01-Bhamabai_DSC01558-NW-Fixing Straps and Mending Soles.jpg

কাম কৰি থকা অৱস্থাত ভামাবাই মাস্তুদ, শ্লিপাৰ আৰু ছোল মেৰামতি কৰিছে

ছেন্দেল এযোৰ মেৰামতি কৰি আছিল ভামাবাইয়ে। তেঁওৰ সমুখত মজিয়াত নিয়াঁৰিদাল পৰি আছিল। আয়তাকাৰ কাঠৰ টুকুৰা এটাত ছেন্দলযোৰ থৈ ভৰিৰ বুঢ়া আঙুলিটোৰে হেঁচি ধৰি সীবলৈ লৈছিল ছিগা ছেন্দেলযোৰ। প্ৰথমে তেঁও বেজীটোৰে ছেন্দেলযোৰৰ ছিগা অংশটোত বিন্ধা কৰিলে, তাৰপাছত বিন্ধাটোৰে সূতাডাল সুমুৱাই দি আকৌ উলিয়াই আনিলে। এনেদৰে ছটা ছিলাই কৰাৰ পাছত ছেন্দেলযোৰ পুনৰ পিন্ধিব পৰা হৈ উঠিল। বিনিময়ত ভামাবাইৰ হাতলৈ আহিল টকা পাঁচটা।


03-Bhamabai_Stitching_DSC01555-NW-Fixing Straps and Mending Soles.jpg

পেটী এডাল ছিলাই থকা অৱস্থাত


পেনুৰীৰ ওচৰত বাস কৰা ভামাবাই মাস্তুদে ছামৰাৰ জোতা বেগ আদি ছিলায়। সকলোৱে মুছী বুলিয়েই জানে তেঁওক। কেবাদশক পূৰ্বে ভূমিহীন হ’বলগীয়া হৈছিল মাৰাঠাৱাড়া অঞ্চলৰ ওছমানাবাদ জিলাৰ বাসিন্দা ভামাবাই আৰু তেঁওৰ স্বামীয়ে। ১৯৭২ চনত মহাৰাষ্ট্ৰক জুৰুলা কৰা ভয়ানক খৰাঙে ৰাজ্যখনৰ অধিকাংশ কৃষি সম্পৰ্কীয় কামকাজ ধংস কৰি পেলোৱাৰ পাছত তেঁওলোকৰ জীৱিকা নিৰ্বাহৰ উপায়েই নোহোৱা হৈ গৈছিল। সেই তেতিয়াই দুয়ো পুনেলৈ গুছি আহিছিল।

চহৰলৈ আহি প্ৰথমে যি কাম পাইছিল তাকেই কৰিবলৈ লৈছিল তেঁওলোকে, পেটৰ ভাতমুঠিৰ কাৰণে।পথ মেৰামতিয়েই হঁওক বা অট্টালিকা নিৰ্মাণৰ কামত দিনমজুৰি, যিকোনো কামেই কৰিছিল। তেতিয়াৰ দিনত পুনেত এজন দিন হাজিৰা কৰা শ্ৰমিকক মজুৰি দিয়া হৈছিল দুইৰ পৰা পাঁচ টকালৈ।“মোৰ হাতলৈ যিকেইটা টকা আহিছিল, আটাইখিনি মোৰ পতিকেই দি দিব লগীয়া হৈছিল। সেই টকাৰে সি মদ খাইছিল আৰু মাতাল হৈ মোক মাৰিছিল,” সত্তৰৰ দেওনা গৰকিবলৈ লোৱা ভামাবাইৰ এতিয়াও মনত পৰে সেই দিনবোৰৰ কথা। ঘ্টনাক্ৰমে গিৰিয়েকে ভামাবাইক এৰি যায় আৰু বৰ্তমান বেলেগ এগৰাকী ঘৈণীয়েক আৰু ল’ৰাছোৱালীৰ সৈতে পুনেৰ ওচৰত বাস কৰে। “মইতো সি মৰি যোৱা বুলিয়েই ভাবিছো। মোক এৰি যোৱা এতিয়া ৩৫ বছৰেই হ’ল।” জন্মৰ সময়তে মৃত্যু নোহোৱাহেঁতেন ভামাবাইৰ এতিয়া দুটা ল’ৰাছোৱালী থাকিলেহেঁতেন। ‘‘মোৰ কাষত কোনোৱেই নাই। মোক সঁহাৰি দিবলৈ কোনো এজন আত্মীয় নাই,” তেঁও কয়।

