'বাউল' শব্দটো সংস্কৃত বাতুল শব্দৰ পৰা অহা, যাৰ অৰ্থ হৈছে উন্মাদ, বিশৃংখল অথবা ভুতে ধৰা। 'বাউল' মানে বেংগলত সৃষ্টি হোৱা একধৰণৰ সংগীতৰ ধাৰাকো বুজোৱা হয়।

বাউল সম্প্ৰদায়টো সাধাৰণতে যাযাবৰ। বাউল হৈছে এক ইছলাম, হিন্দু আৰু বৌদ্ধধৰ্মৰ সংমিশ্ৰণেৰে গঢ় লৈ উঠা একপ্ৰকাৰৰ ধৰ্ম। সমাজৰ পাৰম্পৰিক নীতি-নিয়ম অস্বীকাৰ কৰি সংগীতকে তেওঁলোকে একতাৰ শক্তি বুলি বিবেচনা কৰে। তেওঁলোকৰ গানেই জীৱনৰ এক স্পষ্ট দৰ্শন দাঙি ধৰে। বাউল সেই সম্প্ৰদায়টোৰ মাজত সৃষ্টি হোৱা নাই। সেই সংগীতৰ ধাৰাকেই তেওঁলোকে জীৱন যাপনৰ অৱলম্বন হিচাপে লৈছে আৰু গুৰুৰ অধীনত এয়া আৰম্ভ কৰিছে।

বাউল বুলি কোৱ মহিলা আৰু পুৰুষ সকলোৰে বৈশিষ্টসুলভ পোচাক, নকটা আৰু জঁট লগা চুলি, গেৰুৱা ধুতী বা শাৰী, গলত ৰুদ্ৰাক্ষৰ মালা থাকে আৰু হাতত একতাৰা এটা লৈ ফুৰে। আজিৰ তাৰিখলৈ মৌখিক গীতেই তেওঁলোকৰ অৱলম্বন আৰু গান গোৱাৰ বাবদ পোৱা পইছাই তেওঁলোকৰ জীৱন নিৰ্বাহৰ একমাত্ৰ উৎস। গায়কৰ জনপ্ৰিয়তাৰ ওপৰত ভিত্তি কৰি এজন বাউলে গীত পৰিৱেশনৰ বাবদ ২০০ টকাৰ পৰা আৰম্ভ কৰি ১০০০ টকালৈ মাননি পায়।

PHOTO • Sinchita Maji

দোতাৰা আৰু খামাকঃ বাউলসকলৰ জীৱন দৰ্শনৰ প্ৰতিফলন ঘটা গীত গোৱাৰ সময়ত তেওঁলোকে ব্যৱহাৰ কৰা ভালেমান বাদ্যযন্ত্ৰৰ দুবিধ

বাঁহী, ধোল, খামাক, কৰ্তাল, দোতাৰা, তবলা, ঘুংগৰু, ডুপকি আৰু আটাইতকৈ গুৰুত্বপুৰ্ণ একতাৰাৰে সংগত কৰা বাউল গীতত দুটা বিষয়ৰ ওপৰত ঘাইকৈ প্ৰাধান্য দিয়া হয়ঃ দেহ সাধনা (দেহৰ অভিব্যক্তি) আৰু মন সাধনা (মনৰ অভিব্যক্তি)।

প্ৰত্যেক বছৰে পশ্চিম বংগৰ বিৰভুম জিলাত দুখনকৈ বাউল সংগীতৰ মেলা অনুষ্ঠিত কৰা হয়- জানুৱাৰিৰ মাজভাগত জয়দেৱ-কেন্দুলি গাঁৱত পতা কেন্দুলি মেলা আৰু ডিচেম্বৰৰ শেষৰ ফালে বলপুৰ চহৰৰ শান্তিনিকেতন অঞ্চলত পতা পৌচ মেলা। এই ঠাইত দুৰ-দুৰণিৰপৰা বাউলসকলৰ সমাগম ঘটে। বাউলসকলে আন ভালেমান স্থানত একেধৰণৰ সৰু-সুৰা অনুষ্ঠানত পৰিৱেশন কৰে।

PHOTO • Sinchita Maji

বাউল জীৱনত যাপন কৰাৰ প্ৰাৰম্ভিক পৰ্যায়ৰ কথা কোৱাৰ সময়ত বলপুৰৰ স্বগৃহত বাসুদেৱ দাস

বয়সে ৪০ৰ ঘাই পাৰ কৰা বাসুদেৱ দাসৰ ঘৰ পশ্চিম বংগৰ বলপুৰ চহৰত। তেওঁ গান গোৱাৰ লগতে ভালেমান লৰা-ছোৱালীক শিকায়। তেওঁৰ ঘৰলৈ সকলোকে তেওঁ স্বাগতম জনায় আৰু প্ৰত্যেককে তেওঁ পৰিয়ালৰ লোকৰ দৰেই আচৰণ কৰে। তেওঁৰ সৈতে থাকি তেওঁৰ শিষ্যসকলে বাউল জীৱনৰ সাধনা কৰে।

এই ছবিখনত তেওঁ দুটা গীত গাইছে। প্ৰথমটো গীত হৈছে সৰ্বশক্তিমানৰ সন্ধানক লৈ গোৱাঃ ইশ্বৰ মোৰ কাষতে থাকে, গীতটোত কোৱা হৈছে। কিন্তু আমি দেখা পোৱাত ব্যৰ্থ। মই গোটেই জীৱনজুৰি ইশ্বৰৰ সন্ধান কৰিছো কিন্তু মোক দিকদৰ্শন কৰা যাতে মই তেওঁক লগ পাও।

দ্বিতীয় গীতটোত এগৰাকী গুৰুৰ কথা কোৱা হৈছেঃ ইয়াত গুৰুৰ প্ৰতি নিষ্ঠাৰ কথা কোৱা হৈছে। তোমাক শিকোৱাজনক প্ৰাৰ্থনা কৰা। বস্তুবাদী জগতৰ একেৱেই তোমাৰ লগত সদায় নাথাকে, কিন্তু তোমাক যি শিকোৱা হয় সেয়া সদায় তোমাৰ লগত থাকিব। সেয়ে তোমাৰ গুৰুৰ প্ৰতি কৃতজ্ঞতা যাঁচিবলৈ নাপাহৰিবা। তুমি তোমাৰ ঘৰ-মাটি এৰি আহিবা, তুমি একোৱেই লৈ যাব নোৱাৰা…এই বিশ্বব্ৰহ্মাণ্ডত তুমি ইমানেই তুচ্ছ যে তুমি কি সেয়া তুমি নিজেই নাজানা…সেয়ে গুৰুৱে দেখুওৱা দিক্ অনুসৰণ কৰা।

অনুবাদকঃ ৰশ্মি ৰেখা দাস

ৰশ্মিৰেখা দাস এগৰাকী সাংবাদিক তথা অসমীয়া অনলাইন বাতৰিৰ প’ৰ্টেল newsnextone.com ৰ ৱেব এডিটৰ। তেখেতৰ মেইল আইডি হৈছে

Sinchita Maji

চিনচিতা মাঝি পিপলচ আৰ্কাইভ অব ৰুৰেল ইণ্ডিয়াৰ ভিডিঅ সমন্বয়ক আৰু এগৰাকী মুক্ত ফটোগ্ৰাফাৰ আৰু তথ্যচিত্ৰ নিৰ্মাতা। এই লিখনীটো তেওঁৰ ২০১৫-১৬ চনৰ পৰি ফেলোশ্বিপৰ অধীনত কৰা হৈছিল।

Other stories by Sinchita Maji