বৰদিনৰ পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুম্বাইত ৩,৬০০ কোটিটকীয়া শিৱাজীৰ মূৰ্তি স্থাপনা কৰাৰ ২৪ ঘণ্টা নৌ হওতেই, মাত্ৰ ২০০ কিলোমিটাৰ দূৰৈৰ নাচিক জিলাৰ ধান্দেগাঁও জিলাৰ যশৱন্ত আৰু হীৰাবাই বেন্দকুলেই তেঁওলোকৰ বিলাহী খেতিডৰা কাটি উঠাই দিয়াত ব্যস্ত হৈ পৰিছিল। “যোৱা এমাহ ধৰি বিলাহীৰ দাম পৰি গৈছে। আনকি গছবোৰ পথাৰত থকাটোও এতিয়া আমাৰ বাবে লোকচানৰ কথা” – বুলি বিৰবিৰকৈ কৈ যশৱন্তই ব্যাখ্যা কৰিলে আদিবাসী পৰিয়ালটিয়ে ২০,০০০ টকা ব্যয় কৰাৰ লগতে তেঁওলোকৰ নিজৰ শ্ৰমৰ মাজেৰে কৰা লহপহীয়া শস্যডৰা ধ্বংস কৰি দিয়াৰ কাৰণ। মুকলি হৈ পৰা মাটিডৰাত তেঁওলোকে এতিয়া ঘেঁহু লগাব, কিয়নো তেতিয়াহ’লে - “গ্ৰীষ্মকালত খাবলৈ অন্ততঃ আমাৰ কিছু খাদ্য থাকিব”- বুলি হীৰাবায়ে ক’লে। 

যোৱা ৮ নবেম্বৰত মোদীয়ে ঘোষণা কৰা বিমুদ্ৰাকৰণৰ পিছত নগদ ধনৰ অভাৱে বিলাহীৰ দামৰ ওপৰত ইতিমধ্যেই অত্যন্ত বিৰূপ প্ৰভাৱ পেলাইছে। নাচিক চহৰৰ পৰা মাত্ৰ ২০ কিলোমিটাৰ দূৰৈৰ গিৰনাৰে মান্দিত এতিয়া বিলাহীৰ দাম প্ৰতি কিলোগ্ৰামত ৫০ পইচাৰপৰা দুটকা। এই দৰ  ইমানেই কম যে, কৃষকসকলে আনকি খেতিয়কে শস্য চপোৱাৰ লগতে তালৈকে নিয়াৰ দামটোৱেই উঠি নাহে। আনহাতে খুছুৰা দৰ ৬.০০ টকাৰপৰা ১০.০০ টকাৰ ভিতৰত উঠা-নমা কৰি থাকে।  এখন প্ৰধান উদ্যান শস্য জিলা হিচাপে ভাৰতৰ ভিতৰতে বিশেষ পৰিচিতি থকা নাচিক জিলাৰ সৰ্বত্ৰে হতাশগ্ৰস্ত কৃষকসকলে এই গ্ৰীষ্মত প্ৰতি একৰ মাটিত ৩০,০০০ৰপৰা ১.৫০ লাখলৈকে টকা খটুৱাই খেতি কৰা পিছত এতিয়া হয় পথাৰৰ শস্য উঠাই পেলাইছে, নহলেবা  পেলাই দিছে, বা শস্যডৰাত গৰু-গাই চৰিবলৈ  এৰি দিছে। 


ভিডিঅ’ চাওকঃ আদিবাসী কৃষক হীৰাবাই আৰু যশৱন্ত বেন্দকুলেই ধন্দেগাঁও জিলাত তেঁওলোকৰ বিলাহীৰ খেতিডৰা নষ্ট কৰি পেলাইছে


