শিখা মণ্ডলে ২০১৫ চনৰ নবেম্বৰ মাহত তেওঁৰ স্বামী অচিতক হেৰুৱাইছিল। "কেঁকোৰা ধৰিবলৈ তেওঁ আন দুজনৰ সৈতে বাগানবাৰী অৰণ্যৰ বুকুত থকা গৰল নৈলৈ গৈছিল। বাকী দুজন মানুহ উভতি আহি ক'লে যে মোৰ স্বামীক বাঘে মাৰিলে," শিখাই ক'লে। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আৰু স্কুললৈ যোৱা দুই সন্তানৰ পিতৃ অচিত মণ্ডলে ৩২ বছৰ বয়সতে এনেদৰে অকাল মৃত্যুক সাৱতি ল'লে।

পশ্চিমবংগৰ গোচাবা খণ্ডৰ জহৰ কলনি গাঁও নিবাসী শিখাই ক্ষতিপুৰণ দাবী কৰিম বুলি মনতে থিৰাং কৰি এজন উকীলক দহ হাজাৰ টকা দিলে। "ভালেমান কাগজ-পাতি যোগাৰ কৰিবলগীয়া হ'ল- "আৰক্ষী আৰু বনবিভাগৰ ফালৰপৰা নো অৱজেক্সন চাৰ্টিফিকেট, বীমাৰ নথি, গাওঁবুঢ়াৰপৰা এখন পত্ৰ আৰু এখন মৃত্যুৰ প্ৰমাণপত্ৰ।"

উকীলজনে বীমা কোম্পানীৰপৰা ১ লাখ টকা ক্ষতিপুৰণ হিচাপে দিওৱাৰ ব্যৱস্থা কৰালে। কিন্তু মূল এলেকা (ইংৰাজীত ক'ৰ এৰিয়া মানে বনবিভাগে নিৰ্ধাৰণ কৰা অতিকৈ গভীৰ বনাঞ্চল)ত গিৰীয়েকৰ মৃত্যু হোৱা হেতুকে বন বিভাগে এনওচিখন দিবলৈ অমান্তি হ'ল। ইফালে বীমা কোম্পানীয়েও তেওঁৰ নথি-পত্ৰবোৰ ঘুৰাই দিয়া নাই।

শিখাই এতিয়া কেঁকোৰা আৰু মিছামাছ ধৰে আৰু বিভিন্ন ধৰণৰ কামকে ধৰি কৃষিশ্ৰমিক হিচাপে কাম কৰি যেনেতেনে সন্তান দুজনক স্কুললৈ পঠিয়ায়। নিজাকৈ ঘৰ চলাব নোৱাৰি সন্তান দুটিৰ সৈতে তেওঁ খুড়াকৰ ঘৰত থাকে।

সুন্দৰবনত হাজাৰ হাজাৰ মহিলাই একেদৰেই বাঘৰ আক্ৰমণত গিৰী হেৰুৱাই বিধবাৰ সাজ পিন্ধিবলগীয়া হৈছে। পুৱ ভাৰতৰ ৪২০০ বৰ্গকিলোমিটাৰ জোৰা বিশ্বৰ সৰ্ববৃহত মেনগ্ৰুভ বনাঞ্চল থকা এই বদ্বীপ অঞ্চলটো হৈছে বাঘৰ ঘৰ।

পাৰমিট থাকক বা নাথাকক, গাঁৱৰ লোকক কোনো কাৰণতে প্ৰৱেশ কৰিবলৈ অনুমতি নিদিয়া মূল এলেকা (ইংৰাজীত ক'ৰ এৰিয়া মানে বনবিভাগে নিৰ্ধাৰণ কৰা অতিকৈ গভীৰ বনাঞ্চল)ত মানুহ বাঘে মাৰিলে পৰিয়াল উপায়বিহীন হৈ পৰে

ভিডিঅ চাওকঃ ২০১৫ চনত গিৰীয়েকক হেৰুওৱাৰ পিছত শিখা মণ্ডলে ক্ষতিপুৰণৰ বাবে কেনেদেৰ আহুকালৰ সমুখীন হৈছে সেয়া বৰ্ণনা কৰিছে

