'আমাৰ প্ৰতি সকলোৰে কিয় অবমাননাসূচক আচৰণ কৰে? এটাই কাৰণ, আমি তৃতীয় লিংগ, তাৰ মানে এয়ে নেকি যে আমাৰ কোনো সন্মান নাই?' এইদৰে ক্ষোভ আৰু বেদনা প্ৰকাশ কৰিলে শীতলে।

বহু বছৰৰ তিক্ত অভিজ্ঞতাৰ পৰা শীতলে কথাবোৰ কৈ গ'ল। ২২ বছৰ বয়সত আকৌ মনত পেলালে শীতেল- কেনেকৈ স্কুলত, কৰ্মস্থানত, বাটে-পথে, প্ৰায় সকলো ঠাইতে এটা দশক বৈষম্য আৰু নিৰ্যাতনৰ বলি হৈছিল।

প্ৰায় ১৪ বছৰ বসয়ত, ইচালকাৰানজিৰ নেহৰু নগৰত থকা ঘৰত এনে নিৰ্যাতন আৰু বৈষম্যৰ প্ৰথম আৰম্ভ হয়। তেতিয়া তেঁওৰ নাম আছিল অৰবিন্দ। 'মই অষ্টম কি নৱমমান শ্ৰেণীত পঢ়ি থকাৰ সময়ত স্কুললৈ ছোৱালীৰ দৰে পোছাক পিন্ধি যাবলৈ বিচাৰিছিলো। মোৰ কিয় মন গৈছিল মই নাজানিছিলো। ঘৰত থকা সময়ত মই নিজকে আয়নাত চাই থাকো আৰু দেউতাই চিঞৰিবলৈ আৰম্ভ কৰি দিয়েঃ 'তই নুপুংসকৰ নিচিনাকৈ কিয় নিজকে চাই আছ- ঘৰৰ পৰা ওলাই যা, ল'ৰাৰ লগত খেলগৈ।মই যেতিয়া শাৰী পিন্ধিব বিচাৰিলো, আন ছোৱালীৰ দৰে থাকিবলৈ বিচাৰিলো, দেউতাই মোক মাৰিবলৈ ধৰিলে আৰু ক'লে যে মোক মানসিক চিকিৎসালয়ত ভৰ্তি কৰাব। মোক দেউতাই মাৰোতে মই খুব কান্দিছিলো।'

পৰিয়ালৰ মানুহে শীতল (তেঁওৰ অনুৰোধত নাম সলনি কৰা হৈছে)ক আৰোগ্য কৰিবলৈ তান্ত্ৰিকৰ ওচৰলৈ লৈ গৈ পূজা কৰিছিল। 'মাৰ মতে কোনোবাই যাদু-মন্ত্ৰ কৰি মোক এনেকুৱা কৰিছে। দেউতা (ভঙা-চিঙা বস্তুৰ ব্যৱসায় কৰে)ই এটা মূৰ্গীও বলি দিয়ালে। কিন্তু মোৰ মা-দেউতাই বুজি নাপালে যে শাৰীৰিকভাৱে মই পুৰুষ যদিও মানসিকভাৱে নাৰী, তেঁওলোকে মোৰ কথা অলপো নুশুনিলে।'

১৬ বছৰ বসয়ত শীতলে ঘৰৰ পৰা ওলাই গ'ল আৰু ভিক্ষা কৰা আৰম্ভ কৰিলে-সেই কাম তেঁও এতিয়াও কৰি আছে। পুৱা ১০ বজাৰ পৰা সন্ধিয়ালৈকে ভিক্ষা বিচাৰে। পইচা বিচাৰি দোকানলৈও যায়-জয়সিংপুৰ, কোলহাপুৰৰ দৰে ওচৰৰ নগৰলৈ গৈয়ো ভিক্ষা বিচাৰে, দৈনিক ১০০-৫০০ টকা উপাৰ্জন কৰে।বিবাহ উৎসৱ, নামকৰণ, ধৰ্মীয় উৎসৱ বা আন উৎসৱ আদিত গান গাবলৈ আৰু নাচিবলৈ শীতলহঁতক নিমন্ত্ৰণ কৰে, তেঁও আন চাৰি-পাঁচগৰাকীক লগত লৈ যায়, তেতিয়া প্ৰত্যেকেই ২-৩ হাজাৰকৈ টকা পায়। 

