শুকাই যোৱা পথাৰৰ কেঁকোৰা গাঁত এটাৰ মুখত মৰা কেঁকোৰা এটা পৰি আছে। কেঁকোৰাটোৰ ঠেং কেইখন তাৰ গাৰ পৰা ছিগি গৈছে। ‘প্ৰচণ্ড গৰমতে সিবোৰ মৰিছে,’ দেবেন্দ্ৰ ভংগাৰেয়ে তেওঁৰ পাঁচ একৰ ধাননি পথাৰখনত থকা কেঁকোৰাৰ গাঁতবোৰ দেখুৱাই ক’লে।   

বৰষুণ দিলে কেঁকোৰাবোৰ ঘূৰি ফুৰা, কণী লৈ ফুৰা দেখিলেহেঁতেন। হালধীয়া ৰং ধৰা সেউজীয়া শুকান খেতিপথাৰখনত থিয় হৈ থকা দেবেন্দ্ৰই ক’লে। ‘কঠিয়াবোৰ নাবাচিব,’ ৩০ বছৰীয়া খেতিয়কজনক চিন্তিত হৈ পৰা দেখা গৈছে।    

৫৪২ জনসংখ্যাৰ (২০১১ৰ লোকপিয়ল মতে) তেওঁৰ ৰাৱনবাৰী গাওঁখনত খেতিয়কে সৰু সৰু ভাগত কৰা কঠিয়াতলিত জুনৰ প্ৰথমভাগত বাৰিষা অহাৰ আগে আগে বীজ সিঁচে। কেইবাৰমান ভাল বৰষুণ হ’লে পথাৰত হালৰ শিৰলুবোৰত বোকা আৰু পানী জমা হয়, তেতিয়া ৩-৪ সপ্তাহ হোৱা কঠিয়াবোৰ ৰোৱা হয়।     

কিন্তু বাৰিষাৰ দিন পৰাৰ ছমাহ পাছতো, এই বছৰ ২০ জুলাই পৰ্যন্ত ৰাৱনবাৰীত বৰষুণ হোৱা নাই। দুবাৰমান কিনকিনীয়া বৰষুণ দিছিল, ভংগাৰে কয়। কিন্তু সেয়া পৰ্যাপ্ত নাছিল। কুঁৱা থকা খেতিয়কে পানী সিঁচি কঠিয়াতলিত পানী দিছে। খেতি পথাৰবোৰ শুকাই যাবলৈ ধৰা দেখি বহু কৃষিশ্ৰমিকে গাঁও এৰি দিনহাজিৰাৰ কাম বিচাৰি বাহিৰলৈ ওলাই গৈছে। 

*****

২০ কিলোমিটাৰমান দুৰত গাৰাড়া জংলী গাঁৱত লক্ষ্মণ বাণ্টেয়ে কিছুবছৰ ধৰি বৰষুণৰ অভাৱ দেখি আহিছে। জুন আৰু জুলাই মাহত বৰষুণ নাহিল, তেওঁ ক’লে। তাত গোট খোৱা অইন কৃষকে তেওঁৰ কথাত হয়ভৰ দিলে। ২ কি ৩ বছৰৰ মুৰে মুৰে তেওঁলোকৰ খাৰিফ শস্যৰ খেতিত ঘাটি হৈ আহিছে। 

৫০ বৰ্ষীয় বাণ্টেয়ে তেওঁৰ শৈশৱৰ কথা মনত পেলাই কয় যে অতীতত তেনেকুৱা হোৱা নাছিল। বৰষুণ নিয়মীয়া আছিল, খেতিও ভাল হৈছিল। 

কিন্তু ২০১৯ বৰ্ষটোও তেনে এটাই লোকচানৰ বৰ্ষ হিচাপে পৰিগণিত হোৱাৰ দিশে আগবাঢ়িছে। সেই দেখি খেতিয়কসকলো চিন্তিত হৈ পৰিছে। ‘মোৰ মাটিখিনি খাৰিফ খেতিৰ সময়ত চন পৰি থাকিব,’ শংকিত হৈ পৰা নাৰায়ন উকীয়ে কয় (মজিয়াত বহি থকা অৱস্থাতঃ প্ৰচ্ছদ আলোকচিত্ৰখন চাওক)। ৭০ বৰ্ষীয় নাৰায়নে যোৱা পাঁচটা দশক ধৰি তেওঁৰ ১.৫ একৰ মাটিত খেতি কৰি আহিছে। জীৱনৰ বেছিভাগ সময় শ্ৰমিক হিচাপেও তেওঁ কাম কৰিছে। ‘২০১৭ত আৰু ২০১৮ত মোৰ খেতি মাটিখিনি পতিত হৈ ৰৈছিল,’ নাৰায়নে মনত পেলালে। ‘যোৱা বছৰো বৰষুণ দেৰিকৈ হোৱা কাৰণে বীজ সিঁচোতে পলম হৈছিল।’ বৰষুণ পলমকৈ হ’লে খেতি ভাল নহয়, আয় কমে। বীজ সিচাৰ বাবে শ্ৰমিক লগাব নোৱাৰিলে কৃষি শ্ৰমিকৰ কৰ্মদিনো কমে।


