‘কাম নাথাকিলে (পথাৰত) মই হাবিলৈ গৈ কৰ্মাতা ফল আৰু অইন বনজ সামগ্ৰী সংগ্ৰহ কৰিবলৈ যাওঁ,’ গাংগেয়ে কয়। তাই লাউড নামৰ এবিধ পৱিত্ৰ উদ্ভিদৰ কথা কৈছে, সেই জোপোহা তৃণ তাইৰ চুবৰী বালেংগা পাৰাত বিয়পি আছে। মটীয়া বৰণৰ বিশালকায় শিলবোৰ সমভূমি অঞ্চলটোত বিস্তৃত হৈ আছে। কিছুমানৰ আকৃতি ঘৰটোৰ সমান, কিছুমানৰ আকৌ চাৰিচকীয়া গাড়ীৰ সমান। তাৰে মাজে মাজে ডাঙৰ ডাঙৰ গছবোৰে আকাশ চুইছে।

বস্তৰ অঞ্চলৰ অমৰাৱতী অৰণ্যৰ দাঁতিত এই বালেংগা পাৰা চুবুৰীটো আছে। দক্ষিণ ছত্তীশগড়ৰ ৰজ্ঞানগাওঁ চহৰৰ পৰা বাছত আঠ ঘণ্টা সময় ভ্ৰমণৰ পাছত দুই কিলোমিটাৰ বাট খোজ কাঢ়িলে চুবুৰীটো ঢুকি পাব পাৰি। চুবুৰীটোত মূল ৰাস্তাটো আলকাতৰা দিয়া আৰু বাকীখিনি বোকা-মাটি আৰু গৰু-ছাগলীৰ গোবৰেৰ ভৰা। বালেংগা পাৰাৰ প্ৰায় ৬০ টামান ঘৰত মুঠ ৩৩৬ গৰাকী বাসিন্দা (২০১১ৰ লোকপিয়ল মতে) থাকে। ঘৰবোৰ পুৰণি আৰু ধূসৰ। মাটি লেপি দিয়া বেৰ আৰু কিছুমান ঘৰ ইটা গঁথা। তাৰে কিছুমান বালি-চিমেণ্টেৰে সজা আৰু এচবেষ্টচৰ চালিও আছে। কিছুমান ঘৰত সেউজীয়া-গুলপীয়া ৰং দিয়া আছে।

৩৩ বৰ্ষীয় গাংগে সোধী গণ্ড আদিবাসী সম্প্ৰদায়ৰ মহিলা। তেওঁ হালবি আৰু গণ্ডি ভাষাৰ লগতে অলপ-চলপ হিন্দীও কয়। লাজ লাজকৈ তেওঁ আমাক তেওঁৰ বিষয়ে লিখিবলৈ সন্মতি দিলে।

গাংগেয়ে তেওঁৰ পৰিয়ালৰ লালন-পালনত দিন কটায়। দেউতাকৰ সৈতে পথাৰৰ কামত লাগি দিয়ে আৰু মহুৱা ফুলৰ পৰা মদ প্ৰস্তুত কৰি সাপ্তাহিক বজাৰত বিক্ৰী কৰে।

তেওঁৰ দিনটো পুৱা ৫ মান বজাত আৰম্ভ হয়। ‘দিনটোৰ আহাৰৰ কাৰণে ধান জাৰি লওঁ। বাচন ধোওঁ আৰু ওচৰৰে দমকলৰ পৰা পানী আৰু খৰি আনো। ৰাতিপুৱাৰ আহাৰ ৰান্ধো আৰু ১০ মান বজাত পথাৰৰ কামলৈ বুলি ওলাই যাওঁ।’ পিছবেলা দুপৰীয়াৰ আহাৰ খাবলৈ কিছু সময়ৰ বাবে তেওঁ ঘৰলৈ আহে আৰু আকৌ পথাৰলৈ যায়। সন্ধিয়া চাৰি বজাত তেওঁ কাম সামৰে। ‘কামৰ পৰা আহি গা ধুই, আৰু অলপ পানী-খৰি গোটাই, কেতিয়াবা গৰুৰ গোবৰৰ মজিয়াখন মচি ৰাতিৰ আহাৰ ৰান্ধো (আমিষ আৰু নিৰামিষ দুয়োটাই)।’ ‘বিশেষ পৰ্ব থাকিলে আমি পুৰি আৰু পায়সো ৰান্ধো।’

গাংগেয়ে তেওঁৰ মাক কুমেণ্টি আৰু পিতৃ মংগলৰাম, তাইৰ ভাই শিৱৰাজ, উমেশ, চাহদানি আৰু ৰত্নি আৰু তাইৰ তিনি জীয়ৰী জিতেশ্বৰী (১৫), জ্যোতি (১৩) আৰু প্ৰতিমা (১১)ৰ লগত ৰাস্তাৰ দাঁতিৰ ঘৰটোত থাকে। পানীৰ পাম্পৰ কাষতে তেওঁৰ ঘৰটো। সেই পাম্পটোৱে গাওঁখনৰ পানীৰ একমাত্ৰ উৎস। তেওঁৰ ইটাৰে গাঁথনি দিয়া ঘৰটোৰ চালিখন সেউজীয়া ৰঙৰ পোৰমাটি লগোৱা। ঘৰটোৰ দুৱাৰমুখৰ মজিয়াখনত কাঁচৰ ৰং-বিৰঙি খাৰু খটোৱা আছে।

