ৰাম ৱাকচৌৰে সদায় পুৱা ২৭৫ ছাত্ৰ আৰু আনসকলৰ বাবে ঘৰৰ ওচৰৰ বজাৰৰ পৰা শাক-পাচলি বজাৰ কৰে- তিনি কিলোগ্ৰাম আলু, ফুলকবি, বিলাহী আৰু আন আন শাক-পাচলি আদি তেওঁৰ তালিকাত থাকে। ‘মই প্ৰতিবিধ শাক-পাচলিৰ দাম ভালকৈ জানো। পাচলিৰ টোপোলাবোৰ মটৰ চাইকেলত ওলোমাই লৈ স্কুললৈ যাও।’ ভিৰগাওঁ গাঁৱৰ জিলা পৰিষদ বিদ্যালয়ৰ শিক্ষকজনে ক’লে। 

আহমেদনগৰৰ আকোলা তালুকৰ কালাসগাওঁ গাঁৱৰ ৪৪ বছৰীয়া বাসিন্দা ৱাকচৌৰক জুন মাহত ২১ কিলোমিটাৰ দূৰৰ ভিৰগাওঁ স্কুললৈ বদলি কৰিছিল। তেওঁ ১৮ বছৰ ধৰি কালাসগাওঁ প্ৰাথমিক বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰি আহিছে। এতিয়া তেওঁৰ প্ৰধান দায়িত্ব হৈছে মধ্যাহ্ন ভোজন আঁচনিৰ ৰূপায়ণ (প্ৰাথমিক শিক্ষাৰ পৰিপুষ্টিৰ ৰাষ্ট্ৰীয় আঁচনিৰ অধীনত) নিশ্চিত কৰা। 

‘অধ্যক্ষই সকলো কাম কৰিব নোৱাৰে, তেওঁ দায়িত্ববিলাক আন শিক্ষকসকলৰ মাজত ভগাই দিছে।’ মধ্যাহ্ন ভোজনৰ পঞ্জীয়ন তালিকাৰ পৰা মুৰ নোতোলাকৈয়ে তেওঁ কয়। ‘চৰকাৰী চাকৰিয়ে আপোনাক কৰ্ম-নিৰাপত্তা দিয়ে, কিন্তু এতিয়া মই নিজকে এজন শিক্ষকৰ দৰে নাভাবো।’

ৱাকচৌৰৰ পাঠ্যক্ৰম বহিৰ্ভূত কাম-কাজ অস্বাভাৱিক নহয়, মহাৰাষ্ট্ৰৰ জিলা পৰিষদৰ স্কুলসমূহত অনা-শিক্ষামূলক কাম-কাজৰ দায়িত্ব সঘনে দিয়া হয়। ইয়াৰ ফলত তেওঁলোকে ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিবলৈ খুব কম সময় উলিয়াব পাৰে। 

ভিৰগাওঁ জিলা পৰিষদ বিদ্যালয়ৰ শিক্ষক ৱাকচৌৰৰ সহকৰ্মী ৪২ বছৰীয়া সবাজি ডাতিৰৰ ৭ম শ্ৰেণীলৈকে পাঠদান কৰাৰ দায়িত্ব আছে। তেওঁ ক’লে যে বছৰটোৰ পাঠ্যক্ৰমৰ ভিতৰত তেওঁ শ্ৰেণীত ১০০ টাৰ বেছি পাঠদান কৰিব লাগে। সপ্তাহত গড়ে কমেও ১৫ ঘণ্টা ডাতিৰে অনা-শৈক্ষিক কামত দিবলগীয়া হয়। ‘শিক্ষাদানৰ লগত সম্পৰ্ক নথকা কামবোৰ পাঠদানৰ সময়তে কৰিবলগীয়া হয় (দৈনিক চাৰি ঘণ্টাকৈ)।’ তেওঁ কয়, ‘আমি স্কুল ছুটীৰ পিছতো যিমান পাৰো কাম কৰো।’ দুয়োটা কাম যেতিয়া একে সময়তে কৰিবলগীয়া হয়, তেতিয়া অনা-শৈক্ষিক কামৰ ওপৰত অগ্ৰাধিকাৰ দিয়া হয়।

PHOTO • Parth M.N.
PHOTO • Parth M.N.

