অলপ আগতে শংকৰ অত্ৰামে তীক্ষ্ণ ধাৰাল চুৰিকটাৰী, গজাল, লোহাৰ জালি, এটা পুৰণা হেলমেট আৰু খোৱাতেল ৰখা টিনৰ বাকচ এটা ল’লে। নিজৰ মুখমণ্ডল আৰু মুৰটো ঢাকিবলৈ তেঁও জালি লগোৱা হেলমেট সাজিলে। টিনৰ বাকচটো কাটি খুলি পেলালে আৰু তাৰে গাটো আগুৰিব পৰাকৈ কৱচ সাজিলে। তেনেদৰে চুৰিকটাৰী গলাই গলৰ কাৰণে পটি এডাল সাজিলে আৰু তাৰে ওপৰত ৰবৰ আৰু কাপোৰেৰে মেৰিয়াই ল’লে। পটিডালত গজালকেইটামান বাহিৰৰ ফালে মুখ কৰি লগাই ল’লে। লগতে পিঠিৰফালে গোলাকাৰ প্লেট এখন ওলমাই ল’লে। ইয়ে তেঁওৰ পিঠিৰফালে দেখাত এখন 'মুখ’ এখন থকাৰ দৰে লাগে। 'মানুহে মোক ঠাট্টা কৰে, মইহে জানো,’ তেঁও কয়।  

অত্ৰাম কোনো যুদ্ধলৈ যোৱা নাই। তেঁও গৰু চৰাবলৈ হাবিলৈ গ’লে এই কৱচ পিন্ধি যায়। ৩০০ জনসংখ্যাৰ (২০১১ৰ লোকপিয়ল মতে) বৰাটি গাঁৱত গোটেই জীৱনটো গৰু চৰাই জীৱিকা নিৰ্বাহ কৰা অত্ৰামেই একমাত্ৰ লোক। গাঁওখন পশ্চিম বিদৰ্ভৰ য়াভাতমাল জিলাৰ ৰালেগাঁও তহচিলৰ কপাহ উৎপাদন ক্ষেত্ৰত পৰে। 

  * * * * *

২০১৬ৰ মাৰ্চ মাহৰ পিছত বৰাটি আৰু তাৰে আশে-পাশে থকা এলেকাত ১২ জনৰো অধিক লোকক বাঘে মাৰিছে, বহুলোক আঘাতপ্ৰাপ্ত হৈছে, পশুধনৰো ক্ষয়-ক্ষতি হৈছে। এই জিলাখন কৃষকৰ আত্মহত্যাৰ বাবে কুখ্যাত। 

খুবেই বিপজ্জনক টি-১ বাঘিনী যাক অৱনী বুলিও জনা যায়, তাই কপাহ খেতি আৰু হাবি-জংঘলে আগুৰা ৰালেগাঁৱৰ ৫০ বৰ্গকিলোমিটাৰ এলেকাত বিচৰণ কৰি ফুৰিছে। ঠাইখন ক্ষুদ্ৰ আৰু মধ্যমীয়া জলসিঞ্চনৰ পৰিকল্পনা থকা ওখোৰা-মোখোৰা। 

টি-১ৰ বিষয়ে জনামতে বাঘিনীজনীয়ে বৰাটিকে ধৰি চৌপাশৰ এলেকাৰ ১২ খন গাঁৱৰ ১৩ জন লোকক হত্যা কৰে। ফলত মহাৰাষ্ট্ৰ বন বিভাগৰ বিষয়াসকলে তাইক ধৰাৰ বাবে এক দুৰ্গম অভিযান আৰম্ভ কৰিবলগীয়া হয়। ২০১৮ৰ ১ ছেপ্তেম্বৰ মাহৰ পৰা এই অভিযান আৰম্ভ হয়। কিন্তু বন বিষয়াসকলে দীৰ্ঘদিন ধৰি টি-১ক ধৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল। প্ৰায় দুটা বছৰ ধৰি বন বিভাগৰ চকুত ধূলি মাৰি বাঘিনীজনীয়ে ধৰা দিয়া নাছিল। ৰাইজ আৰু ৰাজনৈতিক হেঁচা বাঢ়ি গ’ল। ইফালে মানুহৰ নিৰাশা আৰু দুশ্চিন্তাও বাঢ়িল। 

