বিশ্ব ফটোগ্ৰাফী দিৱসৰ উপলক্ষে ১৯ আগস্তত পৰি (PARI)য়ে কৰ্ণাটকৰ বন্দিপুৰ ৰাষ্ট্ৰীয় উদ্যানৰ অনন্য ছবি দাঙি ধৰাৰ প্ৰয়াস কৰিছে। পেছাদাৰী ফটোগ্ৰাফাৰ নাইবা কোনো পৰ্যটকৰ লেন্সৰ পৰিৱৰ্তে স্থানীয় লোকচক্ষুৰে হাবি আৰু বন্যপ্ৰাণীৰ সৈতে মানুহৰ জীৱনশৈলীৰ চাওক।

ব্যক্তিবিশেষে কেনেদৰে আনৰ বিষয়বস্তু নোহোৱাকৈ নিজেই নিজৰ কাহিনী ক'ব পাৰে তাকেই ফুটাই তোলাৰ প্ৰচেষ্টা এই ফটো ৰচনাবোৰৰ যোগেদি কৰা হৈছে। বিভিন্ন মাধ্যমত যোগে বন্যজীৱনৰ সুন্দৰ চিত্ৰাৱলীৰ অভাৱ নাই, কিন্তু বিশ্বৰ বিপন্ন অথচ বিপজ্জনক প্ৰাণীৰ সৈতে সহাৱস্থান কৰা লোকসকলৰ জীৱন কেনেদৰে পাৰ হয় সেইবিষয়ে ভাবিছেনে? এনে এক পটভূমিত জীৱন কেনে হ'ব পাৰে য'ত মানুহ আৰু বন্যপ্ৰাণী দুয়োটাই ইটোৱে সিটোক মৰাৰ সম্ভাৱনা সমানেই প্ৰৱল? এই কাহিনীবোৰ কোনে ক'ব?

এই কথাৰপৰাই অনুপ্ৰাণিত হৈ বন্দিপুৰৰৰ হাতেলিখা বহীখন লিখা হ'ল। ২০১৫-১৬ বৰ্ষৰ ছমাহত ছগৰাকী ব্যক্তি- খেতিয়ক, শ্ৰমিক, বন্যপ্ৰাণী বিশেষজ্ঞ, আদিবাসীৰ লগতে আৰু এজনৰ দ্বাৰা তেওঁলোকৰ দৈনন্দিন জীৱন আৰু বন্দিপুৰ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰান্তীয় এলেকাত থকাৰ অভিজ্ঞতা সম্পৰ্কে ইয়াৰ জৰিয়তে প্ৰকাশ কৰা হৈছে। বন্দিপুৰ হৈছে বিশ্বৰ ভালেমান প্ৰাণী যেনে বাঘ, নাহৰফুটুকী, হাতী আদিকে ধৰি ভালেমান গুৰুত্বপুৰ্ণ জীৱ-জন্তুৰ বাসস্থান।

ইয়াতে অন্তৰ্ভুক্ত হোৱা বহুতেই কেতিয়াও কেমেৰা ব্যৱহাৰ কৰি পোৱা নাছিল। তেওঁলোকক গোট হিচাপে প্ৰায়ে লগ লাগি তেওঁলোকৰ দৈনন্দিন জীৱন কেনেদৰে বন্যজীৱনৰ সৈতে কামৰ জৰিয়তে হওক বা খেলৰ জৰিয়তে বা অপ্ৰত্যাশিত কাৰণত সাঙোৰ খাই পৰে সেইবিষয়ে আলোচনা কৰে। তেওঁলোকৰ ৰচনাৰপৰা জানিবপৰা মতে বন্দিপুৰ হৈছে এটাৰ ওপৰত আনটো তৰপ থকা সমাজৰ আওতাত পৰে। এই পৃথিৱীসমূহ পোহৰত দাঙি ধৰাৰ ইচ্ছাই প্ৰকল্পটোৰ বাবে উত্সাহ যোগাইছিল।

ইয়াৰে কিছুমান ফটোগ্ৰাফত বন্দিপুৰক বন্যপ্ৰাণীৰ সংৰক্ষণৰ নামতেই স্থানীয় সম্প্ৰদায়ৰপৰা ৰাজ্যই কাঢ়ি নিয়াৰ ঐতিহাসিক ঘটনা বুলি চিত্ৰায়িত কৰিছে। কিছুমানে আকৌ বন্দিপুৰৰ দৰে সংৰক্ষিত অঞ্চলবোৰক ভাৰতৰ বিপন্ন প্ৰাণীবোৰ সুৰক্ষিত কৰি ৰখাৰ উপায় হিচাপে দেখে। সামগ্ৰিকভাৱে তেওঁলোকৰ ফটোবোৰে আমাক ভাবিবলৈ বাধ্য কৰে যে বন্যপ্ৰাণী সংৰক্ষণৰ পৰিপ্ৰেক্ষিতত সামাজিক ন্যায় কেনে হ'ব পাৰে আৰু সংৰক্ষণৰ ভৱিষ্যতৰ পৃথিৱীখন কল্পনা কৰোতে 'বিশেষজ্ঞ' হিচাপে কাক বিবেচনা কৰা উচিত।