হিংগালগঞ্জ, গোচাবা, কুলতালি, পাথৰ প্ৰতিমা আৰু বসন্তি খণ্ডত থকা বাঘবোৰেই নিত্যপ্ৰয়োজনীয়খিনি আৰু জীৱিকাৰ বাবে বনাঞ্চলৰ ওপৰত নিৰ্ভৰ কৰা গাওঁবিলাকৰ বাসিন্দাৰ বাবে একপ্ৰকাৰৰ ভাবুকিৰ সৃ্ষ্টি কৰি আহিছে। এই খণ্ডবোৰ সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যানৰ (আৰু ব্যাঘ্ৰ সংৰক্ষণ)ৰ ওচৰত আৰু ইয়াতেই ১৭০০ কিলোমিটাৰমানৰ এটা মূল এলেকা তথা ৯০০ বৰ্গকিলোমিটাৰমানৰ বাফাৰ এলেকা অন্তৰ্ভূক্ত। ইয়াৰে বাফাৰ এলেকাত জীৱিকাৰ সৈতে জৰিত কেতবোৰ কাৰ্যকলাপ অনুমোদিত। সাধাৰণতে পুৰুষেই মাছ-কেকোৰা আদি ধৰা আৰু মৌ, খৰি আদি সংগ্ৰহ কৰাৰ উদ্দেশ্যে হাবিত সোমায়। বাঘৰ সৈতে মুখামুখি হ'লে প্ৰায়ে প্ৰাণ হেৰুৱাবলগা হয়।

এনেদৰে সুন্দৰবনত বিধবা হোৱা মহিলাৰ সঠিক সংখ্যা জনা নাযায়, কিন্তু স্থানীয় লোক, বেচৰকাৰী সংস্থাকে ধৰি বহুতেই কৰা হিচাপ অনুযায়ী তিনিটা দশকত, কিছুমানৰ মতে বিগত ১০০ বছৰত অতিকমেও ৩০০০ লোকক বাঘে মাৰিছে।

"গোচাবাৰ লাহিৰীপুৰ গাওঁ পঞ্চায়তত (২২ খন গাওঁ থকা) ২০১১ চনৰপৰা প্ৰায় ২৫০ গৰাকী মহিলাই বাঘৰ আক্ৰমণত গিৰীয়েকক হেৰুৱাইছে," 'টাইগাৰ উইডো' অৰ্থাত বাঘে বিধবা কৰা মহিলাৰ কল্যাণৰ হকে কাম কৰি অহা সুন্দৰবন গ্ৰামীণ বিকাশ নামৰ বেচৰকাৰী সংস্থা চলোৱা অৰ্জুন মণ্ডলে কয়। "এগৰাকীয়েও ক্ষতিপুৰণ পোৱা নাই," তেওঁ কয়।

পশ্চিমবংগ চৰকাৰৰ বন বিভাগ, মত্স্য বিভাগ আৰু ৰাজ্যৰ গ্ৰুপ পাৰ্ছনেল এক্সিডেণ্ট বীমা আঁচনিৰ পৰা মুঠ প্ৰায় ৪-৫ লাখমান টকা ক্ষতিগ্ৰস্ত মহিলাৰ ক্ষতিপুৰণ হিচাপে ধাৰ্য্য কৰা হয়। অৱশ্যে তাতেই অনেক চৰ্ত থাকে, "মূল এলেকাত গিৰীয়েক ঢুকাব নালাগিব, নাঁৱৰ অনুজ্ঞাপত্ৰৰ প্ৰমাণপত্ৰ (বোট লাইচেঞ্চ চাৰ্টিফিকেট চমুকৈ বিএলচি) আৰু বন বিভাগৰ পাৰমিট থাকিব লাগিব। তদুপৰি ক্ষতিপুৰণ পাবলৈ মৃতকৰ পৰিয়ালে ভালেকেইটা বিভাগত ভালেমান নথি জমা দিব লাগিব," অৰ্জুনে সেই দীঘল তালিকাখনৰ কেইটামান আমাক শুনালে।

অৱশ্যে প্ৰায়েই গাঁৱৰ মানুহে মূল এলেকাত প্ৰৱেশ কৰে। মাছমৰীয়া অৰ্জুনে কয়, "ক'ত বাফাৰ এলেকা শেষ হয় আৰু ক'ৰপৰা মূল এলেকা আৰম্ভ হয় আমি নাজানো। চৰকাৰে খুব কমেইহে বিএলচি জাৰি কৰে আৰু প্ৰত্যেকেই সেয়া বহন কৰিব নোৱাৰে। পাৰমিট পোৱাটো আকৌ বন বিভাগৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে।"

