তপন মণ্ডলক বহুতেই ‘আন্না’ বুলি মাতে। কিয়নো তেওঁক দেখাত হেনো চলচ্চিত্ৰ তাৰকা ৰজনীকান্তৰ দৰে (ৰজনীকান্তৰো জনপ্ৰিয় নাম আন্না, অৰ্থাত ককায়েক)। কিন্তু বদোদৰাত এক ধৰণৰ সুকীয়া মূৰ্তি নিৰ্মাণৰ বাবেহে মণ্ডল বদোদৰাত বেছি জনপ্ৰিয়। কিয়নো তেঁৱেই সাধাৰণতে ব্যৱহৃত প্লাষ্টাৰ অৱ পেৰিছৰ পৰিৱৰ্তে মাটিৰে ৫ৰ পৰা ৯ ফুট ওখ ভাস্কৰ্য নিৰ্মাণ কৰিব পৰা বোধকৰো চহৰখনৰ একমাত্ৰ খনিকৰ।

পশ্চিমবংগত গণেশ আৰু অনান্য মূৰ্তি নিৰ্মাণৰ কামৰ পৰা তেওঁ ভাস্কৰ্যশিল্পৰ কৌশল আয়ত্ব কৰিছে। ‘মাটিৰ মূৰ্তিৰ সাঁচবোৰ কুমাৰতুলিৰ, মই সেইবোৰ পশ্চিমবংগৰ পৰা ২০০০ কিলোমিটাৰ দূৰৰ পৰা সেয়া ইয়ালৈ আনিছিলো,’ তেওঁ কয়।

তপনৰ শিল্পশালাখনৰ নাম শ্ৰী ৰাম কৃষ্ণ প্ৰতিমালয়। সেইখন কেন্দ্ৰীয় বদোদৰাৰ পঞ্চৱতি এলেকাত আছে। চহৰখনত তেনে ৩০ খন মান শিল্পশালা আছে। শিল্পশালা বুলিবলৈ এখন এচবেষ্টছৰ চালিৰ তলখন মাটিৰ মণ্ড, ৰং, মাটি আৰু অনান্য সজুলিৰে ঠাহ খাই আছে। বেপাৰ ভাল হ’লে ৰাস্তাৰ সিটো পাৰে বাঁহৰ খুঁটা লগাই প্লাষ্টিকৰ চালি দি অস্থায়ীভাবে গণেশৰ ওখ মূৰ্তিৰ নিৰ্মাণৰ কাম চলে। 

শিল্পশালাখন গোটেই বছৰটোৱে ব্যস্ততাপূৰ্ণ। গণেশ, দুৰ্গা, বিশ্বকৰ্মা, সৰস্বতী আৰু অইন দেৱ-দেৱীৰ মূৰ্তি উৎসৱ আৰু চাহিদা অনুসৰি নিৰ্মাণৰ কাম চলি থাকে। প্ৰতি বছৰে তপন আৰু তেওঁৰ সহকৰ্মীয়ে অগ্ৰীম ফৰমাইচ অনুসৰি গণেশৰ প্ৰায় ১০ টা মান ৫ৰ পৰা ৯ ফুট ওখ মূৰ্তি সাজে। মূৰ্তিবোৰৰ দাম ২০ হাজাৰ পৰা ১ লাখ পৰ্যন্ত হয়, তেওঁ কয়। তেওঁলোকে ২০-৩০ ফুট ওখ মূৰ্তি সজাৰ উপৰিও ৪০-৫০ টামান সৰু আকাৰৰ গণেশৰ মূৰ্তিও সাজে, সিবোৰৰ দাম ২ৰ পৰা ১০ হাজাৰ টকা হয়।

'The clay idols are imprints of Kumartuli, which I have brought here from Bengal', says Tapan Mondal
PHOTO • Aditya Tripathi