Maharashtra's  forest officials launched the complex operation
PHOTO • Jaideep Hardikar

মহাৰাষ্ট্ৰৰ বন বিভাগৰ বিষয়াসকলে টি-১ক ধৰাৰ বাবে ১ ছেপ্তেম্বৰৰ পৰা এক দুৰ্গম অভিযান আৰম্ভ কৰে 

বিদৰ্ভত ২০০৮ৰ পৰা বাঘৰ আক্ৰমণত প্ৰতিবছৰে ৩০-৪০ জন লোকৰ মৃত্যু হৈছে। বহুকেইটা বাঘৰ মৃত্যু হৈছে, স্থানীয় লোকে মাৰিছে নাইবা সংগঠিত ৰূপত চিকাৰ কৰা হৈছে আৰু কিছুক্ষেত্ৰত যেতিয়া মানুহৰ বাবে বাঘ বিপজ্জনক হৈ পৰিছে, তেতিয়া বন বিভাগৰ দ্বাৰা মাৰি পেলোৱা হৈছে। 

এই অভিযানত ২০০ৰো অধিক বনকৰ্মী চামিল হৈছিল, গোটেই অঞ্চলটোত ৯০ টা কেমেৰা লগোৱা হৈছিল আৰু বাঘিনীজনীক ধৰাৰ কাৰণে বন্যপ্ৰাণী শাখাৰ মুৰব্বীকে ধৰি হায়দৰাবাদৰ তীক্ষ্ণ নিচানবাজে নিজা গোট লৈ আহি বাহৰ পাতি আছিল। 

মহাৰাষ্ট্ৰ বন বিভাগৰ বন্যপ্ৰাণী বিভাগৰ দ্বাৰা প্ৰকাশিত তথ্য অনুসৰি বিদৰ্ভত ২০০৮ৰ পৰা এতিয়ালৈ প্ৰতিবছৰে ৩০-৪০ জন লোকৰ বাঘৰ আক্ৰমণত মৃত্যু ঘটে। সংঘাতৰ কেন্দ্ৰস্থল হৈছে বিদৰ্ভৰ বিভাজিত বনাঞ্চলবোৰ। 

ভালেকেইটা বাঘৰ মৃত্যুও ঘটিছে। কেতিয়াবা স্থানীয় লোকৰ হাতত, কেতিয়াবা আকৌ সংগঠিত ৰূপত কৰা চিকাৰত। কিছু ক্ষেত্ৰত যেতিয়া মানুহৰ বাবে বাঘ বিপজ্জনক হৈ পৰিছে, তেতিয়া বন বিভাগে মাৰি পেলোৱা হৈছে।  

টি-১ও বিভীষিকাৰ কাৰণ হৈ পৰিছিল, তাই মানুহৰ তেজৰ সোৱাদ পাইছিল, ২ নবেম্বৰৰ দিনা তাইক মাৰি পেলোৱা হয় (চাওকঃ টি-১ বাঘিনীৰ বিচৰণভূমিতঃ হত্যাৰ বৃত্তান্ত

গৰখীয়া আৰু তেওঁ নিজহাতে তৈয়াৰ কৰা কৱচ 

মানুহৰ মাজত বৰ্দ্ধিত ক্ষোভ আৰু বিভীষিকা দেখি বন বিভাগে টি-১ য়ে চিকাৰৰ সন্ধানত ঘুৰি ফুৰা অঞ্চলটোত ছেপ্তেম্বৰ মাহৰ পৰা গৰখীয়াৰ সৈতে এজন চকীদাৰ মোতায়েন কৰিছে। অত্ৰামে গৰু চৰাবলৈ গ’লে লগত হাতত লাঠি লোৱা গাৰ্ডজন থাকে। 

'মই খেতিয়কহে, কিন্তু বন বিষয়া এজনে মোক এই চাকৰিত দিলে, মই সোমাই দিলো,’ পাণ্ডুৰংগ মেশ্ৰামে কয়। তেঁও হাতত লাঠি লৈ পুৱা ১০ বজাৰ পৰা সন্ধ্যা ৬ বজালৈ অত্ৰাম আৰু তেঁওৰ গৰু-ছাগলীৰ 'ৰক্ষক’ হিচাপে থাকে। 