PHOTO • Jaideep Hardikar

দেবেন্দ্ৰ ভংগাৰে (ওপৰত বাওফালে) তেওঁৰ শুকাই যোৱা খেতি পথাৰত কেঁকোৰা গাঁতবোৰ দেখুৱাইছে (ওপৰত সোঁফালে)। নাৰায়ন উকীয়ে (তলত বাওফালে) কয়¸ ‘বৰষুণ নিদিলে খেতি নষ্ট হ’ব’। গাৰাড়া জংলীৰ প্ৰাক্তন চৰপঞ্চ লক্ষ্মণ বাণ্টেক তেওঁৰ গাঁৱৰ শুকান খেতিপথাৰত দেখা গৈছে

৪৯৬ জনসংখ্যাৰ গাৰাড়া জংলী গাওঁখন ভাণ্ডাৰা চহৰৰ পৰা ২০ কিলোমিটাৰ দূৰত ভাণ্ডাৰা তালুক ও জিলাত অৱস্থিত। ৰাৱনবাৰীৰ দৰে ইয়াতো কৃষকৰ হাতত ১ ৰপৰা ৪ একৰৰ ভিতৰত মাটি আছে আৰু সকলোৰে খেতি বৰষুণৰ ওপৰতে নিৰ্ভৰশীল। বৰষুণ পৰ্যাপ্ত নহ’লে খেতি অথলে যায়¸ গোণ্ড আদিবাসী সম্প্ৰদায়ৰ খেতিয়ক নাৰায়নে কয়।    

এইবছৰ জুলাই মাহলৈকে তেওঁৰ গাঁৱত বীজ প্ৰায় সিচা নাই বুলিয়েই ক’ব পাৰি। যিখিনি কঠিয়া পাৰিছিল¸ সেইখিনিও পানী নাপাই লেৰেলিব ধৰিছে। 

কিন্তু দুৰ্গাবাঈ দীঘোৰেৰ খেতিত অপৈণত অৱস্থাতে কঠিয়াখিনি হুৰমুৰকৈ ৰোৱা হৈছে। তাইৰ পৰিয়ালৰ এটা ব’ৰৱেল আছে। গাৰাড়াত চাৰি কি পাঁচ ঘৰ মান মানুহৰহে তেনে বিলাসিতা আছে। ৮০ ফুট কুঁৱা শুকাই যোৱাৰ পিছত সেই কুঁৱাতে দীঘোৰে াপৰিয়ালে ১৫০ ফুট দ ব’ৰৱেল বহুৱাইছিল। ২০১৮ত সেইটোও শুকাই যোৱাত তেওঁলোকে আকৌ নতুন এটা বহুৱাইছে।  

বাণ্টেয়ে কয় যে ব’ৰৱেলৰ দৃশ্য ইয়াত নতুন। কিছু বছৰ আগত ইয়াত ব’ৰৱেল দেখা নগৈছিল। ‘অতীতত ব’ৰ (ৱেল)ৰ প্ৰয়োজন হোৱা নাছিল,’ তেওঁ কয়। ‘এতিয়া পানী পাবলৈ নাই, বৰষুণৰো ভৰসা নাইকিয়া হ’ল, সেয়ে মানুহে ব’ৰৱেল খান্দিছে।’

২০১৯ৰ মাৰ্চৰ পৰাই গাওঁখনত মালগুজাৰি পুখুৰী দুটা শুকাবলৈ ধৰিছে, বাণ্টেয়ে কয়। সাধাৰণতে খৰাং পৰিলেও পুখুৰীকেইটাত অলপ পানী থাকে। ব’ৰৱেলবোৰে পুখুৰী দুটাৰ পানী শুহি নিছে বুলি তেওঁ কয়। 