বহুদিন আগতেই দেউতাকৰ পৰা জোতা ছিলোৱা কামটো শিকিছিল ভামাবাইয়ে। সেই বিদ্যাকেই সাৰথি কৰি গিৰিয়েকে এৰি যোৱাৰ পাছত তেঁও সৰুকৈ এখন জোতা-ছেন্দেল ছিলোৱা দোকান দিলে। পুনেৰ কাৰ্ভে ৰোডৰ এটা হাউছিং কলনীৰ গাতে লাগি থকা এটা সৰু গলিত ভামাবাইৰ এই দোকানখন। ‘‘পৌৰকৰ্মীয়ে দোকানখন ভাঙি দিছিল, মই পুনৰ পাতিব লগীয়া হ’ল। তাৰপাছত তেঁওলোকে আকৌ ভাঙি পেলাইছিল মোৰ দোকানখন।”

হতাশাগ্ৰস্ত হৈ ভামাবাইয়ে কলনীটোৰ বাসিন্দাসকলক সহায়ৰ বাবে অনুৰোধ জনাইছিল।“ মই তেঁওলোকক কৈছিলো যে মোৰ যাবলৈ কোনো ঠাই নাই। কৰিবলৈ আন একো কাম নাই”। কলনীৰ বাসিন্দাসকলে ভামাবাইৰ অনুৰোধমৰ্মে আগবাঢ়ি আহি পৌৰকৰ্মীৰ সৈতে কথা পাতিছিল। এতিয়া সেই ঠাইতেই দোকান চলাই আছে তেঁও।


02-Bhamabai_Shop2_DSCN1501-NW-Fixing Straps and Mending Soles.jpg

পথৰ দাঁতিত থকা তেনেই সৰু, জৰাজীৰ্ণ দোকানখনত গ্ৰাহকৰ অপেক্ষাত ভামাবাই


জীৱনটো বৰ কঠিন, তেঁও কয়। “ এজন গ্ৰাহকৰ পৰা ৫ টকা বা ১০ টকাহে পাঁও মই। যদি এজনো গ্ৰাহক নাহে মই সন্ধিয়ালৈকে ইয়াত কেৱল বহিয়েই থাকো। এন্ধাৰ হোৱাৰ লগে লগে ঘৰলৈ গুছি যাঁও।সেয়াই এতিয়া মোৰ জীৱন। কোনোবা দিনা ৩০ টকা পাঁও, কোনোবাদিনা ৫০ টকা।কেতিয়াবা এটকাও নাপাঁও।”

আপুনি নতুন ছেন্দেল তৈয়াৰ কৰিব পাৰেনে? “নাই নাই, মই নাজানো কেনেকে ছেন্দেল তৈয়াৰ কৰে।মই কেৱল ছিগা ছেন্দেলহে ছিলাই কৰিব জানো। মই জোতা পলিছো কৰো আৰু হিল আৰু ছ’ল লগাব জানো।”

ভামাবাইৰ দোকানৰ পৰা কেইগজমান দূৰৈত আন দুখন জোতা ছিলাই কৰা দোকান আছে, দুয়োখনেই পুৰুষৰ।তেঁওলোকৰ ছিলাইৰ দাম বেছি, তেঁওলোকে কোৱা মতে দিনে ২০০ ৰ পৰা ৪০০ টকাকৈ, কেতিয়াবা তাতোকৈ বেছিও উপাৰ্জন কৰে হেনো।

