“হেজাৰ বাৰলৈকে কোবাব লগীয়া হয় এইটোক,” মীনাক্ষিয়ে ক’লে।সেই কোবোৱা কামটোকেই কৰিবলৈ আৰম্ভ কৰিছিল তেঁও সেই মুহুৰ্তত।‘এইটো’ মানে হ’ল দেখাত ৰন্ধনকাৰ্যত ব্যৱহাৰ হোৱা পাত্ৰৰ দৰেই সজা এটা মাটিৰ পাত্ৰ।দেখিবলৈ পাত্ৰৰ দৰে হ’লেও সেইটো পিছে এটা ঢোল, মৃদংগৰ দৰে এটা বাদ্যযন্ত্ৰহে।পাত্ৰটো কোলাত লৈ কাঠৰ এডাল ডাঙৰ চেপেটা মাৰিৰে কোবাবলৈ আৰম্ভ কৰিলে তেঁও।সম্পূৰ্ণ হৈ উঠাৰ পাছত পাত্ৰটো হৈ পৰিব এটা ‘ঘাতাম’, দক্ষিণ ভাৰতীয় কৰ্ণাটকী সংগীতত ব্যবহৃত এবিধ উচ্চ গুণসম্পন্ন বাদ্যযন্ত্ৰ।মীনাক্ষি কেশৱন এগৰাকী নিপুণ ঘাতাম নিৰ্মাতা।৬৩ বছৰীয়া এই মহিলাগৰাকী আৰু তেঁওৰ পৰিয়াল সম্ভৱতঃ এই অনন্য বাদ্যযন্ত্ৰবিধ পটুটাৰে নিৰ্মাণ কৰা মনমাডুৰাইৰ একমাত্ৰ শিল্পী।

তামিলনাডুৰ মাডুৰাইৰ পৰা এঘ্ণ্টাৰ দূৰত্ব ঘাতামৰ বাবে বিখ্যাত মীনাক্ষিৰ গৃহচহৰ মনমডুৰাইলৈ।“১৫ বছৰ বয়সতে বিয়া হৈ মীনাক্ষিয়ে যিটো পৰিয়ালৰ বোৱাৰী হৈ আহিছিল, সেই পৰিয়ালটোৱে অতি কমেও চাৰি পিৰি ধৰি এই বাদ্যযন্ত্ৰ বিধ তৈয়াৰ কৰি আহিছিল।“মোৰ মায়ে দেউতা আৰু ককাৰ পৰা ঘাতাম তৈয়াৰ কৰা বিদ্যাটো শিকি লৈছিল।বিদ্যাটো ভালদৰে আয়ত্ব কৰিবলৈ ছবছৰ লাগিছিল তেঁওক।আচলতে ক’বলৈ গ’লে মায়ে কম সময়তেই শিকিব পাৰিছিল।সাধাৰণতে পৰম্পৰাগত কুমাৰ নহ’লে ঘাতাম তৈয়াৰ কৰিবলৈ শিকাটো বৰ সহজ নহয়।বহুত বছৰ লাগি যায় শিকোতে।”

“আটাইতকৈ টান আৰু কায়দাৰ কথাটো হৈছে ঘাতাম এটাক সুৰীয়া কৰি তোলা,” ঘাতামটোৰ গাত সোঁহাতেৰে সশব্দে কোবাই কোবাই মীনাক্ষিয়ে ক’লে।বাঁওহাতেৰে তেঁও পাত্ৰটোৰ ভিতৰফালে এটা ঘূৰণীয়া শিল ঘূৰাই আছে।“শিলটো ঘূৰোৱাৰ কাৰণ হ’ল বাদ্যটোৰ গাটো যাতে ভাঙি নাযায় সেয়া চাবৰ বাবে।লগতে শিলটোৰে ভিতৰফালটো মিহিও কৰি আছো,”খন্তেক বিৰতি লৈ তেঁও ক’লে।যোৱা চাৰিটা দশক ধৰি বোকা মথি অহা মীনাক্ষিৰ হাত সকলো সময়তে বিষাই থাকে।হাত-কান্ধৰ বিষটো গৈ কেনেকৈ আঙুলিৰ আগ পাইছেগৈ মিনাক্ষীয়ে আমাক ক’লে সেইকথা।কিন্তু এক মিনিট পিছতে আকৌ এহাতত কাঠৰ মাৰিদাল আৰু আনখন হাতত শিলগুটিটো তুলি ল’লে। কোলাত পাত্ৰটো লৈ পিটিকি পিটিকি মিহি কৰিবলৈ ল’লে তেঁও।মাজে মাজে মাৰিদালেৰে সেইটো কোবায়ো থাকিল।