এই জল-সংৰক্ষণক্ষম পুখুৰীকেইটা ১৭ৰ পৰা ১৮শ শতিকাত ধানখেতি হোৱা বিদৰ্ভ জিলাত স্থানীয় ৰজাৰ তত্বাবধানত নিৰ্মাণ কৰা হৈছিল। মহাৰাষ্ট্ৰ গঠন হোৱাৰ পিছত ৰাজ্যিক জলসিঞ্চন বিভাগে ডাঙৰ পুখুৰীবোৰৰ চোৱাচিতা আৰু পৰিচালনৰ দায়িত্ব লয়। আনফালে সৰু পুখুৰীবোৰৰ দায়িত্ব জিলা পৰিষদে লয়। এই জলাশয়বোৰৰ স্থানীয় লোকে সামূহিকভাবে দায়িত্ব লয় আৰু মাছ মৰা তথা জলসিঞ্চনৰ বাবে ব্যৱহাৰ কৰে। ভাণ্ডাৰা, চন্দ্ৰপুৰ, গাৰচিৰোলি, গন্দিয়া আৰু নাগপুৰ জিলাত এনেকুৱা প্ৰায় ৭ হাজাৰটামান পুখুৰী আছে। কিন্তু তাৰে বেছিভাগেই অৱহেলিত আৰু পৰিত্যক্ত অৱস্থাত আছে। 

After their dug-well dried up (left), Durgabai Dighore’s family sank a borewell within the well two years ago. Borewells, people here say, are a new phenomenon in these parts.
PHOTO • Jaideep Hardikar
Durgabai Dighore’s farm where transplantation is being done on borewell water
PHOTO • Jaideep Hardikar

তেওঁলোকে খন্দা পুখুৰী শুকোৱাৰ পিছত (বাওঁফালে) দুৰ্গাবাঈ দীঘোৰেৰ পৰিয়ালে সেই কুঁৱাটোতে দুবছৰ আগতে এটা ব’ৰৱেল বহুৱালে। এই ঠাইত ব’ৰৱেল অহা বেছিদিন হোৱা নাই। ব’ৰৱেলৰ পানী থকা কাৰণেহে দীঘোৰেৰ কঠিয়াতলিৰ কঠিয়াবোৰ ৰুব পৰা গৈছে

ট্ৰাক চাফা কৰা, অস্থায়ী শ্ৰমিক, কৃষি মজদুৰ নাইবা যি কামেই হাতলৈ আহে তাৰেই সন্ধানত বহু ডেকা ল’ৰাই ভাণ্ডাৰা, নাগপুৰ, মুম্বাই, পুণে, হায়দৰাবাদ, ৰায়পুৰ আদি চহৰলৈ ঢাপলি মেলিছে।

এনেদৰে কৰ্মসংস্থানৰ সন্ধানত হোৱা প্ৰব্ৰজন লোকপিয়লত প্ৰতিফলিত হৈছে। ২০০১ৰ পৰা ২০১১ৰ লোকপিয়লত মহাৰাষ্ট্ৰৰ জনসংখ্যা ১৫.৯৯ শতাংশ বাঢ়িছে। কিন্তু সেই সময়চোৱাত ভাণ্ডাৰাৰ জনসংখ্যা মাত্ৰ ৫.৬৬ শতাংশহে বাঢ়িছে। কৃষিক্ষেত্ৰত বৰ্দ্ধিত অনিশ্চয়তা, কৃষিশ্ৰমিকৰ কামৰ অভাৱ, ঘৰুৱা খৰচ বহনৰ অক্ষমতা আদি কাৰণত মানুহে ঘৰ এৰি কামৰ সন্ধানত ওলাই যোৱাটোৱে ইয়াৰ কাৰণ বুলি প্ৰতিবাৰৰ আলোচনাত উত্থাপিত হৈ আহিছে।

*****

ভাণ্ডাৰা মূলতঃ ধানখেতি প্ৰধান জিলা। জিলাখন বনাঞ্চলৰ মাজে মাজে খেতিপথাৰেৰে ভৰা। অঞ্চলটোত গঢ় বাৰ্ষিক বৃষ্টিপাত ১২৫০ মি.মি.ৰ পৰা ১৫০০ মি.মি. (কেন্দ্ৰীয় ভূজল ব’ৰ্ডৰ এক প্ৰতিবেদন মতে)। সাতখন তালুকৰ এই জিলাখনৰ মাজেৰে বৰ্ষজীৱি ৱাইগংগা  নদী বৈ গৈছে। ভাণ্ডাৰাত ঋতুজাত নদীও আছে আৰু প্ৰায় ১৫০০ টা মান মালগুজাৰী জলাশয় আছে বুলি বিদৰ্ভ জলসিঞ্চন নিগমৰ তথ্যত উল্লেখ আছে। ঋতুগত প্ৰব্ৰজনৰ ইতিহাস ইয়াত দীৰ্ঘদিনীয়া। পশ্চিম বিদৰ্ভৰ দৰে ভাণ্ডাৰাত কৃষকৰ আত্মহত্যাৰ লেখ নাই।

