আমবাদাস কাকাড়ে হিচাপ কৰিয়ে ৰিস্ক লৈছে। এইবাৰ খাৰিফ ঋতুত তেওঁ দ্বিতীয়বাৰ শস্য সিঁচিছে। তেওঁৰ খেতিত হোৱা খৰচ-পাতিৰ এটা অংশ ঘুৰাই পোৱাৰ এয়াই অন্তিম আশা।

জুন মাহৰ মাজভাগত মৌচুমীৰ প্ৰভাৱত অহা ভাল বৰষুণে পাৰভানি জিলাৰ চাইলু তালুকৰ মোৰেগাঁৱৰ ৮৩ বছৰ বয়সৰ খেতিয়কজনে কপাহ, ছয়াবিন, ৰহ আৰু মুগৰ খেতি আৰম্ভ কৰে। কিন্তু তেতিয়াৰ পৰা আগস্তলৈ মাৰাথৱাড়াত বৰষুণ বুলিবলৈ নায়েই। পাৰভানিকে ধৰি বৃহত এলেকাটোত শস্যবোৰ শুকাই লেৰেলি গ'ল। কাকাড়াৰ ছয়া, ৰহ আৰু মুগৰ খেতিও শুকাই লেৰেলি গ'ল।

"মোৰ ১০ একৰ মাটি আছে," ককাড়ে ক'লে। "(জুলাই মাহৰ শেষৰ ফালে) মই ১ একৰ মাটিৰ কপাহ খেতি আঁতৰাই তাতে কবিৰ খেতি লগালো। এয়া তিনিমহীয়া শস্য আৰু বেছি পানীৰো ইয়াত প্ৰয়োজন নহয়। মই অইন শস্যৰ ঠাইত বিলাহী খেতি (তাতো পানী কম লাগে) কৰিম বুলি থিৰাং কৰিছো যদি বৰষুণ নহয়।"

ইতিমধ্যে কৰা কপাহৰ খেতি গুচাই কবি খেতি কৰা কাকাড়েয়ে জুন মাহত সেইখিনি মাটিত খটুওৱা ১৫ হাজাৰ টকা হেৰুৱালে। এনেদৰেই খৰাং পৰি থাকিলে এতিয়া কৰা কবি খেতিখিনিতো তেওঁ আকৌ বিনিয়োগ কৰা ১৫ হাজাৰ টকাখিনিও পানীত পৰিব। "এইবাৰ মোৰ হাতত লাভ বুলিবলৈ একো নাথাকিব," তেওঁৰ হুমুনিয়াহ।


৮৩ বৰ্ষীয় আমবাদাস কাকাড়ে এই খাৰিফ ঋতুত ইতিমধ্যে ১ একৰ মাটিত কৰা কপাহৰ খেতি গুচাই কবি খেতি কৰি ভাবি-চিতিয়ে ৰিস্ক চপাইছে


কাকাড়েয়ে ৩ লাখ টকাৰ বেংকৰ ঋণ লৈ থৈছে আৰু ব্যক্তিগত ঋণো ৫ লাখ টকাৰ আছে। "মই বীজ সিঁচোতে হোৱা খৰছখিনি ঘুৰাই পোৱাটোৰে আশা কৰিছো (সেই এক একৰ মাটিত)। প্ৰকৃতিৰ কৃপা আৰু কোপৰ মাজতে আমাৰ জীৱন। যোৱা ১০ বছৰমানৰ পৰা বতৰৰ ভৰসা কৰিব নোৱাৰা হৈ গৈছে। অক্টোবৰত ৰবি শস্যৰ খেতিৰ বাবে কাৰো ওচৰত হাত পাতিব লগা অৱস্থা নোহোৱাটোকেই আশা কৰিছো।"

কাকাড়ে কপাহৰ খেতি কিছু ৰাখিব কিয়নো সেই গোটেই ১০ একৰ মাটীত অইন শস্য লগাব নোৱাৰে। কিয়নো তাৰ বাবে অধিক ধনৰ প্ৰয়োজন হ'ব আৰু তেওঁৰ তলি উদং। আগস্ত মাহৰ শেষৰফালে মাৰাথাৱাড়াত হোৱা বৰষুণৰ পিছতে তেওঁ মনত আশা জাগিছে যে বৰষুণৰ বতৰ ঘুৰি আহিব। যদিহে বৰষুণ দি থাকে, কপাহৰ খেতি নবেম্বৰলৈ চপাব পৰা যাব আৰু আয়ো ভাল হ'ব। অৱশ্যে প্ৰথমবাৰ ৰোৱা লেৰেলি যোৱা শস্যবোৰ ভাললৈ নাহে।

