তাঁতশালৰ ছন্দোময় খট্ খট্ শব্দৰ মাজতে আলাগিৰি চামিয়ে কথাবোৰ ক’বলৈ ধৰিলে, বাৰ্ধক্যৰ চাপ পৰা তেওঁৰ মুখখনত খোলা হাঁহি। ‘সিহঁতে কোৱা মতে আমি পাঁচশ বছৰ আগতে ইয়ালৈ আহি আমাৰ শিল্প প্ৰতিষ্ঠাৰ বাবে নৈৰ পাৰত থিতাপি লৈছিলোঁ,’ তেওঁ কয়। ‘বোধহয় আমি ইয়ালৈ মাছৰ সন্ধানত আহিছিলোঁ।’  

কুথামপুল্লী গাঁৱৰ তাঁতশালৰ সেই ঘৰটোত ১২ খন তাঁতশাল এটা শাৰীত লগোৱা আছিল। ৮৫ বৰ্ষীয় চামিয়ে তাতেই কাম কৰে। ঘৰটোৰ কাষে কাষে মালাপ্পুৰম আৰু কুইম্ব’টৰৰ পৰা অনা কপাহী সূতাৰ এসোপামান বাণ্ডিল ওলমাই থোৱা আছে। দীঘে দীঘে সূতাবোৰ শুকাবলৈ মেলি দিয়া আছে, মীনাৰ সূতাবোৰ ঠৰঙা কৰি ৰাখিবলৈ সেয়া মাৰত ডুবাই থোৱা আছে। সোণালী পটি দিয়া বগা ধুতি আৰু হাতী, ময়ুৰ আদি বিভিন্ন আকৃতিৰ ফুল তোলা শাৰীবোৰ গ্ৰাহকলৈ বুলি চকুত পৰাকৈ সজাই থোৱা আছে।              

সেই তাঁতশালৰ ঘৰটো চামিৰ পৰিয়ালৰ। তাৰে গাতে লাগি এখন হস্ততাঁত শিল্পৰ দোকানো আছে। তেওঁলোক দৈবাংগ চেত্তিয়াৰ জাতিৰ লোক(অনান্য পিছপৰা শ্ৰেণীত ধৰা দৈবাংগ ব্ৰাহ্মণ জাতি বুলি তালিকাভূক্ত)। তেওঁ ভাগীৰথী আম্মাক বিয়া পতাৰ পিছত ১৯৬২ত তামিলনাডুৰ পৰা কুথামপুল্লীলৈ আহিছিল। জনশ্ৰুতি মতে দৈবাংগ জাতিটো কৰ্ণাটকৰ পৰা কেৰেলালৈ ৫০০ বছৰ আগতে আহিছিল। কোচিৰ ৰজাৰ অনুৰোধত ৰাজ পৰিয়ালৰ বাবে পোচাক বোৱাৰ বাবে তেওঁলোক আহিছিল। উত্তৰে ভাৰাথাপুঝা নদীৰ পাৰত আৰু পশ্চিমে গায়াথ্ৰিপুঝা নদীৰ (পুণ্ণামী বুলিও জনা যায়) পাৰত থিতাপি লয়।          

85 year-old Alagir Sami works on a manual weaving machine
PHOTO • Remya Padmadas

আলাগিৰি চামিঃ ‘সিহঁতে কোৱা মতে আমি ৫০০ বছৰ আগত আহি নৈৰ পাৰত নিগাজীকৈ বহি আমাৰ হস্ততাঁত শিল্প আৰম্ভ কৰিছিলোঁ ’

এই শিপিনীসকলে তেওঁলোকৰ শিল্পকলা-কৌশলৰ যোগেদি কেৰেলাৰ পাৰম্পৰিক সাজ-পোচাকলৈ নতুন প্ৰাণৰ সঞ্চাৰ ঘটাইছে। কেৰেলাৰ পাৰম্পৰিক সাজ-পাৰত মুণ্ডু (ধুতি), সেট্টু শাৰী (সোণোৱালী পটিৰ শাৰী) আৰু সেট্টু মুণ্ডু (দুখন পৃথক কাপোৰৰ শাৰী) আদিৰ আৱেশ ঘটিল। সময় বাগৰাৰ লগে লগে থ্ৰিচ্চুৰ জিলাৰ টালাপ্পিল্লী তালুকৰ থিৰুভিলৱামালা পঞ্চায়তৰ অন্তৰ্গত কুথামপুল্লীখন কোচিনৰ পৰা ১৩০ কিলোমিটাৰ দূৰত থাকিও কেৰেলাৰ হস্ততাঁতত বোৱা শাৰী আৰু ধুতিৰ উৎপাদন-বিতৰণৰ কেন্দ্ৰ হৈ পৰিল।     

