"সি দেখা নাই, তথাপিও আপোনাৰ ফালে চাই আছে," বোকা-মাটি আৰু ধুলিৰে আৱৰা চৌপাশৰ মাজত ঘুৰণীয়া, এঙাৰ ৰঙৰ দীপ্ত চকুহালিয়ে মোক মোহাবিষ্ট কৰি ৰখাৰ মাজতে মদনলাল মুৰমুৱে ক'লে। মই ততালিকে এখন ফটো তোলো বুলি আৰু কাষ চাপিলো, কিন্তু সি ঘুৰি দিলে। মই আকৌ ঘুৰি লৈ যেনেতেনে ফটো এখন তুলিলো। 

মদনলালে সিহতৰ কাৰণে বিশেষ ধৰণ সংকেতশব্দ কৰে আৰু সিহতে সঁহাৰি দিয়া যেন লাগে। এনেতে তেওঁ মিচিকিয়াই হাঁহি মোক তেওঁৰ পোহনীয়া ফেঁচা দুটাৰ সৈতে চিনাকী কৰাই দিলে, এটাৰ নাম সিধু মুৰমু আৰু আনটো কানহু মুৰমু। 'সিহত মোৰ পৰিয়ালৰে এটা অংশ,' তেওঁ কয়। 

মই বিহাৰৰ বাংকা জিলাত আছিলো, তাৰপৰাই চিহুটিয়া গাঁৱলৈ কাহিনী বিচাৰি গৈছিলো। তেতিয়াই মই মদনলালক মাটিত বহি ঝাৰু বনাই থকা দেখিছিলো। আমি অলপ সময় কথা পাতিছিলো, তাৰপিছতে তেওঁ মোক চুবুৰীটোৰ মুৰলৈ লৈ গ'ল। তাতেই মই সেই পোৱালী ফেঁচাকেইটাক মোলৈ 'চাই থকা' দেখিলো। (দিনত ফেঁচাবোৰে নেদেখা হৈ নাযায়, মাত্ৰ ৰাতি সিহতৰ দৃষ্টিশক্তি প্ৰখৰ হৈ পৰে)।

বৃটিছৰ বিৰুদ্ধে ১৮৫৫ চনত চান্থাল বিদ্ৰোহক নেতৃত্ব দিয়া দুজন জনজাতীয় বীৰ সাধু-কানহুৰ নামেৰে চৰাই দুটাৰ নাম ৰখা হৈছে। তেওঁলোকো মুৰমু নামৰ চান্থাল ঠালটোৰে আছিল। (মদনলালে কয় যে তেওঁ নিজেও টিলকা মাঝি  আৰু তেওঁৰ পত্নিৰদ্বাৰা অনুপ্ৰাণিত হৈছিল। মাঝি আছিল আদিবাসী বিদ্ৰোহৰ নেতৃত্বধাৰী যিয়ে মংগল পাণ্ডেয়ে ১৮৫৭ চনৰ বিদ্ৰোহ কৰাৰ বহু দশক আগেয়ে বৃটিছৰ বিৰুদ্ধে ১৭৮৪ চনত অস্ত্ৰ হাতত তুলি লৈছিল)।

৪০ বৰ্ষীয় মদনলাল চান্থাল জাতিৰ। তেওঁৰ কোনো মাটি-বাৰী নাই আৰু তেওঁৰ পত্নিৰ সৈতে বিহাৰৰ বাংকা জিলাৰ কাকৱাড়া তোলাৰ চিহুটিয়া গাঁৱৰ কাষৰে বনবিভাগৰ মাটিত বোকা-মাটি-খেৰেৰে সজা এটা ঘৰত থাকে।

তেওঁ স্থানীয় কুচা ঘাঁহৰপৰা ঝাৰু বনায় আৰু সেয়া ৪০ টকাকৈ কাষৰে গাওঁবোৰত বিক্ৰী কৰে। বীজ সিচা আৰু শস্য চপোৱা দিনবোৰত তেওঁ খেতিপথাৰতো হাজিৰা কৰে।

এই সুকীয়া পোহনীয়া চৰাইকেইটা তেওঁ ক'ত বিচাৰি পালে, মই সুধিলো। "এদিনাখন মই খৰি লুৰুকিবলৈ হাবিলৈ গৈছিলো, তাতেই মই সিহতক পালো আৰু মোৰ লগত লৈ আহিলো," মদনলালে কয়।