কেৱল ১৯.৪ নগৰীকৰণ ঘটা ভাণ্ডাৰা জিলাখন ক্ষুদ্ৰ আৰু উপান্ত কৃষকেৰে ভৰি আছে। নিজৰ খেতিমাটি আৰু কৃষিশ্ৰমৰ পৰা তেওঁলোকৰ আয় আহে। কিন্তু সবল জলসিঞ্চন অবিহনে কৃষিকাৰ্য বৰষুণৰ পানীৰ ওপৰতে নিৰ্ভৰশীল হৈ আছে। বৰ্ষাকাল শেষ হৈ অক্টোবৰ মাহ পৰাৰ পাছত জলভাণ্ডাৰৰ পানী কিছুমান খেতি মাটিতহে পানী যোগান ধৰিব পাৰে। 

কেন্দ্ৰীয় ভাৰতত, য’ত ভাণ্ডাৰা জিলা অৱস্থিত, তাত জুনৰ পৰা ছেপ্টেম্বৰৰ কালচোৱাত হ’বলগীয়া বৃষ্টিপাত কমিছে আৰু মুখলধাৰ বৰষুণৰ দিন বাঢ়িছে, এয়া বিভিন্ন প্ৰতিবেদনত প্ৰকাশিত তথ্যই ইয়াৰে ইংগিত দিছে। পুণেস্থিত গ্ৰীষ্মপ্ৰধান বতৰবিজ্ঞানৰ ভাৰতীয় প্ৰতিষ্ঠান চমুকৈ আইআইটিএমৰ  ২০০৯ এক অধ্যয়ন-এ এই কথাই দোহাৰিছে। বিশ্ব বেংকৰ ২০১৮ৰ এক অধ্যয়ন মতে ভাৰতৰ ১০টা জলবায়ু হটস্পটৰ ভিতৰত ভাণ্ডাৰা জিলা পৰে। আন নটা আছে বিদৰ্ভ, ছট্টিশগড় আৰু মধ্যপ্ৰদেশত। এইকেইটাও কেন্দ্ৰীয় ভাৰতৰে। ঠাইখনক ‘ক্লাইমেট হটস্পট’ আখ্যা দিয়া এক অধ্যয়নত কোৱা হৈছে যে গঢ় জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ জীৱিকা নিৰ্বাহৰ মানদণ্ডৰ ওপৰত পৰিব। বৰ্তমানৰ স্থিতি অব্যাহত থাকিলে সেই হটস্পটৰ বাসিন্দাসকলে বৃহৎ অৰ্থনৈতিক সংকটৰ মুখা-মুখি হ’বলগীয়া হ’ব পাৰে বুলি উক্ত অধ্যয়নত উল্লেখ কৰা হৈছে।                   

২০১৮ত ৰিভাইটেলাইজিং ৰেইনফেড এগ্ৰিকালচাৰেল নেটৱৰ্ক-এ ভাৰতীয় বতৰবিজ্ঞান বিভাগৰ মহাৰাষ্ট্ৰৰ বৃষ্টিপাতৰ তথ্যৰ ওপৰত ভিত্তি কৰি এক তথ্য-পত্ৰ প্ৰস্তুত কৰি উলিয়াইছে। তাতে বাখ্যা কৰা হৈছে এনেদৰেঃ প্ৰথমতে, ২০০০ৰ পৰা ২০১৭লৈকে বিদৰ্ভৰ প্ৰায় আটাইখন জিলাতে খৰাং বতৰৰ পৰিঘটনা আৰু তীব্ৰতা বৃদ্ধি পাইছে। দ্বিতীয়তে, দীৰ্ঘম্যাদী বাৰ্ষিক গঢ় বৃষ্টিপাতৰ দিনবোৰত বৰষুণৰ দিনৰ সংখ্যা কমা পৰিঘটনা নিৰন্তৰ ঘটিছে। তাৰমানে অঞ্চলটোত কম দিনত একে পৰিমাণৰ বৃষ্টিপাত হৈছে আৰু ইয়ে শস্যৰ বিকাশ ক্ষতিগ্ৰস্ত কৰিব। 

Many of Bhandara’s farms, where paddy is usually transplanted by July, remained barren during that month this year
PHOTO • Jaideep Hardikar
Many of Bhandara’s farms, where paddy is usually transplanted by July, remained barren during that month this year
PHOTO • Jaideep Hardikar

ভাণ্ডাৰাৰ বহু খেতিপথাৰত জুলাই মাহত ভূঁই ৰোৱা হয়, কিন্তু এইবছৰ জুলাই মাহতো পথাৰবোৰ উকা হৈ থাকিল 