কুথামপুল্লীৰ শাৰী, ধুতি আৰু সেট্টু মুণ্ডুৱে ভৌগোলিক সূচাংক (জি.আই.) লাভ কৰিছে। এটা সম্প্ৰদায়ৰ পাৰম্পৰিক জ্ঞানক ৰক্ষণাবেক্ষণ দিয়াৰ উদ্দেশ্যে চৰকাৰে জি.আই. স্বীকৃতি দিয়ে। জি.আই. থকা মানে এবিধ পণ্য বা কলাৰ বিশেষ উৎপত্তিস্থল আৰু সেইগুণে বিশেষ মান অথবা খ্যাতি থকাটো বুজায়।  

২৪০০ লোকৰ বসতি থকা (২০১১ৰ লোকপিয়ল মতে) গাওঁখনৰ ১৪০ গৰাকী কুথামপুল্লী হস্ততাঁত ঔদ্যোগিক সমবায় ছ’চাইটিৰ সৈতে জৰিত। ছ’চাইটিখন আংশিকভাৱে চৰকাৰী যিয়ে কেঁচামাল যোগান ধৰে আৰু উৎপাদিত পণ্যৰ বাবে মজুৰি আদায় দিয়ে। আন শিপিনীবোৰে এজন ঘাই-শিপিনীৰ তলত কাম কৰে যিয়ে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ দোকানৰ পৰা অৰ্ডাৰ লয় আৰু কাম সম্পূৰ্ণ কৰাৰ বাবে শিপিনীবোৰক টকা দিয়ে। কিছুমানে গ্ৰাহকৰ পৰা পোনপটীয়াকৈ অৰ্ডাৰ লৈ কাম কৰে। গাওঁখনৰ প্ৰতিগৰাকী শিপিনীৰে ঘৰত এখন বা দুখনকৈ তাঁতশাল আছে। দুই-তিনিটা পৰিয়ালৰ আকৌ ভালেকেইখন তাঁতশাল থকা পৃথকে ঘৰো আছে।     

সকলোৰে আয় মধ্যমীয়া। ‘ইয়াতে কাম কৰা প্ৰায়বোৰৰে বয়স ৭০ৰ অধিক,’ আলাগিৰিৰ ২৪ বৰ্ষীয় নাতিল’ৰা সুৰজিত সৰ্বাননে কয়। ‘কোনো ডিজাইন নথকা এখন সাধাৰণ মুণ্ডু (সাধাৰণতে চাৰি মিটাৰ দীঘল) সম্পূৰ্ণ কৰিবলৈ তেওঁলোকক সম্পূৰ্ণ এটা দিন লাগে।’    

Tools used for weaving
PHOTO • Remya Padmadas
Mani K. who has been in this profession for over 30 years, works on the handloom
PHOTO • Remya Padmadas

শাৰীৰ কাৰণে সূতাবোৰ প্ৰথমে মহুৰাত ফুৰাই লোৱা হৈছে (বাওঁফালে), কুথামপুল্লীত মণি কে-এ ঘৰতে তাঁতশালত বহাৰ প্ৰস্তুতি চলাইছে (সোঁফালে)    

