সেই দিনটো এতিয়াও মোৰ মনত আতে। মাৰ কাষতে লেপ এখন মেৰিয়াই মই মাৰ মুখৰ পৰা কাহিনী শুনিছিলো। “আৰু তাৰপিছত সিদ্ধাৰ্থই জীৱনৰ সত্যানুসন্ধান কৰিবলৈ ঘৰ এৰিলে,” মায়ে কৈছিল। সিদিনা গোটেই ৰাতি বৰষুণ দিছিল। আমাৰ ঘৰটো মাটি মাটি গোন্ধাইছিল। মমৰ ক’লা ধোৱাই চিলিংখন চুবলৈ চেষ্টা কৰিছিল।

“সিদ্ধাৰ্থৰ ভোক লাগিলে কি কৰিব?” মই সুধিছিলো। কিমান নিৰ্বোধ আছিলো মই? সিদ্ধাৰ্থ দেখোন ইশ্বৰ আছিল। 

১৮ বছৰ পাৰ হ’ল, মই একেটা কোঠালৈ ঘুৰি আহিছিলো। সিদিনা বৰষুণ দি আছিল। খিৰিকীৰ আইনাৰে বৰষুণৰ টোপালবোৰ বাগৰিছিল। মোৰ কাষতে লেপ এখন মেৰিয়াই মায়ে বাতৰি শুনি আছিল। “২১ দিনীয়া তলাবন্ধৰ পৰিপ্ৰেক্ষিতত প্ৰায় পাঁচ লক্ষাধিক প্ৰব্ৰজনকাৰীয়ে ভাৰতৰ ডাঙৰ চহৰবোৰৰ পৰা নিজ গাঁৱলৈ বুলি খোজকাঢ়ি যাত্ৰা কৰিছে।”

কিন্তু প্ৰশ্ন একেটাইঃ সিহঁতৰ ভোক লাগিলে কি কৰিব? 

সুধান্বা দেশপাণ্ডেয়ে কবিটাটো আবৃত্তি কৰা শুনিব পাৰে  

Both the paintings with this poem are an artist's view of the trek by migrant workers across the country. The artist, Labani Jangi, is a self-taught painter doing her PhD on labour migrations at the Centre for Studies in Social Sciences, Kolkata
PHOTO • Labani Jangi

এই কবিতাটোৰ সৈতে থকা দুয়োখন চিত্ৰই হৈছে দেশজুৰি হোৱা শ্ৰমিকৰ প্ৰবজনৰ ছবিখনৰ শৈল্পিক অভিব্যক্তি। স্বশিক্ষিত চিত্ৰশিল্পী লাৱণি জংগীয়ে কলকাতাৰ চেণ্টাৰ ফৰ ছ’চিয়েল চায়েন্সৰ পৰা বাঙালী শ্ৰমিকৰ প্ৰব্ৰজনৰ ওপৰত পিএইচডি কৰি আছে।


ৰক্তাক্ত পদচিহ্ন 


সেই সৰু খিৰিকীখনেৰে মই দেখিছিলো

মানুহবোৰে পৰুৱাৰ দৰে লানি লাগি খোজকঢ়া।  

ল’ৰা-ছোৱালীবোৰে খেলা নাছিল,

কেঁচুৱাবোৰে কন্দা নাছিল, 

পৰিত্যক্ত পথবোৰ নীৰৱতাত জঁই পৰিছিল 

নে সেয়া ভোক আছিল?  

সেই সৰু খিৰিকীখনেৰে মই দেখিছিলো, 

মানুহবোৰে মূৰত বোজা 

আৰু মনত শংকা লৈ খোজ দিছিল,

ভোকৰ ভয়। 

বহুমাইল বাট সিহঁতে বাইছে

ভৰিৰ তলুৱা ৰক্তাক্ত হৈ পৰিছে 

তেনেদৰেই বাটত সিহঁতৰ অস্তিত্বৰ চিন ৰৈ গৈছে। 

ধৰাখন ৰঙা হৈ পৰিছে, আকাশখনো। 

সেই সৰু খিৰিকীখনেৰে মই দেখিছিলো

শুকান বক্ষত মাতৃ এগৰাকীয়ে 

নিজৰ কেঁচুৱাটোৰ মুখ গুজি দিছে। 

খোজবোৰ থমকিল। 

কিছুমানে ঘৰ গৈ পালে,

কিছুমানে আদবাটতে প্ৰাণ হেৰুৱালে,

কিছুমানৰ গাত বীজাণুনাশক ছটিওৱা হ’ল, 

কিছুমানক গৰু-ছাগলীৰ দৰে ট্ৰাকত বোজাই কৰি দিয়া হ’ল 

আকাশখন প্ৰথমে ক’লা, তাৰপিছত নীলা হ’ল, 

কিন্তু ধৰাখন ৰঙা হৈয়েই থাকিল। 

আচলতে তাইৰ বুকুত 

তেজৰ পদচিহ্নবোৰ তেতিয়াও লাগি থাকিল। 

শ্ৰাব্যঃ সুধান্বা দেশপাণ্ডে এগৰাকী অভিনেত্ৰী আৰু জন নাট্য মঞ্চৰ পৰিচালক তথা ‘লেফটৱৰ্ড বুকচ’ৰ এগৰাকী সম্পাদিকা।

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Gokul G. K.

গকুল জি. কে. চেন্নাইৰ এছিয়ান কলেজ অৱ জাৰ্নেলিজিমৰ এগৰাকী ছাত্ৰ। তেওঁৰ ঘৰ কেৰালাৰ থিৰুৱনন্তপুৰমত।

Other stories by Gokul G. K.