ৰাম ৱাকচৌৰ (বাওঁফালে) আৰু সবাজী ডাতিৰে (সোঁফালে) ভিৰগাওঁ জিলা পৰিষদ স্কুলত শৈক্ষিক আৰু অনা-শৈক্ষিক কামৰ মাজত নিজকে ব্যস্ত ৰাখিব লগা হৈছে 

‘শিক্ষাৰ অধিকাৰ আইন, ২০০৯ৰ মতে (নিৰ্দিষ্টকৈ অনুচ্ছেদ ২৭), নিৰ্বাচনৰ সময়ত প্ৰাকৃতিক দুৰ্যোগৰ সময়ত আৰু প্ৰতি ১০ বছৰৰ মুৰত জনগণনাৰ সময়ত শিক্ষকসকলক অনা-শৈক্ষিক কাম কৰিবলৈ দিয়া হ’ব,’ ডাতিৰে ক’লে। 

মহাৰাষ্ট্ৰৰ ৰাজ্যিক বিদ্যালয়ৰ ৩,০০,০০০ জন শিক্ষকে জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰৰ বাবে প্ৰায় সকলো সময়তে বিভিন্ন ধৰণৰ অনা-শৈক্ষিক কাম কৰিবলগীয়া হয়। গাঁৱৰ কিমান মানুহ দৰিদ্ৰ সীমাৰ তলত বাস কৰিছে, চৰকাৰী আঁচনিয়ে তেওঁলোকক ঢুকি পাইছে নে নাই আৰু মুকলিত মলত্যাগৰ ক্ষতিকাৰক দিশ সম্পৰ্কে তেওঁলোকৰ সৈতে কথা পতা আদি কামত তেওঁলোক নিয়োজিত হ’বলগীয়া হয়। (দ্ৰষ্টব্যঃ জিলা পৰিষদ বিদ্যালয়সমূহ বিজুলী, পানী আৰু শৌচাগাৰ অবিহনে চলিছে)

অতিৰিক্ত কামৰ বাবে শিক্ষকসকলক উপৰিঞ্চি ধন দিয়া নহয়। জিলা পৰিষদৰ বিদ্যালয়ৰ এজন শিক্ষক স্নাতক জিগ্ৰী থকা হ’ব লাগিব আৰু শিক্ষক প্ৰশিক্ষণৰ ডিপ্ল’মাধাৰী হ’ব লাগিব। মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকল বি.এড. ডিগ্ৰীৰ সৈতে স্নাতক হ’ব লাগিব, তেওঁলোকে ২৫,০০০ টকাৰ একীকৃত বেতনেৰে কাম আৰম্ভ কৰে। কেইবা বছৰৰ পিছত যেতিয়া কোনো শিক্ষকে অধ্যক্ষৰ পদ লাভ কৰিব পাৰে, তেতিয়া তেওঁলোকে মাহে ৬০,০০০ টকাৰ বেতন লাভ কৰিব। এই বেতনেৰে বিভিন্ন ভাট্টাসমূহ যেনে মৰগীয়া বানচ, ভ্ৰমণ বানচ, ভাড়া আৰু অন্যান্য ভাট্টাসমূহ সামৰি লয়। একীকৃত বেতনৰ পৰা বৃত্তিকৰ আৰু পেঞ্চনৰ অৰিহণাকে ধৰি বিভিন্ন শিতানৰ ধন কৰ্তন কৰা হয়। অশৈক্ষিক কামৰ বাবে সুকীয়াকৈ কোনো ধৰণৰ ধন বা পাৰিশ্ৰামিক দিয়া হয়। 

‘শিক্ষাৰ অধিকাৰ আইন, ২০০৯ৰ মতে নিৰ্বাচনৰ সময়ত প্ৰাকৃতিক দুৰ্যোগৰ সময়ত, আৰু প্ৰতি ১০ বছৰৰ মুৰত জনগণনাৰ কাম কৰিবলৈ কোৱা হয়,’ ডাতিৰে ক’লে 

