কঠিন মুখমণ্ডলৰ ওখ আৰু ক্ষীণ মাছমৰীয়া মহিলাই কুলতালি নামৰ সুন্দৰবনৰ হাবিৰ মাজৰ দ্বীপটোৰ মাজেৰে পাৰ হোৱা পানীত ডুব যোৱা সুৰ্যটোৰ পিনে চাই ৰৈছে, অনিমা মণ্ডল ক্ষুব্ধ। তাই পুৱাৰপৰা একো খোৱা নাই।

তাই কুলতালি ফৰেষ্ট ৰেঞ্জৰ বিট অফিচাৰে ২০১৫ বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ১৪ তাৰিখে আবেলি ২ বজাত কুলতালিস্থিত ফৰেষ্ট ৰেঞ্জৰ কাৰ্যালয়ৰ চৌহদত পতা বৈঠকখনৰ বাবে আহিছিল। প্ৰায় ৫০ গৰাকীৰো অধিক মহিলা আৰু কেইজনমান পুৰুষে এই গুৰুত্বপূৰ্ণ বৈঠকখনত ভাগ ল'বলৈ আহিছিল। তেওঁলোকৰ দুটা মূল দাবী আছিল তেওঁলোকৰ পৰা জব্দ কৰা মাছ ধৰা নাওবোৰ (ডিঙা) ঘুৰাই দিয়া আৰু মহিলাক পাৰম্পৰিক ক্ষুদ্ৰ মৎস্যকৰ্মী হিচাপে স্বীকৃতি দিয়াৰ লগতে জীৱিকাৰ বাবে মাছমৰাৰ তেওঁলোকক অধিকাৰ প্ৰদান কৰা।

কুলতালি মহিলা ডোঙা মৎস্যজীৱি সমিতিৰ উদ্যোগত মহিলাসকলে মধ্য গুৰগুডিয়া গাঁৱৰ পৰা বহুদুৰ বাট খোজকাঢ়ি, তক্তা লগোৱা চাইকেল চলাই আৰু নাৱেৰে আলোচনাত ভাগ ল'বলৈ আহিছে।



এতিয়া আবেলি পাঁচ বাজি গৈছে। ডিঙাত উঠি কেইগৰাকীমান মহিলাই ঘৰমুৱা হৈছে, কিছুমানে ঘৰত এৰি অহা ল'ৰা-ছোৱালীৰ খুওৱাৰ বাবে আৰু যতন লোৱাৰ বাবে লৰা-ঢপৰা কৰিছে, আন কিছুমানে আকৌ গিৰীয়েকৰ খং উঠিব বুলিয়ে ভয়তে লৰা-লৰি কৰিছে। তাৰে মাজৰ কিছুমানে দলটোক প্ৰতিনিধিত্ব কৰি বন বিভাগৰ পৰা সঁহাৰি পোৱাৰ বাবে দৃঢ়প্ৰতিজ্ঞ হৈ ৰৈছে।   

তেওঁলোকে চৌহদটোতে ঘুৰি ফুৰিছে, এটা শেলুৱৈ ধৰা পুখুৰীৰ পাৰলৈ আহিছে। তাতেই তেওঁলোকৰ জব্দ কৰি থোৱা তাল গছৰ ঢকুনাৰ নৌকাবোৰ দম কৰি থোৱা আছে। তেওঁলোকৰ খং উঠিল, নৌকাবোৰৰ পৰা ছালবোৰ এৰাই পানীত মিলি গৈছে। "আমাৰ ডিঙাবোৰ ভাঙি পেলোৱা হৈছে আৰু সিবোৰ পানীত পেলাই দিয়া হৈছে। এই পানীত লাখ টকা (উপঙি) আছে," গীতা চাহু নামৰ মাছমৰীয়া মহিলাগৰাকীয়ে মৃদু সুৰত ক'লে। তাইৰ মনত আক্ৰোশৰ ভাৱ, তাইৰ কাষত থকাবোৰৰো একেই মনোভাৱ, এতিয়াও অপেক্ষাৰত।

একমাত্ৰ সম্বল

কথা-বতৰাৰ মাজতে তাল গছৰ ঢকুৱাৰে নিৰ্মিত নৌকাবোৰ বনাওতে হোৱা খৰছৰ কথা ওলাল। কেনেদৰে সিবোৰ তাল গছৰ পৰা কাটি উলিওৱা হ'ল, সেইবোৰৰ হাতুৰী-বটালীৰ কামত কিমান হাজিৰা দিবলগা হ'ল, কয়লা আৰু তাৰেৰ লেও দিয়াত কিমান খৰছ হ'ল- এই আটাইবোৰ মিলাই প্ৰায় ৫ হাজাৰমানৰ হিচাব এটা ওলাল। নৌকা এখন জব্দ কৰাৰ ফলত সেই নৌকাখন নতুনকৈ তৈয়াৰ কৰাৰ খৰছ তেওঁলোকৰ মুৰতে পৰে। "এই ধন গোটাওতে তেওঁলোকক দুইৰ পৰা তিনি মাহৰ সময়ৰ প্ৰয়োজন হ'ব পাৰে। বন বিভাগে অনুমোদন দিয়া কাঠৰ নাৱৰ খৰছ মহঙা," মাছমৰীয়া মহিলা বীণা বাগে কথাখিনি বুজাই ক'লে।     