প্ৰতিখন মুণ্ডুৰ বাবদ কুথামপুল্লীৰ শিপিনীয়ে ২০০ৰ পৰা ৪০০ টকা আয় কৰে। এখন ফুল নথকা শাৰীত ৫০০ টকা আৰু ফুল থকা শাৰীৰ দাম ৭৫০ৰ পৰা ২০০০ টকা পৰ্যন্ত হয়। বুটা বচা ধুনীয়া ডিজাইনৰ শাৰী এখন দাম ৪০০০ পৰ্যন্ত হ’ব পাৰে, কিন্তু তাৰ বাবে প্ৰবীণ শিপিনী এজনে ভালেকেইদিন দিনে ৯-১০ ঘণ্টাকৈ কাম কৰিবলগীয়া হয়। ‘যোৱা সপ্তাহত এজন তৰুণ (তুলনামূলকভাৱে) শিপিনী সহায় কৰিবলৈ আহিছিল। তেওঁ ডিজাইনাৰ শাৰী এখন দুদিনতে বোৱা কাম শেষ কৰি ৪০০০ টকা লৈ গুছি গ’ল,’ সুৰজিতে কয়। ‘একেখন শাৰী বওতে ককাৰ আঠ দিন লাগিছিল।’ 

বোৱা-কটা আমাৰ পাৰিবাৰিক ব্যৱসায়- মণি কে.-এ কয়। তেওঁ নিজে যোৱা ডেৰ কুৰি বছৰ এই ব্যৱসায়ত কৰি আহিছে। তাঁতশালত বহাৰ আগেয়ে ভালেখিনি প্ৰস্তুতি চলাবলগীয়া হয়। ‘আমি সৰুতে দেখিছিলো, ককা-আইতাৰ পৰা আৰম্ভ কৰি ল’ৰা-ছোৱালীলৈকে পৰিয়ালটোৰ সকলোৱে মিলি-জুলি বোৱা-কটাৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ ইটো নহয় সিটো কামত জৰিত আছিল।’

স্থানীয় ভাষাত পাভু অৰ্থাৎ মাৰ থকা কপাহী সূতাবোৰ মিলৰ পৰা আহে। ঘৰৰ ডাঙৰবোৰে সেই সূতাবোৰৰ জোঁট ভাঙে আৰু সেয়া তাঁতশালত লগাব পৰাকৈ সাজু কৰে। সূতাবোৰ ৪৪ মিটাৰ পৰ্যন্ত দীঘল হ’ব পাৰে। সেয়ে আগতে সূতাবোৰৰ আউল ভাঙি চিজিল লগোৱা কামটো ৰাস্তাত কৰা হয়। এই কামত সাতজনমান মানুহ লাগে। এইখিনি সময়তে পৰিয়ালৰ মহিলা আৰু ল’ৰা-ছোৱালীয়ে চেৰেকীত সেই মাৰ দিয়া সূতাবোৰ লগায়। এই কামত গোটেই দিনটো লাগে।  

এতিয়া সকলো সলনি হৈছে। পৰিয়ালবোৰ ক্ষুদ্ৰ হৈছে, ল’ৰা-ছোৱালীয়ে এই জীৱিকাৰ প্ৰতি অনীহা প্ৰকাশ কৰিছে আৰু নিপুণ শিপিনীৰ অভাৱত তাঁতশালৰ প্ৰাৰম্ভিক কামখিনিৰ বাবে তামিলনাডুৰ পৰা শ্ৰমিক মগাই অনাবলগীয়া পৰিস্থিতিয়ে দেখা দিছে। ‘তাঁতশালৰ কামৰ বাবে আমি মানুহ মাতি আনো, সিহঁতে পুৱা আহি সন্ধিয়া ৫ বজাত যায়গৈ,’ মণিয়ে কয়। ‘৪০০০ টকাৰ শাৰী এখনত ৩০০০ টকা বাচে। বাকীখিনি হাজিৰা দিওতে যায়। শেষত গৈ আমাৰ হাতলৈ কিমান আহে?’ সেয়ে মণিৰ পৰিয়ালটোত ১৯৯০ৰ চাৰিখন শালৰ পৰা এতিয়া দুখন তাঁতশালহে ৰৈছে।

Stacks of punched cards to be used in the jacquard machine, kept in a corner. Shot inside Mani's house.
PHOTO • Remya Padmadas
The charkha in Mani's home used to spin the kasavu (zari) into smaller rolls
PHOTO • Remya Padmadas
The charkha in Mani's house used to spin the kasavu into smaller rolls
PHOTO • Remya Padmadas

মণি কে.-ৰ ঘৰতঃ জেকাৰ্ড মেচিনত (বাওঁফালে) ফুল বচাৰ কাৰণে আৰ্হি থকা প্লেট আৰু মাৰ দিয়া সূতা সৰু সৰু মহুৰাত ফুৰাবলৈ ব্যৱহাৰ কৰা চেৰেকী (সোঁমাজত আৰু সোঁফালে)    

