‘মই শুনিছো যে বহুতেই চৰকাৰী যোজনাৰ জৰিয়তে ভাল চাকৰি পাইছে আৰু তেঁওলোকে নিজ জীৱনত ভাল কাম কৰিছে,’ গৌৰীয়ে কয়। ‘মই এয়া দুৰদৰ্শনৰ বিজ্ঞাপনত দেখিছো।’

কিন্তু গৌৰী বাঘেলাই বাস্তৱ জীৱনত এনে কোনো ব্যক্তিকে লগ পোৱা নাই যিয়ে ৰাজ্য চৰকাৰৰ যোজনাৰ বলত চাকৰি পাইছে বা ভাল কিবা এটা কৰিব পাৰিছে, যিদৰে বিজ্ঞাপনবোৰত দাবী কৰা হয়। তায়ো তেনেদৰে কাম পোৱা নাই। ‘মই চৰকাৰৰ দ্বাৰা পৰিচালিত কৌশল বিকাশৰ পাঠ্যক্ৰম কৰিছো আৰু চিলাই মেচিন চলাব পাৰো,’ ১৯ বৰ্ষীয় গৌৰীয়ে কয়। ‘মই (কাপোৰৰ কাৰখানা এটাত) কামো পাইছিলো। কিন্তু তাতে দিনে ৮ ঘণ্টাকৈ কাম কৰাৰ পিছত মাহে মাত্ৰ ৪০০০ টকাহে পায়, তাতে আকৌ সেই ঠাইখন আমাৰ পৰা ছয় কিলোমিটাৰ দুৰত পৰে। গোটেইখিনি টকা খোৱা আৰু অহা-যোৱাৰ নামতে খৰছ হৈ যায়। সেয়ে মই দুমাহ কৰি কাম এৰি দিলো। এতিয়া (তাই হাঁহি হাঁহি ক’লে) মই ঘৰতে থাকো আৰু চুবুৰীতে প্ৰতিজোৰ কাপোৰত ১০০ টকাকৈ লৈ কাপোৰ চিলাও। কিন্তু ইয়াৰে মানুহে বছৰত মাত্ৰ দুজোৰ কাপোৰ চিলায়, সেয়ে বেছি উপাৰ্জন নহয়।’

আমি গুজৰাটৰ কচ্ছ জিলাৰ ভূজ চহৰৰ ৰামনগৰী এলেকাৰ বস্তি এটাৰ যুৱ মহিলাসকলৰ সৈতে কথা পাতি আছো। এই আলোচনা লোকসভা নিৰ্বাচনক লৈ চলিছে, ইয়াতে ভোটদান আজি ২৩ এপ্ৰিলৰ দিনা আছে।

২০১৪ৰ নিৰ্বাচনত কচ্ছৰ পঞ্জীকৃত প্ৰায় ১৫.৩৪ লাখ ভোটদাতাৰ মাজৰ ৯.৪৭ লাখ ভোটাৰে ভোট দিছিল। ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজ্যৰ গোটেইকেইটা লোকসভা সমষ্টিৰ আসন দখল কৰিবলৈ সক্ষম হৈছিল। কচ্ছৰ সাংসদ বিনোদ ছাৱড়াই প্ৰতিদ্বন্দী কংগ্ৰেছ দলৰ ডা. দীনেশ পৰমাৰক ২.৫ লাখ ভোটৰো অধিক ব্যৱধানত হৰুৱাইছিল। ইয়াৰ উপৰি ২০১৭ত গুজৰাটৰ ১৮২ খন আসনৰ বিধানসভাৰ নিৰ্বাচনতো বিজেপিয়ে যি ৯৯টা সমষ্টিত জয়ী হৈছিল তাৰে এটা সমষ্টি আছিল ভূজ। কংগ্ৰেছে সেই নিৰ্বাচনত ৭৭ খন আসন লাভ কৰিছিল।

Puja Vaghela’s house in Ramnagari slums, Bhuj city, where we met the young women
PHOTO • Namita Waikar
Standing Left to Right: Gauri Vaghela, Rekha Vaghela, Usha Parmar, Tara Solanki, Kanta, Champa Vaghela, girl from neighbourhood, Jasoda Solanki
Sitting Left to Right: Girl from neighbourhood, Puja Vaghela, Hansa Vaghela, Jamna Vadhiara, Vanita Vadhiara
PHOTO • Namita Waikar