‘মাটিৰ মূৰ্তিৰ সাঁচবোৰ কুমাৰতুলিৰ, মই সেইবোৰ পশ্চিমবংগৰ পৰা ২০০০ কিলোমিটাৰ দূৰৰ পৰা সেয়া ইয়ালৈ আনিছিলো,’ তপন মণ্ডলে কয়

৪৬ বৰ্ষীয় তপনে তেওঁৰ পিতৃ অধীৰ মণ্ডলৰ পৰা সৰুকালিতেই মূৰ্তি সজা শিল্প শিকিবলৈ লৈছিল। পৰিয়ালটোৱে তেতিয়া পশ্চিমবংগৰ উলুবেৰিয়া টেহচিলৰ গৌৰীপুৰ গাঁৱত আছিল। সেয়া কলকাতাৰ কুমাৰৰ পুৰণি চুবুৰী কুমাৰতলিৰ পৰা প্ৰায় ৪৮ কিলোমিটাৰ দুৰত অৱস্থিত। ‘১৯৮৪ত পৰিয়ালৰ বন্ধু এজনে পিতাদেউ আৰু মোক ইয়ালৈ আনিছিল (মূৰ্তি সজা শিল্পশালাত সহায়ক হিচাপে কাম কৰিবলৈ)। আমি প্ৰতি বছৰে এমাহৰ বাবে ইয়ালৈ আহিছিলোঁ,’ তপনে মনত পেলালে। তেওঁলোকে পশ্চিমবংগত কাম নথকা ঋতুত আহি দূৰ্গা পূজাৰ মূৰ্তিৰ ফৰমাইচ পোৱাৰ সময়ত উভতিছিল। 

১৯৯২ত তেওঁৰ দেউতাক ঘৰলৈ অহাৰ পিছত তপনে বদোদৰাতে থাকি কেইমাহমানৰ কাৰণে নিৰ্মাণ খণ্ড এটাত কাম কৰিবলৈ লয়। ‘মই গধুৰ বস্তু দাঙিবলৈ ভাল পোৱা নাছিলো, কিন্তু দূৰ্গা পূজাৰ দিনকেইটাৰ বাদে আন দিনত কৰিমনো কি? পেটৰ কথা আছে..’, তেওঁ কৈ গ’ল, ‘এদিনাখন গুজৰাটী চাহাব এজনে মোক কৰ্মী নিৱাসৰ বেৰত (ছাইটৰ) ভগৱানৰ ছবি আকি থকা দেখিলে। মই গণেশৰ ছবি আঁকিব পাৰিম নেকি তেওঁ সুধিলে।’ তাৰপিছত তেওঁক চাহাবজনে কেন্দ্ৰীয় বদোদৰাৰ মাণ্ডৱিৰ মূৰ্তি সজা খনিকৰ এজনৰ ওচৰলৈ লৈ গ’ল। খনিকৰজনে তপনক তেওঁৰ শিল্পশালাতে ৰাখিলে, তাতে ১০-১২ জনমান খনিকৰে কাম কৰিছিল। ‘তেতিয়া মই (নিৰ্মাণ ছাইটত) ২৫ টকা দিনে পাইছিলো, সেয়ে মই তেওঁক দিনে ৩৫ টকা বিচাৰিলো আৰু তেওঁ মান্তিও হ’ল। আৰুনো মোক কি লাগে? মই ভালপোৱা কাম (মূৰ্তি সজা) কৰিম আৰু উপাৰ্জনো হ’ব।’  

The process of Ganapati making
PHOTO • Aditya Tripathi

কুলগাছিয়া গাঁৱত মনোৰঞ্জন কৰ্মকাৰৰ (ওপৰত সোঁফালে) মূৰ্তি সজা শিল্পশালা এখন আছে, অৰ্জুন ৰুইদাস এগৰাকী দিনহাজিৰা কৰা শ্ৰমিক, তেওঁ কমলা চকত বিয়াৰ বেণ্ডপাৰ্টিৰ বাদ্যযন্ত্ৰ বজায়। দুয়োজনেই মণ্ডলৰ বদোদৰাস্থি বিশিষ্ট মাটিৰ মূৰ্তি নিৰ্মাণৰ শিল্প-শালাত গণেশ উতসৱৰ কেইমাহমান আগেয়ে কাম কৰে

