিলাবৃষ্টিৰ সময়ত তাপমাত্ৰা ৪১ৰ পৰা ৪৩ ডিগ্ৰী ছেলচিয়াছ আছিল

চিণ্ডেৰ মাতৃ কাবেৰীবাঈৰ বয়স ৯৫ বছৰ, তেওঁ কয়, ‘লোকমান্য তিলকে ১৯০৫ত ইয়াতে কপাহ খেতি পৰিচয় কৰাই দিয়াৰ দিনৰে পৰা লাটুৰ অঞ্চলটো কপাহ খেতিৰ প্ৰাণকেন্দ্ৰ হৈ আছিল।’ তেওঁ ভৰি কোঁচাই মজিয়াত বহি আছে আৰু কাৰো সহায় নোলোৱাকৈ উঠিব পাৰে। ‘কপাহ খেতিৰ বাবে এতিয়া আমাৰ ইয়াত পৰ্যাপ্ত বৰষুণ নাই। এতিয়া ছয়াবিনে তাৰ ঠাই লৈছে।’

প্ৰায় দুই দশক পূৰ্বে শিলাবৃষ্টিৰ দিন আৰম্ভ হোৱাৰ আগেয়ে চিণ্ডেৰ মাকে খেতি পথাৰৰ কাম এৰাৰ বাবে চিণ্ডে সুখী। ‘কেইমিনিটমান ভিতৰতে শিলবোৰে খেতি নষ্ট কৰি পেলাব পাৰে। বাগিচা থকা সকল সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে।’

ইয়াতকৈ দক্ষিণাঞ্চলত তুলনামূলক ভাবে বাগিচা কৰা খেতিয়কে বিশেষকৈ প্ৰভাৱান্বিত হৈছে। ‘শেষৰ বাৰ শিলাবৃষ্টি হৈছিল এই বছৰ এপ্ৰিল মাহত,’ মধুকৰ হুলচুলকৰে কয়। তেওঁ মোক তেওঁৰ বাগিচালৈ লৈ গৈ গছৰ ডালবোৰত লাগি থকা হালধীয়া ৰঙৰ দাগবোৰ দেখুৱালে। ‘মই ১.৫ লাখ টকাৰ ফল হেৰুৱালোঁ। আমি ২০০০ চনত ৯০ ডাল গছ ৰুই বাগিচাখন আৰম্ভ কৰিছিলোঁ, কিন্তু আজি আমাৰ মাত্ৰ ৫০ ডালহে গছ ৰৈছে।’ তেওঁ বাগিচাৰ কাম এৰাৰ কথা চিন্তা কৰিছে, কিয়নো ‘শিলাবৃষ্টি অৱশ্যম্ভাৱী হৈ পৰিছে।’

লাটুৰত এটা দশকতে শস্যৰ প্ৰকৃতি সলনি হৈছে। এটা সময়ত জোৱাৰ আৰু অইন বাজৰাৰ খেতিৰে নদন-বদন লাটুৰত মাকৈৰ খেতি আছিল দ্বিতীয় স্থানত। তাতে ১৯০৫ মানৰ পৰা খেতিয়কে কপাহৰ খেতি কৰিবলৈ লয়।

১৯৭০ মানৰ পৰা কুঁহিয়াৰৰ খেতিয়ে পথাৰ দখল কৰিলে। তাৰ পিছত আহিল সূৰ্যমূখী। ২০০০ চনৰ পৰা বৃহৎ হাৰত ছয়াবিনৰ খেতি হ’বলৈ ধৰিলে। কুঁহিয়াৰ আৰু ছয়াবিনৰ খেতি নদন-বদন হৈছিল। ২০১৮-১৯ত ৬৭ হাজাৰ হেক্টৰ মাটিত কুঁহিয়াৰৰ খেতি হৈছিল (পুণেৰ বসন্তদাদা চেনী প্ৰতিষ্ঠানৰ তথ্য)। লাটুৰত ১৯৮২ত চেনীৰ কাৰখানা এটা আছিল, এতিয়া ১১ টা হৈছে। নগদী শস্যৰ কাৰণে ব’ৰৱেল খন্দা হ’ল, কিমান খন্দা হ’ল তাৰ কোনো সীমা-সংখ্যা নাই। ভূজল হোৰাহোৰে তললৈ নামি গ’ল। ঐতিহাসিক ৰূপত বাজৰাৰ খেতিৰ অনুকূল মাটিত ১০০ৰো অধিক বছৰ নগদী শস্যৰ খেতিয়ে পানী, মাটি, বাষ্প আৰু বনস্পতিৰ ওপৰত অনিবাৰ্য প্ৰভাৱ পেলালে।

ৰাজ্য চৰকাৰৰ ৱেবচাইটৰ তথ্য মতে লাটুৰত এতিয়া কেৱল ০.৫৪ শতাংশহে বনাঞ্চলে আগুৰি আছে। এয়া গোটেই মাৰাঠৱাড়া খনৰ গঢ় ০.৯ শতাংশতকৈও কম।

Kaveribai
PHOTO • Parth M.N.
Madhukar and his son Gunwant walking through their orchards
PHOTO • Parth M.N.