কাকাড়েয়ে তেওঁৰ একাংশ মাটিত দ্বিতীয়বাৰৰ বাবে বীজ সিঁচাটো একপ্ৰকাৰৰ জুৱা খেলাৰ দৰেই হৈছে। জুন মাহৰ মাজভাগমানত যেতিয়া মাৰাথাৱাড়াৰ খেতিয়কসকলে প্ৰথমবাৰৰ খাৰিফ খেতি কৰে, সেই সময়তে কঠিয়াবোৰ জীপ পাই উঠিবলৈ নিয়মীয়াকৈ বৰষুণৰ প্ৰয়োজন হয়। বৰষুণ কম হ'লে অথবা নহ'লেই খেতিয়কসকলে বুজি উঠে যে প্ৰথমবাৰৰ খেতিখনৰ পৰা লাভ নহ'ব। নিৰাশ মনেৰে তেওঁলোকে আকৌ ধন আৰু সাহস গোটায় আৰু আগস্ত মাহৰ প্ৰথম সপ্তাহত দ্বিতীয়বাৰ বীজ সিঁচিবলৈ আৰম্ভ কৰে। এইবাৰ তেওঁলোকে খেতিৰ নামত কৰা খৰচ-পাতিখিনি ঘুৰাই পোৱাৰ আশা। দ্বিতীয়বাৰ কৰা খেতিৰ পিছত যদি বৰষুণ আহে, তেন্তে জুৱাত তেওঁলোকৰ ভাগ্য ভাল। কিন্তু বেয়া মানেই মুৰৰ ওপৰত দুখন সৰগ ভাগি পৰিব।

৮০ উৰ্ধ বয়সৰ কাকাড়ে ধীৰ খোজেৰে তেওঁৰ খেতিপথাৰত তহল দিছে। অনিশ্চয়তাৰ এই খেলখনে তেওঁৰ ওপৰত চাপ নেপেলোৱা নহয়। "আমাৰ পৰিয়ালটোত মুঠ ১৬ জন মানুহ। মোৰ আটাইকেইটা ল'ৰাই বিয়া পাতিছে। অতিৰিক্ত আয়ৰ বাবে সিহতে কাষৰে গাঁৱত খেতিপথাৰত হাজিৰা কাম কৰে। মোৰ নাতিকেইটাই খেতিত ইহাত-সিহাত লাগি দিয়ে, সিহত নুমলীয়াই হৈ আছে।"

তাৰেপৰা তিনি কিলোমিটাৰ মান দুৰৈত থকা খুচপা গাঁৱৰ ৪৯ বছৰ বয়সৰ চাহেবৰাও দশালকাৰৰো একেই গতি। তেওঁৰ ১২ একৰ মাটিৰ মাত্ৰ ডেৰ একৰ মানহে এৰি তেওঁ কপাহৰ খেতি কৰিছে। এইজনেও বাকীখিনি শস্যৰ পৰা হ'বপৰা লাভৰ আশা কৰিয়ে ৰৈছে। "১.৫ একৰ মাটিত মোৰ ২৫ হাজাৰ টকা পানীত পৰিল," তেওঁ কয়। "এতিয়া মই সেইডৰা মাটিত কবিৰ খেতি কৰিছো। বাকীখিনিত মই কপাহৰ খেতি গুচোৱা নাই। কাৰণ পিছলৈ বৰষুণ হ'লে কপাহৰ খেতিৰ পৰা প্ৰতি একৰ মাটিত ২-৩ কুইণ্টল আহিব পাৰে (বৰষুণ ভাল হ'লে সেয়া ৬-৮ কুইণ্টল হয়গৈ)। অন্তত তাৰপৰা হাতলৈ কিছু টকা আহিব(প্ৰতি কুইণ্টলত প্ৰায় ৪ হাজাৰ টকা)।"   


খুচপা গাঁৱৰ চাহেবৰাও দশালকাৰে কপাহ খেতি কৰা মাটিৰপৰা ১.৫ একৰ মাটিত কপাহ আঁতৰাই কবিৰ খেতি কৰিছে, এইবছৰ অলপ লাভৰ আশা

 

মাৰাথৱাড়াৰ যিসকল খেতিয়কে খাদ্যশস্যৰ খেতি কৰিছে, তেওঁলোক বিপাঙত পৰিছে। কিয়নো এনেদৰে বতৰ খৰাং হৈ থাকিলে সেই খেতি নাবাচিব। এনেদৰে খেতি শুকাই যোৱাৰ ফলত উপায়ন্তৰ হৈ লাতুৰ জিলাৰ জালকোট তালুকৰ মালিহাপাৰ্গা গাঁৱৰ ৩৫ বৰ্ষীয় হৰি কেন্দ্ৰেয়ে আন কাৰোবাৰ পামত হাজিৰা কৰিছে। "দ্বিতীয়বাৰ চাহ কৰি খেতি কৰাৰ বাবে ধন গোটোৱাৰ বাবে ইয়াত বাদে উপায় নাই," চাহ কৰি থকাৰ মাজতে তেওঁ কয়। "মোৰ ১০ একৰ মাটিত কৰা ছয়াবিন, মুগ, ৰহ আৰু মাহৰ খেতি ডুবিল। তাতে মোৰ ৬০ হাজাৰ টকাৰ লোকচান হ'ল।"  