ভূজ চহৰৰ ৰামনগৰী এলেকাত পূজা বাঘেলাৰ ঘৰ (বাওফালে), যি ১৩ গৰাকী ছোৱালীৰ সৈতে আমি (সোঁফালে) কথা পাতিছো, তাৰে মাজৰ পূজাই কেৱল এইবাৰ ২০১৭ৰ বিধানসভা নিৰ্বাচনত ভোট দিছে

ৰামনগৰীৰ অধিকাংশ নিবাসীয়ে গ্ৰামীণ কচ্ছৰ পৰা ঠাই বাগৰি অহা। তেঁওলোকে কামৰ সন্ধানত আহিছিল আৰু ইয়াতে নিগাজী হ’ল। প্ৰায় ডেৰ লাখ জনসংখ্যাৰ চহৰ (২০১১ৰ লোকপিয়ল অনুসৰি) ভূজত এনে ৭৮ টা চুবুৰী আছে য’ত গ্ৰামীণ গুজৰাটী প্ৰবাসী লোক থাকে। ভূজত মহিলাৰ কাৰণে কাম কৰা সংস্থা কচ্ছ মহিলা বিকাশ সংস্থাৰ কাৰ্যবাহী সঞ্চালক অৰুণ ঢোলকীয়াই কয়।

ৰামনগৰীত আমি যি ১৩ গৰাকী ছোৱালীৰ সৈতে কথা পাতিছিলো, তেঁওলোকৰ বয়স ১৭ৰ পৰা ২৩ বছৰ। তাৰে কিছুমানৰ জন্ম ইয়াতে হৈছে আৰু কিছুমান মাক-দেউতাকৰ সৈতে ভূজলৈ আহিছিল। ইয়াৰে কেৱল এগৰাকীয়ে, পূজা বাঘেলাই প্ৰথমবাৰৰ কাৰণে ভোটদান কৰিছে, ২০১৭ৰ বিধানসভাৰ নিৰ্বাচনত। গৌৰীৰ লগতে আন কোনো এজনেও ভোটদানৰ কাৰণে পঞ্জীয়ন কৰা নাই, যদিওবা তেঁওলোকৰ বয়স ১৮ বছৰতকৈ বেছি।

আটাইকেইজনেই পাঠশালা গৰকিছে। বেছিভাগেই পঞ্চমৰ পৰা অষ্টম শ্ৰেণীৰ ভিতৰত পঢ়া এৰিছে। গৌৰীৰ কথাই ধৰিব পাৰি, তাই ভূজ তালুকৰ কৌড়কী গাঁৱৰ ৰাজ্য পৰিচালিত বৰ্ডিং বিদ্যালয়ত ৬ম মানলৈ পঢ়িছে। তেঁওলোকৰ মাজৰ কেৱল এগৰাকীয়েই, গৌৰীৰ সৰু ভনী চম্পা বাঘেলাই আগলৈ পঢ়া-শুনা কৰিছে আৰু তাই এতিয়া ১০ম মানত পঢ়ে। আধাসংখ্যকেই ভালদৰে পঢ়িব আৰু লিখিব নাজানে যদিও তাৰে মাজত ৫ম মানলৈ পঢ়া-শুনা কৰা ছোৱালীও আছে।

Women reading the Gujarati bimonthly magazine Bol samantana (Words of equality)
PHOTO • Namita Waikar

গুজৰাটী দ্বিমাসিক আলোচনী ‘বৌল সামন্তন’ (সমতাৰ শব্দ) পঢ়াত ইজনে আনজনক সহায় কৰিছে। অধিকাংশই ৫মৰ পৰা ৮মৰ ভিতৰত পঢ়া এৰিছে আৰু আধাসংখ্যকেই ভালদৰে পঢ়িব-লিখিব নাজানে

বনীতা বঢিয়াৰাই ৫ম মানত থাকোতেই পঢ়াশালিলৈ যোৱা এৰিছিল। তাই ককা-আইতাকক কৈছিল যে ল’ৰা এটাই প্ৰায়ে তাইৰ পিছ লয়, ল’ৰাটোলৈ তাইৰ ভয় লাগে। সেয়ে তাইক পঢ়াশালিৰ পৰা এৰুৱাই অনা হ’ল। তাই ভাল গান গায় আৰু সেয়ে গোট এটাত গান গাবলৈ সুযোগো পাইছিল। ‘কিন্তু গোটটোত ভালেকেইজন ল'ৰা আছিল, সেয়ে মা-দেউতাই অনুমতি নিদিলে,’ তাই কয়। বনীতাই নিজৰ ভাই-ভনীৰ লগত বান্ধনীৰ কাম কৰে। কাপোৰৰ ১০০০ টা বিন্দু বন্ধা আৰু ৰং কৰাৰ বাবদ তাই ১৫০ টকা পায় আৰু মাহত প্ৰায় ১০০০ৰ পৰা ১৫০০ টকামান উপাৰ্জন কৰে।