কুথামপুল্লীৰ বহুতেই স্নাতক উপাধি লাভ কৰিছে আৰু বোৱা-কটাত আগ্ৰহী নহয়, মণিয়ে কয়। তেওঁৰ ল’ৰাজন মেকানিকেল বিভাগৰ অভিযান্ত্ৰিক ডিগ্ৰীধাৰী, থ্ৰিচ্ছুৰৰ কোম্পানী এটাত কাম কৰে। ‘মাহে উপাৰ্জন কৰা (তাঁতশালত বহি) ৬০০০ টকাৰে কৰিব কি?’ তেওঁ প্ৰশ্ন কৰে। ‘সেয়ে এই কামত নতুন চামৰ কোনোৱেই আগ্ৰহী নহয়, সকলোৱে কামৰ সন্ধানত বাহিৰলৈ ওলাই আহিছে।’ 

সুৰজিত নিজেও এগৰাকী অভিযন্তা। তেওঁ বোৱা-কটাৰ কাম নিশিকিলে। এতিয়া পৰিয়ালৰ কাপোৰৰ দোকানখন চলায়। তেওঁৰ পিতৃ কুথামপুল্লী হস্ততাঁত ঔদ্যোগিক সমবায় ছ’চাইটিৰ সচিব। মাকে কুথামপুল্লীত তাঁতশাল চলায়। তেওঁ কয়, ‘যুৱপ্ৰজন্মৰ কোনোৱেই এই পেছা আদৰি ল’বলৈ কোনোপধ্যেই আগ্ৰহী নহয়। অইন কামত আপুনি স্বাধীনভাৱে কাম কৰিব পাৰে আৰু মজুৰি পায়। কিন্তু তাঁতশালৰ কামত আপোনাক আৰম্ভণিৰে পৰা সহায় কৰিবলৈ এটা গোটৰ প্ৰয়োজন হয়। গ্ৰাহকে বিশেষ কোনো এটাৰ ৰঙৰ পোচাকৰ কথা ক’লে আপুনি সেই অনুসাৰে সূতাত ৰং দিব লাগিব আৰু এই কামত মানুহ লাগে। শালখন বওতে যদি সূতা চিগি থাকে, তেতিয়া আপুনি চিগা আটাইবোৰ সূতা জোৰা লগাব লাগি। এই কামত কেতিয়াবা দিনটো লাগি যায় আৰু আপুনি অকলে এই কাম কৰিব নোৱাৰে। আপোনাৰ আৰ্হি চাই কোনোবাই প্লেটবোৰ বনাব লাগিব। জেকাৰ্ডত কিবা আসোঁৱাহ থাকিলে সেয়া যন্ত্ৰবিদেহে ঠিক কৰিব পাৰিব। ইয়াৰে কোনো এটা কামেই আপুনি অকলে কৰিব নোৱাৰে। এয়া দলবদ্ধ কাম আৰু অইনৰ ওপৰত নিৰ্ভৰশীল হৈ কাম কৰাটো অতিকৈ কঠিন।’  

জয়া মণিয়ে তাইৰ গিৰিয়েকৰ সৈতে ঘৰতে দুখন তাঁতশাল চলায়। ‘বোৱা-কটা কামত বহুকেইজন মানুহৰ প্ৰয়োজন হয়,’ জয়াও একে কথাকে দোহাৰে। ‘আমাৰ চুবুৰীয়াই সূতাবোৰ চিজিল লগোৱাত সহায় কৰে, আমিও সিহঁতক সহায় কৰোঁ। সেইখিনি সহায় নহ’লে আমাৰ কাম নচলে।’ জয়া আৰু তাইৰ গিৰিয়েক হস্ততাঁত ছ’চাইটিৰ সৈতে জৰিত। তেওঁলোক দুজনৰ মাহে ১৮ হাজাৰৰ পৰা ২৫ হাজাৰ টকা উপাৰ্জন হয়।