যোৱা বৰ্ষত প্ৰতি ক্ৰেট(২০ কিলোগ্ৰাম)বিলাহীৰ বাবে ৩০০ টকাৰ পৰা ৭৫০ টকালৈকে লাভ কৰাৰ পিছত উৎসাহিত হৈ ২০১৬ চনত কৃষকসকলে অধিক আশাৰে বিলাহীৰ খেতি কৰিবলৈ আৰম্ভ কৰিছিল। অক্টোবৰ মাহ পৰ্যন্ত ভাল বতৰৰ লগতে অনিষ্টকাৰী পোকৰ উপদ্ৰৱ নোহোৱাৰ বাবে আৰু কৃষকৰ সংখ্যাও বৃদ্ধি পোৱাত কৃষকসকলে বুজি উঠিছিল যে, উৎপাদন যথেষ্ট পৰিমাণে বাঢ়িব। সেয়েহে দৰ তেঁওলকে আশা কৰা মতেই হ’ব যদিও হয়তো বিগত বৰ্ষৰ দৰে অত্যধিক নহবও পাৰে বুলি তেঁওলোকে গুণা-গথা কৰিছিল। একাংশ কৃষকে কয়  যে,  দশেৰা উচৱলৈকে দৰ সন্তোষজনকেই আছিল, আৰু দীপাৱলী উচৱ পৰ্যন্ত প্ৰতি ক্ৰেটত ১৩০ টকাৰ দৰ হিচাপত মূলে মূলে উঠি আহিছিল।

কিন্তু ৫০০ আৰু ১০০০ টকীয়া মুদ্ৰা নিষিদ্ধ কৰি দিয়াৰ ফলত, বজাৰত উপচি পৰা শস্যৰ ব্যৱসায়ৰ ক্ষেত্ৰত টকাৰ অভাৱে অভাৱনীয়  ৰূপ ল’লে আৰু সামগ্ৰীৰ ক্ৰয়ৰ লগতে দৰো নিম্নগামী হৈ পৰিল। “নবেম্বৰৰ ১১ তাৰিখে দৰ কমিল আৰু উঠি নাহিলেই” নীতিন গাইকাৰ নামৰ গিৰানেৰ কৃষকজনে জনালে। তেতিয়াৰেপৰা প্ৰতি ক্ৰেটৰ দৰ ১০ টকাৰপৰা ৪০ টকাৰ ভিতৰতে থাকিল। গাইকাৰে জনায় যে, কৃষক, বেপাৰী, সামগ্ৰী পৰিবহনকাৰী, সাৰ আদিৰ যোগান ধৰা খুছুৰা ব্যৱসায়ী, শ্ৰমিককে ধৰি গ্ৰাম্য অৰ্থনীতিৰ সমগ্ৰ প্ৰক্ৰিয়াতে নগদ ধনৰ ব্যৱহাৰ হয়।  


02-IMG_0362-AA&CC-Notebandi takes the sauce out of Nashik's tomatoes.jpg

৫০০ টকা আৰু ১০০০ টকাৰ নিষিদ্ধকৰণৰ ফলত বজাৰত উপচি পৰা শস্যৰ ব্যৱসায়ৰ ক্ষেত্ৰত টকাৰ অভাৱে অভাৱনীয়  ৰূপ লোৱাৰ ফলত সামগ্ৰীৰ ব্যৱসায় আৰু দৰ নিম্নগামী হৈ পৰে


আনহাতে জিলা কতৃপক্ষক এই সমস্যাটোক লৈ বিশেষ উদ্বিগ্নতা প্ৰকাশ কৰা দেখা ন’গল। “এয়া এক মুকলি ব্যৱসায়, আৰু আমি প্ৰতি দিনে বজাৰলৈ অহা আৰু বজাৰৰপৰা ওলাই যোৱা সামগ্ৰীৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ,”- বুলি নাচিক জিলাৰ উপায়ুক্ত বি ৰাধাকৃষ্ণনে জনালে। “দৰ সম্পূৰ্ণৰূপে বজাৰ নিয়িন্ত্ৰত কাৰ্য” – বুলি তেঁও কয়। 

