ধমতাৰি জিলাৰ নাগ্ৰি টেহচিলৰ ৰাস্তাৰ দাঁতিত মই ১০ জনমান মানুহ জুম বান্ধি থকা দেখিলো। সিহঁতে কিনো কৰিছে তাকে চাবলৈ মই ৰৈ দিলো।

স্থানীয় চৰকাৰী চিকিৎসালয় এখনৰ পৰা মৌৰ বাহ এখন ভাঙি আনি কেইজনমান মৌ-পালকে ৰাস্তাৰ কাষত বিক্ৰী কৰি আছিল। চিকিৎসালয় প্ৰশাসনে তেওঁলোকক মৌৰ বাহ আঁতৰোৱাৰ দায়িত্ব দিছিল।

সিহঁত ক’ৰপৰা আহিছিল সুধিছিলো। সাইবালে ক’লে, কলকাতা, পশ্চিমবংগ! তেওঁৰ উত্তৰত নিজৰ জন্মস্থানৰ প্ৰতি থকা টান স্পষ্ট। কলকাতাতে নে? মই সুধিলো। ‘আপুনি সুন্দৰবন চিনি পায়?’ তেওঁ ওলোটাই প্ৰশ্ন কৰি উত্তৰ দিলে। নিশ্চয়কৈ চিনি পাওঁ, মই উত্তৰ দিলো। তেওঁলোকে সুন্দৰবনতো মৌ সংগ্ৰহ কৰে নেকি সেই কথা মনলৈ আহিল।

Saibal (in red shirt, pouring the honey) and Ranjit Mandal (not in the photo), along with a few others, at their makeshift roadside honey stall in Nagri tehsil
PHOTO • Purusottam Thakur
Saibal (in red shirt, pouring the honey) and Ranjit Mandal (not in the photo), along with a few others, at their makeshift roadside honey stall in Nagri tehsil
PHOTO • Purusottam Thakur

নাগ্ৰি টেহচিলৰ ৰাস্তাৰ কাষৰ অস্থায়ী দোকানত সাইবাল (ৰঙা চোলা পিন্ধাজন, মৌ বাকি আছে) আৰু ৰঞ্জিত মণ্ডল (ফটোত নাই)ৰ লগত আন কেইজনমান

‘মৌ সংগ্ৰহ কৰাটো আমাৰ পেছা নহয়, আমি (ঘৰ) ৰং কৰা মানুহ। কোনোবাই বিচাৰিলে আমি এই কামো কৰোঁ। কিন্তু ঘৰত মৌ পোহো কাৰণে মৌ-বাহ আঁতৰোৱা কাম জানো। এয়া পাৰম্পৰিকভাবে আয়ত্ব কৰা কৌশল। আমাৰ ককা আৰু আজোককাও এই কাম কৰিছিল।’

সিহঁতে কেনেদৰে উৰি ফুৰা মৌমাখিবোৰৰ মোকাবিলা কৰে, সেয়া সাইবালে বৰ্ণনা কৰিলে। তেওঁলোকে প্ৰথমতে বাহটোৰ তলত জুই ধৰি ধোৱা দিয়ে। ‘ধোৱা দি আমি মৌমাখিৰ ৰাণীক ধৰো,’ তেওঁ কয়। ‘আমি মৌ নামাৰো বা জ্বলায়ো নিদিওঁ। আমি ৰাণী মৌ জনী ধৰাৰ পিছত তাক বেগত ৰাখো আৰু তেতিয়া অইন মৌমাখিবোৰে একো ক্ষতি নকৰা হয়।’ মৌমাখিবোৰ উৰি গুছি যায় আৰু তেওঁলোকে বাহটো ভাঙি মৌ সংগ্ৰহ কৰে। ‘তাৰ পিছত আমি ৰাণী মৌ জনীক হাবিত এৰি দিওঁ যাতে সিহঁতে পুনৰাই বাহ সাজিব পাৰে।’

'We neither kill honeybees nor burn them... we release the queen bee in the forest. So that they can make their new colony'
PHOTO • Purusottam Thakur
'We neither kill honeybees nor burn them... we release the queen bee in the forest. So that they can make their new colony'
PHOTO • Purusottam Thakur

‘আমি মৌ নামাৰো বা জ্বলায়ো নিদিওঁ...ৰাণী মৌ জনীক হাবিত এৰি দিওঁ যাতে সিহঁতে পুনৰাই বাহ সাজিব পাৰে’

নাগ্ৰিৰ ৰাস্তাৰ দাঁতিত সিহঁতে কিলোগ্ৰামে প্ৰতি ৩০০ টকাকৈ মৌ বিক্ৰী কৰিছে (আৰু মৌত ডুবোৱা বাহবোৰো)।  চিকিৎসালয় কৰ্তৃপক্ষই তেওঁলোকক মজুৰি হিচাপে ২৫ কিলোগ্ৰাম মৌ দিছে। তেওঁলোকে মৌসিতাও (ষড়ভূজাকাৰ কোষবোৰত থকা মমজাতীয় পদাৰ্থ) ৪০০ টকা প্ৰতি কিলো দৰত বিক্ৰী কৰে। ছত্তিশগড়ৰ ঘাৰৱা সম্প্ৰদায়ৰ মানুহে তাৰ পৰা ধোক্ৰা শিল্পাবস্তু নিৰ্মাণ কৰে।

তেওঁলোকৰ গোটটোৰ বয়সত আটাইতকৈ সৰু ৰঞ্জিত মণ্ডলক সুধিলো যে তেওঁ কিমান বাৰ এই কাম আগতে কৰিছে। তেওঁ উত্তৰত ক’লে যে তেওঁ এতিয়ালৈ জগদলপুৰ, বীজাপুৰ, দান্তেৱাড়া, চিক্কিম, ঝাৰখণ্ড আদি বিভিন্ন ঠাইৰ পৰা ৩০০ৰো অধিক বাৰ মৌ-বাহ আঁতৰাইছে।

দুবছৰ আগতে খৰাঙৰ ওপৰত প্ৰতিবেদন এটা যুগুতাই থাকোতে মই ধমতাৰি জিলাৰ একেটা টেহচিলৰে জাবাৰা গাঁৱৰ দাঁতিৰ হাবিৰ মাজেৰে পাৰ হৈছিলো। তাতে কমাৰ জনগোষ্ঠীৰ অঞ্জুৰা ৰাম চৰিক লগ পাইছিলো। তেওঁ বনজ বস্তু বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰে। তেওঁ মোক কৈছিল, ‘হাবিত খৰাং পৰিলে, মৌবোৰ হাবিৰ পৰা ওলাই যায়।’ তেতিয়া মই বুজিছিলো যে মানুহে যেনেদৰে প্ৰব্ৰজন কৰিবলৈ বাধ্য হয়, তেনেদৰে মৌমাখিয়েও সেউজ ভূমি বিচাৰি প্ৰব্ৰজন কৰিবলগীয়া হয়।

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Purusottam Thakur

পুৰুষোত্তম ঠাকুৰঃ পুৰুষোত্তম ঠাকুৰ ২০১৫ বৰ্ষৰ এগৰাকী স্নাতক সদস্য তথা একেধাৰে সাংবাদিক, ফটোগ্ৰাফাৰ আৰু তথ্যচিত্ৰ নিৰ্মাতা। তেওঁ ছত্তীশগড় আৰু উৰিষ্যাৰ পৰা সাংবাদিকতা কৰে। আজিম প্ৰেমজী ফাউণ্ডেছনৰ হৈও তেওঁ কাম কৰে।

Other stories by Purusottam Thakur