Shankar Atram starts his day by herding the village cattle into the neighbouring forests for grazing; keeping him company now is his bodyguard Pandurang Meshram, who walks behind the caravan
PHOTO • Jaideep Hardikar
Pandurang Meshram in the cattle shed
PHOTO • Jaideep Hardikar

অত্ৰামে গাঁৱৰ গৰু-ছাগলী চৰোৱাৰ কাৰণে সদায় হাবিলৈ যায়, লগত ৰক্ষকৰ ভূমিকাত থাকে হাতত লাঠি লোৱা পাণ্ডুৰংগ মেশ্ৰাম (বাওফালে)

মেশ্ৰামৰ ঘৰ পিপলচেণ্ডা গাঁৱত, তেঁও বৰাটিৰ পৰা প্ৰায় চাৰি কিলোমিটাৰমান দুৰত থাকে। তাতেই টি-১য়ে ২০১৮ৰ ২৮ আগস্তৰ দিনা গৰু চৰাবলৈ যোৱা নাগৌৰাও ঝুনঘাৰে নামৰ গৰখীয়াজনক মাৰি পেলাইছিল। বৰাটিৰ আশে-পাশে থকা গাঁওবোৰৰ সেইটো তৃতীয়টো মৃত্যুৰ ঘটনা আছিল যিয়ে সকলোকে আতংকিত কৰি পেলাইছিল আৰু মানুহৰ মাজত ক্ষোভৰ উদগীৰণ ঘটিছিল। সেই কাৰণে ৰাজ্যৰ বন বিষয়াই বাঘিনীজনীক মাৰি পেলোৱাৰ নিৰ্দেশ দিছিল। 

'তেঁও (অত্ৰাম) হাবিত ভয়তে গছৰ ওপৰত উঠি থাকে আৰু দিনটো তাতেই বহি থাকে,' মেশ্ৰামে কয়। 'আমি দুয়ো একেলগে থাকো, তাতে আকৌ বন বিভাগৰ অইন কৰ্মচাৰী নিয়মিত অহা-যোৱা কৰি থাকে, সেয়ে তেঁও নিৰাপদ অনুভৱ কৰে।'

নিজা গাৰ্ড পোৱাক লৈ অত্ৰাম এফালে যেনেদৰে সুখী আনফালে আকৌ মনত বিৰোধভাৱো নথকা নহয়। গাঁৱৰ মানুহে তেঁওক ঠাট্টা কৰে। মেশ্ৰাম এজন জমীনদাৰ হোৱাৰ বিপৰীতে অত্ৰাম এজন ভূমিহীন গঞা। অত্ৰামৰ সুৰক্ষাৰ কাৰণে গাৰ্ডে মাহে ৯ হাজাৰ টকা পায়, গৰু চৰোৱা অত্ৰামৰ উপাৰ্জনতকৈ বহু বেছি। দুখ মনেৰে অত্ৰামে আমাক কয়, 'চৰকাৰক আমাকো বেতন দিবলৈ কওক, মোৰ ভয়টোৰে আলম লৈ সকলোৱে ধন ঘটিছে আৰু আমাৰ দৰে মানুহক বাঘৰ মুখলৈ ঠেলি দিয়া হৈছে!'

বাঘৰ পৰা বাচিবলৈ অত্ৰামে কৰা দিহা

হাবিত নিতৌ যাবলগীয়া হোৱা অত্ৰামে নিজকে বাঘৰ পৰা বচাই ৰাখিবলৈ নিজৰ ভনীজোৱায়েক পৰা কিছু আৰু নিৰ্মাণ স্থলীত কাম কৰা আগৰ শ্ৰমিকৰ পৰা এটা হালধীয়া হেলমেট ল'লে। বাকী সামগ্ৰী চুবুৰীয়াৰ পৰা সংগ্ৰহ কৰিলে। 

ইয়াতেই তেঁওৰ যোগাৰ শেষ হোৱা নাই। তেঁওৰ তাত মোটা লোৰ জালেৰে তৈয়াৰী পায়জামাও আছে, কিন্তু তেঁও সেয়া হাবিতে লুকাই ৰাখে। কিয়? 'সেয়া পিন্ধিলে ল'ৰা-ছোৱালীবোৰে মোক দেখি হাঁহে,' তেঁও লাজ লাজকৈ ক'লে। 