‘দৰিদ্ৰ সীমাৰ তলত কিমান মানুহে বাস কৰিছে সেই সম্পৰ্কে অনুসন্ধান কৰিবলৈ মই এবাৰ নাচিকৰ এখন গাঁৱলৈ গ’লো,’ যোৱা জুন মাহত ভিৰগাঁৱলৈ বদলি কৰাৰ আগতে চান্দৱাড় তালুকৰ উৰ্ধুল গাঁৱত থকা জিলা পৰিষদৰ স্কুলত শিক্ষকতা কৰা ৪০ বছৰীয়া দেৱীদাস গিৰেই ক’লে, ‘এটা বঙলা ঘৰৰ মালিকে মোক ভাবুকি দিলে আৰু ক’লে, ‘আমাৰ নাম দৰিদ্ৰ তালিকাত থাকিব লাগিব’। আমাৰ শিক্ষকসকলক আমি কেনেদৰে নিম্নগামী কৰি তুলিছো, আমি অলপো সন্মানৰ পাত্ৰ নহয় নেকি? এয়া অপমানজনক। আনকি আমি দেওবাৰেও জিৰণি ল’বলৈ নাপাও।’

আন কামৰ বাবে গিৰেই বুথ পৰ্যায়ৰ বিষয়া ৰূপে প্ৰতিঘৰ মানুহৰ ঘৰলৈ যাব লাগে, গাঁৱৰ মানুহৰ পৰা নথি-পত্ৰ সংগ্ৰহ কৰিব লাগে। প্ৰব্ৰজন, মৃত্যু আৰু নতুনকৈ ভোটদাতাৰ সংযোজনেৰে ভোটাৰ তালিকা শুধৰাব লাগে। ‘এনেকুৱা কাম গোটেই বছৰ ধৰি চলি থাকে।’ তেওঁ মোক এই কথাবোৰ কৈ যাওতে ছাত্ৰ-ছাত্ৰীসকলে খেলিবলৈ বাদ দি আমাৰ ওচৰত গোট খাইছিল। তেওঁ কয়, ‘বৈপৰিত্য এয়ে যে আমি যদি সঠিকভাবে পাঠদান নকৰো তাৰ বাবে জবাবদিহি হ’ব নালাগে। কিন্তু শৌচাগাৰৰ গণনা কৰিবলৈ যেতিয়া তহচিলদাৰৰ কাৰ্যালয়ৰ নিৰ্দেশ আহে, তেতিয়া আমি গাফিলতি কৰিব নোৱাৰো।’

২০১৭ৰ ১৮ ছেপ্তেম্বৰত পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখত আকোলাত ৪৮২ জন শিক্ষকে তেওঁলোকক দায়িত্ব দিব নলগীয়া কামৰ পিছত দৌৰি থকাৰ প্ৰতিবাদ জনায়। মাৰাঠী ভাষাত তেওঁলোকে লোৱা বেনাৰত লিখা আছিল ‘আমহালা শিকাভূ দ্যা’ (‘আমাক পঢ়াবলৈ দিয়ক’)। 

ভিৰগাওঁ স্কুলৰ শিক্ষক তথা আকোলা অঞ্চলত সমাজকৰ্মী ভাউ চাস্কৰে এই প্ৰতিবাদৰ নেতৃত্ব লৈছিল। যোৱা ১০ বছৰত শিক্ষা বহিৰ্ভূত কাম বৃদ্ধি হৈছে বুলি তেওঁ কয়। ‘প্ৰশাসনিক কাৰ্যালয়ৰ খালী পদসমূহ পূৰণ কৰা নাই, ৰাজহ আৰু পৰিকল্পনা বিভাগৰ পদসমূহ শূন্য, কামবিলাক শিক্ষকে কৰিব লাগে। শিক্ষণৰ লগত সম্পৰ্ক নথকা কামবিলাক আমি কৰিবলগা হোৱাৰ বাবে শিক্ষক সম্পৰ্কে থকা জনসাধাৰণৰ ধাৰণা আহত হৈছে। তেওঁলোকে আমাক এলেহুৱা আৰু অশৃংখলাবদ্ধ বুলি সমালোচনা কৰে। উক্ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ পিছত আমাক কৈফিয়ৎ তলব নকৰালে। কিন্তু তাৰ পিছত সেই কামবোৰেই পুনৰাবৃ্ত্তি কৰিলে।’

PHOTO • Parth M.N.
PHOTO • Parth M.N.