বিপৰীতে, গাৱঁৰ বাসিন্দাসকল সমস্যাটোক লৈ গভীৰভাৱে উদ্বিগ্ন। “মই মোৰ দুই একৰ বিলাহীৰ খেতিত ২ লাখ টকা ব্যয় কৰিছোঁ, কিন্তু এতিয়ালৈকে ৩০,০০০ টকাও উঠি অহা নাই,”- বুলি গণেশ বৱডে’ই ক’লে। “ক্ৰয় কৰিবলৈ গ্ৰাহক নথকাৰ বাবে বিলাহীৰ খেতিত এতিয়া মই গৰু চৰিবলৈ এৰি দিছোঁ” – আমি তিনিজনীকৈ গাই চৰি থকা বিলাহীৰ লহপহীয়া খেতিডৰাৰ মাজেৰে খোজকাঢ়ি গৈ থকা অৱস্থাত সোমনাথ থেটেই ক’লে। 


03-Somnath-Thete-Cow-AA&CC-Notebandi takes the sauce out of Nashik's tomatoes.jpg

কোনো গ্ৰাহক নথকাৰ বাবে সোমনাথ থেটেই লহপহকৈ বাঢ়ি অহা খেতিডৰাত গৰু চৰিবলৈ এৰি দিছে


আনহাতে ১০ একৰ মাটিত খেতি কৰা যোগেশ গাইকাৰে গভীৰ উষ্মা প্ৰকাশ কৰি ক’লে -  “মই এতিয়ালৈকে প্ৰায় লোকচান ভৰিয়েই ২,০০০ ক্ৰেট বিক্ৰী কৰিছোঁ। টকাৰ বিষম পৰিস্থিতিৰ বাবেই এয়া হৈছে। যেতিয়াই আমি কিছু টকা উপাৰ্জন কৰিবলৈ ওলাইছিলোঁ, তেতিয়াই মোদীয়ে আমাক গোৰ শোধালে।” 

মোটামুটিকৈ দেশৰ গ্ৰীষ্মকালত বিক্ৰী হোৱা প্ৰতি চাৰিটা বিলাহীৰ এটাই নাচিকত উৎপাদন হয়। ভাৰত চৰকাৰৰ তথ্যই দেখুৱাইছে যে, ২০১৬ চনৰ চেপ্তেম্বৰ মাহৰ ১ তাৰিখৰপৰা ২০১৭ চনৰ জানুৱাৰী মাহৰ ২ তাৰিখলৈকে ওজন হিচাপত বিক্ৰী হোৱা বিলাহীৰ ২৪ শতাংশই নাচিকৰ। অৰ্থাৎ, ১৪.৩ লাখ টন বিলাহীৰ ৩.৪ লাখ টন) 

সামগ্ৰীৰ দৰৰ উঠা-নমাৰ অস্থিৰতাৰ লগতে বছৰ বছৰ জুৰি উপাৰ্জনৰ অনিৰাপত্তাৰ বাবে  দূৰ্যোগৰ পিৰপ্ৰেক্ষিতত কম দামত শস্য বিক্ৰী কৰি দিয়া অথবা পথাৰৰ শস্য নষ্ট কৰি পেলোৱা কৃষকৰ বাবে এতিয়া নতুন কথা নহয়। কিন্তু  এলেকাটোত এনেকুৱাকৈ পথাৰৰ লহপহীয়া শস্য নষ্ট কৰি পেলাবলগীয়া হোৱাটো এক  নাভুত-নাশ্ৰুত কথা বুলি মাৰাঠী ভাষাৰ কৃষিভিত্তিক দৈনিক কাকত এগ্ৰোৱনৰ নাচিকস্থিত সাংবাদিক দ্যনেশ্বৰ উগালে’ই জনায়। “কৃষকসকলে প্ৰতি ক্ৰেটৰ বাবদ ৯০ টকা পৰ্যন্ত ব্যয় কৰে। যদি তেঁওলোকে  ১৫ বা ৪০ টকা পায়, তেনেহ’লে তেঁওলোকে কিমান লোকচান ভৰিবলগীয়া হৈছে, কল্পনা কৰি চাওকচোন।” 