Mastani Nagarkar asking for money outside a shop
PHOTO • Minaj Latkar

'অসহায় মানুহৰ দৰে ভিক্ষা কৰি চাৰিওফালে ঘুৰি ফুৰিবলৈ মই ভাল নাপাওঁ' শীতলে ক'লে।

নিজৰ পুত্ৰক আৰোগ্য কৰিবলৈ পিতৃ-মাতৃয়ে আনকি শীতলক তান্ত্ৰিকৰ ওচৰলৈ লৈ গৈ পূজা কৰাইছিল। মায়ে কৈছিল, 'কোনোবাই মোক যাদু কৰিছে। দেউতাই এটা মূৰ্গীও বলি দিয়ালে। কিন্তু মা-দেউতাই বুজি নাপালে যে শাৰীৰিকভাৱে ল'ৰা হ'লেও মানসিকভাৱে মই ছোৱালী।'

কিন্তু কাম কৰিবলৈ আৰু নিজৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকিবলৈ গৈ উপৰ্যুপৰি বৈষম্যৰ চিকাৰ হ'বলগা হ'ল। 'বজাৰত যেতিয়া পইচা খুজিবলৈ যাও, মানুহে মোৰ শাৰী-কাপোৰ খুলি দিয়ে, অশোভনীয় ইংগিত দিয়ে। কিছুমান দোকানত আমাক সন্দেহ কৰে- যেন আমি চোৰ।' শীতলে কয় যে আনকি ঘৰতো –'নিশা কিছুমান মানুহে মোৰ দুৱাৰত টুকুৰীয়াই যৌনকাৰ্যত লিপ্ত হ'বলৈ দাবী কৰে। মই অকলে থাকো আৰু ভয়ে ভয়ে থাকিবলগা হয়।'

শীতলে যিটো ঘৰ বুলি কৈছে আচলতে ইচালকাৰানজি নগৰৰ শ্বাহাপুৰ অঞ্চলৰ বস্তি এলেকাৰ এটা কোঠা, য'ত বহুতো অসুবিধাৰ মাজত থাকিবলগা হয়। পিতৃ-মাতৃৰ ঘৰৰ পৰা ওলাই অহাৰ পিচত শীতলে কিছুদিন বাছ আস্থানত কটাইছিল। 'প্ৰতি মাহে ২ হাজাৰ টকা দিবলগা হৈছিল। কোঠাটো ইমানেই জঘন্য, তাত জন্তু-জানোৱাৰো নাথাকিব। বাৰিষা দিনত কোঠাটো পানীৰে ভৰি পৰে। তেতিয়া মই বাছ আস্থানত থাকিবলগা হয়। মই সময়মতে ভাড়া দিও যদিও মোক এটা ভাল কোঠা নিদিয়ে। ময়ো এটা ভল ঘৰত থাকিব বিচাৰো, কিন্তু বহুতেই আমাক ঘৰ ভাড়ালৈ দিব নিবিচাৰে। আমাৰ নিজৰ পৰিয়াল আৰু সমাজেই যদি আমাক গ্ৰহণ নকৰে, আমি ক'লৈ যাম?'

মহাৰাষ্ট্ৰৰ কোলহাপুৰ জিলাৰ হাতকানানগালে তালুকৰ প্ৰায় ২.৮৮ লাখ বসতিপূৰ্ণ এখন সৰু চহৰ ইচালকাৰানজিৰ সকলো তৃতীয় লিংগৰ সংগ্ৰামৰ কৰুণ গাথা শীতলৰ কথাৰ মাজেৰে প্ৰকাশ পাইছে। ঘৰত, স্কুলত কলেজত, কৰ্মস্থানত, আবাসিক অঞ্চলত-সকলোতে সংগ্ৰাম কৰিবলগা হয়।