গাওঁখনত জয়াৰ দৰে কেইজনমানহে মহিলা শিপিনী আছে। ‘বেছিভাগ মহিলাই বস্ত্ৰশিল্পৰ দোকানতে কাম কৰে, তাতে কাম কৰা সহজ আৰু অকলেই কৰিব পাৰে,’ তাই কয়। ‘মোৰ ল’ৰা-ছোৱালী এই শিল্পৰ প্ৰতি আগ্ৰহী নহয়। মোৰ ছোৱালীজনীয়ে বোৱা-কটা জানে যদিও সেই কামত লাগিলে ঘৰত আন কাম কৰিবলৈ সময় নাপাব। মোৰ ল’ৰাৰ মুঠেই মন নাই আৰু দোকান এখনত কাম কৰে। আৰু তাক দোষ দিওঁনো কেনেকৈ? এই ব্যৱসায় লাভজনক নহয়।’

Jaya Mani works on a loom in her home. In the dying light of the setting sun, the threads on her loom glow faintly.
PHOTO • Remya Padmadas
The roller of a handloom in Kuthampully, over which 4,000 to 4,500 threads of yarn are strung.
PHOTO • Remya Padmadas

বাওঁফালেঃ কুথামপুল্লী গাঁৱত আঙুলিৰ মুৰত লেখিব পৰা শিপিনী মহিলাসকলৰ মাজৰ এগৰাকী হৈছে জয়া মণি। সোঁফালেঃ তাঁতশাল এখনৰ গাৰীডালত ৪-৫ হাজাৰ সূতা মেৰিওৱাই থোৱা আছে 

হাতে বোৱা বস্ত্ৰশিল্পৰ পতনৰ আন এক কাৰণ হৈছে প্ৰযুক্তিগতভাৱে আগবঢ়া বিদ্যুতচালিত তাঁতশালৰ প্ৰসাৰ। এনে উন্নতমানৰ তাঁতশালে কম সময়তে চকুত লগা ডিজাইনৰ শাৰী বব পাৰে, দামো সস্তা। হস্ততাঁত ছ’চাইটিৰ কৰ্মচাৰীয়ে জনায় যে কুথামপুল্লীৰ বিপণিবোৰত গ্ৰাহকক দেখুৱাবলৈ ৰখা শতকৰা আশীভাগ শাৰীয়েই তামিলনাডুৰ বিদ্যুতচালিত তাঁতশালত বোৱা।

‘মেচিনত এদিনত ৫-৬খন শাৰী বব পাৰি, আৰু গোটেই ৰাতি কাম কৰিলে ১০ খন পৰ্যন্ত শাৰী বব পাৰি। একে সময়তে এজনে চাৰিখনকৈ বিদ্যুতচালিত তাঁতশাল তদাৰক কৰিব পাৰে। গোটেই প্ৰক্ৰিয়াটো কম্পিউটাৰাইজ কৰা থাকে,’ সুৰজিতে কয়। ‘এখন তাঁতশালত এজনে এবাৰত মাত্ৰ এখনহে শাৰী বব পাৰে। হাতে-বোৱা শাৰী এখনৰ নামত ২০০০ টকা খৰছ হয়, যিখন বিদ্যুতচালিত তাঁতশালত ৪০০ টকাতে বব পাৰি।’

তেনেহ’লে মানুহে হাতে-বোৱা শাৰী আৰু মুণ্ডু কিনে কিয়? গুণাগুণ- তেওঁ উত্তৰ দিয়ে। ‘হস্ততাঁতৰ শাৰীখন তেনেই কোমল আৰু পিন্ধিলে গাত থকা যেনেই নালাগে। কিন্তু মেচিনত বোৱা কাপোৰবোৰৰ কাৰণে বেলেগ ধৰণৰ সূতা ব্যৱহাৰ কৰা হয়। তাতেই জগতৰ গুণৰ পাৰ্থক্য আহি পৰে। তাৰোপৰি হস্ততাঁতৰ শাৰীবোৰ বেছিদিন টিকে।’ 

The entrance to a shed in Kuthampully, where weaving takes place.
PHOTO • Remya Padmadas
Settu sarees in a handloom shop in Kuthampully
PHOTO • Remya Padmadas