সেয়ে বিএলচি নথকাসকলৰ পত্নিৰ ক্ষেত্ৰত আহুকাল কুলাই-পাচিয়ে নধৰাকৈ আহে। পাৰমিট থাকক বা নাথাকক, গাঁৱৰ লোকক প্ৰৱেশ কৰিবলৈ নিদিয়া মূল এলেকাৰ ভিতৰত মানুহ মৰিলে পৰিলায় উপায়ন্তৰ হৈ পৰে।

গোচাবা খণ্ডৰ পথাৰপাৰা গাঁৱৰ বাসিন্দা ৪০ বৰ্ষীয় নমিতা বিশ্বাসৰ ক্ষেত্ৰতো তেনেকুৱাই হ'ল। তেওঁৰ মাছমৰীয়া স্বামী মনোৰঞ্জনক ২০১৫ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত মূল এলেকাৰ ভিতৰত বাঘে আক্ৰমণ কৰিছিল। তেওঁ কথমপি বাচিছিল আৰু হস্পিতালত ভৰ্তি কৰোৱা হয় যদিও হস্পিতালৰপৰা ডিচাৰ্জ দিয়াৰ কিছুদিনৰ পিছতেই তেওঁৰ মৃত্যু ঘটে। "তেওঁৰ মুৰত পোৱা আঘাতৰ সংক্ৰমণ কমা নাছিল," নমিতাই কয়। "মোৰ স্বামীৰ বিএলচি নাছিল, কিন্তু আৰক্ষীয়ে মোৰপৰা ভাষ্যই নললে। আমি বনবিভাগক ৰিইমবাৰ্ছমেণ্টৰ বাবে আটাইবোৰ নথি, মেডিকেল বিল আদি দিলো। সেই ধনৰাশি এতিয়াও আমি পোৱা নাই। মোৰ দৰে অনেক বিধবা মহিলা আছে। আন একো নহলেও চৰকাৰে অন্তত আমাক মাহিলী পেঞ্চন দিয়া উচিত।"

Purmila Burman’s documents have been taken away by a middleman who has disappeared
PHOTO • Urvashi Sarkar

পুৰ্ণিমা বৰ্মনক স্বামীৰ মৃত্যুৰ ক্ষতিপুৰণ দিয়াব বুলি এজন আশা দি 'এজেণ্ট'য়ে ঠগিছিল

শিখা আৰু নমিতাই ক্ষতিপুৰণৰ বাবে অপেক্ষা কৰাৰ সময়তে পথাৰপাৰাৰ ৫৫ বৰ্ষীয় পুৰমিলা বৰ্মনেও কোনো আশাৰ চিন দেখা নাই। ২০১৬ বৰ্ষৰ মাৰ্চ মাহত তেওঁৰ মাছমৰীয়া স্বামী সুভেন্দু বনাঞ্চলৰ মূল এলেকাত বাঘৰ আক্ৰমণত ঢুকাইছিল। "সুভেন্দুৰ মৃত্যুৰ পিছত এজন মধ্যস্থতাকাৰীয়ে আমাক সহায় কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। মই আটাইবোৰ কাগজ-পত্ৰ যোগাৰ কৰি তেওঁৰ হাতত গতালো, ভাবিলো যে তেওঁ সহায় কৰিব," পুৰ্ণিমাই ক'লে। কিন্তু কাগজ-পত্ৰ সোপাকে লৈ সেই এজেণ্টজন উধাও হ'ল আৰু তেওঁ ক্ষতিপুৰণ নাপালে।

সুন্দৰবনখন এনেধৰণৰ কাহিনীৰে ভৰি আছে। কিছুমান পৰিয়ালে আকৌ প্ৰতিটো প্ৰজন্মতে বাঘৰ আক্ৰমণত আত্মীয়ক হেৰুৱাইছে। এনে ঘটনা ঘটা গাওঁখন হৈছে বিধবা পাৰাস মানে বিধবাৰ চুবুৰী। সেই চুবুৰীৰ প্ৰতিঘৰতে মহিলাৰ জীৱন পানীত হাঁহ নচৰা। তেওঁলোকে পুনৰ বিবাহ কৰাটোও সম্ভৱপৰ নহয়, কিয়নো বিধবাবিবাহক লোকে ভাল চকুৰে নাচায়।