বৰষুণ ছেগা-চোৰোকাকৈ হোৱাৰ ফলত জালকোটত থকা জলাশয়বোৰ উদং হৈ পৰিছে। "সুৰ্যমূখীৰ খেতিত (খাদ্যশস্য) ইমান পানী নালাগে। দিনে ২০০ টকাকৈ উপাৰ্জন কৰি যদি মই পইছা গোটাব পাৰো, তেন্তে সুৰ্যমূখীৰেই খেতি কৰিম…" কেন্দ্ৰেয়ে কয়। অক্টোবৰৰ ৰবি শস্যৰ দিন অহাৰ আগেয়ে এই দ্বিতীয়বাৰ কৰা খেতিৰেই তেওঁৰ অথলে যোৱা ধন ঘুৰাই অনাৰ একমাত্ৰ পথ। "মোৰ ব্যক্তিগত ৪ লাখ টকাৰ ঋণ আছে," তেওঁ কয়। "আৰু অধিক ধাৰ কৰিলে মই ধাৰৰ বোজা বব নোৱাৰা হ'ম। খেতিৰ মাজেৰই মই ধন গোটাব লাগিব।"


বৰষুণ পৰ্যাপ্ত নোহোৱাৰ ফলত ভালেমান শস্যপথাৰ শুকাই গৈছে, 'ৰবাত আকৌ কঠিয়াবোৰৰ বাঢ়িব পৰা নাই

 

যোৱাবছৰো মাৰাথৱাড়াত একেই সংকটে দেখা দিছিল। প্ৰতিশ্ৰুতি লৈ অহা মৌচুমী বৰষুণজাকে বহু সপ্তাহলৈ মুখ নেদেখালে। সেয়ে বহুতেই দ্বিতীয় খেতিৰে ভাগ্য জুখিছে। কিন্তু অঞ্চলটোত ২০১২ চনৰ পাৰ ২০১৫ চনৰ এই চাৰিবছৰ কাল খৰাঙৰ সমুখীন হৈছে। এনেদৰে খেতিয়কে খেতিৰ বাবে মুলধন বছৰি টুটি আহিছে। ২০১৭ চনত আঙুলিৰ মুৰত লিখিব পৰা কেইজনমান খেতিয়কেহে দ্বিতীয়বাৰ খেতিত ধৰাৰ সাহস গোটাব পাৰিছে। বহুতেই খাৰিফ ঋতু খেতিৰ বাবে ভাল নহ'ব বুলিয়েই থমকি ৰৈছে।


বীড জিলাৰ মাজালগাঁৱৰ গণেশ ভালেকাৰে কোৱামতে খাৰিফ খেতিৰ বাবে খেতিয়কসকলে ইতিমধ্যেই ধন ধাৰলৈ লোৱাৰ বাবেই দ্বিতীয়বাৰ খেতি কৰিবপৰা নাই। "আকৌ ধাৰ কৰি দ্বিতীয়বাৰ খেতি কৰাৰ ৰিস্ক লোৱাটো পুখুৰীত জাপ দি মৰাৰ দৰে হ'ব," গণেশৰ কথা। "আমাৰ মুৰত ইতিমধ্যে বহুত ধাৰ আছে। সেয়ে পোনে পোনে ৰবি শস্যৰ ঋতুৰ বাবেই সাজু হোৱাটো উচিত কথা।"


বাওফালেঃ গণেশ ভালেকাৰ তেওঁৰ ল'ৰা-ছোৱালীৰ সৈতে বীড জিলাৰ মাজালগাঁৱত, সোফালেঃ খেতিপথাৰত সুৰেশ সুৰেশ চোলে আৰু তেওঁৰ পত্নি

 

সুতত ধন দিয়া লোকৰ পৰা ভালেকাৰে প্ৰায় ১ লাখ মান টকাৰ ধাৰ লৈ থোৱা আছে। নিজা খেতিপথাৰ নথকা ভালেকাৰে বেংকৰ পৰা ঋণ পোৱা নাই। তেওঁ ১৮ বিঘা মাটিত খেতি কৰে- ১৩ বিঘাত কুঁহিয়াৰ আৰু ৫ বিঘাত ছয়াবিন। মাটিৰ গৰাকীৰ সৈতে হোৱা চুক্তিমতে, গণেশে মুঠ ব্যয়ৰ ২৫ শতাংশৰ চোৱাচিতা কৰে, বাকী ৭৫ শতাংশৰ বাবে মালিকে আদায় দিয়ে। লাভ-লোকচানো তেনেদৰে ভাগ-বতৰা হয়।