বাঘৰ সাম্ভাব্য আক্ৰমণৰ পৰা নিজকে বচাবলৈ অত্ৰামে খুব ভাবি-চিন্তি প্ৰতিবিধ সামগ্ৰী সাজিছে। কিন্তু বাঘে যদি পিছফালৰ পৰা আক্ৰমণ কৰে, তেতিয়া? যদি বাঘে তেঁওৰ ভৰিত কামুৰি ধৰে, তেতিয়া? যদি বাকীবোৰক মৰাৰ দৰে ডিঙিতে কামুৰি ধৰে, তেতিয়া কি কৰা যাব? যদি হাতোৰাৰে মুৰতে খামুচি ধৰে তেতিয়া, তেতিয়া কৰি কৰা যাব বাৰু?

Shankar Atram  in his protective gear at his home. Atram’s wife Sulochana and his daughter, Diksha, smile at him as he wears his ‘Jugaad’.
PHOTO • Jaideep Hardikar

বাঘৰ সাম্ভাব্য আক্ৰমণৰ পৰা বচাবলৈ শংকিত অত্ৰামে নিৰ্মাণকাৰ্যত ব্যৱহাৰ হোৱা পুৰণা হালধীয়া ৰঙৰ হেলমেট এটা, তীক্ষ্ণ ধাৰাল এখন ডাঙৰ চুৰীকটাৰী, গজাল, লোহাৰ জালি, খোৱাতেলৰ এটা টিনৰ বাকচ, এখন ঘুৰণীয়া প্লেট আৰু অইন সামগ্ৰীৰে কৱচ সাজিছে। 'মানুহে মোক দেখি হাঁহে, মই জানো,' তেঁও কয়। তেঁওৰ পত্নি আৰু ল'ৰা-ছোৱালীও আচৰিত, কিন্তু ভীতিগ্ৰস্তও। 

'মই সকলো পৰিস্থিতিৰ কথাই ভাবিছো,' খেলৰ ৰণনীতিৰ দৰে অত্ৰামে কথাবোৰ কৈ গ'ল। 'মই ভাবো যে নিজৰ নিৰাপত্তাৰ বাবেই এইবোৰ সামগ্ৰী প্ৰয়োজন হ'ব। একো নহলেও এইবোৰ পিন্ধি মই অন্ততঃ সুৰক্ষিত অনুভৱ কৰোঁ।'

কৱচ তৈয়াৰ কৰা এবছৰেই হ'ল, তেঁও ইটোৰ পিছত সিটো জোৰা দি গ'ল। এইখিনি সময়ত তেঁও দুবাৰ বাঘৰ সৈতে মুখামুখি হৈছে, এবাৰ ২০১৬ত আৰু তাৰে পিছৰ বছৰত এবাৰ। প্ৰতিবাৰেই তেঁও প্ৰাৰ্থনা কৰে আৰু পলাই যায়। 

বাঘৰ সৈতে প্ৰথমবাৰ মুখামুখি

অত্ৰামে এটা পূৰ্ণবিকশিত বাঘৰ সৈতে প্ৰথমবাৰ মুখামুখি হৈছিল ২০১৭ৰ মে মাহত। বিশাল জন্তুটো গৰু চৰোৱা ঠাইৰ পৰা কিছু দুৰতে থিয় দি আছিল। 'মই ভয়ত বিতত হৈ পৰিছিলো,' সেই দিনটোৰ কথা মনত পেলাই তেঁও ক'লে। 'গাঁৱৰ মানুহে কোৱা কাহিনীবোৰ মোৰ মনলৈ আহিবলৈ ধৰিলে- কেনেদৰে মানুহৰ তেজ সেই বাঘৰ প্ৰিয় আছিল, সি নৰখাদক হৈ উঠিব পাৰে, পিছফালৰ পৰা আক্ৰমণ কৰিব পাৰে।'