ঘৰত চলি থকা প্ৰতিক্ৰিয়াৰ পৰিসীমা অবিশ্বাসৰ পৰা খঙলৈ, অস্বীকাৰৰ পৰা বলপূৰ্বক বিবাহ পাশত আবদ্ধ কৰালৈ আগবাঢ়িল। ছাকিনা (মহিলা হিচাপে দি লোৱা এটা নাম)ই যেতিয়া ছোৱালী হোৱাৰ ইচ্ছা থকাৰ কথা ক'লে, কিন্তু তেঁওলোকে ছাকিনাক (পৰিয়ালৰ মতে ল'ৰাটোক এজনী ছোৱালী বিয়া পাতি দিবলৈ জোৰ দিলে। সমাজৰ কলংকৰ ভয়ত ছাকিনাই ২৭ বছৰ বয়সত বিবাহ পাশত আবদ্ধ হ'ল। নেহৰু নগৰৰ বস্তিত থকাৰ সময়ত পুৰুষ হৈ থাকে।

'কেতিয়াবা হিজৰা সম্প্ৰদায়ৰ উৎসৱ থাকিলে মই শাৰী পিন্ধি গোপনে যাওঁ। কিন্তু ঘৰত মই পিতৃ, স্বামী হিচাপে থাকিব লাগে। মহিলা হিচাপে থকাৰ মোৰ ইচ্ছা মই পূৰণ কৰিব নোৱাৰো। মই দ্বৈত জীৱন যাপন কৰিছো। মোৰ মনত মই মহিলা আৰু বাহিৰত পুৰুষ।' সম্প্ৰতি ৩৩ বছৰীয়া ছাকিনাই ক'লে। 

Radhika with her family
PHOTO • Minaj Latkar
Radhika getting ready in a traditional saree and jewellery for her daily round of the markets to ask for money
PHOTO • Minaj Latkar

ৰাধিকা গোসাইৰ মাতৃ সুমন (বহি থকা, বাঁওফালে) ঘৰত কাম কৰে আৰু ভঙা-চিঙা বস্তু সংগ্ৰহ কৰে। তেঁও ক'লে 'মোৰ ল'ৰাক মই কেনেকৈ ঘৰৰ পৰা উলিয়াই দিব পাৰো? '

ছাকিনাৰ দৰে সুনীতা (আচল নাম নহয়, বয়স ৩০ বছৰ) ই পৰিয়ালে ঠিক কৰা বিয়া বন্ধ কৰিবলৈ সক্ষম হৈছিল। কিন্তু ছাকিনাৰ দৰে তেৱো পুৰুষৰ দৰে থাকিবলগা হৈছিল। কিন্তু মহিলা হৈ থকাৰ অভিজ্ঞতা তেঁও লাভ কৰিবপৰা নাই। সুনীতাই নিজৰ পৰিয়ালক তেঁওৰ কথা ক'বলৈ কেতিয়াও সাহস গোটাব নোৱাৰিলে। তেঁওৰ পিতৃ এগৰাকী দোকানী, মাতৃ ঘৰুৱা সামগ্ৰী নিৰ্মাতা। 'বিবাহ পাশত আবদ্ধ হ'বলৈ ঘৰৰ পৰা মোৰ ওপৰত চাপ দিছিল, কিন্তু মই আন এগৰাকী মহিলাৰ জীৱন ধ্বংস কৰিব নিবিচাৰিলো। সেয়ে মই ঘৰ এৰি যোৱাৰ সিদ্ধান্ত ল'লো। আমাৰ (মাৰাঠা)সম্প্ৰদায়ৰ কোনো লোকে যদি জানিব পাৰে, যে মই তৃতীয় লিংগৰ, তেন্তে পৰিয়ালৰ সন্মানত আঘাত লাগিব। মোৰ ভনীহঁতৰ বিয়া নহ'ব, পৰিয়ালটোৰ বহুত অসুবিধা হ'ব। আনে কি ক'ব ভাবি উদ্বিগ্নতাত দিন কটাব লাগিব, সেই কাৰণে মই ঘৰ এৰি যোৱাৰ সিদ্ধান্ত ল'লো।'