মূৰ্তি সজা খনিকৰ গোবিন্দ আজমেৰিয়ে তপনক সুধিছিল, তেওঁ কালি মাৰ মূৰ্তি সাজিব পাৰে নেকি? তপনে সাজি দিলে, প্লাষ্টাৰ অৱ পেৰিছেৰে। তেওঁৰ হাতৰ নিপুণ কাম দেখি আজমেৰিয়ে তেওঁক ফৰমাইছ ভিত্তিত চুক্তিবদ্ধ কৰিলে, আয় বাঢ়িল। ‘তাতে মই ১৯৯৬লৈ কাম কৰিলো। সেইখিনি সময়তে মই গণেশ উৎসৱ পতা বহুতো যুৱ মণ্ডলীৰ সৈতে চিনাকি হোৱাৰ সুযোগ পালো। সিহঁতে মোক মাটি, খেৰ, বাঁহ আৰু ৰং আদিৰ যোগান ধৰিলে। তেওঁলোকে মাণ্ডৱিৰ দাণ্ডিয়া বজাৰত দিয়া ঠাইত সিহঁতৰ কাৰণে মই মূৰ্তি সাজিলো,’ তপনে কয়। ‘১৯৯৬ত বদোদৰাৰ আটাইতকৈ ওখ আঠ ফুট মূৰ্তিটো ময়েই সাজিছিলো। পাওভা ৱালা গল্লিৰ এজন মণ্ডলৰ বাবে সেই মূৰ্তিটো সাজিছিলো। মই তাৰ বাবদ ১০০০ টকা পাইছিলো।’   

২০০০ চনলৈকে তপনে কাম বিচাৰি আৰু উপাৰ্জনৰ বাবে হাবাথুৰি খাবলগীয়া হৈ আছিল। ‘মই মাটিৰে মূৰ্তি সাজো বুলি মানুহে জানিবলৈ ধৰাত কিছুমান স্থানীয় খনিকৰে এই বুলি উৰাবাতৰি উলিয়ালে যে মাটিৰ (ওখ) মূৰ্তি সহজেই ভাঙি যায়,’ তপনে ক’লে। কিন্তু বাংলা মূৰ্তিবোৰ মজবুত। শুকান ধান খেৰেৰে কাঠামোটো সাজি সেয়া নাৰিকলৰ ৰছীৰে বন্ধা হয়। বোকা লেপি দিয়া খেৰৰ মুঠিবোৰ টান হয় আৰু ফাট নেমেলে। ‘বেংগলত আমি দূৰ্গা দেৱীৰ প্ৰতিমা একে পদ্ধতিৰেই সাজো আৰু এই কামটো একো নতুন কাম নহয়,’ তেওঁ কয়। 

material of painting
PHOTO • Aditya Tripathi

তপন মণ্ডলৰ শিল্পকৰ্মত বাংলা ভাস্কৰ্যৰ ৰং আৰু পশ্চিম ভাৰতৰ বৈশিষ্টৰ সানমিহলি হোৱা দেখা যায়

