এইবাৰ বতৰ ভাল আছিল| পৰ্যাপ্ত বৰষুণ হোৱাৰ বাবে উত্পাদন যথেষ্ট বৃদ্ধি পাইছিল| ২৮ বছৰীযা খেতিয়ক সন্দীপ ঠাৱকাৰে ভবিছিল বিলাহী খেতিৰ পৰা তেওঁ ভালকৈ উপাৰ্জন কৰিব পাৰিব|

বিগত বর্ষত, নাগপুৰৰ পৰা ৬৫ কিলোমিটাৰ নিলগৰ বিৰখান্দি অঞ্চলত তেওঁৰ প্ৰতিবেশীসকলে বিলাহী খেতিৰ প্ৰচুৰ লাভ কৰা দেখি সন্দীপেও তেওঁৰ চাৰি একৰৰ পামখনৰ ডেৰ একৰত বিলাহী খেতি কৰি ভাগ্য পৰীক্ষা কৰিব বিচাৰিলে, যদিও তেওঁ ছয়াবীন আৰু কপাহ খেতিহে ইমান দিনে কৰি আহিছিল|

ডিচেম্বৰৰ মাজ ভাগত স্থানীয় বীজেৰে কৰা খেতিৰ বিলাহীবোৰ বিক্ৰীৰ বাবে সাহস কৰাৰ প্ৰাক্ মূহুর্তত বজাৰত বস্তুৰ মূল্য হঠাত নিম্নগামী হৈ পৰিল| জানুৱাৰীৰ প্ৰথম সপ্তাহত ২৫ কিলোগ্রামকৈ ভৰোৱা ২৫ বাকচ বিলাহী প্ৰতি কিলোগ্রামত ১.২০ টকাকৈ বিক্ৰী কৰিব লগা হল|

এই দামেৰে আনকি তেওঁৰ শ্রমিকক দিয়া মজুৰীৰ ধনখিনিযেই হাতলৈ নাহিল। ইফালে আকৌ পৰিবহণ আৰু পেকিং তথা বজাৰৰ এজেন্টৰ কমিচনৰ হিচাপ আছেই| নিজৰ বিনিয়োগ আৰু পৰিয়ালৰ শ্রমৰ কথা নকলেও হব|

ডিচেম্বৰত বজাৰৰ পৰা ঘৰলৈ উভতি আহি সন্দীপে ভাগিনীয়েক শচীনৰ ট্রেক্টৰখন খুজি আনিলে| বাকী থকা বিলাহী খেতিৰ ওপৰেৰে সন্দীপে ট্রেক্টৰ চলাই মহতিয়াই পেলালে| বিলাহী খেতিৰ বাবেই যোৱা চাৰি মাহ তেওঁ নিজে, তেওঁৰ পত্নী ডাঙৰ ভগ্নি আৰু এগৰাকী খুৰীযেকে দিনে-নিশাই কাম কৰিছিল। বিলাহীৰ পুলি ৰুইছিল, পানী দিছিল, কীট-পতংগই আক্ৰমণ কৰিব বুলি পহৰা দি আছিল|

PHOTO • Jaideep Hardikar

পৰিয়ালৰ খেতিডৰাত সন্দীপ ঠাৱকাৰৰ পৰিয়ালটো, (বাওফালৰপৰা সোঁফাললৈ) ডাঙৰ ভনি পুষ্পা তিজাৰে, খুড়ীয়েক হেমলতা ঠাৱকাৰ আৰু ঠাৱকাৰৰ পত্নি মঞ্জুসা

নিৰাশ আৰু লোকচানৰ বাবেই তেওঁ বিলাহী খেতি নষ্ট কৰি পেলালে| মার্চ মাহলৈকে বিলাহীৰ উত্পাদন হয়| মই ইতিমধ্যে ৫০ হাজাৰ টকা খৰছ কৰিছো। আকৌ অৱশিষ্ট বিলাহী খেতি অহা কেইমাহ চলাই থাকিবলৈ কীটনাশক তথা শ্রমিকৰ মজুৰীৰ বাবে আৰু ২০ হাজাৰ টকা খৰছ কৰিব লাগিব, সন্দীপে কলে|