সিহতে আৰু অলপ দুৰলৈ গৈ গছৰ মাজত পেলাই থোৱা কেইখনমান ডিঙা দেখিবলৈ পালে। সেইবোৰ তেতিয়াও মজবুত হৈয়ে আছিল। মাছমৰীয়াবোৰে মাছ-কেকোৰা আদি ধৰাৰ বাব নৌকা আৰু ডিঙাই একমাত্ৰ সম্বল, সেয়াই জীৱিকা আৰ্জনৰ একমাত্ৰ উপায়। এই কথাতেই অনিমাৰ খঙ চুলিৰ আগ পায়গৈঃ "কিয় আমাৰ নৌকাবোৰ জব্দ কৰে আৰু আমাৰ পেটত গোৰ মাৰে? আমাৰ কোনো দৰমহা নাই, আপুনি জানেই। এয়া কলকাতা চহৰ নহয়, য'ত প্ৰত্যেক মাহতে মানুহে কিবা নহয় কিবা উপাৰ্জন কৰে আৰু বেংকত জমা থয়। ৰান্ধিবলৈ কোনেও মোক মোনাভৰ্তি পাচলি আনি নিদিয়ে। জীৱনটো ইয়াতে ভিন্ন।"



 

জীৱনৰ ডুখৰীয়া ছবি

দৰাচলতে সুন্দৰবনত জীৱনৰ স্পষ্ট তফাৎ আছে। অনিমাকে ধৰি অইন মাছমৰীয়াসকলৰ দিন কাহিলীপুৱা তিনি বজাতে আৰম্ভ হয়। ঘৰৰ কাম কৰাৰ পিছত তেওঁলোকে নৌকা লৈ নৈলৈ যায়। মাছ-কেকোৰা আদি ধৰাৰ বাবে তেওঁলোকে শীতল আৰু বুকুৰ সমান পানীত নামে। মাছ ধৰা হোৱাৰ পিছত তেওঁলোকে ঘৰলৈ উভতি সেয়া ৰান্ধে আৰু ল'ৰা-ছোৱালীক খুৱায়। ইয়াৰে পিছতে তেওঁলোক কেকোৰা আৰু মাছ জমা দিয়াৰ বাবে যায়। মহিলাসকলে ইয়ালৈ তেওঁলোকে ধৰা মাছ-কেকোৰা বিক্ৰী কৰি কেইটামান টকাৰ পোৱাৰ আশা কৰি আহে। ইয়াৰে ভালেখিনি তেওঁলোকৰ ঘৰুৱা সা-খৰছৰ নামত যাব, মাছ মাৰোতে হোৱা খৰছৰ নামত যাব(যদিহে কিবা যাব), আৰু অলপ সপ্তাহটোৰ কম ভাল দিনৰ বাবে সাঁচোতে যাব। ইয়াৰে সম্প্ৰদায়বোৰৰ প্ৰায়ভাগেই দ্বিতীয় অথবা তৃতীয় প্ৰজন্মৰ ভূমিহীন মাছমৰীয়া পৰিয়ালৰ। তেওঁলোক জীৱিকাৰ বাবে সম্পুৰ্ণৰূপে মাছ মৰাৰ ওপৰত নিৰ্ভৰ কৰে। আৰু সেয়ে সিহতে কি আৰ্জে তাৰ ওপৰতে বজাৰত কি কিনিব সেয়া নিৰ্ভৰ কৰে।

উপায়হীন

অনিমাৰ বয়স তেতিয়া ১০ কি ১২ বছৰ আছিল যেতিয়া তাইৰ বিয়া হৈছিল। ষ্ট্ৰোক হৈ তাই গিৰীয়েক অলপতে ঢুকাইছে। "ইয়াতে ভাল হস্পিতাল এখন নাই। আনকি গৰ্ভৱতী মহিলাইয়ো জয়ানগৰস্থিত হস্পিতাললৈ দুঘণ্টাৰ বাট বুলিব লাগে," হতাশা আৰু উত্তেজনামিশ্ৰিত মাতেৰে তাই ক'লে। সময়ৰ সোঁতত সুন্দৰবনত জনসংখ্যা কমি আহিছে, মূলতঃ ভাল জীৱিকাৰ বাবে প্ৰায়ভাগেই চহৰত নিৰ্মাণ খণ্ডত শ্ৰমিকৰ কাম কৰাৰ বাবে ঢাপলি মেলিছে অথবা মুনাফাৰ বাবে বাঘ মাৰিবলৈ লৈছে।