২২ বছৰ বয়সতো তেঁওলোকে এয়া বুজি পোৱা হোৱা নাই যে ভোটদানে তেঁওলোকৰ জীৱনলৈ কিমান পৰিৱৰ্তন আনিব পাৰে। ‘আমাৰ সকলোৰে ঘৰত বহু বছৰলৈ শৌচালয় নাছিল আৰু মুকলিতে শৌচ কৰিবলৈ আমি যাবলগীয়া হৈছিল। ৰাতি বাহিৰলৈ ওলাবলৈ ভয় কৰিছিলো। আমাৰ বহুতৰে ঘৰত এতিয়া শৌচালয় আছে (ঘৰৰ ঠিক বাহিৰতে), কিন্তু ইয়াৰে বহুকেইটাৰ (নলাৰ সৈতে) সংযোগ কৰা হোৱা নাই, সেয়ে ব্যৱহাৰ কৰিবপৰা হোৱা নাই। এই বস্তিৰ দৰিদ্ৰ লোকে এতিয়াও মুকলিতে শৌচ কৰিবলৈ যাব লগা হয়।’

ইয়াতে গোট খোৱা ছোৱালীকেইজনীৰ পৰিয়ালৰ পুৰুষে ৰান্ধনী, অটোৰিক্সা চালক, ফল বিক্ৰেতা আৰু শ্ৰমিক হিচাপে কাম কৰে। ভালেকেইজনী ছোৱালীয়ে ঘৰুৱা বনকৰা চাকৰ নাইবা ৰেঁষ্টোৰাৰ ৰন্ধা-বঢ়াৰ সহায়ক হিচাপে কাম কৰে। ‘মই আৰু মোৰ মায়ে পাৰ্টি কেটাৰ্ছৰ কাৰণে ৰাতি দুপৰলৈকে কাম কৰোঁ, ৰুটি বনাও আৰু বাচন ধোও,’ ২৩ বৰ্ষীয় পূজা বাঘেলাই কয়। ‘এদিনৰ কামৰ বাবদ আমি কেৱল ২০০ টকা (গাইপতি) পাও। যদি কোনো এটা দিনত আমি ছুটী লও বা কাম এৰি সোনকালে গুছি যাও, সিদিনা আমাৰ হাজিৰা কাটে। কিন্তু আমি বেছি কাম কৰিলে উপৰিঞ্চি টকা নাপাও, আৰু আমি প্ৰায়ে উপৰিঞ্চি কাম কৰিবলগীয়া হয়।’

তেঁওলোকে ভাবে যে সংসদৰ মহিলা সদস্যই তেঁওলোকৰ সমস্যাৰ প্ৰতি আনতকৈ ভাল সঁহাৰি দিব পাৰিব। ‘নেতা হ’বলৈ আমাৰ দৰে দৰিদ্ৰৰ হাতত বহুত টকা থাকিব লাগে,’ গৌৰীয়ে কয়। ‘যদি সংসদৰ আধা সংখ্যক মহিলা হয়, তেতিয়া ইখনৰ পৰা সিখন গাঁৱলৈ গৈ মহিলাই নিতৌ কি সমস্যাৰ মুখামুখি হ’বলগীয়া হয় তাৰ গম ল’ব। কিন্তু এতিয়া কোনো মহিলা নিৰ্বাচনত জয়ী হ’লে তেঁওৰ পিতৃ নাইবা পতিয়ে গুৰুত্ব লাভ কৰে আৰু ক্ষমতাও তেঁওলোকৰ হাততে থাকি যায়।’

ভিডিঅ’ চাওকঃ ভোটদান এক দান।’

‘ডাঙৰ কোম্পানীয়ে নিজেই নিজকে বচাব পাৰে, চৰকাৰে সেইবোৰক সহায় কৰাৰ আৱশ্যকতা ক’ত? মই টিভিত বাতৰিত শুনিছো যে সেইবোৰ কোম্পানীৰ ঋণ মাফ কৰি দিয়া হৈছে...’