"পাঁচ একৰ মাটিত ৰোৱা ছয়াবিনৰ খেতি শুকাই লেৰেলিছে," তেওঁ সেই মৰহি যোৱা খেতিখিনি দেখুৱাই ক' লে। "১৫ হাজাৰ টকা খৰছ কৰি কৰা ছয়াবিনৰ খেতি অথলে যোৱা বুলি মই ধৰি ল'বলৈ বাধ্য হৈছো। বৰষুণ নোহোৱাত কুঁহিয়াৰৰ খেতিও ভাল হোৱা নাই। কুঁহিয়াৰবোৰৰ এই বগা দাগবোৰ চাওক। খেতি ভাল একেবাৰেই নহ'ব…"

ভালেকাৰৰ দৰে জালকোট তালুকৰ কলনুৰ গাঁৱৰ সুৰেশ চোলেৰো একেই অৱস্থা। তেওঁৰ কপাহ আৰু কুঁহিয়াৰৰ দৰে নগদী শস্য নাই যিহেৰে তেওঁ বৰষুণ আহিলে নতুনকৈ খেতি কৰিব পাৰিব। তেওঁ ৪.৫ একৰ মাটিত কৰা ছয়াবিন, ৰহ আৰু জোৱাৰৰ খেতিৰ অৱস্থা তেনেই পুতৌলগা। "সেয়া চাওক," তেওঁ আঙুলিয়ালে। "এতিয়ালৈ (আগস্তৰ প্ৰথম মাহ) পুলিবোৰ কঁকালৰ সমান হ'ব লাগিছিল। ভৰিৰ সৰু গাঠিটোলৈকেই ওখ হ'ব পৰা নাই।" আগস্তৰ শেষৰফালে বৰষুণ হ'লেও কামত নাহিব। "শস্যবোৰক নিয়মীয়াকৈ বৰষুণ লাগে," তেওঁ কয়। "বীজ, সাৰ, কীটনাশক আৰু হাজিৰা আদি মিলাই মোৰ মুঠ ৪৫ হাজাৰমান টকা খৰছ হৈছে। তাৰে এশভাগৰ দহভাগো ঘুৰাই নাপাম…"  


ভিডিঅটো চাওকঃ সেইবোৰ চাওক, এতিয়ালৈ পুলিবোৰ কঁকালৰ সমান হ'ব লাগিছিল। কিন্তু সিবোৰ আঠুৰ সৰু গাঠিটোলৈকেই বাঢ়িব পৰা নাই,' সুৰেশ চোলেয়ে কয়


অইন কৃষিপ্ৰধান অঞ্চলবোৰৰ দৰে ইয়াতো এইবোৰ কাৰণতে চোলেয়ে এটা কঠিন সিদ্ধান্ত ল'বলগা হৈছেঃ দ্বিতীয়বাৰ বীজ সিঁচি তেওঁ অধিক লোকচানৰ সমুখীন হোৱাৰ ৰিস্ক লোৱাটো উচিত হ'বনে? "মই ইয়াক লৈ নিশ্চিত নহয়," তেওঁ কয়। "খৰাং বৰকৈ টানকৈ পৰিছে। আৰু বেছি ৰিস্ক লোৱাৰ মোৰ সাহস নাই।" 

এই কথা-বতৰাৰ দুসপ্তাহমান পিছতেই আগস্ত মাহৰ মাজভাগত ধাৰাসাৰ বৰষুণ হ'ল। দ্বিতীয়বাৰ খেতি কৰাসকলৰ মনত কিছু আশাৰ সঞ্চাৰ হ'ল। চোলেৰ দৰে আন বহুতে হয়তো ভাবিছে যে সিহতেও যদি দ্বিতীয়বাৰ খেতি কৰিলেহেঁতেন। এই কৰিম-নকৰিম বোলা বছৰ বছৰ ধৰি চলা জুৱাখনৰ মাজতেই খেতিয়কবোৰ জীয়াই আছে।

 

ৰশ্মিৰেখা দাস এগৰাকী সাংবাদিক তথা অসমীয়া অনলাইন বাতৰিৰ প’ৰ্টেল newsnextone.com ৰ ৱেব এডিটৰ। তেখেতৰ মেইল আইডি হৈছে

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Other stories by Parth M.N.