বাহিৰা কাম কৰিবলৈ বাধ্য কৰোৱাৰ বাবে ভাউ চাস্কাৰৰ নেতৃত্বত কেইবাশ শিক্ষকে ২০১৭ৰ ছেপ্তেম্বৰত ‘আমাক শিকাবলৈ দিয়ক’ ধ্বনিৰে প্ৰতিবাদ জনায় 

মহিলা শিক্ষকসকলে অধিক সংগ্ৰাম কৰিব লগা হয়। ওছমানাবাদ চহৰৰ বালিকা বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৪০ বছৰীয়া তবছুম চুলতানাই ক’লে যে তেওঁ শৈক্ষিক কৰ্তব্য, অশৈক্ষিক কাম আৰু আমনিদায়ক ঘৰুৱা কাম একে সময়তে কৰিব লাগে। ‘পুৰুষ বা মহিলা সকলো শিক্ষকৰ বাবে কাম কৰাৰ সময় (কৰ্মঘণ্টা) একে। কিন্তু আমি পৰিয়ালৰ আন সদস্যৰ তথা সন্তানৰ খোৱা-লোৱাৰ বা যাৱতীয়া দায়িত্বও ল’ব লাগে, সিহঁতৰ কাৰণে ৰন্ধা-বঢ়াও কৰিব লাগে, ঘৰৰ পৰা ওলাই অহাৰ আগতে ঘৰৰ সকলো ঠিক-ঠাক কৰিব লাগে,’ তেঁও ক’লে। তবছুমৰ দুটা ল’ৰা আছে, দুয়োটা কলেজত পঢ়ি আছে। ‘দুয়োটা ডাঙৰ হৈছে, বিশেষকৈ সিহঁত স্কুলত থাকোতে ভীষণ অসুবিধা হৈছিল। এতিয় মই অভ্যস্ত হৈ পৰিছো,’ তেওঁ ক’লে। 

মহাৰাষ্ট্ৰৰ বিধান পৰিষদৰ ‘শিক্ষক সমষ্টি’ (শিক্ষকৰ দ্বাৰা মনোনীত)ৰ সদস্য কপিল পাটিলে ক’লে, ‘শিক্ষকসকল সহজ চিকাৰ। তেওঁলোক শিক্ষিত, সংখ্যাৰ দিশৰ পৰাও যথেষ্ট আৰু চৰকাৰী চাকৰিয়াল। মহাৰাষ্ট্ৰৰ জিলা পৰিষদৰ স্কুলত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱাৰ এইটোও এটা কাৰণ।  (দ্ৰষ্টব্যঃ কেতিয়াবা স্কুল বুলিবলৈ একো নাথাকে)। পাঠদান কৰিবলৈ শিক্ষক নাথাকে। পাঠদান কৰিবলৈ শিক্ষক নাথাকে, তাৰ মানে শিক্ষকসকলে ছুটী লোৱা নাই। তেওঁলোকে আন ঠাইত বেলেগ কাম কৰি আছে। এই প্ৰক্ৰিয়াত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয় ছাত্ৰসকল, কাৰণ শিক্ষকৰ অনিয়মীয়া পাঠদানে শিক্ষাৰ মানৰ ওপৰত পোনপটীয়া প্ৰভাৱ পেলায়।’

মহাৰাষ্ট্ৰৰ জিলা পৰিষদৰ ৬১,৬৫৯ খন স্কুলত অধ্যয়ন কৰি থকা ৪০ লাখ ৬০ হাজাৰ ছাত্ৰ-ছাত্ৰী (২০১৭-১৮ৰ পৰিসংখ্যা মতে) এক বিপজ্জনক পৰিস্থিতিৰ মাজলৈ আগুৱাই গৈছে। মহাৰাষ্ট্ৰৰ জিলা পৰিষদে বিনামূলীয়া শিক্ষাদান কৰে আৰু ছাত্ৰ-ছাত্ৰীসকল হ’ল কৃষক, কৃষি-শ্ৰমিক পৰিয়ালৰ। তেওঁলোকৰ বেছি সংখ্যক দলিত আৰু আদিবাসী সম্প্ৰদায়ৰ, তেওঁলোকে বেছি ধন দি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ল’ৰা-ছোৱালীক পঢ়াব নোৱাৰে। ‘এই প্ৰক্ৰিয়াই সমাজৰ এটা অংশক শিক্ষাৰহিত কৰি তুলিছে।’ সোলাপুৰ অঞ্চলৰ সমাজকৰ্মী আৰু শিক্ষক নৱনাথ গণ্ডে কয়। ‘শিক্ষকে যেতিয়া বুথ পৰ্যায়ৰ বিষয়াৰূপে কাম কৰি নিবিচাৰে, স্থানীয় প্ৰশাসনে তেওঁলোকক ভাবুকি দিয়ে।’

Teachers hanging around at virgaon school
PHOTO • Parth M.N.
Children playing in school ground; rain
PHOTO • Parth M.N.