২০১৬ বৰ্ষৰ জুলাই মাহত এই লেখকে পশ্চিমবংগ চৰকাৰৰ মত্স্য বিভাগ, বনবিভাগ আৰু সুন্দৰবন পৰিক্ৰমা বিভাগলৈ পৃথকে পৃথকে তিনিখন তথ্য জনাৰ অধিকাৰ আইনৰ আধাৰত পিটিছন দাখিল কৰিছিল।

আৰটিআৰকেইখনৰ প্ৰতি কেৱল মত্স্য বিভাগে সঁহাৰি দিলে, বিগত ছটা বছৰত মাত্ৰ পাঁচগৰাকী মহিলাই গিৰীয়েকক বাঘৰ আক্ৰমণত হেৰুওৱাৰ পিছত ক্ষতিপুৰণৰ বাবে বিভাগটোত দৰ্খাস্ত দাখিল কৰিছে, ই হৈছে ১০০ গৰাকীৰো অধিক ভুক্তভোগী মহিলাৰ সংখ্যাৰ এটা সামান্য অংশহে। তাৰে মাত্ৰ তিনিগৰাকীয়েহে ১ লাখ টকা ক্ষতিপুৰণ পাইছে। বাকী দুজনৰ ক্ষেত্ৰত ক্ষতিপুৰণ নাকচ কৰা হৈছিল যিহেতু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন উপলব্ধ নাছিল।

কিন্তু মত্স্য বিভাগৰ তথ্যৰ বিপৰীতে মই কথা পতা বহুতো মহিলাই ক্ষতিপুৰণৰ বাবে আবেদন কৰিছিল। এনেকুৱা হ'ব পাৰে যে অসম্পুৰ্ণ নথি-পত্ৰৰ বাবে অথবা আন চৰ্ত পুৰণ কৰিব নোৱাৰা হেতুকে তেওঁলোকৰ আবেদন নাকচ কৰা হৈছিল।

“সমগ্ৰ প্ৰক্ৰিয়াটোৱেই মেৰপেচ থকা, ভালেমান নথি-পত্ৰ জমা দিবলগা হোৱাৰ লগতে দৌৰা-দৌৰিও ভালেখিনি কৰিবলগা হয়। প্ৰক্ৰিয়াটোত মহিলাক কোনোবাই থগাবও পাৰে অথবা প্ৰক্ৰিয়াটোৰ বিষয়ে নাজানিবও পাৰে," দক্ষিণবংগ মত্স্যজীৱি ফৰামৰ (বাঘে বিধবা কৰা মহিলাক ক্ষতিপুৰণ লাভ কৰাত সহায় কৰা সংস্থা) প্ৰদীপ চেটাৰ্জীয়ে কয়। "এনে সময়তে নতুনকৈ বাঘে মৰাৰ খবৰ বছৰে বছৰে আহি থাকে, এনেদৰে বিধবা মহিলাৰ সংখ্যাও বাঢ়ে," তেওঁ কয়।

কিছুমান মহিলাই আকৌ বন বিভাগৰ জেৰাৰ ভয়তে গিৰীয়েক ঢুকুওৱাৰ খবৰ লুকুৱাই ৰাখে, বিশেষকৈ যেতিয়া বনাঞ্চলৰ মূল এলেকাত মত্যু ঘটে। আনকি তেনেধৰণৰ ঘটনা কৰ্তৃপক্ষক অৱগতো নকৰে আৰু ক্ষতিপুৰণো দাবী নকৰে।

কিন্তু পথাৰপাৰা গাঁৱৰ ৰনবিবালা মণ্ডলে ক্ষতিপুৰণ দাবী কৰাৰ বাবে চেষ্টা কৰিছিল। তেওঁৰ গিৰীয়েকক বাঘে বহুবছৰ আগতে আক্ৰমণ কৰিছিল। "বছৰৰ পিছত বছৰ বাগৰিল, চৰকাৰে মোক একোৱে নিদিলে," তেওঁ কয়। "আপুনি কিবা কৰিব পাৰিব নেকি?" তেওঁৰ প্ৰশ্ন।


অনুবাদকঃ ৰশ্মি ৰেখা দাস

Urvashi Sarkar is an independent journalist and a 2016 PARI Fellow.

Other stories by Urvashi Sarkar