ভামাবাইয়ে তেঁওৰ কামৰ সঁজুলি ৰখা মুগাৰঙৰ বাকচটো উলিয়ালে। বাকচৰ ঢাকনিখনৰ ভিতৰফালে তেঁও কিছুমান দেৱীৰ ছবি লগাই থৈছে। বাকচৰ একেবাৰে ওপৰত ৰখা থাল এখনত চাৰিভাগ কৰি বেজী আৰু গজালবোৰ ৰাখিছে তেঁও। তাৰ তলত ছামৰাৰ বস্তুবোৰ ৰাখিছে।কামৰ সময়ত সকলোবোৰ উলিয়াই লয় তেঁও।


04-Bhamabai_Tools2_DSCN1493-NW-Fixing Straps and Mending Soles.jpg

ভামাবাইৰ কামৰ সঁজুলিবোৰ

প্ৰথমশাৰীত, বাঁওফালৰ পৰা সোঁফাললৈঃ নিঁয়াৰি, ছামৰা আৰু ৰবৰ তথা দীৰ্ঘবছৰ ধৰি ব্যৱহাৰৰ ফলত ক্ষয় যোৱা আয়তাকাৰ কাঠৰ টুকুৰাটো

তলৰ শাৰীত, বাঁওফালৰ পৰা সোঁফাললৈঃ মুছীৰ সূতা, বিন্ধা কৰা সঁজুলি, বেজী আৰু ছামৰা বা ৰবৰ কাটিবলৈ ব্যৱহাৰ কৰা চুৰি


‘‘আপুনি মোৰ সা-সৰঞ্জাম বোৰৰ ফটো লৈছে বাৰু,পিছে মোৰ দেৱীসকলৰ ফটো লৈছেনে নাই,” তেঁও মোক সুধিছিল। যেন নিজৰ বুলিবলৈ সেই দেৱীসকলহে আছে ভামাবাইৰ।


05-Bhamabai_Toolbox_DSC01561-NW-Fixing Straps and Mending Soles.jpg

ভামাবাইৰ সঁজুলিৰ বাকচটো আৰু আৰাধ্য দেৱীসকল


দিনটোৰ কামৰ অন্তত সকলোবোৰ সা-সৰঞ্জাম সামৰি-সুতৰি পুনৰ বাকচটোত ভৰাই থয় ভামাবাইয়ে, আনকি তেঁও পানী খাবলৈ ব্যৱহাৰ কৰা ষ্টিলৰ বহল মুখৰ গিলাছটোও। নিয়াৰিটো, কাঠৰ টুকুৰাটো, ছিপছৰ পেকেটৰ দৰে সৰু সৰু বস্তুবোৰ, কেইটামান টকা বান্ধি ৰখা এটা সৰু কাপোৰৰ মোনাকে ধৰি সকলোবোৰ এখন ডাঙৰ থৈলাত ভৰাই বান্ধি লয় তেঁও। বাকচটোৰ লগতে থৈলাখনো পথৰ দাঁতিৰ এখন ফাষ্টফুড ৰেষ্টুৰেণ্টৰ বাহিৰত থকা ধাতুৰ আলমাৰি এটাত তলা মাৰি থয় ভামাবাইয়ে। “ভগবানে মোক এনেদৰেই সৰু সৰু সহায় কৰি আহিছে। মোৰ সা-সৰঞ্জামবোৰ থবলৈ অন্ততঃ এই ঠাইকণ ভগবানৰ কৃপাতেই পাইছো”।