"আমি সিহতহালৰ ভালদৰে যতন লও। ইহত বৰ শুভ, কিয়নো সিহত লক্ষ্মীদেবীৰ বাহন," মুৰমুৰ চুবুৰীয়াই পজাটোৰ কাষতে বহি কয়। মুৰমুবোৰে চুক্তিমতে কুৰুলি পাৰে। আকৌ বুঢ়া হ'লে সিহতৰ দাম বাঢ়ে।

কানহু আৰু সিধু বৰ্তমান এমাহমান বয়সৰ আৰু ওজন একিলোমানকৈ হ'ব। "সিহত দিনে দিনে ধুনীয়া হ'ব আৰু ওজনো বাঢ়িব," সিহতৰ ফালে প্ৰশংসাৰে চাই মদনলালে কয়। পোৱালী হ'লেও সিহত দুটাৰ পাখিবোৰ বহল। এতিয়া বেছি উৰিবপৰাকৈ সিহত ডাঙৰ হোৱা নাই আৰু সেয়ে সজাত থোৱা নাই। সিহতৰ ঠেংবোৰ খুব শক্তিশালী যেনেই লাগিছে। 

ভিডিঅ চাওকঃ মুৰমুৰ সৈতে দেখা

মদনলালে আশা কৰিছে যে সিহত ডাঙৰ হ'লে ওজন ৬-৭ কিলো হ'ব। তেতিয়া সিধু আৰু কানহু আন বহুততকৈ বেছি ডাঙৰ জীৱ হৈ উঠিব, কিয়নো বাকীবোৰ তিনিকিলোমানৰহে হয়। 

কানহু আৰু সিধু মাংসভোজী। "মই সিহতক চাউল দিও, কিন্তু সিহতে পোক-পতংগ খাই ভাল পায়," মদনলালে কয়। তেওঁ আশা কৰিছে যে এমাহমানত সিহতে নিগনি ধৰিবপৰাকৈ ডাঙৰ হৈ উঠিব। 

এয়া প্ৰথম ঘটনা নহয় যে গাঁৱৰ কোনোবাই ফেঁচা পুহিছে। আগতেও মুৰমুৰ চুবুৰীয়াই কোৱামতে 'ব্ৰোকাৰ'য়ে আহি চৰাইবোৰৰ কাৰণে পইছা দিয়ে। এইবাৰো ব্ৰকাৰ আহি এটাকৈ চৰাইৰ বাবদ ৫০-৬০ হাজাৰ টকা দিয়াৰ আশা কৰিছে মদনলালে। বিক্ৰীৰ পিছত তেওঁ নাজানে চৰাইকেইটাৰ কি হ'ব। "মই নাজানো সিহতে কি কৰে, কিডনী ব্যৱহাৰ কৰে হবলা…ডাক্তৰে ফেঁচাবোৰ প্ৰয়োগ (চিকিত্সা গৱেষণা)ৰ বাবে ব্যৱহাৰ কৰে।" 

আৰু এনেদৰেই সিধু আৰু কানহু জালত পৰিব। এইবাৰ নিজৰেই আপোনজনৰ হাতত। 

অনুবাদকঃ ৰশ্মি ৰেখা দাস

ৰশ্মিৰেখা দাস এগৰাকী সাংবাদিক তথা অসমীয়া অনলাইন বাতৰিৰ প’ৰ্টেল newsnextone.com ৰ ৱেব এডিটৰ। তেখেতৰ মেইল আইডি হৈছে

Shreya Katyayini

শ্ৰেয়া কাত্যায়িনী পিপলচ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ ভিডিঅ সমন্বয়ক আৰু একেধাৰে এগৰাকী ফটোগ্ৰাফাৰ তথা চলচিত্ৰনিৰ্মাতা। ২০১৬ চনত তেওঁ মুম্বাইস্থিত টাটা ইনষ্টিটিউট অব ছচিয়েল চায়েঞ্চৰপৰা মিডিয়া এণ্ড কালচাৰেল ষ্টাডিজত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।

Other stories by Shreya Katyayini