সোঁফালেঃ তাঁতঘৰলৈ সোমোৱা প্ৰৱেশদ্বাৰ। বাওঁফালেঃ কুথামপুল্লীৰ কাপোৰৰ দোকানত বিক্ৰীৰ বাবে সাজু কৰি থোৱা সেট্টু শাৰী 

চাহিদাৰ বাবে হাতে-বোৱা শাৰী বই শিপিনীয়ে ইয়াতে কোনোমতে জীৱিকা নিৰ্বাহ কৰিব পাৰে যদিও ২০১৮ৰ আগস্তত কেৰেলাত হোৱা প্ৰলয়ংকাৰী বানে উদ্যোগটোক কঁকাল ভাঙি পেলায়। কুথামপুল্লী হস্ততাঁত ঔদ্যোগিক সমবায় ছ’চাইটিৰ প্ৰশাসনিক কৰ্মচাৰী ঐশ্বৰ্য্য এছ-এ কয় যে বেপাৰীক ধাৰলৈ দিয়া ১ কোটি টকাৰো অধিক মূল্যৰ ষ্টক গ্ৰাহকৰ অভাৱত ঘূৰাই দিয়া হৈছিল। বিক্ৰী নোহোৱা ইমান মূল্যৰ ষ্টক হাতত থকাৰ ফলত বাধ্য হৈ ছ’চাইটিয়ে ঋণ লৈ ১৪০ গৰাকী শিপিনীৰ প্ৰাপ্য আদায় দিবলগীয়া হৈছিল। উল্লেখ্য যে আগস্ত মাহটোতে কেৰেলাৰ আটাইতকৈ জনপ্ৰিয় উৎসৱ অনাম উদযাপিত হয়, সেইখিনি সময়তে পাৰম্পৰিক সাজ-পোচাক সৰ্বাধিক বিক্ৰী হয়। পিছত ছ’চাইটিয়ে ৰেহাই মূল্যত শাৰীবোৰ বিক্ৰী কৰিবলগীয়া হয়। ঐশ্বৰ্যই কোৱা মতে সেই ষ্টকৰ বিক্ৰী এতিয়াও শেষ হোৱা নাই।

অৱশ্যে কুথামপুল্লীত বানৰ পৰা হোৱা ক্ষতিৰ পৰিণাম কম আছিল। ‘বানে আমাৰ বেছি ক্ষতি কৰা নাছিল,’ আলাগিৰি চামিয়ে কয়। ‘আমাৰ চহৰখনৰ দুকাষে দুখন নদী আছে আৰু পানীয়ে এটা ফালেহে ক্ষতিসাধন কৰিছিল, কিন্তু কোনো গুৰুতৰ ক্ষয়-ক্ষতি হোৱা নাছিল।’

ৰাজ্যখনত বান পৰিস্থিতি শাম কটাৰ পিছত হস্ততাঁত ছ’চাইটিয়ে কেৰেলাৰ পোচাকক সুকীয়া মৰ্যাদা প্ৰদান কৰা মদৰুৱা ৰঙৰ আৰু সোণালী শাৰীৰ পৰিৱৰ্তে ৰঙীন শাৰী বোৱাৰ সিদ্ধান্ত ল’লে। এনে ৰঙীন শাৰীবোৰ বিভিন্ন উৎসৱত বিক্ৰী হয়। তেওঁলোকৰ মতে ৰঙীন শাৰীবোৰৰ চাহিদা গোটেই বছৰটো থাকে। গাঁৱৰ বহুতো শিপিনীয়ে এই সিদ্ধান্তৰ প্ৰতিবাদ কৰিছিল। ‘ইয়াৰে প্ৰায়ভাগ শিপিনীয়ে সত্তৰোৰ্ধৰ, চকুৰে কম দেখে। ৰঙীন শাৰীত কাম বেছি, সময় আৰু মনযোগো বেছি দিবলগীয়া হয়,’ ঐশ্বৰ্যই কয়। ‘কিন্তু উদ্যোগটো বাচি থাকিবলৈ আমি এয়া কৰিবই লাগিব। কি হ’ব সেয়া সময়ৰ ওপৰত এৰিছোঁ।’     

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Remya Padmadas

Remya Padmadas is an independent journalist based in Benglauru and Kerala. She has previously worked with Reuters as a business correspondent. Her dream is to travel the world and become a teller of stories.

Other stories by Remya Padmadas