উগালে’ই নাচিক জিলাৰ পাঁচখন মান্দি(কৃষি সামগ্ৰী বিক্ৰী কৰা ঠাই)লৈ অহা বিলাহীৰ হিচাপ-নিকাচ কৰি কৃষকসকলে এতিয়ালৈকে ভৰা লোকচানৰ প্ৰায় ১০০ কোটি টকা হবগৈ বুলি ঠাৱৰ কৰিছে।আৰু চৰকাৰী ভাষ্য?ভাস্কৰ ৰাহানে নামৰ নাচিকৰ জিলা অধীক্ষক কৃষি কাৰ্যালয়ৰ   কৃষি পৰিদৰ্শকজনে কয় যে, জিলাখনত মুঠ বিলাহী খেতিৰ ভূমিৰ পৰিমাণ আৰু উৎপাদনৰ তথ্য ২০১১-১২ চনৰপৰা হোৱাই নাই। “কৃষকৰ লোকচানৰ হিচাপ ৰখা কোনো ব্যৱস্থা নাই। কৃষকে তেঁওলোকৰ আন খৰছৰ হিচাপ ৰখাৰ দৰে তেঁওলোকৰ উপাৰ্জন ধাৰাৰো হিচাপ ৰখা উচিত,”- বুলি তেঁও ক’লে। 


 

ভিডিঅ’ চাওকঃ “বিলাহীৰ বৰ্তমানৰ দৰ মোৰ খেতিডৰাত লগোৱা ব্যয়তকৈও কম’’ – বুলি আদিবাসী কৃষক ডাট্টু বেন্দকুলেই কয় 


বিলাহীৰ ব্যৱসায়ৰ এক প্ৰধান কেন্দ্ৰ গিৰনাৰে মান্দিৰ ধূসৰিত ময়দান এতিয়া বছৰৰ এই সময়ত অস্বাভাৱিকভাৱে  নিস্তেজ।  বিলাহীৰে দম খাই থকা ট্ৰেক্টৰবোৰৰ চলাচলে সততে যান-জঁটৰ সৃষ্টি কৰা মান্দিৰ মূল বাটতো এতিয়া মুকলি। ভাৰতৰ বিভিন্ন ঠাইৰপৰা আহি বিলাহী ক্ৰয় কৰাৰ লগতে পৰিবহনৰ বাবে প্ৰতিবছৰে অক্টোবৰ মাহৰপৰা ডিচেম্বৰ মাহলৈকে ইয়াতে বাহৰ পাতি থকা ব্যৱসায়ীসকলে ইতিমধ্যেই এই ঠাই এৰি থৈ গৈছে। 

তেঁওলোকৰ মাজৰে এজন ব্যৱসায়ী উত্তৰ প্ৰদেশৰ আমৰহাৰ ৰাহত জান এতিয়া নিজৰ ঘৰলৈ উভতি গৈছে।  “নাচিক চহৰত মোৰ এটা আই চি আই চি আই বেংক একাউণ্ট আছে” – বুলি তেখেতে ফোনযোগে জনালে। “কিন্তু তেঁওলোকে আঠদিনত মাত্ৰ ৫০,০০০ টকাহে দিলে। মোক ব্যৱসায় কৰিবলৈ দিনে ১ৰ পৰা ৩ লাখ টকাৰ দৰকাৰ হয়।”- বুলি তেখেতে কয়। “কৃষকসকলৰ লগতে পেট্ৰল পাম্পত পুৰণি টকা ব্যৱহাৰ কৰি থকালৈকে  আমি কোনোমতে মিলাই আছিলোঁ। কিন্তু ধনৰ অভাৱ নোহোৱাহ’লে আৰু ১৫ দিনৰ বাবে বিলাহী কিনি ৰাখিলোঁহেঁতেন।”