PHOTO • Jayamma Belliah

জয়ন্ত বেল্লিয়াহ হৈছে ভাৰতৰ অন্যতম ব্যাঘ্ৰ সংৰক্ষণস্থলী বন্দিপুৰ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলৰ আননজিহুন্দি গাঁৱৰ এগৰাকী জেনু কুৰুবা জনজাতিৰ আদিবাসী মহিলা। ঘৰুৱা শ্ৰমিক হিচাপে কৰা কাম-বনেই তেওঁৰ জীৱিকা।

তেওঁৰ কাহিনীটো পঢ়কঃ যেতিয়া ঢেকীয়াপতীয়াটো জয়াম্মাৰ চকুত পৰিছিল


PHOTO • Nagi Shiva

নাগি শিৱা ভাৰতৰ প্ৰমুখ ব্যাঘ্ৰ সংৰক্ষণ স্থলী বন্দিপুৰ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষতে থকা লক্কেৰে গাঁৱৰ বাসিন্দা। তেওঁ ঘৰুৱা কাম-বন কৰি জীৱিকা নিৰ্বাহ কৰে।

তেওঁৰ কাহিনীটো পঢ়কঃ ‘নৈ-পাহাৰৰ মাজতে আমাৰ ঘৰ’’


PHOTO • K. Sunil

কে সুনীল হৈছে এগৰাকী চলিগা আদিবাসী। তেওঁৰ ঘৰ কৰ্ণাটকৰ বন্দিপুৰ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিৰ কানিয়ানপুৰাত। তেওঁ বিজ্ঞানৰ ছাত্ৰৰ বাবে ফিল্ড গাইডৰ কাম কৰে।

তেওঁৰ কাহিনীটো পঢ়কঃ বন্দিপুৰত শইচেৰে ঘৰখন


কেএন মহেশ এগৰাকী প্ৰশিক্ষণপ্ৰাপ্ত প্ৰকৃতিবিদ আৰু কুনাগাহলি গাঁৱৰ এগৰাকী খেতিয়ক, তেওঁ কৰ্ণাটকৰ বন্দিপুৰ ৰাষ্ট্ৰীয় উদ্যানত কাম কৰে।

তেওঁৰ কাহিনীটো পঢ়কঃ বন্দিপুৰৰ ৰাজকুমাৰৰ সৈতে মুখামুখি


এম ইন্দ্ৰ কুমাৰে বন্দিপুৰ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰ মংগলা গাঁৱত বাস কৰে। স্থানীয় বন্যপ্ৰাণী স্মাৰক বিপণিত তেওঁ পৰিচালক হিচাপে কাম কৰে।

তেওঁৰ কাহিনীটো পঢ়কঃ 'ইয়াতেই নাহৰফুটুকী আৰু বাঘে আক্ৰমণ কৰিছিল'


এন স্বামী বাসাভান্না এগৰাকী খেতিয়ক, প্ৰমুখ ব্যাঘ্ৰ সংৰক্ষণস্থলী বন্দিপুৰ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলৰ বাসিন্দা।

তেওঁৰ কাহিনীটো পঢ়কঃ 'মই এই ফটোখন লোৱাৰ পিছৰে পৰা দমৰাটো হেৰাই থাকিল'

এই প্ৰকল্পটো জেৰে মাৰ্গুলিছৰ সাহায্যপ্ৰাপ্ত, সহযোগ আগবঢ়াইছিল কৰ্ণাটকৰ মংগলা গাঁওস্থিত মৰিয়াম্মা চেৰিটেবল ট্ৰাষ্টে। বাল্টিমোৰ কাউণ্টিৰ ইউনিভাৰ্ছিটি অৱ মেৰিলেণ্ডৰ গ্ৰেজুৱেট ষ্টুডেণ্ট এচছিয়েছন ৰিচাৰ্ছ গ্ৰাণ্টৰ অধীনত দিয়া ২০১৫-১৬ বৰ্ষৰ ফুলব্ৰাইট নেহৰু ছাত্ৰ গৱেষণা অনুদানেৰে আৰু মৰিয়াম্মা চেৰিটেবল ট্ৰাষ্টৰ দয়াশীল সহযোগত আৰু তদুপৰি ফটোগ্ৰাফাৰসকলৰ অংশগ্ৰহণ, উত্সাহ-উদ্দীপনা আৰু প্ৰচেষ্টাৰ বলতে সম্ভৱ হৈ উঠিছিল। বি আৰ ৰাজীৱে আটাইখিনি অনুবাদ কৰি দিয়াটো অমূল্য সহায়। পৰিৰ (PARI)ক্ৰিয়েটিভ কমনচ পলিচিৰ অনুসাৰে ফটোবোৰৰ সমগ্ৰ স্বত্ব ফটোগ্ৰাফাৰৰ হাতত থাকিব। ইয়াৰে কিবা ব্যৱহাৰ বা পুনৰ প্ৰকাশৰ বিষয়ে যিকোনো কথা পৰিৰ (PARI) সৈতে আলোচনাৰ অধীন।

অনুবাদকঃ ৰশ্মি ৰেখা দাস

ৰশ্মিৰেখা দাস এগৰাকী সাংবাদিক তথা অসমীয়া অনলাইন বাতৰিৰ প’ৰ্টেল newsnextone.com ৰ ৱেব এডিটৰ। তেখেতৰ মেইল আইডি হৈছে