সুন্দৰবনত প্ৰস্তাৱিত পৰ্যটনৰ প্ৰকল্পবোৰত মহিলাসকলৰ কোনোধৰণৰ অংশ নথকাতো তেওঁলোকৰ বাবে দুখৰ বিষয়। "আমাক কিয় সিহতে পৰ্যটনৰ প্ৰকল্পবোৰত সামৰি নলয়? ইয়ে আমাক ভাল কাম দিব আৰু ভাল জীৱন দিব। আমাক কোনোৱেই (ধনাত্মকভাৱে) কাম দিব নোখোজে। এই ধৰক ডাঙৰ নাওবোৰে আমাৰ দৰেই মাছ আৰু কেকোৰা ধৰে, কিন্তু বন বিভাগে আমাৰ পিছহে লয়।"

মাছধৰাৰ বাবে চাৰ্টিফিকেট

জীৱনটো যদি কঠিন হৈ নপৰে, তেন্তে বন বিভাগে তেওঁলোকৰ নৌকা জব্দ কৰি সেয়া কঠিন কৰি তোলাটো নিশ্চিত কৰে। নৌকাবোৰত বন বিভাগে জাৰি কৰা নাৱৰ অনুজ্ঞাপত্ৰ (বোট লাইচেঞ্চ চাৰ্টিফিকেট চমুকৈ বিএচি) নথকাৰ বাবে তেওঁলোকক সুন্দৰবনত চৰিবলৈ দিয়া নহয়। কুলতালি সুন্দৰবন সংৰক্ষিত বনাঞ্চলৰ ভিতৰত পৰে। বিএলচি নথকাৰ ফলত এনেদৰে নিজৰ মাটিতে মাছমৰীয়াবোৰে মাছ-কেকোৰা ধৰাটো নিষিদ্ধ হৈ পৰে।

বিএলচিৰ ভালেমান আঁসোৱাহ আছে, ইয়াৰে ভিতৰত এটা হৈছে স্থানান্তৰৰ অযোগ্য। যিসকল ইতিমধ্যে মাছমৰীয়া হৈ থকা নাই, তেওঁলোকৰ বিএলচি এৰি নিদিয়াৰ ফলত এখন ক'লা বজাৰৰ সৃষ্টি হৈছে। তদুপৰি নতুনকৈ অনুজ্ঞাপত্ৰও জাৰি কৰা হোৱা নাই। ইণ্টাৰনেশ্যনেল কালেক্টিভ ইন চাপোৰ্ট অব ফিশ্বৱৰ্কাৰ্চ (আইচিএছএফ) য়ে চলোৱা এক অধ্যয়নত এই সমস্যাসমূহৰ বিষয়ে বিশদ বিৱৰণ প্ৰকাশ পাইছে। মৎস্যকৰ্মীসকলক বাধা দিয়াৰ বাবে বন বিভাগে তেওঁলোকৰ মাছ মৰা নাওবোৰ জব্দ কৰি লয়। নৈৰ পাৰৰ বালিত আইনা মিহলি কৰি দিম বুলি ভাবুকি দিয়ে (যিহেতু সিহতে খালি ভৰি ফুৰে) যাতে সিহতে নৈলে মাছ মাৰিবলৈ নাযায়।



"বনৰ ওপৰত নিৰ্ভৰ কৰা মাছমৰীয়াসকলৰ সামূহিক অধিকাৰ বৰ্খাস্ত কৰি বন বিভাগে বন অধিকাৰ (আইন ফৰেষ্ট ৰাইটচ এক্টচমুকৈ এফআৰএ) ভংগ কৰিছে," দক্ষিণবংগ মৎস্যজীৱি ফৰামৰ সচিব প্ৰদীপ চেটাৰ্জীয়ে কয়। বন অধিকাৰ আইন হৈছে বনত বাস কৰা লোকৰ প্ৰৱেশধিকাৰকে ধৰি তেওঁলোকৰ গৃহভূমিৰ জৈৱবৈচিত্ৰতাৰ বহনক্ষম ব্যৱহাৰ আৰু সংৰক্ষণ সুনিশ্চিত কৰা।