ঘৰ এৰি যোৱাৰ সময়ত সুনীতাৰ বয়স আছিল ২৫ বছৰ। নেহৰু নগৰৰ বস্তিত এটা কোঠা ভাড়াত ল'লে। 'তেতিয়াৰে পৰা মই মোৰ নিচিনা বহুত মানুহ লগ পালো।' জীৱিকাৰ কাৰণে তেঁওলোকে ভিক্ষা কৰিব লগা হয়। কোনেও কামত লগাব নিবিচাৰে বা ভাড়ালৈ ঘৰ নিদিয়ে। তেঁওলোকৰ দুখ-কষ্ট দেখি মই শাৰী পিন্ধিবলৈ সাহস নকৰিলো। কিন্তু এনেকৈ জীয়াই থকাও বৰ অসুবিধাজনক।' তেঁও ক'লে।

কিছুমান পৰিয়ালেহে কিছু পৰিমাণে গ্ৰহণ কৰে। বৰ্তমান ২৫ বছৰীয়া ৰাধিকা গোসাইৰ যেতিয়া ১৩ বছৰ হৈছিল (বেটুপাতৰ একেবাৰে ওপৰৰ ছবি) তেতিয়া বুজিব পাৰিলে যে তেঁও তৃতীয় লিংগৰ। তেঁওৰ মাতৃ আৰু দুই ভনীয়ে তেঁও ইচ্ছাত বাধা দিছিল। ভঙা লোহাৰ ব্যৱসায়ী পিতৃৰ দহ বছৰ বয়সতে মৃত্যু হৈছিল।

'মই চুলি বেণী গুঠি মাৰ নিচিনাকৈ খোপা বান্ধিব বিচাৰিছিলো। মোৰ ভণ্টীহতৰ দৰে কাপোৰ পিন্ধিবলৈ ভাল পাও, ফোট ল'বলৈ, কাজল সানিবলৈ, লিপষ্টিক লগাবলৈ ভাল পাও। ভণ্টীহঁতৰ নিচিনাকৈ ঘৰুৱা কাম কৰি ভাল পাইছিলো। কিন্তু কিয় মই এনেকৈ ভাল লাগে, মই বুজা নাছিলো।' ৰাধিকা (আগতে সন্দীপ নামেৰে জানিছিল)ও বৰ্তমান নেহৰু নগৰত থাকে। তেঁও কয়, 'মই প্ৰথমতে মোৰ মাক ক'লো যে মই ছোৱালীৰ নিচিনাকৈ থাকিব বিচাৰো। মায়ে খুব ভয় খালে। মায়ে খুব কান্দিলে। ভণ্টীহঁতে ক'লে যে আমাৰ ঘৰত তয়ে একমাত্ৰ ল'ৰা, গতিকে ল'ৰাৰ দৰে থাকিব লাগিব। বিয়া পাতি ল'ব লাগিব আৰু ঘৰলৈ এগৰাকী বোৱাৰী আনিব লাগিব। এটা কাম বিচাৰি ল। এইবিলাক দায়িত্ব বাদ দি তই কিয় মুৰত কিছুমান মুৰ্খৰ নিচিনা ধাৰণা সুমোৱাই লৈছ বুলি ভণ্টীহঁতে ক'লে। কিয় শাৰী পিন্ধাৰ কথা ভাবিছ? আমাৰ সম্পৰ্কীয় মানুহে মাক ক'লে 'তাক ঘৰ এৰি যাবলৈ ক'ব লাগে। সি যেতিয়া ঘৰ এৰি গৈ কান্দি-কাতি ঘুৰি ফুৰিব লগা হ'ব, তাৰ পিচত ঠিক-ঠাক হৈ ঘূৰি আহিব।'

ৰাধিকাই বাধা দিলে, 'মই মাক ক'লো যে মই ঘৰ এৰি যাম। ভঙা-চিঙা সামগ্ৰী গোটাই জীৱন নিৰ্বাহ কৰা মাতৃ সুনে এই কথাত অতি দুখ পালে। 'মোৰ ল'ৰাক মই কেনেকৈ ঘৰৰ পৰা উলিয়াই দিম? কোনে তাক সহায় কৰিব? উলিয়াই দিলে বেয়া সংগ ল'ব। সেই কাম কৰাৰ বিপৰীতে আমাৰ সম্পৰ্কীয় মানুহ আৰু প্ৰতিবেশীৰ ককৰ্থনা মই সহ্য কৰিম। সি মোৰ লগতে ঘৰত থাকিব। সঁচাকৈয়ে আমাৰ সম্পৰ্কীয় লোক আৰু প্ৰতিবেশীয়ে আমাক সমালোচনা-ককৰ্থনা কৰিবলৈ ধৰিলে। মই সকলো সহ্য কৰি গ'লো।' ৰাধিকাৰ মাতৃ সুমনে সাক্ষাতকালত মোক ক'লে।