শিক্ষকৰ দ্বাৰা যেতিয়া ব্লক পৰ্যায়ৰ বিষয়াৰ ঠাই পূৰণ কৰা হয়, তেতিয়া শ্ৰেণীবোৰ পৰিচালনা কৰিবলৈ কোনো নাথাকে, ইয়াৰ ফলত জিলা পৰিষদৰ বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ মান ক্ষতিগ্ৰস্ত হয় 

সোলাপুৰ জিলাৰ মাধা তালুকৰ মোডনিম্ব গাঁৱৰ জিলা পৰিষদ স্কুলৰ প্ৰাথমিক শিক্ষক ৩৭ বছৰীয়া পৰমেশ্বৰ সুৰৱাছেৰ বিৰুদ্ধে ২০১৭ৰ নৱেম্বৰত এখন এজাহাৰ পঞ্জীয়ন হৈছিল, কিয়নো তেওঁ বুথ পৰ্যায়ৰ বিষয়াৰূপে কাম কৰিবলৈ অমান্তি হৈছিল। তেওঁ ক’লে, ‘মোৰ দায়িত্ব হৈছে ছাত্ৰ-ছাত্ৰীক মানসম্পন্ন শিক্ষাদান কৰা, পৰীক্ষাৰ ঠিক এসপ্তাহৰ আগতে মোৰ স্কুলত কাম কৰা ছয়জন শিক্ষকক বুথ পৰ্যায়ৰ বিষয়াৰূপে কাম কৰিবলৈ কোৱা হ’ল। আমি ক’লো যে ছয়জন শিক্ষক একে সময়তে একেলগে স্কুলৰ পৰা যাব নোৱাৰে, কিয়নো ছাত্ৰ-ছাত্ৰীৰ ক্ষতি হ’ব। আমি তহচিলদাৰক সাক্ষাৎ কৰিবলৈ অনুৰোধ জনাইছিলো।

‘বৈপৰীত্য এয়ে যে আমি যদি ভালকৈ শিক্ষাদান নকৰো, তাৰ বাবে কৈফিয়ৎ তলব কৰি আমাক ভাবুকি দিয়া নহয়। কিন্তু শৌচাগাৰ গণনা কৰিবলৈ যেতিয়া তহচিলদাৰৰ কাৰ্যালয়ৰ নিৰ্দেশ দিয়ে, তেতিয়া গাফিলতি কৰাৰ কোনো অজুহাত দেখুৱাব নোৱাৰো,’ দেৱীদাসে গিৰেই ক’লে 

কিন্তু সোলাপুৰৰ চহৰৰ তহচিলদাৰৰ কাৰ্যালয় আমাৰ ছয়জন শিক্ষকৰ বিৰুদ্ধে গোচৰ তৰিলে। আমাৰ বিৰুদ্ধে নিৰ্দেশ উলংঘা কৰাৰ অভিযোগ উত্থাপিত হ’ল আৰু আমাক আমাৰ কাম নকৰা বুলি অভিযুক্ত কৰা হ’ল। আমি অধিক যুক্তি দৰ্শাব নোৱাৰিলো। আমাক বাধ্য কৰোৱা হ’ল আৰু ইয়াৰ ফলত পৰৱৰ্তী ৩০ দিনৰ বাবে আমি স্কুলত উপস্থিত হ’ব নোৱাৰিলো। বুথ পৰ্যায়ৰ বিষয়াৰ দায়িত্ব আমাৰ এতিয়াও চলি আছে আৰু অলপ সময়ৰ বাবে আমি আৰক্ষী থানালৈও যাব লাগে। আমাৰ দুজনৰ বিৰুদ্ধে জাননী জাৰি কৰা হৈছিল আৰু আদালততো হাজিৰ হ’ব লাগে। এই পৰিস্থিতিৰ মাজত আমি কেনেকৈ পাঠদান কৰিম? এই সময়খিনিৰ ভিতৰতে ৪০ জন ছাত্ৰই আমাৰ স্কুল এৰি ওচৰৰে এখন ব্যক্তিগত খণ্ডৰ স্কুলত নামভৰ্তি কৰিলে,’ তেওঁ কয়। 