02-IMG_4366-&-4396-AK-When Meenakshi Beats a Pot 3000 Times(STORY).jpg

মীনাক্ষিয়ে ঘাতামটো কোবাই আছে(বাঁওফালে), সোঁফালৰ ছবিত পাত্ৰটোৰ ভিতৰফালটো মিহি কৰা কামত ব্যৱহাৰ কৰা ঘূৰণীয়া শিলগুটিটো হাতত লৈ আছে তেঁও


আমি মনমডুৰাইলৈ গৈছিলো ‘বঁটা পোৱা ঘাতাম কাৰিকৰ গপূৰৰাকী’ক লগ পাবলৈ।নিজৰ ঠাইত মীনাক্ষিক সকলোৱে আদৰেৰে বঁটা পোৱা কাৰিকৰ বুলিয়ে চিনাকী দিয়ে।ইতিপূৰ্বে মৰ্যাদাপূৰ্ণ সংগীত নাটক একাদেমীৰ বঁটাৰে সন্মানিত হৈছে মীনাক্ষি।ভাৰতৰ ৰাষ্ট্ৰপতিৰ হাতৰ পৰা মীনাক্ষিয়ে বঁটা লৈ থকা অৱস্থাত তোলা ফটো এখন  এটা ডাঙৰ ফ্ৰেমেৰে বন্ধাই থোৱা আছে।বহাকোঠাৰ এখন বেৰত সেই ফটোখনৰ কাষতে মীনাক্ষিৰ প্ৰয়াত স্বামীৰ প্ৰতিকৃতি এখনো মালাৰে সজাই আঁৰি থোৱা হৈছে।ৰমেশে তেঁওলোকৰ পৰিয়ালটোৱে দিল্লীলৈ যোৱাৰ কথাবোৰ মনত পেলালে—“মোৰ মায়ে সেইবাৰ প্ৰথম উৰাজাহাজত উঠিছিল।তেঁওৰ যিমানেই উৎসাহিত হৈছিল, সিমানেই ভয়ো খাইছিল।২০১৪ চনৰ  ১১ এপ্ৰিলত আমাক এখন শীত-তাপ নিয়ন্ত্ৰিত বাছত ৰাষ্ট্ৰপতি ভৱনলৈ লৈ যোৱা হৈছিল।বাদ্যযন্ত্ৰ সাজি পুৰস্কাৰ পোৱা দেশৰ প্ৰথমগৰাকী ব্যক্তি হয়তো মোৰ মায়েই হ’ব”।


03-IMG_4317-&-4323-AK-When Meenakshi Beats a Pot 3000 Times(STORY).jpg

সোঁফালে একাদেমী পুৰস্কাৰ লৈ মীনাক্ষি আৰু বাঁওফালে ভাৰতৰ ৰাষ্ট্ৰপতিৰ হাতৰ পৰা মীনাক্ষিয়ে বঁটা লৈ থকা অৱস্থাত তোলা ফটোখন


নিজে এজন নিপুণ হস্তশিল্পী যদিও মাকৰ কামক লৈ ৰমেশ সদায়ে গৌৰৱান্বিত।তেঁও আমাক সংগীত নাটক একাদেমীয়ে প্ৰকাশ কৰা পুস্তিকা এখনো দেখুৱালে।“উৎকৃষ্ট ঘাতাম তৈয়াৰ কৰাৰ সমস্ত কৌশল জনা সম্ভৱতঃ একমাত্ৰ শিল্পী” বুলি পুস্তিকাখনত মীনাক্ষিৰ কথা উল্লেখ কৰা হৈছে।লগতে এই বুলিও কোৱা হৈছে যে তেঁও তৈয়াৰ কৰা শতাধিক ঘাতাম ভিন ভিন পৰিৱেশকে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ কঢ়িয়াই নিছে।