অত্ৰামৰ হাতত কেৱল এটাই উপায় আছিল, তেঁও গছ এডালত উঠিলগৈ। তাতে কেবাঘণ্টাও বহি থাকিল, নিজৰ জীৱনটোৰ কাৰণে প্ৰাৰ্থনা কৰি থাকিল। তলত বাঘটোৱে এজনী গাইগৰু মৰাৰ পিছত তাতেই বহি থাকিল। বাঘটোৱে যেতিয়া চিকাৰটো হাবিৰ মাজলৈ চোঁচৰাই নি লৈ গ'ল, তেতিয়া ৪৫ বৰ্ষীয় অত্ৰামে গছৰ পৰা তললৈ জপিয়াই গৰুৰ জাকটো তাতে এৰি তৰানৰা চিঙি দৌৰি গাঁৱৰ ফালে দৌৰিলে। 

Shankar Atram in his protective gear outside his cattleshed
PHOTO • Jaideep Hardikar

গোটেই গা আগুৰা কৱচ পিন্ধি গোহালিৰ কাষত 

'মই জীৱনত কাহানিও ইমান বেগাই দৌৰা নাছিলো, সিদিনা যিমান বেগাই দৌৰিছিলো,' তেঁও নিজৰ পত্নি সুলৌচনা আৰু জীয়ৰী দিশা (১৮)আৰু বৈষ্ণৱী (১৫)ৰ ফালে চাই, অকণ ইতস্ততঃবোধ কৰি হাঁহি ক'লে। সিদিনা যে অত্ৰামে মৃত্যুৰ দুৱাৰডলিৰ পৰা উভতি আহিছিল, সেই কথা জানিও সিহতকেইটাও তেনেদৰেই হাঁহিলে। ঘৰ পায়েই তেঁও এটা কোঠালীৰ জুপুৰীটোত সোমাই দুৱাৰ জপাই দিলে, তাতে গৰু ৰখাৰ কাৰণে চালি দিয়া এখন বাৰান্দা আছে। গোটেই ৰাতি তেঁও বাহিৰ নোলাল। তেঁও ভয়তে হেনো কঁপি আছিল। 

'অজি লগিত মোঠঠা হৌতা জী (সেইটো খুবেই ডাঙৰ বাঘ আছিল),' তেঁও মাৰাঠী ভাষাৰ বৰহাডী উপভাষাত ক'লে। তেঁওৰ কথাত ব্যংগ আছে, কিন্তু সাহস নাই। তেঁও কি ভয়ত বিতত হৈ আছিল নেকি? 'মংগ কা জী!' [তাৰপিছত কি আৰু]। তেঁওৰ জীয়ৰীকেইজনীয়ে খিলখিলাই হাঁহি দিলে। 

বাঘৰ সৈতে মানুহৰ বাঢ়ি অহা সংঘাত

মহাৰাষ্ট্ৰৰ সুদুৰ পূৰ্বাঞ্চলত বিদৰ্ভৰ হাবিত বাঘৰ সৈতে অত্ৰামৰ মুখামুখি হোৱা ঘটনাই মানুহৰ সৈতে বাঘৰ বৰ্ধিত সংঘাতৰেই চিন।

এয়া এক শেহতীয়া ঘটনা। বৰাটিৰ এগৰাকী অনুভৱী কৃষক সিদ্ধাৰ্থ দুধেই কয়। তেঁও বনকৰ্মী হিচাপে দিনহাজিৰা কৰে। টিপেশ্বৰ অভয়াৰণ্যৰ দৰে এলেকাৰ পৰা বাঘ এই এলেকালৈ আহিব পাৰে, যিখন ঠাই বৰাটিৰ পৰা ১০০ কিলোমিটাৰ দক্ষিণ-পশ্চিম দিশত আছে। 'মানুহৰ মাজত ভয় আছে, উত্তেজনা আছে, চাপ আছে,' তেঁও কয়।(চাওক বাঘিনী টি-১ৰ আক্ৰমণ আৰু আতংকৰ চিন)

য়াভাতমাল জিলাৰ জোপোহা আৰু সুৰসুৰীয়া হাবি থকা গাঁৱেৰে ভৰি আছে। বাট হেৰুওৱা বাঘে গাঁৱৰ মানুহক আৰু পশু-পক্ষীক সহজেই লক্ষ্য কৰি লয়। বনকৰ্মী মেশ্ৰামে অত্ৰামৰ ঘৰত আমাক কয়। 'আমাৰ গাঁৱৰ আশে-পাশে এতিয়া টি-১ক দেখা পোৱা নাই,' তেঁও কয়। 'কিন্তু আমি যেতিয়া বাঘটো ক'ত আছে জানিবলৈ পাও, তেতিয়া আমি নজৰ ৰাখো আৰু গঞাক সতৰ্ক কৰি দিও।'