PHOTO • Manasa Kashi and Namitha Muktineni
Gangay Sodhi (left) and her 13-year-old daughter Jyoti (right) at the entrance to their house
PHOTO • Manasa Kashi and Namitha Muktineni

গাংগে সোধী (বাওঁফালে) আৰু তেওঁৰ ১৩ বৰ্ষীয় জীয়ৰী জ্যোতি (সোঁফালে), ঘৰৰ সমুখত

‘পথাৰত (পিতাকৰ চাৰি একৰ মাটিত) মই আলি দিয়া আৰু শস্য চপোৱা কাম কৰোঁ,’ তেওঁ কয়। গাংগেয়ে পাঁচ বছৰ বয়সৰ পৰাই পথাৰত কাম কৰি আহিছে। তাতে সিহঁতে ধান-মাহ, চেপেটা কলাই আৰু সৰিয়হজাতীয় খেতি কৰে। জুনৰ পৰা নৱেম্বৰ মাহৰ সময়চোৱাত বৰ্ষাকালৰ বৰষুণে খেতিত পানী যোগায়।

‘জহকালি মই মাটিত সৰি পৰা মহুৱা ফুল গোটাও আৰু সেইবোৰ ডাঙৰ শিলৰ ওপৰত দি শুকুৱাও। তাৰপিছত সেয়া পানীত জুবুৰিয়াই ৰখাৰ পিছত কিন্বন কৰি মণ্ড তৈয়াৰ কৰোঁ।’ গণ্ড জনজাতিৰ বহুতেই মহুৱা প্ৰস্তুত কৰি বিক্ৰী কৰে। ‘এটা বটলত ৫০ টকামান পায়,’ গাংগেয়ে কয়। তেওঁলোকে ৬৫০ মি.লি.ৰ বটলটো পুনৰ্ব্যৱহাৰ কৰে। ৪৫০ৰ পৰা ৫০০ মি.লি.ৰ এটা বটলক আদি বুলি কোৱা হয় আৰু ২৫ টকাত বিক্ৰী হয়।

সাপ্তাহিক শুকুৰবৰীয়া বজাৰত ১০০ খনৰো অধিক দোকান বহে। ২০ কিলোমিটাৰ পৰ্যন্ত দূৰৰ পৰা মানুহে চাইকেল আৰু দুচকীয়া বাহনত বস্তু ক্ৰয় কৰিবলৈ আহে। বজাৰখনত বনজাত সামগ্ৰী, পাচলি, মিঠাই আৰু ভজা সামগ্ৰী, কাপোৰ, প্ৰসাধন সামগ্ৰী আৰু প্লাষ্টিকৰ সামগ্ৰী আদি কিনা-বেচা হয়।

সাধাৰণতে শান্তিপূৰ্ণ ঠাইৰ হাটখনত শুকুৰবাৰে হৰেক ৰকমৰ ৰঙৰ সমাহাৰ ঘটে।  তেঁতেলী, আম, আমচুৰ (শুকোৱা আম), কলিয়াৰি ভাজি, বহাদৰ পাত আৰু ফল, কৰ্মাতা ফল (পাচলি হিচাপে ব্য়ৱহৃত), বেহাৰা, হিৰ্দা (ঔষধি ফল), মৌ, টিকুৰ (ঔষধি শিপা), কচাম ফল, তৰা (মহুৱাৰ বীজ) আৰু মহুৱাৰ শুকোৱা পাত, চালফি, আমলখি, চাৰ বীজ (শ্ৰীখণ্ডৰ দৰে ব্যঞ্জন সুসজ্জিত কৰিবলৈ ব্যৱহৃত বীজ), ভেলৱা বীজ (ঔষধি গুণযুক্ত), বিভিন্ন ধৰণৰ কাঠফুলা, বিভিন্ন ধৰণৰ কন্দ, খেজুৰ, ডিমৰু, জাম আৰু তেন্দুৰ ফল আদি হৰেক ৰকমৰ সামগ্ৰী তাতে বিক্ৰী হয়।

খোৱাৰ সামগ্ৰীৰ বাদেও আন সামগ্ৰী যেনে শালৰ বীজ, গিৰচ্চি বীজ আৰু ভাড়াংগুল বীজো তাত বিক্ৰী হয়। এই সকলোবোৰ চাবোন আৰু ঔষধি বনোৱা ব্যৱহৃত হয়। তাল গছ, ঘাঁহ অথবা বাঁহৰ পৰা নিৰ্মিত ঝাৰুও বিক্ৰী হয়।