দেশৰ আন্যান্য ঠাইৰ ব্যৱসায়ীসকল গুচি যোৱাৰ বাবে  মান্দিত এতিয়া মুম্বাই কাষে-পাজৰে থকা বাছী বা বিৰাৰৰ দৰে স্থানীয়ভাৱে ক্ৰয় কৰাসকলহে আছে। তেঁওলোকেও নিম্নমুখী দামৰ লগতে ধনৰ অভাৱৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছে। আমি পিম্পালগাঁও নিবাসী ব্যৱসায়ী কৈলাশ চালভে’ই ৪০০০ টকাত ১০০ ক্ৰেট বিলাহী ক্ৰয় কৰা দেখিবলৈ পাইছিলোঁ। “মোৰ বেছি টকা নাই,” – তেঁও ক’লে- “সেয়েহে বেছিকৈ কিনিব পৰা নাই।” তেঁও আমাক ক’লে যে, তেঁও গুজৰাটৰ চুৰাটৰ ক্ৰেতাৰ সন্ধানত আছে। 

“যোৱা বছৰ এনেকুৱা সময়ত আমি ৫০ লাখ টকাৰ বিলাহীৰ ব্যৱসায় কৰিছিলোঁ আৰু ৩ লাখ টকাৰ উপাৰ্জন কৰিছিলোঁ,” – চালভে’ই ক’লে। “এই বৰ্ষত আমি এতিয়ালৈকে ১০ লাখ টকাৰ বস্তু ক্ৰয় কৰিছোঁ আৰু লোকচানেই ভৰি আছোঁ”- দুদিনৰ পিছত তেঁও চুৰাটৰ বৱসায়ী এজনক লোকচান ভৰি বিলাহীখিনি বিক্ৰী কৰি দিলে। 

যোৱা ১৫টা বছৰত আঙুৰৰ পিছতে বিলাহী এই অঞ্চলটোৰ আটাইতকৈ কাংক্ষিত শস্য হিচাপে পৰিগণিত হৈ আহিছে। কিন্তু ঘৰেপতি ভূমিৰ পৰিমাণ কম হোৱাৰ বাবে মুলধন আৰু পানীৰ যোগান ধৰিব পৰা আদিবাসী আৰু মাৰাঠা(বেন্দকুলে বা গেইকাৰৰ দৰে) বিলাহীৰ খেতি  কৰিবলৈ পছন্দ কৰে। বিলাহীৰ বজাৰৰ বিপৰ্যয়ে তেঁওলোক মাধমাৰ শোধালে। জানৰ দৰে একাংশ কৃষকে অত্যধিক উৎপাদনো বজাৰ দৰ হ্ৰাস হোৱাৰ অন্যতম কাৰণ বুলি জানিবলৈ দিয়ে। আনহাতে কৃষকসকলে কয় যে এয়া হয়তো সঁচা হ’ব পাৰে, কিন্তু বেছিকৈ খেতি নকৰা আন শস্যৰ ক্ষেত্ৰতো  তেঁওলোকে অতি কম টকা লাভ কৰিছে।


04-AA&CC-Notebandi takes the sauce out of Nashik's tomatoes.jpg

বাওফালেঃ যোগেশ গেইকাৰে ক’লে, যেতিয়াই আমি কিছু টকা উপাৰ্জন কৰিবলৈ ওলাইছিলোঁ, তেতিয়াই মোদীয়ে আমাক গোৰ শোধালে।”  সোঁফালেঃ যশৱন্ত বেন্দকুলেৰ দৰে নাচিকৰ বহুতৰ বাবে এতিয়া খেতিত শস্য লগাই থোৱাটোও লোচকানৰ নামান্তৰ


“ফুলকবি, বেঙেনা, ধনিয়া, জাতিলাও- কোনবিধ শস্যৰ দৰ এই সপ্তাহকেইটাত কমি অহা নাই?” বুলি উষ্মাৰে ক’লে নানা আচাৰীয়ে। ধান্দেগাঁও জিলাৰ এগৰাকী আদিবাসী ক্ষুদ্ৰ কৃষক আচাৰীয়ে ২০ দিনৰ আগতে নাচিক চহৰলৈ ২০ ক্ৰেট বেঙেনা লৈ গৈছিল কিন্তু এজনো কিনোতা নোলাল বাবে উভতি আহিল। পিছদিনা তেঁও গোটেইখিনি ৫০০ টকাত বাছী মান্দিত অতি কম দামত বিক্ৰী কৰি দিলে, পৰিবহনৰ ব্যয় বাদ দিয়াৰ পিছত তেঁওৰ হাতত থাকিলগৈ মাত্ৰ ৩০ টকা। ভাদগাঁও গাৱঁৰ আন এজন কৃষক কেৰু কাছবে’ই আমাক জনালে যে, তেঁও ৭০০ কিলোগ্ৰাম বেঙেনা আঠদিনৰ আগতে বাছী মান্দিত বিক্ৰী কৰি মুঠতে ২০০ টকা পাইছিল।