এই সংঘাতৰ ঘাইকৈ দুটা কাৰণত হৈছে, মহাৰাষ্ট্ৰৰ মুখ্য বন সংৰক্ষক প্ৰমুখ (বন্যপ্ৰাণী) অশোক কুমাৰ মিশ্ৰাই কয়ঃ 'এফালে সংগঠিত চিকাৰকে ধৰি বিভিন্ন দিশত চোকা নজৰ ৰাখি চলোৱা সংৰক্ষণৰ প্ৰচেষ্টাৰ কাৰণে বাঘৰ সংখ্যা বাঢ়িছে। আনফালে আছে মানৱজনিত উচ্চ চাপ, য'ত বনৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি পাইছে আৰু মানুহৰ জনসংখ্যা বৃদ্ধি পোৱা এইবোৰ কাৰণ অন্তৰ্ভূক্ত।'

ইয়াৰ উপৰি বিদৰ্ভৰ হাবি পথ আৰু ৰাজপথকে ধৰি বিভিন্ন পৰিকল্পনাৰ কাৰণে তীব্ৰ হাৰত বিখণ্ডিত হ'বলৈ ধৰিছে। মিশ্ৰাই কয় যে বাঘৰ আবাসভূমি সংকুচিত হৈছে নাইবা বিখণ্ডিত হৈছে, জীৱ-জন্তুৰ প্ৰাকৃতিক বাট-পথবোৰ চিগি-ভাগি গৈছে, সিহতৰ ঘুৰা-ফুৰা কৰিবলৈ ঠাই নাইকিয়া হৈছে। এনেক্ষেত্ৰত আপুনি সংঘাতৰ বাদে আন কি আশা কৰে? মিশ্ৰা চিন্তিত হৈ পৰা দেখা গৈছে। 'এনেদৰে পৰিস্থিতিৰ অধিক অৱনতি ঘটিব, তাতে যদি আমি প্ৰতিৰোধৰ চেষ্টা চলাই থাকো।'

Subhash Ghosale, a tribal farmer in village Borati, holds the photo of her mother Sonabai Ghosale, T1’s first victim. She died in T1’s attack on her field close to the village on June 1, 2016.
PHOTO • Jaideep Hardikar

900বৰাটি গাঁৱৰ আদিবাসী খেতিয়ক সুভাষ ভোসলেৰ হাতত তেঁওৰ মাতৃ সোণাবাঈৰ ফটো, ২০১৬ৰ ১ জুনত নিজৰ খেতিপথাৰত তেঁও টি-১ৰ চিকাৰ হৈছিল 

বৰাটি গাঁৱৰ বয়সস্থ মহিলা সোণাবাঈ ভোসলেক পূৰ্ণাংগ বাঘ এটাই ২০১৬ৰ মাজভাগত নিজ খেতিপথাৰতে মাৰি পেলাইছিল, সেই পথাৰখন গাঁৱৰ পৰা ৫০০ মিটাৰমান দুৰত থকা হাবিৰ দাঁতিত লাগি থকা পথাৰ আছিল। বৰাটি গাঁৱৰ খৰি-খেৰ, বনজ সৰু-সুৰা বস্তু আৰু পশু আদি চৰোৱা আদি কামকে ধৰি প্ৰায় সকলো ক্ষেত্ৰতে গাঁৱৰ মানুহ বনৰ ওপৰতে নিৰ্ভৰশীল। 

'আমি তেতিয়াৰে পৰা ভয় আৰু সংশয়ত দিন নিয়াইছো, বনৰীয়া জীৱ-জন্তুৱে আমাৰ শস্যপথাৰ উচন কৰে-ইফালে নতুনকৈ বাঘৰ ভয়,' স্থানীয় সমাজকৰ্মী আৰু ৰাজনৈতিক কৰ্মী ৰমেশ খন্নীয়ে কয়। তেঁও গাঁৱৰ এক প্ৰতিনিধিবৰ্গ লৈ বন বিষয়া, জিলা উপায়ুক্ত আৰু স্থানীয় নেতাৰ কাষ চাপিছিল। 