The haat is a burst of colour in the otherwise tranquil area. The market starts at noon and lasts for several bustling hours
PHOTO • Manasa Kashi and Namitha Muktineni
The haat is a burst of colour in the otherwise tranquil area. The market starts at noon and lasts for several bustling hours
PHOTO • Manasa Kashi and Namitha Muktineni

সাধাৰণতে শান্তিপূৰ্ণ ঠাইৰ হাটখনত শুকুৰবাৰে হৰেক ৰকমৰ ৰঙৰ সমাহাৰ ঘটে। আবেলি হোৱাৰ লগে লগে বজাৰ আৰম্ভ হয় আৰু ভালেকেইঘণ্টা চলে

বজাৰখন আবেলি বহে আৰু কেইবাঘণ্টাও থাকে। সন্ধিয়া ৭ বজাৰ লগ লগে পোহৰ নাইকিয়া হয়, তেতিয়াই সকলোৱে বস্ত-বাহিনী সামৰি ঘৰলৈ যোৱাৰ প্ৰস্তুতি চলায়। বেপাৰীবোৰে মালবোৰ আন এখন বজাৰলৈ নিবলৈ বান্ধি-কুন্ধি লয়। বালেংগাৰ মানুহে তেওঁলোকৰ সামগ্ৰীবোৰ ঘৰলৈ নিয়ে। গাংগেও ফল-পাচলি আদিৰ লগতে এটা কি দুটা মণ্ডৰ বটল লৈ ঘৰলৈ উভতে।

সৰুতে গাংগেয়ে পঢ়াশালিলৈ যাবলৈ মন কৰিছিল যদিও নোৱাৰিলে। ‘মোৰ ছোৱালীয়ে পঢ়াৰ বাবে মনত সুখ পাওঁ,’ তেওঁ কয়। সিহঁতে ভালকৈ বিয়া হৈ নিজা ঘৰত থকাটো তেওঁ বিচাৰে।

চেহৰিলাল সোধীৰ সৈতে গাংগেৰ বিয়া হৈছিল ২০০২ত। তেতিয়া তেওঁৰ বয়স আছিল ১৭ বছৰ। তাইৰ সম্প্ৰদায়ত পাত্ৰ-পাত্ৰী দুয়োগৰাকীয়ে মান্তি হ’লেহে বিয়া হয়। কইনাৰ ঘৰত বিয়াৰ বিধি সম্পন্ন কৰা হয় আৰু দৰাৰ ঘৰত ভোজৰ আয়োজন কৰা হয়।

‘তেওঁক মোৰ পৰিয়ালে পছন্দ কৰিছিল,’ তেওঁ কয়। ‘কিন্তু তেওঁ মদ খাই অত্যাচাৰ কৰে কাৰণে কিছু বছৰ আগতে মই তেওঁক এৰি ঘৰলৈ উভতি আহিলোঁ। মোৰ মা-দেউতা আৰু তেওঁৰ মা-দেউতাৰ লগতে গাঁৱৰ মানুহে তেওঁক বুজাবলৈ চেষ্টা কৰিছিল যদিও কামত নাহিল। কিছুদিন পিছত তেওঁ ঢুকাল, সেয়ে মই আৰু তালৈ ঘূৰি যোৱা নাই।’

তেওঁ আকৌ কেতিয়াবা বিয়া হ’বলৈ বিচাৰে নেকি? ‘নাই। মই মোৰ ল’ৰা-ছোৱালীক এৰিব নোৱাৰো, বিয়াও নহওঁ। মোৰ নিজকে এতিয়া ভাল লাগে। মই মোৰ ঘৰত থাকিব বিচাৰো।’

প্ৰতিবেদকদ্বয়ে প্ৰয়াগ যোশীক তেওঁ দিয়া সময়ৰ বাবে আৰু চি.এফ.এল.ৰ শিক্ষকসকলে দিয়া পৰামৰ্শ আৰু সহায়-সহযোগীতাৰ বাবে তেওঁলোকক ধন্যবাদ জনাইছে।

পাৰিৰ দ্বাৰা প্ৰেৰণা পাই বেংগালুৰুৰ চেণ্টাৰ ফৰ লাৰ্নিঙৰ দুগৰাকী হাইস্কুলীয়া বিদ্যাৰ্থীয়ে মধ্যপ্ৰদেশলৈ তেওঁলোকৰ বিদ্যালয়ৰ ভ্ৰমণৰ সময়ত এগৰাকী খেতিয়কৰ সৈতে হোৱা কথা-বতৰা লিপিবদ্ধ কৰে। পাৰিয়ে গ্ৰামীণ ভাৰতৰ বিভিন্ন দিশ সম্পৰ্কে আৰু তেওঁলোকৰ গৱেষণাৰ নথিভুক্তকৰণৰ বিষয়ে নিৰ্দেশনা দিয়ে।

অনুবাদঃ পংকজ দাস

Manasa Kashi and Namitha Muktineni

Manasa Kashi (Class 11) and Namitha Multineni (Class 12) are 16-year-old students of the Centre for Learning, Bengaluru.

Other stories by Manasa Kashi and Namitha Muktineni
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das