The ghost of demonetisation
• Aurangabad, Maharashtra

বিমুদ্ৰাকৰণৰ ভূত

নগদৰ ওপৰতে ভিত্তি কৰি চলা কৃষিজাত বাণিজ্যনিৰ্ভৰ গ্ৰামীণ মাৰাথাৱাড়াত কৃষকে ২০১৬ বৰ্ষৰ নবেম্বৰ মাহৰ বিমুদ্ৰাকৰণৰ প্ৰভাৱত বাউঞ্চ হোৱা চেক, বেংকৰ সা-সুবিধাগীন স্থিতি আৰু শস্যৰ দৰ কমি অহা আদিৰ বিভিন্ন সমস্যাৰ মাজতে পাকঘুৰণি খাই আছে

১৫ ছেপ্তেম্বৰ, ২০১৭ | পাৰ্থ এম.এন.


বিমুদ্ৰাকৰণৰ পাখাখেলত বিলাহীৰ বিপৰ্যয়

এইবাৰৰ শীত কালত বিদর্ভৰ শাক-পাচলিৰ খেতিয়কে বিলাহীৰ ব্যাপক উত্পাদন দেখি প্ৰচুৰ আশাবাদী হৈ উঠিছিল| কিন্তু ৮ নৱেম্বৰৰ পিছত পুৰণি মুদ্রাৰ প্ৰচলন নিষিদ্ধকৰণে বজাৰক মৰিশালিলৈ পৰিণত কৰাত তেওঁলোকৰ আশাত চেঁচা পানী পৰিল

১৩ জানুৱাৰী, ২০১৭ | জয়দীপ হাৰ্ডিকাৰ

https://ruralindiaonline.org/articles/a-bad-tomato-gamble-with-demonetisation-as-the-dice


বিমুদ্ৰাকৰণে অভূতপূৰ্ব সংকটলৈ ঠেলি দিলে নাচিকৰ বিলাহীখেতি

দেশৰ প্ৰতি চাৰিটা বিলাহীৰ এটাকৈ উৎপাদন কৰা মহাৰাষ্ট্ৰৰ নাচিক জিলাৰ খেতিয়কে ৮ নবেম্বৰত ঘোষণা কৰা বিমুদ্ৰাকৰণৰ পিছৰেপৰা চলি থকা নিম্ন দৰৰ বাবেই ধ্বংস কৰি পেলাইছে লহপহকৈ বাঢ়ি অহা বিলাহী খেতি

৪ জানুৱাৰী, ২০১৭ | আনিকেট আগা আৰু চিত্ৰাংগদা চৌধুৰী
https://ruralindiaonline.org/articles/notebandi-takes-the-sauce-out-of-nashiks-tomatoes/


বিমুদ্রাকৰণৰ বিপৰ্যয়ত অর্ধাহাৰী শ্রমজীৱী

অন্ধ্রপ্ৰদেশৰ বুচার্লাৰ দৰিদ্র প্ৰব্রজনকাৰীসকল বার্ষিক উত্সৱ উপলক্ষে নিজৰ ঘৰলৈ উভতি আহি দেখে যে উত্পাদন হ্রাস পোৱাতকৈয়ো নগদ ধনৰ সংকটৰ বাবে স্থানীয় কৃষি পামবোৰত কাম নোহোৱা হৈছে| উত্সৱৰ সময়তো তেওঁলোকে ভালকৈ খাবলৈ নোপোৱা হল

২৬ ডিচেম্বৰ, ২০১৬ | ৰাহুল এম.
https://ruralindiaonline.org/articles/staying-half-hungry-due-to-the-demonetisation-drought/

তেওঁলোক ভ্ৰমি ফুৰে, তেওঁলোকৰ টকা নুফুৰে

বিমুদ্ৰাকৰণে মানি অৰ্ডাৰৰ ক্ষেত্ৰত কৰা বিশৃংখলতাৰ ফলত মহাৰাষ্ট্ৰৰ প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে তেওঁলোকৰ ভোকত কষ্ট পাই থকা পৰিয়াললৈ টকা পঠিয়াব পৰা নাই। আদোল, ওৰাংগাবাদত পাঁচখন ৰাজ্যৰপৰা অহা শ্ৰমিকে বেংক ব্যৱস্থাৰ একো আওভাও পোৱা নাই, সেই ব্যৱস্থা তেওঁলোকৰ কামতো অহা নাই

১৯ ডিচেম্বৰ, ২০১৬ | পি সাইনাথ
https://ruralindiaonline.org/articles/bpl-xi-theyre-mobile-their-money-isnt/


Note ban sends beedi units up in smoke
and • Murshidabad, West Bengal

পুৰণি নোটৰ নিষিদ্ধকৰণ মাধমাৰ সোধালে বিড়ি উদ্যোগত

বিমুদ্রাকৰণৰ পিচত পশ্চিমবংগৰ জংগিপুৰত থকা অধিকাংশ বিড়ি উদ্যোগত তলা ওলমিল, নতুন নোটৰ নাটনিৰ ফলত ঘৰতে বিড়ি প্ৰস্তুত কৰা অধিকাংশ মহিলা শ্রমিক উপার্জনহীন হৈ পৰিল

১৭ ডিচেম্বৰ, ২০১৬ | অৰুণাভা পাত্ৰা
https://ruralindiaonline.org/articles/note-ban-sends-beedi-units-up-in-smoke/