Aliya Sheikh
PHOTO • Minaj Latkar

আলিয়াৰ ল'ৰা-ছোৱালী আনৰ আগত তেঁওক এইদৰে গ্ৰহণ কৰিবলৈ লজ্জাবোধ কৰে।

'মোৰ ভাতৃয়ে ক'লে যে তই মোৰ ভাতৃ বুলি আনৰ আগত চিনাকী নিদিবি। মোৰ বাই-ভনীহঁতৰ বিয়া হৈ গৈছে যদিও সিহতৰ ঘৰত হোৱা কোনো উৎসৱ আদিলৈ মই কেতিয়াও যোৱা নাই। সিহতেও নিবিচাৰে। আমাক কোনেও মানুহ বুলি নাভাৱে।' জীয়াই ভিক্ষা কৰা আলিয়াই ক'লে। 

আলিয়া শ্বেখ পৰিয়ালৰ সৈতে নেহৰু নগৰত থাকে। আলিয়াৰ দুজন ভাতৃ, এজনে কাপোৰৰ মিলত কাম কৰে। আনজনে কাপোৰৰ দোকানত কাম কৰে। সিহঁতে আলিয়াৰ চিনাকি আনৰ আগত দিবলৈ লাজ পায়, কাৰণ তেঁও তৃতীয় লিংগৰ। আমি লগ পাওতে তেঁও ৰমজানৰ বাবে ৰোজা ৰাখিছে কিন্তু ভিক্ষা খুজিবলৈ ওলাই গৈছে বুলি ডাঙৰ ককায়েকে ক'লে। 'মোৰ জ্যেষ্ঠ ভাতৃয়ে ক'লে যে তই আমাৰ ভাই বুলি কাকো চিনাকি নিদিবি। মোৰ ভনীহঁতৰ বিয়া হৈ গৈছে। কিন্তু সিহতৰ ঘৰৰ কোনো কাম-সকামত মই গৈ পোৱা নাই, সিহঁতেও নিবিচাৰে।' আলিয়াই ক'লে।

ঘৰুৱা অশান্তি আৰু হতাশাৰ মাজতে শিক্ষা গ্ৰহণৰ সংগ্ৰামত নামিবলগা হ'ল। শিক্ষা লাভ কৰিব পাৰিলে মৰ্যাদা সহকাৰে জীয়াই থাকিবলৈ উপাৰ্জন কৰিব পৰা যাব। শীতলে যেতিয়া ১৬ বছৰ বয়সত ঘৰ এৰিছিল, তেতিয়া দ্বাদশ শ্ৰেণীলৈকে পঢ়িছিল। 'মই আৰু পঢ়িব বিচাৰিছিলো। মোৰো আত্মসন্মানবোধ আছে। বুদ্ধিমত্তা আছে। অসহায় মানুহৰ নিচিনাকৈ ভিক্ষা কৰি ঘূৰিবলৈ ভাল নালাগে। পঢ়া-শুনা কৰি কাৰ্যালয়ত চাকৰি কৰিবলৈ মোৰ ইচ্ছা আছিল।' তেঁও ক'লে।

পুৰুষৰ দৰে থকা ছাকিনাই (তৃতীয় লিংগৰ দৰে নাথাকে) মাৰাঠী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ উপৰি বিএড ডিগ্ৰীও ল'বলৈ সক্ষম হ'ল। তেঁও অধ্যয়ন কৰা বিশ্ববিদ্যালয়ৰ নাম প্ৰকাশ নকৰিলে)।