বাদ্যযন্ত্ৰবিধ তৈয়াৰ কৰা বোকাও বিভিন্ন ঠাইৰ পৰা আহে।‘‘আমি কেবাটাও পুখুৰীৰ পৰা বোকামাটি আনো।পুখুৰীৰ পৰা তুলি অনাৰ পাছত বোকাখিনি এদিনৰ বাবে শুকাবলৈ দিয়া হয়,” ৰমেশে ক’লে।তাৰপিছত ৱেইগেই নদীৰ পৰা অনা মিহি বালিৰ সৈতে তাক মিহলোৱা হয়।“বাদ্যটোৰ মাত সুন্দৰ হ’বৰ বাবে সেই বোকাখিনিৰ লগত আমি কৃষ্ণসীহ(গ্ৰেফাইট)মিহলাও।ছঘণ্টা ধৰি বোকাখিনি মথি লোৱাৰ পাছত দুদিনৰ বাবে সেইখিনি একাষৰীয়া কৰি থৈ দিও।মাটিখিনি টান হৈ ঘাৰ পাছত আমি পাত্ৰটো সাজিবলৈ আৰম্ভ কৰোঁ।”

ৰমেশে ঘাতাম সজা কামটোৰ কষ্ট কিছু কমাইছে।বিদ্যুৎচালিত চকাটোৰ সমুখত বহি তেঁও চকাটোৰ মাজত বোকাৰ লদা দি যায়। চকাটো ঘূৰিবলৈ ধৰাৰ লগে লগে তেঁও হাতেৰে বোকাখিনিক ঘাতামৰ আকৃতি দিবলৈ আৰম্ভ কৰে।আকৃতিটো হৈ উঠাৰ পাছত বাদ্যটোৰ গাত কোবাই সম্পূৰ্ণ ৰূপ দিয়া হয়।(উল্লেখ্য,এইদৰে সম্পূৰ্ণ হৈ উঠাৰ পাছত মীনাক্ষিয়ে কোলাত লৈ কোবাই কোবাই মিহি কৰি তোলা কেঁচা মাটিৰ পাত্ৰ এটাৰ ওজন ষোল্ল কিলোগ্ৰাম)।আকৃতি সম্পূৰ্ণ হৈ উঠা পাত্ৰবোৰ প্ৰথমে দুসপ্তাহৰ বাবে ছাঁত ৰখা হয় আৰু তাৰপাছত চোকা ৰ’দত চাৰিঘ্ণ্টা ধৰি শুকুৱাবলৈ দিয়া হয়।শেষত পৰিয়ালটোৱে পাত্ৰটোৰ গাত ৰঙা আৰু হালধীয়া ৰঙেৰে বোলাই সমূহীয়া ভাটিত ১২ ঘ্ণ্টাৰ বাবে পোৰে। পোৰাৰ পাছত পাত্ৰটোৰ ওজন অৰ্ধেক হ্ৰাস পায়।অৰ্থাৎ কষ্টকৰ এক প্ৰক্ৰিয়াৰ অন্ততঃ আঠ কিলোগ্ৰাম বোকাই এক সুন্দৰ সংগীতৰ সৃষ্টি কৰে।


04-IMG_4441-&-4474-AK-When Meenakshi Beats a Pot 3000 Times(STORY).jpg

ৰমেশে বিদ্যুৎচালিত চকাটো ঘূৰাইছে(বাঁওফালে), বোকাখিনি লৈ হাতেৰে আকৃতি দিছে(সোঁফালে)