তেঁওলোকৰ সন্দেহ প্ৰায় ৫০ কিলোমিটাৰ দুৰৰ কচ্ছ জিলাৰ নখতৰাণা তালুকৰ দাদোৰ গাঁৱলৈকে বিয়পি আছে। ‘এই গণতন্ত্ৰত মানুহ কিনা হয়, তেঁওলোকৰ ভোট ৫০০ৰ পৰা ৫০০০ নাইবা ৫০ হাজাৰলৈ দৰ উঠে,’ ২০ একৰ খেতিমাটি থকা ৬৫ বৰ্ষীয় হাজী ইব্ৰাহিম গফুৰে কয়। তেঁওৰ দুজনী গাইগৰু আছে আৰু সৰিহয়ৰ খেতি কৰে। ‘দৰিদ্ৰজনক বিভাজিত কৰা হয়, এভাগ ইটো পক্ষত আৰু আনভাগ সিটো পক্ষত, আৰু তাৰ পৰা কাৰো লাভ নহয়। সম্প্ৰদায় এটাৰ নেতাসকলে নিৰ্বাচন খেলা লোকৰ পৰা টকা পায়। কিন্তু যিসকলে ভোটদানৰ সময়ত সেই নেতাৰ প্ৰভাৱত থাকে, তেঁওলোকে বাস্তৱত একো নাপায়। তেঁওলোকে ভোটদানৰ নামত দান দিয়ে।’

আমি সেই তালুকৰে গাঁৱত লগ পোৱা (তেঁও দেৱীসাৰ গাঁৱৰ) নন্দুবা জাডেজাই চৰকাৰক এই পৰামৰ্শ দিব বিচাৰেঃ ‘যদি সঁচাকৈয়ে তেঁওলোকে জনতাক সহায় কৰিবলৈ বিচাৰে, তেন্তে কৃষক আৰু গঞাৰ ঋণ ৰেহাই কৰি দিব লাগে। তেঁওলোকে কাম কৰাৰ কাৰণেই আমি জীয়াই থাকিব পাৰিছো, আমি খাবলৈ অন্ন আৰু গাখীৰ পাইছো। এইসকল লোকক সহায় কৰিব লাগে, চৰকাৰলৈ মোৰ এয়া অনুৰোধ।’

নন্দুবা (৬০) কচ্ছ মহিলা বিকাশ সংস্থাৰ মহিলাৰ সামুহিক ৰূপ সাইয়েৰে জৌ সংস্থাৰ কাৰণে কাম কৰে। ‘ডাঙৰ কোম্পানীয়ে নিজেই নিজকে বচাব পাৰে, চৰকাৰে তেঁওলোকক সহায় কৰাৰ আৱশ্যকতা ক’ত?’ তেঁও কয়। ‘মই টিভিত দেখিছো, শুনিছো যে চৰকাৰে তেঁওলোকৰ ঋণ ৰেহাই দিছে। আকৌ যেতিয়া কৃষকে ঋণ ৰেহাইৰ কাৰণে কয়, তেতিয়া চৰকাৰে কয় যে এয়া নিয়মবিৰুদ্ধ। এইখন দেশত মানুহ কৃষিৰ কাৰণেহে জীয়াই থাকিব পাৰিছে। দেশৰ জনতাই কোম্পানীয়ে প্ৰস্তুত কৰা প্লাষ্টিক খাই জীয়াই থাকিব নোৱাৰে।’

ৰামনগৰীৰ পৰা দাদোৰ আৰু বাংগলৈ জনতাই ব্যক্তি কৰা সমস্যাসমূহ জলজল পটপট। কিন্তু শেহতীয়া নিৰ্বাচনৰ প্ৰকৃতিলৈ চাই মনত প্ৰশ্ন উদয় হয় যে নিৰ্বাচনী ইচ্ছ্যুত এই সমস্যাবোৰে ঠাই পাবনে?

লেখিকাই ভূজৰ কচ্ছ মহিলা বিকাশ সংস্থাৰ গোটটোক বিশেষকৈ কেবিএমএছৰ সখী সংগিনীৰ শ্বাবানা পাঠান আৰু ৰাজৱী ৰবাৰী, আৰু কচ্ছৰ নখতৰাণাৰ সংস্থাৰ চাইয়েৰ জৌ সংস্থাৰ হাকীমবাঈ থেবাৰ সহায়ৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰে।

অনুবাদঃ পংকজ দাস

Namita Waikar is a writer, translator and Managing Editor at the People's Archive of Rural India. She is the author of the novel 'The Long March', published in 2018.

Other stories by Namita Waikar
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das