কিন্তু সেয়া আছিল কঠোৰ সংগ্ৰাম। কলেজত পঢ়িবলৈ ছাকিনাক টকাৰ দৰকাৰ হৈছিল। সেয়ে কেইবছৰমানৰ কাৰণে তেঁও যৌন ব্যৱসায়ত জড়িত হৈছিল। কলেজৰ একাংশ বন্ধুৱে এই কথা জানিছিল আৰু সিহতৰ সৈতে যৌন কাৰ্যত জড়িত নহ'লে মোৰ কথা প্ৰকাশ কৰাৰ ভাবুকি দিছিল। কিছুমান শিক্ষকেও খালি শ্ৰেণীকোঠালৈ মাতি লৈ গৈ যৌনকাৰ্যত লিপ্ত হোৱাৰ দাবী কৰিছিল। 'মই যদিও মহিলাৰ দৰে সাজ-পোচাক নিপিন্ধো, তথাপি মোৰ মাত-কথা আৰু আচৰণে বুজাই দিছিল যে মই তৃতীয় লিংগৰ। এনে হাৰাশাস্তিৰ বাবে মই শ্বাসৰুদ্ধ হৈ পৰিছিলো আৰু আত্মহত্যাৰ কথা প্ৰায় ভাবিছিলো। তিনিজনী বাই-ভনীৰ বিয়াত দেউতা (বৃত্তিত ৰাজমিস্ত্ৰী) ধৰুৱা হৈ পৰিছিল। যৌন ব্যৱসায়ত জড়িত হৈ পোৱা টকাৰে মই মোৰ শিক্ষা সম্পূৰ্ণ কৰিলো। কি কৰিম? মানুহে আমাক যৌনকৰ্মী বুলি ভাবে।' তেঁও ক'লে।

ইচালকাৰানজিৰ এটা স্বেচ্ছামূলক সংগঠনৰ লগত ছাকিনাই কাম কৰি আছে। এইচআইভি পজিটিভ আৰু যক্ষ্মাৰোগীক এই সংগঠনটোৱে সহায় কৰে। তেঁও মাহে ৯ হাজাৰ টকা উপাৰ্জন কৰে। 

Some shopkeepers drive them away from the shops and curse them. These three shopkeepers were harassing Radhika with lewd behaviour and driving her away from the shop
PHOTO • Minaj Latkar

দোকানীবোৰে আঁতৰি যাবলৈ কয়। আমি সকলো সহ্য কৰো, কাৰণ খাবৰ কাৰণে উপাৰ্জন কৰিব লাগিব। ৰাধিকাই ক'লে। 

ৰাধিকাৰ ক্ষেত্ৰত ঘৰত গ্ৰহণ কৰিলেও কাম বিচাৰি পোৱা কঠিন হৈ পৰিল। তৃতীয় মানলৈ পঢ়াৰ পিচতে স্কুল এৰি দিব লগা হ'ল। দেউতাকৰ দৰে লোহা-প্লাষ্টিক বা আন সামগ্ৰী বুটলি বিক্ৰী কৰে বা ইটাভাটাত কাম কৰে। '১৬-১৭ বছৰমান বয়সত মই শাৰী পিন্ধিবলৈ আৰম্ভ কৰিলো। মানুহে মোক কাম নিদিয়া হ'ল।' তেঁও ক'লে। সেইকাৰণে এতিয়া দৈনিক ৮০-১০০ খন দোকানত পইচা ভিক্ষা কৰি ঘূৰি ফুৰে। দোকানীয়ে এটকাৰ পৰা ১০ টকাৰ ভিতৰত দিয়ে। পূৱা ১০ বজাৰ পৰা সন্ধিয়া ৭ বজা পৰ্যন্ত ভিক্ষা কৰে। ভিক্ষা কৰি ১২৫ টকামান পায়, সেই টকা পৰিয়ালৰে উপাৰ্জনৰ লগত যোগ হয়।

 সুনীতাই কাম এটা পালে। ইচালকাৰানজিৰ এখন ৰেষ্টুৰেণ্টত বাচন ধোৱা আৰু চাফা কৰা কাম কৰিব লাগে। ইয়াৰ বাবদ দুসাজ আহাৰ আৰু দৈনিক ৫০ টকা পায়। ইয়াৰ বাবে তেঁও তৃতীয় লিংগৰ পৰিচয় বাদ দিবলগা হ'ল। সৰু ব্যৱসায় আৰম্ভ কৰিবলৈ তেঁও এজন বন্ধুৰ পৰা ২৫ হাজাৰ টকা ঋণলৈ লৈছে। (সকলো বিৱৰণ দিব নিবিচাৰিলে, কাৰণ সেই অঞ্চলৰ মানুহেই তেঁওৰ দোকানখন চিনাক্ত কৰিব।)