অধিক বিনিয়োগ কৰা মানে অধিক লোকচান ভৰিব লাগিব| দাম বঢ়াৰ আশা দেখা নাই| গতিকে আন খেতি কৰি ভাগ্য পৰীক্ষা কৰিব লাগিব যি খেতি মার্চ-এপ্ৰিলত চপাব পাৰি| তেতিয়াহে মুঠ লোকচানৰ কিছু পূৰাব পাৰিম, তেওঁ কলে|

সন্দীপে কয় যে প্ৰতি কিলোত ১০ টকাকৈ দাম পোৱা হলেও তেওঁ কোনোমতে ৰক্ষা পৰিলহেতেঁন। কিন্তু ৮ নৱেম্বৰত নোট বন্ধ কৰি দিযা ঘোষণাই মূল্যৰ পতন ঘটালে|

বিৰখান্দি গাঁৱৰ পৰা ২০ কিলোমিটাৰ নিলগৰ দুয়োফালে থকা ভিৱাপুৰ আৰু উমৰেড চহৰৰ স্থানীয় ব্যৱসায়ীসকলে কেৱল বিমুদ্ৰাকৰণকে এই পৰিস্থিতিৰ বাবে দায়ী নকৰে|

নদন-বদনকৈ উত্পাদন হোৱা শস্য বজাৰ দৰৰ পতনত জাহ গল| নৱেম্বৰ-ডিচেম্বৰ-জানুৱাৰীত প্ৰতি বছৰে শাক-পাচলিৰ দৰ বজাৰত কিছু পৰিমানে নিম্নগামী হয়, এই বেলি বিলাহীও প্ৰচুৰ উত্পাদন হৈছিল| উমৰেড মান্দিত ৩৮ বছৰীয়া বান্তি চাকোলে কলে|

মই কব লাগিব যে মোৰ ২০ বছৰীয়া এই কামৰ জীৱনত পৰিস্থিতিৰ ইমান অৱনতি ঘটা দেখা নাছিলো| তেওঁ কলে ৮ নৱেম্বৰৰ পিচত মূল্য দ্রুতগতিত নিম্নগামী হল|

এই সময়ছোৱাত চাৰিওফালে যিহেতু উত্পাদন হয়, সেয়ে প্ৰতি বছৰে শাক-পাচলিৰ মূল্য নিম্নগামী হয়, সম্ভৱত নগদ ধনৰ হৰলুকীযে মূল্য হ্রাস হোৱাত অধিক অৰিহনা যোগালে| ৰাজহুৱা বিত্ত আৰু নীতিৰ ৰাষ্ট্ৰীয় সমিতিৰ দ্বাৰা ধাৰাবাহিকভাবে বিমুদ্রাকৰণ সম্পর্কে প্ৰকাশ কৰা লেখাত কেন্দ্রীয় চৰকাৰৰ প্ৰাক্তন মুখ্য অর্থনৈতিক উপদেষ্টা ড. অশোক কুমাৰ লাহিড়ীযে এই মন্তব্য কৰিছে|

নাগপুৰ কৃষিজাত সামগ্রী বজাৰ সমিতিৰ পৰিসংখ্যাৰ তালিকাত বিমুদ্রাকৰণৰ পিচত আৰু পূর্বে মূল্যৰ বৃহত্ পার্থক্য দেখা যায়|

৮ নৱেম্বৰৰ আগতে, নাগপুৰৰ পৰা ৫০ কিলোমিটাৰ নিলগৰ চিচোলিৰ বান্দু ঘোৰমাড়েই সামান্য কম দাম হলেও প্ৰতি কিলো বিলাহী ৮ টকা দামত বিক্ৰী কৰিছিল। প্ৰচুৰ বিলাহীৰে বজাৰ ভৰি পৰাৰ বাবে এতিযা প্ৰতি কিলোৰ মূল্য ১ টকালৈ নামি গল|

PHOTO • Jaideep Hardikar

বিৰখান্দী গাঁৱৰ আন এগৰাকী বিলাহী খেতিয়ক পণ্ডিত ঠাৱকাৰ তেওঁৰ পত্নি শান্তাবাই। সমুখত তেওঁলোকৰ নিজ পামত বস্তাত ভৰোৱা সতেজ বিলাহী। ভিৱাপুৰ চহৰৰ বজাৰত পাইকাৰী দাম ১ টকাতকৈ তলত নামিছে হেতুকে এইবাৰ খেতিৰপৰা একো লাভ নহব, ঠাৱকাৰে কয়