দা এনাৰ্জি এণ্ড ৰিচৰ্ছেছ ইনষ্টিটিউট চমুকৈ টেৰি-এ কৰা ২০১৪ৰ এক অধ্যয়নত এনেদৰে কোৱা হৈছেঃ ‘১৯০১-২০০৩ৰ বৃষ্টিপাতৰ তথ্যত প্ৰকাশ পাইছে যে জুলাই মাহত মোচুমী বৃষ্টিপাতৰ পৰিমাণ কমি আহিছে (গোটেই জিলাখনতে), আনহাতে আগস্ত মাহত বৃষ্টিপাতৰ পৰিমাণ বাঢ়িছে...তাৰোপৰি, অত্যাধিক বৃষ্টিপাতৰ ঘটনাত মৌচুমী বৃষ্টিপাতৰ যোগদান বাঢ়িছে, বিশেষকৈ বৰ্ষা ঋতুৰ প্ৰাৰম্ভিক ভাগত (জুন আৰু জুলাইত)।’

‘মহাৰাষ্ট্ৰৰ জলবায়ু পৰিৱৰ্তনৰ বিপদগ্ৰস্ততা আৰু অভিযোজনৰ কাৰ্যনীতিঃ মহাৰাষ্ট্ৰ জলবায়ু পৰিৱৰ্তনৰ ৰাজ্যিক অভিযোজন পৰিকল্পনা’- শীৰ্ষক এক অধ্যয়নত বিদৰ্ভত ‘দীৰ্ঘম্যাদী খৰাং’, বৃষ্টিপাতৰ পৰিৱৰ্তিত ৰূপ আৰু পৰিমাণ হ্ৰাস পোৱা (বৃষ্টিপাতৰ)- এইকেইটা সংকটক মূল বিপদাশংকা বুলি চিনাক্ত কৰা হৈছে। 

অধ্যয়নটোত ভাণ্ডাৰাক এনে কেইখন জিলাৰ সমষ্টি বুলি কোৱা হৈছে য’ত প্ৰচুৰ বৃষ্টিপাত ১৪ৰ পৰা ১৮ শতাংশ (ভিত্তিৰেখাৰ আপেক্ষিকতাত) বৃদ্ধি পাব পাৰে আৰু বৰ্ষাকালত খৰাং দিনৰ সংখ্যাও বাঢ়িব পাৰে। অধ্যয়নত নাগপুৰ ডিভিজনত ১.১ৰ পৰা ১.৪ ডিগ্ৰী ছেলচিয়াছ (২০৩০ চনলৈ) আৰু ১.৯৫ৰ পৰা ২.২ ডিগ্ৰী ছেলচিয়াছ (২০৫০ চনলৈ) গঢ় উষ্ণতা বৃদ্ধি পাব পাৰে (বছৰি ২৭.১৯ ডিগ্ৰী উষ্ণতাক মধ্যমান হিচাপে লৈ)। ৰাজ্যখনৰ যিকোনো প্ৰান্তৰ বাবে এয়া সৰ্বোচ্চ।

পৰম্পৰাগতভাবে থকা পুখুৰী, নৈ আৰু পৰ্যাপ্ত বৰষুণৰ বাবে ‘সু-জলসিঞ্চন’ৰ ব্যৱস্থা থকা জিলা বুলি চৰকাৰী নথি-পত্ৰই স্থান পোৱা বৰ্ষানিৰ্ভৰ অঞ্চলটোত এনে পৰিৱৰ্তন ভাণ্ডাৰা কৃষি বিষয়াসকলৰো চকুত পৰিছে। ‘আমি জিলাখনত নিৰন্তৰ বৰষুণ হ্ৰাস পাই অহা লক্ষ্য কৰিছো, তাৰ ফলত বীজ সিচাৰ সময় আৰু শস্যৰ উৎপাদনত প্ৰভাৱ পৰিছে,’ ভাণ্ডাৰাৰ মহকুমাৰ কৃষি অধীক্ষক বিষয়া মিলিন্দ লেডে এই কথা কয়। ‘আগতে আমি ৬০ৰ পৰা ৬৫ দিন বৰষুণ পাইছিলো, কিন্তু যোৱা এটামান দশকৰ পৰা জুন-ছেপ্তেম্বৰ সময়চোৱাত বৰষুণৰ দিনৰ সংখ্যা ৪০ৰ পৰা ৪৫ দিনলৈ সীমাবদ্ধ হৈছে।’ ভাণ্ডাৰাৰ কিছুমান চক্ৰত, ২০খন ৰাজহ গাঁৱৰ সমষ্টিত এই বছৰ জুন আৰু জুলাই মাহত কথমপি ৬ কি ৭ দিনহে বৰষুণ হৈছে, মিলিন্দ লেডে কয়। 

‘মোচুমী বৰ্ষা বিলম্বিত হ’লে আপুনি উৎকৃষ্টমানৰ ধান উৎপাদন কৰিব নোৱাৰে,’ লেডে কয়। ‘কঠিয়া ৰোৱাৰ ২১ দিনৰ পিছত যদি কঠিয়া তুলি ভূঁই ৰোৱা নহয়, তেন্তে প্ৰতিদিনে প্ৰতি হেক্টৰ মাটিত ১০ কি.গ্ৰা.কৈ উৎপাদন হ্ৰাস পায়।’