শাস্ত্ৰী নগৰত বাস কৰে ভামাবাইয়ে, তেঁওৰ অকণমানি দোকানখনৰ পৰা ঘৰলৈ প্ৰায় ৫ কিলোমিটাৰ দূৰত্ব।‘‘ মই সদায় ৰাতিপুৱা আৰু গধুলি খোজ কাঢ়িয়েই দোকানলৈ আহো, প্ৰতিবাৰতেই এঘণ্টাকৈ খোজ কাঢ়িবলগীয়া হয়। ৰাস্তাত বহুবাৰ ৰৈ ৰৈ যাঁও মই, বিষাই থকা আঁঠু দুটা আৰু কঁকালখনক অলপ সকাহ দিবলৈ মাজে মাজে কৰবাত বহোও ।এদিন এখন অটো ল’লো।প্ৰায় ৪০ টকা ভাড়া দিবলগীয়া হ’ল।মোৰ এদিনৰ উপাৰ্জনেই গুছি গ’ল।” কেতিয়াবা ফাষ্টফুড ৰেষ্টুৰেণ্টখনৰ ঘৰে ঘৰে খাদ্য বিতৰণ কৰিবলৈ যোৱা ল’ৰা এজনে ভামাবাইক তেঁওৰ ঘৰৰ ফালে গ’লে বাইকত উঠাই লৈ যায়।

তেঁওৰ ঘৰটো দোকানখনতকৈ অলপহে ডাঙৰ, আঠ বৰ্গফুটৰ এটা কোঠালি। সন্ধিয়া ৭ বাজি ১৫ মিনিট গৈছিল, তেঁওৰ কোঠালিটো আবৰি ধৰিছিল এন্ধাৰে।তেলৰ সৰু চাকি এটাহে মাথো ধিমিক-ধামাককৈ জ্বলি আছিল কোঠালিটোত।‘‘ কানাগৰা গাঁৱত থকা আমাৰ ঘৰতো এনে চাকিয়েই সন্ধিয়া জলাইছিলো। তাত বিজুলীবাতি নাছিল।” ভামাবাইৰ কোঠালিটোতো বিজুলীবাতি নাই এতিয়া। বিল পৰিশোধ কৰিব নোৱৰা বাবে কাটি দিয়া হৈছে সংযোগ।

কোঠলিটোত আচবাব বুলিবলৈ মাথোন এখন লোহাৰ বিছনা।তুলিও নাই বিছনাখনত। ধোৱা বাচন-বৰ্তন থবলৈ এডাল ষ্টেণ্ড অৱশ্যে আছে। বেৰ এখনত এখন খিৰিকি আছে। ৰন্ধা-বঢ়া কৰা ঠাইখিনিত সামান্য দুই-এটা বাচন আৰু টিন আছে। মোৰ এটা ষ্টোভ আছে। মাহেকত ৰেচন কাৰ্ডত পোৱা এক লিটাৰ কেৰাচিন শেষ নোহোৱালৈকে সেইটো ব্যৱহাৰ কৰিব পাৰো। কেৰাচিন শেষ হোৱাৰ পাছত পুনৰ পিছৰ মাহলৈ ৰ’বলগীয়া হয়।

ভামাবাইৰ বাহুত দেৱীৰ সৰু সৰু দেৱীৰ ছবিৰ লগতে তেঁওৰ স্বামী, পিতৃ-মাতৃ,ভাই-ভনী আৰু নিজৰ উপাধি লিখা থকা এটা ডাঙৰ টেটু আছে। নীলা ৰঙৰ সেই টেটুটো স্থায়ীভাবে কৰি লৈছে তেঁও।


07-Bhamabai_Tattoo2_DSC01565-NW-Fixing Straps and Mending Soles.jpg

পৰিয়ালৰ লোকসকলক সুঁৱৰি টেটু, ভামাবাইৰ বাহুত


বহুকালৰ পৰিশ্ৰমে শৰীৰ ভংগুৰ কৰি আনিছে যদিও ভামাবাই এতিয়াও বাস্তববাদী আৰু স্বাধীনমনা। পুনেত তেঁওৰ দুজনকৈ ভায়েক আছে, গাঁৱত এগৰাকী আৰু মুম্বাইত আন এগৰাকী ভনীয়েক আছে। তেঁওৰ প্ৰতিগৰাকী ভায়েক-ভনীয়েকৰে পৰিয়াল আছে। পুনেলৈ আহিলে আত্মীয়সকলে তেঁওকো কেতিয়াবা কেতিয়াবা দোকানলৈ আহি লৈ যায়।