২০১৫ চনৰ ডিচেম্বৰ-জানুৱাৰী মাহত দেশীয় বীজৰ উত্পাদন কৰা প্ৰতি কিলোগ্রাম বিলাহীৰ গড় দাম আছিল ১৫ টকা আৰু হাইব্রীড বিলাহীৰ প্ৰতি কিলোগ্রামৰ দাম ৩৭.৫ টকা হৈছিল| যোৱা বছৰৰ ১ নৱেম্বৰৰ পৰা ২৫ ডিচেম্বৰৰ সময়খিনিত হাইব্রীড বিলাহীৰ প্ৰতি কিলোগ্রামৰ গড় দাম ২৯ টকাৰপৰা ৫.৫০ টকালৈকে নামি যায়| দেশৰ ২৯ খন বৃহত্ বজাৰত এই অৱস্থাৰ সৃষ্টি হয় বুলি ৰাষ্ট্ৰীয় উদ্যান শস্য বোর্ডৰ তথ্যত প্ৰকাশ পাইছে|

ৰাইপুৰৰ বজাৰত হাইব্রীউ বিলাহীৰ প্ৰতি কিলোগ্রামৰ দাম ৪ টকালৈ নামি গৈছিল| সত্তীশগড়ৰ য়শপুৰ জিলাৰ বজাৰত দেশী বিলাহীৰ দাম কিলোৱে প্ৰতি ৫০ পইচালৈ নামি গৈছিল| ফলস্বৰূপে হতাশাগ্রস্ত বিলাহী খেতিয়কে শ শ টন বিলাহী ৰাজপথত দমাই থৈছিল|

নাগপুৰৰ পৰা ৮০ কিলোমিটাৰ নিলগৰ ৱার্দ্ধা চহৰত প্ৰমন ৰবিন নামৰ খেতিয়কজনে ২৭ ডিচেম্বৰত চহৰৰ ব্যস্ত চাৰিআলিত টেম্পো ৰাখি ৪০০ কিলোগ্রাম বিলাহী মাত্র চাৰিঘন্টাতে বিনামূল্য বিলাই দিছিল|

৯ একৰ মাটিৰ গৰাকী এই খেতিয়কজনে তিনি একৰৰ বেচি মাটিত বিলাহীৰ খেতি কৰিছিল, তেওঁ ভাবিছিল বিনিয়োগ কৰা ১ লাখ টকা দুগুণ কৰিব পাৰিব| কিন্তু ব্যৱসাযীযে যেতিয়া কিলোৱে প্ৰতি ১ টকাকৈ তেওঁক দাম আগবঢ়ালে, তেতিয়া তেওঁ বিনামূল্যেই বিলাই দি মানুহৰ শুভাশীষ লোৱা ভাল হব বুলি ভাবিলে|

২ জানুৱাৰীত সংবাদ সংস্থা এএনআইৰ খবৰত প্ৰকাশ পাইছিল যে বিমুদ্ৰাকৰণৰ বিৰুদ্ধে প্ৰতিবাদ জনাই যুৱ প্ৰগতিশীল কিষান সংঘৰ এদল সদস্যই ৰাইপুৰত ১ লাখ কিলোগ্রাম বিলাহীকে ধৰি বিভিন্ন শাক-পাচলি বিনামূল্য বিলাই দিছিল|

বিৰখান্দীত বিলাহী খেতি ট্রেক্টৰেৰে মহতিয়াই আন খেতি কৰাৰ কথা সন্দীপে নিজেই বিস্ময়াভিভূত হৈ পৰিছে যে কি খেতি কৰিব| সেই মাটিত উৰহী ৰঙালাও নে ভেণ্ডিৰ খেতি। যি খেতিযেই নকৰক, লাভ হোৱাৰ নিশ্চয়তা কত?

মই বজাৰ দামলৈ চাই লব লাগিব আৰু তাৰপিচত জুৱাত নামিম| নিস্তেজ হাঁহিভৰা মুখেৰে এইদৰে কয় সন্দীপে|


এই লেখনীটো ( ইয়াতে সামান্য সংশোধন কৰা হৈছে ) মূলতঃ দা টেলিগ্ৰাফ , কলকাতাত ২০১৭ বৰ্ষৰ ৭ জানুৱাৰীত প্ৰকাশ পাইছিল।

Jaideep Hardikar

Jaideep Hardikar is a Nagpur-based journalist and writer, and a PARI core team member.

Other stories by Jaideep Hardikar