তেওঁলোকৰ ভিতৰত দত্তাত্ৰেয় সুৰভেৰ ১১ বছৰীয়া পুত্ৰ বিবেকো আছে। ২.৫ একৰ মাটিৰ মালিক,  জোৱাৰ আৰু বজৰাৰ খেতি কৰা খেতিয়ক সুৰভেই ক’লে, ‘মই স্কুলৰ (মদনিম্ব) অধ্যক্ষৰ ওচৰত আপত্তি কৰিলো, আৰু তেওঁ ক’লে শিক্ষকসকলে তেওঁলোকৰ কাম কৰি আছে,’ সুৰভেই ক’লে। ‘বছৰত প্ৰায় ২০০ দিন স্কুল খোলা থাকে। সেই দিনবোৰত যদি শিক্ষকসকল স্কুলত নাথাকে, তেন্তে তেনেকুৱা স্কুললৈ মই কিয় মোৰ ল’ৰাক পঠিয়াম? ইয়াৰ পৰা দেখা যায় যে ৰাজ্য চৰকাৰে জিলা পৰিষদৰ স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাৰ প্ৰতি গুৰুত্ব নিদিয়ে,’ তেওঁ ক’লে। 

সুৰভে কয় যে তেওঁৰ ল’ৰাক যিমান সম্ভৱ ভাল শিক্ষা দিব বিচাৰে, ‘কৃষিৰ কোনো ভৱিষ্যত নাই,’ তেওঁ কয়। ২০১৭ৰ অক্টোবৰত ঘৰৰ পৰা দুই কিলোমিটাৰ দূৰৰ এখন ব্যক্তিগত বিদ্যালয়ত তেওঁ নিজৰ ল’ৰাক ভৰ্তি কৰি দিয়ে। তেওঁ এতিয়া বছৰি ৩০০০ টকা মাচুল দিব লাগে। তেওঁ এতিয়া মোৰ নতুন স্কুলখন ভাল লাগিছে। এইখন সম্পূৰ্ণ ব্যৱসায়িক।’

PHOTO • Parth M.N.

বদলি কৰাৰ পিছত অধ্যক্ষ অনিল মোহিতে এক নতুন আৰম্ভণি কৰিব লাগিব কিয়নো এই স্কুলৰ ছাত্ৰসকল আৰু তেওঁৰ ভাষা পৃথক

এনেকুৱা বহুতো নেৰানেপেৰা আপত্তি-অভিযোগে প্ৰমাণ কৰে যে জিলা পৰিষদৰ স্কুলৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ অলপো গুৰুত্ব নাই। এইবুলি কপিল পাটিলে কয়। ‘২০১৮ৰ জুনত সমগ্ৰ ৰাজ্যতে শিক্ষকৰ বদলিকৰণে চৰকাৰৰ গুৰুত্বহীনতাকে প্ৰতিফলিত কৰে,’ তেওঁ কয়। ৰাজ্যজোৰা বদলিকৰণৰ কাৰণ হিচাপে কোৱা হৈছে যে একেবাৰে ভিতৰুৱা স্কুলত কাম কৰি থকা শিক্ষকসকলে চহৰ বা ভাল যোগাযোগ থকা স্কুলত কাম কৰাৰ সুযোগ পোৱা উচিত। কিন্তু পাটিলে এজন শিক্ষকে তেওঁৰ বদলিকৰণ বাতিল কৰিবলৈ অনুৰোধ জনোৱা এক পত্ৰ হাতত লৈ কয়, ‘ৰাজ্য চৰকাৰে ছাত্ৰৰ কথাও নাভাৱে, শিক্ষকৰ কথাও নাভাৱে।’

আহমেদনগৰত জিলা পৰিষদৰ স্কুলৰ ১১,৪৬২ জন শিক্ষকৰ ৬১৮৯ জনে বদলিৰ নিৰ্দেশ লাভ কৰিছে, জিলা শিক্ষা বিষয়া ৰমাকান্ত কাটমোৰে কয়, ‘ৰাজ্যৰ সকলো জিলাতে বদলিকৰণৰ হাৰ একে। এয়া এক নিয়মীয়া প্ৰক্ৰিয়া।’