কিছুমান ব্যৱসায়ীয়ে কৃষকক চেকৰ জৰিয়তে টকা পৰিশোধ কৰিছে। কিন্তু ডিজেল কিনিবলগীয়া হয়, শ্ৰমিকক মজুৰি দিবলগীয়া হয়, আৰু সাৰ কিনিবলগীয়া হয়। কৃষক বা বেপাৰী কাৰোৰেই  চেক জমা দিবলৈ বা দীঘলীয়া শাৰীত থিয় দি টকা উলিয়াবলৈ আহৰি নাথাকে। তাকো প্ৰতিবাৰত মাত্ৰ ২,০০০ টকা, সাধাৰণতে এখন দুহেজাৰটকীয়া নোট। তদুপৰি কৃষকে চেক বিশ্বাসত নলয়। বেপাৰী এজনৰ হাতত নগদ ধন নথকাৰ বাবে বিজয় কাছবে’ই এবাৰ চেক লবলৈ বাধ্য হ’ল যদিও কেনেবাকৈ সেইখন পৰ্যাপ্ত জমা ধনৰ অভাৱত কেনেবাকৈ বেংকৰপৰা ঘূৰি আহিব লাগিলে কি হ’ব তাকে লৈ তেঁও উদ্বিগ্ন। 


05-Shivaji-Kasbe-cheque-AA&CC-Notebandi takes the sauce out of Nashik's tomatoes.jpg

বিজয় কাছবে’ৰ দেউতাকৰ নামৰ চেক- নগদ ধন নথকাৰ বাবে তেঁও বেপাৰী এজনৰপৰা সেইখন লবলৈ বাধ্য হ’ল, কিন্তু পৰ্যাপ্ত জমা ধনৰ অভাৱত সেইখন কেনেবাকৈ বেংকৰপৰা ঘুৰি আহে বুলি তেঁও সততে উদ্বিগ্ন


নিম্নহাৰৰ দৰৰ লগে লগে টকাৰ অভাৱেও তেঁওলোকৰ পানীত হাঁহ নচৰা অৱস্থা  কৰিছে। আদিবাসী শ্ৰমিকসকলে পৰ্যাপ্ত কাম পোৱা নাই, আৰু ২০০০ টকীয়া নোটখনে যেন তেঁওলোকৰ কটা ঘাঁত চেঙা তেলহে সানিছে। “খুছুৰা পাবলৈ হ’লে বাবে দোকানীয়ে অন্ততঃ ১১০০ টকাৰ সামগ্ৰী লবলৈ কয়। পেট্ৰল পাম্পৰ মালিকে অন্ততঃ ৩০০ টকাৰ তেল ভৰাবলৈ কয়” বুলি ৰাজাৰাম বেন্দুকুলেই কয়। “গোটেইবোৰ পেট্ৰল ঘৰলৈ লৈ আন, আমি খাই থঁও”- বুলি তেঁওৰ খুৰীয়েকে বিষণ্ণ হৈ ক’লে। 