তপনে ধীৰে ধীৰে এটা সহায়কৰ দল গোটালে আৰু ২০০২ত আন বহুতৰ বাবে সৰু মূৰ্তি সজাৰ লগতে যুৱ মণ্ডলৰ বাবে ৯ ফুট ওখ এটা মাটিৰ মূৰ্তি সাজিলে। প্লাষ্টাৰ অৱ পেৰিছৰ মূৰ্তিৰ পৰা হোৱা জল প্ৰদূষণক লৈ সজাগতা বাঢ়িল, ইফালে তপনৰ গ্ৰাহকৰ সংখ্যাও বাঢ়িল। তপনে কয় যে তেওঁলোকে কেৱল কলকাতাৰ গংগা নৈৰ পাৰৰ মাটিহে ব্যৱহাৰ কৰে। ‘প্ৰতিবাৰ দেৱালীৰ পিছত মই হাওৰালৈ যাও আৰু ট্ৰাকেৰে ইয়ালৈ মাটি আনো। কেতিয়াবা মাটি শেষ হ’লে আমি ভাৱনগৰৰ পৰা (গুজৰাটৰ) মাটি আনো। কিন্তু গংগাৰ পাৰৰ মাটিবোৰ আঠালেতীয়া আৰু সেই মাটিৰে মূৰ্তিবোৰ খুবেই মসৃণ হয়। তদুপৰি সেই মাটি পৱিত্ৰ বুলিও কোৱা হয়।’

তপনৰ কামত পশ্চিম ভাৰতৰ মূৰ্তি সজা শৈলীৰ লগত বাংলা ভাস্কৰ্যৰ একধৰণৰ সমন্বয় ঘটিছে। বাংলা পৰম্পৰাত থকাৰ দৰে গণেশৰ মূৰ্তিৰ চকুকেইটা সৰু কৰা হয়। পশ্চিমবংগৰ ভালেমান খনিকৰে ব্যৱহাৰ কৰাৰ দৰে তেওঁ এক্ৰিলিক আৰু পানী ৰং ব্যৱহাৰ কৰে। তপনৰ শিল্পশালাৰ দেৱীবোৰক সুশোভিত কৰা অলংকাৰবোৰ মাৰাঠা শাসনৰ সময়ৰ পেছোৱাসকলৰ আ-অলংকাৰৰ সৈতে প্ৰায়ে মিলে।  

An artist decorating an idol
PHOTO • Aditya Tripathi
An artist decorating an idol
PHOTO • Aditya Tripathi

মণ্ডলৰ শিল্পশালাত কাম কৰা কৰ্মী সতীশ পাৰমাৰে মূৰ্তি এটা সজাইছেঃ বাংলা খনিকৰসকলে প্ৰায়ে মাৰাঠা পেছোৱাসকলৰ সময়ৰ সৈতে মিল থকা আ-অলংকাৰৰ শৈলী মূৰ্তিত ব্যৱহাৰ কৰে 

শিল্পশালাৰ কামত সহায় কৰিবলৈ তপনৰ ভাতৃ স্বপন (৩৮) বদোদৰালৈ ২০০২ত আহে। তেওঁৰ পিতৃ আৰু ভাতৃ অহাৰ বহু পাছত। ‘এই কামত মন থকা বাবে মই আমাৰ গাঁৱৰ পঢ়াশালীৰ পৰা ৮ম মানতে পঢ়া এৰিলো। কলাৰ অনুশীলনৰ বাবে ডিগ্ৰীৰ প্ৰয়োজন নাই,’ তেওঁ কয়। চিজন ভাল হ’লে তেওঁলোকৰ টেহচিল উলুবেৰিয়াৰ পৰা প্ৰায় ১৫ জনমান খনিকৰে মণ্ডলৰ ভাতৃৰ সৈতে কামত লাগে। তেওঁলোকে গণপতি উৎসৱৰ পূৰ্বে দুমাহৰ বাবে দিনে দুসাজ ভাত আৰু মাহে ৯০০০ টকা উপাৰ্জন কৰে। তাৰ পিছত তেওঁলোক কৃষি শ্ৰম, ঘৰ ৰং কৰা, উপান্ত কৃষি নাইবা আন কামৰ বাবে ঘৰলৈ ঢাপলি মেলে।