সময়ৰ লগে লগে ঘাতাম তৈয়াৰ কৰা কামটোতো বহুত পৰিবৰ্তন আহিছে।আজিকালি পৰিৱেশকৰ পছন্দ অনুযায়ী পাতল, সৰু, বেছি ধুনীয়া আকৃতিৰে ঘাতাম সজা হয়।‘‘সৰু হ’লে কঢ়িয়াই নিবলৈ সুবিধা হয়,” ৰমেশে ক’লে।মনমাডুৰাইৰ ঘাতামবোৰ তথাপি এতিয়াও বহুত ডাঙৰ আকৃতিত সজা হয়।ৰন্ধা পাত্ৰতকৈ তিনিগুণ ডাঙৰ আৰু অন্ততঃ দুগুণ ডাঠকৈ তৈয়াৰ কৰা হয় ঘাতামবোৰ।চেন্নাই আৰু বাংগালুৰুত পাতল,মিহি ঘাতাম সজা হয়।

কৌশলৰ কথা বাদেই, মনমাডুৰাইৰ বোকামাটিয়েও সেই ঠাইৰ ঘাতামৰ উত্তম গুণাগুণৰ বাবে কিছু কৃতিত্বৰ দাবীদাৰ।কিন্তু দুখৰ কথা, মনমাডুৰাইৰ উৎকৃষ্ট বোকামাটি আজিকালি ইটা সজাৰ বাবেহে বেছিকৈ ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে।ফলত কুমাৰসকলৰ জীৱিকাৰ দিশত কুপ্ৰভাৱ পৰিছে।এৰা, ৰমেশে তেঁওলোকৰ পৰিয়ালৰ পঞ্চম প্ৰজন্মৰ প্ৰতিনিধি তেঁওৰ জীয়ৰী, ভতিজা আৰু ভাগিনীয়েকহঁতক ঘাতাম সজা কলা শিকাবলৈ পাই সুখী। এয়া টকাৰ বাবে নহয়।এটা ঘাতাম সাজি তেঁওলোকে মাত্ৰ ছশ টকা উপাৰ্জন কৰে।ইয়াৰ তুলনাত বিলাসী ব্ৰেণ্ডৰ এটা সৰু বোন চাইনাৰ বাটিৰ দামেই কেবাহাজাৰ টকা।


05-IMG_4559-AK-When Meenakshi Beats a Pot 3000 Times(STORY).jpg

ৰমেশে চকাৰ পৰা তুলি আনি কেঁচা মাটিৰ পাত্ৰবোৰ ভিতৰত ৰাখিছে


তথাপি পৰিয়ালৰ পৈত্ৰিক বৃত্তিটো বৰ্তাই ৰাখিবলৈ তেঁওলোকে ঘাতাম সজা কামটো আজিও কৰি আহিছে ।“মই যেতিয়া দহ বছৰীয়া আছিলো, তেতিয়া আমাৰ ঘৰলৈ এগৰাকী মাৰ্কিন সাংবাদিক আহিছিল,” ৰমেশে ক’লে।“আমাৰ পৰিয়ালৰ উপাৰ্জনৰ সামান্য পৰিমাণ দেখি তেঁও আশ্বৰ্যবোধ কৰিছিল।তেঁও মোৰ ভনী আৰু মোক উটীৰ এখন কনভেণ্ট স্কুলত পঢ়ুৱোৱাৰ প্ৰস্তাৱ দিছিল। কিন্তু দেউতাই সেই প্ৰস্তাৱ নাকচ কৰিছিল। তেঁও আমি কুমাৰৰ কাম কৰাটোকে বিচাৰিছিল।” যুৱক ৰমেশে তেঁওৰ নব্বৈ বছৰীয়া ককাকৰ পৰা ঘাতাম সাজিবলৈ শিকিছিল।মৃত্যুৰ দুদিন আগলৈকে ঘাতাম সজা কাম কৰিছিল ককাকে।মীনাক্ষিয়ে ক’লে যে কাকো কেতিয়াও নিজৰ ফটো তুলিবলৈ নিদিছিল বাবেই হেনো তেঁওৰ শহুৰেকে সুদীৰ্ঘবছৰ ধৰি জীয়াই আছিল।কথাটো শুনাৰ লগে লগে মই অপৰাধবোধেৰে কেমেৰাটো আঁতৰাই থলো।