বদলিৰ নিৰ্দেশ লাভ কৰা শিক্ষকসকলৰ মাজৰে এজন হ’ল ৰমেশ উত্তৰকাৰ। তেওঁ জিলা পৰিষদ স্কুলৰ দেৱপুৰ গাঁৱত শিকায়। ‘বুলধন চহৰত থকা মোৰ ঘৰৰ পৰা এই স্কুললৈ ২০ কিলোমিটাৰ দূৰত্ব,’ তেওঁ কয়। ২০১৮ৰ মে’ মাহত তেওঁক ৬০ কিলোমিটাৰ দূৰৰ মোমিনবাদ জিলা পৰিষদ স্কুললৈ বদলি কৰা হৈছিল। ‘মোৰ পত্নীয়ে চহৰৰ নগৰপালিকা বিদ্যালয়ত শিক্ষকতা কৰে, সেয়ে আমি যাব নোৱাৰিলো,’ তেওঁ কয়। ‘মই প্ৰতিদিনে স্কুললৈ যাও। যাবলৈ মোক দুঘণ্টা সময় লাগে,’ উত্ৰাড়কাে দুখন উপন্যাস লিখিছে আৰু কবিতা সংকলনৰ দুখন কিতাপ ইতিমধ্যে প্ৰকাশ কৰিছে। তেওঁৰ লিখনীয়ে ৰাজ্যিক সাহিত্য বঁটা লাভ কৰিছে। কিন্তু বদলি হোৱাৰ সময়ৰে পৰা তেওঁ পঢ়িবও পৰা নাই, লিখিবও পৰা নাই। ‘সদায় ইমান দূৰ পথ অহা-যোৱা বহুত কষ্টকৰ, মোৰ জীৱনটো খুব অসুবিধাজনক হৈ পৰিছে,’ তেওঁ কয়।   

সহকাৰী শিক্ষক হিচাপে কাম কৰি থকা তেওঁৰ গৃহ চহৰ আকোলাৰ পৰা ৩৫ কিলোমিটাৰ দূৰৰ এখন আদিবাসী গাওঁ শেলভিহিৰেৰ পৰা জিলা পৰিষদৰ স্কুলৰ অধ্যক্ষৰ পদলৈ পদোন্নতি কৰি ৪৪ বছৰীয়া অনিল মোহিতক বদলি কৰা হ’ল। মোহিতে কোলি মহাদেৱ আদিবাসীসকলৰ ভাষা বুজি নাপায়, ছাত্ৰসকলেও সলসলীয়াকৈ মাৰাঠী ভাষা ক’ব নোৱাৰে। ‘মই ছাত্ৰসকলক কেনেকৈ শিকাম? আগতে মই ঔৰংগপূৰৰ এখন স্কুলত চাৰি বছৰ শিকাইছিলো, (আকোলাৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দূৰ হয়)। মই ছাত্ৰসকলৰ সৰলতা আৰু দুৰ্বলতাৰ বিষয়ে জানিছিলো। সিহঁতেও মোক ভালকৈ জানিছিল। আমাৰ এটা ওচৰ সম্পৰ্ক আছে। এতিয়া মই নতুনকৈ আৰম্ভ কৰিব লাগিব।’

শেলভিহিৰেৰ এই স্কুলখনতো জিলা পৰিষদৰ আন স্কুলৰ দৰে ইণ্টাৰনেট নেটৱৰ্ক নাই। ‘আমি মধ্যাহ্ন ভোজনৰ আঁচনিৰ সকলো হিচাপ ৰাখিব লাগে আৰু উপস্থিতিৰ পঞ্জীয়নো অনলাইন ৰাখিব লাগে,’ মোহিতে কয় (দ্ৰষ্টব্যঃ ভোকাতুৰ ছাত্ৰৰ নামত ডাঙৰ আঁচনি, সামান্য আহাৰ)। ‘অনলাইনত ১৫ বিধ কাম কৰিব লাগে। কিন্তু এই কামবোৰ স্কুলত কৰা সম্ভৱ নহয়। সদায় এইবিলাক লিখি ৰাখিব লাগে আৰু ঘৰলৈ উভতি আহি অনলাইন কামবোৰ কৰিবলগা হয়। আমি দৈনন্দিন শৈক্ষিক কামৰ লগতে এনেকুৱা কিছুমান কামত নিমজ্জিত হৈ পৰো।’

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Other stories by Parth M.N.