তেওঁ কয় যে বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো পশ্চিম বংগ চৰকাৰে নৰ্থ আৰু চাউথ ২৪ পাৰাগানাচ জিলাত এফআৰএৰ সূচনা দিয়া নাইঃ "উক্ত আইনখন সূচনা নকৰাৰ ফলত মাছমৰীয়া, বনমৌ সংগ্ৰাহক, শুকান খৰি সংগ্ৰাহক, শেল সংগ্ৰাহককে ধৰি বনৰ ওপৰত নিৰ্ভৰশীল লোকৰ জীৱিকাৰ অধিকাৰৰ পৰা বঞ্চনা কৰা হৈছে, ইয়াৰ ফলত বন বিভাগৰ লগত সংঘাতৰ সৃষ্টি হৈছে। এফআৰএ কাৰ্যকৰ কৰিলে মাছমৰীয়াসকলে বিএলচি নোহোৱাকৈ কেকোৰা ধৰিব পাৰিব।"

আশা আৰু জয়

সন্ধ্যা ৬ বজাৰ অলপ পাছতে বিট অফিছাৰজন ওলালহি। তেওঁ মহিলা ডোঙা সমিতি আৰু দক্ষিণবংগ মৎস্যজীৱি ফৰামৰ সদস্যসকলৰ সৈতে আলোচনাত বহিল। বন বিষয়াজনে ক'লে যে চোৰাং চিকাৰত সেই নৌকাবোৰ ব্যৱহাৰ হোৱাৰ অভিযোগ উঠা বাবেই সেইবোৰ জব্দ কৰা হৈছে। আকৌ মহিলাসকলে যুক্তি আগবঢ়াইছে যে চোৰাং চিকাৰত নৌকাৰ ব্যৱহাৰৰ ঘটনা ক'ৰবাত ক'ৰবাতহে ঘটিছে। তাৰ বাবে গোটেই মাছমৰীয়া সম্প্ৰদায়টোক শাস্তি দিয়াটো অনুচিত।



তেওঁলোকে চোৰাং চিকাৰৰ ক্ষেত্ৰত বন বিভাগৰ চোৰাংচোৱা হিচাপে কাম কৰাৰ প্ৰতিশ্ৰুতি দিলে, কিন্তু তাৰ লগতে মাছ মৰাৰ বাবে নৌকাবোৰৰ ব্যৱহাৰৰ বাবে তেওঁলোকৰ অধিকাৰৰ বাবেও জোৰ দিলে। বিট অফিছাৰজনে আগন্তুক তিনিমাহৰ বাবে নৌকা জব্দ নকৰাৰ প্ৰতিশ্ৰুতি দিলে। এই সময়চোৱাত নৌকাৰ চলাচল নীৰিক্ষণ কৰা হ'ব বুলিও তেওঁ জনালে। উৰ্ধতম কৰ্তৃপক্ষৰ সৈতে বনৰ ওপৰত নিৰ্ভৰশীল সম্প্ৰদায়ৰ অধিকাৰৰ বিষয়টো আলোচনা কৰাৰ বাবেও তেওঁ সন্মত হ'ল।

তেওঁ যেতিয়া ক'লে যে মাছমৰীয়াই বাঘৰ এলেকাত সোমোৱাৰ পিছত হোৱা মৃত্যুৰ বাবদ চৰকাৰে কিয় ক্ষতিপুৰণ দিব লাগে, তেতিয়া তেওঁক সিহতে মনত পেলাই দিলে যে মাছমৰীয়াই স্বেচ্ছাই বাঘৰ এলেকাত প্ৰৱেশ নকৰে, পেটৰ ভাতমুঠিৰ তাড়নাতে তেওঁলোকে সেয়া কৰিবলগা হয়।  

আলোচনা শেষ হোৱাৰ সময়লৈকে নিশা হ'ল। অস্থায়ী হ'লেও মহিলাসকলে এই জয়ক লৈ আনন্দিত হোৱা দেখা গ'ল। সিহতে এখন নৌকাত উঠিল আৰু সুন্দৰবনৰ ঘনক'লা পানীৰ মাজলৈ যাত্ৰা আৰম্ব কৰিলে। অনিমাই সেই স্থিৰ পানী আৰু ঘৰমুৱা বাটলৈ ৰ লাগি চাই ৰ'ল।

লেখিকা চাউথ চলিডেৰিটি ইনিচিয়েটিভৰ এগৰাকী গৱেষক তথা সাংবাদিক। 

ফটো সৌজন্যঃ দক্ষিণবংগ মৎস্যজীৱি ফৰাম

অনুবাদকঃ ৰশ্মি ৰেখা দাস

ৰশ্মিৰেখা দাস এগৰাকী সাংবাদিক তথা অসমীয়া অনলাইন বাতৰিৰ প’ৰ্টেল newsnextone.com ৰ ৱেব এডিটৰ। তেখেতৰ মেইল আইডি হৈছে

উৰ্বশী চৰকাৰ এগৰাকী মুক্ত সাংবাদিক আৰু ২০১৬ বৰ্ষৰ পৰি সদস্য।

Other stories by Urvashi Sarkar