বেংকৰ 'গান্ধিগিৰি', মাৰাথৱাড়াত কেছলেছ হাৰাকিৰি

বিমুদ্ৰাকৰণৰ দুশ্চিন্তা বঢ়াৰ লগে লগে ওচমানাবাদৰ বেংক এটাই দুটাকৈ চেনীৰ কাৰখানাক দিয়া ৩৫২ কোটি টকা আদায় কৰি লোৱাৰ বাবে একো বিশেষ নকৰিলে, কিন্তু তাৰ পৰিৱৰ্তে ১৮০ কোটি টকা সৰ্বমুঠ ধনৰাশি দিবলৈ থকা ২০ হাজাৰ খেতিয়কক ৰাজহুৱাকৈ অপমানিত কৰাৰ ভাবুকি দিয়াত কোনোধৰণৰ হীনদেৰি নকৰিলে

৯ ডিচেম্বৰ, ২০১৬ | পি. সাইনাথ
https://ruralindiaonline.org/articles/bank-gandhigiri-cashless-hara-kiri-in-marathwada/


Nepali rupees to the rescue
• PIthorgarh, Uttarakhand

ত্ৰাণকৰ্তাৰ ভূমিকাত নেপালী মুদ্ৰা

উত্তৰাখণ্ডৰ ভাৰত-নেপাল সীমান্তৱৰ্তী মনোমোহা ওগলা আৰু জৌলজিবি মেলাত এইবাৰ বিমুদ্ৰাকৰণৰ কৰালৰূপ প্ৰকট হ'ল- সীমান্তৰ সমীপৰ অন্তিমখন চহৰ ধাৰচুলৰ বাসিন্দাসকলে নেপালী টকাৰে আদান-প্ৰদান কৰিব ধৰিলে

৬ ডিচেম্বৰ, ২০১৬ | অৰ্পিতা চক্ৰৱৰ্তী
https://ruralindiaonline.org/articles/nepali-rupees-to-the-rescue/

Drinking away demonetisation
• Anantapur district, Andhra Pradesh

বিমুদ্রাকৰণ বিপৰ্যয় বুৰ গল সুৰাৰ বন্যাত

অন্ধ্রপ্ৰদেশ অনন্তপুৰ জিলাৰ তাড়িমাৰি গাঁৱৰ সাৰ বিক্রেতাই পুৰণি মুদ্রা যিহেতু গ্রহণ কৰিছে, সেয়ে খৰাংপীড়িত বাদাম খেতিয়কসকলে তেওঁলোকৰ ঋণ পুৰণি মুদ্রা (নোট)ৰে পৰিশোধ কৰিবলৈ সাৰৰ দোকানৰ আগত শাৰী পাতিছে। কর্মহীন কৃষি শ্রমিকসকলো ৰৈ নাথাকিল। তেওঁলোকৰ হাতত থকা পুৰণি কেইখনমান নোট চলোৱাৰ বাবে সহজ উপায় হল স্ত্রাযী সুৰাৰ দোকানত সুৰা ক্রয় কৰা।

১ ডিচেম্বৰ, ২০১৬  | ৰাহুল এম
https://ruralindiaonline.org/articles/drinking-away-demonetisation/

বিমুদ্রাকৰণৰ ফলত বিধ্বস্ত খেতিয়ক

বিদর্ভৰ কৃষিজাত সামগ্রীৰ বজাৰত বছৰটোৰ ভিতৰত এইটোৱেই বেচা-কিনাৰ উথপ-থপ সময়। কিন্তু এই অঞ্চলৰ কৃষকে এতিয়া ভীষণ লোকচান মূৰ পাতি লবলৈ বাধ্য হৈছে- কম দামত উত্পাদিত সামগ্রী বিক্রী কৰিছে, কিছুমান শস্য নষ্ট  হ'বলৈ আৰম্ভ কৰিছে অথবা ঋণ পৰিশোধ কৰিবলগীযা বেংকত পুৰণি মুদ্রাৰে জমা কৰাৰ শংকাৰ বাবেই খেতিয়সকলৰ অৱস্ত্রা কুলাই-পাচিয়ে নধৰা হৈছে।

২৬ নবেম্বৰ, ২০১৬ | জয়দীপ হাৰ্ডিকাৰ
https://ruralindiaonline.org/articles/demonetisation-has-wrecked-farmers/

বিমুদ্ৰাকৰণ আৰু কীটনাশকৰ ব্যঞ্জন

ভাৰতীয় মুদ্রাৰ 86 শতাংশ চৰকাৰে বেআইনী ঘোষণা কৰাৰ লগে তেলেংগানাৰ ধর্মৰাম গাওঁৰ ৱার্দা বালায়াৰ মাটি বিক্রী কৰি ঋণ পৰিশোধ কৰাৰ আশা ধূলিস্যাত্ হৈ পৰে আৰু সেই বাবেই তেওঁ আত্মাহননৰ পথ বাচি লোৱাৰ লগতে গোটেই পৰিয়ালক বিহ খুৱাবলৈ চেষ্টা কৰে

২২ নৱেম্বৰ, ২০১৬ | ৰাহুল এম .
https://ruralindiaonline.org/articles/curry-mixed-with-demonetisation-and-a-pinch-of-pesticide/

The cashless economy of Chikalthana
• Aurangabad, Maharashtra

চিকালথানাৰ কেছলেছ অৰ্থনীতি

খেতিয়কৰ পৰা আদি কৰি ভূমিহীন শ্ৰমিক, পেঞ্চনাৰ, ক্ষুদ্ৰ ব্যৱসায়ী আৰু আন বহুতৰে জীৱন বিধ্বস্ত কৰি পেলাইছে

১৬ নবেম্বৰ, ২০১৬ | পি. সাইনাথ
https://ruralindiaonline.org/articles/the-cashless-economy-of-chikalthana/


অনুবাদঃ ৰশ্মি ৰেখা দাস