কঠিয়া পাৰি পিছত সেয়া তুলি নি পথাৰত ৰোৱাতকৈ পোনপটীয়াকৈ পথাৰতে বীজ ছটিওৱাৰ পুৰণি পদ্ধতি জিলাখনত পুনৰাই ঘূৰি আহিবলৈ ধৰিছে। কিন্তু এনে কৰিলে অংকুৰিত বীজৰ সংখ্যা কমে। ফলত উৎপাদন কমে। কিন্তু প্ৰথমবাৰ বৰষুণত কঠিয়া বাঢ়িব নোৱাৰি গোটেইখিনি কঠিয়া হেৰুওৱাতকৈ পথাৰত পোনপটীয়াকৈ ছটিয়াই আংশিক লোকচানৰ সম্মুখীন হোৱাই ভাল। 

 Durgabai Dighore’s farm where transplantation is being done on borewell water.
PHOTO • Jaideep Hardikar

খাৰিফ ঋতুত ভাণ্ডাৰাৰ প্ৰায়ভাগ খেতিপথাৰেই ধানখেতিৰে ভৰি পৰে 

জুন-জুলাই মাহত কঠিয়াতলিত আৰু ভূঁই ৰোৱাৰ সময়ত ভাল বৰষুণৰ প্ৰয়োজন আছে, পূৱ বিদৰ্ভৰ ধান খেতি কৰা কৃষকৰ সৈতে লগ লাগি থলুৱা বীজ সংৰক্ষণৰ কাম কৰা ভাণ্ডাৰাৰ গ্ৰামীণ যুব প্ৰগতিক মণ্ডল নামৰ সংস্থাটোৰ অধ্যক্ষ অভিল বৰ্কাৰে কয়।  তাতে আকৌ বৰ্ষাকালৰ সময় সলনি হ’বলৈ ধৰিছে, তেওঁ কয়। অলপ ইফাল-সিফাল হ’লে তাৰ মোকাবিলা কৰিব পাৰি। ‘কিন্তু মোচুমী বৰ্ষা নাহিলে, তেওঁলোক বিবুধিত পৰে।’  

                                                                                     *****

জুলাই মাহৰ শেষৰ ফালে ভাণ্ডাৰাত বৰষুণ পৰিবলৈ ধৰে। কিন্তু জিলাখনত জুলাই মাহৰ শেষলৈ ১২ শতাংশ মান বীজহে সিচা শেষ হৈছিল, মহকুমাৰ কৃষি অধীক্ষক বিষয়া মিলিন্দ লেডে কয়। ভাণ্ডাৰাৰ খাৰিফ ঋতুত খেতিৰ যোগ্য ১.২৫ লাখ হেক্টৰ কৃষিভূমিৰ প্ৰায়ভাগতেই ধানখেতিয়েই কৰা হয়, তেওঁ উল্লেখ কৰে।

মৎস্যজীৱি সম্প্ৰদায়ৰ জীৱিকাৰ অন্যতম উপায় হিচাপে থকা জিলাখনৰ প্ৰায়ভাগ মালগুজাৰি জলাশয়বোৰ শুকাই গৈছে। গাঁৱৰ মানুহে কেৱল পানীৰ কথা পাতিছে। কৃষিয়েই এতিয়া একমাত্ৰ নিয়োগৰ সংস্থান। বৰ্ষাকালৰ প্ৰথম দুটা মাহত মানুহে কোৱা মতে ভাণ্ডাৰাত ভূমিহীন শ্ৰমিকৰ বাবে একো কামেই নাছিল, আৰু যদি এতিয়া বৰষুণ দিয়েও, খাৰিফ শস্যৰ ৰোপন ইতিমধ্যে বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। 

ইখনৰ পিছত সিখন পথাৰ আপুনি খালি পৰি থকা দেখিব। মুগা ৰঙৰ চহোৱা মাটিবোৰ ৰ’দতে শুকাই কৰ্কৰীয়া হৈছে, তাৰ মাজে মাজে আছে শুকাই লেৰেলিব ধৰা কঠিয়াতলি। তাৰে কিছুমান কঠিয়াতলি সাৰৰ জোৰতহে খন্তেকীয়া শ্ৰীবৃদ্ধি পাই সেউজীয়া হৈ আছে।