জীয়াই থাকিবলৈ কি পন্থা অৱলম্বন কৰা হৈছে, সেয়া বেলেগ অধ্যায়, কিন্তু হাৰাশাস্তি আৰু বৈষম্যৰ পৰা ৰেহাই নাপালে। কিছুমান মানুহে ভাবে আমাৰ স্বৰ্গীয় শক্তি আছে, সেয়ে আমাৰ ভৰি স্পৰ্শ কৰে, কিন্তু বহুতেই আমাক হাৰাশাস্তি কৰে। ৰাধিকাই ক'লে। 'দোকানীবোৰে আমাক প্ৰায়ে আঁতৰি যাবলৈ কয়। খাবৰ বাবে উপাৰ্জন কৰিবৰ কাৰণে আমি সকলো শুনি যাও। আমি ৰ'দে-গৰমে ঘূৰি ফুৰো, খুব বেচি ১৫০ টকা উপাৰ্জন কৰো। সৰু চহৰ এখনত মানুহে আমাক কিমান দিব? আমি ভিক্ষা কৰি ভাল নাপাও, কিন্তু মানুহে আমাক কাম কৰিবলৈ নিদিয়ে। ক'ৰবালৈ যাবলগীয়া হ'লে ৰিক্সাৱালাই আমাক নিব নিবিচাৰে, বাছ-ৰেলত আন মানুহে আমাক অস্পৃশ্যৰ দৰে ব্যৱহাৰ কৰে। আমাৰ কাষত কোনো নবহে বা থিয় নহয়, আমি যেন অপশক্তিহে, আমালৈ তেনেকৈ মানুহে চাই থাকে। এনেকৈ সদায় জীয়াই থকা বা সহ্য কৰা বৰ কঠিন। সেই কাৰণেই আমাৰ লিংগৰ বহুতে ধুমপান বা সুৰাপান কৰে।'

বহুক্ষেত্ৰত আৰক্ষীয়ে সহায় কৰাৰ পৰিৱৰ্তে হাৰাশাস্তি বেচিকৈ কৰে। তেঁও থকা অঞ্চলটোৰ ডেকা ল'ৰাই হাৰাশাস্তি কৰাৰ অভিযোগ দিওতে আৰক্ষীয়ে অভিযোগ ল'বলৈ অস্বীকাৰ কৰে বুলি শীতলে কয়। তদুপৰি আৰক্ষীয়ে ঘোচ বিচাৰিলে। আৰক্ষী থানালৈ যোৱা সম্পৰ্কে শীতলে কয়, 'আৰক্ষীয়ে মোক ক'লে- 'তহতহে ল'ৰাবোৰৰ পিচত লাগি থাক'। তহতে আনৰ পৰা বলপূৰ্বক ধন আদায় কৰি লব।' যদি তৃতীয় লিংগৰ লোকসকল যৌনকৰ্মী হয়, তেন্তে ঘোচৰ পৰিমান বাঢ়ি যায়। তাৰ উপৰি জেলত ভৰোৱাৰ ভাবুকি দিয়ে। পুলিচে কয়, 'তহত যৌনকৰ্মী, তহতে মানুহক হাৰাশাস্তি কৰ', তহতক কোনে হাৰাশাস্তি কৰিব?' শীতলে কয়। 

Radhika Gosavi walking through the market street on a very sunny afternoon
PHOTO • Minaj Latkar

ৰাধিকাই ৮০-১০০ খন দোকানত পইচা ভিক্ষা কৰি ঘুৰি ফুৰিছে। পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ ভিক্ষা কৰি খুব বেছি ১২৫ টকা উপাৰ্জন কৰে। 