সাৰ, কীটনাশক আদি যোগান ধৰা খুছুৰা ব্যৱসায়ীসকলো গভীৰভাৱে উদ্বিগ্ন। “মোৰ গোটেই ব্যয়সায়টো সেইখনৰ  ওপৰতে নিৰ্ভৰ কৰে।” বুলি মান্দিৰ   ফালে আঙুলিয়াই আবা কাদম নামৰ খুছুৰা ব্যৱসায়ীজনে ক’লে। “মই দুয়োফালৰপৰা লোকচান ভৰিছোঁ। কৃষকসকলে উঠন শস্যবোৰ কাটি পেলোৱাৰ ফলত তেঁওলোকে যে এতিয়া মোৰ সামগ্ৰী ক্ৰয় কৰিব, তাৰ কোনো আশা নাই। আৰু যিহেতু তেঁওলোকে বিক্ৰী কৰি পইচা পোৱা নাই, গতিকে মই তেঁওলোকক শস্যত লগাবৰ বাবে আগতীয়াকৈ বাকীত যি বস্তু দিছিলোঁ, সেই পইচা উঠি অহাৰো কোনো আশা নাই।” 

বিমুদ্ৰাকৰণ ঘোষণা কৰি মোদীয়ে দেশবাসীৰ বাবে যি ৫০ দিনৰ সময়সীমা বান্ধি দিছিল, সেয়া উকলি গৈছে। নৱবৰ্ষৰ সন্ধিয়া যেন সি হতাশাৰ নামান্তৰ হৈ পৰিল। এজনে কয়- আমি যি পৰিমাণৰ লোকচান ভৰিলোঁ, মোদীয়ে তাৰ ক্ষতিপূৰণ আমাৰ বেংক একাউণ্টত জমা দিব লাগে। আন জনে কয়, কৰ্জা মাফি আৰ্থাৎ  ঋণ উঠাই লোৱাৰ কথা। তৃতীয়জনে কয় কৃষিঋণৰ বাবে কম হাৰত সুদৰ ব্যৱস্থাৰ কথা। অৱশ্যে ৩১ ডিচেম্বৰৰ দিনা দেশবাসীৰ উদ্দেশ্যে দিয়া ভাষণত মোদীয়ে কৃষি সংকট আৰু লোকচানৰ বিষয়ে উল্লেখ নকৰিলে। 

সকলোৰে চকু এতিয়া জানুৱাৰীৰ শেহৰ ফালৰপৰা চপোৱাৰ কাম আৰম্ভ হবলগীয়া আঙুৰৰ খেতিৰ ওপৰত। দৰ ভাল হ’লে আঙুৰৰ খেতিয়কসকলে কিছু লাভ উপাৰ্জন কৰিবলৈ সক্ষম হ’ব। কাদমৰ দৰে খুছুৰা ব্যৱসায়ীয়ে খেতিয়কক খেতিৰ বাবে আগতীয়াকৈ দিয়া সামগ্ৰীৰ বাবদ দিয়া টকাৰ কিছু অংশ  উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব। ব্যৱসায়ীসকল অৱশ্যে আশাবাদী নহয়। জানে কয় যে, 

টকাৰ অভাৱৰ সমস্যাটোৰ শীঘ্ৰেই সমাধান ন’হলে তেঁও কৃষকৰপৰা ক্ৰয় কৰিব নোৱাৰিব। বিষণ্ণ চালভে’ই ভাবে যে আঙুৰৰ দৰো নিম্নগামী হ’ব। 

ফটো আৰু ভিডিঅ’- চিত্ৰাংগদা চৌধুৰী

ৰত্না ভৰালী তালুকদাৰ ২০১৬-১৭ চনৰ পৰি সদস্য। উত্তৰ-পূৱ ভাৰতৰ অনলাইন আলোচনী নিজাইনৰ তেওঁ কাৰ্যবাহী সম্পাদক। এজন সৃষ্টিশীল লেখক হিচাপে তেওঁ অঞ্চলটোত প্ৰব্ৰজন, স্থানচ্যুত হোৱা, শান্তি আৰু সংঘৰ্ষ, পৰিৱেশ, আৰু লিংগ আদি বিভিন্ন বিষয় সামৰি লোৱাৰ বাবে প্ৰায়ে ভ্ৰমণ কৰে।

Aniket Aga

Aniket Aga is Assistant Professor at the University of Michigan, Ann Arbor.

Other stories by Aniket Aga
Chitrangada Choudhury

Chitrangada Choudhury is an independent journalist, and a member of the core group of the People’s Archive of Rural India.

Other stories by Chitrangada Choudhury