৫০ টা গৰু আৰু এটা বাঘ 

বছৰ বছৰ ধৰি অত্ৰামৰ দিনযাপনৰ ধৰণ-কৰণ সলনি হোৱা নাই। তেঁও নিজৰ গৰুকেইটাক গা ধুৱাই দিনটোৰ আৰম্ভণি কৰে আৰু তাৰপিছত সিহতক চৰাবলৈ গাঁৱৰ কাষৰে হাবিত লৈ যায়। 

সন্ধ্যা লাগিলে তেঁও উভতি আহে আৰু পিছদিনা একেখিনি কামকে পুনৰাই কৰে। আগতে তেঁও এজনী গাইৰ প্ৰতিমাহে ১০০ টকাকৈ লৈছিল। 'বিপদসংকূলতালৈ চাই আমি দাবী কৰিলো যে মজুৰী বঢ়াই দিব লাগে,' সুলৌচনাই কয়। গাঁৱৰ মানুহে আজিকালি প্ৰতিমাহে ১৫০ টকা দিয়ে-ক্ষতিশংকালৈ চাই তেঁওলোকক ৫০ টকাকৈ বঢ়াই দিয়া হৈছে,' তেঁও কয়। 'মোৰ তাত ৫০ জনীমান গাইৰ চোৱাচিতাৰ দায়িত্ব আছে,' এদিন গধুলি হাবিৰ পৰা আহি তেঁও ক'লে। 'মই এই কাম এৰিলে কৰিমনো কি?'

গাঁৱৰ মানুহে স্পষ্টকৈ কৈছে, 'যদি আপুনি বিপদত পৰিছে, তেন্তে আমাৰ গৰুৰ কথা চিন্তা কৰিব নালাগে।' এই কথাই মনত শান্তি দিয়ে, মানুহে মোৰ কথা কিমান চিন্তা কৰে সেয়াই তেঁওলোকৰ কথাত ফুটি উঠে। 'বাঘে যোৱা দুটা বছৰত জাকৰ পৰা ভালেকেইটা গৰু মাৰি পেলাইছে,' তেঁও কয়। গৰু মৰিলে মোৰ বৰ দুখ লাগে আকৌ মই যে জীৱিত অৱস্থাত আছো তাকে লৈ আনন্দিতও হও।' 

অত্ৰামে কেতিয়াও স্কুললৈ যোৱা নাই, তেঁওৰ পত্নিও যোৱা নাই। কিন্তু তেঁওৰ তিনিওটি সন্তানে পঢ়ি আছে। তেঁও বিচাৰে যে তেঁওৰ ল'ৰা-ছোৱালীয়ে পঢ়া-শুনা কৰক, তাৰবাবে লাগিলে তেঁওৰ জীৱনেই সংকটত নপৰক কিয়। দিশাই এতিয়া ওচৰৰে কলেজ এখনত স্নাতক প্ৰথম বৰ্ষৰ পঢ়া সম্পূৰ্ণ কৰিছে। বৈষ্ণৱীয়ে এইবাৰ ১০ম মানৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে। একেবাৰে সৰু অনৌজে আবাসিক বিদ্যালয় এখনত ৯ম মানত পঢ়ি আছে। 

সুলৌচনাই গাঁৱৰ অংগনৱাড়ী সহায়ক হিচাপে কাম কৰে আৰু মাহে ৩ হাজাৰ টকা পায়। 'প্ৰতিদিনে পুৱা মই তেঁও সুৰক্ষিত অৱস্থাত ঘৰলৈ উভতি অহাৰ বাবে প্ৰাৰ্থনা কৰো,' তেঁও কয়। 'প্ৰতিদিনে আবেলি মই যেতিয়া তেঁওক ঘৰলৈ উভতি অহা দেখো, সেই বাঘিনীক ধন্যবাদ জনাও’

অনুবাদঃ পংকজ দাস 

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Jaideep Hardikar

জয়দীপ হাৰ্ডিকাৰ হৈছে নাগপুৰৰ একেধাৰে সাংবাদিক আৰু লিখক, লগতে পৰি(PARI)ৰ ঘনিষ্ঠ টিম মেম্বাৰ।

Other stories by Jaideep Hardikar