কিন্তু মই কেতিয়াও তেঁওলোকৰ ঘৰলৈ যোৱা নাই, তেঁও কয়। ‘‘মোৰ দুখ-যন্ত্ৰনা মই কাৰো সৈতে ভগাব নিবিচাৰো।আপুনি মোক সকলো সুধিছে বাবেই কৈছো। এই পৃথিৱীত প্ৰত্যেকেই নিজেই নিজৰ আশ্ৰয় হোৱা উচিত।”

আমি যেতিয়া তেঁওৰ দোকানত বহি আছিলো, এগৰাকী মহিলাই ভিতৰলৈ চাইছিল আৰু তেঁওৰ হাতত এটা প্লাষ্টিকৰ ঠোঙা তুলি দিছিল। ভামাবাইৰ মুখত হাঁহি বিৰিঙি উঠিছিল--‘‘ মোৰ কেইগৰাকীমান বান্ধবী আছে। তেঁওলোকে আনৰ ঘৰে ঘৰে কাম কৰে। কেতিয়াবা কেতিয়াবা তেঁওলোকে কামলৈ যাঁওতে কাৰোবাৰ ঘৰত পোৱা ৰৈ যোৱা খোৱাবস্তু আনিলে মোকো দিয়ে।”


08-Bhamabai_BlackShoe1_DSCN1471(Crop)-NW-Fixing Straps and Mending Soles.jpg

লা ছামৰাৰ জোতা এযোৰ মেৰামতি কৰিছে ভামাবাইয়ে


এজন গ্ৰাহকে তেঁওৰ ক’লা ছামৰাৰ জোতাযোৰ আৰু দুযোৰ ব্ৰেণ্ডেদ স্পোৰ্ষ্টছ ফুটগীয়েৰ মেৰামতি কৰিবলৈ দিছিল। এযোৰ এযোৰকৈ জোতাকেইযোৰ ছিলালে তেঁও, তাৰপাছত ক’লা জোতাযোৰ পলিছ কৰিলে। মেৰামতিৰ বিনিময়ত এযোৰত মাত্ৰ ১৬ টকাকৈ ল’লে ভামাবাইয়ে, কিন্তু সেই দামী জোতা কেইযোৰক যেন একোটা নতুন জীৱন দিলে।জোতাৰ গৰাকীজনেও হেজাৰ টকা খৰচ কৰি তেনেধৰণৰ নতুন জোতা এযোৰ ল’বলগীয়া নহ’ল। ভামাবাইয়ে সেইকথা জানে যদিও গ্ৰাহকৰ আগত সেইটো কেতিয়াও নেদেখুৱায়।তেঁও কেৱল মেৰামতি কৰি যায় ইযোৰৰ পাছত সিযোৰ জোতা।

(অনুবাদঃ নিভা ৰাণী ৰয়)

নিভা ৰাণী ৰয় বৰ্তমান এগৰাকী মুক্ত সাংবাদিক, অনুবাদক আৰু www.nezine.com নামৰ ৱেব আলোচনীখনৰ সহকাৰী সম্পাদক। তেখেতৰ ই-মেইল ঠিকনাঃ [email protected]

নমিতা ৱাইকাৰ এগৰাকী লেখক, অনুবাদক আৰু পাৰি(PARI)ৰ পৰিচালন সম্পাদক। তেঁও কেমিষ্ট্ৰী ডাটাবেছ ফাৰ্ম এখনৰো অংশীদাৰ, লগতে বায়’কেমিষ্ট আৰু ছফটৱেৰ প্ৰজেক্ট মেনেজাৰ হিচাপেও কাম কৰিছিল। লেখক গৰাকীৰ: @NamitaWaikar

Namita Waikar
[email protected]

Namita Waikar is a writer, translator and the managing editor of PARI. She is a partner in a chemistry databases firm, and has worked as a biochemist and a software project manager.

Other stories by Namita Waikar