মীনাক্ষিৰ মতেও ঘাতাম সজা কামটো একেবাৰেই লাভজনক নহয়।কেৱল সংগীতৰ প্ৰতি সেৱাৰ এক মনোভাৱেৰেই তেঁও যুগৰ পাছত যুগ ধৰি এই কামটো কৰি আহিছে।সুদীৰ্ঘকাল ধৰি সংগীতৰ সৈতে সংগত কৰা বাদ্য হিচাপে ব্যৱহাৰ হৈ অহা ঘাতাম আজিকালি এককভাবেও পৰিৱেশন কৰা হয়। এনেদৰে নিজে তৈয়াৰ কৰা ঘাতাম বাদন অনুষ্ঠান মীনাক্ষিয়েও উপভোগ কৰিছে।ৰমেশেহে মোক কথাবোৰ বিৱৰি ক’লে।তেঁওৰ মাকে বেছি কথা নকয়।একাডেমী বঁটা পোৱাৰ পাছত সাক্ষাৎকাৰ ল’বলৈ আহোতেও তেঁওৰ মাকে নিজৰ বিষয়ে ক’বলৈ সংকোচবোধ কৰিছিল।“যোৱা বছৰহে অখিল ভাৰতীয় অনাতাঁৰত মায়ে প্ৰথম দীঘলীয়া সাক্ষাৎকাৰটো দিছিল।তেতিয়া তেঁও আনকি মোৰ দেউতাই খাই ভাল পোৱা কোঝাম্বু(চুৰুহা)কথাও কৈছিল,” কথাষাৰ কৈ ৰমেশে হাঁহিলে।

মীনাক্ষিয়ে মোক ব্যৱসায়ৰ বিষয়ে যৎসামান্য কৈছিল।ঘাতাম তৈয়াৰ কৰাটো তেঁওলোকৰ মূল জীৱিকা নহয়।তেঁওলোকৰ নিয়মীয়া আয়ৰ উপায় হ’ল মাটিৰ পাত্ৰ তৈয়াৰ কৰাৰ কাম।সিদ্ধ দৰৱ তৈয়াৰ কৰা পাত্ৰও তেঁওলোকে তৈয়াৰ কৰে।এবছৰত মীনাক্ষি, ৰমেশ, ৰমেশৰ পত্নী মোহনা আৰু ভগ্নী কে পৰমেশ্বৰীয়ে কেইগৰাকীমান সহায়কাৰীৰ সৈতে লগলাগি প্ৰায় চাৰিশটা ঘাতাম সাজে।এইবোৰৰ আধাসংখ্যক বিক্ৰী যায়, বাকী আধাৰ সাধাৰণতে  সুৰ বেয়া হয়।পাত্ৰবোৰ পুৰি লোৱাৰ পাছতহে সুৰ ঠিক কৰিব পাৰি। কেতিয়াবা আনকি সাজোতে দেখিবলৈ আটাইতকৈ ধুনীয়া হোৱাটোৱেই সংগীতৰ বাবে অনুপযোগী হৈ পৰে।

এই ব্যৱসায়টোৰ বাবে কোনো আৰ্থিক সাহায্য নাই। চৰকাৰে এই হস্তশিল্পকলাবিধক পৃষ্ঠপোষকতা নকৰে।“ঘাতামবাদকসকলে বঁটা পায়, কিন্তু ঘাতাম তৈয়াৰ কৰা লোকসকলক বঁটাৰে উৎসাহিত কৰা নহয়,”ক্ষোভেৰে ক’লে ৰমেশে।তথাপি তেঁওলোকৰ পৰিয়ালে অন্ততঃ কেইজনমান মানুহক জীৱিকাৰ উপায় দিব পাৰিছে বুলিয়েই ৰমেশ গৰ্বিত।