কিছুমানে তপনৰ মূৰ্তি সজা কলা সূক্ষ্মভাবে আয়ত্ব কৰিছে, কিছুমানৰ নিজৰ নৈপুণ্যতা ফুটি উঠিছে। তেওঁলোকৰ মাজৰ এজন হৈছে ৬০ বৰ্ষীয় মনোৰঞ্জন কৰ্মকাৰ আৰু তেওঁৰ ভতিজা ৪০ বৰ্ষীয় শ্যামল কৰ্মকাৰ। দুয়োজনেই কুলগাছিয়াৰ পৰা আহিছে, আৰু তাতে নিজা মৃৎশিল্পৰ শিল্পশালাও আছে। ১৩ ছেপ্তেম্বৰৰ দিনা, গণেশ চতুৰ্থীত লগ পাওতে তেওঁলোকে ঘৰলৈ অহাৰ পৰিকল্পনা কৰি আছিল। ‘আমি গণেশ উৎসৱৰ কাৰণে দুমাহৰ বাবে ইয়ালৈ আহো, সেইখিনি সময়ত আমাৰ বাবে পশ্চিমবংগত অফ-চিজন,’ মনোৰঞ্জনে কয়। ‘এনেকৈ আমাৰ উপাৰ্জন ভাল হয়। খেতিৰ ওপৰত নিৰ্ভৰ হৈ কোন চলিব পাৰিব?’ 

Swapan Mondal, Tapan's brother, who coordinates the workshop, says, 'To practice art, no one needs a degree'
PHOTO • Aditya Tripathi
sculpture of rat
PHOTO • Aditya Tripathi

তপনৰ ভাতৃ স্বপন মণ্ডলে শিল্পশালা চলায়, তেওঁ কয়, ‘শিল্পৰ অনুশীলনৰ বাবে কাকো ডিগ্ৰী প্ৰয়োজন নাই’

কমলা চক গাঁৱৰ গণেশ দাসে মাটিৰ ফুলপাহ আৰু বিভূষণৰ কাম কৰে। তেওঁ কয়, ‘মই ঘৰত কাশিদকাৰী (সূচিকৰ্ম, বেজীৰে ফুল তোলা কাম)ৰ কাম কৰিছিলোঁ। এইখন ক্ষেত্ৰৰ কামৰ কথা জানিবলৈ পাই মই ২০১৫ত ইয়ালৈ আহো। তপনদাৰ পৰা শিকো।’

মণ্ডলৰ শিল্পশালাত কাম কৰা কৰ্মী কেইজনমানৰ ঘৰো কমলা চকতে। তেওঁলোক ৰুইদাস নামে এক অনুসূচীত জাতিৰ। ৫০ বৰ্ষীয় ৰবিৰাম ৰুইদাসে কমলা চকতে কাম পালে দিনহাজিৰা কৰে আৰু পাঁচজনীয়া পৰিয়াল চলায়। ‘ইয়াতে উপাৰ্জন ভাল,’ তেওঁ কয়। একেটা গোটৰে ৪০ বৰ্ষীয় অৰুণ ৰুইদাসেও নিজ গাঁৱতে দিনহাজিৰা কৰে নাইবা অফ-চিজনত দিল্লীলৈ কাম বিচাৰি যায়। তেওঁ বিয়া-সবাহত কীব’ৰ্ড বজায় যদিও তেওঁ কয়, ‘আমাৰ পৰম্পৰা মতে মংগল অনুষ্ঠানত আমি ঢোলহে বজাব লাগে। কিন্তু তেনেদৰে আমাৰ সদায় উপাৰ্জন নহয়। আমাৰ দৰে সৰু গাঁৱত সদায়নো বিয়া হ’ব কেনেকৈ...আকৌ অইন গাঁৱৰ মানুহে বাহিৰৰ বেণ্ডপাৰ্টিক আহিবলৈ নিদিয়ে।’ 

praparing pandal and making ganpati idol
PHOTO • Aditya Tripathi

অৰ্জুন ৰুইদাসে (ওপৰত বাওফালে) এটা সম্পূৰ্ণ হৈ উঠা মূৰ্তি কঢ়িয়াইছে, আনহাতে ৰবিৰাম ৰুইদাসে (ওপৰত সোঁফালে) ক্ষন্তেক জিৰাইছে। তলৰ শাৰীতঃ অজিত ৰুইদাস (বাওঁফালে আৰু নব ৰুইদাসে (সোঁফালে, পিছৰ ফালে) গণপতিৰ চিজনত চাং এখন বহুৱাই শিল্পশালাৰ বাবে ঠাই উলিয়াইছে 