বাওঁফালেঃ ৯৫ বৰ্ষীয় কাবেৰীবাঈ চিণ্ডেয়ে মনত পেলাইছে, ‘লাটুৰ কপাহৰ খেতিৰ কেন্দ্ৰস্বৰূপ আছিল... আমি কপাহৰ খেতিৰ কাৰণে প্ৰচুৰ বৰষুণ পাইছিলোঁ।’ সোঁফালেঃ জলাবায়ু পৰিৱৰ্তনৰ ফলত খেতিৰ পৰা আঁতৰি আহিবলৈ ধৰিছে নেকি মধুকৰ হুলচুলকৰ আৰু তেওঁৰ পুত্ৰ গুণৱন্ত, প্ৰশ্ন উদয় হয়

‘এই সকলো প্ৰক্ৰিয়া আৰু জলবায়ু পৰিৱৰ্তনৰ মাজত এক সংকীৰ্ণ সমীকৰণ নিৰ্মাণ কৰাটো ভুল হ’ব,’ অতুল দেউগাৱাংকাৰে কয়। ‘ইফালে মজবুত সাক্ষ্যৰে সেয়া প্ৰমাণ কৰাটোও টান। তাৰোপৰি এনে পৰিৱৰ্তন ডাঙৰ অঞ্চলত হয়, মানৱ নিৰ্ধাৰিত পৰিসীমাৰ ভিতৰত নহয়। লাটুৰ হৈছে মাৰাঠৱাড়াৰ এটা ক্ষুদ্ৰ অংশ, কৃষি-পৰিস্থিতিতান্ত্ৰিক বৰ্দ্ধিত ভাৰসাম্যহীনতাৰ সৈতে যোগসূত্ৰ থকা সাংঘাতিক পৰিৱৰ্তনে ঠাইখনক সলনি কৰি পেলাইছে।’

‘কিন্তু এই বৃহত্তৰ ক্ষেত্ৰখনৰ একাধিক প্ৰক্ৰিয়াৰ মাজত কিবা আন্তঃসম্পৰ্ক থকা যেন লাগে। শস্যৰ বহুলাংশে পৰিৱৰ্তন আৰু ভূমিৰ ব্যৱহাৰৰ আমূল পৰিৱৰ্তন তথা প্ৰযুক্তিৰ ব্যৱহাৰৰ এটা দশকৰ পিছত জলবায়ু পৰিৱৰ্তন আৰু শিলাবৃষ্টিয়ে দেখা দিয়াটো এক সাঁথৰ। যদিওবা মানৱীয় কাৰ্যকলাপক একমাত্ৰ কাৰণ হিচাপে সমালোচনা কৰিব নোৱাৰি, তথাপি ইয়ো নিশ্চয়কৈ জলবায়ুৰ ভাৰসাম্যহীনতাত ইন্ধন যোগাইছে।’

ইয়াৰ মাজতে দিনে দিনে বতৰৰ পৰিৱৰ্তিত আচৰণ দেখি মানুহ হতচকিত হৈছে।

‘প্ৰতিটো কৃষি চক্ৰই খেতিয়কক দুৰ্ঘোৰ চিন্তাৰ মাজলৈ ঠেলি দিছে,’ গুণৱন্ত হুলচুলকৰে কয়। ‘কৃষকৰ আত্মহত্যাৰ ইয়ো এটা কাৰণ। মোৰ সন্তানে চৰকাৰী কাৰ্যালয়ত কেৰাণীৰ কাম কৰাই ভাল।’ জলবায়ুৰ লগতে খেতিৰ প্ৰতিও তেওঁৰ দৃষ্টিভংগী সলনি হৈছে।

‘কৃষিত এতিয়া সময়, শক্তি আৰু টকাৰ তীব্ৰ গতিত নষ্ট হ’বলৈ ধৰিছে,’ সুভাষ চিণ্ডেয়ে কয়। তেওঁৰ মাকৰ দিনত তেনে নাছিল। ‘কৃষি স্বাভাৱিকতে এক পছন্দৰ জীৱিকা আছিল,’ কাবেৰীবাঈয়ে কয়।

কাবেৰীবাঈক নমস্কাৰ জনাই যেতিয়া মই তেওঁৰ পৰা বিদায় ল’বলৈ ওলালো, তেতিয়া তেওঁ প্ৰতি নমস্কাৰ নজনাই মোৰ সৈতে কৰমৰ্দন কৰিলে। ‘যোৱা বছৰ মোৰ নাতিয়ে টকা ৰাহি কৰি মোক উৰাজাহাজত উঠালে,’ তাই নিঃসংকোচে হাঁহি হাঁহি ক’লে। ‘উৰাজাহাজত কোনোবাই মোক এনেদৰেই অভিবাদন জনাইছিল। বতৰ বদলিছে, সেয়ে মই ভাবিলোঁ অভিবাদনৰ ধৰণো সলনি কৰা যাওক।’

বেটুপাতৰ ফটো (লাটুৰত শিলাবৃষ্টিৰ পৰা হোৱা ক্ষয়-ক্ষতি)- নিশান্ত ভদ্ৰেশ্বৰ।

দেশব্যাপী জলবায়ু পৰিৱৰ্তনৰ ওপৰত পাৰিয়ে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ পৰিঘটনাক লিপিবদ্ধ কৰাৰ বাবে ইউএনডিপি সমৰ্থিত পদক্ষেপৰ এক অংশ।

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখি এই ইমেইল ঠিকনালৈ লিখক- [email protected]

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Other stories by Parth M.N.