গাৰাড়া আৰু ৰাৱনবাৰীৰ উপৰিও ভাণ্ডাৰাৰ ধাৰাগাওঁ চক্ৰৰ ২০ খনমান গাঁৱত এই বছৰ ভাল বৰষুণ হোৱা নাই বুলি লেডে কয়। যোৱা কেইটামান বছৰতো বৰষুণ ভাল হোৱা নাই। ভাণ্ডাৰাৰ বৃষ্টিপাতৰ তথ্য মতে জিলাখনত জুনৰ পৰা ১৫ আগস্ত, ২০১৯লৈকে বৰষুণৰ ঘাটি ২০ শতাংশ। আকৌ ২৫ জুলাইৰ পাছৰ চোৱা সময়ত ৭৩৬ মি.মি. বৰষুণ লিপিবদ্ধ কৰা হৈছে (সেই সময়চোৱাৰ দীৰ্ঘম্যাদী গঢ় ৮৫২ মি.মি.ৰ বিপৰীতে)। আগস্ত মাহৰ প্ৰথম পক্ষত জিলাখনত বৰষুণৰ সাংঘাতিক ঘাটি হৈছে।

বৃষ্টিপাতৰ তাৰতম্যৰ কথা ভাৰতীয় বতৰবিজ্ঞান বিভাগৰ চক্ৰভিত্তিক তথ্যত স্পষ্ট নহয়। বিভাগৰ তথ্য মতে উত্তৰ দিশত থকা তুমসাৰত বৰষুণ ভাল হৈছে, সোমাজত থকা ধাৰগাঁৱত ঘাটি হৈছে আৰু দক্ষিণ দিশত থকা পাউনিত অলপ ভাল বৰষুণ হৈছে। 

Maroti and Nirmala Mhaske (left) speak of the changing monsoon trends in their village, Wakeshwar
PHOTO • Jaideep Hardikar
Maroti working on the plot where he has planted a nursery of indigenous rice varieties
PHOTO • Jaideep Hardikar

মাৰটি আৰু নিৰ্মলা হাস্কে (বাওঁফালে) তেওঁলোকৰ গাওঁ ৱাকেশ্বৰত মৌচুমী বৰষুণৰ প্ৰকৃতি সলনি হোৱাৰ কথা কৈছে। মাৰটিয়ে থলুৱা ধানৰ প্ৰজাতিৰ কঠিয়াতলি এখনত কাম কৰি আছে

যাহওঁক, বৃহৎ তথ্যই তৃণমূল পৰ্যায়ত মানুহৰ ক্ষুদ্ৰ পৰ্যবেক্ষণবোৰ প্ৰতিফলিত হোৱা নাই। বৰষুণ বহুসময়ত ক্ষণিক সময়ৰ বাবেহে আহে, কেতিয়াবা কেইমিনিটমানৰ কাৰণে। কিন্তু বিভাগৰ ৰেইন-গজ ষ্টেশ্যনত বৰষুণ সম্পূৰ্ণ দিনটোৰ বাবে লিপিবদ্ধ হৈ ৰয়। আপেক্ষিক উষ্ণতা, তাপ বা আৰ্দ্ৰতা আদিৰ ওপৰত গাওঁ পৰ্যায়ৰ কোনো তথ্য নাই।

৭৫ শতাংশ মাটিত বীজ সিচিব নোৱাৰা সকলো কৃষকক ক্ষতিপুৰণ দিবলৈ ১৪ আগস্তৰ দিনা জিলা উপায়ুক্ত ড. নৰেশ গীতে বীমা কোম্পানীবোৰক নিৰ্দেশ দিয়ে। প্ৰাৰম্ভিক অৱস্থাত ধাৰ্য কৰা মতে বীজ নিসিচা ৭৫,৪৪০ হেক্টৰ খেতিমাটিৰ বিপৰীতে ১.৬৭ লাখমান কৃষক আছে।

ছেপ্তেম্বৰ মাহলৈ ভাণ্ডাৰাত সেই সময়চোৱাত দীৰ্ঘম্যাদী গঢ় বৃষ্টিপাত ১,২৮০.২ মি.মি.ৰ তুলনাত বৃষ্টিপাত আছিল ১,২৩৭.৪ মি.মি. (জুনৰ পৰা আৰম্ভ কৰি) বা শতাংশ হিচাপত ৯৬.৭ শতাংশ। ইয়াৰে প্ৰায়খিনি বৃষ্টিপাত হৈছিল আগস্ত আৰু ছেপ্তেম্বৰ মাহৰ ভিতৰত। ইতিমধ্যে জুন-জুলাই মাহৰ বৃষ্টিপাতৰ ওপৰত নিৰ্ভৰ কৰা খাৰিফ শস্যৰ বীজ সিচা সময়খিনি পাৰ হৈ গৈছিল। বৰষুণৰ পানীয়ে ৰাৱনবাৰী, গাৰাড়া জংলী, আৰু ৱাকেশ্বৰৰ মালগুজাৰি পুখুৰীবোৰ ভৰাই পেলাইছিল। কিছু খেতিয়কে আগস্ত মাহৰ প্ৰথম সপ্তাহত পুনৰাই বীজ সিঁচাৰ চেষ্টা কৰিলে। হ্ৰস্বম্য়াদী ধানৰ বীজো কিছুমানে ছটিয়ালে। উৎপাদন হ্ৰাস পাব পাৰে আৰু নৱেম্বৰৰ শেষলৈ শস্য চপাবলগীয়া হ’ব।