অন্ততঃ কাগজে-পত্ৰই হ'লেও কিছুমান পৰিৱৰ্তনৰ কথা-বতৰা চলি আছে। ২০১৬ত Transgender Persons (Protection of Rights) বিধেয়কে লোকসভাত অনুমোদন লাভ কৰিছিল আৰু এতিয়াও কাৰ্যকৰী হ'বলৈ বাকী আছে। বিধেয়কখনত তৃতীয় লিংগৰ সুকীয়া পৰিচয় দিছে 'অনান্য' হিচাপে। লগতে প্ৰতিজন ভাৰতীয় নাগৰিকে লাভ কৰা সকলো সাংবিধানিক অধিকাৰ লাভ কৰিবলৈ সক্ষম হ'ব বুলি কোৱা হৈছে। অনান্য চৰ্তৰ ভিতৰত আছে ৰাজ্য চৰকাৰৰ সকলো পৰ্যায়ৰ শিক্ষানুষ্ঠানত দুই শতাংশ আসন সংৰক্ষিত হ'ব তথা বিশেষ নিয়োগ বিনিময় কেন্দ্ৰ স্থাপন কৰা হ'ব, তথা তৃতীয় লিংগৰ লোকৰ বিৰুদ্ধে ঘৃণা-অৱমাননাকাৰী বা উদ্ৰেককাৰী বক্তব্য কৰা সকলৰ বিৰুদ্ধেও শাস্তি প্ৰদানৰ ব্যৱস্থা থাকিব বুলি বিধেয়কত উল্লেখ আছিল।

ইচালকাৰানজিত ২০১৮ৰ মে' মাহত ইয়াত পৌৰসভাই তৃতীয় লিংগৰ কল্যাণৰ কাৰণে ২৫ লাখ টকা ব্যয় কৰাৰ সিদ্ধান্ত লৈছিল (এতিয়া কাৰ্যকৰী হোৱা নাই) বুলি পৌৰসভাৰ মুখ্য বিষয়া প্ৰশান্ত ৰাচালে জনায়।

তৃতীয় লিংগৰ লোকসকলক ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড দিবলৈ ৰাচাল আৰু অধিবক্তা দিলছাদ মুজাৱাৰে প্ৰচেষ্টা চলাই আছে। এতিয়ালৈকে ৬০ খন ৰেচন কাৰ্ড ইচ্ছ্যু হৈছে। সমস্যা হ'ল যে তৃতীয় লিংগৰ লোকে নাম সলনি কৰি লয় আৰু তেঁওলোকৰ স্থায়ী ঠিকনা নাই। তেঁওলোকে চিনাক্তকৰণৰ তথ্যপাতি দাখিল কৰিবলৈ সক্ষম নহয়। ইয়াৰ অবিহনে তেঁওলোকে চৰকাৰী আঁচনিৰ সা-সুবিধা লাভ কৰা সম্ভৱ নহয়।

একে কাৰণতে তেঁওলোকৰ সংখ্যাও জনা নাযায়। ইচালকাৰানজিত তেঁওলোকৰ এইচ আই ভি এইডছ সম্পৰ্কে সজাগতা বৃদ্ধি তথা প্ৰতিৰোধ কৰাৰ বাবে কাম কৰা এনজিঅ''মৈত্ৰী'ৰ মতে চহৰখনত ২৫০ তৃতীয় লিংগৰ লোক আছে।

এইসকলে বা আন বহুতেই মৰ্যাদা সহকাৰে জীয়াই থাকিবলৈ সংগ্ৰাম কৰিবলগা হৈছে। আলিয়াই কয়, 'আমাক কোনেও মানুহ বুলি নাভাবে।'

তৃতীয় লিংগৰ লোকৰ সৈতে যোগাযোগ সম্ভৱ কৰাই দিয়াৰ বাবে মই অধিবক্তা দিলছাদ মুজাৱাৰক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। লগতে ফটোগ্ৰাফীৰ বাবে সংকেত জৈন আৰু এই লেখাৰ বাবে সাক্ষাতকাৰ দিয়াসকলকো ধন্যবাদ জ্ঞাপন কৰিছো।

অনুবাদঃ পংকজ দাস 

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Minaj Latkar

Minaj Latkar is an independent journalist. She is doing an MA in Gender Studies at the Savitribai Phule University, Pune. This article is part of her work as an intern at PARI.

Other stories by Minaj Latkar