আমি যোৱাৰ দিনা কিনকিনীয়া বৰষুণৰ মাজতে চোতালত সকলোৱে কাম কৰি আছিল।আধা শুকুৱা পাত্ৰবোৰ ঘৰৰ ভিতৰলৈ নিয়া হৈছিল। কোঠাবোৰ পোৰামাটিৰে ভৰি আছিল।গোমা আকাশখনত গিৰগিৰাই থকা মেঘবোৰে আবেলিলৈ বৰষুণ অহাৰ বতৰা দিছিল।বাৰিষাকালটোৱে সৃষ্টি কৰা তেঁওলোকৰ দুৰৱস্থাক লৈ ভোৰভোৰাই আছিল আটায়ে।কাম খতি হোৱা বাবে ৰমেশৰ মন বেয়া লাগিছিল, দুখমনে ঘাতাম এটা বজাই আছিল তেঁও।বোকাৰে লেটি-পেটি হৈ থকা তেঁওৰ হাত-ভৰি শুকাই চন্দনৰ প্ৰলেপ ঘঁহি থোৱা যেন লাগিছিল।বাদ্যটোৰ মুখত আঙুলিৰে থপৰিয়াই ৰমেশে এটা তীক্ষ্ণ, ধাতব শব্দৰ সৃষ্টি কৰিছিল।“মই ঘাতাম বজাবলৈ ক’তো শিকা নাই,”তেঁও কৈছিল, কিন্তু স্পষ্টভাবে এক আশ্বৰ্য সুৰৰ সৃষ্টি কৰিব পাৰিছিল তেঁও।

মৃদংগজাতীয় প্ৰায়বোৰ বাদ্যতে জন্তুৰ ছাল ব্যৱহাৰ কৰা হয়।কেৱল ঘাতামহে পাঁচবিধ বস্তুৰে তৈয়াৰ কৰা হয়।প্ৰথমটো হৈছে বোকামাটি, ৰ’দ আৰু বতাহত ইয়াক শুকুৱাই লোৱা হয়।পানীয়ে মাটিখিনিক আকৃতি দিয়ে, জুয়ে পোৰে।ৰমেশে ঘাতাম সাজোতে হোৱা শাৰীৰিক শ্ৰমৰ কথাটো উল্লেখ নকৰিলে।কথাটো কৈ দিব লগীয়া নহ’লো।ভিতৰত মীনাক্ষিয়ে মিহি আৰু সম্পূৰ্ণ নোহোৱালৈকে ঘাতামৰ গাত কোবাই থকা দেখিছিলোৱেই।


06-IMG_4398-AK-When Meenakshi Beats a Pot 3000 Times(STORY).jpg

ঘৰটো গোটেইখন পোৰামাটিৰে ভৰি আছে, কেৱল ঘাতাম এটাহে প্লাষ্টিকৰ চকী এখনত থৈ দিয়া হৈছে

 

Slideshow মীনাক্ষিয়ে যেতিয়া এটা পাত্ৰ ৩০০০ বাৰ কোবায়— শ্লাইদশ্ব’ চাওক


অনুবাদঃ নিভা ৰাণী ৰয়

নিভা ৰাণী ৰয় বৰ্তমান এগৰাকী মুক্ত সাংবাদিক, অনুবাদক আৰু www.nezine.com নামৰ ৱেব আলোচনীখনৰ সহকাৰী সম্পাদক। তেখেতৰ ই-মে[email protected]

অপৰ্ণা কাৰ্তিকেয় এগৰাকী পূৰ্ণকালীন মাতৃ, অংশকালীন লেখিকা আৰু পাৰিৰ স্বেচ্ছাসেৱকতেখেতৰ ইমেইলঃ @AparnaKarthi


নিভা ৰাণী ৰয় বৰ্তমান এগৰাকী মুক্ত সাংবাদিক, অনুবাদক আৰু www.nezine.com নামৰ ৱেব আলোচনীখনৰ সহকাৰী সম্পাদক।

Aparna Karthikeyan
[email protected]

Aparna Karthikeyan is an independent multimedia journalist. She documents the vanishing livelihoods of rural Tamil Nadu and volunteers with the People's Archive of Rural India.

Other stories by Aparna Karthikeyan