ৰাস্তাৰ দাঁতিৰ বাঁহৰ অস্থায়ী চালিৰ তলত থকা নব ৰুইদাসে ডাঙৰ মূৰ্তিবোৰ বিক্ৰী হৈ যোৱাৰ পিছত খনিকৰৰ বাবে ৰং অনা-নিয়া কৰে, মূৰ্তি কঢ়িয়ায়, মাটি খঁচি মূৰ্তি গঢ়াৰ বাবে মাটি সাজু কৰে। তেওঁ কয়, ‘আমি ৰুইদাস জনগোষ্ঠীৰ লোকে বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ বজাও। মই বাঁহী বজাও। কিন্তু বাঁহী বজোৱাৰ পৰিৱৰ্তে মই এনেদৰে বাঁহত এনেদৰে ওলমি আছো।’  

মণ্ডলৰ এতিয়া আৰু সংগ্ৰামৰ দিন নাই, পৰিয়ালটোৰ অৱস্থা এতিয়া ভালেই। তপন আৰু তেওঁৰ পত্নী মামনিৰ সৈতে তেওঁলোকৰ তিনিজনী জীয়ৰীৰে ভাতৃ স্বপনৰ পৰিয়ালৰ সৈতে বদোদৰাত নিগাজী হৈছে। তপনৰ ডাঙৰজনী ছোৱালী ১৭ বৰ্ষীয় তানিমাই দ্বাদশ শ্ৰেণীত পঢ়ে আৰু তাইৰ শল্য চিকিত্সক হোৱাৰ মন। অনিমাই ৬ম মানত পঢ়ে আৰু সৰুজনী কিণ্ডাৰগাৰ্টেনত পঢ়ি আছে। এই শিল্প কোনে আগবঢ়াই নিব তাকে লৈ তপন চিন্তিত হয়। ‘এই শিল্প খুবেই কঠিন, কোনোবাই ইয়াক জীয়াই ৰাখিব লাগিব,’ দোকানখনৰ সমুখত থিয় হৈ তেওঁ কয়।  

যুৱ মণ্ডলৰ পৰা ২০১৫ চনৰ পৰা মূৰ্তি কিনি অহা চিন্তন গান্ধীয়ে আমাক কয়, ‘আন্নাই সজা মূৰ্তি এতিয়া এটা ব্ৰেণ্ড হৈ পৰিছে।’ 

People welcoming ganpati
PHOTO • Aditya Tripathi

আদিত্য ত্ৰিপাঠী গুজৰাটৰ বদোদৰাৰ এগৰাকী ফটোগ্ৰাফাৰ। তেওঁ গেট্টি ইমেজেচ আৰু শ্বাটাৰষ্টকৰ কাৰণে কাম কৰে আৰু গুগল মেপচৰ কাৰণে স্থানীয় গাইড ফটোগ্ৰাফাৰ হিচাপে কাম কৰে। বৰোদাৰ আদিত্যই মহাৰাজা সয়াৰাও বিশ্ববিদ্যালয়ত বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত অধ্যয়নৰত।    

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Ujjawal Krishnam

উজ্বল কৃষ্ণম বৰোদাৰ আদিত্যই মহাৰাজা সয়াৰাও বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগৰ এগৰাকী গৱেষক। Academia.edu আৰু Wikiprojects-ৰ এগৰাকী সম্পাদক হিচাপে কাম কৰা উজ্বলে গেট্টি ইমেজেচৰ কাৰণে কাম কৰে আৰু ভাৰতীয় প্ৰশাসন ব্যৱস্থা আৰু আইন ব্যৱস্থাৰ ওপৰত লিখা-মেলা কৰে।

Other stories by Ujjawal Krishnam