*****

জুলাই মাহত ৬৬ বৰ্ষীয় মাৰটি আৰু ৬২ বৰ্ষীয় নিৰ্মলা হাস্কে বিপাঙত পৰিছিল। অনিশ্চিত বৰষুণৰ দিনবোৰ কঠিন, এয়া দুয়োৰে মনৰ কথা। আগৰ দৰে ৪, ৫ আনকি ৭ দিনৰ নেৰানেপেৰা বৰষুণৰ দিন এতিয়া নাই। এতিয়া চেগা-চোৰোকাকৈ বৰষুণ হয়, কেইঘণ্টামানৰ কাৰণে ধাৰাসাৰ বৰষুণ হয়, তাৰ মাজে মাজে তীব্ৰ খৰাং আৰু গৰম পৰে।

প্ৰায় এটা দশক ধৰি তেওঁলোকে মৃগ নক্ষত্ৰ কালচোৱাত অৰ্থাত জুনৰ আৰম্ভণিৰ ভাগৰ পৰা জুলাইৰ প্ৰথমভাগলৈ ভাল বৰষুণ দেখা নাই। এইখিনি সময়তে তেওঁলোকে কঠিয়াতলিৰ পৰা ২১ দিনীয়া কঠিয়া তুলি বোকামাটি-পানীৰে ভৰা পথাৰত ৰোৱে। অক্টোবৰৰ শেষৰ ফালে খেতি চপাবৰ হয়। এতিয়া তেওঁলোকে খেতি চপাবলৈ নবেম্বৰ মাহলৈ, কেতিয়াবা আকৌ ডিচেম্বৰ মাহলৈ বাট চাবলগীয়া হয়। বিলম্বিত বৰষুণে উৎপাদনত প্ৰভাৱ পেলায় আৰু দীৰ্ঘদিনীয়া উৎকৃষ্ট মানৰ ধানৰ প্ৰজাতিৰ খেতি সীমাবদ্ধ কৰে।

‘ইমান সময়ে (জুলাইৰ শেষলৈ) আমি ভূঁই ৰুই শেষ কৰিব লাগিছিল,’ ৱাকেশ্বৰত নিৰ্মলাক সাক্ষাৎ কৰোতে মোক তেওঁ এই কথা কৈছিল। অইন বহুতো খেতিয়কৰ দৰে হাস্কেও ভূঁই ৰুবলৈ বৰষুণৰ অপেক্ষা কৰিছে। তেওঁলোকৰ খেতিত কাম কৰা সাতজন শ্ৰমিকৰ বাবে কাম একেবাৰে নোহোৱা হৈছে, তেওঁলোকে কয়। 

হাস্কেৰ পুৰণি ঘৰৰ সমুখত দুই একৰ খেতি মাটি আছে। তাতে তেওঁলোকে শাক-পাচলি আৰু থলুৱা প্ৰজাতিৰ ধানৰ খেতি কৰে। পৰিয়ালটোৰ ১৫ একৰ মাটি আছে। মাৰটি হাস্কেক তেওঁৰ সুনিপুণ পদ্ধতিৰে কৰা খেতি আৰু প্ৰচুৰ উৎপাদন ক্ষমতাৰ বাবে পাকৈত খেতিয়ক বুলি জনা যায়। কিন্তু বৰষুণৰ ৰেহৰূপ সলনি হোৱা, বিস্তৃতিৰ বিসংগতি আদিয়ে তেওঁকো বিবুধিত পেলাইছে। তেওঁ কয়, ‘কেতিয়া কিমান বৰষুণ দিব নাজানিলে আপুনি খেতিৰ পৰিকল্পনা কেনেদৰে কৰিব?’  

দেশব্যাপী জলবায়ু পৰিৱৰ্তনৰ ওপৰত পাৰিয়ে কৰা প্ৰতিবেদনৰ প্ৰকল্পটো হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ পৰিঘটনাক লিপিবদ্ধ কৰাৰ বাবে ইউএনডিপি সমৰ্থিত পদক্ষেপৰ এক অংশ।

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিব বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখি এই ইমেইল ঠিকনালৈ লিখক- [email protected]

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Jaideep Hardikar

জয়দীপ হাৰ্ডিকাৰ হৈছে নাগপুৰৰ একেধাৰে সাংবাদিক আৰু লিখক, লগতে পৰি(PARI)ৰ ঘনিষ্ঠ টিম মেম্বাৰ।

Other stories by Jaideep Hardikar